Home Blog Page 1121

বানে বিধ্বস্ত কৰিছিল মঙল গ্ৰহকো! নাছাই প্ৰেৰণ কৰা ৰভাৰে দিছে তথ্য…

নাছাই প্ৰেৰণ কৰা ৰভাৰে দিছে মঙল গ্ৰহ সন্দৰ্ভত নিত্য নতুন তথ্য । তথ্য মংগল গ্ৰহো বানপানী হৈছিল। মংগল গ্ৰহৰ পৃষ্ঠত সঁচাকৈয়ে লাখ লাখ বছৰৰ আগতে পানী আছিল আৰু সম্ভৱতঃ জীৱও আছিল বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে। কিন্তু পিছৰটোৰ নিৰ্ণায়ক প্ৰমাণ এতিয়াও পোৱা গৈছে। কিন্তু বিজ্ঞানীসকলে নিশ্চিত যে মংগল গ্ৰহ এসময়ত জলজ পৃথিৱী আছিল। মংগল গ্ৰহৰ পৃষ্ঠত গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ কৰি ঘূৰি ফুৰা নাছাৰ ৰভাৰখনে শেহতীয়াকৈ পানী ছিটিকি পৰাৰ প্ৰমাণ পাইছে। চলিত মাহৰ আৰম্ভণিতে নাছাই প্ৰকাশ কৰিছিল এখন ফটো। প্ৰজাৰ্ভেন্সৰ মাষ্টকেম-জেড কেমেৰাই ধৰা এই ছবিখনত মংগল গ্ৰহৰ জেজিৰ’ ক্ৰেটাৰত ইফালে সিফালে বিয়পি থকা শিল আৰু শিলগুটিৰ সংগ্ৰহ দেখা গৈছে।

নাছাই কয় যে ফটোখনত দেখা পোৱা শিল আৰু শিলগুটিবোৰ ‘কোটি কোটি বছৰৰ আগতে প্ৰবল বানপানীৰ পানীত উটি আহিছিল।

পুনৰ বিয়াত বহিব নেকি মালাইকা! প্ৰাক্তন স্বামীৰ দ্বিতীয় বিবাহৰ পিছত প্ৰতিক্ৰিয়া মালাইকা অৰোৰাৰ…

মালাইকা অৰোৰা পোষ্ট: ছচিয়েল মিডিয়াত অতি সক্ৰিয় মালাইকা অৰোৰা। প্ৰতিদিনে কিবা নহয় কিবা এটা শ্বেয়াৰ কৰে মালাইকা অৰোৰাই। এইবাৰ শ্বেয়াৰ কৰিছে এটা ৰহস্যময় পোষ্ট। ব্যক্তিগত জীৱনৰ বাবে প্ৰায়ে লাইমলাইটত থাকে মালাইকা অৰোৰা। অভিনেত্ৰী মালাইকা অৰোৰা প্ৰাক্তন স্বামী আৰবাজ খানৰ দ্বিতীয় বিবাহৰ পিছতে পুনৰ লাইমলাইটলৈ আহিছে মালাইকা। তেওঁ ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে যিটো ভাইৰেল হৈ পৰিছে। এই পোষ্টটোত মালাইকাই লিখিছে যে তেওঁৰ যি আছে তাৰ বাবে কৃতজ্ঞ। মালাইকা অৰোৰাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰিছে। য’ত লিখা আছিল- মই সাৰ পালোঁ, মোৰ পিন্ধিবলৈ কাপোৰ আছে, খাবলৈ খাদ্য আছে, মই কৃতজ্ঞ।

২০১৭ চনত মালাইকা অৰোৰা আৰু আৰবাজ খানৰ মাজত বিচ্ছেদ হয়। ইয়াৰ পিছত ২৪ ডিচেম্বৰত আৰবাজে মেকআপ আৰ্টিষ্ট শ্বুৰা খানৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কেৱল পৰিয়ালৰ সদস্য আৰু কিছুমান বিশেষ বন্ধু-বান্ধৱীয়েহে বিয়াত উপস্থিত আছিল। আৰবাজৰ বিয়াত মালাইকা উপস্থিত নাথাকিলেও পুত্ৰ আৰহান উপস্থিত আছিল।

