Home Blog Page 13

৫ জুনত হ’ব অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

৫ জুনত হ'ব অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ
৫ জুনত হ'ব অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

৫ জুনত হ’ব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ।

ইতিমধ্যে চূড়ান্ত হৈছে সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ তালিকা।

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ অনুমোদন লাভ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

গুৱাহাটীতে অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান।

X-যোগে মুখ্যমন্ত্ৰীয়ে জনালে এই কথা।

৭ ৰ পৰা ১২ গৰাকী মন্ত্ৰীত্ব পোৱাৰ সম্ভাৱনা।

গুৱাহাটী পৌৰ নিগমৰ এলেকাভিত্তিক স্বচ্ছতা প্ৰতিযোগিতা ঘোষণাঃ কপৌফুলৰ ৰং ব্যৱহাৰ কৰি নান্দনিক সৌন্দৰ্যবৰ্ধন কৰিবলৈ আহ্বান গুৱাহাটী পৌৰ নিগমৰ

গুৱাহাটী পৌৰ নিগমৰ এলেকাভিত্তিক স্বচ্ছতা প্ৰতিযোগিতা ঘোষণা
গুৱাহাটী পৌৰ নিগমৰ এলেকাভিত্তিক স্বচ্ছতা প্ৰতিযোগিতা ঘোষণা

স্বচ্ছ সৰ্বেক্ষণ ২০২৬-ত গুৱাহাটীক শীৰ্ষস্থানত অধিষ্ঠিত কৰাৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমে (GMC) এক ব্যতিক্ৰমী আৰু জনসম্পৃক্ত পদক্ষেপ গ্ৰহণ কৰিছে। নগৰখনৰ মহিলা সমিতি, উন্নয়ন সমিতি, নাগৰিক সমিতি আৰু বিভিন্ন সংঘক সামৰি এলেকাভিত্তিক “স্বচ্ছতা প্ৰতিযোগিতা” ঘোষণা কৰা হৈছে। এই প্ৰতিযোগিতাৰ জৰিয়তে পৰিস্কাৰ-পৰিচ্ছন্নতা, সেউজীয়া আৰু স্বাস্থ্যসন্মত গুৱাহাটী গঢ়াৰ ক্ষেত্ৰত নাগৰিক সমাজৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে।
এই সন্দৰ্ভত আজি গুৱাহাটী পৌৰ নিগমৰ উজানবজাৰস্থিত কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত সভাপতিত্ব কৰে মেয়ৰ মৃগেন শৰণীয়াই। অনুষ্ঠানত উপস্থিত থাকে উপ-মেয়ৰ স্মিতা ৰয়, পাৰিষদ অসীম শইকীয়া,পৌৰ আয়ুক্ত চিন্ময় প্ৰকাশ ফুকন, অতিৰিক্ত আয়ুক্ত ড০ ধ্ৰুৱজ্যোতি হাজৰিকা আৰু পৌৰ নিগমৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল। মেয়ৰ শৰণীয়াই কয় যে, “স্বচ্ছতা কেৱল চৰকাৰ বা পৌৰ নিগমৰ দায়িত্ব নহয়, ই সমগ্ৰ সমাজৰ এক সামূহিক দায়বদ্ধতা। এই প্ৰতিযোগিতাই নাগৰিকসকলক নিজৰ এলেকাক পৰিস্কাৰ পৰিচ্ছন্ন, সজীৱ আৰু আদৰ্শ অঞ্চল হিচাপে গঢ়ি তোলাৰ বাবে উৎসাহিত কৰিব।”


প্ৰতিযোগিতাত ১০০ৰ পৰা ৩০০টা পৰিয়াল সামৰি থকা মহিলা সমিতি, উন্নয়ন সমিতি, নাগৰিক সমিতি আৰু ক্লাবসমূহে অংশগ্ৰহণ কৰিব পাৰিব। মুঠ ১৫০ নম্বৰৰ ভিত্তিত মূল্যায়ন কৰা হ’ব। আৱৰ্জনা পৃথকীকৰণ, পৰিষ্কাৰ নলা-নৰ্দমা, মুকলি আৱৰ্জনামুক্ত এলেকা, বৃক্ষৰোপণ, সামাজিক সচেতনতা, পেলনীয়া জাৱৰৰ পৰা পচন সাৰ উৎপাদনৰ ব্যৱস্থা, পৰিষ্কাৰ পথ আৰু নান্দনিক সৌন্দৰ্যবৰ্ধনৰ দৰে বিভিন্ন মানদণ্ডৰ ওপৰত মূল্যায়ন সম্পন্ন হ’ব। বিশেষভাৱে, উন্নয়ন সমিতিৰ সিদ্ধান্ত অনুসৰি দোকান, ঘৰ আৰু দেৱালসমূহত অসমৰ ৰাজ্যিক ফুল কপৌফুলৰ বেঙুনীয়া ৰং ব্যৱহাৰ কৰি নান্দনিক সৌন্দৰ্যবৰ্ধন কৰিলে সৰ্বাধিক ৫০ নম্বৰ লাভ কৰিব পাৰিব।


পুৰস্কাৰসমূহঃ
প্ৰথম পুৰস্কাৰ – ৩,০০,০০০.০০ টকা
দ্বিতীয় পুৰস্কাৰ – ২,০০,০০০.০০ টকা
তৃতীয় পুৰস্কাৰ – ১,০০,০০০.০০ টকা
তিনিটা উদগনি মূলক পুৰস্কাৰ – প্ৰতিটোৰ বাবদ ৫০,০০০.০০ টকা
ব্যতিক্ৰমীভাৱে উৎকৃষ্ট এখন সমিতিলৈ বিশেষ পুৰস্কাৰ – ৫,০০,০০০ টকা
ইয়াৰ উপৰিও, অংশগ্ৰহণ কৰা সকলো সমিতিক প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।


