Home Blog Page 1118

নতুন কিতাপঃ ড° প্রদ্যুম্ন গোস্বামীৰ প্ৰবন্ধ সংকলন ‘পষ্ট-মর্টেম্’

ড° বুলজিৎ বুঢ়াগোহাঁই

অসমৰ সমাজ জীৱনৰ এগৰাকী জনপ্রিয় সামাজিক ভাষ্যকাৰ হোবাৰ উপৰি এগৰাকী সু-লেখক, নিবন্ধকাৰ, বিশ্লেষক আৰু সুতীব্র বক্তাৰূপে উজলাই তুলিবলৈ সক্ষম হোৱা নগাঁও জিলাৰ ফুলগুৰিৰ সন্তান ড° প্রদ্যুম্ন গোস্বামীৰ প্রথমখন প্রবন্ধ সংকলখনৰ নাম হ’ল “পষ্ট-মর্টেম্”। লেখকে ‘পাতনি’ত এনেদৰে লিখিছে “…সমালোচনা দুই প্ৰকাৰৰ আছে। এক গঠনমূলক (Constructive) আৰু আন এক হ’ল প্রক্ষেপিত (Projected)। গঠনমূলক সমালোচনাই এটা বিষয়বস্তুক ইতিবাচকভাবে বিশ্লেষণ কৰি তাৰ ভুল-ত্রুটিবোৰ দেখুৱাই দিয়ে। এনেধৰণৰ সমালোচনাত নিজকে সংশোধিত কৰাৰ থল থাকে যদিহে সমালোচিত ব্যক্তিজনে সমালোচনাক ইতিবাচক দৃষ্টিভংগীৰে গ্রহণ কৰে। আনহাতে প্রক্ষেপিত সমালোচনা হৈছে সম্পূর্ণ স্বার্থনিহিত এক সমালোচনা। যি বিষয় বা ব্যক্তিৰ ওপৰতেই সমালোচনা কৰা নহওক কিয়, এনে সমালোচনাৰ আঁৰত সমালোচকৰ এক স্বার্থ জড়িত হৈ থাকে। সেই স্বাৰ্থ কাৰোবাৰ বাবে ন্যস্তও হ’ব পাৰে বা বহল দৃষ্টিত দেশ আৰু জাতিব কল্যাণৰ বাবেও হ’ব পাবে। এনেধৰণৰ বেছিসংখ্যক সমালোচনায়েই সাধাৰণতে আবেগসর্বস্ব আৰু নেতিবাচক হয়। কাৰোবাৰ কিছুমান সিদ্ধান্ত যদি কাৰোবাৰ বাবে ভাবুকিস্বৰূপ হৈ পৰে, তেতিয়া তেনে কথা বা কামৰ বিৰোধিতা কৰি চাৰিওফালে হৈ-চৈব সৃষ্টি কৰি দিয়া হয়; ফলত সমাজখনত অৰাজকতাৰ সৃষ্টি হয়। সমালোচকৰ ন্যস্ত স্বাৰ্থৰ সফল প্রাপ্তিত এনে ধৰণৰ সমালোচনাই অৰিহণা যোগায়। কিন্তু এনে সমালোচনাৰ পন্থাটো যদিও নেতিবাচক বা গ্রহণযোগ্য নহয়, তথাপি কিছুমান ইতিবাচক স্বাৰ্থৰ খাতিৰত এনেধৰণৰ সমালোচনাক যদি সমালোচিত ব্যক্তিয়ে সঁচাকৈয়ে হৃদয়ংগম কৰিব পাৰে, তেতিয়া বহু ক্ষেত্রতেই ই কল্যাণকামী হোৱা দেখা যায়। সেয়ে কেবল লেখক-বুদ্ধিজীবীয়েই নহয়, নবপ্রজন্মক সঠিক বাট দেখুওৱাটো সমাজৰ প্ৰতিজন নাগৰিকৰে কর্তব্য। এই কর্তব্যৰ তাগিদাতেই হওক বা বিজ্ঞানৰ ছাত্র হিচাপে সমস্যাৰ বাস্তবিক দিশটোক কাৰিকৰীভাবে খুঁচৰি চোৱাৰ অভ্যাসৰ বাবেই হওক আজি আপোনালোকৰ বাবে লিখি উলিয়াইছোঁ এই ‘প’ষ্ট-মর্টেম্’ গ্রন্থখন। গ্রন্থখনত অসমৰ কেইটামান মৌলিক সমস্যা আৰু বিষয়ক তথ্যনিষ্ঠভাবে বিশ্লেষণ কৰি ৰাইজৰ বিচাৰৰ বাবে আন্তৰিকতাৰে আগবঢ়াইছোঁ।

