Home Blog Page 1134

কামৰূপ মহানগৰ জিলাত ৰাজ্যপালৰ পৰ্যালোচনা বৈঠক

ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই সোমবাৰে কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে৷ আৰক্ষী আয়ুক্ত দিগন্ত বৰা আৰু জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ উপস্থিতিত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে এতিয়াও চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা অথচ আঁচনিৰ সুবিধা পাবৰ বাবে যোগ্য লোকসকলক বিচাৰি আঁচনিৰ সুবিধা দিবৰ বাবে সকলোকে সমন্বিত প্ৰচেষ্টা চলাবলৈ আহ্বান জনায়৷

বিকশিত ভাৰত সংকল্প যাত্ৰাৰ জৰিয়তেও এই প্ৰচেষ্টা অব্যাহত থকা বুলি তেওঁ মন্তব্য কৰে৷ পৰ্যালোচনা বৈঠকত প্ৰথমে আৰক্ষী আয়ুক্তই জিলাখনৰ আইন-শৃংখলা আৰু অপৰাধ নিয়ন্ত্ৰণ আদি বিষয় পাৱাৰ পইন্ট প্ৰেজেন্টেছনৰ জৰিয়তে ৰাজ্যপালগৰাকীক অৱগত কৰে৷ অভিযুক্তক দোষী সাব্যস্তকৰণৰ হাৰ বৃদ্ধিত ৰাজ্যপালগৰাকীয়ে জোৰ দিয়ে৷ বিশেষকৈ ধৰ্ষণ, শিশু নিৰ্যাতন, হত্যা আদি গোচৰত অভিযুক্ত যাতে আইনী সুৰুঙাৰে সাৰি যাব নোৱাৰে তাৰ বাবে নিৰহ নিপানী তদন্তৰ দিহা কৰিবলৈ ৰাজ্যপালে নিৰ্দেশ দিয়ে৷

জিলা আয়ুক্তই আন বিভাগবোৰৰ কাম-কাজ আৰু আঁচনিৰ আগ্ৰগতি সন্দৰ্ভত ৰাজ্যপালক অৱগত কৰে৷ জিলাখনত চৰকাৰী বিদ্যালয়ৰ তুলনাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ আধিক্যৰ বিষয়তো গুৰুত্বসহকাৰে লৈ এইক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ শিক্ষা বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে৷

আধাৰ অবিহনে চৰকাৰী আঁচনিৰ সুবিধা লোৱাতো এতিয়া জটিল হৈ পৰা বুলি মন্তব্য কৰি ৰাজ্যপালগৰাকীয়ে কামৰূপ মহানগৰ জিলাত আধাৰ ছিডিঙৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে৷ জিলাখনত ব্যক্তিগত আবাসত থকা অংগনবাড়ী কেন্দ্ৰসমূহ সোনকালে স্থায়ী গৃহলৈ স্থানান্তৰ কৰাৰ পৰামৰ্শ দিয়ে ৰাজ্যপালে৷ ৰক্তদানৰ বাবে সজাগতা সৃষ্টিৰ পোষকতা কৰে ৰাজ্যপালগৰাকীয়ে৷

আনহাতে গছৰ পুলি উৎপাদনত মহিলাসকলক জড়িত কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে৷ শিক্ষানুষ্ঠানত ফল দিয়া আৰু ঔষধী গছ ৰোৱাৰ পৰামৰ্শ দিয়ে ৰাজ্যপালগৰাকীয়ে৷ পদপথত পাচলি বিক্ৰী কৰা মহিলাসকলক প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ ঋণ দিয়াৰ পৰামৰ্শ দিয়ে ৰাজ্যপালে৷ একোখন বিদ্যালয় স্থানীয় একোটা আঢ্যৱন্ত পৰিয়ালৰ দায়িত্বত দিবলৈ আৰু বিদ্যালয়ৰ সৰু-সুৰা খৰচ সেই পৰিয়ালৰ পৰা আদায়ৰ এক আঁচনি ৰূপায়নৰ পৰামৰ্শ দিয়ে ৰাজ্যপালগৰাকীয়ে৷

এমজি এনৰেগাৰ শ্ৰমিকক এশ দিনৰ নিশ্চিত কৰ্মদিনৰ সুবিধা দিয়াত গুৰুত্ব আৰোপ কৰে ৰাজ্যপালগৰাকীয়ে৷ পৰ্যালোচনা বৈঠকত জিলা প্ৰশাসন, আৰক্ষী আৰু বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷

একাদশ দিনাও অভূতপূৰ্ব জনসমাৱেশ গুৱাহাটীৰ অসম গ্ৰন্থমেলাত; ১১ দিনত ৪ কোটি ৬০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী

একাদশ দিনাও পুথিপ্ৰেমীৰে ঠাহ খাই পৰে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলা , গুৱাহাটী ৷ পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আহিবলৈ আৰম্ভ কৰা গ্ৰন্থপ্ৰেমীয়ে সন্ধিয়াৰ ভাগত কেবা সহস্ৰাধিকৰ ঘৰ অতিক্ৰম কৰে৷ একাদশ দিনালৈ ৪ কোটি ৬০ লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি সদৰী কৰিছে গ্ৰন্থমেলাৰ উদ্যোক্তা সকলে৷

ইপিনে আজি গ্ৰন্থমেলাৰ বাকৰিত দুখনকৈ গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ অনুষ্ঠিত হয় ৷ বিয়লি ১বজাৰ পৰা অনুষ্ঠিত “সাহিত্যৰ বিকাশত অনুবাদৰ ভূমিকা” শীৰ্ষক আলোচনা সত্ৰখন সঞ্চালনা কৰে বিশিষ্ট লেখক-অনুবাদক, গুৱাহাটী পশু ড° ছাইদুল ইছলামে ৷ তেওঁ কয় যে অনুবাদ অতি গুৰুত্বপূৰ্ণ ৷ অনুবাদৰ জৰিয়তে সাহিত্যই বিশ্বজনীন মাত্ৰা লাভ কৰে ৷ অনুবাদ কৰ্ম কিন্তু তেনেই উজু কাম নহয় ৷ সৃষ্টিশীল অনুবাদে সাহিত্যক সাধাৰণ পাঠকৰ ওচৰ চপাই নিয়ে ৷ এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদ কৰা মানেই সেই সাহিত্যই সীমাৰ পৰিধি ভাঙি গতি লাভ কৰে ৷ এই ক্ষেত্ৰত অৱশ্যে গ্ৰন্থস্বত্ব আইনৰ বিষয়টো ভালদৰে মানি চলাৰ প্ৰয়োজন ৷

অনুবাদকসকল এই দিশত সচেতন হোৱাটো বৰ দৰকাৰী ৷ইয়াত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ মুৰব্বী অধ্যাপক, বিশিষ্ট অনুবাদক ড° ৰীতামণি বৈশ্য, বিশিষ্ট লেখক-অনুবাদক বিনয় মোহন শইকীয়া, বিশিষ্ট লেখক-অনুবাদক ইন্দ্ৰানী লস্কৰে ৷ তেওঁলোকে বিষয় প্ৰসংগত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ৷ সৃষ্টিশীলতাৰ লগতে বিষয়বস্তুৰ শুদ্ধতাৰ বিষয়টো আলোচনাত উত্থাপিত হয় ৷ বিষয়বস্তুৰ জ্ঞান নথকাকৈ আৰু পৰিশীলিত বিশুদ্ধতাৰে অনুবাদ নহ’লে তেনে কৰ্মৰে মানুহৰ মাজলৈ সংশ্লিষ্ট সমাজ-জীৱনৰ বেয়া বাৰ্তা যাব পাৰে ৷ গতিকে এইক্ষেত্ৰত আনুবাদকসকল সজাগ হোৱা দৰকাৰ বুলি কয় আলোচকসকলে ৷ তদুপৰি অসমীয়া সাহিত্যৰ অনুবাদ অতি জৰুৰী বুলি তেওঁলোকে উল্লেখ কৰে ৷ মহাপুৰুষ শংকৰদেৱৰ পৰা আৰম্ভ কৰি অসমৰ সাহিত্য-সংস্কৃতি, সমাজ-সভ্যতাৰ সমৃদ্ধ পৰিচয়ক ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ হ’লে অনুবাদ সাহিত্যৰ গুৰুত্ব অপৰিহাৰ্য বুলি কয় আলোচকবৃন্দই ৷

আলোচনা সত্ৰখন পৰিচালনাত সহযোগিতা আগবঢ়ায় গুৱাহাটী কন্যা মহাবিদ্যালয়ে ৷ আলোচক অতিথিসকলৰ লগতে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা বিনীতা গগৈক গ্ৰন্থৰে আদৰণী জনোৱা হয়৷ বিয়লি ৩ বজাত বিশিষ্ট শিক্ষাবিদ, ভাষাতাত্ত্বিক প্ৰয়াত দেৱেন দত্তৰ সোঁৱৰণত অনুষ্ঠিত হয় “গ্ৰন্থ আৰু ভৱিষ্যতৰ ৰূপান্তৰিত পৃথিৱী” শীৰ্ষক আলোচনা সত্ৰ ৷

