Home Blog Page 11

৬ জুনত ভাৰতলৈ আহিব ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ

ভাৰতলৈ আহিব ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক
ভাৰতলৈ আহিব ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক

দেশ তথা বিদেশৰ সামাজিক মাধ্যমত শেহতীয়াকৈ খলকনি তোলা ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপক ভাৰতলৈ আহিব৷ ৬ জুনত ভাৰতলৈ আহিব ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক দীপক৷ কেৱল সেয়াই নহয় ৬ জুনত ভাৰতৰ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰ পদত্যাগৰ দাবীৰে যন্তৰ মন্তৰত বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰস্তুতি চলোৱাৰ খবৰ পোৱা গৈছে৷ নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু অন্যান্য পৰীক্ষাসমূহত সংঘটিত অনিয়মৰ প্ৰতিবাদত শেহতীয়াকৈ চৰ্চালৈ অহা ব্যংগাত্মক ৰাজনৈতিক অভিযান ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে৷ সোমবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা এক বিবৃতিযোগে তেওঁ জানিবলৈ দিয়ে যে আগন্তুক ৬ জুনত তেওঁ ভাৰতলৈ উভতি আহিব আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে এক শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব৷ ত্ৰিছবছৰীয়া ৰাজনৈতিক যোগাযোগ ৰণনীতিবিদ তথা আম আদমি পাৰ্টীৰ ছ’চিয়েল মিডিয়া কোষৰ প্ৰাক্তন সদস্য দীপকে বৰ্তমান আমেৰিকাত বসবাস কৰে৷ চিকিৎসা বিজ্ঞানৰ স্নাতক মহলাৰ নামভৰ্তিৰ বাবে অনুষ্ঠিত ‘নীট’ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু পৰৱৰ্তী সময়ত পৰীক্ষা বাতিল হোৱাৰ প্ৰেক্ষাপটতে তেওঁ শিক্ষা মন্ত্ৰীগৰাকীৰ পদত্যাগ দাবী কৰিছে৷

ইয়াৰ উপৰি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ আৰু কৰ্মচাৰী বাছনি আয়োগৰ পৰীক্ষাতো ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি শিক্ষাৰ্থী আৰু চাকৰি প্ৰত্যাশীসকলে অভিযোগ উত্থাপন কৰি আহিছে৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি দীপকে কয় যে এই ব্যৱস্থাটোৱে এক কোটিতকৈও অধিক শিক্ষাৰ্থীৰ জীৱনক এক ধেমালিলৈ পৰ্যবসিত কৰিছে, যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল নিজৰ ভৱিষ্যতক লৈ চিন্তিত আৰু উদ্বিগ্ন হৈ পৰিছে৷ তেওঁ লগতে কয় যে ইমান ডাঙৰ ভুলৰ পিছতো যদি শিক্ষা মন্ত্ৰীগৰাকীয়ে পদত্যাগ নকৰে, তেন্তে দেশত কোনো দায়বদ্ধতা বাকী থকা নাই বুলিয়েই গণ্য কৰা হ’ব৷ ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এক বাৰ্তাত দীপকে কয় যে এতিয়া সকলোৱে একত্ৰিত হৈ সংবিধানৰ পথ অনুসৰণ কৰি শান্তিপূৰ্ণভাৱে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰাৰ সময় আহি পৰিছে৷

তেওঁ দৃঢ়তাৰে ব্যক্ত কৰে যে সকলোৱে একেলগে মাত মাতিলে কতৃৰ্পক্ষই নিশ্চিতভাৱে তেওঁলোকৰ কথা শুনিবলৈ বাধ্য হ’ব৷ ৬ জুনৰ পুৱা দিল্লীত উপস্থিত হ’বলগীয়া দীপকে তেওঁৰ সমৰ্থকসকলক বিমান বন্দৰত উপস্থিত থাকিবলৈ আহ৩ান জনাইছে৷ তাৰ পৰাই তেওঁলোকে একত্ৰিত হৈ সংসদ মাৰ্গৰ আৰক্ষী থানালৈ গৈ যন্তৰ মন্তৰত এক শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে অনুমতি বিচাৰিব বুলি জানিবলৈ দিছে৷ উল্লেখযোগ্য যে, যুৱ-প্ৰজন্মৰ দ্বাৰা যুৱ-প্ৰজন্মৰ বাবে গঠিত এক ৰাজনৈতিক মঞ্চ হিচাপে পৰিচিত ‘ককৰোচ জনতা পাৰ্টী’ নামৰ এই ব্যংগাত্মক অভিযানটো যোৱা ১৬ মে’ত আৰম্ভ কৰা হৈছিল৷ ১৫ মে’ত উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্য কান্তই নিবনুৱা যুৱক-যুৱতীসকলক লৈ কৰা বুলি প্ৰকাশিত এক বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপেই এই অভিযানৰ সূত্ৰপাত ঘটিছিল৷ বাতৰি অনুসৰি, ন্যায়াধীশগৰাকীয়ে কৰ্মসংস্থাপনহীন একাংশ যুৱকক ‘ককৰোচ’ বা পঁইতাচোৰাৰ সৈতে তুলনা কৰিছিল যদিও পিছদিনাই তেওঁ স্পষ্টীকৰণ দিছিল যে সংবাদ মাধ্যমে তেওঁৰ বক্তব্য ভুলকৈ উপস্থাপন কৰিছে৷ যোৱা ২১ মে’ত এক আইনী দাবীৰ ভিত্তিত ‘ককৰোচ জনতা পাৰ্টী’ৰ ইনষ্টাগ্ৰাম একাউণ্টটো বন্ধ কৰা হয় আৰু শুকুৰবাৰে দিল্লী উচ্ছ ন্যায়ালয়ে একাউণ্টটো পুনৰুদ্ধাৰ কৰিবলৈ অস্বীকাৰ কৰে৷

