Breaking

শিক্ষাৰ্থীৰ শিক্ষাৰ জ্ঞান আহৰণত সমাজৰ ভূমিকা…

0 290

শিক্ষাৰ্থীৰ শিক্ষাৰ জ্ঞান আহৰণত সমাজৰ ভুমিকা

শিক্ষা হৈছে সমাজ পৰিবৰ্তনৰ আহিলা।শিক্ষাৰ অবিহনে সমাজ এখন পৰিবৰ্তন সম্ভৱ হ’ব নোৱাৰে।সমাজক পৰিবৰ্তন কৰাৰ ক্ষেত্ৰত শিক্ষাই সমাজক জগাই তোলে।শিক্ষাৰ জ্ঞান নহ’লে সমাজৰ অন্তৰদৃষ্টি জাগ্ৰত হ’ব নোৱাৰে।শিক্ষাই সমাজৰ অন্তৰদৃষ্টি জাগ্ৰত কৰি তোলে।এখন সুন্দৰ সমাজ প্ৰতিষ্ঠা কৰিবলৈ শিক্ষাৰ জ্ঞান আহৰণ কৰাতো বৰ প্ৰয়োজন।শিক্ষাৰ জ্ঞান নহ’লে এখন সুন্দৰ সমাজ প্ৰতিষ্ঠা কৰাতো সম্ভৱ নহয়।শিক্ষাৰ জ্ঞানে শিক্ষাৰ্থীৰ চকু পোহৰাই কৰি তোলে।আন্ধাৰৰ পৰা পোহৰৰ বাটলৈ আগুৱাই লৈ যাব পাৰে।দেশৰ এজন সুনাগৰিক হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰে।শিক্ষাৰ জ্ঞানে সমাজৰ দায়িত্ববোধ জগাই তোলে।শিক্ষাৰ জ্ঞানে সাহসেৰে কাম কৰিবলৈ ত্যাগ আৰু ধৈৰ্যৰ ইন্ধন যোগায়। শিক্ষাই সমাজত মিলা-প্ৰীতিৰে জীয়াই থকাৰ জ্ঞান প্ৰদান কৰে।শিক্ষাৰ জ্ঞানৰ বিকাশৰ জৰিয়তে শিক্ষাৰ্থীৰ বুদ্ধি আৰু অভিজ্ঞতাৰ বিকাশ হয়।শিক্ষাৰ জ্ঞানে শিক্ষাৰ্থী সকলক আত্মবিশ্বাস কৰি তোলাত শক্তি বৃদ্ধি কৰে।এই শক্তিৰ জৰিয়তে শিক্ষাৰ্থীয়ে জীৱনৰ প্ৰতিযোগিতা মূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ সাহস আৰু মনোবলৰ শক্তি আহৰণ কৰিব পাৰে।

