Home Blog Page 12

মাধুৰ্য বৰ্মনৰ বাসগৃহত শোকাকুল পৰিবেশ

মাধুৰ্য বৰ্মনৰ বাসগৃহত শোকাকুল পৰিবেশ
মাধুৰ্য বৰ্মনৰ বাসগৃহত শোকাকুল পৰিবেশ

মাধুৰ্য বৰ্মনৰ বাসগৃহত শোকাকুল পৰিবেশ। নলবাৰীৰ গংগাপুৰত দেওবাৰে দুৰ্বৃত্তৰ আক্ৰমণত নিহত মাধুৰ্য বৰ্মনৰ বাসগৃহত শোকাকুল পৰিবেশ। তেজেৰে লুটুৰি পুটুৰি অৱস্থাত উদ্ধাৰ হৈছিল মাধুৰ্য্য বৰ্মন আৰু সম্বন্ধীয় ভগ্নী মৃদুমুদ্ৰা ডেকা। ঘটনাস্থলীতে মৃত্যু হৈছিল মাধুৰ্য বৰ্মনৰ, চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী। নলবাৰীৰ চামতাৰ বালিপথাৰত ঘৰ মৃত যুৱক মাধুৰ্য বৰ্মনৰ। মাধুৰ্য পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। একমাত্ৰ সন্তানক হেৰুৱাই শোকত ভাগি পৰিছে পিতৃ মাতৃ। নলবাৰীৰ গংগাপুৰত দেওবাৰে দুৰ্বৃত্তৰ আক্ৰমণত নিহত হোৱা নলবাৰীৰ চামতাৰ মাধুৰ্য বৰ্মনৰ বাসগৃহত এতিয়া শোকাকুল পৰিবেশ।

দেওবাৰে ৰাজপথৰ ওপৰত তেজেৰে লুটুৰি পুটুৰি অৱস্থাত উদ্ধাৰ হৈছিল মাধুৰ্য্য বৰ্মন আৰু তেওঁৰ সম্বন্ধীয় ভগ্নী মৃদুমুদ্ৰা ডেকা। ঘটনাস্থলীতে মৃত্যু হৈছিল মাধুৰ্য বৰ্মনৰ আৰু চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী। চামতাৰ বালিপথাৰত ঘৰ মৃত যুৱক মাধুৰ্য বৰ্মনৰ৷ মাধুৰ্যৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পিছৰে পৰা সমগ্ৰ পশ্চিম নলবাৰী অঞ্চলতে শোকাকুল পৰিবেশে বিৰাজ কৰি আছে । চামতাৰ হৰি বৰ্মন আৰু দীপা বৰ্মনৰ একমাত্ৰ পুত্ৰ মাধুৰ্যই চামতা ইডেন ভেলী একাডেমীৰ পৰা এইবেলি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। অসম আন্দোলনৰ নিৰ্যাতিত আছিল পিতৃ হৰি বৰ্মন। মাধুৰ্য পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। অসম আন্দোলনৰ নিৰ্যাতিত হৈও চৰকাৰী কোনো সুবিধা গ্ৰহণ নকৰিলে পিতৃ হৰি বৰ্মনে। একমাত্ৰ সন্তানক হেৰুৱাই শোকত ভাগি পৰিছে পিতৃ মাতৃ। ওচৰ চুবুৰীয়াৰ লগতে আত্মীয় কুটুম্বই মাধুৰ্য ঘৰত উপস্থিত হৈ পিতৃ মাতৃক সান্তনা দি আছে । সকলোৱে একেমুখে হত্যাকাৰীৰ উচিত শাস্তি বিচাৰিছে।

নলবাৰীৰ গংগাপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডঃ লাভ জেহাদৰ বাবেই যুৱকক হত্যা

নলবাৰীৰ গংগাপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডঃ লাভ জেহাদৰ বাবেই যুৱকক হত্যা
নলবাৰীৰ গংগাপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডঃ লাভ জেহাদৰ বাবেই যুৱকক হত্যা

