Home Blog Page 1182

জম্মু-কাশ্মীৰ বিধানসভাত কাশ্মীৰী পণ্ডিত ! পাক অধিকৃত কাশ্মীৰৰ শৰণাৰ্থীৰ বাবে কেন্দ্ৰই আসন সংৰক্ষণ কৰিছেঃ অমিত শ্বাহ…

জম্মু-কাশ্মীৰ বিধানসভাত কাশ্মীৰী পণ্ডিত,পাক অধিকৃত কাশ্মীৰৰ শৰণাৰ্থীৰ বাবে কেন্দ্ৰই আসন সংৰক্ষণ কৰিছেঃ অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি লোকসভাত কাশ্মীৰ সম্পৰ্কীয় জম্মু-কাশ্মীৰ সংৰক্ষণ (সংশোধনী) বিধেয়ক ২০২৩ আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক ২০২৩ নামৰ দুখন বিধেয়ক উত্থাপন কৰি কয় যে এখন বিধেয়কে এগৰাকী মহিলাসহ দুজন কাশ্মীৰী প্ৰব্ৰজনকাৰী সম্প্ৰদায়ৰ সদস্যক বিধানসভাত মনোনীত কৰিব বিচাৰিছে আৰু জম্মু-কাশ্মীৰ বিধানসভাত পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা স্থানান্তৰিত হোৱা লোকসকলৰ বাবে এখন আসন সংৰক্ষণ কৰিব বিচাৰিছে। কাশ্মীৰৰ ৰাজনৈতিক দলসমূহে কেন্দ্ৰীয় শাসিত অঞ্চলত আগতীয়া নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী কৰি থকাৰ সময়তে শ্বাহে এনে ঘোষণা কৰে। । দুয়োখন বিধেয়ক লোকসভাই বিতৰ্কৰ পিছত গৃহীত কৰে।
জম্মু আৰু কাশ্মীৰ সংৰক্ষণ (সংশোধনী) বিধেয়ক ২০২৩ ত ২০০৪ চনৰ জম্মু আৰু কাশ্মীৰ সংৰক্ষণ আইনৰ সংশোধন কৰা হৈছে আনহাতে জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক ২০২৩ ত জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন ২০১৯ৰ সংশোধন কৰা হৈছে।

লোকসভাত শ্বাহে কয়”এই বিধেয়কে সন্ত্ৰাসবাদৰ বাবে কাশ্মীৰ এৰিব লগা লোকসকলক বিধানসভাত প্ৰতিনিধিত্ব দিব বিচাৰিছে… জম্মু আৰু কাশ্মীৰ বিষয়ক দুখন বিধেয়কৰ এখনে এগৰাকী মহিলাসহ দুজন কাশ্মীৰী প্ৰব্ৰজনকাৰী সম্প্ৰদায়ৰ সদস্যক বিধানসভালৈ মনোনীত কৰিব বিচাৰিছে। জম্মু-কাশ্মীৰ বিধানসভাৰ এখন আসন পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা স্থানান্তৰিত হোৱা লোকসকলৰ বাবে সংৰক্ষিত কৰা হ’ব,”।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে জম্মু-কাশ্মীৰ সম্পৰ্কীয় দুখন বিধেয়কে যোৱা ৭০ বছৰ ধৰি কাশ্মীৰত অধিকাৰৰ পৰা বঞ্চিত লোকসকলক ন্যায় প্ৰদান কৰিব। বিৰোধী দলসমূহক আক্ৰমণ কৰি শ্বাহে কয় যে যদি ভোট বেংকৰ ৰাজনীতিৰ কথা বিবেচনা নকৰাকৈ আৰম্ভণিতে সন্ত্ৰাসবাদৰ মোকাবিলা কৰা হ’লহেঁতেন, কাশ্মীৰী পণ্ডিতসকলে আজি উপত্যকা এৰিবলগীয়া নহ’লহেঁতেন।

কংগ্ৰেছক সমালোচনা কৰি শ্বাহে কয় যে পুৰণি দলটোৱে অন্যান্য পিছপৰা শ্ৰেণীৰ আটাইতকৈ বেছি ক্ষতি কৰিছে , আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পিছপৰা শ্ৰেণীৰ কল্যাণৰ বাবে নিৰন্তৰ ভাৱে কাম কৰি আহিছে।

শ্বাহে কয় “মই ইয়ালৈ অনা বিধেয়কখন যিসকলৰ বিৰুদ্ধে অন্যায় কৰা হৈছিল তেওঁলোকক ন্যায় প্ৰদান কৰা, যাক অপমান কৰা হৈছিল আৰু যিসকলক উপেক্ষা কৰা হৈছিল তেওঁলোকক অধিকাৰ প্ৰদান কৰাৰ বাবে অনা হৈছে। যিকোনো সমাজত, যিসকল বঞ্চিত তেওঁলোকক আগুৱাই নিয়া উচিত। সেয়া হৈছে ভাৰতৰ সংবিধানৰ মৌলিক ধাৰণা। কিন্তু তেওঁলোকক এনেদৰে আগুৱাই আনিব লাগিব যাতে তেওঁলোকৰ সন্মান লাঘৱ নহয়। অধিকাৰ প্ৰদান আৰু সন্মান সহকাৰে অধিকাৰ দিয়াৰ মাজত যথেষ্ট পাৰ্থক্য আছে। সেয়েহে, দুৰ্বল আৰু বঞ্চিত শ্ৰেণীৰ পৰিৱৰ্তে ইয়াক আন পিছপৰা শ্ৰেণীৰ বাবে বুলি পুনৰ নামকৰণ কৰাটো গুৰুত্বপূৰ্ণ,” ।

শ্বাহে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দ্বাৰা কৰা ২ টা ভুলৰ বাবে জম্মু আৰু কাশ্মীৰ ক্ষতিগ্ৰস্ত হৈছে – প্ৰথমে যুদ্ধবিৰতি ঘোষণা কৰা আৰু তাৰ পিছত কাশ্মীৰ সমস্যা ৰাষ্ট্ৰসংঘলৈ লৈ যোৱা। তেওঁ কয় যে মোদী চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা সন্ত্ৰাসবাদীক শেষ কৰাৰ লক্ষ্য স্থিৰ কৰিছে। “মই বিশ্বাস কৰোঁ যে মোদী চৰকাৰ ২০২৪ চনত ক্ষমতালৈ ঘূৰি আহিব আৰু ২০২৬ চনৰ ভিতৰত কাশ্মীৰত কোনো সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত নহ’ব,”।

আজিৰে পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ…

আজিৰে পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

নগৰীয়া জনসাধাৰণক চৰকাৰী আঁচনিৰ সুবিধাৰে স্পৰ্শ কৰাৰ প্ৰয়াসৰ অংশ স্বৰূপে, বিকশিত ভাৰত সংকল্প যাত্ৰা (ভিবিএছৱাই)ই আজিৰ পৰা সমগ্ৰ অসমৰ ১৪৬টা নগৰীয়া স্থানক সামৰি লোৱাৰ লক্ষ্যৰে এক পৰিৱৰ্তনশীল যাত্ৰা আৰম্ভ কৰিছে। এই যাত্ৰা চৰকাৰী আঁচনিসমূহক নাগৰিকসকলৰ ওচৰলৈ লৈ গৈ ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই অনাৰ এক প্ৰচেষ্টা।
কামৰূপ মেট্ৰ’, ধুবুৰী, আৰু কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানত আজিৰ পৰা শুভাৰম্ভ কৰা হৈছে নগৰীয়া বিকশিত ভাৰত সংকল্প যাত্ৰা। কামৰূপ মেট্ৰ’ৰ পানবজাৰ আৰু চান্দমাৰীত আজি এই যাত্ৰাৰ আৰম্ভণিৰে “মেৰী কাহানি মেৰী জুবানী” কাৰ্যসূচী আৰু হিতাধিকাৰীৰ সৈতে মত বিনিময়কে ধৰি এলানি জন ভাগীদাৰী অনুষ্ঠানৰ মঞ্চ তৈয়াৰ কৰা হয়।

