Home Blog Page 1099

মিচিং জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ দিশে, কোনো এখন চৰকাৰে কৰিব নোৱাৰা কাম বৰ্তমানৰ ৰাজ্য চৰকাৰে কৰি দেখুওৱাইছে: টি এম পি কে…

মিচিং জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ দিশে,কোনো এখন চৰকাৰে কৰিব নোৱাৰা কাম বৰ্তমানৰ ৰাজ্য চৰকাৰে কৰি দেখুওৱাইছে: টি এম পি কে

গোগামুখ আবতানি লত্তাত মিচিং তিনি জাতীয় সংগঠনৰ সংবাদ মেল

৭ জানুৱাৰীত অসম কেবিনেটত মিচিং, ৰাভা আৰু তিৱা স্বায়ত্ব শাসিত পৰিষদক সাংবিধানিক মর্যদা প্ৰদান কৰাৰ সিদ্ধান্তক ধন্যবাদ জনাইছে TMPK, MMK আৰু TMMK তিনিওটা মিচিং জাতীয় সংগঠনে। মিচিং জনগোষ্ঠীৰ কলা-সংস্কৃতি, শৈক্ষিক আর্থ-সামাজিক তথা সৰ্বতোপ্ৰকাৰৰ উন্নয়ণৰ উদ্দেশ্যে গঠন কৰা মিচিং স্বায়ত্ব শাসিত পৰিষদক সাংবিধানিক মৰ্য্যদা প্ৰদানৰ বাবে আজি বছৰ বছৰ ধৰি TMPK, MMK আৰু TMMK মিচিং জাতীয় সংগঠনৰ নেতৃত্বত মিচিং জনগোষ্ঠীৰ ৰাইজে ৰাজপথৰ আন্দোলনৰ পৰা আৰম্ভ কৰি সংসদীয় আন্দোলন কৰি আহিছে যদিও পূৰ্বৰ কোনো এখন চৰকাৰে বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাছিল ৷ প্ৰতিটো চৰকাৰে প্রতিশ্রুতি প্রদান কৰিয়েই দায়িত্ব সামৰিছিল। তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনৰে পৰা কোনো এখন চৰকাৰে মিচিং ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সহাৰি জনোৱা নাছিল।কিন্তু ইয়াৰ বিপৰীতে ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বাধীন বৰ্তমানৰ বিজেপি চৰকাৰে মিচিং ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্রতি সন্মান জনাই মিচিং স্বায়ত্ব শাসিত পৰিষদক সাংবিধানিক মর্যদা প্ৰদান কৰা বিষয়টোৰ ওপৰত বিশেষ গুৰুত্ব প্রদানেৰে ৭ জানুৱাৰীত অনুষ্ঠিত কৰা অসম

কেবিনেটৰ বৈঠকত সিদ্ধান্ত গ্রহণ কৰি মিচিং স্বায়ত্ব শাসিত পৰিষদক সাংবিধানিক মর্যদা প্ৰদানৰ বাবে কেন্দ্রীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ পৰামর্শ প্রেৰণৰ যি ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰিলে তাক সমগ্র মিচিং জনগোষ্ঠীৰ হৈ TMPK, MMK আৰু TMMK তিনি মিচিং জাতীয় সংগঠনে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অসম
কেবিনেটক সংবাদ মেলযোগে ধন্যবাদ জনাই।উল্লেখযোগ্য যে সাংবিধানিক মৰ্যদা প্ৰদানৰ বাবে অসমৰ শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগু আৰু বিধায়ক ভূৱন পেগুৰ উদ্যোগত ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিচিং জাতীয় সংগঠনৰ দীৰ্ঘদিনীয়া দাবীক কেইবালানি উচ্চ পর্যায়ৰ আলোচনাৰ ফলশ্রুতিতে মিচিং স্বায়ত্ব শাসিত পৰিষদক সাংবিধানিক মর্যদা বাস্তব দিশে অগ্ৰসৰ হৈছে বুলি সংবাদ মেলত ব্যক্ত কৰে। তদুপৰি বৰ্তমান মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুঠ ৩৬ খন পৰিষদীয় সমষ্টিৰ পৰা ৪৫ খন পৰিষদীয় সমষ্টি বৃদ্ধিৰ বাবেও কেন্দ্ৰ চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে বুলি সংবাদ মেলৰ জড়িয়তে জানিবলৈ দিয়ে।

ইয়াৰোপৰি এম এম কেৰ সাধাৰণ সম্পাদক পুৰোষোত্তম দলেই সংবাদ মেলত স্পষ্টভাৱে ব্যক্ত কৰে যে,যি চৰকাৰে মিচিং জনগোষ্ঠীৰ আৰ্থ-সামাজিক উন্নয়নৰ প্ৰতি সহাৰি জনাইছে আমি সেই চৰকাৰৰ সমৰ্থনতেই থকাৰ কথা উল্লেখ কৰে আৰু সাংবিধানীক মৰ্যদাৰ প্ৰস্তাৱত ষষ্ঠ অনুসূচী অন্তৰ্ভুক্তিটিৰ বিষয়টোক বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে বুলি সংবাদমেলত জানিবলৈ দিয়ে । আজিৰ বিশেষ গুৰুত্বপূৰ্ণ সংবাদ মেলত উপস্থিত থাকে এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সুনীল পেগু, সাধাৰণ সম্পাদক পুৰুষোত্তম দলে,টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তিলক দলে, সাধাৰণ সম্পাদক চান দঃঞি পাংগিং, টি এম এম কেৰ উপ-সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাং, সাধাৰণ সম্পাদিকা শৰ্মিলা পায়েং পেগুৰ লগতে তিনি মিচিং জাতীয় সংগঠনৰ নেতৃবৃন্দ।

