Home Blog Page 1106

সমগ্ৰ শিক্ষা, মাজুলী শিক্ষাখণ্ডৰ উদ্যোগত বিশ্ব ব্ৰেইল দিৱস উদযাপন

সমগ্ৰ শিক্ষা, মাজুলী শিক্ষাখণ্ডৰ উদ্যোগত আলিমূৰ দক্ষিণপাট কৈৱৰ্ত্ত প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব ব্ৰেইল দিৱস উদযাপন কৰে I বিশ্ব ব্ৰেইল দিৱসৰ লগত সংগতি ৰাখি সৰ্বাত্মক খেল-ধেমালি পুৱা ৯:০০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় I

বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলেও প্ৰত্যেক খেল-ধেমালিত অংশগ্ৰহণ কৰি পূৰ্ণ সহযোগিতা আগবঢ়ায় I দুপৰীয়া ১২:০০ বজাৰ পৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু খণ্ড মিছন সমন্বয়ক সৌৰভ বৰফুকনৰ সভাপতিত্ব সম্বৰ্দ্ধনা আৰু পুৰস্কাৰ বিতৰণী সভা অনুষ্ঠিত হয় I

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সৰ্বাত্মক শিক্ষা,মাজুলী শিক্ষাখণ্ডৰ ব্যক্তি ৰমেন বৰুৱাই I বিশিষ্ট অতিথি ক্ৰমে- বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ,ৰাৱনাপাৰৰ অধ্যক্ষ তপন শইকীয়া , খণ্ড সমল ব্যক্তি অৰিন্দম শইকীয়া, মণ্ডল সমন্বয়ক মনোজ্যোতি ৰেগন,ডম্বৰুধৰ নাথ আৰু আলিমূৰ কৈৱৰ্ত্ত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বুবুল শইকীয়াই উপস্থিত থাকি বক্তব্য প্ৰদান কৰে I

সভাত সমল ব্যক্তি ক্ৰমে – সুনিল শইকীয়া , বিশ্বজিৎ দত্ত,মহেন্দ্ৰ বৰা আৰু ১৬৯ নং কুলি চাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অমূল্য টায়ে উপস্থিত থাকে I বিশ্ব ব্ৰেইল দিৱসৰ লগত সংগতি ৰাখি সৰ্বাত্মক শিক্ষাৰ বিশেষ প্ৰয়োজন সম্পন্ন শিশুসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিভিন্ন দিশত সহযোগিতা আগবঢ়াই অহা মাজুলী শিক্ষাখণ্ডৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সকলৰ ভিতৰত শ্ৰেষ্ঠ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক হিচাপে মনোজ্যোতি ৰেগন আৰু শ্ৰেষ্ঠ প্ৰধান শিক্ষক হিচাপে অমূল্য টায়েক মানপত্ৰ ,গামোচা আৰু কিতাপৰ টোপোলাৰে সম্বৰ্দ্ধনা জনায় I

ইয়াৰ পিছতে পুৰস্কাৰপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰে I সভাপতিৰ মন্তব্যৰ পিছতে জাতীয় সংগীত পৰিৱেশন কৰি সভা ভংগ ঘোষণা কৰে I

ৰহাত বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ পদযাত্ৰা কাৰ্যসূচী

ৰহাত বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ পদযাত্ৰা কাৰ্যসূচী। যোৱা ২৭ডিচেম্বৰৰ পৰা বিজেপিৰ অনুসূচীত জাতি মৰ্চাই ৰাজ্যজুৰি চলোৱা পদযাত্ৰাৰ অংশস্বৰূপে ৰহাতো দুদিনীয়াকৈ এই পদযাত্ৰা অনুষ্ঠিত কৰে।

ৰহাতো বিজেপি চৰকাৰৰ উন্নয়নমূলক কাম-কাজ তথা আঁচনিসমূহ ৰাইজৰ মাজলৈ নিয়াৰ উদেশ্যে মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী মুন স্বৰ্ণকাৰৰ নেতৃত্বত চলোৱা এই পদযাত্ৰাৰ শেষত বৃহস্পতিবাৰে ৰহা পুৰণা চাৰিআলিত অনুষ্ঠিত কৰা হয় এক জনসভা।