ক্ষেত্ৰীৰ তেতেলীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা…

ক্ষেত্ৰীৰ তেতেলীয়াত নিশা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
ক্ষেত্ৰীৰ তেতেলীয়াত নিশা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।

ক্ষেত্ৰীৰ তেতেলীয়াত নিশা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে এখন তীব্ৰবেগী ট্ৰাকে।

ঘটনাত এজন লোকৰ মৃত্যু হয়।

গুৱাহাটীৰ পৰা উজনি অসম অভিমুখে প্লাষ্টিক চকী কঢ়িয়াই নিয়া AS25FC0375 নম্বৰৰ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

খুন্দাৰ ফলত ডিভাইডাৰৰ ৰেলিং ট্ৰাকখনৰ মাজেৰে ইপাৰ-সিপাৰ হৈ যায় আৰু ঘটনাস্থলীতেই এজন নিহত হয়।

খবৰ পাই নিশাই ক্ষেত্ৰী যানবাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

মহানগৰীত একেলগে সন্ধানহীন ৪গৰাকীকৈ ছাত্ৰী

মহানগৰীত একেলগে সন্ধানহীন ৪গৰাকীকৈ ছাত্ৰী
মহানগৰীত একেলগে সন্ধানহীন ৪গৰাকীকৈ ছাত্ৰী

মহানগৰীত চাঞ্চল্যকৰ ঘটনা।

একেলগে সন্ধানহীন ৪গৰাকীকৈ ছাত্ৰী।

গুৱাহাটী মহানগৰীৰ বশিষ্ঠত এই চাঞ্চল্যকৰ ঘটনা।

বনগাঁৱৰ এখন বিদ্যালয়ৰ ৪ গৰাকী ছাত্রী সন্ধানহীন।

ষষ্ঠ আৰু সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীকেইগৰাকী।

সোমবাৰৰ পৰাই সন্ধানহীন হৈ আছে কিশোৰীকেইগৰাকী।

বিদ্যালয়লৈ যোৱাৰ পথৰে পৰাই সন্ধান নাই ৪ কিশোৰীৰ।

ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীৰ কাষ চাপিছে পৰিয়ালবৰ্গ।

নলবাৰীৰ মাধুৰ্য বৰ্মনক হেৰুৱাই শোকত ভাগি পৰিছে পৰিয়াল

নলবাৰীৰ মাধুৰ্য বৰ্মনক হেৰুৱাই শোকত ভাগি পৰিছে পৰিয়াল
নলবাৰীৰ মাধুৰ্য বৰ্মনক হেৰুৱাই শোকত ভাগি পৰিছে পৰিয়াল

নলবাৰীৰ মাধুৰ্য বৰ্মনক হেৰুৱাই শোকত ভাগি পৰিছে পৰিয়াল।

লাভ জেহাদৰ ভয়ংকৰ ঘটনাত প্ৰাণ হেৰুওৱা মাধুৰ্য বৰ্মনৰ পিতৃৰ অনুৰোধ।

‘মোৰ ল’ৰাৰ মৃত্যুতে যেন সমাপ্ত হয় লাভ জেহাদ’।

‘মোৰ অনুৰোধ লাভ জেহাদৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ পদক্ষেপ অব্যাহত ৰাখক’।

‘প্ৰশাসনক মই ধন্যবাদ জনাইছো’।

আছিফ খান ওৰফে ৰ’জ আলীৰ বিৰুদ্ধে আজিও অব্যাহত প্ৰতিক্ৰিয়া

আছিফ খান ওৰফে ৰ'জ আলীৰ বিৰুদ্ধে আজিও অব্যাহত প্ৰতিক্ৰিয়া
আছিফ খান ওৰফে ৰ'জ আলীৰ বিৰুদ্ধে আজিও অব্যাহত প্ৰতিক্ৰিয়া

লাভ জেহাদী আছিফৰ জানাজা নকৰাৰ সিদ্ধান্ত ৰাইজৰ।

ছাত্রনেতা হত্যাক লৈ নলবাৰীত আজিও অব্যাহত চাঞ্চল্য।

হত্যাকাৰী আছিফ খান ওৰফে ৰ’জ আলী পৰিয়ালক এঘৰীয়া কৰিলে ৰাইজে।

আছিফ খানৰ জানাজাত গাঁওবাসীয়ে অংশ নোলোৱাৰো সিদ্ধান্ত।

৫খনকৈ গাঁৱৰ ৰাইজে সমূহীয়াভাৱে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

আজি মৰণোত্তৰ পৰীক্ষা কৰা হ’ব আছিফ খানৰ মৃতদেহৰ।

মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক চমজাই দিব মৃতদেহ।

আনহাতে ৰাজহুৱা কৱৰস্থানত কবৰ দিবলৈ নিদিয়াৰো সিদ্ধান্ত গ্ৰহণ।

ঔপন্যাসিক নৰেন হাজৰিকাৰ ‘ৰূপোৱালী দিনৰ সোণোৱালী ৰূপকথা’ উন্মোচন

ঔপন্যাসিক নৰেন হাজৰিকাৰ ‘ৰূপোৱালী দিনৰ সোণোৱালী ৰূপকথা’ উন্মোচন
ঔপন্যাসিক নৰেন হাজৰিকাৰ ‘ৰূপোৱালী দিনৰ সোণোৱালী ৰূপকথা’ উন্মোচন

