Home Blog Page 14

ঈদৰ আনন্দ উল্লাহৰ মাজতে নলবাৰীৰ গোৱালপাৰাত খোদ অৱসৰপ্ৰাপ্ত আৰক্ষীৰ গৃহতেই চাঞ্চল্যকৰ চুৰিকাণ্ড

ঈদৰ আনন্দ উল্লাহৰ মাজতে নলবাৰীৰ গোৱালপাৰাত খোদ অৱসৰপ্ৰাপ্ত আৰক্ষীৰ গৃহতেই চাঞ্চল্যকৰ চুৰিকাণ্ড
ঈদৰ আনন্দ উল্লাহৰ মাজতে নলবাৰীৰ গোৱালপাৰাত খোদ অৱসৰপ্ৰাপ্ত আৰক্ষীৰ গৃহতেই চাঞ্চল্যকৰ চুৰিকাণ্ড

নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত চোৰে নাকত ধৰি চাকত ঘূৰাইছে বহু পৰিয়ালক। নলবাৰী জিলাৰ ৪০ নং টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত গোৱালপাৰা পশ্চিম চুবুৰীৰ অৱসৰপ্ৰাপ্ত এ.পি.আৰ (APR) ইন্সপেক্টৰ বিষয়া আব্দুল ফাজেৰ আলী (৬৪) আৰু ৰীণা বেগম(৪৭)ৰ বাসগৃহত যোৱা ২৮ মে’ ঈদৰ দিনা নিশা ঘৰত কোনো নথকাৰ সুযোগতে সংঘটিত হয় চুৰিকাণ্ড।চোৰৰ দলটোৱে বাঁহৰ জেওৰা পাৰ হৈ আহি মূল গৃহৰ লোৰ গ্ৰীলৰ তলা আৰু মূল দৰ্জাৰ ল’ক ভাঙি গৃহত প্ৰৱেশ কৰি সংঘটিত কৰে এই চুৰিকাণ্ডৰ ঘটনা।

আনহাতে,চোৰৰ দলটোৱে চুৰিকাণ্ডত ব্যৱহৃত চিপৰাং এৰি থৈ যায়। চোৰৰ দলটোৱে আব্দুল ফাজেৰ আলীৰ ঘৰৰ পৰা কাঁহৰ বাচন ৪ খন,পাটৰ কাপোৰ ৭ যোৰ, সোণৰ আঙুঠি ৩ টা,সোণৰ নেকলেচ ১ ডাল, সোণৰ চেইন ১ ডাল, সোণৰ কাণফুলি ২ যোৰ, নগদ ধন ৯২ হেজাৰৰ লগতে ২ টাকে কুকাৰকে ধৰি অন্যান্য সা- সামগ্রী চুৰি কৰি লৈ যোৱাৰ কথা জানিবলৈ দিছে। চোৰৰ দলটোৱে পৰিয়ালটোৰ বিভিন্ন কোঠাৰ পৰা দুটা গড্ৰেজ আৰু এটা শ্বো-কেচ্ ভাঙি পাট মুগাৰ কাপোৰ আৰু সোণৰ আ অলঙ্কাৰ ,নগদ ধন লৈ যায়।

আনহাতে, চোৰৰ দলটোৱে বক্স পালেংৰ মেট্ৰেছৰ কাপোৰ-কানি লণ্ড-ভণ্ড কৰে। উল্লেখ্য যে ঈদ উপলক্ষে পৰিয়ালটোৰ চাৰিজনীয়া পৰিয়ালটো তেওঁলোকৰ গুৱাহাটীৰ ভেটাপাৰা সাওকুছিস্থিত নিজ গৃহলৈ বুলি যোৱাৰ সুযোগ বুজি সংঘটিত কৰে এই চুৰিকাণ্ডৰ। ভুক্তভোগী পৰিয়ালটোৱে ইতিমধ্যে বেলশৰ আৰক্ষী থানাত ঘটনা সংক্ৰান্তত লিখিত এজাহাৰ দাখিল কৰিছে। অঞ্চলটোত সঘনাই সংঘটিত চুৰিকাণ্ডত এতিয়া অতিষ্ঠ হৈ পৰিছে স্থানীয় সচেতন মহল। অঞ্চলটোত গাঁওৰক্ষী বাহিনী আৰু আৰক্ষীৰ টহলৰ সু-ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় সচেতন মহলে।