আজিকালি মালাইকা অৰোৰাক নৃত্যৰ ৰিয়েলিটি শ্ব’ ঝলক দিখলা জাত বিচাৰক হিচাপে দেখা গৈছে। শ্ব’টোৰ নতুন প্ৰ’ম’ ভাইৰেল হৈ পৰিছে য’ত ফাৰাহ খানে মালাইকাক দ্বিতীয় বিবাহৰ বিষয়ে সুধিছে। ফাৰাহে মালাইকাক সুধিছে যে ২০২৪ চনত তেওঁ একক পিতৃ-মাতৃ আৰু অভিনেত্ৰীৰ পৰা ডাবল অভিভাৱক অভিনেত্ৰীলৈ সলনি হ’ব নেকি? ইয়াৰ পিছত গৌহৰে তেওঁক বুজাই দিয়ে যে তাই পুনৰ বিয়া হ’ব নেকি বুলি সুধিছে? ইয়াৰ উত্তৰত মালাইকাই কয় যে যদি যদি কোনোবা আছে তেন্তে মই তেওঁক বিয়া কৰাম।

ৰাজধানী চহৰ দিল্লীত চিনাক্ত হ’ল কোভিডৰ নতুন প্ৰজাতি জে এন ১ত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী…

দেশত পুনৰ কোভিডৰ ত্ৰাসে গা কৰি উঠিছে। কৰোনা ভাইৰাছৰ নতুন উপ-প্ৰকাৰ জে.এন.১কলৈ এতিয়া উদ্বেগ বৃদ্ধি পাইছে। দেশত এতিয়া প্ৰায় ৫০০০ লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। স্বাভাৱিকতে সেয়ে উদ্বেগ বাঢ়ি আহিছে। দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কৰ’না সংক্ৰমণৰ ঘটনা বৃদ্ধিৰ সময়তে ক’ভিডৰ নতুন ভেৰিয়েণ্ট এইবাৰ দিল্লীত ধৰা পৰিছে। ৰাজধানীত চহৰ খনত প্ৰথমগৰাকী ৰোগী নতুন প্ৰজাতিৰ কোভিডতআক্ৰান্ত হোৱাৰ তথ্য দিছে দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজে । ৩টা নমুনাৰ ভিতৰত এটাত নতুন প্ৰজাতি জে এন ১ ভেৰিয়েন্ট পোৱা গৈছে। সমগ্ৰ দেশতে জে এন ১ ভেৰিয়েন্টৰ ৰোগীৰ সংখ্যা ১১০লৈ বৃদ্ধি পাইছে।বুধবাৰে ভাৰতত ৫২৯জন নতুনকৈ কৰ’নাত আক্ৰান্ত ৰোগী ধৰা পৰে।ইয়াৰ লগে লগে মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ৪,০৯৩লৈ বৃদ্ধি পাইছে।কৰ’না ভাইৰাছৰ বাবে দেশত ৩জন লোকৰ মৃত্যু হৈছে। প্ৰশ্ন উত্থাপিত হৈছে এনে পৰিস্থিতিত পুনৰ কোভিড ভেকছিন ল’বলগীয়া হ’ব নেকি?

দেশৰ কোভিড-১৯ পেনেলৰ মুৰব্বীয়ে এই প্ৰশ্নৰ উত্তৰ দিছে। ইণ্ডিয়া-এছএআৰএছ-চিঅ’ভি২ জিনোমিক্স কনচৰ্টিয়ামৰ মুৰব্বী ড০ এন কে অৰোৰাই কয় যে নতুন প্ৰজাতিয়ে আশংকা বৃদ্ঘি কৰিলেও পৃথক ভেকছিনৰ কোনো প্ৰয়োজন নহ’ব। কিন্তু তেওঁ সাৱধানতাৰ বিষয়ত অধিক জোৰ দিছে। ডাঃ অৰোৰাই কয় যে ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ লোক, যাৰ কোমৰ্বিডিটি আছে বা শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী দুৰ্বল,তেওঁলোকে অধিক সাৱধান হোৱা প্ৰয়োজন। তেওঁ ক’লে, ” সপ্তাহত বিভিন্ন অঞ্চলত নতুন উপ-প্ৰকাৰ উপস্থিতি ধৰা পৰিছে।