নগৰখনত পৰিচ্ছন্নতা আন্দোলনক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমে প্ৰায় ১,০০০ গৰাকী মহিলা “স্বচ্ছ সখী” নিয়োগ কৰাৰো পৰিকল্পনা কৰিছে, মহিলা সৱলীকৰণৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। প্ৰতিগৰাকী স্বচ্ছ সখীয়ে প্ৰায় ৩০০টা পৰিয়ালৰ সৈতে সমন্বয় সাধন কৰি আৱৰ্জনা সংগ্ৰহ ব্যৱস্থাৰ তদাৰক আৰু পৰিচ্ছন্নতা সম্পৰ্কীয় সচেতনতা বৃদ্ধিৰ কাম কৰিব। একেসময়তে নাগৰিকৰ অধিক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ গৃহস্থলীৰ আৱৰ্জনা সংগ্ৰহৰ মাহিলী ব্যৱহাৰকাৰী মাচুল ৫০ টকাৰ পৰা ৩০ টকালৈ হ্ৰাস কৰা হৈছে। এই সিদ্ধান্তই অধিক সংখ্যক পৰিয়ালক দুৱাৰমুখীয়া আৱৰ্জনা সংগ্ৰহ ব্যৱস্থাৰ সৈতে সংযুক্ত কৰাত সহায় কৰিব।


গুৱাহাটী পৌৰ নিগমৰ এই পদক্ষেপে নগৰখনত এলেকাভিত্তিক মালিকানা, দায়বদ্ধতা আৰু পৰিচ্ছন্নতাৰ সংস্কৃতি গঢ়ি তোলাৰ এক শক্তিশালী বাৰ্তা বহন কৰিছে। স্থানীয় সমিতি, মহিলা গোট আৰু সচেতন নাগৰিকৰ সক্ৰিয় সহযোগিতাৰ জৰিয়তে গুৱাহাটীক অধিক পৰিষ্কাৰ, সেউজীয়া, সুস্থ আৰু বাসোপযোগী মহানগৰ হিচাপে গঢ়ি তোলাই এই কাৰ্যসূচীৰ মূল লক্ষ্য।

যাত্ৰীসকলে সকলো সুবিধা পাইছে নে ?

যাত্ৰীসকলে সকলো সুবিধা পাইছে নে ?
যাত্ৰীসকলে সকলো সুবিধা পাইছে নে ?

গুৱাহাটী মহানগৰীৰ চিটী বাছক লৈ এশ-এবুৰি অভিযোগ আছে৷ কোনোবাখনৰ যদি অৱস্থা বেয়া, কোনোবাখনত আকৌ পৰিবহণ বিভাগৰ নীতি-নিয়মসমূহ সঠিকভাৱে পালন কৰা হোৱা নাই৷ গুৱাহাটীৰ চিটী বাছে একোটা ষ্টপেজত এক মিনিট সময় ৰ’ব লাগে যদিও সেই এক মিনিটৰ ঠাইত কোনো কোনো ষ্টপেজত ৰোৱাৰ সময়ত ১৫-২০ মিনিট পৰ্যন্ত হয়৷ বহু সময়ত চিটী বাছৰ বাবে গুৱাহাটী মহানগৰীত ব্যাপত যান-জঁটৰ সৃষ্টি হয় বুলি বহুতে অভিযোগ কৰে৷ সেয়ে চিটী বাছ তথা গ্ৰীণ বাছৰ দৌৰাত্ম্য ৰোধৰ বাবে এইবাৰ এক্সন মুডত পৰিবহন মন্ত্ৰী চৰণ বড়ো৷

মহানগৰীত গ্ৰীণ বাছৰ দৌৰাত্ম্য আৰু গ্ৰীণ বাছৰ বাবে উদ্ভৱ হোৱা যান-জঁটৰ সমস্যাৰ সন্দৰ্ভত বুজ ল’বলৈ এইবাৰ নিজেই ৰাজপথত নামিল পৰিবহণ মন্ত্ৰী৷ বহু অভিযোগৰ মাজতে শুকুৰবাৰে হঠাতে গুৱাহাটীৰ চিটী বাছত তালাচী চলালে ৰাজ্যৰ নৱ-নিযুক্ত পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে৷ চিটী বাছত উঠি মন্ত্ৰী বড়োৱে যাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ অভাৱ-অভিযোগৰ বুজ লয়৷ শুকুৰবাৰে গ্ৰীণ বাছত গণেশগুৰিৰ পৰা খানাপাৰালৈ ভ্ৰমণ কৰিলে পৰিবহণ মন্ত্ৰীগৰাকীয়ে৷ যাত্ৰী আৰু চালকৰ পৰা বুজ ল’লে পৰিবহণ ব্যৱস্থাৰ৷ মন্ত্ৰী বড়োৱে সংবাদ মাধ্যমৰ আগত কয়, ‘যাত্ৰীৰ আপত্তি আছিল মহানগৰীত গ্ৰীণ বাছে বহু যান-জঁটৰ সৃষ্টি কৰিছে৷ একেলগে প্ত-৬খন গাড়ী পাৰ্কিং কৰে৷ তেতিয়া বাকী গাড়ীবোৰ অহা-যোৱাত অসুবিধা হয়৷

