Home Blog Page 1133

বটদ্ৰৱাত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্থ ১৩ টা পৰিয়ালক বিধায়ক ৰূপক শৰ্মাৰ ব্যক্তিগত ভাৱে আৰ্থিক সাহাৰ্য প্ৰদান, বিধায়িকা শিৱামণি বৰাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ…

সোমবাৰে পুৱাই গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত জাতীয় সাজ পৰিধান কৰি উপস্থিত হয় সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক ৰূপক শৰ্মা । দুয়োগৰাকী নেতা গুৰুজনাৰ জন্মস্থানত উপস্থিত হৈ আশীষ গ্ৰহণ কৰে। অসমীয়া জাতিৰ জনক মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হৈ আধ্যাত্মিক পৰিবেশত বটদ্ৰৱা থান দৰ্শন কৰি উৎফুল্লিত সাংসদগৰাকী। ইফালে বটদ্ৰৱা থান দৰ্শনৰ পিছতেই পোনে পোনে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক ৰূপক শৰ্মা বটদ্ৰৱাৰ আকাশী গঙ্গাৰ পাৰত উপস্থিত হৈ ২৭ ডিচেম্বৰৰ নিশা বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হোৱা ১৩ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰিয়ালৰ কাষত থিয় হৈ বুজ লয়।বিধায়ক শৰ্মাই নিজা ববীয়াকৈ ১৩ টাকৈ পৰিয়ালৰ প্ৰতিটোকে দহ হেজাৰ টকাকৈ সৰ্বমুঠ ১লাখ ৩০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়। উল্লেখ্য যে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বটদ্ৰৱাবাসী ৰাইজৰ দুখৰ সময়ত কাষত থিয় হৈ ৰাইজৰ দুৰ্গতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্ত ব্যৱসায়ী সকলক কিছু আৰ্থিক সাহায্য আগবঢ়োৱাত বিধায়ক ৰূপক শৰ্মাৰ শলাগ লয় । ইয়াৰ বিপৰীতে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰে ।

কাৰণ বটদ্ৰৱাত সংগঠিত ভয়াৱহ অগ্নিকাণ্ডৰ পিছতো আজিলৈকে খবৰ লবলৈ আহৰি নেপালে বিধায়িকা শিৱামণি বৰাই। সেয়ে বিধায়ক ৰূপক শৰ্মাৰ সন্মুখতে ক্ষোভ প্ৰকাশ কৰে বটদ্ৰৱাবাসী ৰাইজে বিধায়িকা শিৱামণি বৰাৰ বিৰুদ্ধে। বিধায়িকা শিৱামণি বৰাক নিৰ্বাচনত আমি ভোট দিছিলো কিন্ত্ত আজি বিধায়িকা গৰাকী আমাৰ কাষত নাই, আমাক ধন টকা পইচা দিব নালাগে বিপদৰ সময়ত তেওঁ মুখৰ মাত দিবলৈয়ো নাহিল। উল্লেখ্য যে আকাশীগংগাৰ পাৰত থকা ১৩ খন ব্যৱসায়ীক প্ৰতিষ্ঠানত সংঘটিত অগ্নিকাণ্ডৰ ফলত ১৩ খনকৈ মনিহাৰী সামগ্ৰী, ফটো, কিতাপ, পুতলা, কাপোৰ, নৈবেদ্য প্ৰসাদৰ দোকানৰ লগতে হোটেলো ভস্মিভূত হৈছিল। ইপিনে ১৩টা দুৰ্ভগীয়া পৰিয়ালক আৰ্থিক সাহাৰ্য আগবঢ়াই বিধায়ক শৰ্মাই কয় যে বটদ্ৰৱা থান প্ৰাঙ্গনৰ আকাশীগঙ্গাৰ পাৰত নৈবেদ্য,প্ৰসাদৰ সামগ্ৰী,ফটো, কিতাপ, পুতলা, কাপোৰ,মনিহাৰী সামগ্ৰী আৰু হোটেলৰ ব্যৱসায় কৰি ক্ষুদ্ৰ ব্যৱসায়ী সকলে নিজৰ পৰিয়ালটো পোহপাল দি আহিছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে অগ্নিকাণ্ডৰ ফলত ব্যৱসায়ী প্ৰতিষ্ঠান সমূহ সম্পূৰ্ণ ভস্মীভূত হোৱাত দিশহাৰা হৈ পৰিছিল ১৩টা পৰিয়াল। এই খবৰ লাভ কৰি যোৱা ১ জানুৱাৰীত বটদ্ৰৱা থান প্ৰাঙ্গনত বিধায়ক শৰ্মা উপস্থিত হৈ ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনৰ ক্ষয় ক্ষতিৰ বুজ লৈ থলুৱা ব্যৱসায়ী সকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সৈতে মত-বিনিময় কৰি তেওঁলোকক পাৰ্যমানে সহায়ৰ হাত আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছিল। অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলক কোনোধৰণৰ বীমা নথকাত লগতে ভাড়া মাটিত ব্যৱসায় কৰাৰ বাবে চৰকাৰী ভাবে সহায় কৰাত অসুবিধা থকাৰ হেতু আজি ক্ষতিগ্ৰস্ত হোৱা ১৩খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ ব্যৱসায়ী আৰু তেওঁলোকৰ পৰিয়ালক কাষত পুনৰ উপস্থিত হ‌য় প্ৰতিটো পৰিয়ালক নিজাববীয়াকৈ কিঞ্চিৎ সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যেৰে এই সাহাৰ্য আগবঢ়ায়। আনহাতে বিপদগ্ৰস্ত পৰিয়াল কেইটাক সামান্য সহায়ৰ হাত আগবঢ়োৱাৰ সুবিধা লাভ কৰি নিজকে ধন্য মনা বুলি বিধায়ক শৰ্মাই মন্তব্য কৰে।

এই আৰ্থিক সাহাৰ্যৰ জৰিয়তে বিপদত পৰা ১৩ টা পৰিয়ালে কিছু সকাহ লাভ কৰিব আৰু আগন্তুক দিনত পুনৰ নিজৰ নিজৰ ব্যৱসায় আৰম্ভ কৰি জীৱিকা অৰ্জনৰ পথ মুকলি কৰিবলৈ সক্ষম হ’ব বুলিও বিধায়ক শৰ্মাই আশা প্ৰকাশ কৰে।

