Home Blog Page 1110

আধা ঘণ্টাতকৈও কম সময়তে আফগানিস্তানত দুটা ভূমিকম্প!

বুধবাৰে ৰাতিপুৱা ভূমিকম্পই জোকাৰি গ’ল আফগানিস্তানক। ৩০মিনিটৰ ভিতৰত, দুটা কম্পন অনুভূত হয়। প্ৰথম ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল আফগানিস্তানৰ ফৈজাবাদ অঞ্চলৰ পৰা ১০০ কিলোমিটাৰ পূবত। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৪.৪। বুধবাৰে পুৱা ১২:২৮ বজাত কম্পন অনুভৱ কৰা হৈছিল।

প্ৰথম কম্পনৰ আধা ঘণ্টাৰ ভিতৰতে, দ্বিতীয় কম্পনে আফগানিস্তানক জোকাৰি গৈছিল। দ্বিতীয়টো কম্পন পুৱা ১২:৫৫ বজাত অনুভৱ কৰা হৈছিল। দ্বিতীয় ভূমিকম্পৰ তীব্ৰতা আছিল ৪.৮ । দ্বিতীয় ভূমিকম্পৰ কেন্দ্ৰস্থল ফৈজাবাদৰ পৰা ১২৬ কিলোমিটাৰ পূবত আছিল। একেৰাহে দুটা কম্পনৰ পিছত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। উল্লেখ্য যে ২০২৩ চনৰ ১২ ডিচেম্বৰতো আফগানিস্তানত ভূমিকম্প হৈছিল। এই ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৫.২ আছিল।

আনহাতে বছৰটোৰ আৰম্ভণিতে, সোমবাৰে আবেলি জাপানত ভূমিকম্প অনুভূত হৈছিল। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৭.৫ আছিল। সোমবাৰে আবেলিৰ পৰা মঙলবাৰে ৰাতিপুৱালৈকে মৃদু আৰু মধ্যমীয়া কম্পনে জাপান ১৫৫ বাৰ জোকাৰি গৈছিল। ভূমিকম্পৰ সৰ্বাধিক প্ৰাবল্য ৰিখটাৰ স্কেলত ৭.৬ আছিল। দ্বিতীয় সৰ্বোচ্চ পৰিমাণ হৈছে 6। আন বেছিভাগ কম্পনৰ প্ৰাবল্য ৩ বা তাতকৈ কম।

ভূমিকম্পৰ পিছত জাপানৰ কেইবাটাও উপকূলীয় অঞ্চলৰ বাবে চুনামি সতৰ্কবাণী জাৰি কৰা হৈছিল। দেশখনৰ পশ্চিম উপকূলৰ কেইবাখনো চহৰত সাগৰৰ বিস্ফোৰণ ঘটিছিল। কিছুমান ঠাইত, ঢৌবোৰৰ উচ্চতা চাৰি ফুটলৈ বৃদ্ধি হয়।

মৰ্মাহত! একেটা পৰিয়ালৰ পাঁচজনকৈ সদস্য নিহত, মতৃকৰ পৰিচয় উদ্ধাৰ…

মৰ্মাহত! একেটা পৰিয়ালৰ পাঁচজনকৈ সদস্য নিহত, মতৃকৰ পৰিচয় উদ্ধাৰ। পুৱতি নিশা দেৰগাঁৱৰ বালিজানত ভয়ংকৰ ঘটনা। গোলাঘাট আঠখেলীয়া ভৰলুৱা গাঁৱৰ পৰা তিনিচুকীয়া তিলিঙা মন্দিৰলৈ বুলি বনভোজ খাবলৈ গৈছিল প্ৰায় ৪৫ জনীয়া এটা দল। হঠাতে মাৰ্ঘেৰিটাৰ পৰা আহি থকা এখন ট্ৰাকৰ সতে মুখামুখি সংঘৰ্ষ As 02 Ac 5083 নম্বৰৰ বাছ খনৰ ৷ ১২ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।