সেই আপত্তিবোৰ শুনাৰ পিছত মই কথা দিছিলো যে সমস্যাটোৰ সমাধান কৰাৰ৷’ তেওঁ লগতে কয়, ‘গুৱাহাটীত যিখিনি গ্ৰীণ বাছ চলে সেইখিন যিহেতু আমাৰ চৰকাৰী বাছ সেয়ে আমি ঠিক কৰিব লাগিব৷ অধিক সময় বাছ আস্থানবোৰত ৰাখে৷ অভাৰটেক কৰি যাব বিচাৰে৷ সেয়েহে কেনেকৈ নিয়াৰিকৈ বাছবোৰ চলাব পাৰো তাক চাব আহিছো৷ যান-বাহন চলাচলৰ নিয়মবোৰ সকলোৱে মানিব লাগিব৷ চিটী বাছ বা গ্ৰীণ বাছে মাত্ৰ ১০জন যাত্ৰীকহে থিয় কৰাই নিব পাৰিব৷ স্মাৰ্ট মেনেজমেণ্টৰ জৰিয়তে চলাবলৈ চেষ্টা কৰিম৷’ এনেদৰে এগৰাকী মন্ত্ৰীয়ে নিজেই ৰাজপথলৈ ওলাই আহি যাত্ৰীৰ অভাৱ-অভিযোগৰ বুজ লোৱাৰ কথাক বহুতে প্ৰশংসা কৰা দেখা গৈছে৷

১ জুনৰ পৰা সলনি হ’ব কেইবাটাও নিয়ম…

১ জুনৰ পৰা সলনি হ’ব কেইবাটাও নিয়ম
১ জুনৰ পৰা সলনি হ’ব কেইবাটাও নিয়ম

দেশত এতিয়া মূল্যবৃদ্ধিৰ জুই৷ তাৰ মাজতে বহুতৰে মাজত আলোচনা হৈছে– আকৌ লকডাউনেই হয় নেকি? এনে চৰ্চাৰ মাজতে ৰ জুনৰ পৰা টেক্স, বেংকিং, ডিজিটেল পেমেণ্ট আৰু সৌৰ শক্তিৰ খণ্ডত বহুতো নতুন নিয়ম কাৰ্যকৰী কৰিব চৰকাৰে৷ সেই মৰ্মে ডিজিটেল জালিয়াতি ৰোধ কৰিবলৈ ইউ পি আই পেমেণ্টত এক ডাঙৰ সলনি কৰা হৈছে৷ এতিয়াৰ পৰা আপুনি যেতিয়া কোনো কিউ আৰ ক’ড স্কেন কৰিব বা কাৰোবাৰ ম’বাইল নম্বৰলৈ ধন প্ৰেৰণ কৰিব, তেতিয়া স্ক্ৰীণত সেইজন ব্যক্তিৰ প্ৰকৃত নামটোৱেই দেখুৱাব যিটো বেংকত পঞ্জীয়নভুক্ত হৈ আছে৷ ইয়াৰ ফলত ভুৱা নাম ব্যৱহাৰ কৰি কৰা প্ৰতাৰণা বহুত কমি যাব৷

আনহাতে, জুন মাহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিত্তীয় কামটো হৈছে এডভান্স টেক্স জমা কৰা৷ যিসকলৰ আনুমানিক কৰৰ পৰিমাণ দহ হাজাৰ টকাতকৈ বেছি, তেওঁলোকে ১৫ জুনৰ ভিতৰত এড্‌ভান্স টেক্সৰ প্ৰথম কিস্তি জমা কৰিব লাগিব৷ নিৰ্ধাৰিত সময়ত এই কৰ নিদিলে প্ৰতি মাহে এক শতাংশ হাৰত সুদ ভৰিবলগীয়া হ’ব পাৰে৷ পুৰণি টেক্স ব্যৱস্থা বাছনি কৰা চাকৰিয়ালসকলৰ বাবে এটা ভাল খবৰ আছে৷ ল’ৰা-ছোৱালীৰ শিক্ষাৰ ভাত্তাৰ ৰেহাই প্ৰতিটো শিশুৰ বিপৰীতে মাহে তিনি হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে৷ ঠিক একেদৰে হোষ্টেলৰ ভাত্তাৰ ৰেহায়ো মাহে ন হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে৷ ইয়াৰ উপৰি বেংগালুৰু, পুনে, হায়দৰাবাদ আৰু আহমেদাবাদৰ দৰে চহৰক পঞ্চাশ শতাংশ ঘৰভাৰা ৰেহাইৰ [এইচ আৰ এ] তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে৷ আনহাতে, বেংকিং সেৱাৰ ক্ষেত্ৰত গ্ৰাহকসকলে কিছু অসুবিধা পাব পাৰে৷ জুন মাহত কিছুমান বেংকে তেওঁলোকৰ সেৱাৰ মাচুল বৃদ্ধি কৰাৰ সম্ভাৱনা আছে৷