জনসভাত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। জনসভাখনত ভাষণ দি ৰাজ্যিক সভাপতিগৰাকীয়ে বিজেপি চৰকাৰৰ দিনত হোৱা দেশ তথা অসমৰ উন্নয়নৰ এক খতিয়ান দাঙি ধৰাৰ লগতে চৰকাৰৰ আঁচনিসমূহৰ বিবৰণো দাঙি ধৰে।

আগন্তুক লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীয়ে বিপুল ভোটত জয় হ’ব বুলি মন্তব্য কৰি এইবাৰ লোকসভা নিৰ্বাচনত সমগ্ৰ ভাৰততে বিজেপিয়ে ইতিহাস ৰচিব বুলিও মন্তব্য কৰে। ডিমা হাচাও স্বায়ত্ত পৰিষদৰ নিৰ্বাচনতো বিজেপিয়ে আটাইকেইখন আসন লাভ কৰিব বুলি দাবী কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে।


জনসভাখনত সমাজৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ৰহা সমষ্টিৰ ২৫গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। এই জনসভাতে অসম জাতীয় পৰিষদৰ অৰ্ধ শতাধিক কৰ্ম-কৰ্তাই ৰাজ্যিক সভাপতিৰ উপস্থিতিত বিজেপিত যোগদান কৰে।

সংৰক্ষণ-দায়বদ্ধতা আৰু পৰিবেশ চেতনাবোধৰ অনন্য গ্ৰন্থঃ কোলাহল আৰু নীৰৱতাৰ সিপাৰে

পৰিৱেশৰ মনোমোহা কথাৰে সজোৱা কাহিনীবোৰ পঢ়ি আমি ভাল পাওঁ। সংৰক্ষণৰ কথাবোৰ পঢ়ি ভাল নম্বৰ লৈ জীৱনত সফল হওঁ যদিও প্ৰায়ে সেই সংৰক্ষণ আৰু দায়িত্বৰ কথাবোৰ পাহৰি থাকোঁ। ইয়াৰ মূলতে হ’ল আমাৰ দায়বদ্ধ গুণৰ বিষয়ে জানিলেও ইয়াৰ কাৰ্যকৰী জ্ঞান নথকাটো। ধৰক আপোনালোকৰ গাঁওখনৰ মাজলৈ পথ হেৰুৱাই হঠাতে কেইটামান পহু আহিল।

হঠাতে অহা এই পহুকেইটাক দেখা পালে আমি বাৰু কি কৰিম? কেপচাৰ মায়’পেথি নামৰ কাৰকবিধে এইক্ষেত্ৰত ভয়ংকৰভাৱে ক্ৰিয়া কৰিব পাৰে। তেন্তে ইয়াৰ বাবে আমি কি কৰা উচিত? পৰিবেশ সুৰক্ষাৰ বাবে আমি বহুত কথা ক’লোঁ। বহু ভাষণ দিলোঁ। এতিয়া কাম কৰাৰ সময়। এই কাম আমি কেনেদৰে কাৰ সৈতে কৰিব পাৰিম? ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত চাৰিকড়ীয়া নদীৰ পাৰৰ জীৱ বৈচিত্ৰ্য সুৰক্ষাৰ ক্ষেত্ৰত কেনেদৰে কাম কৰি আছে মানস, বিমান, ৰণ্টু, ধ্ৰুৱ, ধৰ্মেশ্বৰ সৈতে? কি শিকিবলগীয়া আছে তেওঁলোকৰ পৰা? মানুহ প্ৰকৃতিৰ উপাসক। প্ৰকৃতিৰ সৈতে জড়িত হৈ থাকে এটা জাতীৰ স্বকীয়তা, জাতীয় পৰম্পৰা। এই পৰম্পৰাই গঢ় দিয়ে লোকসাংস্কৃতিক ঐতিহ্য।

তেনে লোক পৰম্পৰাৰ সৈতে সম্পৰ্ক থাকে নদী, পাহাৰ, জলপ্ৰপাত আদিৰ…। এনে কি পৰম্পৰাৰে গঢ় লৈ উঠিছে চিৰকি জলপ্ৰপাতৰ ঐতিহ্য জানিবলৈ মন নাযায়নে? নাৰী প্ৰকৃতিৰ দৰে। প্ৰকৃতিৰ দৰে নাৰীও আমাৰ উপাস্য। পৃথিৱীৰ বহু ঠাইত নীৰৱে পৰিৱেশ সংৰক্ষণৰ হকে কেনেদৰে কাম কৰি আছে?