আমি এতিয়ালৈকে কোভিডৰ ৪০০ ৰো অধিক উপ-প্ৰকাৰ বিচাৰি পাইছো। কিন্তু সৌভাগ্যক্ৰমে, কোনো অমাইক্ৰন প্ৰকাৰ অধিক বিপজ্জনক নহয় বা চিকিৎসালয়ত ভৰ্তি হোৱাৰো প্ৰয়োজন নহয়।” ইফালে, বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে যোৱা এমাহত বিশ্বজুৰি কৰোনাৰ ঘটনা ৫২ শতাংশ বৃদ্ধি পাইছে। কিন্তু এয়া স্পষ্ট নহয় যে কিমান শতাংশ লোক নতুন উপ-প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হৈছে।

যুৱক-যুৱতীসকলক দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদানৰ সন্দৰ্ভত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অধ্যক্ষৰে আলোচনা পিপিএফৰ…

যুৱক-যুৱতীসকলক দক্ষতা বিকাশৰ প্ৰশিক্ষণ সন্দৰ্ভত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অধ্যক্ষৰে আলোচনাত মিলিত হয় পিপিএফৰ প্ৰতিনিধিৰ দল। আজি পুৱা অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান চান্দমাৰী গুৱাহাটীৰঅধ্যক্ষ ডঃ হিতেশ তহবিলদাৰৰ সৈতে. যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণ সন্দৰ্ভত পিপিএফে কৰা আলোচনা অতি ফলপ্ৰসূ হোৱা বুলি সংস্থাটোৱে কৈছে। আলোচনাত পিপিএফৰ ৰফিক আহমেদ লস্কৰ, উপাধ্যক্ষ পিপিএফ, হাৰুণ আল ৰছিদআদিয়ে অংশগ্ৰহণ কৰে।

আলোচনাত এক যুটীয়া উদ্যোগেৰে কাম কৰিবলৈ পিপিএফৰ পৰা আগ্ৰহৰ কথা সদৰী কৰে। অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সহযোগত ভাৰতীয় উদ্যোগ প্ৰতিষ্ঠান চান্দমাৰীয়ে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান চান্দমাৰীত বিভিন্ন বিনামূলীয়াকৈ চাকৰিমুখী পাঠ্যক্ৰমৰ বাবে প্ৰশিক্ষণ আৰম্ভ কৰিবলৈ পিপিএফৰ তৰফৰ পৰা ভ্হান জনৱা হয়। পিপিএফে আশা কৰে যে অতি সোনকালেইসংস্থাৰ পত্ৰৰ উত্তৰ দিব আৰু তাৰ আধাৰত পিপিএফে বিপিএল প্ৰাৰ্থীসকলক প্ৰয়োজনীয় সমৰ্থন আগবঢ়োৱাৰ বাবে আগবাঢ়িব পাৰিব। পিপিএফ বোৰ্ডে উপযুক্ত বুলি অনুভৱ কৰা নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এটা ভাল সুযোগ দিবলৈ ইচ্ছা কৰিছে। পিপিএফে অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ মনচুৰ হিলাল মজুমদাৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে।

নৱবৰ্ষ উদযাপন কৰিব নোৱাৰে পাকিস্তানবাসীয়ে…

পাকিস্তানত নৱবৰ্ষ উদযাপনত নিষেধাজ্ঞা প্ৰধানমন্ত্ৰী আনৱাৰ হক কাকাৰৰ। ‘গাজা আৰু পশ্চিম তীৰত নিৰীহ শিশুৰ হত্যাকাণ্ড আৰু নিৰস্ত্ৰ পেলেষ্টাইনীসকলৰ গণহত্যাক লৈ পাকিস্তানী জাতি আৰু মুছলমান সকল যন্ত্ৰণাত ভুগিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী আনৱাৰুল হক কাকাৰে বৃহস্পতিবাৰে ঘোষণা কৰে যে গাজাত জনসাধাৰণৰ সৈতে সংহতি প্ৰকাশৰ বাবে দেশত নৱবৰ্ষ উদযাপনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। লগতে পেলেষ্টাইনীসকলৰ সৈতে সংহতি প্ৰদৰ্শন কৰিবলৈ আৰু নতুন বছৰত সংযম আৰু নম্ৰতা প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়।