শতাধিক সাহিত্যসেৱীৰ উপস্থিতিত আজি পুৰুলিল প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত তথা ঔপন্যাসিক তথা ‘দৈনন্দিন বাৰ্তা’ৰ মুখ্য সম্পাদক নৰেন হাজৰিকাৰ উপন্যাস ‘ৰূপোৱালী দিনৰ সোণোৱালী ৰূপকথা’ দিশপুৰ লাষ্টগেটস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ প্ৰেক্ষাগৃহত শুভ উন্মোচন কৰা হয়৷

জ্যেষ্ঠ সাংবাদিক তথা লেখক নৰেন হাজৰিকাৰ শিক্ষয়িত্ৰী পত্নী জয়া বৰুৱা হাজৰিকাৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি গ্ৰন্থ উন্মোচনৰ প্ৰাক্‌ক্ষণত জন্ম দিনৰ কেক কাটি শুভেচ্চা জনোৱা হয়৷ বিশিষ্ট লেখিকা কানন বৰদলৈৰ বন্তি প্ৰজ্বলন, জয়শ্ৰী দেৱীৰ গুৰু বন্দনা পৰিৱেশনৰ পিছতে আদৰণী ভাষণ দি পুৰুলিল প্ৰকাশনৰ স্বত্বাধিকাৰী তথা সাংবাদিক ডিম্পুল চুতিয়াই কয়,‘‘গাঁৱৰ ছবি ধৰি ৰখা এখন নিভাঁজ গ্ৰন্থ ‘ৰূপোৱালী দিনৰ সোণোৱালী ৰূপকথা’৷ যি গ্ৰন্থত মাটিৰ কথা থাকে সেই গ্ৰন্থ সমাদৃত হয়৷’’ গ্ৰন্থখনি উন্মোচন কৰি ‘নিয়মীয়া বাৰ্তা’ৰ সম্পাদক নৰেশ কলিতাই কয়, ‘গ্ৰন্থ যুগে যুগে থাকিব৷ ইয়াৰ কোনোকালে মৃত্যু নহয়৷

অৰুণোদই কাকত প্ৰকাশৰ পৰা আজিলৈ ছপা মাধ্যমৰ গুৰুত্ব আছে৷ বাতৰি কাকতৰ উথ্বান-পতন হৈছে৷ তথাপি বাতৰি কাকত, আলোচনী, গ্ৰন্থ জীয়াই থাকিব৷ সভ্যতা ধৰি ৰখাত গ্ৰন্থৰ ভূমিকা অনেক আছে৷’ সভাত পদ্মশ্ৰী সন্মানপ্ৰাপক সাহিত্যিক-সমাজকৰ্মী ৰোমান শৰ্মা, বিশিষ্ট নাট্যকাৰ-লেখক প্ৰভাত গোস্বামী, অসম সাহিত্য সভাৰ কৰ্ণধাৰ সদস্য ধীৰেণ শৰ্মা, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালকদ্বয় দেবেন তামুলী আৰু দেবেন বসুমতাৰীয়ে সন্মানীয় অতিথি ৰূপে আগবঢ়োৱা ভাষণত লেখক-সাংবাদিক নৰেন হাজৰিকাৰ কলমৰ সাৰ্থকতাৰ ওপৰত গভীৰ আলোকপাত কৰি প্ৰকাশক আৰু লেখকলৈ অভিনন্দন জ্ঞাপন কৰে৷

প্ৰতিগৰাকী গ্ৰন্থ উন্মোচকে নিজৰ বক্তব্যত অসমৰ গ্ৰাম্য সমাজৰ আধাৰত বহু সফল সাহিত্যৰ সৃষ্টি হোৱাৰ কথা উনুকিয়াই ‘ৰূপোৱালী দিনৰ সোণোৱালী ৰূপকথা’ গ্ৰন্থখনেও গ্ৰাম জীৱনক তুলি ধৰাৰ জৰিয়তে অসমৰ পঢ়ুৱৈ সমাজৰ আদৰ লাভ কৰিব বুলি আশা ব্যক্ত কৰে৷ যুৱ সাংবাদিক-লেখিকা দৰ্শনা বৰুৱাই আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে ‘আমাৰ অসম’ৰ সহকাৰী সম্পাদক মণ্টু শইকীয়াই কয়, ‘সাহিত্য সৃষ্টি কৰ্মৰ লগত জৰিত লোকসকল নিঁভাজ হয়৷ নৰেন হাজৰিকাৰ এক অনুপম দলিল এই উপন্যাস গ্ৰন্থখনি৷ সাংবাদিকতা লগতে সাহিত্য একেলগে চলাই থকা নৰেন হাজৰিকাৰ কাপৰ পৰা আৰু নিৰ্গত হওক অনেক অনুপম গ্ৰন্থ৷’

গ্ৰন্থ উন্মোচনী সভাখনত লেখক কুমুদ ডেকাই নৰেন হাজৰিকাৰ বহুমুখী প্ৰতিভাৰ ওপৰত আলোকপাত কৰে৷ সভাত ‘দৈনন্দিন বাৰ্তা’ৰ জ্যে©ঠ সাংবাদিক মণি মহন্ত, চিলাপথাৰৰ বিশিষ্ট কবি ভূবন দাস, বিশিষ্ট চিকিৎসক নৰেশ্বৰ শৰ্মা, সমাজকৰ্মী ৰাজীৱ হৰিকৌশিক, অৱসৰপ্ৰাপ্ত কৰ বিষয়া মিফটাবুদ্দিন আহমেদ, ড॰ মঞ্জুলা গোস্বামী, অতনু শৰ্মা, বিভূজিৎ পাটোৱাৰী, আৰ্জেদ হুছেইন চহৰীয়া, জ্যেষ্ঠ সাংবাদিক জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁই, দিশপুৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক কুঞ্জমোহন ৰায়, কবি তথা চলচ্ছিত্ৰ সমালোচক কুলদীপ মেধি প্ৰভৃতি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

সীমা বিবাদৰ বিতৰ্কৰ মাজতে নেপালৰ প্ৰধানমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য…

সীমা বিবাদৰ বিতৰ্কৰ মাজতে নেপালৰ প্ৰধানমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য...
সীমা বিবাদৰ বিতৰ্কৰ মাজতে নেপালৰ প্ৰধানমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য...