বিএছএফক ১৪২ একৰ ভূমি হস্তান্তৰ পশ্চিমবংগ চৰকাৰৰঃ পহৰা চকী স্থাপন, কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণ কৰি সীমান্ত সুৰক্ষা শক্তিশালী কৰাৰ পদক্ষেপ

পহৰা চকী স্থাপন, কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণ কৰি সীমান্ত সুৰক্ষা শক্তিশালী কৰাৰ পদক্ষেপ
পহৰা চকী স্থাপন, কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণ কৰি সীমান্ত সুৰক্ষা শক্তিশালী কৰাৰ পদক্ষেপ

পশ্চিমবংগত বিগত সময়ছোৱাত ভাৰত-বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ স্থাপনৰ প্ৰসংগটো এক জটিল চৰ্চিত বিষয় হৈ পৰিছিল ৷ পূৰ্বৰ তৃণমূল কংগ্ৰেছ চৰকাৰে এই বেৰা স্থাপনৰ বাবে সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফক ভূমি হস্তান্তৰ নকৰাৰ অভিযোগ আছিল৷ কিন্তু এতিয়া পৰিৱেশ সলনি হৈছে৷ বংগত প্ৰথমবাৰলৈ বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে বিএছএফক সীমান্ত সুৰক্ষিত কৰাৰ স্বাৰ্থত ভূমি হস্তান্তৰ কৰিছে কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণৰ বাবে৷ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে বুধবাৰে উল্লেখ কৰে যে বিএছএফৰ পহৰা চকী স্থাপন আৰু কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণৰ সুবিধা প্ৰদান কৰি সীমান্ত সুৰক্ষা শক্তিশালী কৰাৰ বাবে চৰকাৰে তীব্ৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷

অধিকাৰীয়ে কয় যে এতিয়া অতিৰিক্ত ভূমি সীমান্ত সুৰক্ষা বাহিনীক গতাই দিয়া হৈছে, যাৰ ফলত মুঠ হস্তান্তৰ কৰা ভূমিৰ পৰিমাণ ১৪২.৭৯ একৰ হৈছে৷ এক্সত এটা পোষ্টত অধিকাৰীয়ে কয়, ‘পশ্চিমবংগ চৰকাৰে বিএছএফ আউটপোষ্ট আৰু কাঁইটীয়া তাঁৰৰ ফেন্সিং নিৰ্মাণৰ সুবিধা প্ৰদান কৰি সীমান্ত নিৰাপত্তা শক্তিশালী কৰাৰ বাবে তীব্ৰ ব্যৱস্থা গ্ৰহণ কৰিছে, যাৰ ফলত সীমান্ত অঞ্চলত নিৰাপত্তা অধিক বৃদ্ধি পাইছে ৷ এতিয়া অতিৰিক্ত মাটি বিএছএফৰ হাতত অৰ্পণ কৰা হৈছে, যাৰ ফলত মুঠ মাটিৰ পৰিমাণ ১৪২.৭৯ একৰলৈ বৃদ্ধি পাইছে৷’ অধিকাৰীয়ে সদৰী কৰা তথ্য অনুসৰি মুৰ্শিদাবাদত সৰ্বাধিক আবণ্টন দিয়া হৈছে ৩৮.৮০৫ একৰ ভূমি, তাৰ পিছতে জলপাইগুৰিত ৩৫.১৬৫ একৰ আৰু কোচবিহাৰত ২২.৯৫ একৰ ভূমি বিএছএফক অৰ্পণ কৰা হৈছে৷