টেঙানিৰ মানুহে বহুত মাৰ খালে ! টেঙানিলৈ মই ৰাজনীতি কৰিবলৈ নাহো: বিধায়ক বিশ্বজিৎ ফুকন…

টেঙানিৰ মানুহে বহুত মাৰ খালে

টেঙানিলৈ মই ৰাজনীতি কৰিবলৈ নাহো: বিধায়ক বিশ্বজিৎ ফুকন

আন্দোলনে কোঙা কৰা টেঙানি বাসী ৰাইজৰ বহুতেই পুলিচৰ মাৰ খালে। কিন্তু উন্নয়ন বিচাৰি যদি সেই আন্দোলন বোৰ কৰিলে হয় টেঙানিত এটাও কেচা ৰাস্তা নাথাকিলে হয়। সমস্যাৰে জৰ্জৰিত টেঙানিবাসী ৰাইজৰ সৰলতাক অস্ত্ৰ হিচাপে লৈ আন্দোলনৰ ৰাজধানীলৈ পৰিণত কৰা টেঙানি আজিও বহুত পিছ পৰি ৰ’ল। টেঙানি এতিয়া আন্দোলনৰ বাবে নহয় উন্নয়নৰ বাবে, সম্পদৰ বাবে বিখ্যাত হৈ পৰিব। এই মন্তব্য বিধায়ক বিশ্বজিৎ ফুকনৰ। বৃহত্তৰ টেঙানিৰ চাৰিখন বিদ্যালয়ৰ শ্ৰেণীকোঠা আৰু দুটা পথৰ আধাৰশিলা স্থাপন কৰি বিধায়ক গৰাকীয়ে ৰাইজৰ আগত এই মন্তব্য ডাঙি ধৰে।

লগতে টেঙানি বাসীক লৈ বাহিৰৰ পৰা আহি আন্দোলন কৰিবলৈ বাধ্য কৰোৱা লোক সকলক ক্ষুৰধাৰ সমালোচনা কৰি এতিয়াৰ পৰা তেনে কোনো কাৰ্যতে টেঙানি বাসী ৰাইজে হাত উজান নিদিয়ে বুলিও মন্তব্য কৰে। বিধায়ক গৰাকীয়ে আৰু কয় যে টেঙানিলৈ মই ৰাজনীতি কৰিবলৈ নাহো, উন্নয়ন কৰিবলৈহে আহিম। আজি টেঙানিৰ চোৰাতনি উমানন্দ প্ৰাৰ্থমিক বিদ্যালয়, শান্তিপুৰ জ্ঞানজ্যোতি প্ৰাৰ্থমিক বিদ্যালয়, নিকৰী মাজদালপা জনজাতি প্ৰাৰ্থমিক বিদ্যালয় আৰু চাংপুল টেঙানি প্ৰাৰ্থমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণৰ লগতে মিলন বজাৰ পথ আৰু বৰপথাৰ সংযোগী ভোজৰ আলি পথৰ পকীকৰণৰ আধাৰশিলা স্থাপন কৰি বিধায়ক বিশ্বজিৎ ফুকনে টেঙানিয়ে এতিয়া সমগ্ৰ গোলাঘাট জিলাৰে অৰ্থনীতি টনকিয়াল কৰাৰ লগতে সাংস্কৃতিক, ক্ৰীয়া, কৃষি, শিক্ষা আদি সকলো দিশতে ৰাজ্যখনৰ ভিতৰতে জাকত জিলিকা হৈ পৰিব বুলি আশা প্ৰকাশ কৰে। ইপিনে টেঙানিৰ যোগাযোগ ব্যৱস্থা আৰু অধিক শক্তিশালী কৰাৰ বাবে তিনিখনকৈ দলং নিৰ্মাণৰ কথাও প্ৰকাশ কৰে।

ইয়াৰে চিলনীজান সংযোগী দলং নিৰ্মাণ হৈ থকাৰ লগতে চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত ৰাইজৰ বাবে মুকলি কৰা হব বুলি জানিবলৈ দিয়ে। লগতে থুৰামুখ আৰু নোগোৰাত হব লগা দলং দুখনৰ শীঘ্ৰেই নিৰ্মাণৰ কাম হাতত লোৱা হব বুলি ৰাইজক জানিবলৈ দিয়ে। টেঙানিক লৈ বিধায়ক গৰাকীৰ বহু সপোন আছে বুলি ৰাইজৰ আগত প্ৰকাশ কৰি নামবৰ অভয়াৰণ্যৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ ফ’ৰলেনযুক্ত পথলৈ উন্নীত হোৱাৰ যো-জা চলি থকাৰ সময়তে এই ফ’ৰলেনযুক্ত পথ বনাঞ্চলৰ মাজেদি নগৈ থুৰামুখৰ পৰা টেঙানিৰ মাজেদি নিবৰ বাবে কৰ্পতৃক্ষৰ ওচৰত প্ৰস্তাৱ দিয়া হৈছে বুলিও বিধায়ক গৰাকীয়ে জনায়। আনহাতে চলিত বৰ্ষত টেঙানিত ২১ কিলোমিটাৰ পথ পকীকৰণৰ হব বুলি ৰাইজক জানিবলৈ দিয়ে। আজিৰ এই কাৰ্যসূচীত বৰপথাৰ পৌৰসভাৰ পৌৰপতিৰ লগতে জিলা বিজেপিৰ কায্যকৰ্তা আৰু স্থানীয় ৰাইজ উপস্থিত আছিল।

