Home Blog Page 1185

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিকশিত ভাৰত সংকল্প যাত্ৰা অব্যাহত…

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিকশিত ভাৰত সংকল্প যাত্ৰা অব্যাহত

কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ সম্পৰ্কে নাগৰিকক অৱগতকৰণ আৰু তেওঁলোকক সবলীকৰণৰ লক্ষ্যৰে দেশজোৰা প্ৰচাৰ কাৰ্য্যসূচী, বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অসমত যাত্ৰা অব্যাহত আছে। আজি অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কামৰূপ জিলাৰ আজাৰা গাঁও পঞ্চায়তত এই বিকশিত ভাৰত সংকল্প যাত্ৰা উদ্বোধন কৰে। অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজাৰাত ভিবিএছৱাই আইইচি ভেনৰ ফ্লেগ-অফ কৰে

ইয়াত সমবেতসকলক সম্বোধনেৰে পেগুৱে কয়, “বিকশিত ভাৰত সংকল্প যাত্ৰাই দেশৰ প্ৰতিটো প্ৰান্ততে জনসাধাৰণক একত্ৰিত কৰিছে। চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰাজিক সৰ্ব-স্তৰৰ লোকে আদৰণি জনাইছে। এই পদক্ষেপে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু এই যাত্ৰাই চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ সুবিধাৰাজি সকলোৱে লাভ কৰিব পৰাটো নিশ্চিত কৰিছে।”

নাগৰিক সেৱা বৰ্ধনৰ লক্ষ্যৰে ভিবিএছৱাই কাৰ্য্যক্ৰমসমূহে ভিন্ন সমাজ-কেন্দ্ৰিক পদক্ষেপ প্ৰশস্তকৰণেৰে জনসাধাৰণৰ কল্যাণ নিশ্চিত কৰিছে। এই যাত্ৰাকালত স্থানীয় লোকসকলক প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিৰ সংযোগ প্ৰদান, বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, আধাৰ কাৰ্ড পঞ্জীয়ন, পিএম স্বনিধি আঁচনিত পঞ্জীয়ন আদি সুবিধা প্ৰদানেৰে আৰ্তজনলৈ এই সুবিধাৰাজিৰ সহজলভ্যতা নিশ্চিত কৰা হয়।

চৰকাৰী আঁচনিসমূহৰ সুফলৰাজি সম্পৰ্কে ব্যক্তকৰণেৰে গুৱাহাটীৰ মণিপুৰী বস্তিৰ বাসিন্দা দাৰুগা দাসে কয় যে প্ৰধানমন্ত্ৰী স্বনিধি যোজনাই তেওঁক জীৱিকা আহৰণত সহায় কৰিছে।

এই কাৰ্য্যসূচীৰ প্ৰচাৰৰ অংশ হিচাপে বিষয়া আৰু পিআৰআইৰ সদস্যসকলে সমগ্ৰ অসমৰ ৰাইজক চৰকাৰী আঁচনিসমূহৰ সম্পৰ্কে অৱগতকৰণেৰে ইয়াৰ সুবিধাৰাজি কেনেকৈ লাভ কৰিব পাৰি, সেই বিষয়ে অৱগত কৰে। ইয়াৰ উপৰিও, কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন উন্নয়নমূলক আঁচনিৰ তথ্যসমৃদ্ধ পত্ৰিকাও অনুষ্ঠানস্থলীত উপস্থিতসকলক বিতৰণ কৰা হয়।

চেন্নাইত অব্যাহত ঘূৰ্ণী মিচাউঙৰ সংহাৰ ! ৮ জনৰ মৃত্যু, বাট-পথ পানীৰ তলত…

চেন্নাইত অব্যাহত ঘূৰ্ণী মিচাউঙৰ সংহাৰঃ ৮ জনৰ মৃত্যু, বাট-পথ পানীৰ তলত

চেন্নাইত এতিয়া বানৰ সংহাৰ। ঘূৰ্ণীবতাহ মিচাউঙে চেন্নাই সংহাৰৰ সৃষ্টি কৰিছে। বাট-পথ, ঘৰ-দুৱাৰ এতিয়া পানীৰ তলত। এতিয়ালৈকে বানৰ কবলত পৰি চেন্নাইত ৮ জন লোকৰ মৃত্যু ঘটিছে। নেৰানেপেৰা বৰষুণৰ ফলত তামিলনাডুৰ অন্যান্য চহৰসমূহো সম্পূৰ্ণৰূপে প্লাবিত হৈ পৰিছে। কেৱল চেন্নাইতে নহয়, তামিলনাডু আৰু পুডুচেৰীৰ বৃহৎ অঞ্চল পানীৰ তলত থকাৰ সময়তে উদ্ধাৰ অভিযানো যুদ্ধকালীন তৎপৰতাৰে চলিছে। ধাৰাসাৰ বৰষুণে ইতিমধ্যে তামিলনাডুৰ উত্তৰ উপকূলৰ বৃহৎ অংশ জলমগ্ন কৰি পেলাইছে।

চেন্নাইৰভয়াৱহ পৰিস্থিতি দেখি ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ হৃদয় কান্দি উঠিছে। এক্স হেণ্ডেলত অশ্বিনে লিখিছে, “ভয়ংকৰ পৰিস্থিতি! ইয়াৰ মাজতে বৰষুণৰ আগজাননী দিয়া হৈছে’’। দীনেশ কাৰ্তিকে লিখিছে, “চেন্নাইৰ বাসিন্দাসকল, অনুগ্ৰহ কৰি আপোনাৰ সুৰক্ষাৰ বিষয়ত গুৰুত্ব দিয়ক আৰু ঘৰৰ ভিতৰতে থাকক- এনে কৰাটো এই সময়ত অতি গুৰুত্বপূৰ্ণ। পৰিস্থিতি উন্নত কৰাৰ বাবে অক্লান্ত পৰিশ্ৰম কৰা সকলো বিষয়াকে ধন্যবাদ জনাইছো। আহক আমি সকলোৱে একেলগে সহযোগিতা কৰোঁ আৰু পৰিস্থিতিৰ মুখামুখি হওঁ। ‘

ক্ৰিকেটাৰ আজিংক ৰাহানো চেন্নাইৰ পৰিস্থিতিকলৈ উদ্বিগ্ন হৈ পৰিছে। তেওঁ তেওঁৰ এক্স-হেণ্ডেলত লিখিছে, “আশা কৰোঁ চেন্নাইৰ জনতাই এই কঠিন পৰিস্থিতিৰ পৰা মুক্ত হ’ব । তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা। এই সময়ত তৃণমূল পৰ্যায়ত কাম কৰি থকা সকলকে ধন্যবাদ ।’’