‘এই চলি থকা পদক্ষেপৰ অংশ হিচাপে ইতিমধ্যে জ্ঝখন জিলাত যথেষ্ট পৰিমাণৰ মাটি হস্তান্তৰ কৰা হৈছে৷ এতিয়ালৈকে বিএছএফলৈ হস্তান্তৰ কৰা মাটিৰ পৰিমাণ এনে ধৰণৰ– কোচবিহাৰত ২২.৯৫ একৰ, জলপাইগুৰিত ৩৫.১৬৫ একৰ, দাৰ্জিলিঙৰ জ্জ্ব.৮১৫ একৰ, উত্তৰ দিনাজপুৰত ২.৮৪ একৰ, দক্ষিণ দিনাজপুৰত ২০.১৭০১ একৰ, মালদাত ১০.৯০ একৰ, মুৰ্শিদাবাদত ৩৮.৮০৫ একৰ, নদিয়াত ০.৫৫ একৰ আৰু উত্তৰ ২৪ পৰগনাত ২.৬ একৰ৷’ পোষ্টটোত উল্লেখ কৰা হৈছে৷ পশ্চিম বংগ চৰকাৰে সীমান্ত সুৰক্ষা বাহিনীক ২৭ কিলোমিটাৰ ভূমি অৰ্পণ কৰাৰ পিছতে শিলিগুৰি মহকুমাৰ ফাঁচিদেৱা অঞ্চলত ভাৰত-বাংলাদেশ সীমান্তত ফেন্সিং স্থাপনৰ কাম আৰম্ভ হৈছে, যিটোৱে অঞ্চলটোৰ সীমান্ত সুৰক্ষা শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰিছে ৷ তদুপৰি, পশ্চিমবংগত ভাৰতীয় জনতা পাৰ্টী চৰকাৰে ‘ডিটেক্ট, ডিলিট এণ্ড ডিপ’ৰ্ট’ নীতি প্ৰৱৰ্তন কৰা মাজতে কতৃৰ্পক্ষই নথি-পত্ৰবিহীন বাংলাদেশী প্ৰব্ৰজনকাৰীৰ ওপৰত দমন আৰম্ভ কৰাৰ পিছত বাংলাদেশ সীমান্তৰ সমীপৰ হাকিমপুৰ চেকপোষ্টত একাধিক লোকৰ সমাগম ঘটে৷ উত্তৰ ২৪ পৰগনা জিলাত অৱস্থিত হাকিমপুৰ চেকপোষ্ট হৈছে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পথ ৷ হাওৰাত মেকানিক হিচাপে কাম কৰা এজন বাংলাদেশী প্ৰব্ৰজনকাৰীয়ে কয় যে তেওঁলোকে কাম বিচাৰি নোপোৱাৰ বাবেই গুচি গৈছে আৰু পশ্চিমবংগ চৰকাৰৰ ‘ডিটেক্ট, ডিলিট, ডিপ’ৰ্ট’ নীতি ৰূপায়ণৰ বাবে তেওঁলোকক থাকিবলৈ দিয়া হোৱা নাই ৷

আকাশত কমিব এয়াৰ ইণ্ডিয়াৰ বিমানঃ ঘৰুৱা বিমান সেৱা ২২ শতাংশ পৰ্যন্ত হ্ৰাস কৰাৰ সিদ্ধান্ত