ভাৰত-নেপালৰ মাজত লিপুলেখকে ধৰি আন কেইবাটাও এলেকাক লৈ সংঘাত চলি থকাৰ মাজতে নেপালৰ প্ৰধানমন্ত্ৰীয়ে এক বিল্‌ফোৰক মন্তব্য কৰিছে৷ নেপালৰ প্ৰধানমন্ত্ৰীয়ে কয়, ‘আমিও ভাৰতৰ ভূমি দখল কৰিছো’৷ প্ৰধানমন্ত্ৰীগৰাকীৰ এনে মন্তব্যই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ দীৰ্ঘদিনীয়া সীমা বিবাদৰ মাজতে নেপালৰ প্ৰধানমন্ত্ৰী বলেন শ্বাহে দেওবাৰে দেশখনৰ সংসদত কয় যে তেওঁৰ দেশে ভাৰতে দাবী কৰা ভূখণ্ডৰ কিছু অংশ নিজৰ নিয়ন্ত্ৰণাধীন কৰিছে৷ মাৰ্চৰ নিৰ্বাচনৰ পিছত কাৰ্যভাৰ গ্ৰহণ কৰি নেপালৰ সংসদত দিয়া প্ৰথমটো ভাষণৰ সময়ত এক প্ৰশ্নৰ উত্তৰ দি তেওঁ এই মন্তব্য কৰে৷ প্ৰধানমন্ত্ৰী হোৱাৰ পিছতহে তেওঁ এই বিষয়ে জানিবলৈ পোৱা বুলি কয় আৰু লগতে কয় যে দুয়োখন দেশে একেলগে সমস্যাটোৰ সমাধান কৰিব লাগে৷

ভাৰত-চীনৰ বাণিজ্যিক পথৰ বাবেও ব্যৱহাৰ কৰা লিপুলেখ আৰু লিপিয়াধুৰাৰ সৈতে জড়িত বিবাদসমূহ কূটনৈতিক আলোচনাৰ জৰিয়তে সমাধান কৰিব লাগে বুলিও তেওঁ কয়৷ তেওঁ লগতে কয় যে নেপালে এই বিষয়ত ভাৰতলৈ কূটনৈতিক টোকা প্ৰেৰণ কৰিছে আৰু সঁহাৰিও লাভ কৰিছে৷ ভাৰত-নেপালৰ সীমা বিবাদ ব্ৰিটিছ ভাৰতৰ যুগৰ পৰাই আৰম্ভ হোৱা বুলি উল্লেখ কৰি তেওঁ দাবী কৰে যে নেপালে কেৱল ভাৰত আৰু চীনৰ সৈতে নহয়, ব্ৰিটেইনৰ সৈতেও ঐতিহাসিক সীমা চুক্তি সম্পৰ্কত আলোচনাত মিলিত হৈছিল৷ শ্ৰম শক্তি পাৰ্টিৰ সাংসদ আৰেন ৰায়ে ভাৰত আৰু নেপালৰ মাজত দীৰ্ঘদিনীয়া সীমান্তৰ মতানৈক্যৰ বিষয়ে কৰা প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এনেদৰে কয়৷ চলিত বৰ্ষৰ আৰম্ভণিতে নেপালে ৩ মে’ত এক বিবৃতি প্ৰকাশ কৰি ভাৰতীয় তীৰ্থযাত্ৰীসকলক কৈলাশ মানসৰোৱৰ যাত্ৰাৰ বাবে লিপুলেখ পথ ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিছিল৷

নেপালৰ বৈদেশিক মন্ত্ৰালয়ে দাবী কৰে যে লিপুলেখ, কালাপানী আৰু লিম্পিয়াধুৰা ১৮১৬ চনৰ চুগাউলী সন্ধিৰ অধীনত দেশখনৰ অন্তৰ্গত৷ ভাৰতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ জৰিয়তে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে লিপুলেখ পাছ ১৯৫৪ চনৰ পৰা কৈলাশ মানসৰোবৰ যাত্ৰাৰ বাবে ব্যৱহাৰ কৰা হৈছে আৰু দশক দশক ধৰি পৰম্পৰাগত পথ হিচাপে ব্যৱহাৰ কৰি আহিছে৷ তেওঁ লগতে কয় যে বিষয়টো নতুন নহয় আৰু কয় যে নেপালৰ এই দাবী ঐতিহাসিক অভিলেখ বা প্ৰতিষ্ঠিত তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হোৱা নাই৷এই অঞ্চলত ভাৰত-নেপালৰ সীমা নিৰ্ধাৰণ কৰা হৈছে মহাকালি নদী ব্যৱস্থাৰ দ্বাৰা, যিটো ভাৰত, নেপাল আৰু চীনৰ মিলন হিমালয় অঞ্চলৰ পৰা উৎপত্তি হয়৷ এই অঞ্চলত কালাপানী আৰু কাষৰীয়া পাছ যেনে লিপুলেখ আৰু লিম্পিয়াধুৰা অন্তৰ্ভুক্ত৷ ব্ৰিটিছ ভাৰত আৰু নেপালৰ গোৰ্খা ৰাজ্যৰ মাজত হোৱা সুগৌলি চুক্তিৰ অধীনত মহাকালি নদীক সীমা চিহ্ন হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ নদীখনৰ পশ্চিমে থকা অঞ্চলবোৰক ভাৰতৰ অংশ বুলি গণ্য কৰা হৈছিল, আনহাতে পূব দিশৰ অঞ্চলবোৰক নেপালৰ অধীনত ৰখা হৈছিল৷