বিশিষ্ট সাহিত্যিক, সমালোচক, গৱেষক ড° আনন্দ বৰমুদৈয়ে আলোচনা সত্ৰখন সঞ্চালনা কৰে ৷ বিষয় প্ৰসংগত ড° বৰমুদৈয়ে কয়—“সমাজলৈ ৰপান্তৰ আহিছে , আগলৈ আৰু ৰূপান্তৰিত হ’ব ৷ এয়া সমাজ-সভ্যতাৰ স্বাভাৱিক প্ৰক্ৰিয়া ৷ প্ৰযুক্তিয়ে পৃথিৱীখন বহুত সলনি কৰি পেলালে ৷ এতিয়া কৃত্ৰিম বুদ্ধিমত্তাও আহিল ৷ অনাগত সময়ত ইয়াতকৈও নতুন নতুন প্ৰযুক্তি নিশ্চয় আহিব ৷ কিন্তু গ্ৰন্থৰ বিকল্প একো হ’ব নোৱাৰে ৷ পৃথিৱী থকালৈকে গ্ৰন্থ থাকিব ৷ যি ৰূপান্তৰেই নাহক গ্ৰন্থ অমৰ হৈ থাকিব ৷ বৰঞ্চ এনেকৈ দৃঢ়তাৰে ক’ব পাৰি যে গ্ৰন্থই ৰূপান্তৰিত পৃথিৱীকো সমৃদ্ধ কৰিব ৷”

তেওঁ লগতে কয় যে কৃত্ৰিম বুদ্ধিমত্তা , ৰবট আদি প্ৰযুক্তিৰ ফচলবোৰক মানৱ সভ্যতাৰ কল্যাণৰ বাবেহে ব্যৱহাৰ কৰা উচিত ৷ অন্যথা পৃথিৱীলৈ সাংঘাটিক বিপৰ্যয় নামি আহিব ৷ইয়াত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট কথা-শিল্পী শিবানন্দ কাকতি, ড° মৌচুমী কন্দলী আৰু বিশিষ্ট লেখক-নিবন্ধকাৰ সমীৰ শাণ্ডিল্য, ৰতন সাউদ, পংকজ প্ৰতীম বৰদলৈয়ে ৷ বিষয় প্ৰসংগত আলোচকবৃন্দই কয় যে মানুহৰ সমাজক যন্ত্ৰই শাসন কৰিব নেকি— উদ্যোগিক বিকাশৰ আৰম্ভণিতেই এনে প্ৰশ্নই মানুহক উদ্বিগ্ন কৰিছিল ৷

প্ৰযুক্তিৰ অভাৱনীয় উত্থানৰ দিনত এই উদ্বিগ্নতা বৃদ্ধি পাইছে ৷ অনাগত সময়ত আৰু যে বেছি ৰপান্তৰ হ’ব সেয়া নিশ্চিত ৷ সভ্যতাৰ আৰম্ভণিৰ পৰা এতিয়ালৈ আৰু এতিয়াৰ পৰা অনাগত ভৱিষ্যতলৈ অভাৱনীয় ৰূপান্তৰে পৃথিৱীখন বিচিত্ৰ কৰি তুলিব ৷ গতিকে তেনে সময়ত গ্ৰন্থই কি বাট দেখুৱাব পাৰে সেয়াহে গুৰুত্বপূৰ্ণ ৷ অৰ্থাৎ গ্ৰন্থ থাকিবই ৷ কিন্তু ৰূপ সলনি হৈছে আগলৈ আৰু সলনি হ’ব ৷ এই আলোচনা সত্ৰৰ পাছত পাছত সন্ধিয়া আয়োজিত হয় মনপৰশা সাংস্কৃতিক অনুষ্ঠান ৷ মঙলবাৰে বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা, গুৱাহাটীৰ সামৰণী অনুষ্ঠান ৷ সামৰণী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷ সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব পশ্চিমবংগৰ বিশিষ্ট লেখক দীপ হালদাৰ আৰু মোহিত ৰয়ে ৷ বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট লেখক, বিজ্ঞানী ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে ৷

ফেব্ৰুৱাৰীত বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মাণ্ডন্নাৰ এংগেজমেণ্ট!

জনপ্ৰিয় অভিনেতা বিজয় দেৱেৰাকোণ্ডা আৰু অভিনেত্ৰী ৰশ্মিকা মাণ্ডন্নাক ‘গীতা গোবিন্দম’ আৰু ‘ডিয়াৰ কমৰেড’কে ধৰি কেইবাখনো ছবিত একেলগে দেখা গৈছিল। ছবিবোৰত লাখ লাখ লোকৰ হৃদয় জয় কৰিছিল যুটিটোৱে। তেতিয়াৰ পৰাই তেওঁলোকৰ বিশাল অনুৰাগীয়ে অধীৰে অপেক্ষা কৰি আছিল তেওলোকৰ প্ৰেমৰ কথা ঘোষণা কৰালৈ।