ভয়ংকৰ বানৰ বাবে চেন্নাই আৰু কাষৰীয়া জিলাৰ চৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছে। প্ৰশাসনে ব্যক্তিগত কোম্পানীসমূহক কৰ্মচাৰীসকলক ঘৰৰ পৰা কাম কৰিবলৈ পৰামৰ্শ দিবলৈ অনুৰোধ জনাইছে। কেইবাটাও ভাইৰেল ভিডিঅ’ত, পাৰ্কিং লটত ৰখাই থোৱা গাড়ীবোৰ পানীত ওপঙি থকা দেখা গৈছে।
পানীৰ স্তৰে বিপদসীমা অতিক্ৰম কৰাৰ বাবে চেন্নাই চেণ্ট্ৰেলত প্ৰায় ১১ খন এক্সপ্ৰেছ ৰে’ল বাতিল কৰা হৈছে। ঘূৰ্ণীবতাহৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ) আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ) দল মোতায়েন কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আইএমডি) মতে অহা ২৪ ঘণ্টালৈ ধাৰাসাৰ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞান বিভাগৰ মতে ঘূৰ্ণীবতাহে মুখ্যতঃ দক্ষিণ ভাৰতৰ পূব উপকূলত সংহাৰলীলা চলাব পাৰে। তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশৰ বিভিন্ন অঞ্চলত ইতিমধ্যে ধুমুহা-বজ্ৰপাত আৰম্ভ হৈছে।চেন্নাই চহৰৰ বহু এলেকা এতিয়া পানীৰ তলত। ইয়াৰ মাজতে এখন দেৱাল খহি পৰাত দুজন লোকৰ মৃত্যু ঘটিছিল। আন এজন লোক গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি দুৰ্ঘটনাটো চেন্নাইৰ কানাটুৰত সংঘটিত হৈছে। সেই দেৱালখন কিছুদিন পূৰ্বে নিৰ্মাণ কৰা হৈছিল।
এনডিআৰএফ আৰু এছডিআৰএফবাহিনীক জৰুৰীকালীন অৱস্থাৰ বাবে সাজু কৰি ৰখা হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত তাম্বাৰাম, পিৰকানকাৰনাই আৰু পেৰুঙ্গালাথুৰ অঞ্চল প্লাৱিত হৈছে। এন ডি আৰ এফৰ কৰ্মীয়ে এই অঞ্চলসমূহত আৱদ্ধ হৈ থকা ১৫ জন লোকক উদ্ধাৰ কৰিছে। চেন্নাইৰ চহৰখনৰ অন্যতম ৰে’লৱে দলং বেচিন ব্ৰীজেৰে ৰে’ল চলাচল বন্ধ কৰি দিয়া হৈছে। ছখন ৰে’ল বাতিল কৰা হৈছে। প্ৰশাসনে বানৰ কাৰণে ১৪ টা মেট্ৰ’ পথ বন্ধ কৰি দিছে। চেন্নাইত দুৰ্যোগৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে।

আলিপুৰ বতৰ বিজ্ঞান বিভাগৰ মতে ঘূৰ্ণীবতাহজাক বৰ্তমান পুডুচেৰীৰ পৰা ২২০ কিলোমিটাৰ পূব আৰু দক্ষিণ-পূবত তথা চেন্নাইৰ পৰাও ২২০ কিলোমিটাৰ দক্ষিণ-পূবত আছে। ঘূৰ্ণীবতাহজাক নেল্লোৰৰ পৰা ৩৮০ কিলোমিটাৰ দক্ষিণ-পূবত আৰু মছলিপত্তনমৰ পৰা ৪৫০ কিলোমিটাৰ দক্ষিণ আৰু দক্ষিণ-পূবত আছে। ঘূৰ্ণীবতাহে মঙলবাৰে আবেলি দক্ষিণ অন্ধ্ৰ প্ৰদেশৰ উপকূলত আঘাত কৰাৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞানীসকলৰ মতে ঘূৰ্ণীবতাহে অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ আৰু মছলিপত্তনমৰ মাজত সংহাৰ চলোৱাৰ আশংকা আছে। সেই সময়ত এই শক্তিশালী ঘূৰ্ণীবতাহৰ গতি বেগ প্ৰতি ঘণ্টাত ৯০-১০০ কিলোমিটাৰ হ’ব পাৰে। তাৰ পিছত ঘূৰ্ণীবতাহে ইয়াৰ গতিপথ সলনি কৰিব আৰু উত্তৰ দিশে আগবাঢ়িব। মাছমৰীয়াসকলক তামিলনাডু, পুডুচেৰী আৰু অন্ধ্ৰ প্ৰদেশৰ উপকূলত নাথাকিবলৈ তথা সাগৰলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে।

মমতা, নীতিশ, অখিলেশ অসন্তুষ্ট ! বাতিল হ’ল আজি অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক…

মমতা, নীতিশ, অখিলেশ অসন্তুষ্ট! বাতিল হ’ল আজি অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক
বাতিল হ’ল বুধবাৰে অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক । তিনি খন ৰাজ্যত শোচনীয় ফলাফল প্ৰদৰ্শন কৰাৰ পিছতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰগেই বুধবাৰ, অৰ্থাৎ কাইলৈ নতুন দিল্লীত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক আহ্বান কৰিছিল যদিও শেষ মুহূৰ্তত সেই বৈঠক স্থগিত ৰখা হৈছে। মমতা বেনাৰ্জীৰ লগতে নীতিশ কুমাৰ আৰু অখিলেশ যাদৱে বুধবাৰে দিল্লীত কংগ্ৰেছে আহ্বান কৰা বিৰোধীৰ ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকত উপস্থিত নাথাকে বুলি জনাৰ পিছতে বৈঠক স্থগিত ৰখা হয়।বৈঠকৰ পৰৱৰ্তী তাৰিখ পিছত নিৰ্ধাৰণ কৰা হ’ব বুলি কংগ্ৰেছৰ সূত্ৰই প্ৰকাশ কৰিছে।


উল্লেখ্য তেলেংগানা বাদ দি তিনিখন ৰাজ্যত দলৰ বিপৰ্যয়ৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ৬ ডিচেম্বৰত ভাৰত মিত্ৰজোঁটৰ এখন বৈঠক আহ্বান কৰিছিল। কিন্তু বৈঠকলৈ মাজত মাত্ৰ এদিন থকাৰ সময়তে মিত্ৰজোঁটৰ অংশীদাৰসকলৰ সমীকৰণৰ পৰিৱৰ্তন হৈছে। টিএমচিয়ে তিনিখন ৰাজ্যৰ নিৰ্বাচনত হোৱা বিপৰ্যয়ৰ বাবে কংগ্ৰেছৰ ‘দাদাগিৰি’কে দোষাৰোপ কৰিছে। অন্যান্য বিৰোধী আঞ্চলিক দলসমূহেও মিত্ৰতাৰ প্ৰস্তাৱ নাকচ কৰি সকলো ঠাইতে অকলে যুঁজিবলৈ কংগ্ৰেছে গ্ৰহণ কৰা সিদ্ধান্তক দোষাৰোপ কৰিছে। এনে পৰিস্থিতিত মিত্ৰজোঁটৰ ভিতৰত সমন্বয়কলৈ প্ৰশ্ন উত্থাপন হৈছে।

সোমবাৰে ভাৰত মিত্ৰজোঁটৰ বৈঠকৰ বিষয়ে সোধাত মমতা বেনাৰ্জীয়ে কয়, “মোৰ ওচৰত এই সন্দৰ্ভত কোনো তথ্য নাই। মোক আনকি ফোনতো একো কোৱা হোৱা নাই। তাৰোপৰি, মই উত্তৰ বংগলৈ গৈ আছো। মই ৬ তাৰিখৰ সন্ধিয়া উভতি আহিব পাৰো। মই তাত কেইদিনমান থাকিম। যদি মই জানিলোহেঁতেন, মই কাৰ্যসূচী বেলেগ ধৰণে হাতত ল’লোহেঁতেন । মই এই মুহূৰ্তত কেনেকৈ কাৰ্যসূচী সলনি কৰিব পাৰোঁ?” জেডি(ইউ)ৰ নীতিশ কুমাৰ আৰু সমাজবাদী পাৰ্টিৰ অখিলেশ যাদৱেও বৈঠকখন এৰাই চলিছে।ইয়াৰ পিছতে বৈঠকখন স্থগিত ৰখা হয়। এয়া স্পষ্ট হৈ পৰিছে যে ২০২৩ ৰ শেষত তিনিখন ৰাজ্যত কংগ্ৰেছৰ বিপৰ্যয়ে ২৪ ৰ পূৰ্বে বিৰোধী মিত্ৰজোঁটত এক ডাঙৰ বিভেদৰ সৃষ্টি কৰিব পাৰে।

ছত্তীশগড়ৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা ৰেণুকা সিঙৰ ! কোন এই ৰেণুকা সিং…

ছত্তীশগড়ৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা ৰেণুকা সিঙৰ, কোন এই ৰেণুকা সিং?