বিবাদ নদীখনৰ উৎপত্তিস্থলক কেন্দ্ৰ কৰিয়েই ঘূৰি আছে৷ ভাৰতে এটা ধাৰাক মূল উৎস হিচাপে চিনাক্ত কৰে, আনহাতে, নেপালে এটা বেলেগ ধাৰাক উৎপত্তি হিচাপে গণ্য কৰে, যাৰ ফলত দুয়োপক্ষই সীমাৰ বেলেগ বেলেগ ধৰণে ব্যাখ্যা কৰে৷ উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত অৱস্থিত কালাপানী ভাৰত, নেপাল আৰু চীনৰ ত্ৰি-সংযোগত অৱস্থিত৷ উচ্ছ হিমালয়ত অৱস্থিত হোৱাৰ বাবে এই অঞ্চলটোৰ কৌশলগত মূল্য আছে৷ ১৯৬২ চনত চীনৰ সৈতে হোৱা যুদ্ধৰ সময়ত ভাৰতীয় বাহিনীয়ে প্ৰথমে ইয়াত সৈন্য নিয়োগ কৰিছিল৷ বৰ্তমান ভাৰত-তিব্বত সীমান্ত আৰক্ষী চমুকৈ আই টি বি পি এলেকাটোত নিয়োজিত হৈ আছে৷ তিব্বতৰ কৈলাশ পৰ্বত আৰু মানছাৰোভাৰলৈ যোৱা ভাৰতীয় তীৰ্থযাত্ৰীসকলৰ বাবেও লিপুলেখ পাছ এক গুৰুত্বপূৰ্ণ পথ৷ ১৯৬২ চনৰ যুদ্ধৰ পিছত ভাৰতে সাময়িকভাৱে এই পথটো বন্ধ কৰি দিছিল যদিও বাণিজ্য আৰু তীৰ্থযাত্ৰাৰ বাবে ২০১৫ চনত পুনৰ মুকলি কৰিছিল৷

২০২০ চনৰ মে’ মাহত পিথোৰাগড়ৰ পৰা লিপুলেখলৈ ৮০ কিলোমিটাৰ দৈৰ্ঘ্য্যৰ পথটো তীৰ্থযাত্ৰীসকলৰ বাবে উদ্বোধন কৰিছিল৷ সেই সময়ত নেপালে আপত্তি উত্থাপন কৰিছিল৷ ২০১৫ চনতো একেধৰণৰ প্ৰতিক্ৰিয়া দেখা গৈছিল যেতিয়া ভাৰত আৰু চীনে দ্বিপাক্ষিক ভ্ৰমণৰ সময়ত লিপুলেখৰ জৰিয়তে বাণিজ্য সম্প্ৰসাৰণৰ বাবে সন্মতি দিছিল৷ নেপালে দুয়োখন দেশলৈ কূটনৈতিক টোকা প্ৰেৰণ কৰিছিল, য’ত উল্লেখ আছিল যে এই সিদ্ধান্ত আলোচনা অবিহনে গ্ৰহণ কৰা হৈছে৷

আৰক্ষীৰ এনকাউণ্টাৰত নিহত ৰ’জ আলী

ৰ'জ আলীক আৰক্ষীৰ ENCOUNTER
ৰ'জ আলীক আৰক্ষীৰ ENCOUNTER

ৰ’জ আলীক আৰক্ষীৰ ENCOUNTER।

নলবাৰীৰ লাভ জেহাদৰ ঘটনাৰ মূল অভিযুক্ত ৰ’জ আলীক আৰক্ষীৰ এনকাউণ্টাৰ।

মুকালমুৱাৰ চৰত পলায়নৰ চেষ্টা কৰোতে আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত।

নলবাৰীৰ গংগাপুৰৰ ঘটনাৰ অভিযুক্ত ৰোজ আলী ওৰফে ওৰফে আছিফ খাোনৰ মৃত্যু।

আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হত্যাকাৰীটোৰ।

মুখ্যমন্ত্ৰীৰ লগতে অসম আৰক্ষী আৰু নলবাৰী আৰক্ষীক ধন্যবাদ জ্ঞাপন নলবাৰীৰ ৰাইজৰ।

ক’লা মনোকিনিত পুলত চিল কৰিলে প্ৰিয়ংকা চোপ্ৰা, ভাইৰেল গ্লেমাৰাছ ফটো; অনুৰাগীৰ মন্তব্য—‘ৰাণী’ । Priyanka Chopra

ক’লা মনোকিনিত পুলত চিল কৰিলে প্ৰিয়ংকা চোপ্ৰা, ভাইৰেল গ্লেমাৰাছ ফটো; অনুৰাগীৰ মন্তব্য—‘ৰাণী’ । Priyanka Chopra
ক’লা মনোকিনিত পুলত চিল কৰিলে প্ৰিয়ংকা চোপ্ৰা, ভাইৰেল গ্লেমাৰাছ ফটো; অনুৰাগীৰ মন্তব্য—‘ৰাণী’ । Priyanka Chopra