অসমত পক্ষী অধ্যয়নৰ ঐতিহ্য আৰু পৰম্পৰাৰ কথাবোৰ জানিবলৈ মন নাযায়নে? প্ৰথমজন অসমীয়া পক্ষীবিদ বুলিলে আমি প্ৰফুল্ল দত্ত গোস্বামীৰ কথা বুজোঁ। কিন্তু তেওঁৰ অধ্যয়নৰ কোনবোৰ দিশ পৰ্যবেক্ষণ কৰি এই অভিধা দিয়া হৈছে? চিঁয়া নাহৰ।

লখিমপুৰৰ দুলুঙৰ ঐতিহ্য স্বৰূপ চিঁয়া নাহৰৰ বৈজ্ঞানিক নামৰ সৈতে জড়িত হৈ আছে অসমৰ নাম। মেচুৱা আচামিকা নামেৰে সৰ্বজনবিদিত এই নাহৰৰ অতীত বুৰঞ্জীৰ বিষয়ে জানিবলৈ আমি জানিব লাগিব লখিমপুৰৰ বন বৈচিত্ৰ্যৰ কথা। শগুন। প্ৰকৃতিৰ জমাদাৰস্বৰূপ এই পক্ষীবিধ সংৰক্ষণৰ বাবে কেনেদৰে কাম হৈ আছে। কেনেদৰে অসমৰ লোকপৰম্পৰাৰ সৈতে জড়িত হৈ আছে ভাৰতীয় সাংস্কৃতিক বৈচিত্ৰ্য। পৰিৱেশ চেতনাবোধ আৰু সংৰক্ষণৰ এনে বহু কথাৰ মাজত বিচৰণ কৰিবলৈ আৰু জানিবলৈ আপুনি হাতত তুলি ল’ব লাগিব এখন কিতাপ। যিখন কিতাপৰ নাম হ’ল- ‘কোলাহল আৰু নীৰৱতাৰ সিপাৰে’।

পাঞ্চজনে বুকছে প্ৰকাশ কৰা এই গ্ৰন্থখন লিখিছে মানস প্ৰতিম দত্তই। অসমৰ পৰিৱেশ-প্ৰকৃতি সংৰক্ষণৰ হকে নিৰবিচ্ছিন্নভাৱে কাম কৰি থকা লেখক দত্তই নৱতম গ্ৰন্থ ‘কোলাহল আৰু নীৰৱতাৰ সিপাৰে’ সম্পৰ্কে কয় যে, ইয়াত পৰিৱেশ সাহিত্যৰ নব্যধাৰা ইক’ট্ৰেভেল’জিৰ সম্যক ধাৰণা দিব পৰাকৈ মনোৰম কাহিনীৰ কেইবাটাও ট্ৰেভেল ষ্ট’ৰী অন্তৰ্ভুক্ত কৰাৰ লগতে বন্যপ্ৰাণী উদ্ধাৰৰ বহুতো প্ৰত্যক্ষ অভিজ্ঞতাৰ ইতিবাচক কাহিনী সংকলিত হৈছে।’ ইক’ট্ৰেভেল’জিৰ লগতে ইয়াত সংযোজিত সৌম্যদ্বীপ দত্ত, ড° নৱ কুমাৰ চমুৱা, যুগল সন্দিকৈ আৰু হীৰেণ দত্তৰ তথ্যসমৃদ্ধ আৰু বাস্তৱজ্ঞান সমৃদ্ধ সাক্ষাৎকাৰ কেইটিয়ে গ্ৰন্থখনক সোণত সুৱগা চৰাইছে। গ্ৰন্থখনৰ মূল্য ২৫০ টকা। এই মূল্যৰ বিপৰীতে পাঠকে পাব অনেক মূল্যবান আৰু পৰিৱেশ দায়িত্ববোধৰ নৈতিকতাৰ সম্ভাৰ।