আকাশত কমিব এয়াৰ ইণ্ডিয়াৰ বিমানঃ
আকাশত কমিব এয়াৰ ইণ্ডিয়াৰ বিমানঃ

ইন্ধনৰ অধিক মূল্যৰ ফলত কাৰ্যকৰী ব্যয় বৃদ্ধি পোৱাৰ মাজতে এয়াৰ ইণ্ডিয়াই ঘৰুৱা বিমান সেৱা ২২ শতাংশ পৰ্যন্ত হ্ৰাস কৰিব বুলি সূত্ৰই প্ৰকাশ কৰিছে৷ আৰ্থিক সংকটৰ ফলত লোকচানৰ সন্মুখীন হোৱা বিমান সংস্থাটোৱে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা প্ৰায় ২৭ শতাংশ হ্ৰাস কৰিছে বুলিও সূত্ৰসমূহে প্ৰকাশ কৰিছে ৷ সাপ্তাহিকভাৱে এয়াৰ ইণ্ডিয়াৰ প্ৰায় ৪৪০০ বিমান চলাচল কৰে৷ ইয়াৰে প্ৰায় ৩৬০০ বিমানে ঘৰুৱা আৰু ৮০০ বিমানে আন্তঃৰাষ্ট্ৰীয় সেৱা আগবঢ়ায়৷ বুধবাৰে এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয়, ‘২০২৬ চনৰ জুন আৰু আগষ্ট মাহৰ ভিতৰত কিছুমান আন্তঃৰাষ্ট্ৰীয় সেৱাৰ ক্ষেত্ৰত আমি পূৰ্বে ঘোষণা কৰা সালসলনি অব্যাহত ৰাখি একে সময়তে কিছুমান ঘৰুৱা পথত সাময়িকভাৱে কাম-কাজ সৰল কৰিছোঁ আৰু কিছুমান পথত বিমান হ্ৰাস কৰিছোঁ৷’ সূত্ৰই জনোৱা মতে, ঘৰুৱা বিমান সেৱাৰ ২০-২২ শতাংশ হ্ৰাস পাব৷ বিমান সংস্থাটোৱে কয় যে এই পৰিৱৰ্তনসমূহ ইয়াৰ সামগ্ৰিক কাৰ্যকলাপত ইন্ধনৰ উচ্ছ মূল্যৰ প্ৰভাৱ অব্যাহত থকাৰ বাবেই কৰা হৈছে৷ এয়াৰ ইণ্ডিয়াই বিবৃতিটোত লগতে কয় যে পৰিস্থিতি উন্নত হ’লেই বিমান চলাচল বৃদ্ধি কৰিবলৈ চাহিদা আৰু পৰিচালনাৰ অৱস্থা তীক্ষ্ণভাৱে নিৰীক্ষণ কৰা হ’ব৷

কোম্পানীটোৱে লগতে কয় যে এই পৰিৱৰ্তনৰ দ্বাৰা প্ৰভাৱিত যাত্ৰীসকলক প্ৰযোজ্য নিয়ম অনুসৰি বিকল্প বিমান যাতায়াতৰ ব্যৱস্থা, বিনামূলীয়াকৈ টিকট পুনৰ নিৰ্ধাৰণ কৰা বা সম্পূৰ্ণ ধন ঘূৰাই দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ পশ্চিম এছিয়াত উত্তেজনা আৰু হৰমুজ জলদ্বীপ অৱৰোধৰ সৈতে জড়িত থকা সংকটৰ মাজতে ২০২৬ চনৰ জুন আৰু আগষ্ট মাহৰ ভিতৰত কিছুমান আন্তঃৰাষ্ট্ৰীয় পথত বিমান সেৱা বন্ধ আৰু হ্ৰাস কৰাৰ কথা ঘোষণা কৰাৰ কিছু দিন পিছতে এই পদক্ষেপ গ্ৰহণ কৰিছে বিমান সংস্থাটোৱে৷ দিল্লী-চিকাগো, মুম্বাই-নিউয়ৰ্ক, দিল্লী-সাংহাই, চেন্নাই-ছিংগাপুৰ আৰু আন দুটা পথত সেৱা সাময়িকভাৱে বন্ধ কৰি দিব বুলি জানিবলৈ দিয়ে বিমান সংস্থাটোৱে৷ জুন-আগষ্টৰ বাবে আন্তঃৰাষ্ট্ৰীয় সেৱাৰ যুক্তিসংগতকৰণৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰি এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয়– ‘এই পৰিৱৰ্তনৰ লক্ষ্য হৈছে নেটৱৰ্কৰ স্থিতিশীলতা উন্নত কৰা আৰু যাত্ৰীসকলৰ শেষমুহূৰ্তত হোৱা অসুবিধা হ্ৰাস কৰা৷’

Meta: বিনা পইচাত চলাব নোৱাৰিব হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্ৰামঃ মেছেজৰ পৰা ৰিললৈকে সকলোতে চাৰ্জ ল’ব জুকাৰবাৰ্গে

মেছেজৰ পৰা ৰিললৈকে সকলোতে চাৰ্জ ল’ব জুকাৰবাৰ্গে
মেছেজৰ পৰা ৰিললৈকে সকলোতে চাৰ্জ ল’ব জুকাৰবাৰ্গে