বহুকেইখন গবেষণা পত্র আৰু লব্ধপ্রতিষ্ঠ বহু লেখক তথা ইতিহাসবিদৰ প্ৰসিদ্ধ গ্রন্থত উপলব্ধ তথ্যৰ আধাৰত লিখি উলিওবা ‘প’ষ্ট-মর্টেম্’ গ্রন্থখনত আৱেগ বিবর্জিতভাবে জাতীয় সমস্যাসমূহৰ বিশ্লেষণ কৰি শেষত এটা সমাধান সূত্র দিবলৈ প্ৰয়াস কৰা হৈছে।” গ্রন্থখনত চাৰিটা খণ্ড আছে। প্রথম খণ্ডৰ লেখাসমূহ হ’ল – ১৯৫১; ত্ৰিপুৰা নে কাশ্মীৰ? (অসমীয়াৰ সংকট আৰু প্রত্যাহ্বান); বৌদ্ধিক নেৰেটিভ্ ;এন আৰ চিৰ পৰা মিঞা মিউজিয়ামলৈ ;আৱেগৰ কুঁৱলী ফালি এটা ‘পষ্ট-মর্টেম্’ ;তেলৰ আবেগ আৰু ধূসৰিত বাস্তৱ;নগাৰ সংগ্রাম আৰু নগা-অসমীয়া সীমা বিবাদ; জাতীয় সমস্যাক ৰাষ্ট্রীয়কৰণত বৌদ্ধিক আন্দোলনৰ প্রয়োজনীয় প্রত্যাহ্বান আৰু কৰণীয় ; হালধীয়া । দ্বিতীয় খণ্ডৰ লেখাসমূহ হ’ল – গুণত ঘুণ; মেৰিট গুড্ ;বলিৰ পঠা ;অন্ধ মানুহ , উন্মাদ সমাজ ; ভ্রষ্টাচাৰ। তৃতীয় খণ্ডৰ লেখাসমূহ হ’ল – ফৰ্মেলিন, ইউৰিয়াৰ কৰালগ্রাসত মৃত্যুমুখী এটা জাতি ;পেট্র’লত ইথান’ল- সেউজ প্রযুক্তিৰ দিশত ভাৰত । চতুৰ্থ খণ্ডৰ লেখাসমূহ হ’ল –মাজুলী- ভিন্ন বিষাদ, ভিন্ন সময় ;শৌচাগাৰ পৰ্যটন ;খড়্গটোৰ সন্ধানত; উচ্ছেদ, উন্নয়ন আৰু গুৱাহাটীৰ ভৱিষ্যৎ ;কেতিয়া বুজিম? গ্রন্থখনত ড°গোস্বামীয়ে কেইবাটাও মৌলিক জাতীয় সমস্যা আৰু বিষয়ক তথ্যনিষ্ঠ আৰু আবেগ বিবর্জিতভাৱে বিশ্লেষণ কৰি তাৰ সময়সাপেক্ষ বিজ্ঞানসন্মত সমাধানৰ বাট নির্ণয়ৰ প্ৰয়াস কৰিছে। গ্রন্থখনৰ প্রথমটো লেখা ‘১৯৫১’ত অসমৰ বহুসংখ্যক লোকেই ভাবে যে বিদেশী চিনাক্তকৰণ আৰু খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ হ’লে অসমত ভাৰতৰ আন ৰাজ্যৰ দৰে ১৯৫১ চনটো ভিত্তিবর্ষ কৰাটো বাঞ্ছনীয় বুলি মত প্রকাশ কৰিছে। লগতে বিষয়টোক লৈ লেখকৰ মনত উদ্বেগ হোৱা কিছু প্ৰশ্নৰ তথ্যৰ ওপৰত আধাৰিত গৱেষণালব্ধ এক পৰিসাংখ্যিক বিশ্লেষণ দাঙি ধৰিছে। আৱেগৰ কুঁৱলী ফালি এটা ‘পষ্ট-মর্টেম্’ লেখাটোত ফেচবুকৰ জাতীয়তাবাদে ৰাজ্যৰ জাতীয় উত্তৰণত একো সহায় নকৰে বুলি উল্লেখ কৰিছে। লেখকে মত প্রকাশ কৰা দৰে আমিও ভাবো আমাৰ এলেহুৱা স্বভাৱ আৰু কর্মবিমুখতাই আজি জাতিটোৰ প্রধান শত্রু আৰু হাতে-কামে নকৰি কেবল ৰাজপথত চিঞৰিলেই অসমক বচাব পৰা নাযাব। ইয়াৰ বাবে আমাক লাগিব এক কর্মমুখী, সুস্থিব, সংকল্পবন্ধ, দীর্ঘম্যাদী আৰু বৈজ্ঞানিক পৰিকল্পনা। ভাষাৰ লগতে ‘কর্মমুখী চেতনাক’ক যদি জাতীয়তাবাদৰ লগত সংযোজিত কৰিব পৰা নাযায় নাগৰিকত্ব (সংশোধনী) আইনখনক বাতিল কৰকেই বা নকৰকেই অনাগত সময়তো বিদেশীৰ লগত সহাবস্থান কৰাৰ বাহিৰে খিলঞ্জীয়া অসমীয়াৰ অন্য উপায় নাই। ‘তেলৰ আবেগ আৰু ধূসৰিত বাস্তৱ’ লেখাটোত তথ্য সহকাৰে দাঙি ধৰিছে যে তেলক লৈ আমাৰ যিমানেই আৱেক নাথাকক কিয় বাস্তৱিক ছবিখন হ’ল বৰ্তমান সময়ত ভাৰতত ব্যৱহৃত তেলৰ মাত্র ১.৯৫%হে অসমে যোগান ধৰে; বাকী ৯৮.০৫% বাকী ৰাজ্যবোৰে যোগান ধৰে বা আমদানি কৰিবলগীয়া হয়।