শুৱালকুছি সাংবাদিক সন্হাৰ প্ৰতিষ্ঠা দিৱস আৰু গান্ধী স্মৃতি ৰোমন্থন সভাত ড°নিহাৰ ৰঞ্জন কলিতা…

শুৱালকুছি সাংবাদিক সন্হাৰ প্ৰতিষ্ঠা দিৱস আৰু গান্ধী স্মৃতি ৰোমন্থন সভাত ড°নিহাৰ ৰঞ্জন কলিতা

মানৱতাৰ বিকাশ ৰূপায়ণে মহাত্মা গান্ধীৰ প্ৰকৃত উদ্দেশ্য আছিল

গান্ধীজীৰ আদৰ্শত অনুপ্ৰাণিত হবলৈ যুৱ প্ৰজন্মক আহ্বান- দীনেশ বৈশ্য
—————————————————————————

দেশৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোতা মহামানৱ মহাত্মা গান্ধীৰ চিন্তা – চেতনা, কৰ্ম – আদৰ্শ দেশবাসীয়ে হাড়ে হিমজুৱে উপলব্ধ কৰিব লাগিব ৷ তেওঁ অহিংসাৰ পূজাৰী আৰু মানৱতাবাদী আছিল ৷ মানৱতাৰ বিকাশ ৰূপায়ণ আছিল গান্ধীজীৰ মুখ্য উদ্দেশ্য। তেওঁ মানৱতাবাদী চিন্তাৰে সকলোকে স্ব-নিৰ্ভৰশীল হবলৈ আহ্বান জনাইছিল ৷ এই মন্তব্য শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড°নিহাৰ ৰঞ্জন কলিতাৰ ৷ আজি শুৱালকুছি সাংবাদিক সন্হাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা গান্ধী স্মতি ৰোমন্থন সভা উদ্বোধন কৰি অধ্যক্ষ গৰাকীয়ে পুনৰ কয় যে গান্ধীজী অসমলৈ চাৰিবাৰ আহিছিল ৷ তেওঁ শেষৰবাৰ অসম ভ্ৰমণলৈ আহোতে অৰ্থাৎ ১৯৪৬ চনৰ ৯ জানুৱাৰীত শুৱালকুছিৰ পবিত্ৰভূমি পদাৰ্পণ কৰি শুৱালকুছিবাসীক ধন্য কৰিছিল আৰু শুৱালকুছিৰ বস্ৰশিল্পক মাত্ৰা প্ৰদান কৰি গৈছে ৷ আজি ৭৭ বৰ্ষ পূৰ্ণ হোৱাৰ উপলক্ষে সেইদিনটোৰ সোৱৰণি সভা অনুস্হিত কৰাৰ বাবে তেওঁ উদ্যোক্তা সকলক ধন্যবাদ জনাই প্ৰতি বছৰে এনে অনুস্হান অনুস্হিত কৰাৰ আহ্বান জনায় ৷

শুৱালকুছি মহাবিদ্যালয়ৰ তৰফৰ পৰা শুৱালকুছি গান্ধী আশ্ৰমখন সুন্দৰকৈ ৰখাৰো এক প্ৰস্তাৱ সভাত তেওঁ ৰাজহুৱা কৰে ৷ শুৱালকুছি সাংবাদিক সন্হাৰ সভাপতি দিলীপ মেধিৰ সভাপতিত্বত গান্ধী আশ্ৰমৰ মুকলি মঞ্চত অনুস্হিত সভাত আদৰণি ভাষণ প্ৰদান কৰে সন্হাৰ সম্পাদক হেমেন বৈশ্যই ৷ সভাত গান্ধীজী শুৱালকুছিলৈ অহা সময়ত সান্নিধ্য লাভকৰা শুৱালকুছিৰ বয়োজ্যেষ্ঠ নাগৰিক দীনেশ চন্দ্ৰ বৈশ্য, চুৰেন দাস, হৰ কুমাৰ দাস আদিয়ে গান্ধীজী শুৱালকুছিলৈ অহা দিনটোৰ মধুৰ স্মৃতি ৰোমন্থন কৰি উঠিঅহা যুৱ প্ৰজন্মক বাৰুকৈয়ে আকৰ্ষিত কৰে ৷ সেই দিনটোত গান্ধীজী অহাৰ সময়ত কেনেকুৱা অৱস্হা হৈছিল আৰু কি কি কাৰ্যসূচীত তেওঁ ভাগ লৈছিল আদি সকলো দিশৰ কথা তেওঁলোকে সভাত অৱগত কৰি নষ্টালজিয়া হৈ পৰে ৷ জ্যেষ্ঠ নাগৰিক দীনেশ চন্দ্ৰ বৈশ্যই যুৱ প্ৰজন্মক মহাত্মা গান্ধীৰ আদৰ্শত অনুপ্ৰাণিত হবলৈ আহ্বান জনায় ৷ সভাত বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ কনক দাসে গান্ধীজীৰ শুৱালকুছি পদাৰ্পণৰ স্মৃতি জাউতি যুগীয়া কৰাৰ বাবে শুৱালকুছিবাসীক আহ্বান জনায় ৷ তেওঁ যি সকল ব্যক্তিৰ প্ৰচেস্টাত গান্ধীজীয়ে শুৱালকুছিলৈ আহিল সেইসকলৰ বিষয়ে উল্লেখ কৰি এখন গ্ৰন্থ প্ৰকাশ কৰাত গুৰুত্ব প্ৰদান কৰে ৷ এই ক্ষেত্ৰত শুৱালকুছি সাংবাদিক সন্হাক দ্বায়িত্ব লবলৈ তেওঁ কয় ৷ সভাত শুৱালকুছি জ্যোতি সাহিত্য সভাৰ সভাপতি ৰণজিৎ কুমাৰ মহন্তই গান্ধীজীৰ নীতি, আদৰ্শ, আৰু মহানুভৱতাৰ ওপৰত এক তত্ত্ব গধূৰ বক্তব্য।