Priyanka Chopra । বৰ্তমান ভাৰতত আছে আৰু নিজৰ আগন্তুক ভাৰতীয় ছবিৰ শ্বুটিংত ব্যস্ত সময় পাৰ কৰিছে। ব্যস্ততাৰ মাজতো নিজৰ বাবে কিছু বিশেষ সময় উলিয়াই অভিনেত্ৰীগৰাকীয়ে পুলত চিল কৰাৰ কিছুমান গ্লেমাৰাছ মুহূৰ্ত ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি পুনৰবাৰ অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে।

অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ফটোসমূহত ক’লা মনোকিনি পিন্ধি পুলৰ কাষত আৰু পানীত সময় কটোৱা দেখা গৈছে। নীলা আকাশৰ পটভূমিত তোলা ছবিসমূহত তেওঁক আত্মবিশ্বাসী আৰু ষ্টাইলিছ ৰূপত দেখা যায়। এটা ভিডিঅ’ত পুলৰ পৰা ওলাই অহা মুহূৰ্তও শ্বেয়াৰ কৰিছে, যি ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ফটোসমূহত অভিনেত্ৰীগৰাকীয়ে নিজৰ ফিটনেছ আৰু টোনড লুকো প্ৰদৰ্শন কৰাৰ লগতে স্কিনকেয়াৰ ৰুটিনৰ কিছু ঝলকো অনুৰাগীৰ সৈতে ভাগ-বতৰা কৰিছে। পুলত সময় কটোৱাৰ পিছত ফেচ মাস্ক ব্যৱহাৰ কৰা ফটোও তেওঁ শ্বেয়াৰ কৰিছে।

ফটোসমূহৰ সৈতে অভিনেত্ৰীগৰাকীয়ে লিখিছে, “এটা সুন্দৰ দেওবাৰ আছিল… এতিয়া মই গ্ৰীষ্মকাললৈ আহিছো।” এই কেপশ্যনৰ পিছতেই অনুৰাগীসকলৰ প্ৰতিক্ৰিয়াৰে ভৰি পৰে কমেণ্ট ছেকশ্যন। বহুতে তেওঁক “ৰাণী”, “ষ্টানিং” আৰু “সুন্দৰ” বুলি অভিহিত কৰিছে।

ইফালে, অভিনেত্ৰীগৰাকী বৰ্তমান হায়দৰাবাদত নিজৰ আগন্তুক ছবিৰ শ্বুটিংতো ব্যস্ত। শ্বুটিং চেটৰ পৰা চন্দ্ৰালোকিত নিশাৰ এখন সুন্দৰ ফটো শ্বেয়াৰ কৰি সেই মুহূৰ্তো অনুৰাগীৰ সৈতে ভাগ কৰিছে।

ব্যস্ত শ্বুটিং সূচীৰ মাজতো ব্যক্তিগত সময় উপভোগ কৰা এই মুহূৰ্তবোৰে পুনৰ এবাৰ অনুৰাগীৰ মাজত চৰ্চা লাভ কৰিছে।

আমাৰ দেশত গৰমৰ বিৰুদ্ধে যুঁজ দিয়াৰ উপায় পাকঘৰতে পোৱা যায়

আমাৰ দেশত গৰমৰ বিৰুদ্ধে যুঁজ দিয়াৰ উপায় পাকঘৰতে
আমাৰ দেশত গৰমৰ বিৰুদ্ধে যুঁজ দিয়াৰ উপায় পাকঘৰতে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে অল ইণ্ডিয়া ৰেডিঅ’ যোগে তেওঁৰ অতি জনপ্ৰিয় অনুষ্ঠান ‘মন কী বাত’ সম্প্ৰচাৰ কৰে৷ ‘মন কী বাত’ৰ ১৩৪ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰীষ্ম প্ৰবাহৰ পৰা আৰম্ভ কৰি আমলৈকে নানা প্ৰসংগ তেওঁৰ ভাষণত সামৰি লয়৷ মোদীয়ে কয়– দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ৰাষ্ট্ৰ আৰু সমাজৰ স্বাৰ্থত এনে কিছুমান আচৰিত কাম কৰি আছে, সেইবোৰৰ কথা শুনিলে আমি এক নতুন প্ৰেৰণা অনুভৱ কৰোঁ৷ আজি মই এই কাৰ্যসূচী আৰম্ভ কৰিম এথলেটিকছত দেশৰ এনে এক কৃতিত্বৰ প্ৰসংগৰে৷ কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত হৈছিল নেচনেল ছিনিয়ৰ এথলেটিকছ ফেডাৰেচন প্ৰতিযোগিতা৷ সমগ্ৰ দেশৰ প্ৰায় ৮০০ খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰে৷ এই প্ৰতিযোগিতাৰ সময়ত চাৰিটা ভিন্ন ইভেণ্টত চাৰিটা ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰা হয়৷ গুৰিন্দৰ বীৰ সিং, বিশাল টি কে, তেজস্বীন শংকৰ, দেৱ মীনা আৰু কুলদীপ কুমাৰ আদিয়ে বিভিন্ন শিতানত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়৷ প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত কয়, বৰ্তমান দেশৰ বেছিভাগ ঠাইতে অতি গৰম৷