গতিকে ,অসমৰ তেলেৰ দেশ চলি আছে বুলি ভবা কথাটোও অবান্তৰ আৰু সেয়ে OIL আৰু ONGCক কাৰিকৰী আৰু আৰ্থিকভাৱে প্ৰচুৰ ক্ষমতাশালী কৰি তোলি যাতে অত্যাধুনিক প্রযুক্তি আৰু মানৱ সম্পদ ব্যৱহাৰ কৰি OIL/ONGCয়ে উত্তৰ- পূবৰ ভূগৰ্ভত থকা পেট্র ‘লিয়াম নিষ্কাশন কৰিব পাৰে, অন্যথা ভূগৰ্ভৰ তেল নিষ্কাশনৰ দায়িত্ব অত্যাধুনিক প্রযুক্তিৰে সমৃদ্ধ ব্যক্তিগত কোম্পানীক দিয়া মত পোষণ কৰিছে । গ্রন্থখনৰ এটা উল্লেখযোগ্য লেখা হ’ল ‘জাতীয় সমস্যাক ৰাষ্ট্রীয়কৰণত বৌদ্ধিক আন্দোলনৰ প্রয়োজনীয় প্রত্যাহ্বান আৰু কৰণীয়’। এই লেখাটোত এটা জাতিৰ কৃষ্টি-সংস্কৃতিৰ পৰা আৰম্ভ কৰি সাহিত্য, ঐতিহ্য, পৰম্পৰা বা সমস্যাক যেতিয়া ৰাষ্ট্রীয় বা আন্তঃৰাষ্ট্ৰীয় পর্যায়ত প্রতিষ্ঠা কৰাৰ প্ৰসংগ আহি পৰে, তেতিয়াই সেই জাতি বা প্ৰদেশৰ লেখকসকলে গুৰুত্বপূর্ণ ভূমিকা ল’ব লাগে তাৰ বাবে নিজৰ মাতৃভাষাৰ বাদেও যিকোনো এটা ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় ভাষাত দখল অতি প্রয়োজনীয় হৈ পৰে তাৰ বিৱৰণ দিছে। লগতে নবপ্রজন্মৰ লেখকে ইংৰাজীত লিখা-মেলা কৰিবলৈ ভয় বা অস্বস্তি অতিক্রম কৰিবলৈ কিছুমান উপায়, যেনে- আত্মবিশ্বাস বৃদ্ধি; নিয়মিতভাৱে অনুশীলন; বিস্তৃত অধ্যয়ন; ভাষাৰ কৰ্মশালা আৰু শ্রেণী; লেখা সম্প্রদায়; ভাষাৰ সঁজুলিৰ ব্যৱহাৰ; ভুল আঁকোৱালি লোৱা; মতামত বিচাৰক; বাস্তৱিক লক্ষ্য নিৰ্ধাৰণ; ধৈৰ্য আৰু অধ্যৱসায়; সাংস্কৃতিক বিসৰ্জন; মাইওফুলনেহু আৰু ৰিলাক্সেচন কৌশল আদি উল্লেখ কৰি মাধ্যম ফ’বিয়া পৰিত্যাগ কৰি নতুন প্রজন্মই অসমীয়াৰ লগতে ইংৰাজীত লিখাৰ প্রতিও ধাউতি বঢ়োৱাতো বাঞ্ছনীয় বুলি মত প্রকাশ কৰিছে যাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্রতিষ্ঠা কৰিবলৈ আৰু অসমৰ বিভিন্ন ইছ্যুত ৰাষ্ট্ৰীয় নেতৃত্বৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়। ‘হালধীয়া’ লেখাটোত হালধীয়া সাংবাদিকতা ধাৰাটোৰ বিষয়ে বৰ্ণনা কৰি মত প্রকাশ কৰিছে যে সকলো ৰাজনৈতিক অভীপ্সা আৰু উদ্দেশ্যক একাষৰীয়া কৰি সমগ্ৰ দেশৰ সংবাদ মাধ্যম একত্রিত হওক আৰু অনাগত সময়ত এক শক্তিশালী নিৰপেক্ষ সাংবাদিকতাৰ ধ্বজা বহন কৰক। আমি ভাবো এই মতৰ লগত জনগণ একমত হ’ব। ‘গুণত ঘুণ’ লেখাটোত চৰকাৰী বিদ্যালয়ৰ নিম্নগামী মানৰ বাবে বিভিন্ন ইকেইটা কাৰকক দোষাৰোপ কৰাৰ প্ৰৱণতা থকা শিক্ষকসকলে এবাৰ আত্মবিশ্লেষণ কৰাৰো প্ৰয়োজন আছে বুলি মতামত আগঢ়াইছে । লগতে উল্লেখ কৰিছে যে কেৱল চৰকাৰী নীতিক ভুল বুলি কোৱা শিক্ষকে নিজৰ নীতি আৰু দায়িত্ব কিমান সুচাৰুৰূপে পালন কৰিছে, তাৰো পর্যালোচনা কৰা দৰকাৰ। সময় থাকোঁতেই বিষয়বোৰৰ সঠিক পর্যালোচনা কৰি বাস্তৱসন্মত আৰু ক্ষিপ্ৰ নীতি নল’লে নিশ্চিতভাৱে চৰকাৰী শিক্ষা ব্যৱস্থাটোৱে ক্ষিপ্ৰতাৰে মৃত্যুৰ দিশে গতি কৰিব ।