নলবাৰীৰ গংগাপুৰ লাভ জেহাদৰ ভয়কংৰ ঘটনা।

বিশেষ সম্প্ৰদায় যুৱকৰ আক্ৰমণত নিহত এজন যুৱক।

সংকটজনক অৱস্থাত চিকিৎসা এগৰাকী যুৱতী।

ঘটনা সংঘটিত কৰা এইটো ৰ’জ আলী নামৰ যুৱকজনে।

নিহত যুৱক তথা আছু কৰ্মী মাধুৰ্য বৰ্মনক ৰাজপথত আক্ৰমণ কৰে বিশেষ সম্প্ৰদায়ৰ ২ যুৱকৰ।

এই আক্ৰমণত নিহত হয় মাধুৰ্য নামৰ যুৱকজন, আনহাতে যুৱতীগৰাকী চিকিৎসাধীন।

আৰক্ষীয়ে চিনাক্ত কৰিছে এই ঘটনাৰ সন্দৰ্ভত ৰ’জ আলী নামৰ অপৰাধীক।

প্ৰেম প্ৰত্যাখ্যানৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।

আনহাতে এই চাঞ্চল্যকৰ লাভ জেহাদৰ ঘটনাৰ অভিযুক্তৰ পলায়ন।

অভিযুক্তৰ লগতে পলায়ন পিতৃ-মাতৃৰো।

বাসগৃহত তলা ওলোমাই আত্মগোপন অভিযুক্তৰ।

ইপিনে যুৱতীগৰাকীৰ মাতৃৰ ভাষ্যৰ অনুসৰি, ‘মৃত্যুৰ ভাবুকি দিছিল, ছুৰী দেখুৱাইছিল ৰ’জ আলীয়ে’। ‘মোক আৰু ছোৱালীক মাৰি পেলোৱাৰ ভাবুকি দিছিল ‘। ‘তাইক পঢ়িবলৈ শান্তি নিদিছিল ৰ’জ আলীয়ে, SLEEPING PARALYSIS হৈ গৈছিল তাইৰ’।’নৱম মান শ্ৰেণীৰ পৰা ৰজ আলীয়ে তাইক হাৰাশাস্তি কৰি আহিছিল’।’ৰ’জ আলীৰ মাক-দেউতাকে কেচ দিবলৈ মানা কৰিছিল, আমাৰ হাতে ভৰি ধৰিছিল’। এইদৰে যুৱতীগৰাকীৰ মাতৃয়ে কান্দি কান্দি কলে মিঞা ৰ’জ আলীৰ ভাবুকিৰ কথা। পূৰ্বৰেপৰা যুৱতীগৰাকীক, মাতৃক মৃত্যুৰ ভাবুকি দিছিল ৰজ আলীয়ে।

প্ৰখ্যাত সংগীত শিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

প্ৰখ্যাত সংগীত শিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান
প্ৰখ্যাত সংগীত শিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

প্ৰতিষ্ঠিত কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান।

৮৯ বছৰ বয়সত দেহাৱসান কণ্ঠশিল্পীগৰাকীৰ।

মুম্বাইৰ বাসগৃহত মৃত্যু সুমন কল্যাণপুৰৰ।

অসমীয়া, বাঙালী, মাৰাঠী, কানাড়া, ওৰিয়াকে ধৰি বহু ভাষাৰ গীতত কণ্ঠদান কৰিছিল সুমন কল্যাণপুৰে।

বিশিষ্ট কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

সামাজিক মাধ্যমত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এটা পোষ্ট শ্বেয়াৰ কৰে।