২ টা দিনৰ বাবে স্তব্ধ হৈ পৰিব অসম! ৰাজ্যত নচলিব বাণিজ্যিক যান-বাহন…

শুকুৰবাৰৰ পৰা ৰাজ্যত নচলিব বাণিজ্যিক যান-বাহন! ৰাজ্যজুৰি বন্ধ থাকিব দিবা-নৈশ বাছ সেৱাও। গুৱাহাটীত নচলিব অ’লা-উবেৰ।

৫ আৰু ৬ জানুৱাৰীত ৰাজ্যত নচলিব বাহন (৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব এই সেৱা)। যান-বাহনৰ নতুন আইন বাতিলৰ দাবীত এই বন্ধ কাৰ্যসূচী।

এক কথাত আগন্তুক ২ টা দিনৰ বাবে স্তব্ধ হৈ পৰিব অসম! Hit And Run আইনৰ বিৰোধীতাৰে বৃহৎ আন্দোলনৰ ঘোষণা চালকসকলৰ। নাটনি হ’ব পাৰে পেট্র’ল-ডিজেল, ৰন্ধন গেছৰ!

মাজবাটত চালান বিহীন আৰু অবৈধ মাটি খনন কৰা চাৰিখন ডাম্পাৰ জব্দ

ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিভাগৰ অভিযানত চালান বিহীন আৰু অবৈধ মাটি খনন কৰা চাৰিখন ডাম্পাৰ জব্দ বন বিভাগৰ।

জানিব পৰা মতে মাজবাট আঞ্চলিক বন বিভাগৰ ৰেঞ্জাৰ জগদীশ বসুমতাৰী আৰু বীট অফিচাৰ মিন্টু বড়োৰ নেতৃত্বত বন কৰ্মীৰ দলে পৃথকে পৃথকে অভিযান চলায় ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত।

উক্ত অভিযানত পাউৰীপোটা অঞ্চলৰ ধনশ্ৰী বজাৰৰ কাষত অবৈধ ভাবে মাটি খনন কৰি লৈ যোৱা অৱস্থাৰ পৰা AS-25-EC-7123, AS-25-FC-0809 নম্বৰ ডাম্পাৰ জব্দ কৰে। আনহাতে কৌপাটী অঞ্চলৰ পৰা চালান বিহিন AS-01-LC-3324 আৰু AS-27-C-8720 নম্বৰৰ বালি ভৰ্তি ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়।

পিচত বন বিভাগৰ দলে জব্দ কৰা চাৰিখন ডাম্পাৰ মাজবাট আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত লৈ আনে বুলি বন পালক খৰ্গেশ্বৰ নাথে জানিবলৈ দিয়ে।

মুখত অক্সিজেন মাস্ক লৈ চিকিৎসালয়ত ভৰ্তি উৰ্ফি জাভেদ! কি হ’ল উৰ্ফিৰ ?

কোনো ডিজাইনাৰৰ কাপোৰ নহয়। আনকি হেয়াৰষ্টাইলও নহয়। বছৰটোৰ আৰম্ভণিতে উৰ্ফি জাভেদক চিকিৎসালয়ৰ পোছাকত দেখা গৈছে। মুখত অক্সিজেন মাস্ক; এখন চিকিৎসালয়ৰ বিচনাত পৰি আছে। বৃহস্পতিবাৰে, উৰ্ফিয়ে নিজৰ সামাজিক মাধ্যমৰ পৃষ্ঠাত নিজৰ এখন ফটো পোষ্ট কৰিছিল। অৱশ্যে, পিছত তেওঁ নিজেই পোষ্টটো বিলোপ কৰে। অনুৰাগীসকলে উৰ্ফিক এই অৱস্থাত দেখি আচৰিত হৈছিল।

সকলোৰে প্ৰশ্ন হ’ল তেওঁৰ কি হ’ল? তেওঁ বৰ অসুস্থ হৈ পৰিছে নেকি? আনকি উৰ্ফিৰ উদ্যোগৰ ওচৰৰ লোকসকলেও তাইক লৈ চিন্তিত। বহুতে মন্তব্যও কৰিছিল। কিন্তু উৰ্ফিয়ে তাইৰ কি হৈছিল সেয়া প্ৰকাশ কৰা নাই। উৰ্ফিক আগতেও ২০২২ চনৰ আগষ্টত এবাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। জ্বৰ কমি নোযোৱাৰ বাবে, তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। এইবাৰো তেনেকুৱা কিবা ঘটিছিল নেকি? ইয়াৰ কোনো উত্তৰ দিয়া নাই।