‘ভ্রষ্টাচাৰ’ লেখাটোত ভাৰতত দুৰ্নীতিৰ এক পৰ্যালোচনা আগবঢ়োৱাৰ লগতে অসমৰ বিভিন্ন কেলেংকাৰি আৰু দুৰ্নীতিৰ কেইটামান উদাহৰণ দাঙি ধৰিছে। দুৰ্নীতি আৰম্ভ যে ঘৰখনৰ পৰাই হয় তাক সুন্দৰকৈ উদাহৰণৰ সৈতে বুজাই তাৰ সমাধান হিচাপে মানসিকতাৰ পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰিছে। গ্রন্থখনৰ এটা উল্লেখযোগ্য লেখা হ’ল ‘ফৰ্মেলিন, ইউৰিয়াৰ কৰালগ্রাসত মৃত্যুমুখী এটা জাতি’। এই লেখাটোত ফৰ্মেলিন, ইউৰিয়াৰ তথা আন আন ৰাসায়নিক যৌগবোৰ শৰীৰৰ বাবে কিমান যে ক্ষতিকাৰক তাৰ বৰ্ণনা কৰাৰ লগতে কেৱল কৰ্মবিপ্লৱেহে ফৰ্মেলিন, ইউৰিয়াৰ কৰালগ্রাসত মৃত্যুমুখী জাতিটোক বচাব পাৰিব ব্যাখ্যা আগবঢ়াইছে।
‘শৌচাগাৰ পৰ্যটন’ লেখাটোত অগতানুগতিক বিষয় উপস্থাপন কৰিছে। শৌচালয় বা Toiletৰ লগত একোখন দেশ বা ৰাজ্যৰ পৰ্যটন আৰু বিকাশৰ বিষয়টো ওতপ্রোতভাৱে জড়িত হৈ আছে তাৰ বিষয়ে তথ্য সহকাৰে বিশ্লেষণ দাঙি ধৰি বিশ্বত এতিয়া শৌচাগাৰ পৰ্যটন (Toilet Tourism)ৰ নতুন ধাৰণা যে আহিছে তাৰ বিষয়েও উল্লেখ কৰিছে।
‘উচ্ছেদ, উন্নয়ন আৰু গুৱাহাটীৰ ভৱিষ্যৎ’ লেখাটোত উল্লেখ কৰা গুৱাহাটীকে বহলাই নিয়াতকৈ অসমত আৰু চাৰি পাঁচখন গুৱাহাটী নিৰ্মাণৰ চিন্তা-চৰ্চা কৰাৰ দৰকাৰ কথাটো সকলোৱে সহমত প্রকাশ কৰিব বুলি ভাবো।
‘কেতিয়া বুজিম?’ লেখাটোত উল্লেখ আছে –‘জাতীয়তাবাদৰ নামত অতিকৈ সহজ বেপাৰখন ক’ত কেনেদৰে চলি আছে উজনি অসমৰ তেল কোম্পানীকেইটাৰ যিকোনো এজন বিষয়াক সুধিলেই গম পোৱা যায় বা যিকোনো এটা ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ এজন উচ্চপৰ্যায়ৰ নেতাক সুধিলেই গম পোৱা যায়। আমাৰ আবেগক বন্ধকত থৈ যি গতিত দৰ-দাম চলে তাৰ পৰাই এচাম জাতীয়তাবাদীৰ স্বৰূপ ওলাই পৰে। জাতিটোক পংগু বনোবাত ইয়াৰ ভূমিকা অন্যতম। চল্লিশ বছৰীয়া গণ আন্দোলনৰ এই নাটকখনৰ পৰা আমি আজিও শিক্ষা নলৈ নেতাৰ পিছত দৌৰিয়েই আছোঁ। জাতীয়তাবাদৰ নামত সাধাৰণ মানুহবোৰৰ আবেগক বাণিজ্যিকীকৰণ কৰি কৰি এচামে যি ৰাজনৈতিক আৰু অর্থনৈতিক মুনাফা লুটি আছে তাক যদি আমি আজিও বুজিব নোৱাৰো ইয়াতকৈ দুর্ভাগ্যৰ কথা জাতিটোৰ বাবে হয়তো একোৱেই নাই। ’ এই কথাখিনি সচাঁই চিন্তনীয় আৰু হৃদয়ংগম কৰা উচিত। ড° প্রদ্যুম্ন গোস্বামীৰ নৱতম গ্রন্থ “পষ্ট-মর্টেম্”তো তেওঁৰ মৌলিক চিন্তা আৰু নতুন বাস্তৱবাদী বাগধাৰাৰ উন্মেষ অতি শক্তিশালী ৰূপত বিদ্যমান। গ্রন্থখনৰ শেষৰ ফালে ৩৪টা তথ্যৰ উৎসৰ বিষয়ে উল্লেখ কৰিছে। গ্রন্থখনে বহু নতুন চিন্তাৰ উন্মেষ ঘটোৱাৰ লগতে প্রগতিশীল দৃষ্টিভংগী নির্মাণত প্রভৃত অৰিহণা যোগাব বুলি আশা কৰিব পাৰি। পূৰ্বায়ণ প্রকাশনে গ্রন্থ প্রকাশ কৰিছে আৰু প্রথম প্রকাশ-ডিচেম্বৰ,২০২৩। গ্রন্থখনত মুঠ ১৭৫ পৃষ্ঠা আছে আৰু ইয়াৰ মূল্য ২৬০ টকা।