পেলেষ্টাইনৰ গুৰুতৰভাৱে উদ্বেগজনক পৰিস্থিতিৰ কথা মনত ৰাখি আৰু আমাৰ পেলেষ্টাইনী ভাই-ভনীসকলৰ সৈতে সংহতি প্ৰদৰ্শন কৰিবলৈ চৰকাৰে নৱবৰ্ষৰ বাবে যিকোনো ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিব বুলিও পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। গাজাত চলি থকা যুদ্ধৰ বাবে এই সিদ্ধান্ত প্ৰধানমন্ত্ৰীগৰাকীৰ।

ড০ উত্তম দাস লৈ ‘চিলাপথাৰ ৰত্ন বঁটা’…

ড০ উত্তম দাস লৈ ‘চিলাপথাৰ ৰত্ন বঁটা’ 

সাৰথি চতুৰ্থ বাৰ্ষিক অধিবেশনৰ প্ৰস্তূতি 

ধেমাজি জিলাৰ বৃহত্তৰ চিলাপথাৰ অঞ্চলৰ অগ্ৰনী স্বেচ্ছাসেৱক অনুষ্ঠান ‘সাৰথি’ স্বেচ্ছাসেৱী সংস্থাৰ চতুৰ্থ বাৰ্ষিক সাধাৰণ অধিবেশনখনি দিনজোৰা কাৰ্যসূচীৰে অহা ৩০ ডিচেম্বৰ তাৰিখে চিলাপথাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব। অধিৱেশনৰ বাবে এতিয়া দিনে নিশাই অব্যাহত ৰাখিছে প্ৰস্তূতিৰ কাম। ইতিমধ্যেই পতাকা বেদী, শ্বহীদ বেদীৰ লগতে বিভিন্ন কাম-কাজ প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ হৈ উঠিছে। বিভিন্ন সমযত আৰ্তজনৰ কাষত থিয় দিয়া সাৰথিয়ে এইবাৰ অধিৱেশনৰ লগত সংগতি ৰাখি ৪ গৰাকী ব্যক্তি ক্ৰমে – দাপোন ভাষাৰ গৱেষক ড০ উত্তম দাস (চিলাপথাৰ ৰত্ন বঁটা)

উষা বুঢ়াগোহাঁই (কবি বন্ধু বঁটা), গোপাল চন্দ্ৰ দেব (সাৰথি শৈক্ষিক বঁটা) আৰু নৃপেন বৰঠাকুৰক (সাৰথি সাংকেতিক বঁটা) প্ৰদান কৰাৰ লগতে জিলা খনৰ বিভিন্ন ক্ষেত্ৰত অনবদ্য সেৱা আগবঢ়োৱাৰ ১৭ জন কৈ সমাজকৰ্মী, শিক্ষাবিদ, বিশিষ্ট ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱা হ’ব। কাৰ্যসূচী মৰ্মে পুৱা  সামূহিক চাফাই অভিযানেৰে আৰম্ভণি হোৱা কাৰ্যসূচীত বৃক্ষৰোপণ , সাৰথি পতাকা উত্তোলন কৰিব সাৰথি ৰ সভানেত্ৰী অমিলতা টায়ে মিলি, স্মৃতি তৰ্পণ কৰিব

সচিব মনোজ কুমাৰ দাসে, প্ৰতিনিধি নাম পঞ্জীয়ন কৰিব প্ৰসেনজিৎ নমশুদ্ৰ ই, সন্ধিয়া দিহা নাম প্ৰৰ্দশন, প্ৰয়াত সাৰথি উপদেষ্টা কুমুদ চন্দ্ৰ দত্তলৈ শ্ৰদ্ধাঞ্জলি, সন্ধিয়া ৬ বজাত সাৰথিৰ মুখপত্ৰ ‘সাৰথি বাৰ্তা’ উন্মোচন কৰিব বিশিষ্ট সাংবাদিক মৃদুপৱন চুতীয়াই, সন্ধিয়া ৭ বজাত আদৰনী সমিতিৰ সভাপতি ভুবন দাসৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভাত অঞ্চলটোৰ দল সংগঠনৰ লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকিব। অনুষ্ঠানত সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে আদৰনী সমিতিয়ে।