সমাজ এখন আগুৱাই যোৱাৰ ক্ষেত্ৰত কু-সংস্কাৰবোৰে হেঙাৰ হিচাপে থিয় দিয়ে। কু-সংস্কাৰৰ প্ৰভাৱত সমাজ এখন ধ্বংস হৈ পৰে। সমাজক একতাৰ এনাজৰীৰে বান্ধি ৰাখিবলৈ কঠিন হৈ পৰে।সমাজক একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ শিক্ষাৰ জ্ঞানৰ প্ৰয়োজন।শিক্ষাৰ জ্ঞান নহ’লে সমাজক সংস্কাৰ কৰিব নোৱাৰে।শিক্ষাৰ জৰিয়তে সমাজৰ কু-সংস্কাৰবোৰ আঁতৰাব পাৰে। কু-সংস্কাৰে সমাজক আন্ধাৰৰ মাজত আৱদ্ধ কৰি ৰাখে।সমাজক বিশৃঙ্খলতা সৃষ্টি কৰে। সমাজৰ মাজত বিভেদ আনে।কু-সংস্কাৰ হৈছে সমাজৰ অপ্ৰয়োজনীয় জাবৰ।সমাজৰ চোতালে চোতালে,ৰাস্তাই পদূলিয়ে সিঁচৰতি হৈ থাকে এই জাবৰ।এই জাবৰ আঁতৰাই পেলাবলৈ হ’লে সমাজখন শিক্ষিত হোৱা দৰকাৰ।নহ’লে এই জাবৰৰ কুপ্ৰভাৱ সমাজৰ উঠি অহা পিছৰ প্ৰজন্মলৈ বিয়পি পৰাৰ সম্ভাৱনা থাকে।শিক্ষাৰ্থীৰ শিক্ষাৰ জ্ঞান আহৰণত বাধা হিচাপে থিয় দিব পাৰে।ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সমাজ সচেতন হোৱা উচিত।দায়িত্বৰ প্ৰতি সচেতন হৈ কাম কৰা দৰকাৰ।নহ’লে শিক্ষাৰ্থীৰ ভৱিষ্যত ধ্বংস হ’ব। সমাজৰ চিন্তাধাৰাবোৰ জাবৰেৰে ভৰি পৰিব।এই জাবৰবোৰে শিক্ষাৰ্থীৰ চিন্তাধাৰাত প্ৰভাৱ পেলাব। অপৰিবৰ্তিত হৈ পৰিব সমাজ।চিন্তাত কোনো নতুনত্ব নাথাকিব আৰু সমাজ সময়ৰ সৈতে খোজ মিলাই আগবাঢ়িব নোৱাৰিব।চিন্তাৰ বিকাশ নহৈ সমাজ পশ্চাৎমুখী হৈ থাকিব।সমাজখন সুন্দৰ কৰি তুলিবলৈ হ’লে সমাজৰ চিন্তাধাৰাবোৰ সুন্দৰ হ’ব লাগিব।চিন্তাৰ বিকাশ হ’ব লাগিব।তেতিয়াহে পৰিবৰ্তন হ’ব সমাজ।

সমাজ এখন আগুৱাই যোৱাৰ ক্ষেত্ৰত কু-সংস্কাৰবোৰে হেঙাৰ হিচাপে থিয় দিয়ে। কু-সংস্কাৰৰ প্ৰভাৱত সমাজ এখন ধ্বংস হৈ পৰে। সমাজক একতাৰ এনাজৰীৰে বান্ধি ৰাখিবলৈ কঠিন হৈ পৰে।সমাজক একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ শিক্ষাৰ জ্ঞানৰ প্ৰয়োজন।শিক্ষাৰ জ্ঞান নহ’লে সমাজক সংস্কাৰ কৰিব নোৱাৰে।শিক্ষাৰ জৰিয়তে সমাজৰ কু-সংস্কাৰবোৰ আঁতৰাব পাৰে। কু-সংস্কাৰে সমাজক আন্ধাৰৰ মাজত আৱদ্ধ কৰি ৰাখে।সমাজক বিশৃঙ্খলতা সৃষ্টি কৰে। সমাজৰ মাজত বিভেদ আনে।কু-সংস্কাৰ হৈছে সমাজৰ অপ্ৰয়োজনীয় জাবৰ।সমাজৰ চোতালে চোতালে,ৰাস্তাই পদূলিয়ে সিঁচৰতি হৈ থাকে এই জাবৰ।এই জাবৰ আঁতৰাই পেলাবলৈ হ’লে সমাজখন শিক্ষিত হোৱা দৰকাৰ।নহ’লে এই জাবৰৰ কুপ্ৰভাৱ সমাজৰ উঠি অহা পিছৰ প্ৰজন্মলৈ বিয়পি পৰাৰ সম্ভাৱনা থাকে।শিক্ষাৰ্থীৰ শিক্ষাৰ জ্ঞান আহৰণত বাধা হিচাপে থিয় দিব পাৰে।ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সমাজ সচেতন হোৱা উচিত।দায়িত্বৰ প্ৰতি সচেতন হৈ কাম কৰা দৰকাৰ।নহ’লে শিক্ষাৰ্থীৰ ভৱিষ্যত ধ্বংস হ’ব। সমাজৰ চিন্তাধাৰাবোৰ জাবৰেৰে ভৰি পৰিব।এই জাবৰবোৰে শিক্ষাৰ্থীৰ চিন্তাধাৰাত প্ৰভাৱ পেলাব। অপৰিবৰ্তিত হৈ পৰিব সমাজ।চিন্তাত কোনো নতুনত্ব নাথাকিব আৰু সমাজ সময়ৰ সৈতে খোজ মিলাই আগবাঢ়িব নোৱাৰিব।চিন্তাৰ বিকাশ নহৈ সমাজ পশ্চাৎমুখী হৈ থাকিব।সমাজখন সুন্দৰ কৰি তুলিবলৈ হ’লে সমাজৰ চিন্তাধাৰাবোৰ সুন্দৰ হ’ব লাগিব।চিন্তাৰ বিকাশ হ’ব লাগিব।তেতিয়াহে পৰিবৰ্তন হ’ব সমাজ।