আগবঢ়ায় ৷ সভাত ছাত্ৰী খুচী কলিতা, বিদিশা বৈশ্য, হূদিষা কলিতা আৰু মেঘনা দাসে গান্ধীজীৰ জীৱন বৃতান্ত সম্পৰ্কে কিছু বক্তব্য আগবঢ়ায় ৷ শুৱালকুছি গণেশ দাস হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক যোগেন্দ্ৰ ভৰালীয়ে তেওঁৰ ভাষণত গান্ধীজীৰ শুৱালকুছি ভ্ৰমণ সন্দৰ্ভত বিস্তৃত ভাৱে উল্লেখ কৰি গান্ধীজীয়ে আগবঢ়োৱা ধনৰে শুৱালকুছিৰ চিকিৎসালয় স্হাপন হোৱাৰ কথা দোহাৰে ৷ তেওঁ শুৱালকুছিৰ তাতশিল্প সন্দৰ্ভতো কিছু কথা সভাত অৱগত কৰে ৷ শিল্পী কস্তুৰী মেধিয়ে এটি সুন্দৰ বড়গীত পৰিৱেশন কৰি উপস্থিত সকলোকে মুগ্ধ কৰে ৷ সভাত শলাগৰ শৰাই আগবঢ়াই সন্হাৰ উপ সভাপতি ৰত্ন কুমাৰ দাসে। ইয়াৰ পূৰ্বে পুৱা শুৱালকুছি সাংবাদিক সন্হাৰ প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে সভাপতি দিলীপ মেধিয়ে ৷ বন্তি প্ৰজ্বলন কৰে ৰাস উদযাপন সমিতিৰ সম্পাদক বিৰেশ্বৰ দাসে আৰু গান্ধীজীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে আছুৰ সাংগঠনিক সম্পাদক পংকজ কলিতাই ৷

মহানগৰীৰ ফাঁচীবজাৰৰ ৰাজপথত ব্লেড মেনে আক্ৰমণ কৰে দুজনকৈ লোকক…

মহানগৰীৰ ফাঁচীবজাৰৰ ৰাজপথত ব্লেড মেনৰ সন্ত্ৰাস। দুজনকৈ লোকক ব্লেডেৰে আক্ৰমণ কৰে ব্লেড মেনে।

প্ৰথমে ধনদাবী আৰু ধন নিদিলে ব্লেডেৰে কৰে আক্ৰমণ। প্ৰথমে এজন লোকৰ মুৰত আঘাত কৰে ব্লেডেৰে।

তাৰ পিছতেই আন এজন লোকক আক্ৰমণ ব্লেড মেনৰ।

মই ভগৱান ৰাম আৰু হনুমানৰ ভক্তঃ দক্ষিণ আফ্ৰিকাৰ স্পিনাৰ কেশৱ মহাৰাজ….

দক্ষিণ আফ্ৰিকাৰ স্পিনাৰ কেশৱ মহাৰাজে ৰাম ছিয়া ৰাম গীতৰ সৈতে নিজৰ সম্পৰ্ক প্ৰকাশ কৰিছে, বলিং কৰাৰ সময়ত ষ্টেডিয়ামত ‘ৰাম ছিয়া ৰাম’ গীতটো বাজিবলৈ আৰম্ভ কৰে। ভাৰতৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সময়ত বহু সময়ত এই ঘটনা দৃষ্টি গোচৰ হৈছিল। এদিনীয়া শৃংখলাৰ সময়ত এবাৰ কে এল ৰাহুলেও কেশৱ মহাৰাজক এই সন্দৰ্ভত এটা প্ৰশ্ন কৰিছিল। কে.এল.এ সুধিছিল যে কেশৱ ভাই, আপুনি যেতিয়াই আহে, এইসকলে ৰাম ছিয়া ৰাম গীতটো বজায় নেকি? এই কথাত প্ৰবীণ স্পিনাৰজনে উত্তৰ দিলে ‘হয়’। শেহতীয়াকৈ টেষ্ট শৃংখলাৰ সময়তো এটা আমোদজনক ঘটনা পোহৰলৈ আহিছিল। কেপ টাউন টেষ্টত যেতিয়া কেশৱ মহাৰাজে বেটিং কৰিবলৈ আহিছিল আৰু এই গীতটোৱে ষ্টেডিয়ামত প্ৰতিধ্বনিত হ’বলৈ আৰম্ভ কৰিছিল, তেতিয়া বিৰাট কোহলীয়ে কেশৱ মহাৰাজৰ ফালে হাত ভাঁজ কৰি তাৰ পিছত ধনুৰ পৰা কাঁড় নিক্ষেপ কৰাৰ ভংগীমা গ্ৰহণ কৰিছিল। বিৰাটৰ এই ভিডিঅ’টোও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

এতিয়া কেশৱ মহাৰাজক এই কাহিনীবোৰৰ বিষয়ে আৰু ৰাম ছিয়া ৰাম গীতটোৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে সোধাত তেওঁ অতি চুটি উত্তৰেৰে দিলে। তেওঁ ক’লে, ‘এইটো মোৰ প্ৰৱেশ গান। মই ভগৱান ৰাম আৰু হনুমানৰ ভক্ত গতিকে এইটো মোৰ বাবে একেবাৰে উপযুক্ত বুলি ভাবো। কেশৱে ক’লে, ‘বহু সময়ত মই সন্মুখত থিয় হৈ এই গানটো বজাবলৈ কওঁ। মোৰ বাবে মোৰ ঈশ্বৰ আটাইতকৈ ডাঙৰ আশীৰ্বাদ। তেওঁ মোক পথ দেখুৱাই সুযোগ দিয়ে। ধৰ্ম, সংস্কৃতিক সন্মান কৰাটো গুৰুত্বপূৰ্ণ। বেকগ্ৰাউণ্ডত ‘ৰাম ছিয়া ৰাম’ বাজি থাকিলে শুনি ভাল লাগে।