নাগৰিক সেৱা বৃদ্ধিৰ প্ৰয়াসেৰে আৰম্ভ হোৱা আজিৰ নগৰীয়া বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত জনসাধাৰণৰ কল্যাণৰ বাবে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। যোগ্য হিতাধিকাৰীসকললৈ আঁচনিসমূহৰ সুচলতা নিশ্চিত কৰি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিৰ অধীনত তাৎক্ষণিক সংযোগ, বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, আধাৰ কাৰ্ড পঞ্জীয়ন, পি এম স্বনিধি আঁচনিৰ পঞ্জীয়ন আদি সুবিধাসমূহ থিতাতে প্ৰদান কৰা হয়।

আজি গুৱাহাটীৰ পানবজাৰত অনুষ্ঠিত বিকশিত ভাৰত সংকল্প যাত্ৰা নগৰীয়া (VBSY Urban) উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অনুষ্ঠানটোৰ শোভা বঢ়ায় মেয়ৰ শ্ৰী মৃগেন শৰণীয়াই। অনুষ্ঠানত জিএমচিৰ আয়ুক্ত শ্ৰী এম এন ডাহাল, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ উপ-সচিব শ্ৰীমতী পঞ্চমী চৌধুৰী, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উপ-সঞ্চালক শ্ৰীমতী পাৱনী গুপ্তা আৰু ১৭ নং ৱাৰ্ডৰ কাউন্সিলাৰ শ্ৰীমতী স্নিগ্ধা মজুমদাৰে অংশগ্ৰহণ কৰে।

পানবজাৰত অনুষ্ঠিত এই নগৰীয়া যাত্ৰাৰ উদ্বোধনী অধিৱেশনৰ সময়ত গুৱাহাটীৰ মেয়ৰ শ্ৰী শৰণীয়াই উল্লেখ কৰে যে এই যাত্ৰাৰ প্ৰধান উদ্দেশ্য চৰকাৰৰ বিভিন্ন আঁচনি আৰু নীতিৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। তেওঁ আলোকপাত কৰে যে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দেশখনক নাগৰিকসকলৰ বাবে এক সৰ্বাংগীন উন্নত সত্তালৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। এই যাত্ৰাৰ প্ৰাসংগিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে ইয়াৰ লক্ষ্য হৈছে এই আঁচনিসমূহৰ বিষয়ে মানুহক অৱগত কৰা আৰু ইয়াৰ সুবিধা লাভ কৰিব পৰাটো নিশ্চিত কৰা।

কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ বিষয়ে নাগৰিকসকলক অৱগত কৰোৱা আৰু সবলীকৰণ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা দেশজোৰা পদক্ষেপ বিকশিত ভাৰত সংকল্প যাত্ৰাই অসমৰ জনসাধাৰণৰ মাজত গভীৰ সংযোগ সৃষ্টি কৰিছে।

ইতিমধ্যে ১৫ নৱেম্বৰৰ পৰা জনজাতীয় জিলাৰ লগতে ৰাজ্যৰ গ্ৰাম্য অঞ্চলত আৰম্ভ হোৱা এই সংকল্প যাত্ৰাৰ সফলতাৰ লগে লগে ই এক ইতিবাচক পৰিৱৰ্তনৰ প্ৰমাণ হিচাপে থিয় দিছে আৰু প্ৰগতিশীল সমাজৰ দিশত অগ্ৰসৰ হৈছে।

গুৱাহাটীত পৰম্পৰাগত বীজ ব্যৱস্থা সম্পৰ্কীয় ৰাষ্ট্ৰীয় আলোচনা চক্ৰ ! জৈৱ বৈচিত্ৰ আৰু কৃষি পৰিৱেশতন্ত্ৰৰ সুৰক্ষাত গুৰুত্ব কৃষিমন্ত্ৰী অতুল বৰাৰ…

গুৱাহাটীত পৰম্পৰাগত বীজ ব্যৱস্থা সম্পৰ্কীয় ৰাষ্ট্ৰীয় আলোচনা চক্ৰ
জৈৱ বৈচিত্ৰ আৰু কৃষি পৰিৱেশতন্ত্ৰৰ সুৰক্ষাত গুৰুত্ব কৃষিমন্ত্ৰী অতুল বৰাৰ

জলবায়ুৰ পৰিৱৰ্তনে সমগ্ৰ বিশ্বৰ লগতে আজি অসমকো স্পৰ্শ কৰিছে। যেনেদৰে জলবায়ুৰ পৰিৱৰ্তন আমাৰ কৃষিখণ্ডৰ বাবে এক প্ৰত্যাহ্বান তেনেদৰে আমাৰ সন্মুখত আহি পৰা আন এক প্ৰত্যাহ্বান হ’ল জৈৱ বৈচিত্ৰ আৰু কৃষি পৰিৱেশতন্ত্ৰৰ সুৰক্ষা।এই দিশটোক গুৰুত্ব দি আমাৰ কৃষি গৱেষণাই নিজৰ পথ নিৰ্দ্ধাৰণ কৰিব লাগিব। আজি গুৱাহাটীৰ নিকটৱৰ্তী টেপেচিয়াত ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয় আৰু জাৰ্মান চৰকাৰৰ যুক্তৰাষ্ট্ৰীয় অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়ন মন্ত্ৰ্যালয়ৰ দ্বিপাক্ষিক সহযোগিতাৰ অংশ হিচাপে জি আই জেদ নামৰ সংস্থাটোৱে আয়োজন কৰা পৰম্পৰাগত বীজ ব্যৱস্থাৰ শক্তিশালীকৰণ শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ্ত অংশ গ্ৰহণ কৰি এইদৰে মন্তব্য কৰে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই।

দেশৰ ক্ৰমবৰ্দ্ধমান জনসংখ্যাৰ বিপৰীতে ক্ৰমহ্ৰাসমান কৃষিভূমিৰ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰী বৰাই কয় যে জৈৱ বৈচিত্ৰ আৰু কৃষি পৰিৱেশতন্ত্ৰক সুৰক্ষিত কৰি সংকুচিত কৃষিভূমিৰ পৰাই অধিক উৎপাদনৰ নিশ্চিত লক্ষ্যত উপনীত হোৱাৰ বাবে কৃষি বিজ্ঞানী, বিষয়াসকলে কাম কৰিব লাগিব। জলবায়ু সহনশীল কৃষি পদ্ধতিক কৃষকৰ মাজত জনপ্ৰিয় কৰি তুলিবলৈও কৃষি মন্ত্ৰীগৰাকীয়ে কৃষি বিজ্ঞানী, গৱেষকসকলক আহ্বান জনায়। ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধাৰণশীল কৃষিৰ বিকাশৰ জৰিয়তে কৃষকৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্ব দিয়া বুলি উল্লেখ কৰি তেওঁ কয় যে, মুখ্যমন্ত্ৰীৰ পৰামৰ্শক্ৰমে পৰম্পৰাগত কৃষি পদ্ধতি, প্ৰাকৃতিক কৃষি আদি দিশসমূহত গুৰুত্ব দি কৃষি বিভাগে বিভিন্ন কৰ্মপদ্ধতি হাতত লৈছে। ৰাজ্যখনৰ উপান্ত কৃষকসকলে কম পৰিমাণৰ সম্পদ ব্যৱহাৰ কৰি মানবিশিষ্ট তথা অধিক পৰিমাণৰ উৎপাদন কৰাৰ দিশটো নিশ্চিত কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।

পৰম্পৰাগত বীজ উৎপাদন পদ্ধতিয়ে খাদ্য নিৰাপত্তা নিশ্চিত কৰাৰ লগতে জৈৱ বৈচিত্ৰক অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা বুলি উল্লেখ কৰি তেওঁ কয় যে, পৰম্পৰাগত বীজ উৎপাদন পদ্ধতিক বিজ্ঞানসন্মত পদ্ধতিৰে উজ্জীৱিত কৰিবলৈ কৃষকক উপযুক্তধৰণে প্ৰশিক্ষিত কৰাৰ প্ৰয়োজন আছে। অসমৰ বীজ উৎপাদন খণ্ডটোক উদ্যোগ হিচাপে গঢ়ি তুলিবলৈ কৃষি বিভাগে এপাৰ্টৰ সহযোগত চীড ভাৰ্টিকেল নামেৰে এখন অভিলাসী আঁচনি গ্ৰহণ কৰাৰ বিষয়েও মন্ত্ৰী বৰাই তেওঁৰ ভাষণত উল্লেখ কৰে। এই প্ৰচেষ্টাত বীজ উৎপাদনৰ বাবে ৰাজ্যৰ নিৰ্বাচিত এফ পি চি সমূহক জৰিত কৰোৱা হৈছে বুলিও তেওঁ কয়। এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ স্বনিয়োজন আঁচনিয়েও সহায় কৰিব পৰাৰ বিষয়ে তেওঁ উল্লেখ কৰে। আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানত কৃষি সঞ্চালক ভাস্কৰ পেগু, জি আই জেড-ইণ্ডিয়াৰ সঞ্চালক ৰাজীৱ আহাল, জি আই জেডৰ জ্যেষ্ঠ বিষয়া নামেৰতা শৰ্মা, যোৰহাটৰ প্ৰগতিশীল কৃষক তথা অন্নুপূৰ্ণা বীজ লাইব্ৰেৰীৰ প্ৰতিষ্ঠাতা মোহন বৰাইও ভাষণ দিয়ে। অনুষ্ঠানত দেশৰ বিভিন্ন ৰাজ্যৰ কৃষি বিজ্ঞানীৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী, গৱেষক, কৃষি বিভাগৰ বিষয়া আৰু বিভিন্ন কৃষকে অংশগ্ৰহণ কৰে।

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে লোকসভাৰ পৰা পদত্যাগ ১০ বিজেপি সাংসদৰ !আছে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীও…

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে লোকসভাৰ পৰা পদত্যাগ ১০ বিজেপি সাংসদৰ, আছে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীও

১০ বিজেপি সাংসদৰ পদত্যা। আৰু পজত্যাগ কৰিব দুগৰাকীয়ে। পাঁচ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ পিছতে লোকসভাৰ পৰা পদত্যাগ কৰিলে ১০ জনকৈ বিজেপি সাংসদে। এইবেলি পাঁচ খনৰ ভিতৰৰে চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ২১গৰাকী সাংসদক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। সেই ২১গৰাকী সাংসদৰ ভিতৰত ১২ জন বিজয়ী হৈছে। ১২গৰাকী সাংসদৰ ভিতৰৰে দহগৰাকীয়ে বুধবাৰে লোকসভাৰ পৰা পদত্যাগ কৰে । পদত্যাগ কৰাসকলৰ ভিতৰত কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীও আছে।বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰা ২১গৰাকী সাংসদৰ ভিতৰত তিনিগৰাকী ৰাজস্থানৰ, দুগৰাকী মধ্য প্ৰদেশৰ আৰু এগৰাকী ছত্তীশগড়ৰ।

তেলেংগানাৰ তিনিগৰাকী সাংসদ এইবেলি বিধানসভাৰ নিৰ্বাচনত পৰাজিত হৈছে। কিন্তু জয়ী হোৱা আন বহু কেইগৰাকী সদ্য পদত্যাগী সাংসদৰ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। বিজেপিৰ বিশেষ সূত্ৰৰ মতে,বিধানসভাৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতে দলে এই সাংসদসকলক পদত্যাগ কৰিবলৈ কৈছে। গেৰুৱা দলটোৱে উক্ত সাংসদসকলক বিধানসভাত ডাঙৰ দায়িত্ব দিয়াৰ প্ৰতিশ্ৰুতি দিছে।
বুধবাৰে তেওঁলোকৰ মাজৰে ১০গৰাকীয়ে পদত্যাগ কৰে। তেওঁলোকৰ মাজৰে দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰী। নৰেন্দ্ৰ সিং তোমাৰ আৰু প্ৰহ্লাদ সিং দুয়োগৰাকীয়েই আজি সাংসদ পদৰ পৰা পদত্যাগ কৰিছে।

তেওঁলোকে শীঘ্ৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰাও পদত্যাগ কৰিব। এনে পৰিস্থিতিত লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় কেবিনেটত ৰদবদল হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। বিজয়ী ১২গৰাকী সাংসদৰ ভিতৰত ৰাজস্থানৰ বাবা বালক নাথ আৰু ছত্তীশগড়ৰ ৰেণুকা সিং আজি লোকসভাত উপস্থিত নাছিল। অৱশ্যে, তেওঁলোকে শীঘ্ৰে পদত্যাগ কৰিব বুলি জানিব পৰা গৈছে। সাংসদসকলৰ পদত্যাগৰ পিছত তেওঁলোকে প্ৰতিনিধিত্ব কৰা আসনবোৰ খালী হৈ পৰে। অৱশ্যে এই আসনসমূহত উপ-নিৰ্বাচনৰ কোনো সম্ভাৱনা নাই। কাৰণ লোকসভা নিৰ্বাচন কেইমাহমানৰ পিছতে অনুষ্ঠিত হ’ব। এই আসনসমূহ সেয়ে কেইমাহমানৰ বাবেহে খালী হৈ থাকিব।

প্ৰেমে নামানে সীমান্তৰ বাধা ! কলকাতাৰ প্ৰেমিকক লগ ধৰিবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ সুন্দৰী যুৱতী…

প্ৰেমে নামানে সীমান্তৰ বাধা! এইবাৰ কলকাতাৰ প্ৰেমিকক লগ ধৰিবলৈ ভাৰতত উপস্থিত পাকিস্তানী যুৱতী

প্ৰেমে কোনো বাধা নামানে। এইবাৰ প্ৰেমৰ টানতে পাকিস্তানৰ জৱাৰিয়া খানম নামৰ যুৱতীগৰাকীয়ে ভাৰতৰ কলকাতা আহি পালেহি। কলকাতাৰ সমীৰ খান নামৰ প্ৰেমিকক লগ কৰাৰ বাবেই জৱাৰিয়া খানমে হাজাৰ বাধাকো নেওচি ভাৰত আহি পাইছেহি। পাকিস্তানী যুৱতীগৰাকীয়ে সমীৰৰ সৈতে বিয়াত বহিবলৈ কলকাতাত উপস্থিত হৈছে মঙলবাৰে। জাৱাৰিয়াই মঙলবাৰে পুৱা প্ৰায় ১১ বজাত পাকিস্তানৰ কৰাচীৰ পৰা আহি অমৃতসৰৰ ৱাঘা সীমান্তৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰে।