হোৱাটছএপ,(Meta)ফেচবুক, ইনষ্টাগ্ৰাম আৰু বিনামূলীয়া নহ’ব; মেছেজৰ পৰা আৰম্ভ কৰি ৰিললৈকে সকলো বস্তুৰ বাবে জুকাৰবাৰ্গে চাৰ্জ ল’ব। ফেচবুক , ইনষ্টাগ্ৰাম,হোৱাটছএপ ব্যৱহাৰকাৰীলৈ এয়া এক ডাঙৰ খবৰ। ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ ব্যৱহাৰৰ বাবে লাগিব ধন। মাহে মাহে মাচুল দিলেহে ব্যৱহাৰ কৰিব পাৰিব এই সমূহ মাধ্যম।(Meta launches paid subscriptions)

মেটাই অতি সোনকালে ইনষ্টাগ্ৰাম, ফেচবুক আৰু হোৱাটছএপৰ বাবে নতুন ‘প্লাছ’ চাবস্ক্ৰিপচন প্লেন প্ৰৱৰ্তন কৰিব পাৰে, যিয়ে কেইবাটাও প্ৰিমিয়াম ফিচাৰ আগবঢ়াব। এইবোৰৰ বাবে ব্যৱহাৰকাৰীয়ে অতিৰিক্ত ধন দিব লাগিব।

এই পদক্ষেপ বিজ্ঞাপনৰ বাহিৰেও নতুন ৰাজহৰ ধাৰা সৃষ্টিৰ বাবে মেটাৰ কৌশলৰ অংশ। নতুন প্লাছ প্লেনে কোম্পানীটোৰ বৰ্তমানৰ ‘মেটা ভেৰিফাইড’ প্লেনৰ ঠাই ল’ব নোৱাৰে।(Instagram, Facebook, WhatsApp)

বৰ্তমান মেটাই এই নতুন ‘প্লাছ’ চাবস্ক্ৰিপচন প্লেনসমূহৰ গ্ল’বেল ৰোলআউটৰ কথা ঘোষণা কৰিছে যদিও কোম্পানীয়ে ভাৰতত মুকলিৰ তাৰিখ ঘোষণা কৰা নাই।

যিহেতু ভাৰত মেটাৰ বাবে বিশ্বৰ সৰ্ববৃহৎ ব্যৱহাৰকাৰী ভিত্তি বজাৰ, সেয়েহে কোম্পানীটোৱে সাধাৰণতে তাত ডাঙৰ ডাঙৰ বৈশিষ্ট্যসমূহ পৰ্যায়ক্ৰমে ৰূপায়ণ কৰে।

মেটাৰ ‘হেড অৱ প্ৰডাক্ট’ নাওমি গ্লেটে  প্ৰকাশ কৰা অনুসৰি, এই প্লাছ প্লেনসমূহৰ মূল্য হ’ব – 

১. ফেচবুক,ইনষ্টাগ্ৰামৰ বাবে প্ৰতি মাহে ৩.৯৯ মাৰ্কিন ডলাৰ (ভাৰতীয় টকাৰ হিচাপত প্ৰায় ৩৮৭ টকা)।  
২. হোৱাটছএপ  বাবে প্ৰতি মাহে ২.৯৯ মাৰ্কিন ডলাৰ (ভাৰতীয় টকাৰ হিচাপত প্ৰায় ২৯০ টকা)।

ইনষ্টাগ্ৰাম প্লাছ আৰু ফেচবুক প্লাছ মূলতঃ সামাজিক প্ৰকাশ আৰু সৃষ্টিকৰ্তাক মনত ৰাখি ডিজাইন কৰা হৈছে। ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ ষ্ট’ৰী পুনৰ চোৱা মুঠ লোকৰ সংখ্যা চাব পাৰিব। ইয়াৰ উপৰিও আৰু বহু সুবিধাও উপলব্ধ হ’ব।

কিয় সলনি হৈছে ছ’চিয়েল মিডিয়াৰ ব্যৱসায়িক মডেল?