বলীউড, দক্ষিণ আৰু টিভি জগতৰ বহু তাৰকা ৰাম মন্দিৰৰ ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ব…

২২ জানুৱাৰীত ৰাম মন্দিৰত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব। বলীউড, দক্ষিণ আৰু টিভি জগতৰ বহু ডাঙৰ তাৰকাক এই ঐতিহাসিক দিনটোৰ সাক্ষী হ’বলৈ আমন্ত্ৰণ জনোৱা হৈছে। জানো আহক কোন কোন তাৰকা এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ব…

অনুপম খেৰক অযোধ্যা ৰাম মন্দিৰত ৰাম লালাৰ অভিষেক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।

কংগনা ৰানাৱতৰ নামো এই তালিকাত সন্নিবিষ্ট কৰা হৈছে। অভিনেত্ৰীগৰাকীয়ে নিজেই এই তথ্য ছ’চিয়েল মিডিয়াত দিছে।

বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনেও এই মহান অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰিছে।

ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে জেকী শ্ৰফ আৰু তেওঁৰ পুত্ৰ বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফেও আমন্ত্ৰণ লাভ কৰিছে।

বলীউডৰ ছুপাৰহিট দম্পতী আলিয়া ভাট আৰু ৰণবীৰ কাপুৰেও এই অনুষ্ঠানৰ সাক্ষী হ’ব পাৰে।

অতিথি তালিকাত ৰনদীপ হুডাৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে। এই মহান অনুষ্ঠানতো তেওঁ অংশগ্ৰহণ কৰিব।

ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ এই ভৱিষ্যৎ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বলীউডৰ ঢক ঢক গাৰ্ল মাধুৰী দীক্ষিতেও।

একে সময়তে বলীউডৰ সিংঘম অজয় ​​দেৱগানলৈও প্ৰেৰণ কৰা হৈছে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্ড। ববি দেওলেও যোগদান কৰিব পাৰে।

ৰজনীকান্তৰ উপৰিও কেজিএফৰ তাৰকা যশ, ধনুশ, দক্ষিণৰ তাৰকা প্ৰভাছেও ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাত অংশগ্ৰহণ কৰিব পাৰে।

ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাত অংশগ্ৰহণ কৰিব TV worldৰ ৰাম আৰু সীতাই। হয়, দীপিকা চিখলিয়া আৰু অৰুণ গোভিলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আপোনালোকক জনাওঁ যে ৪০০০ সাধু আৰু সন্তকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৭০০০ অতিথিয়েও এই শুভ অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে।


ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ পৰা অৰ্জুন বঁটা গ্ৰহণ ক্ৰিকেটাৰ মহম্মদ চামীৰ…

ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান অনুষ্ঠানঃ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মহম্মদ শামীক অৰ্জুন বঁটাৰে সম্বৰ্ধনা জনায়। আজি তেওঁক এই বৃহৎ ক্ৰীড়া বঁটা প্ৰদান কৰা হয়। ক্ৰিকেট জগতত প্ৰথমবাৰৰ বাবে এই বঁটা লাভ কৰিছিল চেলিম দুৰানীয়ে। এই বঁটা লাভ কৰা শেষৰজন ক্ৰিকেটাৰ আছিল শিখৰ ধাৱন। ২০২১ চনত শিখৰে এই সন্মান লাভ কৰিছিল। যোৱা বছৰ কোনো ক্ৰিকেটাৰে এই বঁটাৰ বাবে মনোনীত হোৱা নাছিল যদিও এইবাৰ শামীয়ে এই বঁটা লাভ কৰে। শামীৰ লগতে আন ২৩ গৰাকী খেলুৱৈকো অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়।

৩৩ বছৰীয়া বেগী বলাৰ মহম্মদ শ্বামীৰ বাবে ২০২৩ চনটো আছিল অসাধাৰণ। বছৰৰ শেষৰ ফালে অনুষ্ঠিত হোৱা এদিনীয়া বিশ্বকাপত তেওঁ আলোড়নৰ সৃষ্টি কৰিছিল। প্ৰতিযোগিতাখনৰ প্ৰথম ৪ খন মেচ খেলিব নোৱাৰাৰ পিছতো শামীয়ে ২৪ টা উইকেট দখল কৰে। এই প্ৰতিযোগিতাত তেওঁ আছিল সৰ্বাধিক উইকেট দখল কৰা বলাৰ। বিশ্বকাপত এই প্ৰদৰ্শনৰ বাবে তেওঁ অৰ্জুন বঁটাৰ ৰূপত এই বঁটা লাভ কৰে। আজি পুৱা ১১ বজাৰ পৰা ৰাষ্ট্ৰপতি ভৱনত আৰম্ভ হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান অনুষ্ঠান। প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হয়। ইয়াৰ পিছত যোৱা বছৰ বিভিন্ন খেলত ভাল প্ৰদৰ্শন কৰা খেলুৱৈসকলক বিভিন্ন বঁটাৰে সন্মানিত কৰা হয়।

বটদ্ৰৱাত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্থ ১৩ টা পৰিয়ালক বিধায়ক ৰূপক শৰ্মাৰ ব্যক্তিগত ভাৱে আৰ্থিক সাহাৰ্য প্ৰদান, বিধায়িকা শিৱামণি বৰাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ…