যোৱা কেইবছৰমানত, উৰ্ফি তাইৰ কাপোৰ আৰু ফেশ্বনৰ বাবে বহুবাৰ বিতৰ্কৰ সৈতে জড়িত হৈ আছে। শেহতীয়াকৈ, বহুতে তেওঁক বেলেগ ৰূপত দেখি আচৰিত হৈছিল। তেওঁক মুম্বাইৰ এখন হোটেলত গ্ৰাহকসকলক খাদ্য পৰিৱেশন কৰা দেখা গৈছিল।

ভিডিঅ’টো সামাজিক মাধ্যমত প্ৰচাৰিত হৈছে। বগা চাৰ্ট, পেঞ্চিল স্কাৰ্ট পিন্ধি, কেতিয়াবা সুৰাপান, কেতিয়াবা খাদ্য দি, তেওঁ মেজৰ পৰা মেজলৈ খাদ্য বিলাই আছে। ভিডিঅ’টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি উৰ্ফিয়ে লিখিছিল, “কোনো কাম সৰু বা ডাঙৰ নহয়, মই কিছু সময়ৰ বাবে ৰেষ্টুৰেণ্টএখনত খাদ্য পৰিৱেশন কৰিছিলো। আজিৰ দিনটোত কাম কৰাৰ পৰা মই লাভ কৰা ধন, মই এই সকলোবোৰ কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে দান কৰি আছোঁ। মই অনাগত দিনবোৰত এইটো আৰু অধিক কৰিম।’

চিকিৎসালয়ৰ বিচনাত উৰ্ফিক দেখি বহুলোক বিচলিত হৈছে। সকলোৱে তেওঁৰ দ্ৰুত আৰোগ্যৰ বাবে অপেক্ষা কৰি আছে।

মাৰ্ঘেৰিটাস্থিত ‘ভিগেন ইণ্ডিয়া মা হেলথ কেয়াৰ থেৰাপী চেণ্টাৰ’ৰ তৃতীয় বৰ্ষপুৰ্তি অনুষ্ঠান…

বৰ্তমান সময়ত ৰোগ নিৰাময়ৰ ক্ষেত্ৰত বহল সমাদিত চিকিৎসা পদ্ধতি হৈ পৰিছে থেৰাপী চিকিৎসা পদ্ধতি। বহু দুৰাৰোগ্য ৰোগীও থেৰাপী পদ্ধতিয়ে চিকিৎসা কৰি আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে। মাৰ্ঘেৰিটাস্থিত “ভিগেন ইণ্ডিয়া মা হেলথ কেয়াৰ থেৰাপী চেণ্টাৰ”ৰে তিনি বছৰে বহু ৰোগীক আৰোগ্য কৰি তুলিবলৈ সক্ষম হৈছে। মাৰ্ঘেৰিটাস্থিত “ভিগেন ইণ্ডিয়া মা হেলথ কেয়াৰ থেৰাপী চেণ্টাৰ”ৰ আজি তৃতীয় বৰ্ষপুৰ্তি অনুষ্ঠানটি নিজ কাৰ্যালয়ত অনুষ্টুপীয়াকৈ উৎযাপন কৰা হয়।

বৰ্ষপুতি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মাৰ্ঘেৰিটা স্থানীয় বহু কেইগৰাকী গন্য মান্য ব্যক্তিক “ভিগেন ইণ্ডিয়া মা হেলথ কেয়াৰ থেৰাপী চেণ্টাৰ”ৰ তৰফৰ পৰা আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয়। উক্ত কাৰ্যসূচীত প্ৰতিষ্ঠানটো নৰ্থ ইষ্টৰ মাৰ্কেটিং ডাইৰেক্টৰ ৰেৱ বৰুৱা আৰু এৰিয়া মেনেজাৰ হেমজ্যোতি মৰাণৰ লগতে মাৰ্ঘেৰিটা স্থিত “ভিগেন ইণ্ডিয়া মা হেলথ কেয়াৰ থেৰাপী চেণ্টাৰ”ৰ কৰ্মচাৰীসহ অঞ্চলটো বহু সংখ্যক গন্য মান্য ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