তাৰ মাজত শিশু আৰু বৃদ্ধও আছে বুলি জানিব পৰা গৈছে ৷ আনহাতে একেটা পৰিয়ালৰ পাঁচগৰাকীকৈ সদস্য নিহত। তেওঁলোক হৈছে অনিমা শইকীয়া (৬০) শুভাকুৰ শইকীয়া (১৩), নিহাৰিকা (১০), দীপালী শইকীয়া (৩৭), পিংকী শইকীয়া (৪৮)। বগী বিলত বনভোজ খাবলৈ বুলি গৈছিল দলটো। গুৰুতৰ ভাৱে আহত ৩২ জন লোকক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ পেৰণ কৰা হৈছে। জানিব পৰা মতে পাঁচজনৰ অৱস্থা সংকটজনক। ১২জন মৃতকৰ নাম হ’ল অনিমা শইকীয়া (৬০), শুভংকৰ শইকীয়া (১৩), নীহাৰিকা শইকীয়া (১০), দীপালী শইকীয়া (৩৭), নৱজিৎ শইকীয়া (৪০), পিংকী শইকীয়া (৪৮), ৰিংকী বৰা (১৮), বাছৰ চালক মৃদুল বৰা (৩০), নিত্যানন্দ বৰা (নিতুল) (৪৮), প্রিঞ্চিপ্ৰিয়া বৰা (৭), সোমেশ্বৰ বৰা (৪৩) আৰু ট্ৰাক চালক নুৰ আলম হক।

অসম গ্ৰন্থমেলাত সুৰেন্দ্ৰ মোহন দাসৰ পুথি ‘বৰ্ণাশুদ্ধি আঁতৰাওঁ আহক’ৰ শুভ উন্মোচন…

“অসমীয়া ভাষাৰ বানান শুদ্ধতাৰ দিশত নবীন-প্ৰবীণ বহুতৰেই সাহিত্যচৰ্চাত কিছু খোকোজা লগা দেখা যায়, এই হাতপুথিখনে কিঞ্চিৎ হ’লেও এই অভাৱ পূৰণত সহায়ক হ’ব বুলি আশা কৰিব পাৰি, গুণগত মানসম্পন্ন এই পুথিখনৰ প্ৰচাৰ আৰু প্ৰসাৰ যাতে প্ৰকাশকে অসমৰ চূকে-কোণে কৰে তাৰ এটি আবেদন ৰখা হ’ল, কবিতা, লিমাৰিক, প্ৰবন্ধ, শিল্পকলা, গীতিকাৰৰূপেও চৰ্চাত থকা শিশু-সাহিত্যক দাসদেৱৰ কলমেৰে ইতিমধ্যে ৯খন গ্ৰন্থ প্ৰকাশি ওলাইছে, ভৱিষ্যতত আৰু নিগৰক সৃষ্টিৰ সম্ভাৰ।”- এয়া উন্মোচক পুলকেশ ৰায় বৰুৱাৰ ভাষণৰ কিয়দংশ।উল্লেখ থাকে যে, যোৱা ৩ জানুৱাৰী বুধবাৰে দিনৰ ১০ বজাত চানমাৰিস্থ অসম গ্ৰন্থমেলাৰ ‘সৰস্বতী ডি এন আৰু ভাষা প্ৰকাশন’ বিপণীৰ সন্মুখত শিশু সাহিত্যিক সুৰেন্দ্ৰ মোহন দাসৰ ভাষা শুদ্ধতাৰ হাতপুথি ‘বৰ্ণাশুদ্ধি আঁতৰাওঁ আহক’ শীৰ্ষক গ্ৰন্থখনৰ শুভ উন্মোচন হৈ যায় ‘জোনাক’ আলোচনীৰ মুখ্য সম্পাদক, লেখক, কবি‌ পুলকেশ ৰায় বৰুৱাৰ দ্বাৰাই। উন্মোচনৰ আদিতে নিজৰ ভাব ব্যক্ত কৰি সুৰেন্দ্ৰ মোহন দাসদেৱে কয় যে – ‘অসমীয়া ভাষাৰ বানান বিভ্ৰান্তিৰ শুদ্ধতাৰ বাবে পাৰ্যমানে ব্যক্তিগত কিম্বা সামাজিক মাধ্যম তথা বাতৰি কাকত যোগে বহুবাৰ বহু কথা লিখি আহিছোঁ, সুষম বা মসৃণতাৰে সকলোৱে শুদ্ধ শব্দৰে লেখা লিখি যাওক, ৰাইজে মোৰ পুথিখন আদৰি ল’লে মোৰ পৰিশ্ৰম সাৰ্থক হ’ব।