এই ৫ টা ফেচ পেকৰ সহায়ত শুকান ছাল কোমল হৈ পৰিব…

আপোনাৰ শুকান ছালখন কোমল কৰিবলৈ ৫টা টিপছ। শুকান ছালখনে বহুতো অসুবিধাত পেলায়। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ যিমান পাৰি পানী খাব। ইয়াৰ উপৰিও শুকান ছালৰ সৈতে মোকাবিলা কৰিবলৈ ঘৰতে বনোৱা ফেচ পেকও ব্যৱহাৰ কৰিব পাৰে। আপুনি বহু ধৰণৰ প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰি এই ফেচ পেক বনাব পাৰে। এই ফেচ পেকসমূহৰ ভিতৰত মৌ, দৈ, বেচন, অমিতা আৰু কমলাৰ ৰস ইত্যাদি-

এটা বাটিত এচামুচ এলোভেৰা জেল ল’ব তাত কুটি লোৱা তিয়হ দিব। তাৰ পিছত গোটেই মুখ আৰু ডিঙিত লগাব। এতিয়া ৩০ মিনিট ৰাখিব। ইয়াৰ পিছত ঠাণ্ডা পানীৰে ধুব।

এটা বাটিত দুচামুচ বেচন আৰু এচামুচ দৈ লৈ লওক। ভালকৈ মিহলাই পেষ্ট বনাওক। এই পেষ্টটো গোটেই মুখ আৰু ডিঙিত লগাব। তাৰ পিছত সম্পূৰ্ণ শুকুৱাবলৈ দিব। ইয়াৰ পিছত ছালখন নিজেই মালিচ কৰি পৰিষ্কাৰ কৰিব। ইয়াৰ পিছত মুখখন কুহুমীয়া পানীৰে ধুব।

এচামুচ পিহি লোৱা ওটচ এটা মিক্সিং বাটিত লওক।এতিয়া তাত আধা চামুচ মৌ দিব। তাৰ পিছত ভালদৰে মিহলাই লওক। এতিয়া মুখ আৰু ডিঙিত লগাব। ২০ মিনিট সময় ৰাখিব। তাৰপিছত সাধাৰণ পানীৰে ধুব। সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিব পাৰে।

এটা বাটিত আধা কাপ কমলাৰ ৰস ল’ব। তাৰ পিছত তাত দুচামুচ ওটছ দিব। এতিয়া অলপ সময় ৰসত তিয়াই থওক। ইয়াৰ পিছত এই মিশ্ৰণটো গোটেই মুখমণ্ডল আৰু ডিঙিত লগাব। ২০ মিনিটমান ৰাখিব।

পকা অমিতা কাটি সৰু সৰু ঘন কৰি লওক। তাৰ পিছত তাত ১ চামুচ মৌ দিব। এই অমিতা পেষ্টটো গোটেই মুখ আৰু ডিঙিত লগাওক। ২০ মিনিট ছালত থৈ দিব। তাৰ পিছত ভালদৰে মুখত লগাব।


আয়ুবেৰ্দত নয়নতৰাক জীৱনদায়িনী বনৌষধি উদ্ভিদ বুলি কোৱা হয়…

আয়ুবেৰ্দত নয়নতৰাক জীৱনদায়িনী বনৌষধি উদ্ভিদ বুলি কোৱা হয় । নয়নতৰাৰ ফুল, পাত, শিপা, ডাল সকলো অংশই ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়। নয়নতৰা গছ ঘৰৰ আশে-পাশে থাকিলে ইয়াৰ বতাহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াত সহায় কৰে। বিশেষজ্ঞ সকলৰ মতে ,কেঞ্চাৰ ৰোগৰ বাবে নয়নতৰা অতি উপকাৰী বুলি প্ৰমানিত হৈছে । এই ৰোগত নয়নতৰাৰ পৰা ঔষধ প্ৰস্তুত কৰা হয়। নিয়মিয়াকৈ ৰাতিপুৱা নয়নতৰা পাত ৩/৪ টা পিচি বা চোবাই খালে ডায়েবেটিছ ৰোগীৰ তেজত শৰ্কৰাৰ পৰিমাণ কম হয় । নয়নতৰাই ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে।কৃমিৰ সমস্যাত নয়নতৰাৰ ৩/৪ টা পাতৰ ৰস খালি পেটত খালে উপকৃত হয়। সপ্তাহত দুই-এদিন নয়নতৰা ২/৩ খিলা পাত চোবাই খালে স্মৰণ শক্তি বঢ়াত সহায় কৰে।

কীট-পতংগই কামোৰা ঠাইত নয়নতৰা পাতৰ ৰস লগালে বিষ কম হয়। শৰীৰৰ ঘাঁ , খজুৱতি , এলাৰ্জি আদি সমস্যাত নয়নতৰা পাতৰ ৰস লগালে উপকৃত হয় । ৰাতিপুৱা আহাৰ খোৱাৰ আগতে নয়নতৰাৰ শিপা দুই-তিনি ইঞ্চি চোবাই ৰস খিনি খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণলৈ আহে। কিন্তু নিৰোগী লোকে সঘনাই নয়নতৰা খাব নালাগে। গৰ্ভৱতী মহিলা , জটিল ৰোগ থকা ব্যক্তি আৰু অস্ত্ৰোপচাৰ কৰা লোকে খোৱাৰ পৰা বিৰত থাকিব।