শিক্ষাৰ্থীৰ শিক্ষাৰ জ্ঞান আহৰণত সমাজৰ ভুমিকা অতি গুৰুত্বপূৰ্ণ।সমাজৰ ভুমিকাৰ অবিহনে শিক্ষাৰ্থীৰ জ্ঞান আহৰণ কৰাতো সম্ভৱ নহয়।শিক্ষাৰ ক্ষেত্ৰত সমাজ এখন ওতঃপ্ৰোত ভাবে জড়িত হৈ থাকে।সমাজ এখন জড়িত নহ’লে শিক্ষাৰ্থীৰ জ্ঞান আহৰণত যথেষ্ঠ অসুবিধাৰ সৃষ্টি হয়।শিক্ষাৰ্থীৰ শিক্ষাৰ জ্ঞান আহৰণৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ সমাজে শিক্ষাৰ পৰিৱেশ গঢ় দিয়াতো দৰকাৰ।পৰিৱেশ গঢ় দিব নোৱাৰিলে এই সমাজৰ শিক্ষাৰ্থী সকলে উপযুক্ত শিক্ষাৰ জ্ঞান আহৰণ কৰাত বাধাৰ সৃষ্টি হ’ব পাৰে।শিক্ষাৰ্থী সকলক উপযুক্ত জ্ঞান দিব নোৱাৰিলে শিক্ষাৰ্থীৰ জীৱন অল্প বিদ্যা ভয়ংকৰ হ’ব।ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সমাজখন সজাগ সচেতন হোৱা ভাল। সজাগ নহ’লে সমাজ কোন পথে গতি কৰিছে ইয়াক নিৰ্ণয় কৰাটো কঠিন হৈ পৰিব।শিক্ষাৰ্থীয়ে বিদ্যালয়ত অধ্যয়ন কৰিছেনে নাই,সহপাঠী বা বন্ধু-বান্ধৱীৰ লগত কি কৰি ফুৰে?এইবোৰ লক্ষ্য কৰাতো সমাজৰ প্ৰধান দায়িত্ব।এইবোৰ লক্ষ্য নকৰিলে শিক্ষাৰ্থীৰ ভৱিষ্যত চিনাক্ত কৰিব নোৱাৰিব।ভুল পথে যোৱা শিক্ষাৰ্থীক ঘূৰাই আনি প্ৰকৃত কৰ্মক্ষেত্ৰ দেখুৱাব নোৱাৰিব।শিক্ষাৰ্থীক একো একোজন মানৱ সম্পদ হিচাপে গঢ় দিব নোৱাৰিব।কাৰণ সমাজৰ শিক্ষাৰ্থী হৈছে দেশৰ ভৱিষ্যত।তেওঁলোকক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তোলাতো সমাজৰ দায়িত্ব।সমাজে তেওঁলোকক উপযুক্ত শিক্ষাৰ জ্ঞান আহৰণ কৰাত অৰিহণা যোগাব নোৱাৰিলে ইয়াৰ বোজা সমাজে কঢ়িয়াব লগা হ’ব।সমাজে ইয়াৰ ওপৰত গুৰুত্ব দি শিক্ষাৰ্থী সকলক ভৱিষ্যতে মানৱ সম্পদ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে।জীৱনৰ প্ৰকৃত কৰ্মক্ষেত্ৰ দেখুৱাব পাৰে।সেয়ে সমাজ হৈছে শিক্ষাৰ্থীৰ অভিভাৱক,পথপ্ৰদৰ্শক।