সোমবাৰে পুৱাই গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত জাতীয় সাজ পৰিধান কৰি উপস্থিত হয় সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক ৰূপক শৰ্মা । দুয়োগৰাকী নেতা গুৰুজনাৰ জন্মস্থানত উপস্থিত হৈ আশীষ গ্ৰহণ কৰে। অসমীয়া জাতিৰ জনক মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হৈ আধ্যাত্মিক পৰিবেশত বটদ্ৰৱা থান দৰ্শন কৰি উৎফুল্লিত সাংসদগৰাকী। ইফালে বটদ্ৰৱা থান দৰ্শনৰ পিছতেই পোনে পোনে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক ৰূপক শৰ্মা বটদ্ৰৱাৰ আকাশী গঙ্গাৰ পাৰত উপস্থিত হৈ ২৭ ডিচেম্বৰৰ নিশা বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হোৱা ১৩ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰিয়ালৰ কাষত থিয় হৈ বুজ লয়।বিধায়ক শৰ্মাই নিজা ববীয়াকৈ ১৩ টাকৈ পৰিয়ালৰ প্ৰতিটোকে দহ হেজাৰ টকাকৈ সৰ্বমুঠ ১লাখ ৩০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়। উল্লেখ্য যে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বটদ্ৰৱাবাসী ৰাইজৰ দুখৰ সময়ত কাষত থিয় হৈ ৰাইজৰ দুৰ্গতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্ত ব্যৱসায়ী সকলক কিছু আৰ্থিক সাহায্য আগবঢ়োৱাত বিধায়ক ৰূপক শৰ্মাৰ শলাগ লয় । ইয়াৰ বিপৰীতে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰে ।

কাৰণ বটদ্ৰৱাত সংগঠিত ভয়াৱহ অগ্নিকাণ্ডৰ পিছতো আজিলৈকে খবৰ লবলৈ আহৰি নেপালে বিধায়িকা শিৱামণি বৰাই। সেয়ে বিধায়ক ৰূপক শৰ্মাৰ সন্মুখতে ক্ষোভ প্ৰকাশ কৰে বটদ্ৰৱাবাসী ৰাইজে বিধায়িকা শিৱামণি বৰাৰ বিৰুদ্ধে। বিধায়িকা শিৱামণি বৰাক নিৰ্বাচনত আমি ভোট দিছিলো কিন্ত্ত আজি বিধায়িকা গৰাকী আমাৰ কাষত নাই, আমাক ধন টকা পইচা দিব নালাগে বিপদৰ সময়ত তেওঁ মুখৰ মাত দিবলৈয়ো নাহিল। উল্লেখ্য যে আকাশীগংগাৰ পাৰত থকা ১৩ খন ব্যৱসায়ীক প্ৰতিষ্ঠানত সংঘটিত অগ্নিকাণ্ডৰ ফলত ১৩ খনকৈ মনিহাৰী সামগ্ৰী, ফটো, কিতাপ, পুতলা, কাপোৰ, নৈবেদ্য প্ৰসাদৰ দোকানৰ লগতে হোটেলো ভস্মিভূত হৈছিল। ইপিনে ১৩টা দুৰ্ভগীয়া পৰিয়ালক আৰ্থিক সাহাৰ্য আগবঢ়াই বিধায়ক শৰ্মাই কয় যে বটদ্ৰৱা থান প্ৰাঙ্গনৰ আকাশীগঙ্গাৰ পাৰত নৈবেদ্য,প্ৰসাদৰ সামগ্ৰী,ফটো, কিতাপ, পুতলা, কাপোৰ,মনিহাৰী সামগ্ৰী আৰু হোটেলৰ ব্যৱসায় কৰি ক্ষুদ্ৰ ব্যৱসায়ী সকলে নিজৰ পৰিয়ালটো পোহপাল দি আহিছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে অগ্নিকাণ্ডৰ ফলত ব্যৱসায়ী প্ৰতিষ্ঠান সমূহ সম্পূৰ্ণ ভস্মীভূত হোৱাত দিশহাৰা হৈ পৰিছিল ১৩টা পৰিয়াল। এই খবৰ লাভ কৰি যোৱা ১ জানুৱাৰীত বটদ্ৰৱা থান প্ৰাঙ্গনত বিধায়ক শৰ্মা উপস্থিত হৈ ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনৰ ক্ষয় ক্ষতিৰ বুজ লৈ থলুৱা ব্যৱসায়ী সকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সৈতে মত-বিনিময় কৰি তেওঁলোকক পাৰ্যমানে সহায়ৰ হাত আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছিল। অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলক কোনোধৰণৰ বীমা নথকাত লগতে ভাড়া মাটিত ব্যৱসায় কৰাৰ বাবে চৰকাৰী ভাবে সহায় কৰাত অসুবিধা থকাৰ হেতু আজি ক্ষতিগ্ৰস্ত হোৱা ১৩খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ ব্যৱসায়ী আৰু তেওঁলোকৰ পৰিয়ালক কাষত পুনৰ উপস্থিত হ‌য় প্ৰতিটো পৰিয়ালক নিজাববীয়াকৈ কিঞ্চিৎ সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যেৰে এই সাহাৰ্য আগবঢ়ায়। আনহাতে বিপদগ্ৰস্ত পৰিয়াল কেইটাক সামান্য সহায়ৰ হাত আগবঢ়োৱাৰ সুবিধা লাভ কৰি নিজকে ধন্য মনা বুলি বিধায়ক শৰ্মাই মন্তব্য কৰে।

