Home Blog Page 1109

পূৰৈ শাক কি ! পূৰৈ শাকৰ গুণাৱলীৰ বিষয়ে জানক…

এনিমিয়া প্ৰতিৰোধক -১০০গ্ৰাম পূৰৈ শাকত ১.২০মিলিগ্ৰাম লৌহপদাৰ্থ (আইৰণ) থাকে ৷ এয়া হ’ল শৰীৰৰ দৈনিক প্ৰয়োজনৰ ১৫শতাংশ ৷ ইয়াৰ ওপৰি পূৰৈ শাকত থকা ভিটমিন-চি এ পাকস্থলীত লৌহপদাৰ্থ আহৰণত (absorption ) সহায় কৰে ৷ কৰ্কট ৰোগৰপৰা সুৰক্ষা প্ৰদান – আমাৰ দেহত প্ৰবেশ কৰা বা ষ্ট্ৰেচৰ ফলত উৎপন্ন হোৱা অপকাৰী তত্ব হ’ল ‘ফ্ৰি ৰেডিকেল’৷ এই ফ্ৰি ৰেডিকেলে শৰীৰৰ স্বাভাবিক কোষৰ বিসংগতি ঘটায় আৰু এটা সময়ত বিসংগতিপূৰ্ণ কোষৰ অস্বাভাৱিক গতিত বৃদ্ধি হবলৈ ধৰে যাৰ ফলত কেন্সাৰ বা কৰ্কট ৰোগ উৎপন্ন হয় ৷ এন্টিঅক্সিডেন্টে ৰুগীয়া কোষক সুস্থ অৱস্থালৈ আনিবলৈ যতন লয় ৷ ফ্ৰি ৰেডিকেলৰ সৈতে যুঁজ কৰে আৰু কেন্সাৰ এইদৰে প্ৰতিৰোধ কৰে ৷ গতিকে কৰ্কট ৰোগ প্ৰতিৰোধ কৰা স্বাৰ্থত আমি পূৰৈ শাক খোৱা উচিত ৷ গৰ্ভৱতী মহিলাৰ বাৰে পৰম উপযোগী

— মাতৃৰ সুস্বাস্থ্য আৰু গৰ্ভস্থ সন্তানৰ সামগ্ৰিক বিকাশৰ বাবে পূৰৈ শাক পৰম লাগতিয়াল, দেহত বয়সৰ ছাপ পৰাত বাধা দিয়ে (Anti-ageing ) – ফ্ৰি ৰেডিকেলৰ প্ৰভাৱত ছাল সোতোৰা-সোতোৰ হয় আৰু দেহত বাৰ্ধক্যৰ ছাপ পৰিব ধৰে ৷ বিটা-কেৰটিন, জিয়া-জেনথিন, লিউটিন, ভিটামিন-এ, ভিটামিন-চি আদিৰ এন্টিঅক্সিডেন্ট গুণে ছালক ফ্ৰি ৰেডিকেলৰ পৰা সুৰক্ষা দিয়ে ৷ পাক প্ৰণালীৰ উপকাৰিতা – ফাইবাৰ থকা হেতুকে শৌচ খোলোচা হয় ৷ বিষাক্ত টক্সিন আতৰাই ক’লোনক (বৃহৎ আন্ত্ৰক) কেন্সাৰৰ পৰা সুৰক্ষা দিয়ে ৷ পূৰৈ শাকে খাদ্য হজম হোৱাতো সহায় কৰে ৷ ৰক্ত সঞ্চালন প্ৰণালীৰ সুৰক্ষা -ফাইবাৰৰ উপস্থিতিয়ে শৰীৰৰ অপকাৰী কলষ্টেৰ’ল বাঢ়িব নিদিয়ে ৷ পটেচিয়ামে ৰক্তচাপ আৰু হৃদগতি নিয়ন্ত্ৰণত ৰাখে ৷ হাঁড়ৰ সুৰক্ষা – এই শাকত থকা কেলচিয়াম আৰু মেগনেচিয়ামে হাঁড় সুৰক্ষিত কৰি ৰাখে ৷ ৰোগ প্ৰতিৰোধক ক্ষমতাৰ উন্নতি সাধন -ভিটামিন-চি আৰু বিভিন্ন এন্টিঅক্সিডেন্টে শৰীৰৰ ইমিউনিটি বঢ়ায় বুলি প্ৰমাণিত হৈছে ৷