পিঁয়াজৰ উপকাৰিতাৰ লগতে আছে বহু অপকাৰিতাও…

পিয়াঁজত ছডিয়াম, পটাছিয়াম, ফলেট, ভিটামিন এ, চি আৰু ই লগতে ফছফৰাছকে ধৰি বহুতো পুষ্টিকৰ উপাদান পোৱা যায়। আজি আমি আপোনালোকক জনাম পিয়াজ খোৱাৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে। আমাৰ প্ৰকৃতিত এনে বহুতো শাক-পাচলি আৰু ফল-মূল আছে যিয়ে শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰিও বহুতো শাক-পাচলিয়ে শৰীৰক ৰোগৰ পৰাও আঁতৰাই ৰাখে। ইয়াৰে এটা পাচলি হ’ল পিঁয়াজ। পিঁয়াজৰ অবিহনে প্ৰতিটো ৰেচিপি যেন অসম্পূৰ্ণ। আজি আমি আপোনালোকক জনাম পিয়াজ খোৱাৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে-

প্ৰথমে পিঁয়াজ খোৱাৰ উপকাৰিতা-

১/ হাড়বোৰ মজবুত হৈ পৰে

পিয়াঁজত পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম পোৱা যায়। এই কাৰণে পিঁয়াজ খালে হাড় মজবুত হয়। যদি আপোনাৰ হাড় দুৰ্বল বা হাড়ৰ লগত জড়িত ৰোগত আক্ৰান্ত তেন্তে পিয়াঁজ খোৱাটো উপকাৰী।

২/ হৃদযন্ত্ৰৰ স্বাস্থ্য

পিঁয়াজত ফ্লেভন’ইড পোৱা যায় যিয়ে বেয়া কলেষ্টেৰল হ্ৰাস কৰে আৰু ভাল কলেষ্টেৰল বৃদ্ধি কৰে। পিঁয়াজ খালে হাৰ্ট এটেক, হাৰ্ট ষ্ট্ৰোকৰ দৰে গুৰুতৰ হৃদৰোগ আঁতৰাই ৰাখে।

৩/ চুলিৰ বাবে

পিঁয়াজত প্ৰচুৰ পৰিমাণে এন্টিবেক্টেৰিয়েল, এন্টিফাংগেল আৰু এন্টিঅক্সিডেন্ট থাকে। পিঁয়াজ খালে চুলি ক’লা, ডাঠ আৰু শক্তিশালী হৈ থাকে। এই কাৰণেই চুলিৰ লগত জড়িত সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ পিঁয়াজৰ ৰস প্ৰয়োগ কৰাটো বাঞ্ছনীয়।

পিঁয়াজ খোৱাৰ অসুবিধা-

১/ চেনিৰ মাত্ৰা

চুগাৰৰ সমস্যা থকা লোকে পিঁয়াজ খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। পিয়াঁজ খালে তেজত চেনিৰ মাত্ৰা কমি যাব পাৰে যাৰ ফলত আপুনি অজ্ঞানও হ’ব পাৰে।

২/ ৰক্তচাপ

ৰক্তচাপৰ সমস্যা থকা লোকসকলেও বেছিকৈ পিঁয়াজ খোৱাৰ পৰা বিৰত থাকিব লাগে। বেছিকৈ পিঁয়াজ খালে ৰক্তচাপ দ্ৰুতগতিত হ্ৰাস পাব পাৰে আৰু বহুত সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

৩) কোষ্ঠকাঠিন্য আৰু পেটৰ বিষ

পিঁয়াজত আঁহ প্ৰচুৰ পৰিমাণে পোৱা যায়। বেছিকৈ পিঁয়াজ খালে আপুনি পেটৰ লগত জড়িত ৰোগৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। যদি আপোনাৰ গেছৰ সমস্যা আছে তেন্তে আপুনি বেছিকৈ পিঁয়াজ খোৱাৰ পৰা বিৰত থাকিব।

