Home Blog Page 1142

নলবাৰীৰ বৰক্ষেত্ৰীত পৰিবহণ বিভাগৰ উদ্যোগত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে বিশ্ব স্মৃতি দিৱস পালন…

নলবাৰীৰ বৰক্ষেত্ৰীত পৰিবহণ বিভাগৰ উদ্যোগত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে বিশ্ব স্মৃতি দিৱস পালন।
সজাগতা সৃষ্টিৰ বাবে বাইক ৰেলীত অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাত আজি উপস্হিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পৰিমল শুক্লবদ্য, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, নলবাৰী জিলা পৰিবহন বিষয়া প্ৰমুক্ষে বিভাগীয় বিষয়াসকল।

সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ভাষণ প্ৰসংগত পথ সুৰক্ষা দুৰ্ঘটনাত পতিত হোৱা লোকসকলৰ দুৰৱস্থা সম্পৰ্কে ভাষণ আগবঢ়ায়।

শান্তি আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠা কামনাৰে ঢেকীয়াজুলি নগৰৰ শ্ৰীশ্ৰী হনুমান মন্দিৰত শ্ৰীশ্ৰী ভাগৱত কথা…

সমাজৰ পৰা কুসংস্কাৰ,কুকাৰ্য,কুকৰ্ম নাইকীয়া কৰি অপ শক্তিৰ বিনাশেৰে বিশ্বত শান্তি আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠাৰ কামনাৰে ঢেকীয়াজুলি নগৰৰ শ্ৰীশ্ৰী হনুমান মন্দিৰত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী ভাগৱত কথাঃউল্লেখ্য যে ঢেকীয়াজুলিৰ বিশিষ্ট সমাজকৰ্মী তথা ঢেকীয়াজুলিৰ প্ৰতিষ্ঠিত ব্যৱসায়ী বজৰং লাল চান্দক আৰু তেখেতৰ সহধৰ্মিনী সুমিত্ৰা চান্দকৰ প্ৰচেষ্টাত লগতে সমগ্ৰ চান্দক পৰিয়ালৰ সহযোগত ২৭ ডিচেম্বৰ তাৰিখৰে পৰা ঢেকীয়াজুলি নগৰৰ শ্ৰীশ্ৰী হনুমান মন্দিৰত সাতদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী ভাগৱত কথা৷ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী হনুমান মন্দিৰত অনুষ্ঠিত শ্ৰীশ্ৰী ভাগৱত কথাৰ অনুষ্ঠানত উপস্থিত হয় শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ৷শ্ৰীশ্ৰী ভাগৱত কথা অনুষ্ঠানত উপস্থিত হৈ শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ভগবন্তক সেৱা জনাই সকলোৰে মংগল কামনা কৰে৷

অনুষ্ঠানটিত শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগতে উপস্থিত হয় শোণিতপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত তথা ঢেকীয়াজুলি উপ জিলাৰ আয়ুক্ত পংকজ বৰা,ঢেকীয়াজুলি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তন্ময় বৰা,ঢেকীয়াজুলি উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া মৌচম দাস, ঢেকীয়াজুলি পৌৰ সভাৰ ৩ নং ৱাৰ্ডৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ মিশ্ৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে৷সুদুৰ ৰাজস্থানৰ পৰা আগত শ্ৰীশ্ৰী পুৰুষত্তম ব্যস গুৰুজীয়ে প্ৰবচন কৰা উক্ত শ্ৰীশ্ৰী ভাগৱত কথাৰ অনুষ্ঠানটিত অজস্ৰ ভক্তৰ সমাগম ঘটে৷ এক উদুলিমুদুলি পৰিবেশ বিৰাজ কৰিছে ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী হনুমান মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা শ্ৰীশ্ৰী ভাগৱত কথা অনুষ্ঠানত৷

তৃতীয়বাৰৰ বাবে ED কাৰ্যালয়ত হাজিৰ নহ’ল অৰবিন্দ কেজৰিৱাল

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইডিৰ চমনৰ কোনো সঁহাৰি দিয়া নাই। সুৰানীতি কেলেংকাৰী সন্দৰ্ভত ED-এ চমন জাৰি কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে তেওঁক ৩ জানুৱাৰীত ইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল।