শম্ভু দাস চিলাপথাৰ

কাছাৰৰ বৰখলাত গ্ৰেপ্তাৰ সাংবাদিকসহ ৪ গৰাকী ড্ৰাগছ সৰবৰাহকাৰী…

কাছাৰৰ বৰখলাত গ্ৰেপ্তাৰ সাংবাদিকসহ ৪ গৰাকী ড্ৰাগছ সৰবৰাহকাৰী৷ গ্ৰেপ্তাৰ মুন্না খান, আজাউৰ ৰহমান, আচিবুৰ ৰহমান, বিশাল বৈদ্য৷ ধৃত মুন্না খানৰ পৰা এখন প্ৰেছ পৰিচয় পত্ৰ জব্দ আৰক্ষীৰ৷

আটাইকেইটাৰ পৰা উদ্ধাৰ বুজন পৰিমাণৰ হেৰ’ইন৷ বৰখলা টোলগেটত চলোৱা অভিযানত জব্দ হেৰ’ইনখিনি৷

AS06-E-7979 নম্বৰৰ বাহনখনৰ পৰা জব্দ হেৰ’ইন৷ দুটা চাবোনৰ বাকচত সৰবৰাহ কৰিছিল বুজন পৰিমাণৰ হেৰ’ইনখিনি৷

ৰাম মন্দিৰৰ উদ্বোধনঃ অযোধ্যাৰ বহু এলেকাত নিষিদ্ধ মদ-মাংস…

অযোধ্যাৰ বহু এলেকাত নিষিদ্ধ কৰা হ’ল মদ-মাংস। ২০২৪ চনৰ ২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হব। তাৰবাবে ব্যাপক আয়োজন চলি আছে। বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ আবকাৰী মন্ত্ৰী নীতিন আগৰৱালাই অযোধ্যাৰ ৮৪ কোচি পৰিক্ৰমা অঞ্চলত সুৰা উপলব্ধ নহ’ব বুলি ঘোষণা কৰে। এই অঞ্চলত সুৰা বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব। আঁতৰাই দিয়া হ’ব সকলো সুৰাৰ দোকান। ৰাম মন্দিৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পত ৰায়ক সাক্ষাৎ কৰিবলৈ অযোধ্যালৈ আহে নীতিন আগৰৱালা। তেওঁ কয় যে শ্ৰী ৰাম মন্দিৰ এলেকাত ইতিমধ্যে সুৰা নিষেধাজ্ঞা কাৰ্যকৰী কৰা হৈছে। ৰাম মন্দিৰৰ অঞ্চলত সুৰা বিক্ৰী নহ’ব। ইয়াৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা দিয়া হৈছে।

অলপতে অযোধ্যালৈ অহা মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সুৰা বিক্ৰী নিষিদ্ধ কৰাৰ ইংগিত দিছিল। আনহাতে, ৩০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনোৱাৰ প্ৰস্তুতি অব্যাহত আছে। অযোধ্যাক স্থানীয় আৰু বিদেশী ফুল আৰু তোৰণেৰে সজাই তোলা হৈছে। ইয়াৰ বাবে অযোধ্যা আৰু ইয়াৰ আশে-পাশে থকা জিলাসমূহৰ বাহিৰেও পশ্চিমবংগ, মথুৰা আৰু সীতাপুৰৰ পৰা ৭০০-৮০০ শিপিনীৰ সমাগম হৈছে। কলকাতা, কানপুৰ, দিল্লী, বাংগালুৰুৰ উপৰিও অযোধ্যা সজোৱাৰ বাবে বহিঃৰাজ্যৰ পৰাও ফুল অনা হৈছে।

আজি নতুন দিল্লীত কেন্দ্ৰ -অসম চৰকাৰৰে ঐতিহাসিক ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰিব আলোচনাপন্থী আলফাই…

নতুন দিল্লীত কাইলৈ (২৯ ডিচেম্বৰ)ৰ সন্ধিয়া ৫ বজাত কেন্দ্ৰ -অসম চৰকাৰৰে ঐতিহাসিক ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰিব আলোচনাপন্থী আলফাই। এই ঐতিহাসিক চুক্তিত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ আছাম (আলফা)ৰ প্ৰতিনিধিসকল অন্তৰ্ভুক্ত থাকিব। চুক্তি খন দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হ’ব বুলি ধাৰণা কৰা হৈছে। চুক্ৰি স্বাক্ষৰৰ সময়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ উপস্থিতি থাকিব। লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আলফাৰ আলোচনাপন্থী গোটৰ এক ডজনৰো অধিক শীৰ্ষ নেতা উপস্থিত থাকিব।

আৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত স্বাক্ষৰ হ’বলগীয়া শান্তি চুক্তিৰ উদ্দেশ্য হৈছে অসম সম্পৰ্কীয় বিভিন্ন নিৰন্তৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সমস্যা সমাধান কৰা। ইয়াৰ উপৰি খিলঞ্জীয়া লোকসকলৰ কল্যাণ নিশ্চিত কৰাৰ বাবে সাংস্কৃতিক সুৰক্ষা আৰু ভূমি অধিকাৰৰ ব্যৱস্থা অন্তৰ্ভুক্ত থাকিব বুলি ধাৰণা কৰা হৈছে। লক্ষণীয়ভাৱে পৰেশ বৰুৱাৰ নেতৃত্বত আলফা-স্বাধীনৰ গোটটো এই চুক্তিৰ অংশ নহ’ব। ৰাজখোৱা গোটৰ গুৰুত্বপূৰ্ণ নেতা অনুপ চেতিয়া আৰু শশধৰ চৌধুৰীয়ে যোৱা সপ্তাহত চৰকাৰী মধ্যস্থতাকাৰীসকলৰ সৈতে চূড়ান্ত আলোচনাৰ বাবে নতুন দিল্লীলৈ গৈছিল। আলোচনাপন্থী আলফাৰ সৈতে আলোচনাত জড়িত চৰকাৰী প্ৰতিনিধিসকলৰ ভিতৰত আছে ইণ্টেলিজেঞ্চ ব্যুৰোৰ সঞ্চালক তপন ডেকা আৰু উত্তৰ-পূব বিষয়ত চৰকাৰৰ উপদেষ্টা এ কে মিশ্ৰ। ৰাজখোৱা নেতৃত্বাধীন আলফা গোটে ২০১১ চনত কেন্দ্ৰীয় চৰকাৰৰ সৈতে চৰ্তহীন আলোচনা আৰম্ভ কৰিছিল ৰাজখোৱা গোটে ৩ ছেপ্টেম্বৰ, ২০১১ তাৰিখে চৰকাৰৰ সৈতে শান্তি আলোচনা আৰম্ভ কৰিছিল। কাইলৈৰ সেই আলোচনাৰ চুক্তিৰ মাধ্যমেৰে পৰিসমাপ্তি ঘটিব।

লক্ষ্য ২০২৪ৰ লোকসভা নিৰ্বাচনঃ বিজেপিয়ে মুকলি কৰিলে ‘মোডী কি গেৰাণ্টি’ থীম ছং…

ভাৰতীয় জনতা পাৰ্টীয়ে আজি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে দলটোৰ এটা গান মুকলি কৰিছে। থীম ছংটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী শ্লোগান ‘মোডী কি গেৰাণ্টি’ৰ ওপৰত আধাৰিত, য’ত বিজেপিয়ে প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয়তাৰ কথা গীতৰ মাজেৰে দাঙি ধৰিছে। তিনিখন গুৰুত্বপূৰ্ণ ৰাজ্যত জয়লাভ কৰি বিজেপি এতিয়া অধিক আত্মবিশ্বাসী হৈ পৰিছে। । এক্স-ত গানটো শ্বেয়াৰ কৰি বিজেপিয়ে কয় যে ‘মোডীৰ গেৰাণ্টিৰ অৰ্থ হৈছে গেৰাণ্টি পূৰণ হোৱাৰ গেৰাণ্টি।

গানটোৰ সংগীত পৰিচালক আনন্দ ৰাজ আনন্দৰ। গানটোত প্ৰধানমন্ত্ৰী মোডীৰ ভাষণকে ধৰি ভাৰতৰ গুৰুত্বপূৰ্ণ সাফল্য সমূহ সন্নিবিষ্ট হৈ আছে। ভিডিঅ’টোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোডীৰ ভাষণ আছে, য’ত তেওঁ অহা ২৫ বছৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছে। গানটোৱে প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যকালত বিশ্বৰ মঞ্চত ভাৰতৰ সুনাম বহুগুণে বৃদ্ধি পোৱাৰ কথাও দাঙি ধৰিছে।