কেবিচিত দেখা পোৱা নাযাব মেগাষ্টাৰ অমিতাভ বচ্চনক…

বচ্চন পৰিয়ালত চলি থকা উত্তেজনাৰ মাজতে ‘কৌন বনেগা কৰোড়পতি’ শ্ব’ৰ ফাইনেলত আৱেগিক হৈ পৰা দেখা গ’ল অমিতাভ বচ্চনক। শ্ব’টোৰ শেহতীয়া ছিজন শেষ হোৱাৰ লগে লগে চেটত অভিনেতাগৰাকী আৱেগিক হৈ পৰা দেখা গৈছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা শ্ব’টোৰ শেহতীয়া ক্লিপটোত অমিতাভ বচ্চনক যোৱা খণ্ডটোৰ সময়ত শ্ব’টোক বিদায় দিওঁতে চকুলো টুকি থকা দেখা গৈছিল। নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰখা অভিনেতাজনে দৰ্শকক বিদায় দিওঁতে চকুপানী নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। অমিতাভ বচ্চনে তেওঁৰ দৰ্শকক ধন্যবাদ জ্ঞাপন কৰি ক’লে- ‘মহিলা আৰু ভদ্ৰলোকসকল, আমি এতিয়াই গুচি যাম আৰু কাইলৈৰ পৰা এই মঞ্চ আৰু সজোৱা নহ’ব।’ কাইলৈৰ পৰা আমি নাহিম, মোৰ আপোনজনক ক’ব পৰাকৈ এইবোৰ কথা ক’বলৈ মোৰ সাহস নাই, ক’বও মন যোৱা নাই, মই অমিতাভ বচ্চনে শেষবাৰৰ বাবে ক’বলৈ ওলাইছো এই সময়ৰ বাবে শুভৰাত্ৰি।

এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ লগে লগে অমিতাভ বচ্চনৰ অনুৰাগীসকলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘আপুনি কিয় গুচি গৈছে?’, আন এজনে মন্তব্য কৰিছে, ‘মই নিশ্চিত নহয় কিন্তু যোৱা কেইটামান খণ্ড অতি আৱেগিক হৈ পৰিছে’। আপোনালোকক জনাওঁ যে ২০০০ চনত অমিতাভ বচ্চনে গেম শ্ব’ৰ প্ৰথম ছিজন কৌন বনেগা কৰোড়পতি আয়োজন কৰিছিল। ২০০৫ চনত যেতিয়া এই অনুষ্ঠানটোৰ দ্বিতীয় ছিজন প্ৰচাৰ কৰা হয়, তেতিয়া বিগ বি অসুস্থ হোৱাৰ বাবে প্ৰযোজকসকলে এই শ্ব’ স্থগিত ৰাখিছিল। ২০১০ চনত অমিতাভ বচ্চনে পুনৰ শ্ব’টোৰ চতুৰ্থ ছিজনৰ আয়োজক হিচাপে আহিছিল আৰু তাৰ পিছৰে পৰা তেওঁ কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল।


অযোধ্যাক উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে, প্ৰতি মুহূৰ্ততে মোদীক সংগ দিলে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে…


প্ৰধানমন্ত্ৰী মোডী অযোধ্যা ভ্ৰমণঃ ৰাম মন্দিৰত ৰামলালাৰ অভিষেকৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে অযোধ্যাক দিলে ডাঙৰ উপহাৰ।

এই উপলক্ষে প্ৰধানমন্ত্ৰী মোডী আৰু মুখ্যমন্ত্ৰী যোগীৰ মাজত আচৰিত ধৰণৰ মিল দেখা গ’ল।

প্ৰতি মুহূৰ্ততে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ছাঁৰ দৰে থাকি গ’ল মুখ্যমন্ত্ৰী যোগী।

হেৰাই গ’ল নেকি নৱবৰ্ষৰ সুবাস সনা ৰং বিৰঙৰ ‘গ্ৰিটিংছ কাৰ্ড’…

আজি কিছু বছৰৰ আগলৈকে নতুন বছৰ মানেই নানা ৰঙী ‘গ্ৰিটিংছ কাৰ্ডে’ বজাৰ ভৰি থকা দেখিবলৈ পোৱা গৈছিল। এই ‘গ্ৰিটিংছ কাৰ্ড’সমূহেই আছিল আপোনজনক নতুন বছৰৰ শুভেচ্ছা জনোৱাৰ একমাত্ৰ মাধ্যম | ম’বাইল ফোনৰ আগমনৰ আগলৈকে সমগ্ৰ দেশজুৰি ‘গ্ৰিটিংছ কাৰ্ড’ৰ এক ৰমৰমীয়া ব্যৱসায় চলিছিল | আমাৰ অসমো পিচপৰি ৰোৱা নাছিল । নগৰ-চহৰসমূহৰ বাদেই দিলো, আমাৰ গাওঁসমূহৰ দোকান-পোহাৰসমূহতো নানা ৰঙী ‘গ্ৰিটিংছ কাৰ্ডে’ৰে ভৰি পৰা আমি দেখিছিলো। প্ৰিয়জনৰ ‘গ্ৰিটিংছ কাৰ্ড’খনলৈ নতুন বছৰ অহাৰ সময়ত প্ৰত্যেকেই হেঁপাহেৰে বাট চাই ৰৈছিল ডাকোৱালজনলৈ। কাৰ্ডৰ মাজত লিপিবদ্ধ এষাৰী মন জুৰোৱা কথাই সকলোৰে মন প্ৰশান্তিৰে ভৰাই পেলাবলৈ সক্ষম হৈছিল।