তদুপৰি বিভিন্ন অনুষ্ঠানত তেওঁলোকক প্ৰায়ে একেলগে দেখা যায়, যাৰ ফলত তেওঁলোকৰ ডেটিং উৰাবাতৰিৰ বিষয়ে অধিক জল্পনা-কল্পনাৰ সৃষ্টি হয়। এটা প্ৰতিবেদন অনুসৰি দুয়োৱে এংগেজমেণ্ট কৰিবলৈ সাজু হৈছে।

    News18 Telegu ৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মাণ্ডন্নাই অতি সোনকালে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে আনুষ্ঠানিকভাৱে নিশ্চিত কৰিব। নিৰ্ভৰযোগ্য সূত্ৰই পৰ্টেলটোক প্ৰকাশ কৰিছে যে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত তেওঁলোকে এক অন্তৰংগ অনুষ্ঠানত নিয়োজিত হ’ব। অৱশ্যে এতিয়ালৈকে এই যুটিটোৰ ফালৰ পৰা এনে কোনো নিশ্চয়তা নাই।

    মাৰ্ঘেৰিটাত তিনিচুকীয়া জিলা ভিত্তিত বক্সিং টুর্নামেন্ট প্রতিযোগিতা…

    মাৰ্ঘেৰিটাত তিনিচুকীয়া জিলা ভিত্তিত বক্সিং টুর্নামেন্ট প্রতিযোগিতা। ভাৰতীয় সেনা বাহিনীৰ ডুমডুমাৰ তত্ত্বাৱধানত আৰু তিনিচুকীয়া জিলা বক্সিং এছোচিয়েচন সহযোগত মাৰ্ঘেৰিটা বক্সিং একাডেমিত তিনিদিনীয়া কাৰ্যসূচীয়ে অনুষ্ঠিত কৰা তিনিচুকীয়া জিলা ভিত্তিক বক্সিং টুর্নামেন্টৰ আজি শুভাৰম্ভ কৰা হয়। মুঠ ১০টা কেটেগৰীত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাত চেম্পিয়নক ৫ হাজাৰ আৰু ৰানাৰ্ছ আপক ৩ হাজাৰ টকা নগদ ধনেৰে পুৰষ্কৃত কৰা হ’ব।ল’ৰা আৰু ছোৱালী দুয়োটা শাখাত ক্রমে ৪৬ কেজি, ৫৫ কেজি ছাব জুনিয়ৰ ল’ৰা, ৪৬ কেজি, ৫২ কেজি জুনিয়ৰ ল’ৰা, ৫১ কেজি ৬০ কেজি যুৱ ল’ৰা, ৪৩ কেজি ৫২ কেজি ছাব জুনিয়ৰ ছোৱালী, ৪৮ কেজি জুনিয়ৰ ছোৱালী আৰু ৫০ কেজি যুৱ ছোৱালী শাখাত প্রতিযোগিতাসমূহ অনুষ্ঠিত হ’ব।

    প্ৰতিযোগিতাত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ প্ৰায় ৮৬ গৰাকী প্ৰতিযোগিয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।আজি শুভাৰম্ভ অনুষ্ঠানত ভাৰতীয় সেনাবাহিনীৰ উচ্চ পদস্থ বিষয়া কৰ্মচাৰীসহ বহু সংখ্যক ক্ৰীড়াপ্ৰেমী স্থানীয় ৰাইজ উপস্থিত থাকে।

    তিতাবৰ প্ৰেছ ক্লাৱৰ নৱবৰ্ষৰ অন্তৰংগ আলাপ…

    মফচলীয় চহৰ তিতাবৰত ১৯৯৭ চনতে প্ৰতিষ্ঠা কৰা তিতাবৰ প্ৰেছ ক্লাৱৰ উদ্যোগত তিতাবৰৰ বিশিষ্ট নাগৰিক, বিভিন্ন দল-সংগঠন, অনুষ্ঠানৰ প্ৰতিনিধি উপস্থিতিত নৱবৰ্ষৰ অন্তৰংগ আলাপ শীৰ্ষক এটি মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয়। তিতাবৰ প্ৰেছ ক্লাৱৰ সভাপতি বিমান শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰা আৰু সম্পাদক দুলাল কলিতাই আঁত ধৰা অনুষ্ঠানত ৰাজ্যৰ সভাৰ সাংসদ তথা অসমৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটাই তিতাবৰ প্ৰেছ ক্লাৱৰ সাংবাদিকসকলক শুভেচ্ছা জনাই কয় যে, অসমক প্ৰতিফলিত কৰা মানসিকতা সমৃদ্ধিশালী কৰিব লাগিব আৰু গ্ৰন্থ অধ্যয়নত গুৰুত্ব দিয়া উচিত বুলি ব্যক্ত কৰে। তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই উদ্বোধন কৰা অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক ডঃ সঞ্জয় চেতিয়া, অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্যা বৰ্ণালী শইকীয়া বৰা, যোৰহাট জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামী, তিতাবৰ বিধানসভা সমষ্টি উন্নয়ন সমিতিৰ সভাপতি ডঃ গুণাৰাম নাথ, অসম অনুসূচিত জাতি পৰিষদৰ সাধাৰণ সম্পাদক দীপাংকৰ হাজৰিকা, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিতাবৰ আঞ্চলিক সমিতিৰ সভাপতি ৰাজীৱ শৰ্মা, ইতিহাস সংকলন সমিতিৰ অসীম বৰা, অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ নিবাসী বৰ্ণম বৰা, ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ উপাধ্যক্ষ পুলক কছাৰী, প্ৰাক্তন বিধায়ক হেমন্ত কলিতাই লেখক-সাংবাদিক কবীৰ শইকীয়া আদিয়ে অন্তৰংগ আলাপত অংশগ্ৰহণ কৰি আন্তৰিকতাৰে সাৱলীল মন্ত্ৰমুগ্ধ ভাষণে অনুপ্ৰাণিত কৰে।

    অনুষ্ঠানত তিতাবৰ মহকুমা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ডঃ বুদ্ধিন্দ্ৰ নাথ শইকীয়া, ঠেঙ্গাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰী, সদস্য শ্যামলকৃষ্ণ বড়া, তিতাবৰ শাখা সাহিত্য সভাৰ সভাপতি নৰেন দত্ত, সম্পাদক ৰবীন্দ্ৰ কুমাৰ দেৱ, মাধপুৰ জিলা পৰিষদৰ সদস্য পৱন গগৈ, প্ৰণৱ শইকীয়া জাতীয় বিদ্যালয়ৰ সঞ্চালক ৰাতুল দত্ত, যুৱ সমাজকৰ্মী অসীম সন্দিকৈ, দেৱজিৎ হাজৰিকা প্ৰমুখ্যে বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি আৰু শুভাকাঙ্খীসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত স্নিগ্ধা স্নেহৰ শইকীয়া আৰু প্ৰত্যুষা দাসে গীত পৰিৱেশন কৰি সৌষ্ঠৱ বৃদ্ধি কৰে। তিতাবৰ প্ৰেছ ক্লাৱৰ হৈ বিমান শইকীয়া, দিলীপ খাউণ্ড, শশাংক দত্ত, দুলাল কলিতা, প্ৰসেনজিৎ ৰাজখোৱা, অনমূল যাদৱ, বিকি হৰিজন আদিয়ে অন্তৰংগ আলাপ সাফল্যমণ্ডিত কৰা সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰে।

    টীয়কৰ ৰাজপথত বাহনত অগ্নিকাণ্ড

    টীয়ক সমষ্টিৰ অন্তৰ্গত নামচিচু অঞ্চলত নামচিচু পূজা খেলপথাৰৰ কাষত ৰখাই থোৱা অৱস্থাত হঠাৎ জ্বলি উঠে এখন বাহন। বাহনখনৰ নম্বৰ AS-03-H-1499।

    স্থানীয় লোকে বাহনখন জ্বলি থকা দেখি ততাতৈয়াকৈ টীয়ক আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে আৰু টীয়ক অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতা আৰু টীয়ক আৰক্ষীৰ সহযোগত ইতিমধ্যে জুই নিৰ্বাপিত কৰা হয় যদিও বাহনখনৰ ৮০% জ্বলি যায়৷


    জানিব পৰা মতে কোনো লোকে পুৱাৰ ভাগত গাড়ীখন উক্ত স্থানত ৰাখি বেলেগ এখন গাড়ীত উঠি কোনো স্থানলৈ গতি কৰে।কি কাৰণত উক্ত ঘটনা সংঘটিত হ’ল এই পৰ্যন্ত জানিব পৰা হোৱা নাই আৰু গাড়ীখনৰ গৰাকী কোন বা কিয় ৰাখি থৈ গৈছিল কোনো স্থানীয় লোক অৱগত নহয়।

    আয়ৰা খানৰ সৈতে বিয়াৰ স্থানত উপস্থিত হ’বলৈ ৮ কিলোমিটাৰ দৌৰিবলগীয়া হ’ল নুপুৰ শিখাৰ! কিন্তু কিয়…