ছত্তীশগড়ত ভাৰতীয় জনতা পাৰ্টিয়ে বিজয়ৰ লাভ পিছত সম্ভাৱ্য মুখ্যমন্ত্ৰীক লৈ জোৰদাৰ আলোচনা চলি আছে। মুখ্যমন্ত্ৰী পদৰ দৌৰত থকা অজস্ৰ নামৰ ভিতৰত এগৰাকী হৈছে অসাধাৰণ ব্যক্তিৰ – ৰেণুকা সিং। ছত্তীশগড়ে কেৱল অনুসূচীত জনজাতিৰ পৰা ৰাজ্য খনৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী বাছনি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বৰ্তমান মোদী চৰকাৰত জনজাতীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ৰেণুকা সিঙৰ ছত্তীশগড়ৰ চাৰাগুজা অঞ্চলত বেছ জনপ্ৰিয়তা আছে। এই এলেকা আদিবাসী জনসংখ্যাৰ বাবে জনাজাত। তেওঁৰ জনপ্ৰিয়তা ৰাজনৈতিক চক্ৰৰ বাহিৰেও মহিলাসকলৰ মাজতো লক্ষ্যণীয় ৰেণুকা সিঙে ২০২৩ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত এক সাহসী ঘোষণাৰ বাবে সকলোৰে মনোযোগ আকৰ্ষণ কৰিছিল। তেওঁ স্পষ্ট ভাৱে ঘোষণা কৰিছিল যে যদি কোনোবাই তেওঁৰ দলৰ কোনো কৰ্মীৰ ক্ষতি কৰিবলৈ চেষ্টা কৰে, তেন্তে তেওঁ তেনে লোকৰ এখন হাত কাটি পেলাবলৈ কুণ্ঠাবোধ নকৰিব।

ৰেণুকা সিঙৰ ৰাজনৈতিক যাত্ৰা: ৰাজ্য খনৰ কোৰিয়া জিলাৰ পোৰি বাচৰা গাঁৱত ৫ জানুৱাৰীত জন্মগ্ৰহণ কৰা ৰেণুকা সিঙে তেওঁৰ ৰাজনৈতিক যাত্ৰা ৰামনাজ নগৰ জিলা পঞ্চায়তৰ সদস্য হিচাপে আৰম্ভ কৰিছিল। তৃণমূল ৰাজনীতিৰ জৰিয়তে উত্থান ঘটা সিঙে ৰামনাজ নগৰত বিজেপি মণ্ডলৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৩ চনত প্ৰেমনগৰ বিধানসভা আসনত তেওঁ বিজয়ী হৈছিল।
ৰমন সিং চৰকাৰত অন্তৰ্ভুক্তিঃ ২০০৮ চনৰ ভিতৰত সিঙে মহিলা আৰু শিশু বিকাশ আৰু সমাজ কল্যাণ বিভাগত অন্তৰ্ভুক্তিৰে ৰমন সিং চৰকাৰৰ অংশ হৈ পৰিছিল। সাংসদঃ ২০১৯ চনত সিঙে বিজেপিক প্ৰতিনিধিত্ব কৰি চাৰাগুজা লোকসভা সমষ্টিৰ পৰা বিজয় লাভ কৰিছিল। বৰ্তমান, তেওঁ মোদী চৰকাৰত জনজাতীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ছত্তীশগড়ত ইতিমধ্যে অসংখ্য ৰাজনৈতিক ব্যক্তি থকাৰ পিছতো ৰেণুকা সিং কিয় মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হৈ উঠিছে? দৰাচলতে সমগ্ৰ নিৰ্বাচনী প্ৰচাৰত বিজেপি নেতাসকলে ভূপেশ বাঘেলৰ নেতৃত্বত মহিলাসকলক অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। বিজেপিয়ে ক্ষমতা গ্ৰহণ কৰিলে মহিলাৰ বিকাশক অগ্ৰাধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। প্ৰচাৰৰ সময়ত ‘মাতাহাৰী বন্দনা’ আঁচনিয়ে জনতাৰ যথেষ্ট মনোযোগ আকৰ্ষণ কৰিছিল। বিজেপিয়ে চাৰাগুজাৰ ১৪ খন আদিবাসী আসনত আৰু বাস্তাৰত ১১ খন আসনত বিজয় অৰ্জন কৰে। নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিয়েই বিজেপিয়ে ৰেণুকা সিঙক মুখ্যমন্ত্ৰীৰ পদত বহুৱাব পাৰে।

, কোন এই ৰেণুকা সিং?

ছত্তীশগড়ত ভাৰতীয় জনতা পাৰ্টিয়ে বিজয়ৰ লাভ পিছত সম্ভাৱ্য মুখ্যমন্ত্ৰীক লৈ জোৰদাৰ আলোচনা চলি আছে। মুখ্যমন্ত্ৰী পদৰ দৌৰত থকা অজস্ৰ নামৰ ভিতৰত এগৰাকী হৈছে অসাধাৰণ ব্যক্তিৰ – ৰেণুকা সিং। ছত্তীশগড়ে কেৱল অনুসূচীত জনজাতিৰ পৰা ৰাজ্য খনৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী বাছনি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বৰ্তমান মোদী চৰকাৰত জনজাতীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ৰেণুকা সিঙৰ ছত্তীশগড়ৰ চাৰাগুজা অঞ্চলত বেছ জনপ্ৰিয়তা আছে। এই এলেকা আদিবাসী জনসংখ্যাৰ বাবে জনাজাত। তেওঁৰ জনপ্ৰিয়তা ৰাজনৈতিক চক্ৰৰ বাহিৰেও মহিলাসকলৰ মাজতো লক্ষ্যণীয় ৰেণুকা সিঙে ২০২৩ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত এক সাহসী ঘোষণাৰ বাবে সকলোৰে মনোযোগ আকৰ্ষণ কৰিছিল। তেওঁ স্পষ্ট ভাৱে ঘোষণা কৰিছিল যে যদি কোনোবাই তেওঁৰ দলৰ কোনো কৰ্মীৰ ক্ষতি কৰিবলৈ চেষ্টা কৰে, তেন্তে তেওঁ তেনে লোকৰ এখন হাত কাটি পেলাবলৈ কুণ্ঠাবোধ নকৰিব।

ৰেণুকা সিঙৰ ৰাজনৈতিক যাত্ৰা: ৰাজ্য খনৰ কোৰিয়া জিলাৰ পোৰি বাচৰা গাঁৱত ৫ জানুৱাৰীত জন্মগ্ৰহণ কৰা ৰেণুকা সিঙে তেওঁৰ ৰাজনৈতিক যাত্ৰা ৰামনাজ নগৰ জিলা পঞ্চায়তৰ সদস্য হিচাপে আৰম্ভ কৰিছিল। তৃণমূল ৰাজনীতিৰ জৰিয়তে উত্থান ঘটা সিঙে ৰামনাজ নগৰত বিজেপি মণ্ডলৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৩ চনত প্ৰেমনগৰ বিধানসভা আসনত তেওঁ বিজয়ী হৈছিল।
ৰমন সিং চৰকাৰত অন্তৰ্ভুক্তিঃ ২০০৮ চনৰ ভিতৰত সিঙে মহিলা আৰু শিশু বিকাশ আৰু সমাজ কল্যাণ বিভাগত অন্তৰ্ভুক্তিৰে ৰমন সিং চৰকাৰৰ অংশ হৈ পৰিছিল। সাংসদঃ ২০১৯ চনত সিঙে বিজেপিক প্ৰতিনিধিত্ব কৰি চাৰাগুজা লোকসভা সমষ্টিৰ পৰা বিজয় লাভ কৰিছিল। বৰ্তমান, তেওঁ মোদী চৰকাৰত জনজাতীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ছত্তীশগড়ত ইতিমধ্যে অসংখ্য ৰাজনৈতিক ব্যক্তি থকাৰ পিছতো ৰেণুকা সিং কিয় মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হৈ উঠিছে? দৰাচলতে সমগ্ৰ নিৰ্বাচনী প্ৰচাৰত বিজেপি নেতাসকলে ভূপেশ বাঘেলৰ নেতৃত্বত মহিলাসকলক অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। বিজেপিয়ে ক্ষমতা গ্ৰহণ কৰিলে মহিলাৰ বিকাশক অগ্ৰাধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। প্ৰচাৰৰ সময়ত ‘মাতাহাৰী বন্দনা’ আঁচনিয়ে জনতাৰ যথেষ্ট মনোযোগ আকৰ্ষণ কৰিছিল। বিজেপিয়ে চাৰাগুজাৰ ১৪ খন আদিবাসী আসনত আৰু বাস্তাৰত ১১ খন আসনত বিজয় অৰ্জন কৰে। নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিয়েই বিজেপিয়ে ৰেণুকা সিঙক মুখ্যমন্ত্ৰীৰ পদত বহুৱাব পাৰে।