ৰাণীত বনৰীয়া হাতীৰ উপদ্ৰব বিষয়ক সজাগতা সভা…

পশ্চিম গুৱাহাটী সমষ্টিৰ অসম – মেঘালয় সীমান্তৰ ৰাণীৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিগণিত হোৱা নালাপাৰা পুখুৰীপাৰ , বিক্রমপুৰ , খপেগাও উদয়পুৰ আদি অঞ্চলত কেবাবছৰ ধৰি বনৰীয়া হাতীৰ জাকে সন্ত্রাসৰ সৃষ্টি কৰি অহাত কৃষক ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ধান কাটি চপোৱাৰ পাছতো পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে এফালৰপৰা নষ্ট কৰিছে গাঁওবাসীৰ বাৰীত তথা বস্তিৰ ফল মুল। যাৰ বাবে বনৰীয়া হাতীৰ উপদ্ৰৱ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে কালি নালাপাৰা খণ্ড বন বিষয়াৰ কাৰ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত মৈৰাপুৰ , বেলগুৰি , নালাপাৰা, মৈৰাপুৰ পাটগাঁও , মানিকপুৰ , উদয়পুৰ , পুৰাণ শুকুৰবেৰীয়া , বিক্রমপুৰ , মৈৰাপুৰ গৰাখহনীয়াপৰা , চেচা , আদি অঞ্চলৰ শতাধিক কৃষক ৰাইজ উপস্থিত থাকে। সভাত স্বেচ্ছাসেবী সংগঠন ডব্লিউ ডব্লিউ এফ ইন্ডিয়াৰ।

এই সভাত উপস্থিত থাকে ডব্লিউ ডব্লিউ এফ ইন্ডিয়া নামৰ বন্যপ্ৰাণী বিষয়ক স্বেচ্ছাসেবী সংগঠনটোৰ জেষ্ঠ্য প্ৰকল্প কাৰ্যবাহী ডেভিদ স্মিথ , ক্ষেত্ৰ বিষয়া ইউছুফ খান, নালাপাৰাৰ খণ্ড বন বিষয়া দুলু মহন্ত আৰু শুকুৰবেৰীয়াৰ খণ্ড বন বিষয়া জমিৰ আলীয়ে সৌৰশক্তি চালিত বেৰ দি কিদৰে বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিব পাৰি তাৰ বিশদ বাখ্যা দাঙি ধৰে। সভাত ৰাণী মৈৰাপুৰ হাতী প্ৰতিৰক্ষা সমিতিৰ সভাপতি দীনেশ নাথ, সম্পাদক ৰমেশ দাস , জেষ্ঠ্য সাংবাদিক জোন ৰাভাকে ধৰি কেবাজনো কৃষক নেতাই চমু ভাষণ প্ৰদান কৰে।

আহি পালে হেঁপাহৰ ভোগালী বিহু! ৰহা আমনিশালীত “প্ৰদূষণমুক্ত পৃথিৱী আৰু হাতীৰ বাবে ৰোৱক কলগছ” আহ্বানেৰে ভেলাঘৰ নিৰ্মাণ…

আহি পালে হেঁপাহৰ ভোগালী বিহু! ৰহা আমনিশালীত “প্ৰদূষণমুক্ত পৃথিৱী আৰু হাতীৰ বাবে ৰোৱক কলগছ” আহ্বানেৰে ভেলাঘৰ নিৰ্মাণ। গাঁথিৰ ধন ভাঙি ১২বছৰে শিল্পী ভগৱান সেনাপতিয়ে অসমবাসীক দিছে সজাগতাৰ বাৰ্তা। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী। ভোগালীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি ভেলাঘৰ নিৰ্মাণত ব্যস্ত স্থানীয় লোক। চুবুৰীয়ে চুবুৰীয়ে ঢেকীৰ চাবত কপি উঠিছে চোতাল। কোনোবাই যদি খুন্দিছে খান্দহ, কোনোনোবাই আকৌ খুন্দিছে চিৰা। কোনোবাই আকৌ পিঠাগুৰিৰে বনাইছে মুঠি লাৰু, ঘিলা পিঠা, জেং পিঠা, বৰপীঠা, নাৰিকলৰ লাৰু, তিলৰ লাৰু ইত্যাদি। মুঠৰ ওপৰত অসমীয়া বোৱাৰী-কি জীয়ৰী কাৰোৰে গাত ত’ত নাই। ব্যস্ত হেঁপাহৰ ভোগালীক আদৰাৰ প্ৰস্তুতি। কিন্তু ইয়াৰ লগে লগে ব্যস্ত ভেলাঘৰ বনোৱাত। বিগত বছৰৰ দৰে এই বছৰো ৰহা আমনিশালত নতুন আহ্বান আৰু আৰ্হিৰে ভেলাঘৰ সাজিছে ভাস্কৰ্য শিল্পী ভগৱান সেনাপতিয়ে।