পোষ্টটোত লিখে, ‘সুৰৰ পৃথিৱীত আজিৰে পৰা নামি আহিল আৰু এক নীৰৱতা৷ দেশৰ প্ৰখ্যাত সংগীত শিল্পী সুমন কল্যাণপুৰ ডাঙৰীয়ানীৰ প্ৰয়াণৰ বাতৰি কিছু মুহূৰ্ত পূৰ্বে জানিব পাৰি অতি ব্যথিত হ’লোঁ৷ অন্যান্য ভাৰতীয় ভাষাৰ লগতে তেখেতৰ মধুৰ কণ্ঠই অসমীয়া গীতৰ ভঁৰালকো সমৃদ্ধ কৰিছিল। তেখেতৰ সুৰীয়া কণ্ঠত গোৱা বহু অসমীয়া গীত আজিও সংগীতপ্ৰেমীৰ হৃদয়ত জীয়াই আছে। এগৰাকী অসাধাৰণ প্ৰতিভাৰ অধিকাৰী শিল্পী সুমন কল্যাণপুৰ ডাঙৰীয়ানীৰ কালজয়ী গীতৰ মাজেৰে চিৰদিন আমাৰ মাজত জীয়াই থাকিব। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ৷ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা অজস্ৰ গুণমুগ্ধলৈ গভীৰ সমবেদনা জনালোঁ৷’

সাৱধান! আপুনি খোৱা পটলত মিহলাইছে বিষাক্ত ৰাসায়নিক ৰং

সাৱধান! আপুনি খোৱা পটলত মিহলাইছে বিষাক্ত ৰাসায়নিক ৰং
সাৱধান! আপুনি খোৱা পটলত মিহলাইছে বিষাক্ত ৰাসায়নিক ৰং

বৰপেটাৰোডত ভয়ংকৰ কাণ্ড বৰপেটাৰোডৰ শাক-পাচলি বজাৰত পোহৰলৈ আহিছে এক ভয়ঙ্কৰ আৰু শিহৰণকাৰী দৃশ্য। আপুনি বজাৰৰ পৰা কিনি অনা সেউজীয়া শাক-পাছলি খাইছে নেকি? তেন্তে এতিয়াই সাৱধান হওক কিয়নো পটলত মিহলাইছে বিষাক্ত ৰাসায়নিক ৰং!

কেৱল পইচাৰ লোভত একাংশ অসাধু ব্যৱসায়ে চলাইছে মানুহৰ জীৱনক লৈ হেতালি। সতেজ দেখুৱাবৰ বাবে পটলত বিষাক্ত কেমিকেল আৰু ৰং মিহলাই অসমৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰি থকাৰ এক বিস্ফোৰক তথ্য ফাদিল হৈছে।

মাষ্টাৰমাইণ্ড হাইদৰ আলি অভিযোগ অনুসৰি বৰপেটাৰোডৰ পাচলি ব্যৱসায়ী হাইদৰ আলি নামৰ এজন ব্যক্তিৰ নেতৃত্বত দীৰ্ঘদিনৰে পৰা চলি আছে এই সৰবৰাহ আৰু ভয়ংকৰ কলা ব্যৱসায়।

জনস্বাস্থ্যলৈ চৰম ভাবুকি এই বিষাক্ত ৰাসায়নিক পদার্থই মানৱ স্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে চৰম ভাবুকি। মৰণফান্দত পৰিছে সাধাৰণ গ্ৰাহক।

এই বাতৰিৰ পিছত বিভাগীয় কর্তৃপক্ষই টোপনিৰ পৰা সাৰ পাবনে? এই চক্ৰটোৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া হ’ব লক্ষ্যণীয়।

বৰছলাত কৰুণ দুৰ্ঘটনাঃ বিদ্যুৎস্পৃষ্ট হৈ ঠিকাভিত্তিক বিদ্যুৎ কৰ্মচাৰী জাকিৰ হুছেইনৰ মৃত্যু

বৰছলাত কৰুণ দুৰ্ঘটনাঃ বিদ্যুৎস্পৃষ্ট হৈ ঠিকাভিত্তিক বিদ্যুৎ কৰ্মচাৰী জাকিৰ হুছেইনৰ মৃত্যু
বৰছলাত কৰুণ দুৰ্ঘটনাঃ বিদ্যুৎস্পৃষ্ট হৈ ঠিকাভিত্তিক বিদ্যুৎ কৰ্মচাৰী জাকিৰ হুছেইনৰ মৃত্যু