কিডনিৰ সুৰক্ষাত কি দৰে সহায় কৰে–  পূৰৈ শাকে প্ৰসাব বৃদ্ধি কৰে (Diuretic action ) ৷ কিডনিত পাথৰ সৃ্ষ্টি প্ৰতিৰোধ কৰে ৷ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ৷ শৰীৰত পানী জমা হব নিদিয়ে ৷ কিডনি বিকল (Renal failure) হ’বলৈ নিদিয়ে ৷ চকুৰ উপকাৰিতা – ১০০গ্ৰাম পূৰৈ শাকত ৮০০০ইউনিট ভিটামিন-এ থাকে ৷ আমাৰ দৈনিক প্ৰয়োজনৰ ২৬৭শতাংশ ৷ আৰু থাকে ভিটামিন-চি৷ ফলত চকুৰ দূষ্টিশক্তি ভালে থাকে ৷ ডাইয়ুৰেটিক গুণৰ বাবে গ্লোকমাৰ পৰাও সুৰক্ষা পায় ৷ সানমিহলি উপকাৰিতা – শৰীৰক শক্তি প্ৰদায়ক, সুনিদ্ৰা অনাত সহায়ক, কাহ-কফত উপযোগী, জুয়ে পোৰা-ঘা-খহু-খজুৱতি আৰু কীট-পতংগৰ আক্ৰান্ত অংশত ইয়াৰ প্ৰলেপ সহায়ক ৷ মোখনিত ইমানেই কম অতি সহজলভ্য প্ৰকৃতিৰ এই অমূল্য দানক আমি আমাৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি ইয়াক আদৰ কৰিলে আমাৰ দেহৰ পৰিপুষ্টি সাধন হব আৰু নিশ্চিতভাবে নিৰোগী জীৱন যাপনত সহায়ক হব ৷

লেখক: ডা° ভূপেন শইকীয়া

গোলাঘাটৰ বচাভৰলুত এতিয়া নাই কোনো আনন্দ ! বনভোজ খাবলৈ গৈ প্ৰাণ হেৰুৱালে শিশুসহ ১৪গৰাকীকৈ লোক…

নিহত সকল- অনিমা শইকীয়া, দিপালী শইকীয়া, নৱজিৎ শইকীয়া, পিংকী শইকীয়া, ৰিংকি বৰা, ১০ বছৰীয়া নিহাৰিকা শইকীয়া, ১৩ বছৰীয়া শুভাংকৰ শইকীয়া, নিত্যানন্দ বৰা, প্ৰিন্সিপ্ৰিয়া বৰা, চিত্ৰা বৰা, মৃদুল বৰা(বাছৰ চালক), নুৰ আলম (টেংকাৰ চালক)।

এই ঘটনাৰ পাছতেই এতিয়া কান্দি উঠিছে গাঁওবাসী। আত্মীয়ক হেৰুৱাই এজনে কৈছে- গাঁওখনৰ মানুহবোৰ শেষ হৈ গ’ল। ক’বলৈ ভাষা নাই এতিয়া। এটা পৰিয়ালৰে ৩-৪ জনকৈ ঢুকাইছে। আনহাতে এটা পৰিয়ালৰে ৬ জন লোক ওলাই গৈছিল। এই পৰিয়ালটোৰ ৪ জনৰ মৃত্যু হৈছে। ককাই-ভায়েকৰ পৰিয়াল গৈছিল বনভোজলৈ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। নিহতসকলৰ পৰিয়াললৈ ২ লাখ আৰু আহতৰ পৰিয়াললৈ ৫০,০০০ টকাৰ আৰ্থিক সাহাৰ্য ঘোষাণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । পিএমঅ’ই ছ’চিয়েল মিডিয়াৰ জৰিয়তে জনাই এই কথা।

আৰক্ষীৰ নতুন SOP! পিকনিক লৈ যোৱাৰ পূৰ্বে জানি লওক…

পিকনিকক লৈ আৰক্ষীয়ে জাৰি কৰিছে SOP।
ঘন কুঁৱলীৰ মাজত মানুহে পিকনিক আৰম্ভ কৰিব নালাগে।
কুঁৱলী কমাৰ পাছতহে চলাব পাৰিব বাহন।