শিক্ষাৰ্থীৰ শিক্ষাৰ জ্ঞান আহৰণত সমাজৰ ভূমিকা…

শিক্ষাৰ্থীৰ শিক্ষাৰ জ্ঞান আহৰণত সমাজৰ ভুমিকা

শিক্ষা হৈছে সমাজ পৰিবৰ্তনৰ আহিলা।শিক্ষাৰ অবিহনে সমাজ এখন পৰিবৰ্তন সম্ভৱ হ’ব নোৱাৰে।সমাজক পৰিবৰ্তন কৰাৰ ক্ষেত্ৰত শিক্ষাই সমাজক জগাই তোলে।শিক্ষাৰ জ্ঞান নহ’লে সমাজৰ অন্তৰদৃষ্টি জাগ্ৰত হ’ব নোৱাৰে।শিক্ষাই সমাজৰ অন্তৰদৃষ্টি জাগ্ৰত কৰি তোলে।এখন সুন্দৰ সমাজ প্ৰতিষ্ঠা কৰিবলৈ শিক্ষাৰ জ্ঞান আহৰণ কৰাতো বৰ প্ৰয়োজন।শিক্ষাৰ জ্ঞান নহ’লে এখন সুন্দৰ সমাজ প্ৰতিষ্ঠা কৰাতো সম্ভৱ নহয়।শিক্ষাৰ জ্ঞানে শিক্ষাৰ্থীৰ চকু পোহৰাই কৰি তোলে।আন্ধাৰৰ পৰা পোহৰৰ বাটলৈ আগুৱাই লৈ যাব পাৰে।দেশৰ এজন সুনাগৰিক হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰে।শিক্ষাৰ জ্ঞানে সমাজৰ দায়িত্ববোধ জগাই তোলে।শিক্ষাৰ জ্ঞানে সাহসেৰে কাম কৰিবলৈ ত্যাগ আৰু ধৈৰ্যৰ ইন্ধন যোগায়। শিক্ষাই সমাজত মিলা-প্ৰীতিৰে জীয়াই থকাৰ জ্ঞান প্ৰদান কৰে।শিক্ষাৰ জ্ঞানৰ বিকাশৰ জৰিয়তে শিক্ষাৰ্থীৰ বুদ্ধি আৰু অভিজ্ঞতাৰ বিকাশ হয়।শিক্ষাৰ জ্ঞানে শিক্ষাৰ্থী সকলক আত্মবিশ্বাস কৰি তোলাত শক্তি বৃদ্ধি কৰে।এই শক্তিৰ জৰিয়তে শিক্ষাৰ্থীয়ে জীৱনৰ প্ৰতিযোগিতা মূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ সাহস আৰু মনোবলৰ শক্তি আহৰণ কৰিব পাৰে।

সমাজ এখন আগুৱাই যোৱাৰ ক্ষেত্ৰত কু-সংস্কাৰবোৰে হেঙাৰ হিচাপে থিয় দিয়ে। কু-সংস্কাৰৰ প্ৰভাৱত সমাজ এখন ধ্বংস হৈ পৰে। সমাজক একতাৰ এনাজৰীৰে বান্ধি ৰাখিবলৈ কঠিন হৈ পৰে।সমাজক একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ শিক্ষাৰ জ্ঞানৰ প্ৰয়োজন।শিক্ষাৰ জ্ঞান নহ’লে সমাজক সংস্কাৰ কৰিব নোৱাৰে।শিক্ষাৰ জৰিয়তে সমাজৰ কু-সংস্কাৰবোৰ আঁতৰাব পাৰে। কু-সংস্কাৰে সমাজক আন্ধাৰৰ মাজত আৱদ্ধ কৰি ৰাখে।সমাজক বিশৃঙ্খলতা সৃষ্টি কৰে। সমাজৰ মাজত বিভেদ আনে।কু-সংস্কাৰ হৈছে সমাজৰ অপ্ৰয়োজনীয় জাবৰ।সমাজৰ চোতালে চোতালে,ৰাস্তাই পদূলিয়ে সিঁচৰতি হৈ থাকে এই জাবৰ।এই জাবৰ আঁতৰাই পেলাবলৈ হ’লে সমাজখন শিক্ষিত হোৱা দৰকাৰ।নহ’লে এই জাবৰৰ কুপ্ৰভাৱ সমাজৰ উঠি অহা পিছৰ প্ৰজন্মলৈ বিয়পি পৰাৰ সম্ভাৱনা থাকে।শিক্ষাৰ্থীৰ শিক্ষাৰ জ্ঞান আহৰণত বাধা হিচাপে থিয় দিব পাৰে।ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সমাজ সচেতন হোৱা উচিত।দায়িত্বৰ প্ৰতি সচেতন হৈ কাম কৰা দৰকাৰ।নহ’লে শিক্ষাৰ্থীৰ ভৱিষ্যত ধ্বংস হ’ব। সমাজৰ চিন্তাধাৰাবোৰ জাবৰেৰে ভৰি পৰিব।এই জাবৰবোৰে শিক্ষাৰ্থীৰ চিন্তাধাৰাত প্ৰভাৱ পেলাব। অপৰিবৰ্তিত হৈ পৰিব সমাজ।চিন্তাত কোনো নতুনত্ব নাথাকিব আৰু সমাজ সময়ৰ সৈতে খোজ মিলাই আগবাঢ়িব নোৱাৰিব।চিন্তাৰ বিকাশ নহৈ সমাজ পশ্চাৎমুখী হৈ থাকিব।সমাজখন সুন্দৰ কৰি তুলিবলৈ হ’লে সমাজৰ চিন্তাধাৰাবোৰ সুন্দৰ হ’ব লাগিব।চিন্তাৰ বিকাশ হ’ব লাগিব।তেতিয়াহে পৰিবৰ্তন হ’ব সমাজ।

সমাজ এখন আগুৱাই যোৱাৰ ক্ষেত্ৰত কু-সংস্কাৰবোৰে হেঙাৰ হিচাপে থিয় দিয়ে। কু-সংস্কাৰৰ প্ৰভাৱত সমাজ এখন ধ্বংস হৈ পৰে। সমাজক একতাৰ এনাজৰীৰে বান্ধি ৰাখিবলৈ কঠিন হৈ পৰে।সমাজক একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ শিক্ষাৰ জ্ঞানৰ প্ৰয়োজন।শিক্ষাৰ জ্ঞান নহ’লে সমাজক সংস্কাৰ কৰিব নোৱাৰে।শিক্ষাৰ জৰিয়তে সমাজৰ কু-সংস্কাৰবোৰ আঁতৰাব পাৰে। কু-সংস্কাৰে সমাজক আন্ধাৰৰ মাজত আৱদ্ধ কৰি ৰাখে।সমাজক বিশৃঙ্খলতা সৃষ্টি কৰে। সমাজৰ মাজত বিভেদ আনে।কু-সংস্কাৰ হৈছে সমাজৰ অপ্ৰয়োজনীয় জাবৰ।সমাজৰ চোতালে চোতালে,ৰাস্তাই পদূলিয়ে সিঁচৰতি হৈ থাকে এই জাবৰ।এই জাবৰ আঁতৰাই পেলাবলৈ হ’লে সমাজখন শিক্ষিত হোৱা দৰকাৰ।নহ’লে এই জাবৰৰ কুপ্ৰভাৱ সমাজৰ উঠি অহা পিছৰ প্ৰজন্মলৈ বিয়পি পৰাৰ সম্ভাৱনা থাকে।শিক্ষাৰ্থীৰ শিক্ষাৰ জ্ঞান আহৰণত বাধা হিচাপে থিয় দিব পাৰে।ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সমাজ সচেতন হোৱা উচিত।দায়িত্বৰ প্ৰতি সচেতন হৈ কাম কৰা দৰকাৰ।নহ’লে শিক্ষাৰ্থীৰ ভৱিষ্যত ধ্বংস হ’ব। সমাজৰ চিন্তাধাৰাবোৰ জাবৰেৰে ভৰি পৰিব।এই জাবৰবোৰে শিক্ষাৰ্থীৰ চিন্তাধাৰাত প্ৰভাৱ পেলাব। অপৰিবৰ্তিত হৈ পৰিব সমাজ।চিন্তাত কোনো নতুনত্ব নাথাকিব আৰু সমাজ সময়ৰ সৈতে খোজ মিলাই আগবাঢ়িব নোৱাৰিব।চিন্তাৰ বিকাশ নহৈ সমাজ পশ্চাৎমুখী হৈ থাকিব।সমাজখন সুন্দৰ কৰি তুলিবলৈ হ’লে সমাজৰ চিন্তাধাৰাবোৰ সুন্দৰ হ’ব লাগিব।চিন্তাৰ বিকাশ হ’ব লাগিব।তেতিয়াহে পৰিবৰ্তন হ’ব সমাজ।

শিক্ষাৰ্থীৰ শিক্ষাৰ জ্ঞান আহৰণত সমাজৰ ভুমিকা অতি গুৰুত্বপূৰ্ণ।সমাজৰ ভুমিকাৰ অবিহনে শিক্ষাৰ্থীৰ জ্ঞান আহৰণ কৰাতো সম্ভৱ নহয়।শিক্ষাৰ ক্ষেত্ৰত সমাজ এখন ওতঃপ্ৰোত ভাবে জড়িত হৈ থাকে।সমাজ এখন জড়িত নহ’লে শিক্ষাৰ্থীৰ জ্ঞান আহৰণত যথেষ্ঠ অসুবিধাৰ সৃষ্টি হয়।শিক্ষাৰ্থীৰ শিক্ষাৰ জ্ঞান আহৰণৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ সমাজে শিক্ষাৰ পৰিৱেশ গঢ় দিয়াতো দৰকাৰ।পৰিৱেশ গঢ় দিব নোৱাৰিলে এই সমাজৰ শিক্ষাৰ্থী সকলে উপযুক্ত শিক্ষাৰ জ্ঞান আহৰণ কৰাত বাধাৰ সৃষ্টি হ’ব পাৰে।শিক্ষাৰ্থী সকলক উপযুক্ত জ্ঞান দিব নোৱাৰিলে শিক্ষাৰ্থীৰ জীৱন অল্প বিদ্যা ভয়ংকৰ হ’ব।ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সমাজখন সজাগ সচেতন হোৱা ভাল। সজাগ নহ’লে সমাজ কোন পথে গতি কৰিছে ইয়াক নিৰ্ণয় কৰাটো কঠিন হৈ পৰিব।শিক্ষাৰ্থীয়ে বিদ্যালয়ত অধ্যয়ন কৰিছেনে নাই,সহপাঠী বা বন্ধু-বান্ধৱীৰ লগত কি কৰি ফুৰে?এইবোৰ লক্ষ্য কৰাতো সমাজৰ প্ৰধান দায়িত্ব।এইবোৰ লক্ষ্য নকৰিলে শিক্ষাৰ্থীৰ ভৱিষ্যত চিনাক্ত কৰিব নোৱাৰিব।ভুল পথে যোৱা শিক্ষাৰ্থীক ঘূৰাই আনি প্ৰকৃত কৰ্মক্ষেত্ৰ দেখুৱাব নোৱাৰিব।শিক্ষাৰ্থীক একো একোজন মানৱ সম্পদ হিচাপে গঢ় দিব নোৱাৰিব।কাৰণ সমাজৰ শিক্ষাৰ্থী হৈছে দেশৰ ভৱিষ্যত।তেওঁলোকক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তোলাতো সমাজৰ দায়িত্ব।সমাজে তেওঁলোকক উপযুক্ত শিক্ষাৰ জ্ঞান আহৰণ কৰাত অৰিহণা যোগাব নোৱাৰিলে ইয়াৰ বোজা সমাজে কঢ়িয়াব লগা হ’ব।সমাজে ইয়াৰ ওপৰত গুৰুত্ব দি শিক্ষাৰ্থী সকলক ভৱিষ্যতে মানৱ সম্পদ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে।জীৱনৰ প্ৰকৃত কৰ্মক্ষেত্ৰ দেখুৱাব পাৰে।সেয়ে সমাজ হৈছে শিক্ষাৰ্থীৰ অভিভাৱক,পথপ্ৰদৰ্শক।

বিভিন্ন ধৰণৰ সম্প্ৰদায়েৰে সমাজ গঢ় লৈ উঠিব পাৰে।তেওঁলোকৰ ভাষা সংস্কৃতিবোৰো বেলেগ বেলেগ হ’ব পাৰে।কাৰোবাৰ ধৰ্ম হিন্দু হ’ব পাৰে আন কাৰোবাৰ মুছলিম,খ্ৰীষ্টান।কোনোবা মিচিং হ’ব পাৰে,আন কোনোবা বড়ো,কছাৰী নতুবা আহোম,চুতীয়া,বেঙ্গলী।যদিও ব্যক্তিক লৈয়ে সমাজ সৃষ্টি হয়।ব্যক্তিক বাদ দি সমাজ সৃষ্টি হ’ব নোৱাৰে।ব্যক্তি সমাজৰ অধীন অথচ সমাজে দায়িত্ব দিয়া ব্যক্তিৰ জৰিয়তে সমাজৰ কামবোৰ সম্পাদন কৰা দেখা যায়।সমাজত সমাজৰ নীতি-নিয়মৰ জৰিয়তে পৰিচালিত হয় সমাজ।এই নীতি-নিয়মবোৰ হৈছে সমাজৰ পৰম্পৰা।পৰম্পৰা হৈছে সমাজৰ মূল আধাৰ।এই পৰম্পৰা সমাজৰ লোকসংস্কৃতিত সংপৃক্ত হৈ আছে।বিহুৰ লগতে বিভিন্ন উৎসৱ-পাৰ্বণ আৰু ভাওনা,ৰাসলীলা, সত্ৰীয়া নৃত্যবোৰ হৈছে আমাৰ সংস্কৃতি।লক্ষ্যণীয় যে অসমীয়া সমাজত শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মীয় সংস্কৃতিৰ প্ৰভাৱ বিদ্যমান হৈ আছে।এই সংস্কৃতিৰ প্ৰভাৱ শিক্ষাৰ্থীৰ জীৱনত পৰা দেখা যায়।ইয়াৰ উপৰিও মিচিং সকলৰ আলি আঃয়ে লৃগাং, পঃৰাগ উৎসৱ,বড়োসকলৰ খেৰাই উৎসৱ,বৈছাগু বা বাইছাগু উৎসৱ,ৰাভাসকলৰ কেঁচাইখাতি বা লাঙামৰা,ফাৰকান্তি উৎসৱ,তিৱাসকলৰ ৱানছুৱা, ছাংগ্ৰা,লাংখন হৈছে উল্লেখযোগ্য উৎসৱ।সেই উৎসৱ সমূহৰ জৰিয়তে শিক্ষাৰ্থীয়ে অনৈক্যৰ মাজত ঐক্যৰ জ্ঞান আহৰণ কৰিব পাৰে।