    উদয়পুৰত আৰম্ভ হৈছে ইৰা খান আৰু নুপুৰ শিখাৰৰ বিবাহ অনুষ্ঠান। বলীউডৰ মিষ্টাৰ পাৰফেকচনিষ্ট অৰ্থাৎ আমিৰ খানৰ ঘৰত সুখৰ পৰিবেশ। যোৱা ৩ জানুৱাৰীত এক অন্তৰংগ অনুষ্ঠানত অভিনেতাৰ কন্যা আয়ৰা খানৰ দীৰ্ঘদিনীয়া প্ৰেমিক নুপুৰ শিখাৰেৰ সৈতে পঞ্জীয়নভুক্ত বিবাহ হৈছিল। এতিয়া এই দম্পতীৰ উদয়পুৰত গ্ৰেণ্ড ৱেডিং। অহা ৭ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে আয়ৰা আৰু নুপুৰৰ এই পৰম্পৰাগত বিবাহৰ পূর্ব বিবাহ অনুষ্ঠান৷ এই সকলোবোৰৰ মাজতে এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ য’ত আমিৰ খানৰ জোঁৱাই নুপুৰে প্ৰকাশ কৰিছে যে তেওঁ কিয় ৮ কিলোমিটাৰ দৌৰি বিয়াৰ স্থানত উপস্থিত হৈছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত আয়ৰা খানৰ দৰা নুপুৰে প্ৰকাশ কৰিছে যে কিয় তেওঁ বিয়াৰ শোভাযাত্ৰাক ঘোঁৰাত উঠি বিয়াৰ শোভাযাত্ৰা অনাৰ পৰিৱৰ্তে ৮ কিলোমিটাৰ দৌৰিছিল। নুপুৰে ক’লে, মই আগতে মোৰ ঘৰৰ পৰা আয়ৰাৰ ঘৰলৈ দৌৰিছিলোঁ। এই পথৰ সৈতে মোৰ এক অতি বিশেষ সংযোগ আছে। ইয়াৰ এটা আৱেগিক কাৰণ আছে,” ইয়াৰ পিছত ভিডিঅ’টোত আয়ৰা খান আৰু নুপুৰে আনুষ্ঠানিকভাৱে স্বামী-স্ত্ৰী হোৱাৰ সিদ্ধান্ত লোৱা দিনটোৰ এক সুন্দৰ আভাসও দেখা গ’ল। ভিডিঅ’টোত দম্পতীহালৰ লগতে পৰিয়ালৰ সদস্যৰ সকলো মৰমলগা মুহূৰ্তৰে ভৰি পৰিছে।

    খবৰ অনুসৰি দৰা-কইনাৰ পৰিয়াল আৰু অন্যান্য অতিথিৰ বাবে ১৭৬টা হোটেলৰ কোঠা বুকিং কৰা হৈছে। এই ৰাজকীয় বিয়াত প্ৰায় ২৫০ জন লোক উপস্থিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত ১৩ জানুৱাৰীত মুম্বাইত বলীউড উদ্যোগৰ বাবে কন্যা আয়ৰাৰ ৰিচেপচন পাৰ্টি আয়োজন কৰিব আমিৰ খানে, য’ত বি টাউনৰ সকলো ডাঙৰ তাৰকাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।


    অসমৰ দেশী জনগোষ্ঠীৰ পূষণা উৎসৱঃ নুৰ ইছলাম

    পূষণা হল অসমৰ দেশী জনগোষ্ঠীৰ লোক সকলৰ এক কৃষিভিত্তিক উৎসৱ। আঘোণৰ সোণগুটি চপাই আনি ভঁৰালত থোৱাৰ পিছতে এক স্বস্তিৰ নিশ্বাস লৈয়ে মনত জাগি উঠে সকলোৱে মিলিজুলি আনন্দ মনেৰে এসাঁজ ভোজ ভাত খোৱাৰ কথা, যাক আমি দেশীসকলে পূষণা বুলি ক‌ও। পৰম্পৰাগত এই উৎসৱ পালন কৰা হয় পুহ মাহৰ শেষৰ ৰাতি যদিও এই উৎসৱৰ সৈতে জড়িত দেশীসকলৰ আন আন কিছুমান নিয়ম-নীতি বা পৰম্পৰা যাৰ আৰম্ভণি হয় পুহ মাহৰ আৰম্ভণিৰ পৰাই।


    পুহ মাহ আৰম্ভ হোৱাৰ লগে লগেই দেশী ডেকা গাভৰু বোৱাৰী জীয়ৰীৰ মনত এক আনন্দ উছাহৰে ভৰি পৰে। পূষণাৰ দিনলৈকে গোটেই মাহটো তাৰেই প্ৰস্তুতিত যায়। সন্ধিয়া হোৱাৰ লগে লগে ডেকাবোৰে পালবান্ধি এখন গাওঁৰ পৰা আন এখন গাওঁ লৈ এউৰী মাগিবলৈ যায় যাক আমি হাচাই/ হাচ্য বুলি ক‌ওঁ। এমাহ যুৰি এউৰী মাগি অনা চাউল/প‌ইচা খিনি দলটোৰ দলপতি জনৰ ঘৰত জমা থৈ দিয়ে। ইয়াতে উল্লেখ কৰিব লাগিব যে এই এউৰী মাগিবলৈ গৈ লোকৰ ঘৰে ঘৰে একধৰণৰ বিশেষ গীত গায় যাক দেশী সকলে হাচাই গীত বুলি কয়।