বছৰ বছৰ ধৰি ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ সম্পূৰ্ণ বিনামূলীয়া হৈ আছিল কাৰণ কোম্পানীসমূহে ব্যৱহাৰকাৰীৰ ডাটা আৰু বিজ্ঞাপনৰ পৰা কোটি কোটি টকা উপাৰ্জন কৰিছিল। কিন্তু এতিয়া বিশ্বজুৰি এই এপসমূহৰ ব্যৱহাৰকাৰীৰ সংখ্যা শিখৰত উপনীত হৈছে, অৰ্থাৎ নতুন ব্যৱহাৰকাৰী আহৰণৰ গতি লেহেমীয়া হৈছে।

ইয়াৰ উপৰিও গোপনীয়তা নিয়ম কঠোৰ কৰাটোৱে বিজ্ঞাপনৰ ৰাজহত প্ৰভাৱ পেলাইছে। এই কাৰণেই ইলন মাস্কৰ এক্সৰ দৰে মেটাইও এতিয়া ব্যৱহাৰকাৰীৰ পৰা প্ৰত্যক্ষভাৱে চাৰ্জ লৈ নিজৰ ৰাজহৰ ধাৰা সুৰক্ষিত কৰিছে।

ৰাষ্ট্ৰীয় সংগীত প্ৰতিযোগিতাত উজলিল অসম কন্যা অভিলাষা

ৰাষ্ট্ৰীয় সংগীত প্ৰতিযোগিতাত উজলিল অসম কন্যা অভিলাষা
ৰাষ্ট্ৰীয় সংগীত প্ৰতিযোগিতাত উজলিল অসম কন্যা অভিলাষা

কলকাতাত অনুষ্ঠিত ‘লয়লহৰী’ অল ইণ্ডিয়া অফলাইন টেলেণ্ট ছাৰ্চ মিউজিক কনটেষ্টত চাৰিওটা বিভাগত পুৰস্কাৰ লাভ কৰি সাফল্য অৰ্জন কৰিছে অসম কন্যা অভিলাষা চক্ৰৱৰ্তীয়ে। স্বামী বিবেকানন্দ ফাউণ্ডেচন অফ আৰ্ট এণ্ড কালচাৰৰ উদ্যোগত যোৱা ১৬ আৰু ১৭ মে’ কলকাতাত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা।

দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই সংগীত প্ৰতিযোগিতাৰ আজি ফলাফল ঘোষণা কৰা হয়। ঘোষিত ফলাফল অনুসৰি, অভিলাষাই ছেমি-ক্লাছিকেল, ৰবীন্দ্ৰ সংগীত, খেয়াল আৰু ভজন—এই চাৰিওটা বিভাগত পুৰস্কৃত হৈছে।

সাংবাদিক অৰূপ চক্ৰৱৰ্তী আৰু বৰ্ণালী চক্ৰৱৰ্তীৰ কন্যা অভিলাষা গুৱাহাটী খানাপাৰাৰ পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী। পোন্ধৰ বছৰ বয়সতে ৰাষ্ট্ৰীয় মঞ্চত এই সাফল্যই তেওঁৰ নিষ্ঠা, নিয়মীয়া অনুশীলন আৰু সংগীতৰ প্ৰতি গভীৰ আগ্ৰহৰ পৰিচয় দিছে।

পৰিয়ালৰ ফালৰ পৰা জনোৱা অনুসৰি, সৰুৰে পৰা সংগীতৰ প্ৰতি অভিলাষাৰ বিশেষ আগ্ৰহ আছিল। পঢ়া-শুনাৰ সমান্তৰালভাৱে নিয়মীয়াকৈ সংগীতচৰ্চা কৰি আহিছে তেওঁ। সুৰ, তাল আৰু লয়ৰ প্ৰতি একাগ্ৰতা, লগতে নিৰন্তৰ অনুশীলনে অভিলাষাক ধীৰে ধীৰে ডাঙৰ মঞ্চৰ বাবে সাজু কৰি তুলিছে।