প্ৰচণ্ড ৰ’দ, গৰম বতাহ– এনে বতৰত নিজৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়৷ পানী খাই থাকিব৷ যদি আপুনি ৰ’দত ওলাই যাব লাগে তেন্তে সাৱধানে বাহিৰলৈ ওলাই যাব লাগে৷ এই সন্দৰ্ভত বিভিন্ন চৰকাৰী বিভাগে জাৰি কৰা গাইডলাইনবোৰ পাহৰি নাযাব৷ আমাৰ দেশত গৰমৰ বিৰুদ্ধে যুঁজ দিয়াৰ উপায় পাকঘৰতে পোৱা যায়৷ আপুনি নি(য় লক্ষ্য কৰিছে যে গৰম বৃদ্ধিৰ লগে লগে পাকঘৰৰ সোৱাদ আৰু খাদ্যশৈলী সলনি হয়৷ কোনো কোনো ঠাইত মাটিৰ পাত্ৰৰ পানী ওফন্দি উঠে, আন কোনো ঠাইত দৈ তৈয়াৰ হ’বলৈ আৰম্ভ কৰে আৰু কোনো ঠাইত কেঁচা আম উতলিবলৈ আৰম্ভ কৰে– আৰু তাৰ পিছত ভাৰতীয় পানীয়ৰ যুগ আৰম্ভ হয়৷ ভাৰতীয় পানীয়ৰ লগত আপুনি নি(য় পৰিচিত৷ উত্তৰ ভাৰতলৈ যাত্ৰা কৰিলে বহু ঠাইত আম পান্না, কেঁচা আমৰ সোৱাদ লৈ গৰমৰ পৰা জিৰণি পাব৷ পঞ্জাব আৰু হাৰিয়ানালৈ যাওক, তাত আপোনালোকে এটা ডাঙৰ গিলাচত লাচী পাব৷ ৰাজস্থান আৰু গুজৰাটত যেন প্ৰতিসাঁজ আহাৰৰ লগত মাখন থাকে৷ আৰু বিহাৰ, ঝাৰখণ্ড আৰু পূব উত্তৰ প্ৰদেশত পোৱা সত্তু চৰবট কেৱল আচৰিতেই নহয়, ই পেট ভৰোৱাৰ লগতে শক্তি দিয়ে৷ কংকান আৰু গোৱাত উপলব্ধ ককুম চৰবট আৰু ছোল কাধি ঠিক তেনেকুৱাই৷

দক্ষিণ ভাৰতৰ পনাকাম, নীৰ মোৰ, সম্বৰাম আৰু ওড়িশাৰ বেল পানা কেৱল পানীয় নহয়, এয়া ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰম্পৰাৰ অংশ৷ ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাবো ইয়াত প্ৰতিফলিত কৰে৷ আৰু এটা কথা মনত ৰাখিব লাগিব যে এইবোৰৰ বেছিভাগেই আমাৰ নিজৰ পাকঘৰৰ পৰা, আমাৰ খেতিপথাৰৰ পৰা আহে৷ ডাঙৰ ব্ৰেণ্ডিং নাই যদিও ই প্ৰজন্মৰ পাছত প্ৰজন্মৰ অভিজ্ঞতাক মূৰ্ত কৰি ৰাখিছে৷ আপুনিও গৰমৰ দিনত এই স্থানীয় পানীয়বোৰ উপভোগ কৰা উচিত৷ গ্ৰীষ্মৰ আগমনৰ লগে লগে প্ৰতিটো পৰিয়ালতে আন এক আলোচনাৰ বিষয় আৰম্ভ হয়, সেয়া হৈছে আম৷ এই সময়ত আম এক সাধাৰণ আলোচনাৰ বিষয় হৈ পৰে, ভাৰতত এনেকুৱা এখন ঘৰ নাই য’ত গৰমৰ দিনত আমৰ কথা আলোচনা নহয়৷প্ৰতিটো অঞ্চলৰ নিজস্ব আম, নিজস্ব সোৱাদ, নিজস্ব সুগন্ধি আছে৷ মহাৰাষ্ট্ৰ আৰু কংকনৰ পৰা হাপুছ আৰু আলফনছো, গুজৰাটৰ কেশৰ, উত্তৰ প্ৰদেশৰ পৰা দুশেহৰী আৰু মোৰ কাশীৰ পৰা লেংৰা- এয়া আমৰ ৰসৰ আত্মা৷ লেংৰা আমৰ এটা বিশেষ গুণ আছে: পকিলেও ই প্ৰায়ে সেউজীয়া হৈ থাকে৷ বিহাৰৰ পৰা অহা জৰ্দালু, যাৰ সুগন্ধি দূৰৰ পৰা চিনিব পাৰি৷ চৌছা, মালদা– প্ৰতিটো নাম মানুহৰ স্মৃতিৰ লগত জড়িত৷ দক্ষিণ ভাৰতলৈ যাওক বা বংগৰ বংগনাপল্লী, টোটাপুৰী, নীলম, মালগোৱা, হিমসাগৰ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশৰ সুবৰ্ণৰেখালৈ যাওক- ঠাইখন সলনি হোৱাৰ লগে লগে আমৰ ৰূপ, ৰং, সোৱাদো সলনি হয়৷ মোদীয়ে কয়, আমৰ এই যাত্ৰা, গাঁৱৰ পৰা এতিয়া বিশ্বৰ বজাৰত উপনীত হৈছে৷ আজি ‘মন কী বাত’ৰ জৰিয়তে আম উৎপাদনৰ লগত জড়িত মোৰ খেতিয়ক ভাই-ভনীসকলক প্ৰশংসা কৰিম৷ আপুনি কেৱল সাধাৰণ খেতিয়ক নহয়, দেশৰ কৃষি অৰ্থনীতিৰ বাবে আপুনি অতি বিশেষ৷ আপুনি সদায় উজলি থাকিব৷এই গ্ৰীষ্মকালীন দিনবোৰত বিদ্যালয়বোৰ বন্ধ থকাৰ সময়ত মই এটা ক্লাছৰ কথা ক’ম, য’ত আপুনি নামভৰ্তি কৰিব বিচাৰিব বন্ধুসকল, কল্পনা কৰকচোন এনে এখন বিদ্যালয়, য’ত সৰু-ডাঙৰ সকলো ল’ৰা-ছোৱালীয়ে পঢ়ে, য’ত কোনো মাচুল নাথাকে, ডাঙৰ ডাঙৰ অট্টালিকা নাথাকে, শ্ৰেণীকোঠা নাথাকে আৰু আটাইতকৈ আমোদজনক কথাটো হ’ল- একোখন নদীত এই ক্লাছ আৰম্ভ হয়৷এইটো কোনো কল্পকাহিনী নহয়৷