উল্লেখ্য যে তৃতীয়বাৰৰ বাবে কেজৰিৱালে ইডিৰ চমন এৰাই চলিছে। আপৰ মুৰব্বীজনক ইয়াৰ আগতে ক্ৰমান্বয়ে ২ নৱেম্বৰ আৰু ২১ ডিচেম্বৰত মাতি পঠোৱা হৈছিল। তেওঁ সেই আহ্বানৰ প্ৰতিও সঁহাৰি দিয়া নাছিল। আপ নেতা সৌৰভ ভৰদ্বাজে কৈছিল যে ‘অৰবিন্দ কেজৰিৱালে ২১ ডিচেম্বৰত তেওঁৰ যোগ অনুশীলনৰ বাবে যাব নোৱাৰে’। ইয়াৰ আগতে নৱেম্বৰত কেজৰিৱালে ইডিৰ চমনৰ প্ৰতি সঁহাৰি দিয়া নাছিল আৰু মধ্য প্ৰদেশত প্ৰচাৰ ৰখাৰ বাবে ৰাওনা হৈছিল।

আপে কৈছিল যে তেওঁক ৰাজনৈতিক প্ৰতিহিংসাৰ বাবে মাতি অনা হৈছে। আপে এইটোও দাবী কৰিছিল যে কেজৰিৱালক জাৰি কৰা চমন আইনী নহয়। আপৰ মুৰব্বীয়েও একেই কথা কৈছিল।

বুধবাৰে ইডিক অৰবিন্দ কেজৰিৱালে কয় যে তেওঁক জাৰি কৰা চমন অবৈধ। তেওঁ অনুসন্ধানত যিকোনো ধৰণে সহায় কৰিবলৈ সাজু। যিকোনো আইনীভাৱে বৈধ চমনৰ সঁহাৰি দিবলৈ ইচ্ছুক। কিন্তু অবৈধ চমন আঁতৰাব লাগিব।

পঞ্চম বাৰৰ বাবে মাক হ’বলৈ ওলাইছে পাকিস্তানৰ পৰা আহি ভাৰতত উপস্থিত হোৱা সীমা হায়দৰে

পূৰ্বে তেওঁ চাৰিটি সন্তানৰ মাতৃ। ভাৰতীয় যুৱকৰে হোৱা প্ৰেমৰ বাবেই নিজৰ দেশ এৰি চাৰি সন্তানৰ সৈতে ভাৰতত উপস্থিত হোৱা পাকিস্তানী মহিলা সীমা হায়দৰে ভাৰতলৈ অহাৰ ছমাহ পিছত ভাল খবৰটো দিছে। সীমা পঞ্চম বাৰৰ বাবে মাক হ’বলৈ ওলাইছে। এয়া হ’ব সীমাৰ ভাৰতত জন্ম দিবলগীয়া প্ৰথম সন্তান। সীমা হায়দৰে যোৱা বছৰৰ জুন মাহত পাকিস্তানৰ পৰা সীমান্ত অতিক্ৰম কৰি ভাৰতলৈ আহিছিল। ভাৰতীয় যুৱক শচীন মীনাৰ প্ৰেমত পৰিছিল সীমা। শচীনৰ সৈতে সংসাৰ কৰিবলৈয়েই সীমাই সীমান্ত পাৰ হৈছিল। উল্লেখ্য সীমাৰ প্ৰথম স্বামীৰ ফালৰ পৰা চাৰিটা সন্তান আছে। পাবজি খেলি খেলিয়েই ভাৰতীয় যুৱক শচীনৰ প্ৰেমত পৰিছিল সীমা। বৰ্তমান সীমাৰ ডাঙৰজনী ছোৱালীৰ বয়স ৮ বছৰ। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ বাবে সীমাক ৪ জুলাইত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ পিছত জামিন পাইছিল আৰু শচীনৰ সৈতে সংসাৰ আৰম্ভ কৰিছিল। সীমাই তেওঁৰ চাৰিটা সন্তানৰ সৈতে ষচীনৰ সৈতে নতুন পৰিয়াল আৰম্ভ কৰিছিল। অৱশ্যে সীমাৰ বিৰুদ্ধে তদন্ত এতিয়াও চলি আছে।