সঁচা কথা কবলৈ হ’লে সেই দিনবোৰৰ মাদকতাই আছিল সুকীয়া। ম’বাইল ফোনৰ আগমন হোৱাৰ বৰ বেছি দিন হোৱা নাই। কিন্তু এই কম সময়ৰ ভিতৰতে এই মাধ্যমটোৱে আমাৰ সমাজ জীৱনক ইমান গ্ৰাহ কৰি পেলাইছে যে মানুহৰ জীৱন যেন আজি ম’বাইলৰ আঙুলিৰ টিপত আবদ্ধ।এখন ‘গ্ৰিটিংছ কাৰ্ড’ত সংপৃক্ত হৈ থকা মৰম আশিস সহানুভূতিৰ তুলনা ম’বাইলৰ মেছেজ এটাৰে তুলনা কৰিব পাৰি জানো ? তাতে প্ৰিয়জনৰ পৰা পাবলগীয়া কাৰ্ডখনলৈ আশাৰে ৰৈ থকাৰ যি অনাবিল আনন্দ সেয়া, ম’বাইলৰ মেছেজে দিব নোৱাৰে। প্ৰিয়জনৰ মৰমসনা ‘গ্ৰিটিংছ কাৰ্ড’খন বহু দিনলৈ মৰমেৰে সাঁচি থ’ব পাৰি। বহু দিনৰ পিচত সেই ‘গ্ৰিটিংছ কাৰ্ড’খন চায়েই নষ্টালজিক হ’ব পাৰি। ম’বাইলৰ মেছেজত সেই সুবিধা নাই | কিন্তু নতুন প্ৰজন্ম আজি বিজ্ঞানে আনি দিয়া এই অত্যাধুনিক মাধ্যমৰ দাসত পৰিণত হ’ল।

অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত ৬ টা স্বৰ্ণসহ মুঠ ১৯ টা পদকৰে কামৰূপ জিলাৰ চমকপদ প্ৰদৰ্শন

২১-২৪ ডিচেম্বৰত গুৱাহাটীৰ সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত অসম অলিম্পিক সন্থাৰ পঞ্জীয়নভুক্ত সদৌ অসম কাৰাটে সন্থাৰ দ্বাৰা আয়োজিত “অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতা” ২০২৩_ত কামৰূপ জিলাই মুঠ ১৯ টা পদক অৰ্জন কৰিছে । এই পদকৰ ভিতৰত ৬ টা সোণ, ১ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জৰ পদক । কামৰূপ জিলা ক্ৰীড়া সন্থাৰ অধীনৰ কামৰূপ জিলা কাৰাটে সন্থাৰ হৈ সোণৰ পদক লাভ কৰা খেলুৱৈসকল ক্ৰমে – ময়দুল হাছান (হাজো), মানৱ বৈশ্য (আজাৰা), তনয়া নাথ (আজাৰা), ৰাজদ্বীপ কলিতা (শুৱালকুছি), ৰাজদ্বীপ ৰাভা (ছয়গাঁও) সোণমণি ৰাভা (ছয়গাঁও) ।

ৰূপৰ পদক লাভ কৰে হাজোৰ হৃষিতা দাসে । আনহাতে ব্ৰঞ্জৰ পদক লাভ কৰে ক্ৰমে নিহাৰ দাস (হাজো), হিয়াশ্ৰী দাস (হাজো), হীৰক দাস (হাজো), সাগৰ গৌতম দাস (হাজো), পৰিণিতা কলিতা, প্ৰত্যাক্ষা কলিতা, মঞ্জিষ্ঠা কলিতা (পলাশবাৰী) প্ৰজ্ঞান ঠাকুৰীয়া (জালুকবাৰী), ৰাজদ্বীপ দাস (আজাৰা) আৰু ভাস্বতী মহন্তই( দমদমা) । লʼৰাৰ জুনিয়ৰ দলীয় কাটা, ছোৱালীৰ দলীয় কাটাত ব্ৰঞ্জৰ পদক লাভ কৰে কামৰূপ জিলাই । দলীয় শাখাত পদক লাভ কৰা খেলুৱৈসকল ক্ৰমে – সমুজ্বল হাজৰিকা, প্ৰাণজিৎ দাস, দীপমণি বেজবৰুৱা, গায়ত্ৰী ভূঞা, বৰ্ষা কুমাৰী আৰু টনু স্বামী । পদক বিজয়ী আটাইকেইগৰাকী খেলুৱৈক কামৰূপ জিলা কাৰাটে সন্থাই শুভেচ্ছা জ্ঞাপন কৰিছে । এই বাতৰি প্ৰেৰণ কৰিছে কামৰূপ জিলা কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক ৰূপক ৰাজবংশীয়ে।

বেছিকৈ গাজৰ খালে ভয়াৱহ ৰোগ হোৱাৰ সম্ভাৱনা…

শীতকালত বেছিকৈ গাজৰ খালে পেটৰ সমস্যা হ’ব পাৰে। শীতকালত মানুহে বহুত গাজৰ খায়। বহুতে পৰঠা, হালোৱা, চালাড, আচাৰ, শাক-পাচলি আৰু বহুতো বস্তু সৈতে মিহলাই গাজৰ খায়। কিন্তু আপুনি জানেনে যে গাজৰ আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী হ’লেও ইয়াৰ অধিক পৰিমাণে খোৱাৰ অসুবিধা আছে। গাজৰ বেছিকৈ খালে কি বেমাৰ হ’ব পাৰে জানো আহক…

যিসকল লোকৰ বি পি আৰু ব্লাড চুগাৰৰ সমস্যা আছে তেওঁলোকে বেছিকৈ গাজৰ খাব নালাগে। এনে লোকে গাজৰ খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। যিসকল লোকৰ টোপনিৰ সমস্যা আছে তেওঁলোক গাজৰৰ পৰা আঁতৰি থাকিব লাগে। বেছিকৈ গাজৰ খালে দাঁতৰ বিষও হ’ব পাৰে। গতিকে যিসকল লোকৰ দাঁতৰ সমস্যা আছে তেওঁলোকে বেছিকৈ গাজৰ খাব নালাগে।