‘লেখক, লিমাৰিক সম্ৰাট যোগানন্দ মহন্তই অতিথি হিচাপে উপস্থিত থাকি কয় যে, বহু লিখকে লিখোঁতেই বৰ্ণাশুদ্ধি শব্দটো ভুলকৈ বুজে, গতিকে সেইসকলৰ বাবে এইখন এখন অতি উত্তম পুথি হ’ব, মুঠতে ভাষা চৰ্চাকাৰীসকলৰ ওচৰ পাব লাগে এই পুথিখন। ‘বৰ্ণাশুদ্ধি আঁতৰাওঁ আহক’ পুথিৰ প্ৰকাশক, সুলেখক, বিশিষ্ট সাহিত্যকৰ্মী মুকুট শৰ্মাই নিজৰ ভাষণত কয় যে ‘সামাজিক মাধ্যমৰ জৰিয়তে আজিকালি প্ৰকাশ হোৱা পুথিৰ প্ৰচাৰ কৰিব লাগে, ক্ষিপ্ৰতাৰেই এই খবৰটো লাখ লাখৰ ওচৰ গৈ পায়গৈ। সুৰেন্দ্ৰ মোহন দাসৰ দুহিতা মাহিন্দ্ৰী দাস, সৰস্বতী ডি এনৰ মুকুট কলিতাসহ আন কেইবাজনো লোক এই শুভ কৰ্মভাগিত উপস্থিত থাকে।

দেৰগাঁৱৰ বালিজানত দুৰ্ঘটনাত আহত ৩০ গৰাকী JMCHত চিকিত্সাধীন ! আহতসকলৰ বাবে তেজৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰিছে চিকিৎসকে…

দেৰগাঁৱৰ বালিজানত দুৰ্ঘটনাত আহত ৫জন ICUত চিকিৎসাধীন। বৰ্তমানেও সংকটমুক্ত নহয় পাঁচোগৰাকী লোক। সংকটজনক অৱস্থাত JMCHত চিকিৎসাধীন ৩০গৰাকী লোক।

JMCHত চিকিত্সাধীন বালিজানত আহত ৩০ গৰাকী। সংকটজনক অৱস্থাত চিকিৎসাধীন আহতসকল। আহতসকলৰ বাবে তেজৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰিছে চিকিৎসকে।

JMCHত চিকিৎসাধীন আহতক প্ৰয়োজনীয় তেজৰ যোগান ধৰিব অসম সেনা, যোৰহাট জিলা আছুৱে।

২০২৬ চনত আৰম্ভ হ’ব অসম স্কিল বিশ্ববিদ্যালয়ঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা…