ব্যতিক্ৰমী চিন্তাধাৰাৰে অসমৰ জনগণক সজাগতাৰ বাৰ্তা দি প্ৰতিবছৰে বিভিন্ন আকৃতিৰ ভেলাঘৰ নিৰ্মাণ কৰি আহিছে ৰহা আমনিশালিৰ ভগৱান সেনাপতিয়ে। উল্লেখ্য যে, ২০১১ চনৰ পৰা বিভিন্ন সজাগতামূলক বাৰ্তাৰে ভেলাঘৰ নিৰ্মাণ কৰি অহা শিল্পী ভগৱান সেনাপতিয়ে একক প্ৰচেষ্টাৰে পুনৰবাৰ ৰাইজৰ দৃষ্টি আৰ্কষণ কৰিবলৈ এইবছৰো নতুন আৰ্হিত আৰম্ভ কৰিছে ভেলাঘৰ নিৰ্মাণৰ কাম । ২০১১চনত ৰংঘৰ সদৃশ ভেলাঘৰ নিৰ্মাণ কৰি অসমৰ ৰাইজৰ বিপুল সমাদৰ লাভ কৰা পাছত ২০১২ চনত টাইটানিক আকৃতিৰে নিৰ্মাণ কৰে ভেলাঘৰ। তাৰ পাছত ধাৰাবাহিক ভাৱে ২০১৩ চনত বীণা সদৃশ ভেলাঘৰ, ২০১৪ “ঈগল পৃথিৱী’ ,২০১৫ বৰ্ষত শান্তিৰ কপৌ , ২০১৬ বৰ্ষত ‘ গঁড় বচাওক , অসমৰ মান ৰাখক ‘,২০১৭চনত গঁড আৰু প্ৰকৃতি, ২০১৮ গঁড়,গছ আৰু নাও, ২০১৯ চনত বৃহত আকাৰৰ গছ(গছ ৰোৱক প্ৰকৃতি বচাওক), ২০২০ “ক’ৰণা ভাইৰাছৰ পৰা পৃথিৱীক বচীওক,২০২১ চনত “ভেকচিন লওঁক ধৰাক মুক্ত কৰক” ২০২২চনত “হাতী মানুহৰ সংঘাত” আৰু ২০২৩ চনত “পৃথিৱীক প্ৰদুষণৰ পৰা মুক্ত কৰক আৰু হাতীৰ বাবে কলগছ ৰোৱক আৰু হাতী-মানুহৰ সংঘাট ৰোধ কৰক” আদি বাৰ্তাৰে প্ৰতীকী ৰূপত ভেলাঘৰ সাজি উলিয়াইছে। সেনাপতিৰ এনে কৰ্মউ বহুজনৰ হৃদয় জয় কৰিছে। এইবছৰৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে প্ৰায় ৯০ শতাংশ নিৰ্মাণ কাৰ্য। সম্পূৰ্ণ একক প্ৰচেষ্টাৰে কোনো চৰকাৰী সহায় নোহোৱাকৈ ভগৱান সেনাপতিয়ে স্হানীয় যুৱক সকলৰ সহায়ত নিৰ্মাণ কৰি উলিওৱা আমনিশালীৰ এই ভেলাঘৰ এতিয়া সকলোৰে বাবে হৈ উঠিছে আৰ্কষণৰ কেন্দ্ৰ । কেৱল খেৰ, বাঁহেৰে নিৰ্মাণ কৰা ভেলাৰঘৰটি নিৰ্মাণত এইবৰ্ষত খৰছ হৈছে প্ৰায় ৮০হাজাৰ টকা। কেতিয়াবা যদি পুখুৰীৰ মাছ বিক্ৰী কৰিছে, কেতিয়াবা আকৌ ফাৰ্মৰ হাঁহ বিক্ৰি কৰিছে। কেতিয়াবা আকৌ বন্ধন বেংক অথবা মাইক্ৰ’ফাইনেন্সৰ পৰা লোণ লৈ সাজিছে ভেলাঘৰ। কিন্তু এবাৰ মাত্ৰ চৰকাৰৰ পৰা ৫০ হাজাৰ টকা এককালীন সাহাৰ্য লাভ কৰিছে শিল্পী গৰাকীয়ে।

অতি পৰিতাপৰ বিষয় যে, তিৱা স্বায়ত্ব পৰিষদৰ এলেকাধীন শিল্পী গৰাকীক স্বায়ত্ব পৰিষদৰ পৰা কেইবাবাৰো সহায় কৰাৰ আশ্বাস দিছিল যদিও আজিও নাপালে সহাৰি। কিন্তু ৰাইজৰ বাবে প্ৰতি বছৰে বছৰে নতুন নতুন বাৰ্তা লৈ গাঁঠিৰ ধন ভাঙি ৰাইজক কৰিছে সজাগতা। যিটো সময়ত বৰ্তমানৰ ৰাজ্য চৰকাৰে বিভিন্ন দিশত সজাগতামূলক বিষয়ত হাজাৰ হাজাৰ টকাৰে বাতৰি কাকত, টেলিভিছনত বিজ্ঞাপনৰ নামত খৰছ কৰিছে, তেনে সময়তে শিল্পী ভগৱান সেনাপতিয়ে নিজৰ গাঁথিৰ ধন ভাঙি অসমবাসীক কৰি আহিছে সজাগতা। আৰ্থিক নাটনিৰ স্বত্বেও শিল্পী ভগৱান সেনাপতিয়ে অৱ্যাহত ৰাখিছে সৃষ্টি কৰ্ম। এনে সময়ত শিল্পী গৰাকীক প্ৰয়োজন হৈছিল চৰকাৰৰ সহায়। কিন্তু ৰাজ্য চৰকাৰে এনে শিল্পী সকলৰ সৃষ্টি ৰাজি অথবা শিল্পী সত্বাক কেতিয়া গুৰুত্ব দিব অথবা সুদৃষ্টি পৰিব সেয়া সযময়েহে কব যদিএ সচেতন মহলে শিল্পী গৰাকীক সহায় কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।

তীৰ্থ ভ্ৰমণলৈ গৈ নিখোজ ধেমাজিৰ যুৱক দিপাংকৰ দত্ত…

তীৰ্থ ভ্ৰমণলৈ গৈ নিখোজ ধেমাজিৰ এজন যুৱক। পৰশুৰাম কুণ্ডৰ পানীত পৰি সন্ধানহীন ধেমাজিৰ মাটিখোলাৰ দিপাংকৰ দত্ত।

গাঁওখনৰ প্ৰায় ৪৫জনীয়া এটি দল গৈছিল পৰশুৰাম কুণ্ডলৈ। মাজনিশা যুৱকজনৰ অবিহনেই ধেমাজিলৈ ঘূৰি আহে লোকসকল।

আজি দিনৰ ১১ বজাৰ পৰা পৰশুৰাম কুণ্ডত অভিযান চলাব আৰক্ষীয়ে। নিশা ২ বজাত পৰশুৰাম কুণ্ডলৈ বুলি ৰাওনা দিপাংকৰ দত্তৰ পৰিয়াল।