এখন ব্যতিক্ৰমী বজাৰ! আলু, পিয়াঁজ, জলকীয়াকে ধৰি সকলোধৰণৰ শাক-পাচলিৰ লগতে আছে ফল-মূল‌ আৰু কিতাপৰ দোকান; এই শাক-পাচলি ক্ৰয় কৰিবলৈ নালাগে আপোনাক টকা…

দৰঙৰ দলগাঁও-শিয়ালমাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত উত্তৰ ঘিলাধাৰী প্ৰাথমিক বিদ্যালয়ত বহিছে এক আকৰ্ষণীয় অকণিৰ বজাৰ। বিদ্যালয়খনৰ কণ কণ শিক্ষাৰ্থীয়ে পাতিছে এই বজাৰ। বজাৰত কি নাই! আলু, পিয়াজ, জলকীয়াকে আদি কৰি সকলোধৰণৰ শাক-পাচলি আছে এইখন বজাৰত। লগতে আছে ফল-মূল‌ আৰু কিতাপৰ দোকান। কিন্তু বজাৰখনত নচলে আচল টকা লেনদেন কৰিব লাগিব মনোৰঞ্জন টকাৰে । এইখন ৰাজহুৱা বজাৰ নহয়, বজাৰখন ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ বাবেহে । কণ কণ শিক্ষাৰ্থীৰ শৈক্ষিক জ্ঞান বৃদ্ধিৰ উদ্দেশ্যে এই প্ৰচেষ্টা বিদ্যালয় কৰ্তৃপক্ষৰ। এই প্ৰচেষ্টাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে পাব টকা-পইচা, গ্ৰাম, কিলোগ্ৰামৰ জ্ঞান দিয়াৰ চেষ্টা । সমান্তৰাল ভাৱে কেছলেছ প্রেমেণ্টৰ ধাৰণা আনিবলৈ বজাৰ খনত ব্যৱহাৰ কৰা হৈছে ডিজিটেল ইউ, পি, আই কিউ, আৰ ক’ড। কণ কণ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিচালিত অকণিৰ বজাৰখনত দলগাঁও শিক্ষা খণ্ডৰ অন্তৰ্গত কৌপাটী মণ্ডল সমল কেন্দ্ৰৰ ১০ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাত ডেভিদ ৱাৰ্নাৰ নতুন ৰূপত…

ছিডনীত অনুষ্ঠিত হৈ থকা অষ্ট্ৰেলিয়া-পাকিস্তান টেষ্ট মেচখন ডেভিদ ৱাৰ্নাৰৰ কেৰিয়াৰৰ শেষ টেষ্ট মেচ। ইয়াৰ পিছত তেওঁ কেতিয়াও অষ্ট্ৰেলিয়াৰ টেষ্ট জাৰ্চি পিন্ধি খেলপথাৰলৈ নাহে। অৱশ্যে ইয়াৰ মাজতে টেষ্ট ক্ৰিকেটত তেওঁৰ নতুন চৰিত্ৰৰ সন্দৰ্ভত ইতিমধ্যে আলোচনা আৰম্ভ হৈছে। সংবাদ মাধ্যমৰ বাতৰিত পোহৰলৈ আহিছে যে ৱাৰ্নাৰে এতিয়া টেষ্ট শৃংখলাৰ সময়ত মন্তব্যকাৰীৰ ভূমিকা পালন কৰিব।

কমেণ্টেটৰ হিচাপে ডেভিদ ৱাৰ্নাৰৰ প্ৰথমখন ছিৰিজ হ’ব পাৰে ভাৰত বনাম অষ্ট্ৰেলিয়া। আচলতে এই বছৰৰ শেষৰ ফালে টিম ইণ্ডিয়াই অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব লাগিব। ইয়াত টিম ইণ্ডিয়াই পাঁচখন মেচৰ টেষ্ট ছিৰিজ খেলিব। সীমান্ত-গাভাস্কাৰ ট্ৰফীৰ অধীনত খেলা এই টেষ্ট শৃংখলাত ডেভিদ ৱাৰ্নাৰে মন্তব্যকাৰীৰ ভূমিকা পালন কৰিব পাৰে। ডেভিদ ৱাৰ্নাৰৰ এই নতুন ভূমিকাক লৈ ইতিমধ্যে ক্ৰিকেট অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে।