Home Blog Page 1122

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে ভগৱান ৰামৰ ভক্তিত নিমগ্ন ভোজপুৰী ছুপাৰষ্টাৰ ৰবি কিষাণ, মুক্তি লাভ ‘অযোধ্যা কে শ্ৰী ৰাম’ গীত…

২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে ভোজপুৰী ছুপাৰষ্টাৰ ৰবি কিষানে মুক্তি দিছে তেওঁৰ নতুন গীত ‘অযোধ্যা কে শ্ৰী ৰাম’। এই গীতটোত তেওঁক ৰাম ভক্তিত নিমগ্ন হৈ থকা দেখা গৈছে। বৰ্তমান চৌদিশে ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানক লৈ ব্যাপক উচ্চাহ। সাধাৰণ জনতাৰ পৰা চেলিব্ৰিটিলৈকেও ৰাম ভক্তিত নিমগ্ন হোৱা দেখা গৈছে।

ৰবি কিষাণৰ গীতটোত ভগৱান শ্ৰীৰামৰ শ্লোগান উত্থাপন কৰা দেখা গৈছে। এই গীতটো মুক্তি পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত জনপ্ৰিয় হৈ পৰিছে। অভিনেতা গৰাকীৰ এই গীতটিয়ে সমগ্ৰ পৰিৱেশকে মন্ত্ৰমুগ্ধ কৰি তুলিছে।

ৰবি কিষাণ ভোজপুৰী উদ্যোগৰ এটা ডাঙৰ নাম। অভিনেতাগৰাকীৰ নাম ভোজুৰি উদ্যোগৰ অমিতাভ বচ্চন। ভোজপুৰীৰ সমান্তৰালকৈ তেওঁ বলীউডৰ বহুকেইখন মহান ছবিতো অভিনয় কৰিছে। শেহতীয়াকৈ তেওঁক অক্ষয় কুমাৰৰ ছবি মিছন ৰাণীগঞ্জত দেখা গৈছিল। দীৰ্ঘদিন ধৰি ভোজপুৰী উদ্যোগত শাসন কৰি অহা ৰবি কিষান কোটি কোটি টকাৰো মালিক। নিজৰ নেট ৱৰ্থৰ কথা ক’বলৈ গ’লে ৰবি কিষণৰ হাতত ২০ৰ পৰা ২১ কোটি টকা। চলচ্চিত্ৰৰ সমান্তৰালকৈ ৰাজনীতিতো ৰবি কিষাণ অতি সক্ৰিয়। ২০১৪ চনত কংগ্ৰেছৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত ২০১৭ চনত তেওঁ বিজেপি দলত যোগদান কৰে। ২০১৯ চনত তেওঁ গোৰখপুৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু তেওঁ জয়ী হৈছিল। এতিয়া তেওঁ সাংসদ পদত অধিষ্ঠিত হৈছে।


APSC পৰীক্ষাৰ ফলাফলত উজলিল মৈৰাবাৰীৰ হাফিজ মহচিন ছিদ্দিক…

মৰিগাঁও জিলাৰ অন্তৰ্গত মৈৰাবাৰী অঞ্চলৰ বিশিষ্ট অৱসৰপ্ৰাপ্ত শিক্ষক তথা ব্যবসায়ী আবু বাক্কাৰ চাহাবৰ দ্বিতীয় পুত্ৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হাফিজ মহচিন ছিদ্দিক সদ্যঘোষিত ২০২২ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ৩য় স্থানত উন্নয়ন খণ্ড বিষয়া পদ পাবলৈ সক্ষম।

হাফিজ মহচিন ছিদ্দিকৰ ফলাফলক লৈ গৌৰাৱান্বিত মৈৰাবাৰীবাসী।

৫০ বছৰ বয়সত স্নাতকোত্তৰ ডিগ্ৰী লাভ অক্ষয় কুমাৰৰ পত্নী টুইংকল খান্নাৰ…

টুইংকল খান্নাই ৫০ বছৰ বয়সত লণ্ডনৰ গোল্ডস্মিথছ বিশ্ববিদ্যালয়ৰ এম এ সম্পূৰ্ণ কৰিলে। টুইংকলক ‘super woman’ বুলি অভিহিত অভিনেতা অক্ষয় কুমাৰৰ। ২০২৩ চনৰ অক্টোবৰ মাহত তেওঁৰ পাঠ্যক্ৰম সম্পূৰ্ণ হৈছিল। কিন্তু ২০২৪ চনৰ ১৬ জানুৱাৰীত সমাৱৰ্তন অনুষ্ঠান অনুষ্ঠিত হয়, য’ত সকলো ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হয়। এই উপলক্ষে টুইংকলক অভিনন্দন জনাই অক্ষয় কুমাৰে এটা টুইট কৰে। টুইটটোত অক্ষয়ে লিখিছে যে টুইংকলক দেখাৰ পিছত তেওঁৰো অনুশোচনা অনুভৱ হয়। তেওঁৰ অনুভৱ হয় যে তেওঁ আৰু অলপ পঢ়া হ’লে ভাল আছিল।

ব্ৰিটেইনৰ গোল্ডস্মিথ কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা টুইংকল খান্নাক ‘ছুপাৰ উইমেন’ বুলি অভিহিত কৰিছে স্বামী অক্ষয় কুমাৰে।

EDৰ সন্মুখত হাজিৰ নহয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল…

আজি EDৰ সন্মুখত হাজিৰ নহয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল!

১৩ জানুৱাৰীত চতুৰ্থবাৰৰ বাবে ED-এ কেজৰিৱাললৈ জাৰি কৰিছিল চমন।

EDত হাজিৰ নহৈ গোৱা অভিমুখেহে যোৱাৰ সম্ভাৱনা কেজৰিৱালৰ।

৩ দিন ধৰি গোৱাত কটাব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

পূৰ্বে ২ নৱেম্বৰ, ২১ ডিচেম্বৰ আৰু ৩ জানুৱাৰীত চমন জাৰি কৰিছিল ED-এ।

বুধবাৰে চিচিবৰগাঁও চক্ৰ বিষয়া কাৰ্যালয়ৰ সম্মুখত চিচিবৰগাঁও উপ-জিলা মুখ্য কাৰ্যালয় চিচিবৰগাঁৱতে স্থাপনৰ দাবীত হৈ থকা প্ৰতিবাদে ভৰি দিলে ১৯ দিনত…

সদ্য ঘোষিত চিচিবৰগাঁও উপ-জিলাৰ মুখ্য কাৰ্যালয় চিচিবৰগাঁৱত স্থাপন কৰাৰ দাবীত যোৱা ৩০ ডিচেম্বৰৰ পৰা চলি থকা চিচিবৰগাঁৱৰ ৰাইজৰ অৱস্থান ধৰ্মঘটে আজি ১৯ দিনত ভৰি দিলে। প্ৰতিদিনে ভোগালী বিহুৰ আনন্দৰ মাজতো চিচিবৰগাঁৱৰ আকাশ বতাহ কঁপাই নিনাদিত হৈছে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগু মুৰ্দ্দাবাদ ধ্বনি । প্ৰতিদিনেই বেলেগ বেলেগ দল সংগঠনে তেওঁলোকৰ দাবীৰ সমৰ্থনত মুখ্যমন্ত্ৰী আৰু জিলা আয়ুক্তলৈ প্ৰেৰণ কৰি আহিছে স্মাৰকপত্ৰ । ১৯ দিন ধৰি প্ৰতিবাদ অব্যাহত ৰখা চিচিবৰগাঁৱৰ ৰাইজৰ বিননী শুনিবলৈ এবাৰো আহৰি পোৱা নাই জিলা আয়ুক্ত‌ই। সেয়েহে উত্তেজিত হৈ পৰিছে চিচিবৰগাঁৱৰ সংগ্ৰামী ৰাইজ । প্ৰতিবাদত চিচিবৰগাঁও চিচিবৰগাঁও সমষ্টিৰ অন্তৰ্গত মাছখোৱা অঞ্চলক প্ৰতিনিধিত্ব কৰি মাছখোৱা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অংশগ্ৰহণ কৰে আৰু মাছখোৱা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰীলৈ আৰু জিলা আয়ুক্তলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি চিচিবৰগাঁও উপ-জিলা মুখ্য কাৰ্যালয় চিচিবৰগাঁৱতে স্থাপনৰ দাবী উত্থাপন কৰে আৰু চিচিবৰগাঁও পৰা আমগুৰি হৈ মাছখোৱা অহা-যোৱা কৰা গড়কাপ্তানী পথটি অতি শীঘ্ৰে নিৰ্মাণৰ দাবী উত্থাপন কৰে।


লগতে প্ৰতিবাদকাৰী সকলে ৰাইজৰ দাবীৰ প্ৰতি চৰকাৰ তথা জিলা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰিলে অনাগত দিনত আন্দোলন আৰু অধিক ভয়াবহ হব বুলি সকীয়াই দিয়ে।