সমাজে বিদ্যালয় স্থাপন কৰে।শিক্ষাৰ্থী আৰু সমাজৰ আদৰ্শৰ মূল কেন্দ্ৰবিন্দু বিদ্যালয়। বিদ্যালয় হৈছে সমাজৰ মানৱ সম্পদ গঢ়ি তোলা এখন গুৰুত্বপূৰ্ণ অনুষ্ঠান।সমাজৰ সম্পূৰ্ণ বিকাশ সাধন কৰাৰ ক্ষেত্ৰত বিদ্যালয়ৰ ভুমিকা অনবদ্য অৱদান আছে।বিদ্যালয়ক বাদ দি সমাজ এখন আগুৱাই যাব নোৱাৰে।সমাজ আগুৱাই যোৱাৰ ক্ষেত্ৰত বিদ্যালয়ৰ অৱদান অপৰিসীম।কেতিয়াবা বিদ্যালয় আৰু সমাজৰ মাজত কিবা মত-বিৰোধ হোৱা দেখা যায়।এই মত-বিৰোধবোৰ আঁতৰাবৰ বাবে সমাজ আৰু বিদ্যালয়ৰ মাজত সমতা স্থাপন কৰা প্ৰয়োজন।ইয়াৰ যোগেদি মত বিৰোধবোৰ আঁতৰাব পাৰে।দৰাচলতে বিদ্যালয়ত কৰ্মৰত শিক্ষক সকলৰ সৈতে সমাজে সুসম্পৰ্ক বজাই ৰখা উচিত।এই সম্পৰ্কৰ জৰিয়তে বিদ্যালয় আৰু সমাজক একেলগে আগুৱাই নিব পাৰে।ইয়াৰ লগতে শিক্ষক সকলে ছাত্ৰ-ছাত্ৰীক জ্ঞান দিয়াতে ব্যস্ত নাথাকি সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰতো সমানে গুৰুত্বপূৰ্ণ ভূমিকা লোৱা উচিত।কিয়নো শিক্ষক সকলে সমাজৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰি সমাজ পৰিবৰ্তন কৰাত অৰিহণা যোগাব পাৰে।বিশেষকৈ সমাজে শিক্ষক সকলক সমাজৰ অন্য এজন ব্যক্তিতকৈ বেলেগ ধৰণে সন্মান কৰা পৰিলক্ষিত হয়।কাৰণ সমাজত অতীতৰ পৰাই দেখা যায় যে ভগৱানৰ পাছতে শিক্ষক সকলৰ স্থান সদায় আগত।এইয়ে শিক্ষক সকল হৈছে ছাত্ৰ-ছাত্ৰীৰ জীৱন নিৰ্মাতা আৰু সমাজৰ অভিভাৱক স্বৰুপ।

শিক্ষাৰ্থীৰ বাবে সমাজ বৰ অপৰিহাৰ্য। বিদ্যালয়ৰ পাছতে শিক্ষাৰ্থীৰ মূল জ্ঞানৰ কেন্দ্ৰবিন্দু হ’ল সমাজ।সমাজ শিক্ষাৰ্থীৰ অবিচ্ছেদ্য অংগ।শিক্ষাৰ্থীৰ জীৱন গঢ়াত সমাজে বিশেষ ভূমিকা গ্ৰহণ কৰে।সমাজক বাদ দি শিক্ষাৰ্থীৰ জীৱন সম্পূৰ্ণ নহয়।শিক্ষাৰ্থীয়ে বিদ্যালয়ৰ পৰা আহৰণ কৰিব নোৱাৰা জ্ঞান সমাজৰ পৰা আহৰণ কৰিব পাৰে।বিদ্যালয়ত যিবোৰ জ্ঞান প্ৰদান নকৰে এইবোৰ জ্ঞান সমাজে প্ৰদান কৰে।সমাজৰ পৰাই শিক্ষাৰ্থীয়ে সামাজিক ৰীতি-নীতি,আচাৰ-ব্যৱহাৰ আৰু নৈতিকতাৰ জ্ঞান আহৰণ কৰিব পাৰে।শিক্ষাৰ্থীৰ জীৱনত সামাজিক ৰীতি-নীতিয়ে প্ৰভাৱ পেলায়।সমাজত সমাযোজন কৰিবলৈ হ’লে শিক্ষাৰ্থীয়ে সামাজিক ৰীতি-নীতিৰ জ্ঞান আহৰণ কৰা প্ৰয়োজন। শিক্ষাৰ্থীৰ ব্যক্তিত্ব গঢ়ি তোলাৰ ক্ষেত্ৰত আচাৰ-ব্যৱহাৰ আৰু নৈতিকতাৰ জ্ঞানে প্ৰভাৱ পেলায়।আচাৰ-ব্যৱহাৰ আৰু নৈতিকতাৰ জ্ঞানৰ অবিহনে শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ জীৱন সম্পূৰ্ণ বিকাশ হ’ব নোৱাৰে।যিহেতু সমাজ হৈছে ব্যক্তিৰ মূল কেন্দ্ৰবিন্দু।ব্যক্তিৰ জৰিয়তে গঢ় লৈ উঠে সমাজ।সমাজত পৰম্পৰা,কৃষ্টি-সংস্কৃতি নিবিড় বাবে জড়িত হৈ থাকে।এই পৰম্পৰা আৰু কৃষ্টি-সংস্কৃতিৰ বায়ু-পানী সেৱন কৰি ডাঙৰ দীঘল হয় শিক্ষাৰ্থী সকল।সেয়ে সমাজৰ পৰিৱেশ কেতিয়াও বিশৃঙ্খল হ’ব নালাগে।অপ-সংস্কৃতিৰে ভৰি পৰিব নালাগে।নহ’লে শিক্ষাৰ্থীৰ জীৱনত বিশৃংখলতা আৰু অপ-সংস্কৃতিয়ে প্ৰভাৱ পেলাব। ফলস্বৰূপে শিক্ষাৰ্থীৰ ভৱিষ্যতৰ জীৱন ধ্বংস হ’ব।সেয়ে সমাজ হৈছে শিক্ষাৰ্থীৰ জীৱন গঢ়াৰ অন্য এক কাৰখানা।শিক্ষাৰ্থীৰ জ্ঞান আহৰণ কৰাত সমাজৰ ভূমিকা অপৰিসীম।

অনুভৱ প্ৰিয়ম মিৰি

অশোক গেহলটৰ অ’এছডিৰ মন্তব্যঃ শচীন পাইলটৰ ওপৰত ৰখা হৈছিল চোকা নজৰ ! ফোনো কৰা হৈছিল টেপ…

অশোক গেহলটৰ অ’এছডিৰ মন্তব্যঃ শচীন পাইলটৰ ওপৰত ৰখা হৈছিল চোকা নজৰ! ফোনো কৰা হৈছিল টেপ

ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটৰ অ’এছডিৰ মন্তব্যই ৰাজ্য খনত তোলপাৰ লগাইছে। ৰাজস্থানত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে পোহৰলৈ আহিছে আন এক বিস্ফোৰক তথ্য। শেহতীয়াকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিশেষ কৰ্তব্যৰত বিষয়া (অ’এছডি) লোকেশ শৰ্মাই কৰা কেতবোৰ বিশেষ মন্তব্যই কংগ্ৰেছৰ ভিতৰচ’ৰাত পুনৰ হাহাকাৰ লগাইছে। ৰাজস্থানত গেহলট-পাইলটৰ মাজত চলি থকা শীতল যুঁজ খনৰ কথা সৰ্বজন জ্ঞাত। ইয়াৰ মাজতে লোকেশ শৰ্মাই কৈছে যে শচীন পাইলটৰ ওপৰত চোকা নজৰ ৰখা হৈছিল।