অভিলাষাৰ এই সংগীত-যাত্ৰাত উস্তাদ ৰশিদ খান একাডেমিৰ গুৰুসকলৰ দিশা আৰু প্ৰশিক্ষণ বিশেষভাৱে উল্লেখযোগ্য। পৰিয়ালৰ আশীৰ্বাদ, শুভাকাংক্ষীৰ মৰম আৰু গুৰুজনৰ পৰামৰ্শই তেওঁৰ এই সাধনাক অধিক শক্তি দিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা এই স্বীকৃতিয়ে অভিলাষাৰ আগন্তুক সংগীত-যাত্ৰাক অধিক উজ্জ্বল কৰি তুলিব বুলি আশা কৰা হৈছে।

গুৱাহাটী মহানগৰীৰ জাইকাৰ পানী টেংকিত চাঞ্চল্যকৰ ঘটনা

গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা।
গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা।

গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা।

জাইকাৰ পানী টেংকিত যুৱকৰ মৃতদেহ উদ্ধাৰ।

গুৱাহাটী লোকভৱনৰ সমীপত থকা পানী টেংকিত উদ্ধাৰ মৃতদেহটো।

মৃত যুৱকজনৰ নাম কামেশ বুলি জানিব পৰা গৈছে।

নিহত কামেশ আছিল জাইকাৰ কৰ্মচাৰী।

সাৱধানঃ ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন ফ্লু

সাৱধানঃ ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন ফ্লু
সাৱধানঃ ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন ফ্লু

মন গ’লেই গাহৰি মাংস খাই নিদিব।

ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন ফ্লু।

সাৱধান হ’বলৈ আহ্বান প্ৰশাসনৰ।

শদিয়া সমজিলাত আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ।

কাকপথাৰৰ উত্তৰ ৰংপুৰীয়া গাঁৱত প্ৰশাসনৰ নিৰ্দেশনা জাৰি।

৩০ দিনলৈ গাহৰিৰ মাংস বিক্ৰী, পৰিবহণ সম্পূৰ্ণ নিষিদ্ধ।

তিনিচুকীয়া জিলা প্ৰশাসন জাৰি কৰিছে নিষেধাজ্ঞা ।

আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰে ।

পৰ্যটকৰ বাবে বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

পৰ্যটকৰ বাবে বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
পৰ্যটকৰ বাবে বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

পৰ্যটকৰ বাবে বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৫-২৬ পৰ্যটন বৰ্ষৰ সামৰণি পৰিল।

বন্ধ হ’ল কাজিৰঙাৰ চাৰিটা মুখ্য বনাঞ্চল।

বিগত পৰ্যটন বৰ্ষত ৪.৭০ লাখতকৈ অধিক পৰ্যটকৰ আগমন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ।

পুনৰ অক্টোবৰ-নৱেম্বৰ মাহত মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ।








আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান

আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান
আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান

আজি শ্যামকানুৰ জামিনৰ ৰায় দিব আদালতে।

ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালত হ’ব জামিন আবেদনৰ ৰায়দান।

দিনৰ ২ বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিব ৰায়।

ইপিনে, ফাষ্টট্রেক আদালতত আন ৫ অভিযুক্তৰো জামিনৰ আজি শুনানি।

শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্ত, সন্দীপন গার্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যৰ জামিন আবেদনৰ শুনানি।

বিতৰ্কিত ব্যৱসায়ী মুকেশ জালানক পুনৰ গ্ৰেপ্তাৰ

বিতৰ্কিত ব্যৱসায়ী মুকেশ জালানক পুনৰ গ্ৰেপ্তাৰ
বিতৰ্কিত ব্যৱসায়ী মুকেশ জালানক পুনৰ গ্ৰেপ্তাৰ

বিতৰ্কিত ব্যৱসায়ী মুকেশ জালানক পুনৰ গ্ৰেপ্তাৰ।

দীৰ্ঘদিন ধৰি কৰ ফাকি দি আহিছিল বিতৰ্কিত ব্যৱসায়ীজনে।

কৰ ফাঁকিৰ অভিযোগত GST বিভাগে গ্ৰেপ্তাৰ কৰে ব্যৱসায়ী জালানক।

আঠগাঁৱৰ হনুমান টাৱাৰৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ ব্যৱসায়ী মুকেশ জালানক ।