সমীৰ আৰু তেওঁৰ পিতৃ আহমেদ কামাল খানে তেওঁক কলকাতালৈ আদৰণি জনায়।ভাৰতলৈ আহিবলৈ পাক নাগৰিকে সহজে ভিছা লাভ কৰাটো সম্ভৱ নহয়। ইমানৰ পিছতো জৱাৰিয়া খানমে বহু চেষ্টা কৰি ভিছা মোকলাই লৈছে। । সমীৰক লগ পাই তেওঁ এতিয়া বহুত সুখী। পৰিয়ালৰ সূত্ৰ অনুসৰি যদি সকলো ঠিকে থাকে, সমীৰ আৰু জাৱাৰিয়াই অহা বছৰৰ জানুৱাৰী মাহত বিবাহপাশত আৱদ্ধ হ’ব। কলকাতাৰ যুৱক সমীৰ লৰা পাকিস্তানী যুৱতী জৱাৰিয়া খানমৰ প্ৰেমকাহিনী ২০১৮ চনত আৰম্ভ হৈছিল। সমীৰে মাকৰ ফোনত প্ৰথমবাৰৰ বাবে জাৱাৰিয়াৰ ছবি দেখিছিল। প্ৰথম দৰ্শনতে জৱাৰিয়া খানমৰ প্ৰেমত পৰিছিল সমীৰ।

তেওঁ তেওঁৰ মাকক কৈছিল যে তেওঁ এই ছোৱালীজনীক বিয়া কৰাব বিচাৰে। তেতিয়াই ভিন্ন দেশত থকা দুয়োটা পৰিয়াল বিবাহৰ বিষয়ত একমত হয়। কিন্তু কোভিদৰ বাবে ততাতৈয়াকৈ বিবাহ সম্পন্ন কৰিব পৰা হোৱা নাছিল। তদুপৰি জাৱাৰিয়াই ভিছাৰ বাবেও বহু অপেক্ষা কৰিবলগীয়া হৈছিল। অৱশেষত প্ৰেমৰ সম্পৰ্ক গঢ় লোৱাৰ পাঁচ বছৰৰ পিছত জৱাৰিয়া খানমে সমীৰৰ কাষলৈ আহিবলৈ সক্ষম হৈছে।জৱাৰিয়া খানমে এতিয়া ৪৫ দিনৰ ভিছা লাভ কৰিছে। সমাজকৰ্মী আৰু সাংবাদিক মকবুল আহমেদ ওৱাইচিৰ কাদিয়ানৰ সহায়ত জৱাৰিয়া খানমে ভিছা লাভ কৰিছে। জৱাৰিয়া খানমে কয় “মই পাঁচ বছৰৰ পিছত ভিছা পাইছো। মই খুব সুখী। এয়া সুখৰ আৰম্ভণি।’’

গুৱাহাটী প্ৰেছ ক্লাবত অখিল চন্দ্ৰ বৰুৱাৰ উপন্যাস “ৰ’দৰ ডঁৰিয়লি দেউতা” উন্মোচন…

গুৱাহাটী প্ৰেছ ক্লাবত অখিল চন্দ্ৰ বৰুৱাৰ উপন্যাস “ৰ’দৰ ডঁৰিয়লি দেউতা” উন্মোচন । আইয়ে ন মাহ ন দিন বোকোচাত লৈ ফুৰে আৰু দেউতাই ২৫বছৰ কান্ধত লৈ ডাঙৰ কৰে- ড’ নন্দ সিং বৰকলা।
গুৱাহাটী:ৰাজ্যৰ সৰ্বত্ৰে এতিয়া গ্ৰন্থৰ উৎসৱ। নতুন গ্ৰন্থৰ মেটমৰা বোজা লৈ পাঠকক ন -ন গ্ৰন্থৰ মনস্তাত্বিক সোৱাদ দি আহিছে গ্ৰন্থ প্ৰকাশক আৰু লেখক-লেখিকাসকলে। গ্ৰন্থ উৎসৱৰ সময়তে আজি গুৱাহাটী প্ৰেছ ক্লাবত তিনিচুকীয়াৰ মাকুমৰ লেখক- সাংবাদিক অখিল চন্দ্ৰ বৰুৱাৰ উপন্যাস ” ৰ’দৰ ডঁৰিয়লি দেউতা”আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। শিশুৰ অধিকাৰ আৰু শিশুৰ ওপৰত হোৱা অত্যাচাৰ আৰু উৎপীড়নৰ বিষয়ক লৈ ৰচিত এই উপন্যাসখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে খ্যাতিসম্পন্ন কবি-সাহিত্যিক ড° নন্দ সিং বৰকলাই।

নিজৰ উন্মোচনী ভাষণত ড° বৰকলাই দীৰ্ঘদিন ধৰি শিশু কল্যাণৰ হকে কাম কৰি অহা লেখক অখিল চন্দ্ৰ বৰুৱাৰ জীৱনবোধ মানৱতা, সামাজিক দায়বদ্ধতা আৰু অনাথ শিশুৰ গঢ়ি উঠা পিতৃস্নেহৰ লগতে দায়বদ্ধতাৰ বিষয়ে বক্তব্য আগবঢ়াই সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে। ইপিনে অনাতাঁৰ শিল্পী মানসী বৰুৱাৰ বৰগীতেৰে শুভাৰম্ভ হোৱা উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি “ৰ’দৰ ডঁৰিয়লি দেউতা”ৰ বিষয়বস্তু তথা কাহিনী সন্দৰ্ভত মননশীল মন্তব্য আগবঢ়ায় সাহিত্য অকাডেমীৰ অনুবাদ বঁটা বিজয়ী লেখক বিপুল দেউৰীয়ে।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ঔপন্যাসিক ডা° ৰুবী কটকীয়ে গ্ৰন্থ খনি অসমীয়া সাহিত্যৰ ভঁৰালত এক নবতম সংযোজন বুলি অভিহিত কৰে। জ্যেষ্ঠ সাংবাদিক আমাৰ অসম কাকতৰ সহকাৰী সম্পাদক মন্টু শইকীয়াই লেখক অখিল চন্দ্ৰ বৰুৱাৰ উপন্যাস “ৰ’দৰ ডঁৰিয়লি দেউতা”ৰ সন্দৰ্ভত নাতিদীৰ্ঘ মন্তব্য আগবঢ়ায়। ইপিনে লেখকৰ মনৰ ভাৱ প্ৰকাশ কৰি অখিল চন্দ্ৰ বৰুৱাই “ৰ’দৰ ডঁৰিয়লি দেউতা”ৰ মূল গাঁথাৰ ওপৰত মন্তব্য আগবঢ়ায়। উল্লেখযোগ্য কেইবাগৰাকীও সাহিত্য অনুৰাগীৰ উপস্থিতিৰে নিউজ পৰ্টেল ডেম’ক্ৰেটিক আছামে আয়োজন কৰা আজিৰ অনুষ্ঠানটিৰ আঁত ধৰে ছাজিদা আহমেদে। উক্ত গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে আগশাৰীৰ প্ৰকাশন গোষ্ঠী প্ৰজ্ঞা মিডিয়াহাইপে।