বিলাহীত প্ৰচুৰ পৰিমাণে আঁহ থাকে। এনে পৰিস্থিতিত যদি আপুনি দৈনিক গাজৰ খায় তেন্তে শৰীৰত আঁহৰ মাত্ৰা বৃদ্ধি পাব পাৰে। যাৰ বাবে আপোনাৰ পেটৰ বিষ আৰু পেটৰ লগত জড়িত সমস্যা হ’ব পাৰে। গাজৰত আঁহৰ লগতে কেৰটিনও প্ৰচুৰ পৰিমাণে থাকে। গাজৰ অতিমাত্ৰা খালে ছালৰ ৰং সলনি হ’ব পাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যিসকল মহিলাই স্তনপান কৰাই আছে তেওঁলোকে বেছিকৈ গাজৰ খাব নালাগে। কাৰণ বেছিকৈ গাজৰ খালে গাখীৰৰ সোৱাদ সলনি হ’ব পাৰে।



অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত ৬ স্বৰ্ণসহ মুঠ ১৯ টা পদকৰে কামৰূপ জিলাৰ চমকপদ প্ৰদৰ্শন

২১-২৪ ডিচেম্বৰত গুৱাহাটীৰ সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত অসম অলিম্পিক সন্থাৰ পঞ্জীয়নভুক্ত সদৌ অসম কাৰাটে সন্থাৰ দ্বাৰা আয়োজিত “অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতা” ২০২৩ত কামৰূপ জিলাই মুঠ ১৯ টা পদক অৰ্জন কৰে।

এই পদকৰ ভিতৰত ৬ টা সোণ, ১ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জৰ পদক। কামৰূপ জিলা ক্ৰীড়া সন্থাৰ অধীনৰ কামৰূপ জিলা কাৰাটে সন্থাৰ হৈ সোণৰ পদক লাভ কৰা খেলুৱৈসকল ক্ৰমে – ময়দুল হাছান (হাজো), মানৱ বৈশ‌্য (আজাৰা), তনয়া নাথ (আজাৰা), ৰাজদ্বীপ কলিতা (শুৱালকুছি), ৰাজদ্বীপ ৰাভা (ছয়গাঁও) সোণমণি ৰাভা (ছয়গাঁও) ।

ৰূপৰ পদক লাভ কৰে হাজোৰ হৃষিতা দাসে। আনহাতে ব্ৰঞ্জৰ পদক লাভ কৰে ক্ৰমে নিহাৰ দাস (হাজো), হিয়াশ্ৰী দাস (হাজো), হীৰক দাস (হাজো), সাগৰ গৌতম দাস (হাজো), পৰিণিতা কলিতা, প্ৰত্যাক্ষা কলিতা, মঞ্জিষ্ঠা কলিতা (পলাশবাৰী) প্ৰজ্ঞান ঠাকুৰীয়া (জালুকবাৰী), ৰাজদ্বীপ দাস (আজাৰা) আৰু ভাস্বতী মহন্তই( দমদমা)। লʼৰাৰ জুনিয়ৰ দলীয় কাটা, ছোৱালীৰ দলীয় কাটাত ব্ৰঞ্জৰ পদক লাভ কৰে কামৰূপ জিলাই।

দলীয় শাখাত পদক লাভ কৰা খেলুৱৈসকল ক্ৰমে – সমুজ্বল হাজৰিকা, প্ৰাণজিৎ দাস, দীপমণি বেজবৰুৱা, গায়ত্ৰী ভূঞা, বৰ্ষা কুমাৰী আৰু টনু স্বামী । পদক বিজয়ী আটাইকেইগৰাকী খেলুৱৈক কামৰূপ জিলা কাৰাটে সন্থাই শুভেচ্ছা জ্ঞাপন কৰিছে ।

খাদ্যত বিষক্রিয়া, ১৪জন আক্ৰান্ত

ওদালগুৰি জিলাৰ খৈৰাবাৰী থানাৰ অন্তৰ্গত ঝাৰগাঁৱত শনিবাৰে পুৱা প্ৰায় ১১ বজাত দৈনিক বজাৰৰ এখন হোটেলত চাহত বিষক্ৰিয়া হৈ ১৪জনতকৈ অধিক লোক আক্রান্ত হয়৷

খবৰ অনুসৰি ঝাৰগাঁৱ চ’কৰ এখন চাহ দোকানত শনিবাৰে পুৱা প্ৰায় ১১ বজাত চাহৰ লগত খোৱা লাড়ু-পিঠা খোৱাৰ পিছতে এজনৰ পিছত এজনকৈ লোক মূৰ ঘূৰাই ঢলি পৰাত ৰাইজৰ মাজত হুৱাদুৱা লাগে৷ পিছত ভূঞাখাট স্বাস্থ্য কেন্দ্ৰ, খৈৰাবাৰী আদিৰ পৰা অহা এম্বুলেন্সে বিষক্ৰিয়াত আক্ৰান্তসকলক ক্ৰমে খৈৰাবাৰী, মঙলদৈ, টংলাৰ চিকিৎসালয়ত ভর্তি কৰে ৷

দুজনৰ অৱস্থা সংকটজনক হোৱাত মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আক্ৰান্তসকল ক্ৰমে দেবাছিছ ডেকা (২৭), সুমন ধৰ( ২৩), তৰুণ ডেকা (৫৮), পাৰ্থ পাতিম বৰা(৩৬), হেমকান্ত ডেকা(৫৫), সুমন ধৰ (২৩), তৰুণ ডেকা (৫৬),জগনাথ (৩২) বুলি চিনাক্ত কৰা হৈছে৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