অসম গ্ৰন্থমেলাত কবি, সাংবাদিক কমল কুমাৰৰ কাব্যগ্ৰন্থ ‘আই লাভ ইউ’ৰ শুভ উন্মোচন ! ১১ গৰাকী সাহিত্যিকলৈ মামণি ৰয়ছম গোস্বামী সাহিত্য বঁটা প্ৰদান…

অসম গ্ৰন্থমেলাত কবি, সাংবাদিক কমল কুমাৰৰ কাব্যগ্ৰন্থ ‘আই লাভ ইউ’ৰ শুভ উন্মোচন

মামণি ৰয়ছম গোস্বামীৰ নামত চৰকাৰে বঁটা প্ৰদান কৰক

১১ জন সাহিত্যিকলৈ মামণি ৰয়ছম গোস্বামী সাহিত্য বঁটা প্ৰদান

মামণি ৰয়ছম গোস্বামীৰ নামত চৰকাৰে এটা বঁটা প্ৰদান কৰা উচিত। এই বঁটাই বহু নৱপ্ৰজন্মক লেখা মেলা কৰিবলৈ প্ৰেৰণা দিব।’ – এই ভাষ্য বিশিষ্ট কবি, উপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্যৰ। ‘প্ৰথম খবৰ’ৰ উদ্যোগত আজি গুৱাহাটী চানমাৰিৰ অসম গ্ৰন্থমেলাৰ বাকৰিৰ নীলমণি ফুকন সোঁৱৰণী সভাগৃহত হোৱা সাহিত্যৰ বৰ্ণিল মধুময় অনুষ্ঠানত কবি, সাংবাদিক কমল কুমাৰৰ তৃতীয়খন কাব্যগ্ৰন্থ ‘আই লাভ ইউ’ৰ উন্মোচন কৰি তেওঁ এইদৰে কয়। গ্ৰন্থখন উন্মোচন কৰি ঔপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্যই ভাষণ প্ৰসংগত লগতে কয়, কবি কমল কুমাৰে “আই লাভ ইউ” কাব্যগ্ৰন্থখনৰ প্ৰতিটো কবিতাৰ শব্দ বিন্যাস, সৃজনীশীলতা, ভাৱাদৰ্শ আৰু প্ৰকাশভংগীৰ অন্য ৰূপ দিছে। এই কাব্যগ্ৰন্থখন নৱপ্ৰজন্মৰ মাজত বহুলভাৱে চৰ্চিত হ’ব বুলি মন্তব্য কৰে।

এই অনুষ্ঠানত বৰষা কাশ্যপৰ কাব্যগ্ৰন্থ ‘বৰষাৰ নিনাদ’ আৰু চুমী ৰহমানৰ ‘স্বপ্নাৱেশ’ (দ্বিতীয় সংস্কৰণ) গ্ৰন্থখন দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদক ড° নৰেন হাজৰিকা, সাহিত্য অকাদেমি যুৱ বঁটা প্ৰাপক জিন্তু গীতাৰ্থ, ‘জোনাক’ আলোচনীৰ মুখ্য সম্পাদক পুলকেশ ৰায় বৰুৱা, সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি খনিন্দ্ৰ ৰাজবংশী, অসমীয়া প্ৰতিদিন কাকতৰ মঙলদৈৰ জ্যেষ্ঠ সাংবাদিক গণেশ দত্ত, লেখক, শিক্ষক চন্দ্ৰপ্ৰসাদ শইকীয়া, অৱসৰী কৃতী শিক্ষয়িত্ৰী নিৰদা দেৱী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা উমি ডেকা বৰুৱা, বিতুপন দাসৰ সহযোগত উন্মোচন কৰে কবি, উপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্যই। শিল্পী প্ৰিয়ংকা মেধিয়ে গীত পৰিৱেশন কৰা এই অনুষ্ঠানত সাহিত্যিক ক্ৰমে- বাক্সা জিলাৰ লেখক, শিক্ষক মাণিক চন্দ্ৰ দাস, কামৰূপ জিলাৰ লেখক, শিক্ষক উজ্জ্বল ডেকা, দৰং জিলাৰ লেখক গোবিন্দ হাজৰিকা, শিৱসাগৰ জিলাৰ লেখিকা, শিক্ষয়িত্ৰী নম্ৰতা দেৱী, তিনিচুকীয়া জিলাৰ লেখক শুক্লেশ্বৰ নাথ, বাক্সা জিলাৰ গৌতম ৰাভা, কামৰূপ মহানগৰৰ লেখিকা স্বপ্না দাস, চুমী ৰহমান, ড° ৰ’জলিনা কলিতা, চুলতানা নাজিয়া ৰহমান, নিৰজ বাছফৰলৈ মামণি ৰয়ছম গোস্বামী সাহিত্য বঁটা প্ৰদান কৰা হয়।

আনহাতে সাংস্কৃতিক ক্ষেত্ৰখনত বিশেষভাৱে বৰঙণি আগবঢ়াই অহা বৰপেটা জিলাৰ সাংস্কৃতিক কৰ্মী তথা বৰনগৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ৰেজাউল কৰিম আহমেদলৈ প্ৰদান কৰা হয় বিশেষ সাংস্কৃতিক বঁটা। বন্তি প্ৰজ্বলনেনে অনুষ্ঠানৰ শুভাৰম্ভ কৰে শ্ৰীশ্ৰী কুমাৰপাৰা ৰাজহুৱা নামঘৰৰ মুখ্য সেৱক সনাতন দাস বাপে সাংবাদিক ডিম্পী ভৰালীয়ে আঁত ধৰা এই সভাত ডাঃ সৌৰভ বৰুৱা,সাংবাদিক দৰ্শনা বৰুৱা, নিৰঞ্জন শইকীয়া, জিতুমণি দাস, গগণাষ্টম, প্ৰিয়ম্বকা বৰা, প্ৰীতি দাস গুপ্তা, ৰাজীৱ শৰ্মা, জেবিন চুলতানা, হৰেকৃষ্ণ হালৈ,