নিযুক্তি, পৰ্যটন, জলজীৱন মিছনকে ধৰি নানান বিষয় সামৰি মঙলবাৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত মন্ত্ৰী বৰুৱাই কয় যে ডিমা হাছাওত কোনো বিৰোধী নাই। নিয়োগ বিনিময় কেন্দ্ৰত আজিৰে পৰা আকৌ ৰি ৰেজিষ্টেচন আৰম্ভ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে পূৰ্বতে ৰেজিষ্টেচন কৰা সকলেও কৰিব লাগিব ৰি ৰেজিষ্টেচন। পূৰ্বতে কিছু নতুন নতুন বিষয়ৰ তথ্য নাছিল পৰ্টেলত।নতুন নতুন বিষয় সমূহৰ তথ্য গ্ৰহণ কৰিবৰ বাবেই এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত ৰি-ৰেজিষ্ট্ৰেচন কৰিব পাৰিব ।তেওঁ কয় যে ফেব্ৰুৱাৰীৰ ২৯ তাৰিখলৈকে খোলা থাকিব সেৱা সেঁতু পৰ্টেলত এই সুবিধা। বৰ্তমানলৈ ৮৮ হাজাৰক চাকৰি দিয়া হ’ল বুলিও মন্ত্ৰী বৰুৱাই কয়। তেওঁ লগতে কয় যে কামৰূপ,দৰং,মৰিগাৱঁকে ধৰি ৪ খন জিলাত সজাগতাৰ বাবে স্কিল যাত্ৰা সম্পন্ন কৰা হৈছে। ২০২৬ চনত অসম স্কিল বিশ্ববিদ্যালয় আৰম্ভ হ’ব বুলিও তেওঁ কয়। একেদৰে আইটিআই গুৱাহাটীত এইবছৰৰ পৰাই ইয়াৰ এটা কেম্পাচ আৰম্ভ কৰা হ’ব। এইবছৰ ১০ খন জিলাত স্কিল যাত্ৰা চলিব।এইবছৰ ৬ খন ষ্টেট অফ দ্য আৰ্ট ইনষ্টিটিউত আৰম্ভ হ’ব।৩ খন আইটিআই আৰু ৩ খন পলিটেকনিকত থাকিব এই ইনষ্টিটিউট। কাৰিকৰী দক্ষতা বিকাশৰ বাবে চৰকাৰে চুক্তি কৰিছে টাটা ইলেক্ট্ৰনিক্সৰ সৈতে।অহা ২৯ জানুৱাৰীত মেগা কেৰিয়াৰ কাউঞ্চলিং এণ্ড কেৰিয়াৰ ফেয়াৰ হ’ব বুলি মন্ত্ৰী বৰুৱাই কয়।মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নিযুক্তিৰ সুবিধা নথকা বিশয়সমূহ আইটিআইত বন্ধ কৰা হ’ব।

জলজীৱন মিছনৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী বৰুৱাই কয় যে জলজীৱন মিছনে অসমৰ জনসংখ্যাৰ ৭০ শতাংশ লোকক স্পৰ্শ কৰিছে। ঘৰে ঘৰে ৭০ শতাংশ লোকক জলজীৱন মিছনৰ পানী দি থকা হৈছে। মাৰ্চ মাহলৈ ইয়াক ৮০ শতাংশ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। ২০২৪ ত এশ শতাংশই জল জীৱন মিছন সম্পূৰ্ণ হ’ব। অসমত প্ৰথমবাৰৰ বাবে জনস্বাস্থ কাৰিকৰী বিভাগে ৭৬০০ খন ই বিলৰ জৰিয়তে অফিচলৈ নহাকৈ ২৬৭৪.৫ কোটি টকা দিয়া হৈছে। জলমিত্ৰ আৰু অস্থায়ী কৰ্মচাৰীৰ মাননি বৃদ্ধিৰ চিন্তা কৰিব চৰকাৰে।জানুৱাৰী মাহত ১ লাখ লোকে একাউন্টত শৌচালয় নিৰ্মাণৰ বাবে পোনপটীয়াকৈ পাব ১২ হাজাৰকৈ টকা।২০২৩ বৰ্ষতো এক লাখ লোকক দিয়া হৈছে ধন।পৰ্যটন বিভাগৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী বৰুৱাই কয় যে ২০২২ -২৩ চনত ঘৰুৱা পৰ্যটকৰ সংখ্যা ৮৩ লাখতকৈ অধিক হৈছে। ২০২৩ ৰ পৰা এতিয়ালৈকে ৬৩ লাখতকৈ অধিক ঘৰুৱা পৰ্যটক অসমলৈ আহিছে। তেওঁ লগতে কয় যে ফেব্ৰুৱাৰী মাহত বিধান সভাত পৰ্যটন আইন অনা হ’ব। ২০২৩ ত বিদেশী পৰ্যটকৰ সংখ্যা ১৫ হাজাৰতকৈ অধিক আছিল বুলিও তেওঁ কয়। মন্ত্ৰী বৰুৱাই লগতে কয় যে পৰ্যটন ক্ষেত্ৰ হিচাপে যোৰহাট আৰু কোকৰাঝাৰৰ উন্নয়ন কৰা হ’ব। কামাখ্যা,অশ্বক্লান্ত, দৌল গোৱিন্দ,আউনীআটী সত্ৰকে ধৰি ৭ টা ধৰ্মীয় স্থানক গঢ়ি তোলা হ’ব পৰ্যটন ক্ষেত্ৰ হিচাপে। সংবাদমেলত মন্ত্ৰী বৰুৱাই আলফাৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ হোৱা চুক্তি আৰু ৬ নং দফা প্ৰসংগত কাৰো নাম উল্লেখ নকৰাকৈ আছুক উভতি ধৰে। মন্ত্ৰী বৰুৱাই কয় যে অসমৰ কথা চিন্তা কৰিয়েই এতিয়া বাস্তৱৰ বিষয়ত চিন্তা কৰিব লাগে। অসমত বাস্তৱ বহুত বেলেগ বুলি কৈ মন্ত্ৰী বৰুৱাই কয় যে আছুৱে চুক্তি কৰিবলৈ ক’লে বুলিয়েই বাংলাদেশে মানি ল’ব নেকি যে তেওঁলোকৰ মানুহ অসমত আছে । বাংলাদেশৰ সৈতে প্ৰত্যাৱৰ্তন চুক্তি কৰিবলে কোৱাটো অনৰ্থক কথা বুলিও তেওঁ কয়।