অনুসন্ধানৰ সময়ত আৰক্ষীয়ে সীমাৰ পাছপোৰ্ট, পাকিস্তানী আইডি কাৰ্ড আৰু তেওঁৰ সন্তানৰ পাছপোৰ্টকে ধৰি কেইবাটাও নথি পত্ৰ জব্দ কৰিছিল। এ টি এছে সীমাৰ সকলো তথ্য পৰীক্ষা কৰিবলৈ পাকিস্তানী দূতাবাসলৈ প্ৰেৰণ কৰিছে। এতিয়া সীমাই কৈছে যে ২০২৪ বৰ্ষটোৱে তেওঁলোকৰ পাৰিবাৰিক জীৱনত যথেষ্ট আনন্দ কঢ়িয়াই আনিব। কাৰণ তেওঁ মাক হ’বলৈ গৈ আছে। শচীনৰ সৈতে বিবাহৰ পিছত এয়া তেওঁৰ প্ৰথম সন্তান হ’ব।

নিৰ্বাচন আয়ুক্ত নিযুক্তিঃ উচ্চতম ন্যায়ালয়ত চৰকাৰী আইনক প্ৰত্যাহ্বান জনাই আবেদন…

উচ্চতম ন্যায়ালয়ত চৰকাৰী আইনক প্ৰত্যাহ্বান জনাই দাখিল কৰা হ’ল আবেদন। আবেদনত কোৱা হৈছে যে তিনিজন ৰাষ্ট্ৰীয় নিৰ্বাচন আয়ুক্তৰ নিযুক্তিৰ বাবে মুখ্য ন্যায়াধীশক সমিতিত ৰখা উচিত। উচ্চতম ন্যায়ালয়ত এই বিষয়ত এখন ৰাজহুৱা স্বাৰ্থৰ জড়িত আবেদন দাখিল কৰা হৈছে। এই আবেদনে কেন্দ্ৰই অনা আইনক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাইছে। মাৰ্চ মাহত এক গুৰুত্বপূৰ্ণ ৰায়ত উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে যে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্ত নিযুক্ত কৰাৰ একচেটিয়া ক্ষমতা কেবিনেটৰ নাথাকিব। তেওঁলোকক প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ নেতা আৰু মুখ্য ন্যায়াধীশৰ যুটীয়া সমিতিয়ে নিযুক্তি দিব। ৰাষ্ট্ৰপতিয়ে এই সমিতিৰ পৰামৰ্শ অনুসৰি নিৰ্বাচন আয়ুক্ত নিয়োগ কৰিব। নিৰ্বাচন আয়ুক্ত নিযুক্ত কৰাৰ অধিকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ চৌধুৰী আৰু ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ হাতত ন্যস্ত কৰা হয়। কিন্তু যোৱা শীতকালীন অধিৱেশনত, কেন্দ্ৰই এখন আইনৰ জড়িয়তে উচ্চতম ন্যায়ালয়ৰ ৰায় বাতিল কৰিছিল। মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (সংশোধনী) বিধেয়কৰ মতে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্তৰ নিযুক্তিত ভাৰতৰ মুখ্য ন্যায়াধীশৰ কোনো ভূমিকা নাথাকিব। প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ দিয়া মুখ্য নিৰ্বাচন আয়ুক্তক প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ নেতা আৰু মন্ত্ৰী পৰিষদে নিযুক্তি দিব।


অৰ্থাৎ তিনিজনীয়া সমিতিৰ দুজন সদস্য হ’ব চৰকাৰী প্ৰতিনিধি। তেনে ক্ষেত্ৰত বিৰোধী দলৰ নেতাই নিৰ্বাচন আয়ুক্তৰ নামক লৈ আপত্তি দৰ্শালেও চৰকাৰে সংখ্যাগৰিষ্ঠতাৰ বাবেই সেই আপত্তিক উলাই কৰিব পাৰিব।শীতকালীন অধিৱেশনত দুয়োখন সদনে বিধেয়কখন গৃহীত কৰিছে। ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পিছতে সেয়া আইনত পৰিণত হৈছে। আইনখনৰ বিৰুদ্ধে এতিয়া উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থৰ জড়িত আবেদন দাখিল কৰা হৈছে। আৱেদনকাৰীসকলৰ মতে, নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা অতি গুৰুত্বপূৰ্ণ। এনে এটা গুৰুত্বপূৰ্ণ পদৰ নিযুক্তিৰ ক্ষেত্ৰত সাংবিধানিক নিৰপেক্ষতা অতি জৰুৰী। সেইকাৰণে নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ সমিতিখনত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ থকাটো উচিৎ।