দ্বীজেন দাস, পল্লৱ মহন্ত, জুনমণি, চয়নিকা দত্ত, ৰুবুল দাস, পাহি কাশ্যপ, দ্বীপজ্যোতি ডেকা, ত্ৰিদীপ ডেকা, সুমন বৰদলৈ, দীপাংকৰ বৰুৱা, স্বৰ্গজ্যোতি চেতিয়া, আহমেদ আলী, ড৹ প্ৰদীপ ডেকা, দ্বীজেন দাস আদিক সম্বৰ্ধনা জনায়। প্ৰায় দুই শতাধিক কাব্যানুৰাগী ব্যক্তি উপস্থিত থকা অনুষ্ঠানটোত কবি কমল কুমাৰে ‘আই লাভ গ্ৰন্থ’খন সমূহ ৰুচিবান পাঠকে নিসন্দেহে আদৰি ল’ব পাৰিব বুলি মন্তব্য কৰে।

২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ-প্ৰতিষ্ঠা, ১০৮ ফুট দীঘল ধূপ কাঠিৰে ৰাম মন্দিৰ সুগন্ধি কৰিব…

২২ জানুৱাৰী তাৰিখে প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত ১২:২০ বজাত। গুজৰাটৰ বদোদৰাৰ পৰা ১০৮ ফুট দীঘল ধূপডাল অযোধ্যালৈ অনা হৈছে। পৌশ শুক্ল দ্বাদাশী দিৱসত অনুষ্ঠিত হ’ব প্ৰাণ প্ৰতিষ্ঠা। ৰাম লল্লাৰ অভিষেক উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰ সংঘচালক ড° মোহন ভাগৱত, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধৰি বহু সংখ্যক ব্যক্তি উপস্থিত থাকিব। কেৱল এয়াই নহয়, দেশৰ বিভিন্ন অঞ্চলৰ চাৰি হাজাৰৰো অধিক সাধু, মহন্ত আৰু সন্ন্যাসী আৰু মঠ-মন্দিৰৰ সন্ন্যাসীও উপস্থিত থাকিব। প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত ১২৫ৰো অধিক পৰম্পৰা আৰু পূজা পদ্ধতিৰ সৈতে জড়িত আচাৰ্য, মণ্ডলেশ্বৰ, মহামণ্ডলেশ্বৰও উপস্থিত থাকিব।

শ্ৰী ৰাম মন্দিৰ তীৰ্থ ক্ষেত্ৰত সাধাৰণ সম্পাদক চম্পট ৰায়ে কৈছে যে ২২ জানুৱাৰীত আপোনাৰ ওচৰৰ মন্দিৰলৈ গৈ চুবুৰীৰ ৰাইজৰ সৈতে গৈ ভজন-কীৰ্ত্তন কৰক। প্ৰয়োজন অনুসৰি এই স্থানসমূহত এল ই ডি আৰু টিভি স্থাপন কৰি দূৰদৰ্শনত লাইভ টেলিকাষ্টৰ জৰিয়তে অযোধ্যাত অনুষ্ঠিত হোৱা প্ৰাণ প্ৰতিষ্ঠাৰ অংশগ্ৰহণকাৰী হওক। ইফালে ৰাম মন্দিৰৰ সুগন্ধি ল’বলৈ গুজৰাটৰ বদোদৰাৰ পৰা ১০৮ ফুট দীঘল ধূপডাল অযোধ্যালৈ অনা হৈছে। বদোদৰাৰ পৰা আৰম্ভ হোৱা যাত্ৰাটো ধূপকাঠিৰ শোভাযাত্ৰালৈ ৰূপান্তৰিত হৈছে। ১০৮ ফুট দীঘল আৰু প্ৰায় সাৰে তিনি ফুট বহল ৩,৬১০ কেজি ওজনৰ ধূপডাল চাবলৈ বৃহৎ সংখ্যক লোক গোট খাইছে। ৬ মাহত বদোদৰাত ধূপডাল প্ৰস্তুত কৰা হৈছে। ডেৰ মাহ ধৰি অবিৰতভাৱে চলি থাকিব। ইয়াৰ সুগন্ধি ৫০ কিলোমিটাৰ এলেকাত বিয়পাই দিব।

পলাহজুৰি হাবিবীয়া হাফিজীয়া মাদ্ৰাছাত ১৩ জন হাফিজক পাগুৰী প্ৰদান…

মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত পলাহজুৰি হাবিবীয়া হাফিজীয়া মাদ্ৰাছাত ১৩ গৰাকী হাফিজক পাগুৰী প্ৰদান কৰা হয়। জানিব পৰা মতে পলাহজুৰি হাবিবীয়া হাফিজীয়া মাদ্ৰাছাৰ দস্তৰবন্দী আৰু প্ৰথম বাৰ্ষিক ধৰ্মীয় সভা খন ৭ জানুৱাৰীত অনুষ্ঠিত হৈ যায়। নগাঁও জিলা জমিয়ত উলামা-ই-হিন্দৰ সভাপতি মৌলানা আব্দুল লতিফৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা দস্তৰবন্দীৰ অনুষ্ঠানটোত মাদ্ৰাছা খনৰ পৰা ৩০ পাৰা কোৰাণ হিফজ কৰা ছামিম আহমেদ, ইলিয়াচ আহমেদ, চাকিনুৰ ৰহমান, জুনাইদ আহমেদকে আদি কৰি ১৩ গৰাকী নবীন হাফিজক পাগুৰী প্ৰদান কৰাৰ লগতে আৰবী গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

মাদ্ৰাছা খনৰ সম্পাদক মৌলানা আব্দুল মান্নানে আতঁধৰা দস্তৰবন্দী অনুষ্ঠান টোত কেৰাত পাঠ কৰে কাৰী ইছৰাফিলে। নিশা অনুষ্ঠিত হোৱা ধৰ্মীয় সভা খনত বঙাইগাঁও জিলাৰ বাৰঘেৰ মাদ্ৰাছাতুল বানাতৰ মুহতামিম জামিউল হক, কাজিৰঙা জামে মছজিদৰ ইমাম আজাহাৰুল ইছলাম আৰু গুৱাহাটীৰ ধীৰেনপাৰা দাৰুল কোৰআন ৱাছচুন্নাহৰ অধ্যক্ষ ইছৰাফিল কাচিমীয়ে পৱিত্ৰ কোৰআন,নামাজ আৰু ইমানৰ ওপৰত গুৰুত্ব পূৰ্ণ ভাষন প্ৰদান কৰে। নিশা ১১-৩০ বজাত কদমণি টাইটেল মাদ্ৰাছাৰ শ্বেইখুল হাদিছ মূফতি আব্দুল কৰিম কাচিমিৰ আখেৰি দোৱাৰে ধৰ্মীয় সভা খন শেষ হয়। সভাখনত লাহৰিঘাট সমষ্টিৰ বিধায়ক ডা: আছিফ মহম্মদ নাজাৰকে আদি কৰি অঞ্চলটোৰ উলামায়ে কেৰামসকল উপস্থিত আছিল।