বিভিন্ন ধৰণৰ সম্প্ৰদায়েৰে সমাজ গঢ় লৈ উঠিব পাৰে।তেওঁলোকৰ ভাষা সংস্কৃতিবোৰো বেলেগ বেলেগ হ’ব পাৰে।কাৰোবাৰ ধৰ্ম হিন্দু হ’ব পাৰে আন কাৰোবাৰ মুছলিম,খ্ৰীষ্টান।কোনোবা মিচিং হ’ব পাৰে,আন কোনোবা বড়ো,কছাৰী নতুবা আহোম,চুতীয়া,বেঙ্গলী।যদিও ব্যক্তিক লৈয়ে সমাজ সৃষ্টি হয়।ব্যক্তিক বাদ দি সমাজ সৃষ্টি হ’ব নোৱাৰে।ব্যক্তি সমাজৰ অধীন অথচ সমাজে দায়িত্ব দিয়া ব্যক্তিৰ জৰিয়তে সমাজৰ কামবোৰ সম্পাদন কৰা দেখা যায়।সমাজত সমাজৰ নীতি-নিয়মৰ জৰিয়তে পৰিচালিত হয় সমাজ।এই নীতি-নিয়মবোৰ হৈছে সমাজৰ পৰম্পৰা।পৰম্পৰা হৈছে সমাজৰ মূল আধাৰ।এই পৰম্পৰা সমাজৰ লোকসংস্কৃতিত সংপৃক্ত হৈ আছে।বিহুৰ লগতে বিভিন্ন উৎসৱ-পাৰ্বণ আৰু ভাওনা,ৰাসলীলা, সত্ৰীয়া নৃত্যবোৰ হৈছে আমাৰ সংস্কৃতি।লক্ষ্যণীয় যে অসমীয়া সমাজত শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মীয় সংস্কৃতিৰ প্ৰভাৱ বিদ্যমান হৈ আছে।এই সংস্কৃতিৰ প্ৰভাৱ শিক্ষাৰ্থীৰ জীৱনত পৰা দেখা যায়।ইয়াৰ উপৰিও মিচিং সকলৰ আলি আঃয়ে লৃগাং, পঃৰাগ উৎসৱ,বড়োসকলৰ খেৰাই উৎসৱ,বৈছাগু বা বাইছাগু উৎসৱ,ৰাভাসকলৰ কেঁচাইখাতি বা লাঙামৰা,ফাৰকান্তি উৎসৱ,তিৱাসকলৰ ৱানছুৱা, ছাংগ্ৰা,লাংখন হৈছে উল্লেখযোগ্য উৎসৱ।সেই উৎসৱ সমূহৰ জৰিয়তে শিক্ষাৰ্থীয়ে অনৈক্যৰ মাজত ঐক্যৰ জ্ঞান আহৰণ কৰিব পাৰে।