APSCৰ ফলাফলত প্ৰথম স্থানত ধুবুৰীৰ গৌৰীপুৰৰ ৰচিকা ইছলাম…

APSCৰ ফলাফলত প্ৰথম স্থানত জিলিকি উঠিল ৰচিকা ইছলাম।

ধুবুৰীৰ গৌৰীপুৰৰ ৰছিকা ইছলামৰ সাফল্যত উৎফুল্লিত গৌৰীপুৰবাসী।

ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰা ৰছিকা ইছলাম ।

ইতিমধ্যে ৰছিকা ইছলামৰ ঘৰত উৎফুল্লিত হৈছে পৰিয়ালৰ লোকে ।

৯ মাহৰ ভিতৰত সুন্দৰ ফলাফল লাভ কৰিলে ৰছিকা

পৰিয়ালৰ লোকক ধন্যবাদ জ্ঞাপন কৰে ৰছিকা ইছলামে।

কমেণ্টযোগে ৰছিকাক জনাওঁক শুভেচ্ছা।

এইসকল ৰোগীয়ে খাব নালাগে কণী, স্বাস্থ্যৰ বহু ক্ষতি হোৱাৰ সম্ভাৱনা…

কণীত প্ৰটিনৰ পৰিমাণ অতি বেছি। কণীক প্ৰটিনৰ উত্তম উৎস বুলি গণ্য কৰা হয়। কণী কেৱল ব্ৰেকফাষ্টতে নহয়, দুপৰীয়া আৰু ৰাতিৰ আহাৰত যিকোনো সময়তে খাব পাৰি। কিছু গৱেষণাৰ পৰাও প্ৰমাণিত যে কিছুমান ৰোগ আছে সেই ৰোগৰ ৰোগীয়ে ভুলতেও কণী খাব নালাগে। কি কি ৰোগত আক্ৰান্ত লোকে কণী খাব নালাগে জানো আহক-

হৃদৰোগত আক্ৰান্ত ৰোগীয়ে ভুলতেও কণী খাব নালাগে। কণী খালে ৰোগ বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত ৰক্ত সঞ্চালনত সমস্যা হব পাৰে। ই অত্যন্ত বিপদজনক হ’ব পাৰে।

কণীৰ প্ৰকৃতি গৰম। যদি কোনো ব্যক্তিৰ পেট বেয়া হয় তেন্তে তেওঁ কণী খাব নালাগে, ইয়াৰ ফলত সমস্যা বৃদ্ধি পাব পাৰে।

কোষ্ঠকাঠিন্য হ’লে কণী খাব নালাগে কাৰণ ই পাচনতন্ত্ৰৰ সমস্যা আৰু অস্বস্তি বৃদ্ধি কৰিব পাৰে।

কলেষ্টেৰল ৰোগত আক্ৰান্ত লোকে কণী একেবাৰে খাব নালাগে।

ডায়েবেটিছ ৰোগীয়ে কণী খোৱাৰ পৰা বিৰত থাকিব লাগে। যদি আপুনি কণী খাই ভাল পায় তেন্তে এবাৰ চিকিৎসকৰ পৰামৰ্শ লওক।

কেন্সাৰৰ দৰে ৰোগৰ পৰা আঁতৰি থাকিব বিচাৰিলে প্ৰতিদিনে কণী খাব লাগে। ২০০৩ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষণাৰ মতে কণী খালে প্ৰাপ্তবয়স্ক মহিলাৰ স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস পায়। ২০০৫ চনৰ আন এক গৱেষণাৰ মতে, যিসকল মহিলাই সপ্তাহত ৬টালৈকে কণী খাইছিল, তেওঁলোকৰ স্তন কেন্সাৰৰ সম্ভাৱনা ৪৪ শতাংশ হ্ৰাস পাইছিল। যিকোনো ৰূপত কণী খাব পাৰে, কেৱল সিজোৱা কণী খোৱাটো প্ৰয়োজনীয় নহয়। যদি আপুনি সুস্থ হ’ব বিচাৰে তেন্তে কণী খাওক।


ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব হ’ব ড° ৰবি কোটা

ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব হ’ব ড° ৰবি কোটা৷


৩১ মার্চত দায়িত্ব ল’ব জ্যেষ্ঠ IAS বিষয়াজনে৷


৩১ মাৰ্চত উকলিব মুখ্য সচিব পৱন বৰঠাকুৰৰ কাৰ্যকাল৷


বৰ্তমান গৃহ আৰু ৰাজনৈতিক বিভাগৰ ADL. CS হিচাপে কৰ্মৰত ড° কোটা৷

১৯৯৩ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱা (IAS)ৰ বিষয়া ড° কোটা অসম-মেঘালয় গোটৰ IAS৷

মঙলবাৰে ৰাজ্য চৰকাৰে এক অধিসূচনাৰ যোগে IAS ড° কোটাক পৰৱৰ্তী মুখ্য সচিব পদত নিযুক্তি দিয়াৰ কথা জানিবলৈ দিয়ে।