সাৱধান! সকলো সময়তে মোবাইল ফোন ব্যৱহাৰ কৰে নেকি…

বৰ্তমান সময়ত মোবাইল ফোন আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। মোবাইল ব্যৱহাৰৰ প্ৰতি আসক্ত হৈ পৰাৰ বহু অসুবিধা আছে। আনহাতে আমাৰ দৈনন্দিন জীৱনত মোবাইলৰ ফোন ব্যৱহাৰ গুৰুত্বও আছে। বহু দিশত ই আমাৰ জীৱনটো সহজ কৰি তোলে আৰু কিছুমান কাম কম সময়ৰ ভিতৰতে কৰিব পাৰি। কিন্তু আমি জনা মতে প্ৰতিটো বস্তুৰ ইতিবাচক দিশ থকাৰ লগতে নেতিবাচকও থাকে। এক গৱেষণাৰ পৰা দেখা গৈছে যে সাধাৰণতে এজন ব্যক্তিয়ে দিনটোত ৫৮ বাৰ নিজৰ মোবাইল ফোনটো তুলি লয়। গড়ে এজন ব্যক্তিৰ পৰ্দাৰ সময় দিনটোত ৭ ঘণ্টা। বহুতে জানিব যে ম’বাইলৰ অত্যধিক ব্যৱহাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, কিন্তু শৰীৰৰ বাবে ই কিমান বিপদজনক হ’ব পাৰে সেয়া অতি কম সংখ্যক লোকেহে জানিব। ইয়াৰ ফলত কেৱল মানসিকভাৱে নহয় শাৰীৰিকভাৱেও স্বাস্থ্যৰ যথেষ্ট ক্ষতি হয়। মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰৰ বাবে টোপনিৰ চক্ৰ বিঘ্নিত হয়, মানসিক চাপৰ সৃষ্টি হয়, চিন্তা আৰু বুজাবুজিৰ শক্তি কমি যায়, মূৰৰ বিষ হয়, হজম প্ৰক্ৰিয়া বিঘ্নিত হয় –

মানুহ সকলো সময়তে আপডেট হৈ থাকিব বিচাৰে, গতিকে মগজুৱে বাৰে বাৰে মোবাইল স্পৰ্শ কৰিবলৈ সংকেত দিয়ে। এইটো ঠিক যেনেকৈ কিছুমান মানুহে ক্ৰিকেট চাই প্ৰতিটো দৌৰৰ আপডেট ৰাখিব বিচাৰে। আচলতে এই সকলোবোৰ কৰিলে আমাৰ মগজুত ৰাসায়নিক বিক্ৰিয়া ঘটে আৰু ড’পামিন হৰম’ন নিৰ্গত হয়। যেতিয়া আমি কোনো কাম কৰি আনন্দ অনুভৱ কৰো তেতিয়া ড’পামিন নিৰ্গত হয়। যাৰ বাবে সেই কামটো কৰাৰ ইচ্ছা বেছি হয় আৰু লাহে লাহে ই নিচালৈ পৰিণত হয়। এই নিচাৰ বাবে মানসিক চাপ দীৰ্ঘদিনীয়া চাপলৈ পৰিণত হয়। সেয়ে এই অভ্যাসৰ পৰা পৰিত্ৰাণ পোৱাটো অতি প্ৰয়োজনীয়। মোবাইল ব্যৱহাৰ কৰাৰ অভ্যাসৰ পৰা কেনেকৈ মুক্তি পাব পাৰি জানো আহক-
১- প্ৰথমে ফোনটো যি পকেটত ৰাখে তাৰ ঠাইখিনি কিছুদিনৰ বাবে সলনি কৰক। ইয়াৰ লগে লগে যেতিয়া আপোনাৰ মগজুৱে মোবাইল স্পৰ্শ কৰাৰ সংকেত দিব আৰু আপুনি আপোনাৰ হাতখন পকেটত লৈ যাব তেতিয়া আপুনি মনত ৰাখিব যে ফোনটো অপ্ৰয়োজনীয়ভাৱে ব্যৱহাৰ নকৰিব।
২- স্মাৰ্টফোনৰ ছেটিংছত গৈ নোটিফিকেচন বন্ধ কৰক। ইয়াৰ ফলত আপোনাৰ মনোযোগ বাৰে বাৰে ফোনটোলৈ ঘূৰি নাযায়। কাৰোবাৰ যদি গুৰুত্বপূৰ্ণ কাম আছে তেন্তে তেওঁ আপোনাক পোনপটীয়াকৈ ফোন কৰিব।
৩- গুৰুত্বপূৰ্ণ কাম কৰি থাকোঁতে ফোনটো আপোনাৰ পৰা বহু দূৰত ৰাখক। ইয়াৰ ফলত আপোনাৰ মনটো অন্য দিশলৈ নাযায়।
৪- শুই উঠাৰ আগতে মোবাইলটো নিজৰ পৰা আঁতৰত ৰাখক। ইয়াৰ লগে লগে সাৰ পোৱাৰ সময়ত বিচনাত ফোন নাথাকিব, গতিকে ৰাতিপুৱাৰ সময়খিনি আন কামত ব্যৱহাৰ কৰিব পাৰিব।
৫- দিনটোৰ কিছু সময় কিতাপৰ সৈতে কটাওক। এই সময়ত ফোনটো বন্ধ কৰিবলৈ চেষ্টা কৰক, ইণ্টাৰনেট বন্ধ কৰক বা Do Not Disturb মোড অন কৰক।
৬- আজৰি সময়খিনি মোবাইল ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে আন কোনো কামত ব্যৱহাৰ কৰক। যেনে- বাগিচাৰ কাম কৰক, বন্ধু-বান্ধৱীক লগ কৰক, পাৰ্কত খোজ কাঢ়িব।
৭- দিনটোত কমেও ২-৩ ঘণ্টা মোবাইলৰ পৰা আঁতৰি থকাৰ অভ্যাস গঢ়ি তোলক।