মৰিগাঁও জিলাৰ বৰছলাত এক শোকাৱহ ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। লাহৰিঘাট বৈদ্যুতিক উপ-সংমণ্ডলৰ অধীনত ঠিকাভিত্তিকভাৱে কৰ্মৰত এজন বিদ্যুৎ কৰ্মচাৰী বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি লয়।মৃত কৰ্মচাৰীজন হৈছে জাকিৰ হুছেইন (আনুমানিক বসয় ৩৬ বছৰ)। তেওঁৰ ঘৰ লাহৰিঘাট থানাৰ অন্তৰ্গত ২নং বৰছলা গাঁৱত। তেওঁ মৃত সুৰুজ আলীৰ পুত্ৰ বুলি জানিব পৰা গৈছে।ভুক্তভোগী পৰিয়ালৰ অভিযোগ অনুসৰি, শনিবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে জাকিৰ হুছেইনে বৰছলা আৰক্ষী পহৰা চকীৰ কাষতে অৱস্থিত জিয়ু টেলিকম কোম্পানীৰ এটা ট্ৰেন্সফৰ্মাৰৰ বিসংগতি মেৰামতি কৰিবলৈ অকলে যায়। মেৰামতিৰ কাম চলি থকা অৱস্থাত হঠাতে উচ্চ ভল্টেজৰ বিদ্যুতৰ সংস্পৰ্শলৈ আহি তেওঁ গুৰুতৰভাৱে বিদ্যুৎস্পৃষ্ট হয় আৰু ঘটনাস্থলীতেই মৃত্যুবৰণ কৰে।


ঘটনাৰ খবৰ লাভ কৰি বৰছলা আৰক্ষী পহৰা চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে, এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃতকৰ পৰিয়াল আৰু আত্মীয়-স্বজনসকলে ঘটনাটোৰ নিৰপেক্ষ আৰু সঠিক তদন্ত দাবী কৰাৰ লগতে মৃত্যুৰ আঁৰত কোনো গাফিলতি বা দায়িত্বহীনতা আছিল নেকি সেয়া উদ্ঘাটন কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে।দুই সন্তানৰ পিতৃ জাকিৰ হুছেইনৰ এই অকাল মৃত্যুৰ বাবে কোন দায়ী? কৰ্তৃপক্ষৰ কোনো ত্ৰুটি, নে সুৰক্ষা ব্যৱস্থাৰ অভাৱ? এই সকলো প্ৰশ্নৰ উত্তৰ আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব। ঘটনাটোৱে পুনৰ এবাৰ বিদ্যুৎ বিভাগত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ কৰ্মক্ষেত্ৰৰ সুৰক্ষা ব্যৱস্থা আৰু দায়বদ্ধতা সম্পৰ্কে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে।

বিনা বেতনে সুদীৰ্ঘ ২২ বছৰে শিক্ষা প্ৰদান কৰা ৰত্নপীঠ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপিকাৰ অকাল বিয়োগ

বিনা বেতনে সুদীৰ্ঘ ২২ বছৰে শিক্ষা প্ৰদান কৰা ৰত্নপীঠ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপিকাৰ অকাল বিয়োগ
বিনা বেতনে সুদীৰ্ঘ ২২ বছৰে শিক্ষা প্ৰদান কৰা ৰত্নপীঠ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপিকাৰ অকাল বিয়োগ

চাপৰৰ কাজিপাৰা নিবাসী তথা ৰত্নপীঠ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপিকা বিনীতা তহবিলদাৰ ৰায়ৰ অকাল বিয়োগত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ চাপৰ অঞ্চল। সুদীৰ্ঘ দুটা দশকৰো অধিক সময় শিক্ষাৰ সেৱাত নিজকে উৎসৰ্গা কৰা অধ্যাপিকা গৰাকীৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে শিক্ষাজগতত।