ধন উলিওৱা, মিনি ষ্টেটমেণ্ট আৰু বেলেঞ্চ চেক কৰা আদি সেৱাৰ বাবে এতিয়া বেছি মাচুল ভৰিবলগীয়া হ’ব পাৰে৷ কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন চমুকৈ ইপিএফঅ’ৱেও এক নতুন সুবিধা মুকলি কৰাৰ প্ৰস্তুতি চলাইছে৷ অতি সোনকালেই কৰ্মচাৰীসকলে ইউপিআইৰ জৰিয়তে পোনে পোনে নিজৰ পি এফৰ ধন উলিয়াব পাৰিব, যাৰ ফলত এই প্ৰক্ৰিয়াটো বহুত দ্ৰুত আৰু সহজ হৈ পৰিব৷ আনফালে, প্ৰতি মাহৰ দৰে এইবাৰো ১ তাৰিখে তেল কোম্পানীসমূহে এল পি জি, চি এন জি আৰু পি এন জিৰ দাম নিৰ্ধাৰণ কৰিব৷ ইয়াৰ লগতে পান কাৰ্ডৰ নিয়মতো কিছু সলনি কৰা হৈছে৷ সম্পত্তি কিনা-বেচাৰ কিছুমান ক্ষেত্ৰত পান কাৰ্ডৰ সীমা দহ লাখৰ পৰা বিশ লাখ টকালৈ বৃদ্ধি কৰা হৈছে৷ অৱশ্যে পঞ্চল্লিছ লাখ টকাতকৈ অধিক মূল্যৰ সম্পত্তিৰ লেনদেনত পান কাৰ্ড দিয়াটো বাধ্যতামূলক কৰা হৈছে আৰু বছৰত দহ লাখতকৈ বেছি নগদ ধন উলিয়ালে তাৰ ৰিপ’ৰ্ট কৰা হ’ব৷ শেষত, ১ জুনৰ পৰা সৌৰ শক্তি প্ৰকল্পৰ বাবেও নতুন নিয়ম কাৰ্যকৰী হ’ব, য’ত চৰকাৰী ৰাজসাহায্য প্ৰাপ্ত প্ৰকল্পসমূহত কেৱল অনুমোদিত সৌৰ মডিউলহে ব্যৱহাৰ কৰিব পাৰিব৷

ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ লক্ষৰে জালুকবাৰীত ৰে’ল বিভাগৰ বৃহৎ উচ্ছেদ অভিযান

ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ লক্ষৰে জালুকবাৰীত ৰে'ল বিভাগৰ বৃহৎ উচ্ছেদ অভিযান
ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ লক্ষৰে জালুকবাৰীত ৰে'ল বিভাগৰ বৃহৎ উচ্ছেদ অভিযান

শৰাইঘাট দলঙৰ দক্ষিণ দিশৰ ৬নং কলনীৰ পৰা জালুকবাৰীলৈ পূৰ্বতে সংৰক্ষিত কৰি ৰখা আৰু পৰৱৰ্তী সময়ত বেদখলৰ কৱলত পৰা ৰে’ল বিভাগৰ প্ৰায় ৫০০ বিঘা মাটি দ্বিতীয়খন ৰে’ল-পথ দলং নিৰ্মাণৰ বাবে মুকলি কৰাৰ কাম আৰম্ভ কৰিছে উত্তৰ-পূব ৰে’লৱে কতৃৰ্পক্ষই৷ ইয়াৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু মহানগৰ আৰক্ষীৰ সহযোগত ৰে’লৱে কতৃৰ্পক্ষই আজি দিনৰ ভাগত জালুকবাৰী অঞ্চলত এক বৃহৎ উচ্ছেদ অভিযান চলায়৷ আজি প্ৰথম দিনাৰ উচ্ছেদ অভিযানত ৫০ বিঘাৰো অধিক ৰে’লৱেৰ মাটি বেদখলমুক্ত কৰা হয়৷

অভিযোগ মতে একাংশ অসাধু প্ৰকৃতিৰ লোকে ৰে’লৱেৰ মাটি বেদখল কৰি সন্দেহজনক বাংলাদেশী মূলৰ লোকক ঘৰ সাজি ভাৰালৈ দিছিল৷ পূৰ্বতেও কেইবাবাৰো জালুকবাৰীত ৰে’লৱে বিভাগে উচ্ছেদ অভিযান চলাইছিল যদিও একাংশ বিশেষ সম্প্ৰদায়ৰ লোকে ৰাতিৰ ভিতৰত পুনৰ নিৰ্মাণ কৰি তোলে জুপুৰি ঘৰসমূহ৷ যাৰ ফলত শুকুৰবাৰে প্ৰায় ৫৩ বিঘা মাটিত প্ৰশাসনৰ সহযোগত জেচিবি আৰু বুলড’জাৰ চলাই বেদখলমুক্ত কৰে৷ এই সন্দৰ্ভত উপস্থিত ৰে’ল বিভাগৰ বিষয়াই সদৰী কৰা অনুসৰি পূৰ্বতে জাননী জাৰি কৰাৰ পিছতো বেদখলকাৰীসকলে ঘৰ খালী কৰা নাছিল৷ অহা এটা সপ্তাহৰ ভিতৰত বেদখলৰ কৱলত পৰা প্ৰায় ৫০০ বিঘা ৰে’লৱেৰ মাটি উচ্ছেদ অভিযান সলাই বেদখলমুক্ত কৰা হ’ব৷

এভাৰেষ্ট জয় কৰিও ঘূৰি অহা নহ’ল ২ ভাৰতীয়ৰ

এভাৰেষ্ট জয় কৰিও ঘূৰি অহা নহ’ল ২ ভাৰতীয়ৰ
এভাৰেষ্ট জয় কৰিও ঘূৰি অহা নহ’ল ২ ভাৰতীয়ৰ