তেওঁ ক’লৈ গৈছে, কাৰ সৈতে কথা পাতিছে আদি সকলো কথাৰ ওপৰত চকু ৰখা হৈছিল।আনকি পাইলটৰ ফোনো টেপ কৰা হৈছিল বুলি শৰ্মাই কয়। এনে বিস্ফোৰক মন্তব্যৰ মাজতে আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি শচীন পাইলটে কয়, “মই সদায় কংগ্ৰেছ কৰ্মী হৈ আহিছো। মোক যি দায়িত্ব দিয়া হওঁক, মই সেয়া প্ৰকাৰে সততাৰে সম্পাদন কৰিম।

’’ৰাজস্থানৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা শচীন পাইলটে জয়পুৰ আৰু নতুন দিল্লীত দলটোৰ পৰাজয় সন্দৰ্ভত গভীৰ আলোচনাৰ বাবে আহ্বান জনায়। মুখ্যমন্ত্ৰী অশোক গেহলটৰ অ’এছডিৰ মন্তব্য সন্দৰ্ভত শচীন পাইলটে কয়, “মই বিশ্বাস কৰোঁ যে প্ৰথমে এই পৰাজয়ৰ কথা বিশ্লেষণ কৰাটো প্ৰয়োজনীয়।” অশোক গেহলটৰ অ’এছডি লোকেশ শৰ্মাৰ বিবৃতি সন্দৰ্ভত তেওঁ কয়, “মই মুখ্যমন্ত্ৰীৰ অ’এছডিৰ বিবৃতিও দেখিছো, দলটোৱে এই বিষয়েও চিন্তা-চৰ্চা কৰাটো প্ৰয়োজনীয়।”

পাইলটে এইবাৰ টংক বিধানসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে বিজয়ী হৈছে। কংগ্ৰেছ শাসনত থকাৰ সময়ত পাইলট আৰু গেহলটৰ মাজত মুখ্যমন্ত্ৰীৰ চকী খনকলৈ বিবাদ হৈছিল।

ডকাইতৰ মহানুভৱতা ! আইফোন বুলি ভাবি এণ্ড্ৰইড ফোন কাঢ়িলে ডকাইতে ! ভুল ধৰিব পাৰি গৰাকীক ফোন ঘূৰাই দিলে ডকাইতে…

আইফোন বুলি ভাবি এণ্ড্ৰইড ফোন কাঢ়িলে ডকাইতে, ভুল ধৰিব পাৰি গৰাকীক ফোন ঘূৰাই দিলে ডকাইতে!

ভদ্ৰ ডকাইত! দুজন ডকাইতে ডকাইতি কৰিছিল এটা মোবাইল ফোন। দামী আইফোন বুলি ভাবি কাঢ়ি নিয়া ফোনটো পিছে এণ্ড্ৰইড ফোনহে আছিল। সেয়ে ডকাইতে সেই ফোনটো ৰাখি কোনো কামত নাহিব বুলি নিশ্চিত হৈছিল। ইয়াৰ পিছতে দুই ডকাইতে স্পোৰ্টিং মাস্ক পৰিধান কৰি ফোনৰ গৰাকীৰ কাষলৈ গৈ স-সন্মানে এণ্ড্ৰইড ফোন ঘূৰাই দিয়ে । ডকাইতে হঠাতে আৱিষ্কাৰ কৰিলে যে তেওঁলোকে বন্দুক দেখুৱাই কাঢ়ি নিয়া ফোনটো তেওঁলোকৰ আকাংক্ষিত আইফোন নহয়।

সেয়ে তেওঁলোকে ফোনটোৰ গৰাকী দম্পতীহালৰ কাষলৈ দৌৰি যায় আৰু এণ্ড্ৰইড ফোনটো ঘূৰাই দিয়ে। ঘটনাটো ঘটিছে ৱাশ্বিংটনত। ঘটনাটো সংঘটিত হৈছিল যোৱা মাহত। কিন্তু ঘটনাটোৰ কথা এতিয়াহে পোহৰলৈ আহিছে। যোৱা মাহত এজন ব্যক্তি সশস্ত্ৰ চোৰৰ কবলত পৰিছিল। ডকাইতে তেওঁৰ গাড়ীৰ চাবি আৰু স্মাৰ্টফোন কাঢ়ি নিছিল। ৰূপালী আৱৰণেৰে ঢকা ফোনটো এণ্ড্ৰইড আছিল। কিন্তু ডকাইতে সেয়া আইফোন বুলি ভাবিছিল।তেওঁলোকে ফোনটো ভালদৰে চাই সেয়া আইফোন নহয় বুলি নিশ্চিত হৈছিল আৰু লগে লগে লোকজনক ফোনটো ঘূৰাই দিছিল।


এ.বি.চি.৭-ৰ প্ৰতিবেদন অনুসৰি ৱাশ্বিংটন, ডি.চি.-ৰ দম্পতীহালে এই ঘটনাটো প্ৰকাশ কৰিব বিচৰা নাছিল। অৱশ্যে শেষত ঘটনাটো পোহৰলৈ আহে।তেওঁলোকে গাড়ী খন পাৰ্কিং কৰাৰ পিছতে বন্দুকেৰে সজ্জিত দুজন মুখাপিন্ধা ডকাইতৰ কবলত পৰে। মহিলাগৰাকীয়ে কয়, “তেওঁলোকে সকলো লুণ্ঠন কৰিছিল, তেওঁৰ পকেটত থকা সকলো খিনি লৈ গৈছিল, মোৰ গাড়ীৰ চাবিলৈ লৈ গৈছিল ।লগে লগে তেওঁলোক উভতি আহিছিল আৰু ফোনটো আমাক ঘূৰাই দিছিল”।

কলিয়াবৰৰ নাহৰ চুকত নিশা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন…

কলিয়াবৰৰ নাহৰ চুকত নিশা পথ দুৰ্ঘটনা৷

তীব্ৰবেগী বাহনৰ প্ৰচণ্ড খুন্দা গছত৷ গছত খুন্দা মাৰি দ খাৱৈত পৰিল বাহনখন৷ বাহনখনত আছিল ৩জনকৈ লোক৷

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন৷আহত ৩ জন তেজপুৰৰ তিৰু বৰা, ৰহিন ইংতি, অনন্ত বৰ্মন৷

“মই বিজেপিত আছো বিজেপিতে থাকিম, আন দলত যোৱাৰ কোনো প্ৰশ্নই নুঠে ! ভুৱা বাতৰি প্ৰকাশ কৰাৰ পৰা বিৰত থাকক”— ৰেওৰেওৱা নাৰ্জিহাৰী…

“মই বিজেপিত আছো বিজেপিতে থাকিমঃ আন দলত যোৱাৰ কোনো প্ৰশ্নই নুঠেঃ ভুৱা বাতৰি প্ৰকাশ কৰাৰ পৰা বিৰত থাককঃ”— ৰেওৰেওৱা নাৰ্জিহাৰীঃ

মই বিপিএফ দলৰ পৰা পদত্যাগ কৰি তিনিবছৰ পূৰ্বে বিজেপি দলত যোগদান কৰাৰ পাছত বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে আমাৰ দলৰ নীতি- আদৰ্শ মতে কাম কৰি আছো। কোনো কাৰনতেই বিজেপি দলৰ পৰা মই বেলেগ দললৈ নাযাওঁ”। এই কথা আজি সাংবাদিকৰ আগত ষ্পষ্ট কৰি দিয়ে বিটিচিৰ কাৰ্যবাহী সদস্য ৰেওৰেওৱা নাৰ্জিহাৰীয়ে। তেওঁ কয় যে “কিছুদিন ধৰি একাংশ সংবাদ মাধ্যমে মোৰ দল এৰাৰ সম্ভাৱনা আছে বুলি ভুৱা আৰু মনেসজা বাতৰি প্ৰকাশ কৰি আছে। তেওঁলোকে কোন সূত্ৰৰ পৰা এই ভুৱা তথ্য লাভ কৰিছে সেয়া প্ৰকাশ কৰিবলৈ নাৰ্জিহাৰীয়ে আহ্বান জনায়। উল্লেখ্য যে বিটিচিৰ যমদুৱাৰ সমষ্টিৰ পৰা বিগত পৰিষদীয় নিৰ্বাচনত বিপিএফৰ টিকটত নিৰ্বাচিত ৰেওৰেওৱা নাৰ্জিহাৰীয়ে পৰৱৰ্তী সময়ত বিপিএফ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে।