যোৱা ২৭ মে’ত উচ্চ ৰক্তচাপজনিত সমস্যাত আক্ৰান্ত হৈ নিজা বাসভৱনত অসুস্থ হৈ পৰিছিল বিনীতা তহবিলদাৰ ৰায়। পৰৱৰ্তী সময়ত প্ৰথমে বঙাইগাঁও আৰু পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও শনিবাৰে সন্ধিয়া চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে অধ্যাপিকা গৰাকীয়ে।

আজি পুৱা তেওঁৰ নশ্বৰ দেহ চাপৰৰ কাজিপাৰাস্থিত বাসভৱনত অনাৰ পিছত আত্মীয়-স্বজন, শুভাকাংক্ষী, সহপাঠী, গুণমুগ্ধ ব্যক্তি আৰু স্থানীয় ৰাইজে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। পিছত নশ্বৰ দেহ ৰত্নপীঠ মহাবিদ্যালয়লৈ নিয়া হয়, য’ত সহকৰ্মী, শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে অশ্ৰুসিক্ত নয়নে শেষ বিদায় জনায়।

উল্লেখযোগ্য যে, ২০০৪ চনৰ এপ্ৰিল মাহত ৰত্নপীঠ মহাবিদ্যালয়ৰ ইতিহাস বিভাগত যোগদান কৰিছিল বিনীতা তহবিলদাৰ ৰায়ে। ২০২২ চনত উচ্চ শিক্ষা সঞ্চালক তথা Director of higher education য়ে গোটেই অসমৰ ৮৬ গৰাকী প্ৰবক্তাৰ চাকৰি সমূহ নিয়মীয়া কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে এক জৰীপ চলিছিল যদিও চাৰি বছৰে কাৰ্যকৰী নোহোৱাত বিনা বেতনে অধ্যাপিকা গৰাকী অকাল মৃত্যুক সাৱটি লয়। শিক্ষা ক্ষেত্ৰত নিষ্ঠা আৰু আত্মনিয়োগেৰে সুদীৰ্ঘ ২২ বছৰে বিনা বেতনত সেৱা আগবঢ়োৱা অধ্যাপিকা গৰাকীৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।

এগৰাকী নিষ্ঠাবান শিক্ষয়িত্ৰী, এগৰাকী আদৰ্শ সহকৰ্মী আৰু বহু ছাত্ৰ-ছাত্ৰীৰ প্ৰিয় শিক্ষকৰূপে পৰিচিত বিনীতা তহবিলদাৰ ৰায়ৰ বিয়োগত গভীৰ শোঁক প্ৰকাশ কৰিছে বিভিন্ন মহলে। তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে সকলোৱে।

বিবাহ বিচ্ছেদৰ ৪ বছৰ হ’ল, দ্বিতীয় বিবাহৰো হ’ল ডেৰ বছৰ; কিন্ত কিয় দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে নাগা চৈতন্য

কিয় দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে নাগা চৈতন্য
কিয় দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে নাগা চৈতন্য

ব্যক্তিগত জীৱনকলৈ পুনৰ সংবাদ শিৰোনামত দক্ষিণৰ জনপ্ৰিয় অভিনেতা নাগা চৈতন্য। শেহতীয়াকৈ তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে, যাৰ ফলত ছ’চিয়েল মিডিয়াত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। এই বিষয়টো তেওঁৰ প্ৰাক্তন পত্নী তথা অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুৰ সৈতে জড়িত, যাৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ ৪ বছৰ ৭ মাহ হ’ল।