পৃথিৱীক আঘাত কৰিব ভয়ংকৰ সৌৰ ধুমুহাই, প্ৰভাৱ পৰিব চুম্বক ক্ষেত্ৰত

পৃথিৱীক আঘাত কৰিব ভয়ংকৰ সৌৰ ধুমুহাই। সূৰ্যই ইয়াৰ ১১ বছৰৰ চক্ৰৰ মাজেৰে আগবাঢ়ি যোৱাৰ লগে লগে এক ভয়ংকৰ সৌৰ ধুমুহাৰ সৃষ্টি হৈছে। বিশ্বই নতুন বছৰক আদৰণি জনোৱাৰ সময়তে সূৰ্যৰ সৌৰ ধুমুহাই পৃথিৱীতো প্ৰভাৱ পেলাব বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। সূৰ্যৰ পৰা নিৰ্গত হৈছে এক্স ৫ শ্ৰেণীৰ সৌৰ শিখা। এই সৌৰ ধুমুহাই পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ খনত প্ৰভাৱ পেলাব। এনে ঘটনাৰ ফলত পৃথিৱীত ভূ-চুম্বকীয় ধুমুহা হ’ব পাৰে, যাৰ ফলত পাৱাৰ গ্ৰিড, কৃত্ৰিম উপগ্ৰহৰ কাৰ্যকলাপ আৰু ৰেডিঅ’ যোগাযোগ ব্যাহত হ’ব পাৰে।

ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডলীয় সংস্থাই জি ১-শ্ৰেণীৰ ভূ-চুম্বকীয় ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে। আমাৰ প্ৰযুক্তিগত আন্তঃগাঁথনিৰ ওপৰত সাম্ভাব্য প্ৰভাৱৰ বিষয়ে সময়মতে সতৰ্কবাণী প্ৰদান কৰাৰ বাবে নিৰন্তৰ নিৰীক্ষণ অপৰিহাৰ্য। সেয়ে বিশেষজ্ঞসকলে সাম্ভাব্য সৰু-সুৰা ব্যাঘাতৰ বাবে প্ৰস্তুত হৈ থকাৰ আহ্বান জনাইছে।

৪, ৫ জানুৱাৰীত কামৰূপ মহানগৰত জিলা পৰ্যায়ৰ খেল মহাৰণ…

কামৰূপ মহানগৰ জিলা পৰ্যায়ৰ খেল মহাৰণ, ২০২৩-২৪ৰ খেলসমূহ অহা ৪ আৰু ৫ জানুৱাৰীত অনুষ্ঠিত হ’ব৷ নেহৰু ষ্টেডিয়াম, ছাই খেলপথাৰ আৰু গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰত খেলসমূহ অনুষ্ঠিত হ’ব৷ নেহৰু ষ্টেডিয়ামত ৪ জানুৱাৰীৰ পুৱা ১১ বজাত উদ্বোধনী অনুষ্ঠান আৰু ৫ জানুৱাৰীৰ বিয়লি পুৰস্কাৰ বিতৰণৰ লগতে সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব৷

খেলুৱৈ সকলৰ যাতায়ত, খোৱা-বোৱা, খেল পৰিচালনা আদি বিষয়ত আলোচনাৰ বাবে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভকক্ষত অতিৰিক্ত জিলা আয়ুক্ত ড。ধ্ৰুৱজ্যোতি হাজৰিকাৰ পৌৰোহিত্যত এখন বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত বিভিন্ন দায়িত্বত থকা বিষয়া- কৰ্মচাৰীসকলক তেওঁলোকৰ দায়িত্বসমূহ বুজাই দিয়া হয়৷

আধা ঘণ্টাতকৈও কম সময়তে আফগানিস্তানত দুটা ভূমিকম্প!

বুধবাৰে ৰাতিপুৱা ভূমিকম্পই জোকাৰি গ’ল আফগানিস্তানক। ৩০মিনিটৰ ভিতৰত, দুটা কম্পন অনুভূত হয়। প্ৰথম ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল আফগানিস্তানৰ ফৈজাবাদ অঞ্চলৰ পৰা ১০০ কিলোমিটাৰ পূবত। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৪.৪। বুধবাৰে পুৱা ১২:২৮ বজাত কম্পন অনুভৱ কৰা হৈছিল।