তেঁও এতিয়া মিত্ৰজোঁটৰ বিটিচি চৰকাৰৰ এগৰাকী সন্মানীয় কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইপিনে ২০২৪’ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহা সময়ত দল বাগৰাৰ ৰাজনীতি আৰম্ভ হোৱা সময়ত একাংশ সংবাদ আৰু সামাজিক মাধ্যমত বিটিচিৰ কেইবাগৰাকী কাৰ্যবাহী আৰু পৰিষদীয় সদস্য বিজেপি আৰু ইউপিপিএল দল এৰি বিপিএফ দলত যোগদান কৰাৰ বাতৰি প্ৰকাশ পাইছে। সেই বাতৰিত পৰোক্ষভাৱে ৰেওৰেওৱা নাৰ্জিহাৰীৰ নামটো উল্লেখ কৰাত নাৰ্জিহাৰীয়ে আজি উক্ত বাতৰি দৃঢ়তাৰে খণ্ডন কৰে আৰু এয়া তেওঁৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ বুলি অভিহিত কৰে।

বিপিএফৰ একাংশ নেতাৰ ষড়যন্ত্ৰৰ চিকাৰ হৈ তেওঁ বিপিএফ দল এৰিবলৈ বাধ্য হৈছিল বুলিও আজি সংবাদ মাধ্যমৰ আগত অকপটে প্ৰকাশ কৰে। “ভৱিষ্যতে পুনৰ আৰু বিপিএফ দলত যোগদান কৰাৰ কোনো প্ৰশ্নই নুঠে” বুলি আজি ষ্পষ্ট কৰি দিয়ে। তেওঁ এতিয়া বিজেপি দলৰ এগৰাকী একনিষ্ঠ কৰ্মী হিচাপে কাম কৰি যথেষ্ট আত্মতুষ্টি লাভ কৰাৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী,অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ আদৰ্শত অনুপ্ৰাণিত হৈ তেওঁ ৰাইজৰ কাম কৰি আছে ভৱিষ্যতেও কৰি যাব বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

আজিজুল হক

গোসাইগাঁও

জনসমুদ্ৰত পৰিণত শুৱালকুছিৰ ৰাসস্থলী ! কৃষ্ণপ্ৰেমৰ অমিয়া বন্দনা আৰু ৰাসৰ উল্লাস- উদ্দীপনাত মুখৰ বস্ত্ৰনগৰী…

কৃষ্ণপ্ৰেমৰ অমিয়া বন্দনা আৰু ৰাসৰ উল্লাস- উদ্দীপনাত মুখৰ বস্ৰনগৰী

ৰাজ্যৰ বিভিন্ন প্ৰান্তত লগতে বস্ৰনগৰী শুৱালকুছিতো চলি আছে ৰাসৰ উল্লাস-উদ্দীপনা আৰু কৃষ্ণপ্ৰেমৰ অমিয়া বন্দনা। কালি আৰু আজি নিশা দ্বিতীয় বৃন্দাবনলৈ পৰ্যবেসিত হ’ল শুৱালকুছিৰ ৰাসস্হলী। সন্ধিয়াৰ পৰা অগণন ভক্তপ্ৰাণ ৰাইজৰ সমাগমে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে ৰাস উদযাপন স্হলীত ৷ ৰাধা-কৃষ্ণৰ যুগলবন্দী সহ গোপীৰ লয়লাসকে ধৰি ৰাস মহোৎসৰ লগত জড়িত প্ৰায় চল্লিশটা স্হলত বিভিন্ন মৃন্ময় মূৰ্ত্তিৰ দৃশ্যই মন্ত্ৰমুগ্ধ কৰিলে সমবেত হাজাৰ-হাজাৰ দৰ্শকক। ইয়াৰে কেইবাটিও স্হল বৈদ্যুতিক কাৰুকাৰ্যৰে জীৱন্ত কৰি তোলা প্ৰয়াসত সফল হৈছে উদ্যোক্তা সকল ৷ ৰাস থলী নিশা প্ৰতিদিনে নিমন্ত্ৰিত আগশাৰীৰ শিল্পীৰ গীত-মাত, বাঁহী-তালৰ মূৰ্চনাৰে মুখৰিত হৈছে শুৱালকুছিৰ ব্ৰহ্মপুত্ৰৰ সেউজ বালিচৰৰ আকাশ-বতাহ। ইফালে আনন্দমেলা আৰু বস্ৰমেলাত অগণন লোকৰ সমাৱেশ ঘটিছে ৷ আনন্দ উল্লাহৰ মাজত কেনেদৰে সময় পাৰ হৈছে তাক ধৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাসস্হলীত ৷

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে শুৱালকুছিৰ ৰাস মহোৎসৱ দেখি অভিভূত হৈ পৰিছে ৷ পাৰ্কিঙৰ সু-ব্যৱস্হা থকাৰ লগতে খোৱাৰ বাবে যথেস্ট সংখ্যক হোটেল ৰেস্টুৰেন্টৰ ব্যৱস্থা কৰিছে ব্যৱসায়ী সকলে ৷ কেটলী মুখত দিয়া পিঠা আৰু ফিকা চাহ ৰাসৰ এক আকৰ্ষণ হৈ পৰিছে ৷ চকৰিৰ জৰিয়তে ভাগ্য পৰীক্ষা কৰা খেলে সকলোকে আমোদ দিছে ৷ আৰক্ষী-প্ৰশাসনে ৰাস মহোৎসৱৰ সকলো দিশ পৰ্যবেক্ষণ কৰি আছে ৷ ৰাসস্হলীৰ প্ৰতিটো প্ৰান্ততে ব্যৱহাৰ কৰা হৈছে চি চি টিভি ৰ কেমেৰা ৷ যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হব নোৱাৰে ৷ জীৱন্ত ভূপেন হাজৰিকা আৰু জীৱন্ত মহাত্মা গান্ধীৰ কাৰুকাৰ্যই সকলোকে মোহিত কৰিছে ৷

আদিবাসীৰ বাসস্থানক লৈ প্ৰস্তুত কৰা ৰাসস্হলীৰ মূল গেটটোৱে এক বিশেষ মৰ্যদা প্ৰদান কৰিছে ৷ হনুমানৰ গদা আৰু পুতনা বধে সকলোৰে মন মুহিত কৰিছে ৷ ৰাস উদযাপন সমিতিৰ সভাপতি ৰাজীৱ দাসে জানিবলৈ দিয়ামতে বিগত দিন কেইটাত ৰাসস্হলীত কেবা লক্ষ্য লোকৰ সমাগম ঘটিছে। ৰাসস্হলীত বিৰ দি বাট নোপোৱা অৱস্থা হৈছে ৷ সমগ্ৰ বালিচৰত এক আধ্যাত্মিক পৰিবেশ বিৰাজ কৰিছে ৷ আনহাতে সৰু লৰা-ছোৱালীৰ বাবে পানীত নাওঁ খেলৰ লগতে আন বহুত খেলৰ ব্যৱস্থা কৰা হৈছে ৰাসস্হলীত ৷ মুঠতে শুৱালকুছিৰ ৰাসে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এক নতুন দিগন্তৰ সূচনা কৰিছে ৷ উদ্যোক্তা সকলে অসমবাসী ৰাইজক ৰেচম গাওঁ হিচাৱে পৰিচিত বস্ৰনগৰী হিচাৱে খ্যাত শুৱালকুছিৰ ৰাস মহোৎসৱ চাবলৈ আন্তৰিকতাৰে আহ্বান জনাইছে ৷