চৈতন্যই নিজৰ নাম, ফটো, পৰিচয়ৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে। অভিনেতাগৰাকীয়ে দাবী কৰিছে যে তেওঁৰ ফটো ইণ্টাৰনেটত অনুমতি অবিহনে ব্যৱহাৰ কৰা হৈছে। তেওঁৰ লিগেল টীমে আদালতক অৱগত কৰে যে তেওঁৰ নাম বিভিন্ন ঠাইত তেওঁৰ ভাবমূর্তিৰ ক্ষতি কৰিব পৰা বিষয়বস্তুৰে ব্যৱহাৰ কৰা হৈছে৷ বিশেষকৈ তেওঁলোকে এআই-জেনেৰেটেড ভিডিঅ’, ডিপফেক কন্টেন্ট আৰু কিছুমান বিভ্ৰান্তিকৰ বাতৰিৰ সন্দৰ্ভত আদালতৰ হস্তক্ষেপ বিচাৰিছে।

নাগা চৈতন্যৰ জ্যেষ্ঠ অধিবক্তা বৈভৱ গগৰে কয় যে একাংশ ৱেবছাইটে অভিনেতাজনৰ নাম ব্যৱহাৰ কৰি অধিক ভিউজ লাভৰ জৰিয়তে ৰাজহ লাভ কৰিছে। তেওঁ বুজাই দিলে যে ইণ্টাৰনেটত এনে বহু কন্টেন্ট উপলব্ধ য’ত এআইৰ সহায়ত নিৰ্মিত ভুৱা ভিডিঅ’ আৰু ফটো ব্যৱহাৰ কৰা হয়। তদুপৰি একাংশ বাতৰিত অভিনেতাগৰাকীৰ বিষয়ে কোনো প্ৰমাণ নোহোৱা দাবী উত্থাপন হৈছে। অধিবক্তাগৰাকীয়ে আদালতত কয় যে এইটো স্বাভাৱিক সমালোচনা নহয়, বৰঞ্চ সম্পূৰ্ণ ট্ৰলিং আৰু মানহানিৰ গোচৰহে।

আৱেদনখনত উল্লেখ কৰা হৈছে যে আধুনিক প্ৰযুক্তিৰ অপব্যৱহাৰ কৰি নাগা চৈতন্যৰ ভুৱা অডিঅ’ আৰু ভিডিঅ’ ক্লিপ সৃষ্টি কৰা হৈছে। অভিনেতাগৰাকীয়ে অভিযোগ কৰিছে যে ডিপফেক, ভইচ ক্ল’নিং আৰু ডিজিটেল এডিটিংৰ সহায়ত মানুহক বিপথে পৰিচালিত কৰিব পৰা কন্টেন্ট তৈয়াৰ কৰা হৈছে। তেওঁ কয় যে ইয়াৰ ফলত তেওঁৰ ভাবমূর্তি, সুনাম, গোপনীয়তা আৰু ৰাজহুৱা জীৱনত নেতিবাচক প্ৰভাৱ পৰিছে। আদালতে অনুমতি অবিহনে তেওঁৰ ফটো ব্যৱহাৰ কৰা কিছুমান অনলাইন প্ৰডাক্টৰ কথাও উল্লেখ কৰে।

গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ জ্যোতি সিঙে কয় যে সাধাৰণ মানুহতকৈ ৰাজহুৱা ব্যক্তিসকলে অধিক তদন্ত আৰু সমালোচনাৰ সন্মুখীন হয়। অৱশ্যে সীমাবদ্ধতা থাকিব লাগে বুলিও তেওঁ স্বীকাৰ কৰে। আদালতে কয়, “আপুনি ৰাজহুৱা জীৱনত আছে, গতিকে আপুনি আনতকৈ অধিক নিৰাপত্তাহীন, কিন্তু ইয়াৰ সীমা আছে।”