    পূৱ দুৱেৰী ঘৰ ৰে তোৰ ঢোল্লা বাশেৰ ৰুৱে,
    বাহিৰ কৰি দেও গিৰীৰ বেটি বাটা ভৰা গুৱে।……

    ইয়াতে আৰু এটি কথা উল্লেখ কৰি থ‌ও যে হাচাই গীত গোৱাৰ পিছত যদি কোনো গৃহস্থই চাউল বা প‌ইচা নিদিয়ে তেতিয়া বেজাৰ মনেৰে অলপ জমনি কৰি আন এটি গীত গাই দিয়ে এনেধৰণৰ-

    ক‌ওতো ৰে ভাই উস্টে,
    এই বাড়ীটা খুব খুস্টে।।

    অৰ্থাৎ এই গৃহস্থজন বৰ টেঙৰ তাকেই কৈ তাৰ পৰা লৰমাৰি আন এটি ঘৰলৈ যায়।
    এনেকৈয়ে পুহ মাহৰ শেষৰ ফালে আহিল মানেই বোৱাৰী জীয়ৰীৰো ব্যস্ততা বাঢ়িল পিঠাগুৰি খুন্দাৰ, গোটেই গাঁওত ঢেকীৰ গুম গুমনি শব্দই পূষণাৰ বতৰা বিলায়। ইফালে ডেকাবোৰেও ব্যস্ত পথাৰত ঘৰ সজাত য’ত গোটেই ৰাতি নাচি বাগি আনন্দ ফুৰ্তিৰে এসাঁজ ভোজ ভাত (পূষণা) খাব।

    পুহ মাহৰ শেষৰ দিনা গাঁওৰ ডেকা বুঢ়াই জাল, খালৈ, জাকৈ লৈ বিলত মাছ মাৰিবলৈ যায় যাক আমি দেশীসকলে বোৱাইত মাৰিবলৈ যোৱা বুলি ক‌ওঁ। বোৱাইত মাৰিবলৈ ওলাই যাওঁতে মহিলাসকলে পিছফালৰ পৰা পুৰুষ সকলক কেচা মাটিৰে ঢিল মাৰে কিয়নো হাজাৰ ঢিল খালেও কিন্তু পুৰুষসকলে সিদিনা পিছফালে ঘুৰি নাচায়। কিয়নো ইয়াতে লোক বিশ্বাস থাকে যে যিজন পুৰুষে গাত ঢিল পৰাৰ পিছত পিছফালে ঘুৰি চাব সি আৰু সিদিনা মাছ নাপায় সুদা হাতে ঘুৰি আহিব লগা হ’ব। পিছফালে ঘুৰি চোৱা মানেই অমঙ্গলজনক তাৰেই সুবিধা লৈ মহিলা সকলে ফুৰ্তিৰে ইজনে সিজনৰ গিৰিয়েকলৈ পিছফালে ঢিল মাৰি থাকে।

    সন্ধিয়া হোৱাৰ লগে লগে আই মাওহতে ব্যস্ত হৈ পৰে বিভিন্ন ধৰণৰ পিঠা লাৰু বনোৱাত ইপিনে ডেকা সকলেও ব্যস্ত ভোজ ভাতৰ আয়োজনত। আয়োজন হিচাপে কালক্ৰমত হেৰাই গল যদিও এই কথা ইয়াত উল্লেখ কৰিব‌ই লাগিব যে খৰি হিচাপে লোকৰ জেওৰা, লোকৰ পথাৰৰ টালত থকা ফুলকবি, মুলা শাক পাচলি আদি কৰি লোকৰ হাঁহ কুকুৰা আদিও চুৰকৈ অনা পৰম্পৰাও আছিল।

    পূষণা যিহেতু কৃষিভিত্তিক উৎসৱ গতিকে ইয়াত গৰুৰ কথা উল্লেখ থাকিব‌ই লাগিব। হয় পূষণাৰ দিনা পুৱাতে উঠি প্ৰথমে গৰুক গা ধোৱাই ডেকা বুঢ়া সকলোৱে নিজেও গা ধুই চোতালত জুইকুৰা জ্বলাই তাত ধানকটা কাচি গৰম কৰি প্ৰথমে গৰুৰ গাত অলপকৈ সেক দি প্ৰথমে গৰুক পিঠা খোৱায়।