ঘন কুঁৱলীত বাহন চলালে এনেকুৱা দুৰ্ঘটনা হৈয়েই থাকিব।
দেৰগাঁৱৰ বালিজানৰ ভয়ংকৰ দুৰ্ঘটনা সন্দৰ্ভত এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

নলবাৰীৰ বৰক্ষেত্ৰীত পৰিবহণ বিভাগৰ উদ্যোগত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে বিশ্ব স্মৃতি দিৱস পালন…

নলবাৰীৰ বৰক্ষেত্ৰীত পৰিবহণ বিভাগৰ উদ্যোগত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে বিশ্ব স্মৃতি দিৱস পালন।
সজাগতা সৃষ্টিৰ বাবে বাইক ৰেলীত অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাত আজি উপস্হিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পৰিমল শুক্লবদ্য, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, নলবাৰী জিলা পৰিবহন বিষয়া প্ৰমুক্ষে বিভাগীয় বিষয়াসকল।

সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ভাষণ প্ৰসংগত পথ সুৰক্ষা দুৰ্ঘটনাত পতিত হোৱা লোকসকলৰ দুৰৱস্থা সম্পৰ্কে ভাষণ আগবঢ়ায়।

শান্তি আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠা কামনাৰে ঢেকীয়াজুলি নগৰৰ শ্ৰীশ্ৰী হনুমান মন্দিৰত শ্ৰীশ্ৰী ভাগৱত কথা…

সমাজৰ পৰা কুসংস্কাৰ,কুকাৰ্য,কুকৰ্ম নাইকীয়া কৰি অপ শক্তিৰ বিনাশেৰে বিশ্বত শান্তি আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠাৰ কামনাৰে ঢেকীয়াজুলি নগৰৰ শ্ৰীশ্ৰী হনুমান মন্দিৰত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী ভাগৱত কথাঃউল্লেখ্য যে ঢেকীয়াজুলিৰ বিশিষ্ট সমাজকৰ্মী তথা ঢেকীয়াজুলিৰ প্ৰতিষ্ঠিত ব্যৱসায়ী বজৰং লাল চান্দক আৰু তেখেতৰ সহধৰ্মিনী সুমিত্ৰা চান্দকৰ প্ৰচেষ্টাত লগতে সমগ্ৰ চান্দক পৰিয়ালৰ সহযোগত ২৭ ডিচেম্বৰ তাৰিখৰে পৰা ঢেকীয়াজুলি নগৰৰ শ্ৰীশ্ৰী হনুমান মন্দিৰত সাতদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী ভাগৱত কথা৷ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী হনুমান মন্দিৰত অনুষ্ঠিত শ্ৰীশ্ৰী ভাগৱত কথাৰ অনুষ্ঠানত উপস্থিত হয় শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ৷শ্ৰীশ্ৰী ভাগৱত কথা অনুষ্ঠানত উপস্থিত হৈ শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ভগবন্তক সেৱা জনাই সকলোৰে মংগল কামনা কৰে৷

অনুষ্ঠানটিত শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগতে উপস্থিত হয় শোণিতপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত তথা ঢেকীয়াজুলি উপ জিলাৰ আয়ুক্ত পংকজ বৰা,ঢেকীয়াজুলি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তন্ময় বৰা,ঢেকীয়াজুলি উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া মৌচম দাস, ঢেকীয়াজুলি পৌৰ সভাৰ ৩ নং ৱাৰ্ডৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ মিশ্ৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে৷সুদুৰ ৰাজস্থানৰ পৰা আগত শ্ৰীশ্ৰী পুৰুষত্তম ব্যস গুৰুজীয়ে প্ৰবচন কৰা উক্ত শ্ৰীশ্ৰী ভাগৱত কথাৰ অনুষ্ঠানটিত অজস্ৰ ভক্তৰ সমাগম ঘটে৷ এক উদুলিমুদুলি পৰিবেশ বিৰাজ কৰিছে ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী হনুমান মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা শ্ৰীশ্ৰী ভাগৱত কথা অনুষ্ঠানত৷