বিশ্বৰ সৰ্বোচ্ছ শৃংগ মাউণ্ট এভাৰেষ্ট জয় কৰি ঘৰলৈ ঘূৰি নাহিল দুই ভাৰতীয় পৰ্বতাৰোহীৰ৷ শৃংগ জয় কৰি তললৈ নামি অহাৰ সময়তে দুয়োগৰাকীৰে অতি দুখজনকভাৱে মৃত্যু ঘটে৷ শুকুৰবাৰে নেপালৰ এজন বিষয়াৰ উদ্ধৃতি দি দেশৰ এটা সংবাদ সংস্থাই এই বেদনাদায়ক খবৰ প্ৰকাশ কৰিছে৷ মৃত পৰ্বতাৰোহী দুজনৰ নাম হৈছে অৰুণ তিৱাৰী আৰু সন্দীপ আৰে৷ নেপালৰ এক্সপেডিচন অপাৰেটৰ্ছ এছ’চিয়েচনৰ ছেক্ৰেটেৰী জেনেৰেল ঋষি ভাণ্ডাৰীয়ে জনোৱা মতে, ওপৰৰ পৰা নামি অহাৰ সময়ত হঠাতে এজন পৰ্বতাৰোহী অত্যন্ত ভাগৰুৱা হৈ পৰিছিল৷ তেওঁক উদ্ধাৰ কৰিবলৈ শ্বেৰ্পাসকলে গোটেই নিশা প্ৰাণপণে চেষ্টা চলাইছিল৷ তেওঁক বেলকনি নামৰ অঞ্চলটোৰ পৰা ছাউথ কললৈ নমাই আনিবলৈ চেষ্টা কৰা হৈছিল যদিও শেষ পৰ্যন্ত তেওঁক বচাবলৈ সম্ভৱ নহ’ল৷

ঠিক একে সময়তে আন এগৰাকী ভাৰতীয় পৰ্বতাৰোহী অৰুণ তিৱাৰীও এভাৰেষ্ট শৃংগত উপনীত হৈছিল৷ বৃহস্পতিবাৰে বিয়লি প্ৰায় পাঁচ বজাত তেওঁ সৰ্বোচ্ছ চূড়াত ভৰি থৈছিল৷ তেওঁৰ সৈতে দুজন অভিজ্ঞ শ্বেৰ্পা গাইডো আছিল৷ কিন্তু ওপৰৰ পৰা নামি অহাৰ সময়ত হিলাৰী ষ্টেপ নামৰ এলেকাটোত তেওঁ হঠাতে অসুস্থ আৰু ক্লান্ত হৈ পৰে৷ শ্বেৰ্পাসকলে বহু চেষ্টা কৰিছিল যদিও তেওঁক সুস্থ শৰীৰে ঘূৰাই আনিব নোৱাৰিলে বুলি ভাণ্ডাৰীয়ে জানিবলৈ দিয়ে৷ তথ্য অনুসৰি, হিলাৰী ষ্টেপৰ ওচৰতেই অৰুণ তিৱাৰীৰ মৃত্যু হয়৷ আনহাতে, সন্দীপ আৰেক উদ্ধাৰ কৰি কেম্প টুলৈ নমাই অনা হৈছিল যদিও তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ এভাৰেষ্ট অভিযানত সংঘটিত এই দুই মৃত্যুৰ ঘটনাই পৰ্বতাৰোহীসকলৰ মাজত নতুনকৈ চিন্তা আৰু উদ্বেগ বৃদ্ধি কৰিছে৷ অৱশ্যে ইয়াৰ মাজতে এই বছৰ ভাৰতীয় পৰ্বতাৰোহীসকলৰ সফলতাৰ বহু ভাল খবৰো পোহৰলৈ আহিছে৷ অলপতে মাত্ৰ ২১ বছৰ বয়সতে এভাৰেষ্ট জয় কৰিবলৈ সক্ষম হৈছে ছানিকা শ্বাহ নামৰ এগৰাকী যুৱতীয়ে৷ ইয়াৰ উপৰি সীমান্ত সুৰক্ষা বাহিনী অৰ্থাৎ বিএছএফৰ সম্পূৰ্ণ মহিলাৰে গঠিত এটা পৰ্বতাৰোহী দলেও সফলতাৰে এভাৰেষ্ট শৃংগ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে৷

এই বছৰৰ পৰ্বতাৰোহণৰ বতৰত এভাৰেষ্টত পৰ্বতাৰোহীৰ ভিৰে এক নতুন ৰেকৰ্ড গঢ়ি তুলিছে৷ কেৱল বুধবাৰৰ দিনটোতে নেপালৰ দিশৰ পৰা ২৭৪গৰাকী পৰ্বতাৰোহীয়ে এভাৰেষ্টৰ চূড়াত ভৰি থৈছে৷ খুম্বু আইচফলত কিছু পলম হোৱাৰ বাবে এইবাৰৰ অভিযান অলপ দেৰিকৈ আৰম্ভ হৈছিল৷ যোৱা ১৩ মে’ত ৰোপ ফিক্সিং অৰ্থাৎ জৰী বান্ধি পথ তৈয়াৰ কৰাৰ কাম শেষ হোৱাৰ পিছত আনুষ্ঠানিকভাৱে এই বৰ্ষৰ ক্লাইম্বিং ছিজন আৰম্ভ হৈছিল৷ উল্লেখ্য যে, নেপাল চৰকাৰে এইবাৰ এভাৰেষ্ট অভিযানৰ বাবে ৪৯৩টা পাৰ্মিট বা অনুমতি-পত্ৰ দিছে, যিটো এতিয়ালৈকে সৰ্বাধিক৷ ১৯৫৩ চনত তেনজিং নৰ্গে আৰু ছাৰ এডমণ্ড হিলাৰীয়ে প্ৰথমবাৰৰ বাবে সফলভাৱে এভাৰেষ্ট জয় কৰাৰ পিছত ইমান বৃহৎসংখ্যক পাৰ্মিট কেতিয়াও দিয়া হোৱা নাছিল৷