প্ৰথম কম্পনৰ আধা ঘণ্টাৰ ভিতৰতে, দ্বিতীয় কম্পনে আফগানিস্তানক জোকাৰি গৈছিল। দ্বিতীয়টো কম্পন পুৱা ১২:৫৫ বজাত অনুভৱ কৰা হৈছিল। দ্বিতীয় ভূমিকম্পৰ তীব্ৰতা আছিল ৪.৮ । দ্বিতীয় ভূমিকম্পৰ কেন্দ্ৰস্থল ফৈজাবাদৰ পৰা ১২৬ কিলোমিটাৰ পূবত আছিল। একেৰাহে দুটা কম্পনৰ পিছত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। উল্লেখ্য যে ২০২৩ চনৰ ১২ ডিচেম্বৰতো আফগানিস্তানত ভূমিকম্প হৈছিল। এই ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৫.২ আছিল।

আনহাতে বছৰটোৰ আৰম্ভণিতে, সোমবাৰে আবেলি জাপানত ভূমিকম্প অনুভূত হৈছিল। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৭.৫ আছিল। সোমবাৰে আবেলিৰ পৰা মঙলবাৰে ৰাতিপুৱালৈকে মৃদু আৰু মধ্যমীয়া কম্পনে জাপান ১৫৫ বাৰ জোকাৰি গৈছিল। ভূমিকম্পৰ সৰ্বাধিক প্ৰাবল্য ৰিখটাৰ স্কেলত ৭.৬ আছিল। দ্বিতীয় সৰ্বোচ্চ পৰিমাণ হৈছে 6। আন বেছিভাগ কম্পনৰ প্ৰাবল্য ৩ বা তাতকৈ কম।

ভূমিকম্পৰ পিছত জাপানৰ কেইবাটাও উপকূলীয় অঞ্চলৰ বাবে চুনামি সতৰ্কবাণী জাৰি কৰা হৈছিল। দেশখনৰ পশ্চিম উপকূলৰ কেইবাখনো চহৰত সাগৰৰ বিস্ফোৰণ ঘটিছিল। কিছুমান ঠাইত, ঢৌবোৰৰ উচ্চতা চাৰি ফুটলৈ বৃদ্ধি হয়।

মৰ্মাহত! একেটা পৰিয়ালৰ পাঁচজনকৈ সদস্য নিহত, মতৃকৰ পৰিচয় উদ্ধাৰ…

মৰ্মাহত! একেটা পৰিয়ালৰ পাঁচজনকৈ সদস্য নিহত, মতৃকৰ পৰিচয় উদ্ধাৰ। পুৱতি নিশা দেৰগাঁৱৰ বালিজানত ভয়ংকৰ ঘটনা। গোলাঘাট আঠখেলীয়া ভৰলুৱা গাঁৱৰ পৰা তিনিচুকীয়া তিলিঙা মন্দিৰলৈ বুলি বনভোজ খাবলৈ গৈছিল প্ৰায় ৪৫ জনীয়া এটা দল। হঠাতে মাৰ্ঘেৰিটাৰ পৰা আহি থকা এখন ট্ৰাকৰ সতে মুখামুখি সংঘৰ্ষ As 02 Ac 5083 নম্বৰৰ বাছ খনৰ ৷ ১২ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।

তাৰ মাজত শিশু আৰু বৃদ্ধও আছে বুলি জানিব পৰা গৈছে ৷ আনহাতে একেটা পৰিয়ালৰ পাঁচগৰাকীকৈ সদস্য নিহত। তেওঁলোক হৈছে অনিমা শইকীয়া (৬০) শুভাকুৰ শইকীয়া (১৩), নিহাৰিকা (১০), দীপালী শইকীয়া (৩৭), পিংকী শইকীয়া (৪৮)। বগী বিলত বনভোজ খাবলৈ বুলি গৈছিল দলটো। গুৰুতৰ ভাৱে আহত ৩২ জন লোকক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ পেৰণ কৰা হৈছে। জানিব পৰা মতে পাঁচজনৰ অৱস্থা সংকটজনক। ১২জন মৃতকৰ নাম হ’ল অনিমা শইকীয়া (৬০), শুভংকৰ শইকীয়া (১৩), নীহাৰিকা শইকীয়া (১০), দীপালী শইকীয়া (৩৭), নৱজিৎ শইকীয়া (৪০), পিংকী শইকীয়া (৪৮), ৰিংকী বৰা (১৮), বাছৰ চালক মৃদুল বৰা (৩০), নিত্যানন্দ বৰা (নিতুল) (৪৮), প্রিঞ্চিপ্ৰিয়া বৰা (৭), সোমেশ্বৰ বৰা (৪৩) আৰু ট্ৰাক চালক নুৰ আলম হক।