ৰাহুল গান্ধীৰ প্ৰসংগত মন্তব্য কৰি বৰুৱাই কয় যে মোৰ ৰাজনৈতিক ইতিহাসত ৰাহুল গান্ধীয়ে এতিয়ালৈ বহুবাৰ লঞ্চিং কৰিলে। কিন্তু সকলোতে তেওঁ বিফল হৈছে। এইবাৰ মণিপুৰৰ পৰা আকৌ ৰি লঞ্চিং কৰিব বিচাৰিছে।লঞ্চিং মানেই বিফল ৰাহুল গান্ধী। তেওঁ লগতে কয় যে কংগ্ৰেছে আঢ়ৈ টা চিটতহে প্ৰাৰ্থী দিবলৈ বিচাৰিব লাগে।আমি চাৰে এঘাৰটা পামেই। বিজেপিৰ প্ৰাৰ্থীয়ে ডিমা হাছাও নিৰ্বাচনত ১০০ শতাংশই জিকিব বুলি তেওঁ কয়।

গৈছিল বনভোজ খাবলৈ, হঠাতে ঘটিল অঘটনতো! সকলোবোৰ থানবান…

গৈছিল বনভোজ খাবলৈ, হঠাতে ঘটিল অঘটনতো! সকলোবোৰ থানবান। পুৱতি নিশা দেৰগাঁৱৰ বালিজানত ভয়ংকৰ পথ দুৰ্ঘটনা। গোলাঘাট আঠখেলীয়া ভৰলুৱা গাঁৱৰ পৰা তিনিচুকীয়া তিলিঙা মন্দিৰলৈ বুলি বনভোজ খাবলৈ গৈছিল প্ৰায় ৪৫ জনীয়া এটা দল। হঠাতে মাৰ্ঘেৰিটাৰ পৰা আহি থকা এখন ট্ৰাকৰ সতে মুখামুখি সংঘৰ্ষ As 02 Ac 5083 নম্বৰৰ বাছ খনৰ ৷ ১২ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।

তাৰ মাজত শিশু আৰু বৃদ্ধও আছে বুলি জানিব পৰা গৈছে ৷ বগী বিলত বনভোজ খাবলৈ বুলি গৈছিল দলটো। গুৰুতৰ ভাৱে আহত ৩২ জন লোকক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ পেৰণ কৰা হৈছে। জানিব পৰা মতে বহু কেইজন যাত্ৰী বৰ্তমান সংকটজনক অৱস্থাত।

কাছাৰৰ কাটিগড়াত পথ দুৰ্ঘটনা ! বনভোজ খাই উভতাৰ পথত বনভোজ দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত…