চাঞ্চল্যঃ উত্তৰ প্ৰদেশত পত্নী আৰু দুই সন্তানক হাতুৰিৰে কোবাই হত্যা, চিকিৎসকৰো আত্মহত্যা…

চাঞ্চল্যঃ উত্তৰ প্ৰদেশত পত্নী আৰু দুই সন্তানক হাতুৰিৰে কোবাই হত্যা, চিকিৎসকৰো আত্মহত্যা,
উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। পত্নী আৰু দুই সন্তানক হাতুৰিৰে কোবাই হত্যা কৰাৰ পিছত এজন চিকিৎসকলে আত্মহত্যা কৰাৰ ঘটনাই জোকাৰি গৈছে উত্তৰ প্ৰদেশৰ লগতে সমগ্ৰ দেশকে। চকু বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে কিয় এনে ভয়ংকৰ পন্থা বাছি ল’লে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আত্মহত্যা কৰা চিকিৎসকগৰাকীয়ে ৰে’লৱেত চিকিৎসা বিষয়া হিচাপে কাম কৰি আছিল। আৰক্ষীয়ে প্ৰকাশ কৰা মতে চিকিৎসকগৰাকীয়ে আত্মহত্যা কৰাৰ পূৰ্বে তেওঁৰ পত্নী আৰু দুই সন্তানক তেওঁৰ চৰকাৰী বাসভৱনতে হত্যা কৰিছিল।

আৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।ঘটনাটো উত্তৰ প্ৰদেশৰ ৰায়বৰেলীত সংঘটিত হৈছে। ডাঃ অৰুণ কুমাৰে লালগঞ্জ ৰে’লৱে কোচ কাৰখানাত চিকিৎসা বিষয়া হিচাপে কৰ্মৰত আছিল। আৰক্ষীয়ে প্ৰকাশ কৰা মতে তেওঁ হতাশাত ভুগি আছিল। পাৰিবাৰিক বিবাদৰ বাবেও ঘটনাটো ঘটিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। চুবুৰীয়াই প্ৰকাশ কৰা মতে চিকিৎসকৰ পৰিয়ালটোক শেষবাৰৰ বাবে দেওবাৰে ঘৰৰ বাহিৰত দেখা গৈছিল। এজন সহকৰ্মী চিকিৎসকগৰাকীৰ ঘৰলৈ গৈছিল আৰু দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ থকা দেখিছিল।

তেওঁ খিৰিকীৰ মাজেৰে উঁকি মাৰি চাইছিল আৰু ভিতৰত মৃতদেহবোৰ সিঁচৰতি হৈ পৰি থকা দেখা পাইছিল। লগে লগে আৰক্ষীক খবৰ দিয়া হৈছিল। আৰক্ষীয়ে ঘৰটোৰ দুৱাৰ ভাঙি চাৰিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰে । এছ পি প্ৰিয়দৰ্শীয়ে কয়, “প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে চিকিৎসকগৰাকীয়ে প্ৰথমে তেওঁৰ পত্নী অৰ্চনা, পুত্ৰ আৰৱ আৰু কন্যা আদিভাক বেজী দি অচেতন কৰি লৈছিল। তাৰ পিছত তেওঁলোকৰ মূৰত হাতুৰিৰে কোবাই হত্যা কৰিছিল। অৱশেষত, তেওঁ আত্মহত্যা কৰে। তেওঁ নিজৰ হাতৰ সিৰা কটাৰ লগতে চিপো লয়।”

আজি সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ হোমেন বৰগোহাঞিৰ জন্ম বাৰ্ষিকী…

৭ ডিচেম্বৰত বৰগোহাঞিৰ ছাৰৰ জন্ম বাৰ্ষিকীত

হোমেন বৰগোহাঞিৰ চুটিগল্পৰ বিশেষত্ব

হোমেন বৰগোহাঞি বিংশ শতাব্দীৰ এগৰাকী আগশাৰীৰ চুটিগল্পকাৰ। তেওঁৰ চুটিগল্পৰ সংখ্যা পঞ্চাশৰ বেছি নহয়। তথাপি এই সীমিতসংখ্যক গল্পৰ ভিতৰতে তেওঁ এখন জগত সৃষ্টি কৰিবলৈ সমৰ্থ হৈছে। তেওঁৰ গল্পৰ সংখ্যা সীমিত হোৱাৰ ইও এটা কাৰণ যে তেওঁ একেটা বিষয়বস্তুকে একাধিকবাৰ ব্যৱহাৰ নকৰে। তেওঁ সদায় বিষয়ৰ পৰা বিষয়ান্তৰলৈ গতি কৰে। বিষয়বস্তু আৰু পৰিৱেশৰ বৈচিত্ৰ্য্য, চৰিত্ৰ নিৰ্বাচন তথা অংকনৰ দৃঢ়তা আৰু ৰীতিৰ ঘননিৱদ্ধতাই তেওঁৰ গল্পক এটা বিশেষ আয়তন দান কৰিছে। বৰগোহাঞি এগৰাকী বাটকটীয় সাহিত্যিক। তেওঁ মহাযুদ্ধৰ কালছোৱাত ডাঙৰ-দীঘল হৈছিল। বিংশ শতাব্দীৰ পঞ্চম দশকৰ গণজীৱনক বিপৰ্যস্ত কৰা দুৰ্ভিক্ষ, জিঘাংসা, চোৰাং ব্যৱসায়, ভ্ৰষ্টাচাৰ, অনৈতিকতা আদিয়ে তেওঁৰ মনত গভীৰভাবে ৰেখাপাত কৰিছিল। মহাযুদ্ধ বা তাৰ প্ৰস্তুতিপৰ্বই গৰকি যোৱা ওপৰ অসমৰ চহৰতলী তথা গ্ৰামাঞ্চলত এক উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছিল। এনেবোৰ অভিজ্ঞতা বৰগোহাঞিয়ে নিজৰ অলক্ষিতে ভালদৰে মজ্জাগত কৰিছিল। কম বয়সতে বুজন হোৱা প্ৰতিভা শ্চত্নব্জঙ্গন্তুপ্সন্তুiপ্সব্ভব্দ ব্ধaচ্ঞঙ্গুব্ধগ্গ হিচাপে তেওঁ নানান নিষিদ্ধ বা ব্যতিক্ৰমী অঞ্চলত তেওঁৰ অভিজ্ঞতাক পূৰঠ কৰিছিল। বৰগোহাঞিয়ে কম বয়সতে পশ্চিমৰ আধুনিক সাহিত্য আৰু চিন্তাচৰ্চাৰ খবৰ ৰাখিবলৈ আৰম্ভ কৰিছিল। কৈশোৰ আৰু যৌৱনৰ আদিতে তেওঁৰ বিস্তৃত অধ্যয়নে তেওঁৰ প্ৰতিভাদীপ্ত মনক আচ্ছন্ন কৰি ৰাখিছিল। তেওঁৰ ৰচনাত বডলেয়াৰ আৰু লৰেন্স আদি অগ্ৰণী লেখকৰ প্ৰসংগ প্ৰায়েই উচ্চাৰিত হৈছিল।