এই আৰ্থিক সাহাৰ্যৰ জৰিয়তে বিপদত পৰা ১৩ টা পৰিয়ালে কিছু সকাহ লাভ কৰিব আৰু আগন্তুক দিনত পুনৰ নিজৰ নিজৰ ব্যৱসায় আৰম্ভ কৰি জীৱিকা অৰ্জনৰ পথ মুকলি কৰিবলৈ সক্ষম হ’ব বুলিও বিধায়ক শৰ্মাই আশা প্ৰকাশ কৰে।

ৰাণীত বনৰীয়া হাতীৰ উপদ্ৰব বিষয়ক সজাগতা সভা…

পশ্চিম গুৱাহাটী সমষ্টিৰ অসম – মেঘালয় সীমান্তৰ ৰাণীৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিগণিত হোৱা নালাপাৰা পুখুৰীপাৰ , বিক্রমপুৰ , খপেগাও উদয়পুৰ আদি অঞ্চলত কেবাবছৰ ধৰি বনৰীয়া হাতীৰ জাকে সন্ত্রাসৰ সৃষ্টি কৰি অহাত কৃষক ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ধান কাটি চপোৱাৰ পাছতো পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে এফালৰপৰা নষ্ট কৰিছে গাঁওবাসীৰ বাৰীত তথা বস্তিৰ ফল মুল। যাৰ বাবে বনৰীয়া হাতীৰ উপদ্ৰৱ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে কালি নালাপাৰা খণ্ড বন বিষয়াৰ কাৰ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত মৈৰাপুৰ , বেলগুৰি , নালাপাৰা, মৈৰাপুৰ পাটগাঁও , মানিকপুৰ , উদয়পুৰ , পুৰাণ শুকুৰবেৰীয়া , বিক্রমপুৰ , মৈৰাপুৰ গৰাখহনীয়াপৰা , চেচা , আদি অঞ্চলৰ শতাধিক কৃষক ৰাইজ উপস্থিত থাকে। সভাত স্বেচ্ছাসেবী সংগঠন ডব্লিউ ডব্লিউ এফ ইন্ডিয়াৰ।

এই সভাত উপস্থিত থাকে ডব্লিউ ডব্লিউ এফ ইন্ডিয়া নামৰ বন্যপ্ৰাণী বিষয়ক স্বেচ্ছাসেবী সংগঠনটোৰ জেষ্ঠ্য প্ৰকল্প কাৰ্যবাহী ডেভিদ স্মিথ , ক্ষেত্ৰ বিষয়া ইউছুফ খান, নালাপাৰাৰ খণ্ড বন বিষয়া দুলু মহন্ত আৰু শুকুৰবেৰীয়াৰ খণ্ড বন বিষয়া জমিৰ আলীয়ে সৌৰশক্তি চালিত বেৰ দি কিদৰে বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিব পাৰি তাৰ বিশদ বাখ্যা দাঙি ধৰে। সভাত ৰাণী মৈৰাপুৰ হাতী প্ৰতিৰক্ষা সমিতিৰ সভাপতি দীনেশ নাথ, সম্পাদক ৰমেশ দাস , জেষ্ঠ্য সাংবাদিক জোন ৰাভাকে ধৰি কেবাজনো কৃষক নেতাই চমু ভাষণ প্ৰদান কৰে।

আহি পালে হেঁপাহৰ ভোগালী বিহু! ৰহা আমনিশালীত “প্ৰদূষণমুক্ত পৃথিৱী আৰু হাতীৰ বাবে ৰোৱক কলগছ” আহ্বানেৰে ভেলাঘৰ নিৰ্মাণ…

আহি পালে হেঁপাহৰ ভোগালী বিহু! ৰহা আমনিশালীত “প্ৰদূষণমুক্ত পৃথিৱী আৰু হাতীৰ বাবে ৰোৱক কলগছ” আহ্বানেৰে ভেলাঘৰ নিৰ্মাণ। গাঁথিৰ ধন ভাঙি ১২বছৰে শিল্পী ভগৱান সেনাপতিয়ে অসমবাসীক দিছে সজাগতাৰ বাৰ্তা। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী। ভোগালীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি ভেলাঘৰ নিৰ্মাণত ব্যস্ত স্থানীয় লোক। চুবুৰীয়ে চুবুৰীয়ে ঢেকীৰ চাবত কপি উঠিছে চোতাল। কোনোবাই যদি খুন্দিছে খান্দহ, কোনোনোবাই আকৌ খুন্দিছে চিৰা। কোনোবাই আকৌ পিঠাগুৰিৰে বনাইছে মুঠি লাৰু, ঘিলা পিঠা, জেং পিঠা, বৰপীঠা, নাৰিকলৰ লাৰু, তিলৰ লাৰু ইত্যাদি। মুঠৰ ওপৰত অসমীয়া বোৱাৰী-কি জীয়ৰী কাৰোৰে গাত ত’ত নাই। ব্যস্ত হেঁপাহৰ ভোগালীক আদৰাৰ প্ৰস্তুতি। কিন্তু ইয়াৰ লগে লগে ব্যস্ত ভেলাঘৰ বনোৱাত। বিগত বছৰৰ দৰে এই বছৰো ৰহা আমনিশালত নতুন আহ্বান আৰু আৰ্হিৰে ভেলাঘৰ সাজিছে ভাস্কৰ্য শিল্পী ভগৱান সেনাপতিয়ে।