কাছাৰৰ কাটিগড়াত পথ দুৰ্ঘটনা। বনভোজ খাই উভতাৰ পথত বনভোজ দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।

দুৰ্ঘটনাত আহত ৫গৰাকী লোক। পথৰ কাষত ৰখাই থোৱা ট্ৰাকত খুন্দা বাহনখনৰ।

শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি দুৰ্ঘটনাগ্ৰস্তক। এজনৰ অৱস্থা সংকটজনক।

অৱশেষত জামিন লাভ কৰিলে এপিএছচিৰ প্ৰাক্তন মুখ্য পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিনহাই…

অৱশেষত জামিন লাভ কৰিলে এপিএছচিৰ প্ৰাক্তন মুখ্য পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিনহাই। এপিএছচি কেলেংকাৰী গোচৰত প্ৰাক্তন মুখ্য পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিনহাই জামিন লাভ কৰিছে। এছআইটিয়ে তেতিয়াৰ মুখ্য পৰীক্ষা নিয়ন্ত্ৰকজনক বিগত বৰ্ষৰ ডিচেম্বৰ মাহত গ্ৰেপ্তাৰ কৰিছিল। বিশেষ আদালতে নন্দবাবু সিনহাক জামিন প্ৰদান কৰে যদিও এপিএছ শ্বাহজাহান সৰকাৰৰ জামিন অস্বীকাৰ কৰে। ২০১৩ আৰু ২০১৪ চনত সংঘটিত এপিএছচি কেলেংকাৰী সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী দলে (এছআইটি) যোৱা বছৰ ডিচেম্বৰত সিনহাক শিলচৰৰ বাসগৃহৰ পৰা আটক কৰিছিল।

নন্দা বাবু সিনহাক এপিএছচিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ ঘনিষ্ঠ সহযোগী বুলি জনা যায়। এপিএছচিৰ প্ৰাক্তন মুখ্য পৰীক্ষা নিয়ন্ত্ৰকজনক এছআইটিয়ে জেৰাৰ বাবে গুৱাহাটীৰ চিআইডি কাৰ্যালয়লৈ আনিছিল। সিনহাৰ বিৰুদ্ধে ৰাকেশ পালৰ নিৰ্দেশত এপিএছচিৰ প্ৰাম্ভিক আৰু মুখ্য পৰীক্ষাৰ প্ৰায় ৪৫,০০০ উত্তৰ বহী জ্বলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে৷ ইয়াৰ উপৰি নন্দ বাবুয়ে তেওঁৰ কন্যা মিনাৰ্ভা দেৱীক অনৈতিক উপায়েৰে এচিএছ পদত নিযুক্তি দিয়া বুলিও অভিযোগ উঠি আহিছে। মিনাৰ্ভা দেৱীক ইতিমধ্যে জেৰাৰ বাবে মতাও হৈছে।

শিশুৰ মালিচৰ বাবে সৰিয়হৰ তেলতকৈ নাৰিকল তেল অতি উপকাৰী…

নৱজাতক বা সৰু শিশুৰ বাবে মালিচ অতি প্ৰয়োজনীয়। সুস্থ হাড় আৰু পেশীৰ বিকাশৰ উত্তম উপায় হ’ল শিশুক দৈনিক ৩-৪ বাৰ ভালদৰে মালিচ কৰা। মালিচে ৰক্ত সঞ্চালন উন্নত কৰে। ইয়াৰ উপৰিও পেশী শিথিলতা আৰু গাঁঠিৰ নমনীয়তাত সহায় কৰে। আটাইতকৈ আমোদজনক কথাটো হ’ল আপুনি মালিচৰ বাবে ব্যৱহাৰ কৰা তেলৰ ধৰণটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ। কিন্তু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ হাড়ৰ বৃদ্ধিত নপৰে। কিন্তু শিশুৰ সমগ্ৰ শাৰীৰিক বিকাশত প্ৰভাৱ পেলায়।

শিশুৰ বাবে মালিচ কিয় গুৰুত্বপূৰ্ণ জানেনে?