এনে নহয় যে সকলোৱে কেৱল মোবাইলত সময় নষ্ট কৰি আছে। বহুতে ইয়াক কেৱল গেজেটৰ দৰে গুৰুত্বপূৰ্ণ কামত ব্যৱহাৰ কৰে। বিশেষজ্ঞসকলৰ মতে মোবাইলে আমাৰ জীৱনটো সহজ কৰি তোলে, সেয়েহে দিনটোত ২-৩ ঘন্টা স্ক্ৰীণ টাইম থাকিলে স্বাস্থ্যকৰ। কিন্তু যদি ই সীমা অতিক্ৰম কৰে তেন্তে ইয়াৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে।

ৰাম মন্দিৰ অভিষেকৰ পূৰ্বে জি আই টেগ লাভ ‘ লাড়ু’ ৰ

২২ জানুৱাৰীত ৰাম মন্দিৰ অভিষেকৰ পূৰ্বে জি আই টেগ লাভ হনুনগড়ী ‘লাড়ু’ হনুমানগড়ীৰ পৰা অহা লাডুবোৰ বেছান (গ্ৰাম আটা) আৰু বিশুদ্ধ দেশী ঘিউৰে তৈয়াৰ কৰা হয়, যাৰ ফলত এক অনন্য সুস্বাদু খাদ্যৰ সৃষ্টি হয়।
জি আই টেগে এই মিঠাইবোৰত এক বিশ্বব্যাপী মাত্ৰা যোগ কৰে, যিয়ে ইয়াৰ স্বকীয়তাক সূচায়। এই স্বীকৃতিক অযোধ্যাবাসীৰ ওপৰত ভগৱান ৰাম আৰু হনুমানৰ আশীৰ্বাদৰ প্ৰকাশ হিচাপে দেখা গৈছে। অযোধ্যাৰ হনুমানগড়ীৰ বিখ্যাত ‘লাড়ু’ই বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত ব্ৰেণ্ড হিচাপে নিজৰ মৰ্যাদা চিমেণ্টেৰে দৃঢ় কৰি প্ৰতিষ্ঠিত ভৌগোলিক সূচক (জি আই) টেগ লাভ কৰিছে। স্থানীয় সুস্বাদু খাদ্যৰ এই উল্লেখযোগ্য স্বীকৃতি এটা গুৰুত্বপূৰ্ণ সময়ত, ২০২৪ চনৰ ২২ জানুৱাৰীত পবিত্ৰ চহৰ অযোধ্যাত অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত ৰাম মন্দিৰ অভিষেকৰ মাত্ৰ কেইদিনমান আগতে। ৰাম মন্দিৰৰ গুৰুত্বপূৰ্ণ অভিষেকৰ বাবে অযোধ্যাই নিজকে সাজু কৰাৰ সময়তে বিশ্বৰ বাসিন্দা আৰু লাখ লাখ ভগৱান ৰাম ভক্তৰ উদযাপনৰ এক অতিৰিক্ত কাৰণ আছে। হনুমানগড়ীৰ লাদ্দুক প্ৰদান কৰা জি আই টেগে নিশ্চিত কৰে যে ভক্তসকলে কেৱল ভগৱান ৰামৰ মূৰ্তিৰ সাক্ষী হোৱাই নহয়, এই পূজনীয় লাদ্দুবোৰক পবিত্ৰ প্ৰসাদ হিচাপেও উপস্থাপন কৰিব।জি আই টেগৰ তাৎপৰ্য্য কি? শব্দটোৰ সৈতে অচিনাকিসকলৰ বাবে ভৌগোলিক সূচক (GI) টেগ হৈছে এনে এটা প্ৰমাণপত্ৰ যিয়ে কোনো সামগ্ৰীৰ অন্তৰ্নিহিত নিৰ্দিষ্ট গুণ বা বৈশিষ্ট্যসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে, ইয়াক আনৰ পৰা পৃথক কৰে। জি আই টেগ লাভৰ কঠোৰ প্ৰক্ৰিয়াত আবেদন দাখিল কৰাটো জড়িত হৈ থাকে আৰু হনুমানগড়ীৰ লাড্ডুৰ ক্ষেত্ৰত এতিয়া ই স্বকীয় কাৰুকাৰ্য্য আৰু সাংস্কৃতিক তাৎপৰ্য্যৰ প্ৰতীক হিচাপে থিয় দিছে। ২০০৩ চনৰ ১৫ ছেপ্টেম্বৰত ভাৰতত কাৰ্যকৰী হোৱা জি আই টেগ ব্যৱস্থাৰ লক্ষ্য হৈছে অনন্য বৈশিষ্ট্য থকা থলুৱা সামগ্ৰীসমূহ সুৰক্ষিত আৰু প্ৰচাৰ কৰা।

এমেচাৰ ৰেডিঅ’ অধ্যয়ন আৰু উন্নয়ন কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি

উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ অপেচাদাৰী ৰেডিঅ’ সংগঠন গুৱাহাটীস্থিত “এমেচাৰ ৰেডিঅ’ অধ্যয়ন আৰু উন্নয়ন কেন্দ্ৰ”ৰ ৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনযোৰা কাৰ্যসূচী যোৱা ৭ জানুৱাৰী দেওবাৰে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হৈ যায়৷ অসমৰ বহুকেইগৰাকী ন-পুৰণি এমেচাৰ ৰেডিঅ’ (হেম ৰেডিঅ’) অপাৰেটৰৰ লগতে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়, বি.বৰুৱা মহাবিদ্যালয়, কটন বিশ্ববিদ্যালয়ৰ লগতে নুনমাটি হাইস্কুলৰ প্ৰায় ১৪০ গৰাকীৰো অধিক এন.চি.চি কেডেট আৰু ছাত্ৰ-ছাত্ৰীয়ে উক্ত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ভাগ লয়৷ ৰাতিপুৱা ১০ বজাত পতাকা উত্তোলনেৰে আৰম্ভ হোব প্ৰতিষ্ঠা দিৱসৰ মূল কাৰ্যসূচীত মুখ্য অতিথিৰ আসন গ্ৰহণ কৰি ছ’ফটৱেৰ টেকন’লোজি পাৰ্ক অ’ৱ ইণ্ডিয়াৰ প্ৰাক্তন সঞ্চালক প্ৰবীৰ কুমাৰ দাসে এমেচাৰ ৰেডিঅ’ৰ ওপৰত বিস্তৃত বাখ্যা ডাঙি ধৰে৷ তেঁও ভাষণত কয় যে বৰ্তমান সময়ত এমেচাৰ ৰেডিঅ’ যোগাযোগ ব্যৱস্থাৰ অধিক উন্নতি সাধন কৰা হৈছে আৰু উঠি অহা যুৱচামে ইয়াক প্ৰযুক্তি বিদ্যাৰ এক হ’বি হিচাপে লৈ আপাতকালিন আৰু দুৰ্যোগৰ সময়ত চৰকাৰ আৰু প্ৰশাসনক সহায় কৰাৰ লগতে অধিক ভিতৰুৱা ঠাইসমুহক সামৰি যোগাযোগৰ ক্ষেত্ৰত এক নতুন বিপ্লৱৰ সূচনা কৰিব পাৰে৷ তেঁও আয়োজক সকলক ধন্যবাদ জ্ঞাপন কৰি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অধিক প্ৰসাৰ আৰু ইয়াৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তা ডাঙি ধৰাৰ বাবে আহ্বান জনায়৷ সভাত সন্মানীয় অতিথি হিচাপে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অধ্যাপক ড০ কৃষ্ণ কিঙ্গৰ পাঠক আৰু বিশিষ্ট অতিথি হিচাপে ৰোৱেল গ্লোবেল ইউনিৰ্ভাৰচিটিৰ অধ্যাপক শশাংক বৰুৱাইও ভাষণ আগবঢ়ায়৷ ইয়াৰ উপৰিও কটন বিশ্ববিদ্যালয়ৰ জিনকী চৌধূৰী, দেৱজিৎ ডেকা, হেম অপাৰেটৰ ঐশ্বৰ্য বৰুৱা, চাকিব আহমেদেও বক্তৃতা প্ৰদান কৰে৷ “এমেচাৰ ৰেডিঅ’ অধ্যয়ন আৰু উন্নয়ন কেন্দ্ৰ”ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তাহেৰউদ্দিন আহমেদৰ লগতে হেম অপাৰেটৰ অসীম ৰঞ্জন গগৈ, বিমলজ্যোতি গোস্বামী, সঞ্জয় দাস আৰু প্ৰভাত দেউৰীয়ে পোন প্ৰথম বাৰৰ বাবে অসমত ব্যৱহাৰ কৰিবলৈ প্ৰস্তুত কৰা ভি.এইচ.এফ ৰিপিটাৰৰ প্ৰদৰ্শণীমুলক যোগাযোগ সম্পন্ন কৰে৷ উক্ত সভাতেই অসমৰ সৰহ সংখ্যক স্কুল-কলেজ আৰু প্ৰতিষ্ঠানক সামৰি হেম ৰেডিঅ’ লাইচেঞ্চৰ বাবে পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ উপৰিও ইয়াৰ সম্প্ৰসাৰণৰ ব্যৱস্থা গ্ৰহণ কৰা, অসমৰ প্ৰতিখন জিলাতেই সমপৰ্যায়ৰ ভগ্নি সংগঠন প্ৰতিষ্ঠা কৰা, অসম চৰকাৰে হেম ৰেডিঅ’ অপাৰেটৰসকলক বিনামুলীয়াকৈ যোগাযোগৰ সামগ্ৰীসমুহ যোগান ধৰা, উত্তৰ-পূৰ্বাঞ্চলত অধিক সম্প্ৰসাৰনৰ বাবে ২০২৫ চনত এন.ই. হেমফেষ্ট আৰু ২০২৬ চনত হেমফেষ্ট ইণ্ডিয়াৰ কাৰ্যসূচী ৰূপায়ণৰ লগতে অসমৰ প্ৰতিটো ব্লকতেই কমেও একোজনকৈ হেম অপাৰেটৰ সৃষ্টি কৰাৰ বাবে হ্ৰস্বম্যাদি আৰু দীৰ্ঘম্যাদি কাৰ্যসূচী হাতত লোৱাৰ কথা সংগঠনটোৱে সদৰি কৰে৷ , উল্লেখযোগ্য যে উক্ত এমেচাৰ ৰেডিঅ’ অধ্যয়ন আৰু উন্নয়ন কেন্দ্ৰটো ২০২০ চনৰ ১৯ জানুৱাৰী তাৰিখে প্ৰতিষ্ঠা লাভ কৰিছিল আৰু এমেচাৰ ৰেডিঅ’ বা হেম ৰেডিঅ’ৰ ওপৰত অধ্যয়ন, গৱেষণা, সম্প্ৰসাৰন আৰু ইয়াৰ বহুল প্ৰচাৰৰ উপৰিও বিগত কোভিদ-১৯ মহামাৰীৰ ভয়াৱহতাৰ সময়ত বিভিন্ন মাধ্যমৰ যোগাযোগেৰে ৰাজ্যৰ বাহিৰত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, চিকিৎসাৰ বাবে যোৱা ৰোগী আৰু অভিভাৱক আৰু অন্যান্য দুৰ্গত লোকসকলক দেশৰ বিভিন্ন ঠাইত সক্ৰীয় হৈ থকা হেম ৰেডিঅ’ ক্লাৱ ষ্টেচন সমুহৰ জৰিয়তে থকা-খোৱা, দৰৱ ইত্যাদিৰ যোগান ধৰা, যাতায়তৰ ব্যৱস্থা সূচল কৰিবলৈ সক্ষম হৈছিল আৰু ৰাইজৰ আস্থাভাজন হ’বলৈ সক্ষম হৈছিল৷