মহানগৰীৰ মালিগাঁও কামাখ্যা ৰে’ল জংচনত অঘটন

মহানগৰীৰ মালিগাঁও কামাখ্যা ৰে’ল জংচনত অঘটন।

জংচনটোৰ চৌহদৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ যুৱক। নিৰুদ্দিষ্ট যুৱকজন লংকাৰ বিশ্বজিৎ দেৱনাথ বুলি জানিব পৰা গৈছে।

১২ জানুৱাৰীৰ নিশা দিল্লীৰ পৰা আহিছিল দুই যুৱক। নিশাটো কামাখ্যা ৰে’লৰ প্লেটফৰ্মতে আছিল যুৱকদ্বয়। কিন্তু ১৩ জানুৱাৰীৰ পুৱাই ৰহস্যজনকভাৱে নিখোজ হয় বিশ্বজিৎ।

বেগ উদ্ধাৰ হৈছে যদিও কোনো খবৰ নাই যুৱকজনৰ।

প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণক্ৰমে গুৱাহাটীত পদাৰ্পণ কৰিব ইছৰোৰ অধ্যক্ষ ড° সোমনাথ

প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ মৰ্মে গুৱাহাটীত পদাৰ্পণ কৰিব চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত চন্দ্ৰযান-৩ ৰ সফল অৱতৰণ কৰোৱা বিজ্ঞানীদলৰ প্ৰমুখ বিজ্ঞানী তথা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ ড° শ্ৰীধৰ পানিকাৰ সোমনাথ ৷ কাইলৈ (১৭ জানুৱাৰীত) প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে আয়োজন কৰা সম্বৰ্ধনা আৰু  ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত -বিনিময় অনুষ্ঠানত আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানীগৰাকীয়ে অংশগ্ৰহণ কৰিব।

নতুনকৈ স্থাপন কৰা প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চন্দ্ৰযান-৩ ৰ সফলতাৰ বিজয় উৎসৱ তথা শেহতীয়াকৈ ইছৰোৰ দ্বাৰা আদিত্য এল-১ ৰ সূৰ্যমুখী অভিযান উপলক্ষে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰি ইছৰোৰ অধ্যক্ষ তথা বিজ্ঞানী ড° শ্ৰীধৰ পানিকাৰ সোমনাথক সম্বৰ্ধনা জ্ঞাপন কৰিব বুলি প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক ড°যোগেশ কাকতিয়ে জানিবলৈ দিছে ৷

উল্লেখ্য যে শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ দ্বাৰা স্থাপন কৰা আৰু  ২০২৩ বৰ্ষৰ পৰা স্নাতক শ্ৰেণীৰে শিক্ষাৰম্ভ কৰা প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে ২০২৪ -২৫ বৰ্ষৰ পৰা নিৰ্ধাৰিত সকলো বিষয়তে স্নাতক, স্নাতকোত্তৰ আৰু পি,এই,ডি পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে ৷

অহা শিক্ষাবৰ্ষৰপৰা মূলকেন্দ্ৰ চন্দ্ৰপুৰৰ হাজংবৰীত স্থায়ীভাৱে শিক্ষাদান আৰম্ভ হ’বলগীয়া বিশ্ববিদ্যালয়খনে সম্প্ৰতি গুৱাহাটীৰ গীতানগৰস্থিত মহানগৰ চৌহদত পাঠদান অব্যাহত ৰাখিছে ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বুধবাৰে আবেলি তিনি বজাত অনুষ্ঠিত হবলগীয়া সম্বৰ্ধনা সভাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত -বিনিময় অনুষ্ঠানত মূলত উচ্চতৰ মাধ্যমিক শিক্ষান্ত বৰ্ষ আৰু স্নাতক চূড়ান্ত বৰ্ষৰ বিদ্যাৰ্থীক প্ৰমুখ্য কৰি আয়োজন কৰা অনুষ্ঠানটিত  সকলো শাখাৰ বিদ্যাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব।

বন্তি প্ৰজ্জ্বলন আৰু শিল্পী দিৱস উপলক্ষে মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণেৰে শুভাৰম্ভ হ’বলগীয়া উক্ত অনুষ্ঠানত সকলো ইচ্ছুক ছাত্ৰ-ছাত্ৰী আৰু ব্যক্তিক উপস্থিত থাকিবলৈ উদ্যোক্তাসকলৰ হৈ ‘শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাস’ ৰ মিডিয়া আৰ্কিটেক শৈলেন্দ্ৰ পাণ্ডে আৰু প্ৰচাৰ বিভাগৰ লালজী সোণাৰীয়ে অনুৰোধ জনাইছে।