আৰ্দ্ৰতা আৰু মৃদু সুগন্ধিযুক্ত নাৰিকল তেল শিশুৰ মালিচৰ বাবে ভাল, আনহাতে সৰিয়হৰ তেল গৰম কৰা গুণৰ বাবে জনাজাত। শিশুৰ মালিচৰ উপকাৰিতা সকলোৱে জানে। ভাৰতবৰ্ষত বহু কাৰণত এইটো এটা বিখ্যাত প্ৰথা। বৈজ্ঞানিকভাৱে শিশুৰ মালিচে হাড়ৰ শক্তি বৃদ্ধি, টোপনি ভাল আৰু বৃদ্ধিত সহায় কৰে বুলি কোৱা হয়।

এতিয়া প্ৰশ্ন হয় নাৰিকল তেলে শিশুৰ মালিচৰ বাবে উপকাৰী নে? শিশুৰ মালিচৰ বাবে নাৰিকল তেল অন্যতম প্ৰিয় তেল। নাৰিকল তেল কোমল মইশ্ব’ৰাইজিং গুণৰ বাবে জনাজাত, যাৰ বাবে ই শিশুৰ সুক্ষ্ম ছালৰ বাবে উপযোগী। ইয়াৰ উপৰিও ই শুকানতা ৰোধ কৰিব পাৰে, ডায়েপাৰৰ ফোহা প্ৰাকৃতিকভাৱে ভাল কৰে। যাতে শিশুৰ ছালত ফোহা দেখা নাযায়।

শিশুৰ মালিচৰ বাবে সৰিয়হৰ তেল এটা উত্তম বিকল্প। ইয়াৰ উষ্ণতা প্ৰভাৱৰ বাবে জনাজাত। যিয়ে শিশুক গৰম কৰি ৰখাত সহায় কৰিব পাৰে। বিশেষকৈ ঠাণ্ডা বতৰত। ইয়াৰ উপৰিও হাড়ৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ কেলচিয়াম আৰু অন্যান্য খনিজ পদাৰ্থৰ উত্তম উৎস। ইয়াৰ উপৰিও সৰিয়হ তেলত ভেঁকুৰ প্ৰতিৰোধী গুণো আছে যিয়ে শিশুক বিভিন্ন ধৰণৰ বেক্টেৰিয়া আৰু ভেঁকুৰৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে।


হিট এণ্ড ৰান আইনক লৈ উত্তাল দেশ, ৫ আৰু ৬ জানুৱাৰীত অসমত বন্ধ থাকিব OLA, UBER সেৱা!

দেশত প্ৰৱৰ্তন হোৱা নতুন পৰিবহণ আইনক লৈ দেশজুৰি উত্তাল প্রতিবাদ দেখিবলৈ পোৱা গৈছে।
এতিয়াৰে পৰা হিট এণ্ড ৰানৰ গোচৰত চালকে সন্মুখীন হ’ব কঠোৰ শাস্তিৰ। হিট এণ্ড ৰানৰ গোচৰত ১০ বছৰৰ কাৰাদণ্ডৰ লগতে ৭ লাখ টকা পর্যন্ত জৰিমনা বিহিব।


এই আইনৰ বিৰোধিতা কৰিছে ট্রাকচালক আৰু বাছচালকে। চালকসকলৰ দাবী তেওঁলোকে ইমান জৰিমনা ভৰিব নোৱাৰে। ট্রাক আৰু বাছচালকৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছে দেশ। অসমতো ব্যাপক প্রতিবাদ দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য যে খবৰ অনুসৰি, ৫ আৰু ৬ জানুৱাৰীত অসমত বন্ধ থাকিব সকলো বাছ আৰু ট্রাক! অ’লা-উবেৰ-ৰেপিড’ চালকেও সাব্যস্ত কৰিব প্রতিবাদ! ট্রাকচালক, বাছচালক, ট্ৰেক্টৰচালকে সাব্যস্ত কৰিব প্রতিবাদ
ই-ৰিক্সাচালকেও বন্ধ ৰাখিব ই-ৰিক্সাৰ চলাচল! যান-বাহন আইনৰ সংশোধনী বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত। চালকৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিব পাৰে দেশ!