বডোদৰাত এই পদযাত্ৰাই তৃতীয় দিনটোত প্ৰৱেশ কৰাৰ পাছত সেৱাছীৰ আৰণ্য ল’নত অনুষ্ঠিত উদ্বোধনী সাংস্কৃতিক কাৰ্যসূচীত ভাষণ আগবঢ়াই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই যাত্ৰা আমাৰ সামূহিক সংকল্প আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ এক প্ৰমাণ। “আমাৰ যুৱক-যুৱতীসকলৰ উৎসাহে প্ৰমাণ কৰিছে যে এক ভাৰতৰ আত্মাই প্ৰতিগৰাকী নাগৰিকক এতিয়া গভীৰভাৱে অনুপ্ৰাণিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত ভাৰত ‘শ্ৰেষ্ঠ ভাৰত আৰু বিকশিত ভাৰত’ৰ অভিযানৰ সৈতে আগবাঢ়ি গৈ আছে,” সৰ্বানন্দ সোণোৱালে কয়।
এই পদযাত্ৰাটোৰ আৰম্ভণি অংক্লাবৰ হৰেকৃষ্ণ মন্দিৰৰ পৰা আৰম্ভণি হৈছিল আৰু ছাত্ৰ-ছাত্ৰী, সাংস্কৃতিক দল তথা সমাজসেৱী সংগঠনৰ ব্যাপক অংশগ্ৰহণ দেখা গৈছিল। ‘মাই ভাৰত’ৰ মতে এই পদক্ষেপৰ অধীনত ইতিমধ্যে ৬২০তকৈও অধিক জিলা আৰু ৪৪০টা লোকসভা সমষ্টিত ১,৫১৪টা পদযাত্ৰা অনুষ্ঠিত হৈছে, য’ত ১৫ লাখৰো অধিক নাগৰিকে অংশগ্ৰহণ কৰি সৰ্বমুঠ ১০,০০৭ কিল’মিটাৰ পথ অতিক্ৰম কৰিছে।
উদ্বোধনী কাৰ্যসূচীত “বিথালভাই – মণিবেন – চৰ্দাৰ” বিষয়বস্তুৰ বিষয়ে চৰ্দাৰ গাথা শীৰ্ষক কাৰ্যসূচী পৰিবেশন কৰা হয়। তাৰপাছত গ্ৰামসভা, নৃত্য নাটিকা আৰু ভজন সন্ধ্যাৰ দৰে সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে ঐক্যৰ বাৰ্তা প্ৰচাৰ কৰা হয়।
শনিবাৰে এই পদযাত্ৰা বডোদৰাৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ মাজেৰে আগবাঢ়ি নৱলখী ময়দানত এক বৃহৎ সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে সমাপ্ত হ’ব।
“মই নিবিচাৰোঁ মোৰ ছোৱালীয়ে ২১ বছৰ বয়সত বিশ্ববিদ্যালয়ত পঢ়িব লাগিব আৰু কোনো ছোৱালীয়ে ১৫ বছৰ বয়সতে বিয়াৰ বলি হ’ব।”
তেওঁ উল্লেখ কৰে যে অসমত বহুবিবাহ প্ৰথা প্ৰায় বন্ধ হোৱাৰ দিশলৈ আগবাঢ়িছে, কিন্তু সমাজৰ বহু অংশত এতিয়াও শিশুবিৱাহ আৰু বহুবিবাহ দৃষ্টিগোচৰ হয়।
মুখ্যমন্ত্ৰীয়ে বিৰোধীক উদ্দেশ্যে মন্তব্য কৰি কয়, “বিৰোধীয়ে কয় এই কাম আমি ৰাজনীতিৰ বাবে কৰিছোঁ, কিন্তু এই ৰাজনীতি নিপীড়িত আৰু নিষ্পেষিত societyr বাবে।”
তেওঁ সদনত উল্লেখ কৰে যে বহুবিবাহৰ বিৰোধিতাত ভাষণ দিয়া প্ৰত্যেকজন মুছলমান বিধায়ক পুৰুষ, যেতিয়া বহু ঠাইত ৬৫–৭০ বছৰ বয়সী পুৰুষে ১৫–১৬ বছরীয়া ছোৱালীক বিবাহ কৰে। লগতে তেওঁ স্পষ্ট কৰে—
“হিন্দু সমাজো বহুবিবাহৰ পৰা মুক্ত নহয়। হিন্দুৰ বহুবিবাহ বন্ধ কৰাৰ দায়িত্বো আমাৰ।”
মুখ্যমন্ত্ৰীগৰাকীৰ স্পষ্ট বক্তব্য—
বহুবিবাহ বন্ধ হ’ব হিন্দু, মুছলমান, খ্ৰীষ্টান সকলো ধর্মীয় সমষ্টিৰ মাজতে।
ষষ্ঠ অনুসূচীভুক্ত অঞ্চলসমূহৰ বিষয়ে মুখ্যমন্ত্ৰী কয় যে এই অঞ্চলসমূহৰ স্বায়ত্তশাসিত ক্ষমতাৰ কাৰণে তেওঁলোকৰ অনুমতি বা স্বতন্ত্ৰ আইনৰো প্ৰয়োজন হ’ব।
BTR, কাৰ্বি আংলং, ডিমাহাছাও আদি অঞ্চলৰ জনজাতীয় সমাজৰ সংবেদনশীলতা বুজি চলিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
মেহতা কমিটীৰ প্ৰতিবেদন
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে—
২০২৩ চনৰ ১২ মে অনুষ্ঠিত উচ্চ ন্যায়ালয়ৰ আদেশ অনুসৰি গঠিত কমিটীয়ে ৰাইজৰ পৰা মতামত সংগ্ৰহ কৰিছিল।