অসমৰ সুখ দুখৰ লগত যাৰ আৱেগ অনুভূতি নাই তেনেকুৱা মানুহক ধনী কৰাত আপত্তি আছেঃ দিলীপ শইকীয়া

অসমৰ সুখ দুখৰ লগত যাৰ আৱেগ অনুভূতি নাই তেনেকুৱা মানুহক ধনী কৰাত আপত্তি আছেঃ দিলীপ শইকীয়া
অসমৰ সুখ দুখৰ লগত যাৰ আৱেগ অনুভূতি নাই তেনেকুৱা মানুহক ধনী কৰাত আপত্তি আছেঃ দিলীপ শইকীয়া

ভাৰতীয় জনতা পাৰ্টি অসম ৰাজ্যিক সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ শ দিলীপ শইকীয়াই শুকুৰবাৰে দৰং জিলাৰ District Development Coordination and Monitoring Committee (DISHA)-ৰ এখন গুৰুত্বপূৰ্ণ সভাত উপস্থিত থাকে। বৈঠকত জিলাখনৰ উন্নয়নৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন বিভাগত চলি থকা আঁচনিসমূহৰ সফল ৰূপায়ণ নিশ্চিত কৰাৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ আলোচনা কৰে।

সভাৰ অন্তত সাংবাদিক সৈতে মুখামুখি অনুষ্ঠানত এক প্ৰশ্নৰ উত্তৰত সাংসদ দিলীপ শইকীয়াই মুখ্য মন্ত্ৰীয়ে ৰাজ্যৰ ঠিকাদাৰক সকলক লৈ কৰা মন্তব্যৰ বিষয়ে কয় যে ধৰ্মৰ ভিত্তিত নহয়,অসমৰ সুখ দুখৰ লগত যাৰ আবেগ অনুভূতি নাই তেনেকুৱা মানুহক ধনী কৰাত আপত্তি আছে।তেনে মানুহে অসমত ক’ৰবাত নহয় ক’ৰবাত ক্ষতি কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। অৰাষ্ট্ৰীয়বাদী চিন্তা ধাৰাৰ ব্যক্তিক ঠিকা দিয়াত মুখ্য মন্ত্ৰীয়ে বাধা কৰা কাৰ্যক একেমুখে সন্মতি প্ৰদান কৰে দিলীপ শ‌ইকীয়াই। আনহাতে নৱনিৰ্বাচিত বিধায়ক সকলক প্ৰতিতো মূহুৰ্ততে ৰাইজৰ মাজত থাকিবলৈ পৰামৰ্শ দিয়ে ৰাজ্যিক সভাপতি গৰাকীয়ে। মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত অহা ৫ জুনৰ পিছতহে হ’ব বুলিও মন্তব্য কৰে।
UCC বলবৎ হোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই দিলীপ শ‌ইকীয়াই কয়।

মুছলমান মহিলা সকলক এই আইন খনে বিশেষ ভাৱে সুৰক্ষা আৰু মৰ্যাদা দিব। বৈঠকত মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়িকা নিলীমা দেৱী, দলগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান, দৰং জিলা আয়ুক্ত আয়ুশি জৈন, দৰং জিলা পৰিষদৰ সভানেত্ৰী শেৱালী গোস্বামী কলিতা দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিভিন্ন স্তৰৰ নিৰ্বাচিত প্ৰতিনিধি আৰু চৰকাৰৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

Press Freedom Index: বিশ্ব প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত পাকিস্তান-বাংলাদেশতকৈও তলত ভাৰতৰ স্থান

বিশ্ব প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত পাকিস্তান-বাংলাদেশতকৈও তলত ভাৰতৰ স্থান
বিশ্ব প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত পাকিস্তান-বাংলাদেশতকৈও তলত ভাৰতৰ স্থান

(Press Freedom Index)বিশ্ব প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত বাংলাদেশ, পাকিস্তানতকৈ অৱনমিত ভাৰতৰ সূচাংক।

বিশ্ব প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত ভাৰতৰ স্থান ১৫৭। (India Ranks 157 in Press Freedom Index)

বিগত ১২ বছৰত ১৪০ৰ পৰা ১৫৭লৈ নামিল ভাৰতৰ প্ৰেছ ফ্ৰীডম ইণ্ডেক্স।

RSFৰ শেহতীয়া প্ৰতিবেদনত উদ্বেগ প্ৰকাশ।

২০২৬ চনৰ বিশ্ব প্ৰেছ ফ্ৰীডম ইনডেক্সত ১৮০খন দেশৰ ভিতৰত ১৫৭ নম্বৰ স্থানত ভাৰত।

আৰ এছ এফ-এ প্ৰকাশ কৰা প্ৰতিবেদনখনত সাংবাদিকসকলৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা আইনী হেঁচা, ন্যায়িক হাৰাশাস্তি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা আইনসমূহৰ ক্ৰমাৎ ব্যৱহাৰৰ ওপৰত আলোকপাত কৰা হৈছে। একে সময়তে বিশ্বব্যাপী সংবাদ স্বাধীনতা সূচকাংকটোৰ ২৫ বছৰীয়া ইতিহাসত সৰ্বনিম্ন স্তৰলৈ নামি গৈছে বুলি সকীয়াই দিয়া হৈছে।