হোমেন বৰগোহাঞিয়ে তেওঁৰ সৃষ্টিশীল জীৱনৰ প্ৰথম দুটা পৰ্যায়ত ক্ৰমে ফ্ৰয়ড আৰু মাৰ্’ৰ প্ৰতি আকৃষ্ট হৈ তেওঁৰ উপলব্ধ জ্ঞানেৰে তেওঁৰ জীৱন এষণাক পূৰঠ কৰিছিল। বৰগোহাঞিৰ জীৱনৰ প্ৰথম গল্পত ঘাইকৈ ফ্ৰয়ডীয় প্ৰভাৱেই সাৰ্বভৌম হৈ আছিল। কলেজীয়া জীৱনত লিখা গল্পবোৰত তাৰ পৰিচয় পোৱা যায়। এই প্ৰভাৱ অনেক সময়ত লৰেন্স আদি পশ্চিমীয়া কথা-সাহিত্যিকৰ প্ৰভাৱৰ যোগেদি অহা। তেওঁৰ কোনো কোনো গল্পত অস্তিত্ববাদী আৰু আন কোনো গল্পত স্বভাৱবাদী লেখকসকলৰ প্ৰভাৱো দেখিবলৈ পোৱা যায়।
দ্বিতীয় মহাযুদ্ধত বিধ্বস্ত ইউৰোপৰ ছবি অংকন সন্দৰ্ভত তাৰ লেখকসকলে কৰা পৰীক্ষা-নিৰীক্ষাৰ প্ৰতি বৰগোহাঞিৰ অপাৰ কৌতূহল আছিল। এই বাটেৰে তেওঁৰ অস্তিত্ববাদী লেখকসকলৰ লগত পৰিচয় ঘটে। ‘যৌৱন’ গল্পত লেখকৰ প্ৰতিৰূপ অমিয়ৰ বয়ঃপ্ৰাপ্তিৰ আধাৰত লিখা ‘যৌৱন’ গল্পত তাৰ স্বাক্ষৰ আছে। তেওঁৰ অন্যতম শ্ৰেষ্ঠ গল্প ‘অে”াপাছ’তো ব্যৱহাৰিক অস্তিত্ববাদৰ ছাপ অনুভূত হয়। চৰিত্ৰপ্ৰধান গল্পটোত অপৰাধপ্ৰৱণতাৰ নিৰ্মোহ ছবি অংকিত হৈছে।
ৰামধেনু যুগত হোমেন বৰগোহাঞিৰ গল্পই পাঠক সমাজত আলোড়নৰ সৃষ্টি কৰিছিল। ‘পূৰ্বদেশ’ৰ সম্পাদকৰ লগত হোৱা সাক্ষাৎ প্ৰসংগত তেওঁ কৈছিল— ‘মাত্ৰ আধা ডজন গল্প লিখিয়েই মই সকলোৰে মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হ’লো।’ খুব সম্ভব তাৰ কাৰণ আছিল এয়ে যে মধ্যবিত্ত অসমীয়া লেখকে যিবোৰ চিৰপৰিচিত আৰু নিৰাপদ বাটত বিচৰণ কৰে, তাৰ পৰা কিছু আঁতৰলৈ গৈ মই কেইটামান নিষিদ্ধ অন্ধকাৰ গলিত প্ৰবেশ কৰিছিলো আৰু তাৰ পৰা বুটলি আনিছিলো বেশ্যা, গুণ্ডা, খুনী, আৰু মানসিক ৰোগীৰ দৰে কিছুমান ব্ৰাত্য চৰিত্ৰ। এনে চৰিত্ৰৰ অন্তঃস্থলীত সোমাই সিহঁতৰ অন্তৰ্জগত উদ্ভাসিত কৰাৰ ক্ষেত্ৰত বৰগোহাঞিৰ কৃতিত্ব অতুলনীয়। বডলেয়াৰৰ কবিতা পঢ়ি ভিক্তৰ হিউগোৱে চমৎকৃত হৈ ‘তুমি ফৰাচী সাহিত্যলৈ এটি নতুন ‘চেনচেচন’ আমদানি কৰিলা’ বুলি কৈ কবিগৰাকীক অভিনন্দিত কৰিছিল। নতুন ‘চেনচেচন’ অবিহনে সাহিত্যৰ নৱীকৰণ অসম্ভৱ। এইক্ষেত্ৰত ৰামধেনু যুগৰ আদি স্তৰতে হোমেন বৰগোহাঞিৰ পুৰষাৰ্থ অভিনন্দন যোগ্য।
‘আবেলিৰ আলিবাটৰ গল্প’ বৰগোহাঞিৰ প্ৰথম প্ৰকাশিত গল্প। কলেজত থকা কালতে লিখা গল্পটোত প্ৰকাশ পোৱা বিষয়বস্তুৰ অভিনৱত্বই পাঠকক আকৰ্ষণ কৰিছিল, আজিও কৰে। ভৱানন্দ দত্তৰ দৰে তীক্ষ্নধী সমালোচক গল্পটোৰ লেখকক লগ ধৰিবলৈ উদ্‌গ্ৰীৱ হৈ পৰিছিল। গল্পটো বহু কাৰণত আধুনিকতাৰ দলিল হিচাপে স্বীকৃত হৈছে। গল্পটোত ভাৱৰ আন একো ঐক্য নাই। আখ্যায়কৰ চকুৰ আগেদি চিনেমাৰ দৰে কিছুমান দৃশ্য আৱৰ্তিত হৈছে। আপাতদৃষ্টিত এই দৃশ্যবোৰৰ বিশেষ একো গুৰুত্ব নাই। পৰ্দাখনত গহীন আৰু তুলুঙা একাকাৰ হৈছে আৰু অতি গুৰুত্বহীনেও গুৰুত্ব পাইছে। এই ব্যাখ্যাৰে গ’লে এক যথাৰ্থভাৱে আধুনিক গল্প সাহিত্য বা উপন্যাসৰ পৰা আবিষ্কৃত হ’লহেঁতেন।
আপাতদৃষ্টিত বিক্ষিপ্ত যেন লাগিলেও গল্পটোত এটা সুদৃঢ় যোগসূত্ৰ বৰ্তমান। এই সূত্ৰডাল হ’ল আখ্যায়কৰ অন্তৰংগ জীৱনত আলোড়ন সৃষ্টি কৰা চহৰৰ এটি অংশ, য’ত সমাপ্ত পৃথিৱীৰ বিচিত্ৰ অভিজ্ঞতা উন্মুক্ত হৈ আছে। বৰগোহাঞিৰ এনেবোৰ গল্পত বৌদ্ধিকতাৰ ছাপ অনস্বীকাৰ্য। চহৰখনিৰ প্ৰতি ওপজা বিদ্বেষমিশ্ৰিত সন্মোহনেও গল্পটোৰ প্ৰাণকেন্দ্ৰত ক্ৰিয়া কৰিছে।