তৃতীয়বাৰৰ বাবে ED কাৰ্যালয়ত হাজিৰ নহ’ল অৰবিন্দ কেজৰিৱাল

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইডিৰ চমনৰ কোনো সঁহাৰি দিয়া নাই। সুৰানীতি কেলেংকাৰী সন্দৰ্ভত ED-এ চমন জাৰি কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে তেওঁক ৩ জানুৱাৰীত ইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল।

উল্লেখ্য যে তৃতীয়বাৰৰ বাবে কেজৰিৱালে ইডিৰ চমন এৰাই চলিছে। আপৰ মুৰব্বীজনক ইয়াৰ আগতে ক্ৰমান্বয়ে ২ নৱেম্বৰ আৰু ২১ ডিচেম্বৰত মাতি পঠোৱা হৈছিল। তেওঁ সেই আহ্বানৰ প্ৰতিও সঁহাৰি দিয়া নাছিল। আপ নেতা সৌৰভ ভৰদ্বাজে কৈছিল যে ‘অৰবিন্দ কেজৰিৱালে ২১ ডিচেম্বৰত তেওঁৰ যোগ অনুশীলনৰ বাবে যাব নোৱাৰে’। ইয়াৰ আগতে নৱেম্বৰত কেজৰিৱালে ইডিৰ চমনৰ প্ৰতি সঁহাৰি দিয়া নাছিল আৰু মধ্য প্ৰদেশত প্ৰচাৰ ৰখাৰ বাবে ৰাওনা হৈছিল।

আপে কৈছিল যে তেওঁক ৰাজনৈতিক প্ৰতিহিংসাৰ বাবে মাতি অনা হৈছে। আপে এইটোও দাবী কৰিছিল যে কেজৰিৱালক জাৰি কৰা চমন আইনী নহয়। আপৰ মুৰব্বীয়েও একেই কথা কৈছিল।

বুধবাৰে ইডিক অৰবিন্দ কেজৰিৱালে কয় যে তেওঁক জাৰি কৰা চমন অবৈধ। তেওঁ অনুসন্ধানত যিকোনো ধৰণে সহায় কৰিবলৈ সাজু। যিকোনো আইনীভাৱে বৈধ চমনৰ সঁহাৰি দিবলৈ ইচ্ছুক। কিন্তু অবৈধ চমন আঁতৰাব লাগিব।

পঞ্চম বাৰৰ বাবে মাক হ’বলৈ ওলাইছে পাকিস্তানৰ পৰা আহি ভাৰতত উপস্থিত হোৱা সীমা হায়দৰে

পূৰ্বে তেওঁ চাৰিটি সন্তানৰ মাতৃ। ভাৰতীয় যুৱকৰে হোৱা প্ৰেমৰ বাবেই নিজৰ দেশ এৰি চাৰি সন্তানৰ সৈতে ভাৰতত উপস্থিত হোৱা পাকিস্তানী মহিলা সীমা হায়দৰে ভাৰতলৈ অহাৰ ছমাহ পিছত ভাল খবৰটো দিছে। সীমা পঞ্চম বাৰৰ বাবে মাক হ’বলৈ ওলাইছে। এয়া হ’ব সীমাৰ ভাৰতত জন্ম দিবলগীয়া প্ৰথম সন্তান। সীমা হায়দৰে যোৱা বছৰৰ জুন মাহত পাকিস্তানৰ পৰা সীমান্ত অতিক্ৰম কৰি ভাৰতলৈ আহিছিল। ভাৰতীয় যুৱক শচীন মীনাৰ প্ৰেমত পৰিছিল সীমা। শচীনৰ সৈতে সংসাৰ কৰিবলৈয়েই সীমাই সীমান্ত পাৰ হৈছিল। উল্লেখ্য সীমাৰ প্ৰথম স্বামীৰ ফালৰ পৰা চাৰিটা সন্তান আছে। পাবজি খেলি খেলিয়েই ভাৰতীয় যুৱক শচীনৰ প্ৰেমত পৰিছিল সীমা। বৰ্তমান সীমাৰ ডাঙৰজনী ছোৱালীৰ বয়স ৮ বছৰ। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ বাবে সীমাক ৪ জুলাইত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ পিছত জামিন পাইছিল আৰু শচীনৰ সৈতে সংসাৰ আৰম্ভ কৰিছিল। সীমাই তেওঁৰ চাৰিটা সন্তানৰ সৈতে ষচীনৰ সৈতে নতুন পৰিয়াল আৰম্ভ কৰিছিল। অৱশ্যে সীমাৰ বিৰুদ্ধে তদন্ত এতিয়াও চলি আছে।