অসম গ্ৰন্থমেলাত সুৰেন্দ্ৰ মোহন দাসৰ পুথি ‘বৰ্ণাশুদ্ধি আঁতৰাওঁ আহক’ৰ শুভ উন্মোচন…

“অসমীয়া ভাষাৰ বানান শুদ্ধতাৰ দিশত নবীন-প্ৰবীণ বহুতৰেই সাহিত্যচৰ্চাত কিছু খোকোজা লগা দেখা যায়, এই হাতপুথিখনে কিঞ্চিৎ হ’লেও এই অভাৱ পূৰণত সহায়ক হ’ব বুলি আশা কৰিব পাৰি, গুণগত মানসম্পন্ন এই পুথিখনৰ প্ৰচাৰ আৰু প্ৰসাৰ যাতে প্ৰকাশকে অসমৰ চূকে-কোণে কৰে তাৰ এটি আবেদন ৰখা হ’ল, কবিতা, লিমাৰিক, প্ৰবন্ধ, শিল্পকলা, গীতিকাৰৰূপেও চৰ্চাত থকা শিশু-সাহিত্যক দাসদেৱৰ কলমেৰে ইতিমধ্যে ৯খন গ্ৰন্থ প্ৰকাশি ওলাইছে, ভৱিষ্যতত আৰু নিগৰক সৃষ্টিৰ সম্ভাৰ।”- এয়া উন্মোচক পুলকেশ ৰায় বৰুৱাৰ ভাষণৰ কিয়দংশ।উল্লেখ থাকে যে, যোৱা ৩ জানুৱাৰী বুধবাৰে দিনৰ ১০ বজাত চানমাৰিস্থ অসম গ্ৰন্থমেলাৰ ‘সৰস্বতী ডি এন আৰু ভাষা প্ৰকাশন’ বিপণীৰ সন্মুখত শিশু সাহিত্যিক সুৰেন্দ্ৰ মোহন দাসৰ ভাষা শুদ্ধতাৰ হাতপুথি ‘বৰ্ণাশুদ্ধি আঁতৰাওঁ আহক’ শীৰ্ষক গ্ৰন্থখনৰ শুভ উন্মোচন হৈ যায় ‘জোনাক’ আলোচনীৰ মুখ্য সম্পাদক, লেখক, কবি‌ পুলকেশ ৰায় বৰুৱাৰ দ্বাৰাই। উন্মোচনৰ আদিতে নিজৰ ভাব ব্যক্ত কৰি সুৰেন্দ্ৰ মোহন দাসদেৱে কয় যে – ‘অসমীয়া ভাষাৰ বানান বিভ্ৰান্তিৰ শুদ্ধতাৰ বাবে পাৰ্যমানে ব্যক্তিগত কিম্বা সামাজিক মাধ্যম তথা বাতৰি কাকত যোগে বহুবাৰ বহু কথা লিখি আহিছোঁ, সুষম বা মসৃণতাৰে সকলোৱে শুদ্ধ শব্দৰে লেখা লিখি যাওক, ৰাইজে মোৰ পুথিখন আদৰি ল’লে মোৰ পৰিশ্ৰম সাৰ্থক হ’ব।

‘লেখক, লিমাৰিক সম্ৰাট যোগানন্দ মহন্তই অতিথি হিচাপে উপস্থিত থাকি কয় যে, বহু লিখকে লিখোঁতেই বৰ্ণাশুদ্ধি শব্দটো ভুলকৈ বুজে, গতিকে সেইসকলৰ বাবে এইখন এখন অতি উত্তম পুথি হ’ব, মুঠতে ভাষা চৰ্চাকাৰীসকলৰ ওচৰ পাব লাগে এই পুথিখন। ‘বৰ্ণাশুদ্ধি আঁতৰাওঁ আহক’ পুথিৰ প্ৰকাশক, সুলেখক, বিশিষ্ট সাহিত্যকৰ্মী মুকুট শৰ্মাই নিজৰ ভাষণত কয় যে ‘সামাজিক মাধ্যমৰ জৰিয়তে আজিকালি প্ৰকাশ হোৱা পুথিৰ প্ৰচাৰ কৰিব লাগে, ক্ষিপ্ৰতাৰেই এই খবৰটো লাখ লাখৰ ওচৰ গৈ পায়গৈ। সুৰেন্দ্ৰ মোহন দাসৰ দুহিতা মাহিন্দ্ৰী দাস, সৰস্বতী ডি এনৰ মুকুট কলিতাসহ আন কেইবাজনো লোক এই শুভ কৰ্মভাগিত উপস্থিত থাকে।