    তাৰ পিছত সৰু বৰ সকলোৱে মুৰত কচু পাত লগাই গৰম কাচীৰ সেক লয়। ইয়াৰে বিশ্বাস থাকে যে সেই সেক ললে কোনো ধৰনৰ বেমাৰ আজাৰে যাতে লগ নধৰে। ইয়াৰ পিছত হে জুইকুৰাৰ চাৰিও ফালে ঘেৰি বহি পিঠা লাৰু আদি খায়। ইজনে সিজনৰ ঘৰত যায়, পিঠা আদি বিলায়, মানে এক ভোগ বিলাহৰ উৎসৱ।

    পূষণা দেশী লোকৰ চহা জীৱনৰ এক বিশেষ উৎসৱ ,, কালক্ৰমত বিভিন্ন জনে বিভিন্ন ধৰনে মডিফাই কৰি ইয়াক বেলেগ ধৰনেও পালন কৰে বা প্ৰকাশ কৰে যদিও আচল খাটি চহা দেশী সকলে পৰম্পৰাগত ভাবে এই উৎসৱ এইধৰনেই আজিও পালন কৰা দেখা যায়।

    ✍️ নুৰ ইছলাম, দঃ শালমাৰা।

    গুজৰাট চৰকাৰৰ নিৰ্দেশ খাৰিজ; পুনৰ জে’ললৈ যাব লাগিব বিলকিচ বানোৰ নির্যাতনকাৰী!

    বিলকিছ বানোৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। সোমবাৰে ন্যায়াধীশ বি ভি নাগাৰত্না আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে দিয়ে এই গুৰুত্বপূৰ্ণ ৰায়।

    গুজৰাট চৰকাৰৰ নিৰ্দেশ খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। আজাদী কা অমৃত মহোৎসৱৰ বাবে শাস্তিৰ ম্যাদ শেষ হোৱাৰ পূৰ্বেই ১১ গৰাকী নির্যাতনকাৰীক ২০২২ চনৰ ১৫ আগষ্টত জে’লৰ পৰা মুকলি কৰি দিছিল গুজৰাট চৰকাৰে।

    ১১ টা ধৰ্ষণকাৰীৰ মুক্তিৰ যি সিদ্ধান্ত লোৱা হৈছিল সেয়া কোনো কাৰণতে যুক্তিসংগত নহয় বুলি উচ্চতম ন্যায়ালয়ে জনাইছে।

    উল্লেখযোগ্য যে, ২০০২ ৰ গোধৰা কাণ্ডৰ পাছত গুজৰাটত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ সময়ত ৩ মে’ত ৫ মাহৰ অন্তঃসত্বা বিলকিচ বানোক গণধৰ্ষণ কৰা হৈছিল। বিলকিচ বানোৰ চকুৰ সন্মুখতে তেওঁৰ তিনিবছৰীয়া কন্যাক শিলেৰে আক্ৰমণ কৰা হৈছিল। তেওঁৰ পৰিয়ালৰ আন কেইবাজনকো হত্যা কৰা হৈছিল।

    চি বি আইয়ে এই গোচৰৰ তদন্ত কৰি ‘বিৰলতম’ আখ্যা দিয়াৰ লগতে অপৰাধীৰ কঠোৰ শাস্তিৰ পোষকতা কৰিছিল। ইয়াৰ পাছতে ২০০৮ ৰ ২১ জানুৱাৰীত বিশেষ আদালতে ধৰ্ষণকাৰীক আজীৱন কাৰাদণ্ড বিহিছিল।

    আলফা (স্বাঃ)ৰ শিবিৰত আক্রমণ!

    আলফা (স্বাঃ)ৰ ম্যানমাৰস্থিত শিবিৰত আক্রমণ!


    ৩ বাৰ ড্রোনৰ জৰিয়তে বোমাৰে আক্ৰমণ কৰাৰ অভিযোগ।



    প্ৰথমটো আক্রমণ দেওবাৰে আবেলি ৪:১০ বজাত, দ্বিতীয়টো আক্রমণ ৪:১২ বজাত আৰু তৃতীয় আক্রমণ ৪:২০ বজাত সংঘটিত কৰাৰ অভিযোগ। তৃতীয়টো বিস্ফোৰিত নোহোৱাৰ বিপৰীতে অন্য দুটা আক্ৰমণত সামান্য পৰিমাণে আহত আলফা (স্বাঃ)ৰ দুজন কেডাৰ।

    ভাৰতীয় সীমাৰ ফালৰ পৰা এই আক্ৰমণৰ অভিযোগ আলফা (স্বাঃ)ৰ।

    আলফা (স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুৱাই এক বিবৃতিৰ জৰিয়তে সদৰি কৰিছে এই কথা।