তাৰ বিপৰীতে প্ৰেছ ফ্ৰীডম ইণ্ডেক্সৰ শীৰ্ষত ইউৰোপীয় দেশ নৰৱে’।

২ কোটি টকাৰ বীমা ধনৰ লোভত স্বামীক হত্যা, ৰূপ দিলে দুৰ্ঘটনাৰঃ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা

২ কোটি টকাৰ বীমা ধনৰ লোভত স্বামীক হত্যা
২ কোটি টকাৰ বীমা ধনৰ লোভত স্বামীক হত্যা

পৰকীয়া প্ৰেম আৰু বীমা ধন লাভৰ লালসাৰ চৰম পৰিণতি৷ বিনা দোষতে এজন লোকে হেৰুৱালে প্ৰাণ৷ পত্নীয়ে প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা কৰিবলৈ নিয়োগ কৰিছিল আন দুজন লোক ৷ পিছে লোভেই পাপ, পাপেই মৃত্যু ৷ অতিপাত লোভেই কাল হ’ল ৷ স্বামীহন্তা পত্নী তথা হত্যাকাণ্ডটোৰ এজনক বাদ দি বাকী অভিযুক্তকেইজন সম্প্ৰতি আৰক্ষীৰ জালত৷ ইয়াৰে এজনে পলায়ন কৰা বুলি মঙলবাৰে আৰক্ষীয়ে সদৰী কৰে৷ এই ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি, দীৰ্ঘদিনৰে পৰা মহিলাগৰাকীয়ে স্বামীৰ অজ্ঞাতে এজন লোকৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক ৰক্ষা কৰি আহিছিল৷ পৰৱৰ্তী সময়ত বাটৰ কাঁইট হিচাপে থকা স্বামীক আঁতৰাবলৈ প্ৰেমিকৰ সৈতে মিলি মহিলাগৰাকীয়ে পৰিকল্পনা ৰচে আৰু ইয়াৰ বাবে আন দুজন লোকক নিয়োগ কৰে৷ মহিলাগৰাকীৰ নাম ভাৰতী আৰু তেওঁ তেলেংগানাৰ বাসিন্দা৷ ইতিমধ্যে তেলেংগানা আৰক্ষীয়ে ভাৰতীৰ সৈতে প্ৰেমিক সুৰেন্দৰ আৰু ভাৰাতীয়া হত্যাকাৰী দুজনৰ এজনক গ্ৰেপ্তাৰ কৰিছে৷ গ্ৰেপ্তাৰ কৰা ভাৰাতীয়া হত্যাকাৰীটোক শ্ৰীৰাম বুলি চিনাক্ত কৰা হৈছে ৷ ৰাম মল্লেশ নামৰ আনটো অভিযুক্ত পলাতক অৱস্থাত আছে ৷

আৰক্ষীয়ে মল্লেশৰ সন্ধানত অনুসন্ধান অব্যাহত ৰাখিছে৷ প্ৰাপ্ত তথ্য অনুসৰি, বিগত ২২ মে’ত তেলেংগানাৰ গুড়িপেটত ছাইনী কুমাৰ নামৰ ৪৫বছৰীয়া এজন লোকক গুৰুতৰভাৱে আহত অৱস্থাত পথৰ দাঁতিত পৰি থকা পৰিলক্ষিত হৈছিল৷ লোকজনৰ অৱস্থাটো লক্ষ্য কৰিলে যিকোনো লোকেই ই এক দুৰ্ঘটনা বুলিয়েই ক’ব৷ আচলতে প্ৰকৃত সত্য সেয়া নহয়৷ ই এক পৰিকল্পিত হত্যাকাণ্ডৰ নাটকীয় ৰূপ৷ বিবাহ বহিৰ্ভূত প্ৰেম আৰু ছাইনী কুমাৰৰ নামত থকা বীমাৰ ধন সহজে লাভ কৰিবলৈয়ে ছাইনীৰ পত্নী ভাৰতীয়ে প্ৰেমিকৰ সৈতে মিলি এই ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিছিল৷ আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে ভাৰতী আৰু সুৰেন্দৰে ছাইনী কুমাৰক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল ৷ কাৰণ কুমাৰ তেওঁলোকৰ সম্পৰ্কত বাধা হৈ পৰিছিল আৰু তেওঁৰ নামত ২ কোটি টকাৰ বীমা আছিল৷