নাগা চৈতন্য আৰু সামন্তা ৰুথ প্ৰভুৰ কেইবাবছৰ ধৰি প্ৰেমৰ সম্পৰ্কৰ অন্তত ২০১৭ চনত বিবাহপাশত আবদ্ধ হয়। অনুৰাগীসকলে তেওঁলোকৰ যোৰাটো ভাল পাইছিল। কিন্তু চাৰি বছৰৰ ভিতৰত অৰ্থাৎ ২০২১ চনত তেওঁলোকে পৃথক হোৱাৰ সিদ্ধান্ত লয়। ইয়াৰ পিছত দুয়ো নিজৰ জীৱনটো আগুৱাই লৈ গ’ল। নাগা চৈতন্যই সোভিতা ধূলিপালাৰ সৈতে বিবাহপাশত আবদ্ধ হয়, আনহাতে সামন্থাই ছবি নিৰ্মাতা ৰাজ নিদিমোৰুৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ইয়াৰ পূৰ্বেও সামান্থাই স্পষ্ট কৰি দিছে যে তেওঁলোকৰ বিবাহ বিচ্ছেদ পাৰস্পৰিক আছিল আৰু দুয়োৰে মাজত কোনো বিবাদ নাছিল।

TMC সাংসদ অভিষেক বেনাৰ্জীক আক্ৰমণ কৰা ৪ অভিযুক্তক গ্ৰেপ্তাৰ

TMC সাংসদ অভিষেক বেনাৰ্জীক আক্ৰমণ কৰা ৪ অভিযুক্তক গ্ৰেপ্তাৰ
TMC সাংসদ অভিষেক বেনাৰ্জীক আক্ৰমণ কৰা ৪ অভিযুক্তক গ্ৰেপ্তাৰ

পশ্চিম বংগৰ ৰাজনীতিত তীব্ৰতৰ হৈ পৰিছে টিএমচি আৰু বিজেপিৰ বাকযুদ্ধ। অভিষেক বেনাৰ্জীৰ ওপৰত হোৱা আক্ৰমণৰ পিছতে বিজেপিয়ে কয় যে জনতাৰ ক্ষোভ ক’ৰবাত প্ৰকাশ পাইছে।

টিএমচিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জীৰ ওপৰত কৰা আক্ৰমণে পশ্চিমবংগৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত কৰি তুলিছে। বিজেপি নেতা তথা ৰাজ্যিক মন্ত্ৰী দিলীপ ঘোষে এই ঘটনাক গৰিহণা দি কয় যে আইনখন নিজৰ হাতত লোৱাৰ অধিকাৰ কাৰো নাই, কিন্তু বছৰ বছৰ ধৰি ৰাজ্যবাসীৰ মাজত ক্ষোভ এতিয়া কোনোবা নহয় কোনোবা ৰূপত পোহৰলৈ আহিছে। এই ঘটনাকলৈ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

সংবাদ মাধ্যমৰ আগত দিলীপ ঘোষে কয় যে অভিষেক বেনাৰ্জীৰ লগত যি হ’ল সেয়া হ’ব নালাগিছিল। কিন্তু তেওঁ লগতে দাবী কৰে যে বিগত ১৫ বছৰে ৰাজ্যৰ সাধাৰণ জনতাই অবিৰত কষ্টৰ সন্মুখীন হৈছে আৰু জনসাধাৰণৰ মনত অসন্তুষ্টি বাঢ়িছে। তেওঁৰ মতে এই ক্ষোভ এতিয়া বিভিন্ন ৰূপত প্ৰকাশ পাইছে। অভিষেক বেনাৰ্জীৰ সোণাৰপুৰ ভ্ৰমণক লৈও ঘোষে প্ৰশ্ন উত্থাপন কৰে।

দিলীপ ঘোষে কয় যে বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত অঞ্চলটোৰ পৰিস্থিতি বুজিব লাগিছিল। নিৰাপত্তা আৰু কনভয় লৈ গৈ নায়ক হ’বলৈ চেষ্টা কৰাটো সঠিক সিদ্ধান্ত নহয়। ইফালে টিএমচিৰ সাংসদ মহুৱা মইত্ৰাই বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত দাবী কৰে যে অভিষেক বেনাৰ্জীৰ ওপৰত শিলগুটি নিক্ষেপ কৰি থকা বিজেপি কৰ্মী সুষমিতা দত্ত কেমেৰাত ধৰা পৰিছে। বিজেপিক মিছা প্ৰচাৰ আৰু ৰাজনৈতিক গুণ্ডাগিৰিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে।