দ্বিতীয় মহাযুদ্ধৰ প্ৰত্যক্ষ বা পৰোক্ষ অভিজ্ঞতাই ‘ৰামধেনু যুগ’ৰ গল্পকাৰসকলক সাৰ্থকভাৱেই আলোড়িত কৰিছিল। হোমেন বৰগোহাঞিৰ গল্পতো যুদ্ধৰ দূৰণিবটীয়া জোকাৰণি লাগিছে। মহাযুদ্ধখন নোহোৱা হ’লে হোমেন বৰগোহাঞিৰ ‘অে”াপাছ’ গল্পত হনে ব’বৰ দৰে সমাজবহিৰ্ভূত মানুহৰ সৃষ্টি নহ’লহেঁতেন আৰু ‘আবেলিৰ আলিবাটৰ গল্প’ৰ দৰে ‘আধুনিক’ গল্পৰো সৃষ্টি নহ’লহেঁতেন। বৰগোহাঞিৰ গল্পত মহাযুদ্ধৰ অভিজ্ঞতা ভালদৰে জীন গৈছে। হোমেন বৰগোহাঞিৰ গল্পত ফ্ৰয়ডীয় আৰু মাৰ্’ীয় চিন্তাধাৰাই গভীৰভাৱে বিস্তাৰ কৰিছিল। এই চিন্তাধাৰা দুটিৰ আলমত তেওঁ মধ্যবিত্তীয় জীৱনৰ ফোঁপোলা অৱস্থাটোৰ স্বৰূপ উদঙাই ধৰিছে। তেওঁৰ আদি স্তৰৰ গল্পত মনস্তাত্ত্বিক চিন্তাচৰ্চাৰ পয়োভৰ ঘটিছিল। বিভিন্নজনৰ মানসিক অভিব্যক্তি তেওঁৰ মজ্জাগত আছিল। তেওঁৰ গল্পত ফ্ৰয়ডীয় মনস্তত্ত্ব আৰু ফ্ৰয়ডীয় জিজ্ঞাসাৰ ছাপ আছে। ইদিপাচ কমপ্লে’ৰ আধাৰতো তেওঁ গল্প লিখিছিল।
দুৰ্বল মানুহৰ মনোবৃত্তিক বৰগোহাঞিয়ে সুন্দৰভাৱে ৰূপায়িত কৰিছে। ‘শিশুৰ হাঁহি’ গল্পত গাঁৱলীয়া ঠাইত পেট প্ৰৱৰ্তোৱা ধোবা এজনৰ লাওলোৱা জীৱন ইমান মৰ্মস্পৰ্শীভাবে অংকন কৰিছে, ক্ষন্তেকৰ বাবে হ’লেও পাঠকৰ মনত সমাজ পৰিৱৰ্তনৰ আকাংক্ষা জাগি উঠে। এনেধৰণৰ বঞ্চিত পৰিয়ালত শিশোৱেও হাঁহিবলৈ পাহৰে।
‘ইছমাইল শ্বেখৰ সন্ধানত’ গল্পত মানৱীয় পৰিস্থিতিৰ কাৰুণ্য ভালদৰে ফুটি উঠিছে। কি দুখত ইছমাইল শেখে পিতৃ-ভিঠা হেৰুৱাই জাঁজিৰ দৰে ছিন্নমূল অৱস্থাপ্ৰাপ্ত হ’ল আৰু কি দুখত শিক্ষিত গাভৰু মণিমালাই বেশ্যাবৃত্তি অৱলম্বন কৰিবলগীয়া হ’ল, তাৰ মৰ্মস্পৰ্শী খতিয়ান গল্পটোত সুন্দৰভাৱে অংকিত হৈছে।
বৰগোহাঞিৰ আদিস্তৰৰ ‘বিভিন্ন নৰক’ নামৰ সংকলনত প্ৰকাশ পোৱা কেইটামান গল্পত মাৰ্’ীয় চেতনাৰ ছাপ বাৰুকৈয়ে পৰিছে। ‘চোৰ’ এই পৰ্যায়ৰ এটি মৰ্মস্পৰ্শী গল্প। আখ্যায়কে দেখিলে যে গিৰিহঁতে ভাত খাই উঠি শুবৰ যোগাৰ কৰা সময়ত তেওঁৰ চাকৰজনে কিবাহৰ টোপোলা এটা বান্ধি নৈৰ পাৰৰ ঘিঞ্জি ঠাইলৈ ঢাপলি মেলিছে। আখ্যায়কে তাক অনুসৰণ কৰিলে। তেওঁ দেখিলে ল’ৰাটিৰ ৰুগ্না বুঢ়ীমাকে হাকুবিকুকৈ সি খাবলৈ কি আনিছে, চাবলৈ ঢাপলি মেলি আহিল। সি পাতৰ এৰেহা ভাত কেইটামান মাকলৈ বান্ধি আনিছিল, আখ্যায়কৰ তম্বি-গন্বিত ভাতকেইটা তাৰ হাতৰ পৰা সিঁচৰতি হৈ পৰিল। পৰিস্থিতিটো মৰ্মস্পৰ্শী।
বৰগোহাঞি নাৰীবাদী লেখক হয়নে নহয়, ক’ব নোৱাৰো। কিন্তু নিমাখিত চহা জীৱনত নাৰীৰ মৰ্মবেদনা তেওঁতকৈ মৰ্মস্পশীভাৱে কোনেও অংকন কৰা নাই। ‘জলছবি’ গল্পত যুগ যুগ ধৰি বঞ্চিতা আৰু নিৰ্যাতিতা নাৰীৰ নিৰ্যাতনৰ বাস্তৱ ছবি অংকিত হৈছে। আসন্নপ্ৰসৱা, মুমূৰ্ষু তিৰোতা এজনীক বচাবলৈ চহৰৰ পৰা ডাক্তৰ অনাতকৈ নতুন এজনী বিয়া কৰাই অনাটো কম ব্যয়সাপেক্ষ— এই ধাৰণাই অশিক্ষিত আৰু অন্ধকাৰাচ্ছন্ন কৃষক জীৱনৰ কেন্দ্ৰস্থলত ক্ৰিয়া কৰিছে। সংস্কাৰে বিমূঢ় কৰা চহা স্বামী-স্ত্ৰীৰ জীৱনত পতি-পত্নীৰ মাজত থাকিবলগীয়া সহজাত ভালপোৱা জলছবিৰ দৰেকৈ নিশ্চিহ্ন হৈ যায়। ষষ্ঠ দশকৰ গল্পত দেখিবলৈ পোৱা বাস্তৱৰ ছবি হোমেন বৰগোহাঞিৰ গল্পতহে এনে বলিষ্ঠ ৰূপত বিবৃত হোৱা দেখা যায়।
ৰোমাণ্টিক প্ৰেমৰ ৰঙীণ জগতখনত বৰগোহাঞিৰ যৌন জীৱনৰ বিষয়ে লিখা গল্পবোৰেও নতুনত্বৰ স্বাদ বহন কৰিছিল। জোলাধৰ্মী স্বভাৱবাদৰ আধাৰত লিখা ‘জন্ম’ গল্পত কামনা-বাসনা-জৰ্জৰিত সংঘৰ্ষৰ ছবি অংকিত হৈছে।
তৰুণ বয়সৰ পৰা বৰগোহাঞি এইদৰে বিষয়বস্তুৰ অভিনৱত্বৰ অনুসন্ধানত ব্ৰতী হৈছিল। নতুন নতুন বিষয়বস্তুৰ অনুসন্ধান, নতুন চিন্তাচৰ্চাৰ প্ৰয়োগ আৰু তাকে প্ৰকাশ কৰিবলৈ তেওঁ কৰা নিৰলস পৰীক্ষা-নিৰীক্ষাই, তেওঁক আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী অগ্ৰণী বাৰ্তাবাহক হিচাপে চিহ্নিত কৰে।