বিগত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা স্বামীৰ জীৱন বীমা পলিচীৰ প্ৰিমিয়াম দি থকা ভাৰতীয়ে অনুমান কৰিছিল যে যদি কোনো পথ দুৰ্ঘটনাত কুমাৰৰ মৃত্যু ঘটে, তেন্তে তেওঁ প্ৰায় ২ কোটি টকা লাভ কৰিব৷ আৰক্ষীয়ে এই কথাও জানিব পাৰিছে যে কুমাৰে গুড়িপেটৰ ৰাম মল্লেশৰ পৰা ৬০ হাজাৰ টকা ঋণ হিচাপে লৈছিল যদিও সেই ধন পৰিশোধ কৰিব নোৱাৰিলে৷ এনে সময়তে মল্লেশৰ সৈতে ভাৰতীৰ সাক্ষাৎ ঘটে৷ যোৱা মাহত ভাৰতী আৰু সুৰেন্দৰে মল্লেশক দুই লাখ টকা দিছিল৷ কুমাৰক হত্যা কৰাৰ পিছত পুনৰ এক লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ মল্লেশে এই কামত তেওঁক সহায় কৰিবলৈ মনচেৰিয়েলৰ এলআইচি কলনীৰ শ্ৰীৰামক মাতি আনে৷ পৰিকল্পনা অনুসৰি ৰাম মল্লেশ আৰু শ্ৰীৰামে বিগত ২২ মে’ত কুমাৰক অত্যধিক সুৰাপান কৰোৱায়৷ সুৰাপান কৰাৰ পিছত অচেতন হৈ পৰা কুমাৰৰ মূৰত তেওঁলোকে হাতুৰীৰে আঘাত কৰিছিল ৷ পিছত সমগ্ৰ ঘটনাটোক পথ দুৰ্ঘটনাৰ ৰূপ দিবলৈ কুমাৰৰ দুচকীয়া বাহনখনৰ সৈতে লোক দুজনে তেওঁক পথৰ কাষত পেলাই থৈ যায়৷

ঈদৰ আনন্দ উল্লাহৰ মাজতে নলবাৰীৰ গোৱালপাৰাত খোদ অৱসৰপ্ৰাপ্ত আৰক্ষীৰ গৃহতেই চাঞ্চল্যকৰ চুৰিকাণ্ড

ঈদৰ আনন্দ উল্লাহৰ মাজতে নলবাৰীৰ গোৱালপাৰাত খোদ অৱসৰপ্ৰাপ্ত আৰক্ষীৰ গৃহতেই চাঞ্চল্যকৰ চুৰিকাণ্ড
ঈদৰ আনন্দ উল্লাহৰ মাজতে নলবাৰীৰ গোৱালপাৰাত খোদ অৱসৰপ্ৰাপ্ত আৰক্ষীৰ গৃহতেই চাঞ্চল্যকৰ চুৰিকাণ্ড

নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত চোৰে নাকত ধৰি চাকত ঘূৰাইছে বহু পৰিয়ালক। নলবাৰী জিলাৰ ৪০ নং টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত গোৱালপাৰা পশ্চিম চুবুৰীৰ অৱসৰপ্ৰাপ্ত এ.পি.আৰ (APR) ইন্সপেক্টৰ বিষয়া আব্দুল ফাজেৰ আলী (৬৪) আৰু ৰীণা বেগম(৪৭)ৰ বাসগৃহত যোৱা ২৮ মে’ ঈদৰ দিনা নিশা ঘৰত কোনো নথকাৰ সুযোগতে সংঘটিত হয় চুৰিকাণ্ড।চোৰৰ দলটোৱে বাঁহৰ জেওৰা পাৰ হৈ আহি মূল গৃহৰ লোৰ গ্ৰীলৰ তলা আৰু মূল দৰ্জাৰ ল’ক ভাঙি গৃহত প্ৰৱেশ কৰি সংঘটিত কৰে এই চুৰিকাণ্ডৰ ঘটনা।

আনহাতে,চোৰৰ দলটোৱে চুৰিকাণ্ডত ব্যৱহৃত চিপৰাং এৰি থৈ যায়। চোৰৰ দলটোৱে আব্দুল ফাজেৰ আলীৰ ঘৰৰ পৰা কাঁহৰ বাচন ৪ খন,পাটৰ কাপোৰ ৭ যোৰ, সোণৰ আঙুঠি ৩ টা,সোণৰ নেকলেচ ১ ডাল, সোণৰ চেইন ১ ডাল, সোণৰ কাণফুলি ২ যোৰ, নগদ ধন ৯২ হেজাৰৰ লগতে ২ টাকে কুকাৰকে ধৰি অন্যান্য সা- সামগ্রী চুৰি কৰি লৈ যোৱাৰ কথা জানিবলৈ দিছে। চোৰৰ দলটোৱে পৰিয়ালটোৰ বিভিন্ন কোঠাৰ পৰা দুটা গড্ৰেজ আৰু এটা শ্বো-কেচ্ ভাঙি পাট মুগাৰ কাপোৰ আৰু সোণৰ আ অলঙ্কাৰ ,নগদ ধন লৈ যায়।

আনহাতে, চোৰৰ দলটোৱে বক্স পালেংৰ মেট্ৰেছৰ কাপোৰ-কানি লণ্ড-ভণ্ড কৰে। উল্লেখ্য যে ঈদ উপলক্ষে পৰিয়ালটোৰ চাৰিজনীয়া পৰিয়ালটো তেওঁলোকৰ গুৱাহাটীৰ ভেটাপাৰা সাওকুছিস্থিত নিজ গৃহলৈ বুলি যোৱাৰ সুযোগ বুজি সংঘটিত কৰে এই চুৰিকাণ্ডৰ। ভুক্তভোগী পৰিয়ালটোৱে ইতিমধ্যে বেলশৰ আৰক্ষী থানাত ঘটনা সংক্ৰান্তত লিখিত এজাহাৰ দাখিল কৰিছে। অঞ্চলটোত সঘনাই সংঘটিত চুৰিকাণ্ডত এতিয়া অতিষ্ঠ হৈ পৰিছে স্থানীয় সচেতন মহল। অঞ্চলটোত গাঁওৰক্ষী বাহিনী আৰু আৰক্ষীৰ টহলৰ সু-ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় সচেতন মহলে।