ব্যতিক্ৰমী চিন্তাধাৰাৰে অসমৰ জনগণক সজাগতাৰ বাৰ্তা দি প্ৰতিবছৰে বিভিন্ন আকৃতিৰ ভেলাঘৰ নিৰ্মাণ কৰি আহিছে ৰহা আমনিশালিৰ ভগৱান সেনাপতিয়ে। উল্লেখ্য যে, ২০১১ চনৰ পৰা বিভিন্ন সজাগতামূলক বাৰ্তাৰে ভেলাঘৰ নিৰ্মাণ কৰি অহা শিল্পী ভগৱান সেনাপতিয়ে একক প্ৰচেষ্টাৰে পুনৰবাৰ ৰাইজৰ দৃষ্টি আৰ্কষণ কৰিবলৈ এইবছৰো নতুন আৰ্হিত আৰম্ভ কৰিছে ভেলাঘৰ নিৰ্মাণৰ কাম । ২০১১চনত ৰংঘৰ সদৃশ ভেলাঘৰ নিৰ্মাণ কৰি অসমৰ ৰাইজৰ বিপুল সমাদৰ লাভ কৰা পাছত ২০১২ চনত টাইটানিক আকৃতিৰে নিৰ্মাণ কৰে ভেলাঘৰ। তাৰ পাছত ধাৰাবাহিক ভাৱে ২০১৩ চনত বীণা সদৃশ ভেলাঘৰ, ২০১৪ “ঈগল পৃথিৱী’ ,২০১৫ বৰ্ষত শান্তিৰ কপৌ , ২০১৬ বৰ্ষত ‘ গঁড় বচাওক , অসমৰ মান ৰাখক ‘,২০১৭চনত গঁড আৰু প্ৰকৃতি, ২০১৮ গঁড়,গছ আৰু নাও, ২০১৯ চনত বৃহত আকাৰৰ গছ(গছ ৰোৱক প্ৰকৃতি বচাওক), ২০২০ “ক’ৰণা ভাইৰাছৰ পৰা পৃথিৱীক বচীওক,২০২১ চনত “ভেকচিন লওঁক ধৰাক মুক্ত কৰক” ২০২২চনত “হাতী মানুহৰ সংঘাত” আৰু ২০২৩ চনত “পৃথিৱীক প্ৰদুষণৰ পৰা মুক্ত কৰক আৰু হাতীৰ বাবে কলগছ ৰোৱক আৰু হাতী-মানুহৰ সংঘাট ৰোধ কৰক” আদি বাৰ্তাৰে প্ৰতীকী ৰূপত ভেলাঘৰ সাজি উলিয়াইছে। সেনাপতিৰ এনে কৰ্মউ বহুজনৰ হৃদয় জয় কৰিছে। এইবছৰৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে প্ৰায় ৯০ শতাংশ নিৰ্মাণ কাৰ্য। সম্পূৰ্ণ একক প্ৰচেষ্টাৰে কোনো চৰকাৰী সহায় নোহোৱাকৈ ভগৱান সেনাপতিয়ে স্হানীয় যুৱক সকলৰ সহায়ত নিৰ্মাণ কৰি উলিওৱা আমনিশালীৰ এই ভেলাঘৰ এতিয়া সকলোৰে বাবে হৈ উঠিছে আৰ্কষণৰ কেন্দ্ৰ । কেৱল খেৰ, বাঁহেৰে নিৰ্মাণ কৰা ভেলাৰঘৰটি নিৰ্মাণত এইবৰ্ষত খৰছ হৈছে প্ৰায় ৮০হাজাৰ টকা। কেতিয়াবা যদি পুখুৰীৰ মাছ বিক্ৰী কৰিছে, কেতিয়াবা আকৌ ফাৰ্মৰ হাঁহ বিক্ৰি কৰিছে। কেতিয়াবা আকৌ বন্ধন বেংক অথবা মাইক্ৰ’ফাইনেন্সৰ পৰা লোণ লৈ সাজিছে ভেলাঘৰ। কিন্তু এবাৰ মাত্ৰ চৰকাৰৰ পৰা ৫০ হাজাৰ টকা এককালীন সাহাৰ্য লাভ কৰিছে শিল্পী গৰাকীয়ে।

অতি পৰিতাপৰ বিষয় যে, তিৱা স্বায়ত্ব পৰিষদৰ এলেকাধীন শিল্পী গৰাকীক স্বায়ত্ব পৰিষদৰ পৰা কেইবাবাৰো সহায় কৰাৰ আশ্বাস দিছিল যদিও আজিও নাপালে সহাৰি। কিন্তু ৰাইজৰ বাবে প্ৰতি বছৰে বছৰে নতুন নতুন বাৰ্তা লৈ গাঁঠিৰ ধন ভাঙি ৰাইজক কৰিছে সজাগতা। যিটো সময়ত বৰ্তমানৰ ৰাজ্য চৰকাৰে বিভিন্ন দিশত সজাগতামূলক বিষয়ত হাজাৰ হাজাৰ টকাৰে বাতৰি কাকত, টেলিভিছনত বিজ্ঞাপনৰ নামত খৰছ কৰিছে, তেনে সময়তে শিল্পী ভগৱান সেনাপতিয়ে নিজৰ গাঁথিৰ ধন ভাঙি অসমবাসীক কৰি আহিছে সজাগতা। আৰ্থিক নাটনিৰ স্বত্বেও শিল্পী ভগৱান সেনাপতিয়ে অৱ্যাহত ৰাখিছে সৃষ্টি কৰ্ম। এনে সময়ত শিল্পী গৰাকীক প্ৰয়োজন হৈছিল চৰকাৰৰ সহায়। কিন্তু ৰাজ্য চৰকাৰে এনে শিল্পী সকলৰ সৃষ্টি ৰাজি অথবা শিল্পী সত্বাক কেতিয়া গুৰুত্ব দিব অথবা সুদৃষ্টি পৰিব সেয়া সযময়েহে কব যদিএ সচেতন মহলে শিল্পী গৰাকীক সহায় কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।