এয়া এটা প্ৰকৃত প্ৰচেষ্টা৷ কেৰেলাৰ আলুভাত সাজী ৱালাশ্বেৰিলজীয়ে এনে এটা সাঁতোৰ ক্লাব চলায়৷ এতিয়ালৈকে ইয়াত ১৫ হাজাৰৰো অধিক লোকে সাঁতুৰিবলৈ শিকিছে৷ আনকি সাজীয়ে বিশেষভাৱে সক্ষম শিশুকো সাঁতোৰৰ প্ৰশিক্ষণো দিছে৷ এই প্ৰচেষ্টাৰ আঁৰত নিহিত হৈ আছে এক গভীৰ যন্ত্ৰণা৷কেইবছৰমান পূৰ্বে নাও দুৰ্ঘটনাত কেইবাজনো ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছিল৷ সেই ঘটনাই সাজীক গভীৰভাৱে জোকাৰি গ’ল৷ তেওঁ ভাবিলে, যদি ল’ৰা-ছোৱালীয়ে সাঁতুৰিব জানিলেহেঁতেন, তেন্তে হয়তো বহুতৰে জীৱন ৰক্ষা কৰিব পৰা গ’লহেঁতেন– আৰু তাৰ পৰাই তেওঁৰ মিছন আৰম্ভ হ’ল৷ মোদীয়ে তেওঁৰ ভাষণত কয়- আমাৰ চৰকাৰে ভাৰতৰ এনে অমূল্য ঐতিহ্য সংৰক্ষণৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ এই সন্দৰ্ভত ‘জ্ঞান ভাৰতম অভিযান’ৰ অধীনত ছত্তীশগড়ৰ মালহাৰত এক গুৰুত্বপূৰ্ণ আৱিষ্কাৰ কৰা হৈছে৷ ইয়াত তিনিখন বিৰল তামৰ ফলি পোৱা গৈছে৷ এই শিলালিপিসমূহ পাণ্ডৱ বংশৰ মহৰ্ষি বালাজুৰ্নৰ ৰাজত্বকালৰ বুলি বিশ্বাস কৰা হয়৷ বিশেষজ্ঞসকলৰ মতে এই শিলালিপিসমূহ ষষ্ঠ-সপ্তম শতিকাৰ, অৰ্থাৎ এই শিলালিপিসমূহ চৈধ্যশৰ পৰা পোন্ধৰশ বছৰ পুৰণি৷ এই তামৰ ফলকবোৰ প্ৰাচীন ব্ৰাহ্মী লিপি আৰু পালি ভাষাত লিখা হৈছে৷

সেই সময়ৰ শাসন ব্যৱস্থা, ধৰ্ম, সংস্কৃতিৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয়- আমি ভাৰতীয়সকলৰ জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি সদায় এক বিশেষ আকৰ্ষণ আছিল৷ আমাৰ দেশত শতিকা পুৰণি মানৱ নিৰীক্ষণ কেন্দ্ৰ এতিয়াও আছে, য’ত আচৰিত ধৰণৰ গাণিতিক আৱিষ্কাৰ হৈছে৷ নেভিগেচনেই হওক, পঞ্জিকাই হওক বা আমাৰ উৎসৱ-পাৰ্বণেই হওক, আকাশ আৰু তৰাৰ সৈতে এই সকলোবোৰৰ সংযোগ আছে৷ বেংগালুৰু জ্যোতিৰ্বিজ্ঞান সমিতিৰ বিষয়ে জানিব পাৰিলোঁ৷ তাত পৰ্যবেক্ষণ অধিবেশন অনুষ্ঠিত হয়৷ এই সংস্থাটোৱেও গ্ৰামাঞ্চলত জ্যোতিৰ্বিজ্ঞানক জনপ্ৰিয় কৰাৰ এক অভিযান আৰম্ভ কৰিছে৷ ‘খাগ্ৰোল মণ্ডল’ নামৰ এটা দলে আৰম্ভ কৰিছে অতি অভিনৱ ৩০ ঘণ্টীয়া পাঠ্যক্ৰম৷ মোদীয়ে কয়, ভাৰতৰ প্ৰতিখন গাঁও বা নগৰতে কিবা নহয় কিবা এটা ঘটিয়ে আছে, যি আমাক অনুপ্ৰাণিত কৰে৷ প্ৰায়ে এই প্ৰচেষ্টাসমূহৰ বিষয়ে বহুলভাৱে চৰ্চিত নহয়, কিন্তু যেতিয়া আমি এইবোৰৰ বিষয়ে সচেতন হওঁ, তেতিয়া ই আমাৰ বিশ্বাসক শক্তিশালী কৰি তোলে যে দেশখনে নিজৰ জনসাধাৰণৰ ক্ষমতাৰে আগবাঢ়ি আছে৷ এনে প্ৰচেষ্টাৰ বাবে ইফালে সিফালে চাবলৈ আহ৩ান তেওঁলোকক চিনি পাওক, তেওঁলোকৰ শলাগ লওক, তেওঁলোকৰ পৰা শিকি লওক আৰু সম্ভৱ হ’লে নিজেও কিবা এটা ভাল কামত জড়িত হওক৷