দৰাচলতে শনিবাৰে অভিষেক বেনাৰ্জীয়ে দক্ষিণ ২৪ পৰগনা জিলাৰ সোণাৰপুৰ অঞ্চল ভ্ৰমণ কৰি নিৰ্বাচনৰ পিছৰ হিংসাৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাক্ষাৎ কৰিছিল। তাতে তেওঁক ইটা, শিল, কণী আদিৰে আঘাত কৰা বুলি অভিযোগ উঠিছে। ঘটনাৰ পিছত অভিষেক বেনাৰ্জীয়ে এই ঘটনাক বিজেপিৰ পৃষ্ঠপোষকতাত আক্ৰমণ বুলি অভিহিত কৰি তেওঁক হত্যাৰ চেষ্টা কৰা বুলি দাবী কৰে। সমগ্ৰ ঘটনা কেমেৰাত ৰেকৰ্ড কৰা বুলি উল্লেখ কৰি তেওঁ উচ্চ ন্যায়ালয় আৰু ৰাজ্যপাল উভয়কে এজাহাৰ দাখিল কৰিব বুলিও কয়।

এই আক্ৰমণত অভিষেক বেনাৰ্জীৰ চকুত আঘাতপ্ৰাপ্ত হয়। ইফালে টিএমচিৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও বিজেপিক লক্ষ্য কৰি লয়। বেলে ভিউ হাস্পতালত অভিষেক বেনাৰ্জীক সাক্ষাৎ কৰাৰ পিছত অভিষেক বেনাৰ্জীক চিকিৎসা অস্বীকাৰ কৰিবলৈ বিজেপিয়ে চিকিৎসালয়সমূহক হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰে।

মমতা বেনাৰ্জীয়ে কয় যে ক্ষমতাত থকাসকলে চিকিৎসালয় প্ৰশাসন আৰু বিষয়াসকলক ভয় দেখুৱাইছে। তেওঁৰ মতে, এনে পৰিস্থিতিৰ সৃষ্টি হৈছে যেন এজন ৰোগীৰ চিকিৎসাও ৰাজনৈতিক অনুমোদনৰ ভিত্তিত সিদ্ধান্ত লোৱা হৈছে। এই মনোভাৱক তেওঁ অমানৱীয় বুলি অভিহিত কৰে। অভিষেক বেনাৰ্জীৰ ওপৰত কৰা আক্ৰমণক লৈ বিজেপি আৰু টিএমচিৰ মাজত মতানৈক্য। দুয়োটা দলে ইজনে সিজনক দোষাৰোপ কৰাৰ বিপৰীতে এই ঘটনাই ৰাজ্যৰ ৰাজনীতিত এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।

আজি IPL-২০২৬ৰ ফাইনেলঃ সমুখ সমৰত নামিব ৰ’য়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু গুজৰাট টাইটানছ

আজি IPL-২০২৬ৰ ফাইনেল।
আজি IPL-২০২৬ৰ ফাইনেল।

আজি IPL-২০২৬ৰ ফাইনেল।

খিতাপ দখলৰ যুঁজত মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু গুজৰাট টাইটানছ।

সন্ধিয়া ৭.৩০ বজাত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব হাইভল্টেজ মেচখন।

ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে খিতাপ দখলৰ লক্ষ্যৰে নামিব RCB।

৫ জুনত হ’ব অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

৫ জুনত হ'ব অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ
৫ জুনত হ'ব অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

৫ জুনত হ’ব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ।

ইতিমধ্যে চূড়ান্ত হৈছে সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ তালিকা।

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ অনুমোদন লাভ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

গুৱাহাটীতে অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান।

X-যোগে মুখ্যমন্ত্ৰীয়ে জনালে এই কথা।

৭ ৰ পৰা ১২ গৰাকী মন্ত্ৰীত্ব পোৱাৰ সম্ভাৱনা।