অনুসন্ধানৰ সময়ত আৰক্ষীয়ে সীমাৰ পাছপোৰ্ট, পাকিস্তানী আইডি কাৰ্ড আৰু তেওঁৰ সন্তানৰ পাছপোৰ্টকে ধৰি কেইবাটাও নথি পত্ৰ জব্দ কৰিছিল। এ টি এছে সীমাৰ সকলো তথ্য পৰীক্ষা কৰিবলৈ পাকিস্তানী দূতাবাসলৈ প্ৰেৰণ কৰিছে। এতিয়া সীমাই কৈছে যে ২০২৪ বৰ্ষটোৱে তেওঁলোকৰ পাৰিবাৰিক জীৱনত যথেষ্ট আনন্দ কঢ়িয়াই আনিব। কাৰণ তেওঁ মাক হ’বলৈ গৈ আছে। শচীনৰ সৈতে বিবাহৰ পিছত এয়া তেওঁৰ প্ৰথম সন্তান হ’ব।

নিৰ্বাচন আয়ুক্ত নিযুক্তিঃ উচ্চতম ন্যায়ালয়ত চৰকাৰী আইনক প্ৰত্যাহ্বান জনাই আবেদন…

উচ্চতম ন্যায়ালয়ত চৰকাৰী আইনক প্ৰত্যাহ্বান জনাই দাখিল কৰা হ’ল আবেদন। আবেদনত কোৱা হৈছে যে তিনিজন ৰাষ্ট্ৰীয় নিৰ্বাচন আয়ুক্তৰ নিযুক্তিৰ বাবে মুখ্য ন্যায়াধীশক সমিতিত ৰখা উচিত। উচ্চতম ন্যায়ালয়ত এই বিষয়ত এখন ৰাজহুৱা স্বাৰ্থৰ জড়িত আবেদন দাখিল কৰা হৈছে। এই আবেদনে কেন্দ্ৰই অনা আইনক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাইছে। মাৰ্চ মাহত এক গুৰুত্বপূৰ্ণ ৰায়ত উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে যে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্ত নিযুক্ত কৰাৰ একচেটিয়া ক্ষমতা কেবিনেটৰ নাথাকিব। তেওঁলোকক প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ নেতা আৰু মুখ্য ন্যায়াধীশৰ যুটীয়া সমিতিয়ে নিযুক্তি দিব। ৰাষ্ট্ৰপতিয়ে এই সমিতিৰ পৰামৰ্শ অনুসৰি নিৰ্বাচন আয়ুক্ত নিয়োগ কৰিব। নিৰ্বাচন আয়ুক্ত নিযুক্ত কৰাৰ অধিকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ চৌধুৰী আৰু ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ হাতত ন্যস্ত কৰা হয়। কিন্তু যোৱা শীতকালীন অধিৱেশনত, কেন্দ্ৰই এখন আইনৰ জড়িয়তে উচ্চতম ন্যায়ালয়ৰ ৰায় বাতিল কৰিছিল। মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (সংশোধনী) বিধেয়কৰ মতে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্তৰ নিযুক্তিত ভাৰতৰ মুখ্য ন্যায়াধীশৰ কোনো ভূমিকা নাথাকিব। প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ দিয়া মুখ্য নিৰ্বাচন আয়ুক্তক প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ নেতা আৰু মন্ত্ৰী পৰিষদে নিযুক্তি দিব।