ফ্ৰয়ডীয় মনস্তত্ত্ব আৰু অস্তিত্ববাদৰ দৰে আচহুৱা চিন্তাৰ প্ৰতি গভীৰভাবে আকৃষ্ট হ’লেও আৰু চহৰৰ খুনী, ডকাইত, মদপী আৰু বেশ্যাৰ জীৱনৰ ছবি দাঙি ধৰিলেও বৰগোহাঞিৰ এক বুজনসংখ্যক গল্প গাঁৱৰ পৰিৱেশত প্ৰকৃতি আৰু পশু-পক্ষীৰ লগত মানুহৰ সম্পৰ্কৰ বিষয়ে লিখা। অনেক পথ অতিক্ৰম কৰাৰ পিছত তেওঁৰ সৃষ্টিকৰ্মৰ শেষৰ পৰ্যায়ত বৰগোহাঞিয়ে তেওঁৰ শৈশৱৰ তথা কৈশোৰৰ স্মৃতিঘেৰা শুৱনি গাঁওখনলৈ উভতি চাইছে। মনস্তাত্ত্বিক সংঘাত আৰু সামাজিক শ্ৰেণী সংঘৰ্ষৰ জগতখনৰ প্ৰতি তেওঁৰ অন্যতম শ্ৰেষ্ঠ গল্প ‘গৰখীয়া’ত তেওঁৰ শৈশৱৰ গাঁও আৰু তাৰ সামুহিক জীবনৰ এক অবিস্মৰণীয় ছবি অংকন কৰিছে। এই ছবি বাস্তৱ আৰু সতেজ। মানুহ আৰু গৰুৰ মৰমত বান্ধখোৱা গৰখীয়াৰ মুকলিমূৰীয়া জীৱন, সেই জীৱনৰ মোহ এৰিবলগীয়া হোৱাৰ বেদনা, কিশোৰ মনত প্ৰেমৰ ফুলকলিসদৃশ উন্মেষ আদি এশ এবুৰি কথা ৰূপকথাৰ দৰে মনোৰমকৈ সুদৃঢ় তুলিকাৰে অংকন কৰা হৈছে। এই প্ৰত্যাবৰ্তনে এক ক্লান্ত বৰগোহাঞিৰ কথা আমাৰ মনলৈ অনা নাই। ই তেওঁৰ বলিষ্ঠ কল্পনাৰ এক তেজাল অভিব্যক্তি, যি আচহুৱা অভিজ্ঞতাৰ বৈচিত্ৰ্য্যৰ মাজতো তেওঁৰ মনৰ গহনত প্ৰচ্ছন্ন হৈ আছিল।
দীপক কুৰ্মী
ফোনঃ ৯৮৫৪৬৬৭১৪৬

আৰজেডি মুৰব্বী লালু প্ৰসাদৰ ঘোষণাঃ ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠক…

আৰজেডি মুৰব্বী লালু প্ৰসাদৰ ঘোষণাঃ ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠক

একাধিক ৰাজ্যত নিৰ্বাচনী বিপৰ্যৰ পিছতে ৬ ডিচেম্বৰত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক মতুন দিল্লীত আহ্বান কৰিছিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই । কিন্তু নানান কাৰণত সেই বৈঠক স্থগিত ৰাীখিবলগীয়া হৈছিল। অৱশেষত ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) মুৰব্বী লালু প্ৰসাদ যাদৱে নিশ্চিত কৰে যে ইণ্ডিয়া মিত্ৰজোঁটৰ পৰৱৰ্তী বৈঠক ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব। ২০২৪ চনৰ আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ ৬ ডিচেম্বৰত নতুন দিল্লীত বৈঠকখন অনুষ্ঠিত কৰিবলৈ পূৰ্বে সিদ্ধান্ত লোৱা হৈছিল৷ অনুষ্ঠিত হ’বলগীয়া বৈঠকখনৰ বিষয়ে বিহাৰৰ বক্সাৰ জিলাত সাংবাদিকে লালুক প্ৰশ্ন কৰিছিল। তেতিয়াই লাসু প্ৰসাদে ১৭ ডিচেম্বৰৰ দিনটো ঘোষণা কৰে। লালু প্ৰসাদে কয়, “বৈঠকখন এতিয়া ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব।” ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ লালুৱে কয় যে কংগ্ৰেছ দল দুৰ্বল নহয়, কিন্তু কিছুমান স্থানীয় নেতাৰ দুৰ্বলতাৰ বাবে তিনিখন ৰাজ্যত নিৰ্বাচনী যুঁজত পৰাজিত হৈছে।

লালুৱে কয় “মই নাভাবো যে দলটো দুৰ্বল হৈ পৰিছে। কিন্তু মধ্য প্ৰদেশৰ দৰে ৰাজ্যত ইয়াৰ নেতৃত্বৰ বিষয়ত চিন্তা কৰাৰ প্ৰয়োজন হ’ব পাৰে,” ।উল্লেখ্য কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে আসন ভাগ-বতৰা চূড়ান্ত কৰিবলৈ ৬ ডিটেম্বৰত নতুন দিল্লীত বিৰোধী নেতাসকলৰ এখন বৈঠক আহ্বান কৰিছিল। অৱশ্যে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে স্বাস্থ্য জনিত কাৰণত বৈঠকত উপস্থিত থাকিবলৈ অক্ষম বুলি প্ৰকাশ কৰিছিল। নীতিশৰ উপৰিও পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱেও ৬ ডিচেম্বৰৰ বৈঠকত উপস্থিত নাথাকে বুলি কৈছিল।

মমতা বেনাৰ্জীৰ লগতে নীতিশ কুমাৰ আৰু অখিলেশ যাদৱে বুধবাৰে দিল্লীত কংগ্ৰেছে আহ্বান কৰা বিৰোধীৰ ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকত উপস্থিত নাথাকে বুলি জনাৰ পিছতে বৈঠক স্থগিত ৰখা হৈছিল।

উল্লেখ্য তেলেংগানাক বাদ দি তিনিখন ৰাজ্যত দলৰ বিপৰ্যয়ৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ৬ ডিচেম্বৰত ভাৰত মিত্ৰজোঁটৰ এখন বৈঠক আহ্বান কৰিছিল।
৬ ডিচেম্বৰৰ বৈঠক সন্দৰ্ভত মমতা বেনাৰ্জীয়ে কৈছিল, “মোৰ ওচৰত এই সন্দৰ্ভত কোনো তথ্য নাই। মোক আনকি ফোনতো একো কোৱা হোৱা নাই। তাৰোপৰি, মই উত্তৰ বংগলৈ গৈ আছো। মই ৬ তাৰিখৰ সন্ধিয়া উভতি আহিব পাৰো। মই তাত কেইদিনমান থাকিম। যদি মই জানিলোহেঁতেন, মই কাৰ্যসূচী বেলেগ ধৰণে হাতত ল’লোহেঁতেন । মই এই মুহূৰ্তত কেনেকৈ কাৰ্যসূচী সলনি কৰিব পাৰোঁ?” জেডি(ইউ)ৰ নীতিশ কুমাৰ আৰু সমাজবাদী পাৰ্টিৰ অখিলেশ যাদৱেও বৈঠকখন এৰাই চলে।ইয়াৰ পিছতে বৈঠকখন স্থগিত ৰখা হয়।

আমেৰিকাত পুনৰ লাছ ভেগাছৰ নেভাডা বিশ্ববিদ্যালয়ত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীবৰ্ষণ…

আমেৰিকাত পুনৰ নৰসংহাৰৰ ঘটনা। লাছ ভেগাছৰ নেভাডা বিশ্ববিদ্যালয়ত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীবৰ্ষণ।

গুলীবৰ্ষণত ঘটনাস্থলীতে ৩জন লোকৰ মৃত্যু। আন এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত।

নিৰাপত্তাৰক্ষীৰ গুলীত নিহত আক্ৰমণকাৰী।