অৰ্থাৎ তিনিজনীয়া সমিতিৰ দুজন সদস্য হ’ব চৰকাৰী প্ৰতিনিধি। তেনে ক্ষেত্ৰত বিৰোধী দলৰ নেতাই নিৰ্বাচন আয়ুক্তৰ নামক লৈ আপত্তি দৰ্শালেও চৰকাৰে সংখ্যাগৰিষ্ঠতাৰ বাবেই সেই আপত্তিক উলাই কৰিব পাৰিব।শীতকালীন অধিৱেশনত দুয়োখন সদনে বিধেয়কখন গৃহীত কৰিছে। ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পিছতে সেয়া আইনত পৰিণত হৈছে। আইনখনৰ বিৰুদ্ধে এতিয়া উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থৰ জড়িত আবেদন দাখিল কৰা হৈছে। আৱেদনকাৰীসকলৰ মতে, নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা অতি গুৰুত্বপূৰ্ণ। এনে এটা গুৰুত্বপূৰ্ণ পদৰ নিযুক্তিৰ ক্ষেত্ৰত সাংবিধানিক নিৰপেক্ষতা অতি জৰুৰী। সেইকাৰণে নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ সমিতিখনত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ থকাটো উচিৎ।

পৃথিৱীক আঘাত কৰিব ভয়ংকৰ সৌৰ ধুমুহাই, প্ৰভাৱ পৰিব চুম্বক ক্ষেত্ৰত

পৃথিৱীক আঘাত কৰিব ভয়ংকৰ সৌৰ ধুমুহাই। সূৰ্যই ইয়াৰ ১১ বছৰৰ চক্ৰৰ মাজেৰে আগবাঢ়ি যোৱাৰ লগে লগে এক ভয়ংকৰ সৌৰ ধুমুহাৰ সৃষ্টি হৈছে। বিশ্বই নতুন বছৰক আদৰণি জনোৱাৰ সময়তে সূৰ্যৰ সৌৰ ধুমুহাই পৃথিৱীতো প্ৰভাৱ পেলাব বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। সূৰ্যৰ পৰা নিৰ্গত হৈছে এক্স ৫ শ্ৰেণীৰ সৌৰ শিখা। এই সৌৰ ধুমুহাই পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ খনত প্ৰভাৱ পেলাব। এনে ঘটনাৰ ফলত পৃথিৱীত ভূ-চুম্বকীয় ধুমুহা হ’ব পাৰে, যাৰ ফলত পাৱাৰ গ্ৰিড, কৃত্ৰিম উপগ্ৰহৰ কাৰ্যকলাপ আৰু ৰেডিঅ’ যোগাযোগ ব্যাহত হ’ব পাৰে।

ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডলীয় সংস্থাই জি ১-শ্ৰেণীৰ ভূ-চুম্বকীয় ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে। আমাৰ প্ৰযুক্তিগত আন্তঃগাঁথনিৰ ওপৰত সাম্ভাব্য প্ৰভাৱৰ বিষয়ে সময়মতে সতৰ্কবাণী প্ৰদান কৰাৰ বাবে নিৰন্তৰ নিৰীক্ষণ অপৰিহাৰ্য। সেয়ে বিশেষজ্ঞসকলে সাম্ভাব্য সৰু-সুৰা ব্যাঘাতৰ বাবে প্ৰস্তুত হৈ থকাৰ আহ্বান জনাইছে।

৪, ৫ জানুৱাৰীত কামৰূপ মহানগৰত জিলা পৰ্যায়ৰ খেল মহাৰণ…

কামৰূপ মহানগৰ জিলা পৰ্যায়ৰ খেল মহাৰণ, ২০২৩-২৪ৰ খেলসমূহ অহা ৪ আৰু ৫ জানুৱাৰীত অনুষ্ঠিত হ’ব৷ নেহৰু ষ্টেডিয়াম, ছাই খেলপথাৰ আৰু গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰত খেলসমূহ অনুষ্ঠিত হ’ব৷ নেহৰু ষ্টেডিয়ামত ৪ জানুৱাৰীৰ পুৱা ১১ বজাত উদ্বোধনী অনুষ্ঠান আৰু ৫ জানুৱাৰীৰ বিয়লি পুৰস্কাৰ বিতৰণৰ লগতে সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব৷

খেলুৱৈ সকলৰ যাতায়ত, খোৱা-বোৱা, খেল পৰিচালনা আদি বিষয়ত আলোচনাৰ বাবে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভকক্ষত অতিৰিক্ত জিলা আয়ুক্ত ড。ধ্ৰুৱজ্যোতি হাজৰিকাৰ পৌৰোহিত্যত এখন বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত বিভিন্ন দায়িত্বত থকা বিষয়া- কৰ্মচাৰীসকলক তেওঁলোকৰ দায়িত্বসমূহ বুজাই দিয়া হয়৷