সমাজে বিদ্যালয় স্থাপন কৰে।শিক্ষাৰ্থী আৰু সমাজৰ আদৰ্শৰ মূল কেন্দ্ৰবিন্দু বিদ্যালয়। বিদ্যালয় হৈছে সমাজৰ মানৱ সম্পদ গঢ়ি তোলা এখন গুৰুত্বপূৰ্ণ অনুষ্ঠান।সমাজৰ সম্পূৰ্ণ বিকাশ সাধন কৰাৰ ক্ষেত্ৰত বিদ্যালয়ৰ ভুমিকা অনবদ্য অৱদান আছে।বিদ্যালয়ক বাদ দি সমাজ এখন আগুৱাই যাব নোৱাৰে।সমাজ আগুৱাই যোৱাৰ ক্ষেত্ৰত বিদ্যালয়ৰ অৱদান অপৰিসীম।কেতিয়াবা বিদ্যালয় আৰু সমাজৰ মাজত কিবা মত-বিৰোধ হোৱা দেখা যায়।এই মত-বিৰোধবোৰ আঁতৰাবৰ বাবে সমাজ আৰু বিদ্যালয়ৰ মাজত সমতা স্থাপন কৰা প্ৰয়োজন।ইয়াৰ যোগেদি মত বিৰোধবোৰ আঁতৰাব পাৰে।দৰাচলতে বিদ্যালয়ত কৰ্মৰত শিক্ষক সকলৰ সৈতে সমাজে সুসম্পৰ্ক বজাই ৰখা উচিত।এই সম্পৰ্কৰ জৰিয়তে বিদ্যালয় আৰু সমাজক একেলগে আগুৱাই নিব পাৰে।ইয়াৰ লগতে শিক্ষক সকলে ছাত্ৰ-ছাত্ৰীক জ্ঞান দিয়াতে ব্যস্ত নাথাকি সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰতো সমানে গুৰুত্বপূৰ্ণ ভূমিকা লোৱা উচিত।কিয়নো শিক্ষক সকলে সমাজৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰি সমাজ পৰিবৰ্তন কৰাত অৰিহণা যোগাব পাৰে।বিশেষকৈ সমাজে শিক্ষক সকলক সমাজৰ অন্য এজন ব্যক্তিতকৈ বেলেগ ধৰণে সন্মান কৰা পৰিলক্ষিত হয়।কাৰণ সমাজত অতীতৰ পৰাই দেখা যায় যে ভগৱানৰ পাছতে শিক্ষক সকলৰ স্থান সদায় আগত।এইয়ে শিক্ষক সকল হৈছে ছাত্ৰ-ছাত্ৰীৰ জীৱন নিৰ্মাতা আৰু সমাজৰ অভিভাৱক স্বৰুপ।

শিক্ষাৰ্থীৰ বাবে সমাজ বৰ অপৰিহাৰ্য। বিদ্যালয়ৰ পাছতে শিক্ষাৰ্থীৰ মূল জ্ঞানৰ কেন্দ্ৰবিন্দু হ’ল সমাজ।সমাজ শিক্ষাৰ্থীৰ অবিচ্ছেদ্য অংগ।শিক্ষাৰ্থীৰ জীৱন গঢ়াত সমাজে বিশেষ ভূমিকা গ্ৰহণ কৰে।সমাজক বাদ দি শিক্ষাৰ্থীৰ জীৱন সম্পূৰ্ণ নহয়।শিক্ষাৰ্থীয়ে বিদ্যালয়ৰ পৰা আহৰণ কৰিব নোৱাৰা জ্ঞান সমাজৰ পৰা আহৰণ কৰিব পাৰে।বিদ্যালয়ত যিবোৰ জ্ঞান প্ৰদান নকৰে এইবোৰ জ্ঞান সমাজে প্ৰদান কৰে।সমাজৰ পৰাই শিক্ষাৰ্থীয়ে সামাজিক ৰীতি-নীতি,আচাৰ-ব্যৱহাৰ আৰু নৈতিকতাৰ জ্ঞান আহৰণ কৰিব পাৰে।শিক্ষাৰ্থীৰ জীৱনত সামাজিক ৰীতি-নীতিয়ে প্ৰভাৱ পেলায়।সমাজত সমাযোজন কৰিবলৈ হ’লে শিক্ষাৰ্থীয়ে সামাজিক ৰীতি-নীতিৰ জ্ঞান আহৰণ কৰা প্ৰয়োজন। শিক্ষাৰ্থীৰ ব্যক্তিত্ব গঢ়ি তোলাৰ ক্ষেত্ৰত আচাৰ-ব্যৱহাৰ আৰু নৈতিকতাৰ জ্ঞানে প্ৰভাৱ পেলায়।আচাৰ-ব্যৱহাৰ আৰু নৈতিকতাৰ জ্ঞানৰ অবিহনে শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ জীৱন সম্পূৰ্ণ বিকাশ হ’ব নোৱাৰে।যিহেতু সমাজ হৈছে ব্যক্তিৰ মূল কেন্দ্ৰবিন্দু।ব্যক্তিৰ জৰিয়তে গঢ় লৈ উঠে সমাজ।সমাজত পৰম্পৰা,কৃষ্টি-সংস্কৃতি নিবিড় বাবে জড়িত হৈ থাকে।এই পৰম্পৰা আৰু কৃষ্টি-সংস্কৃতিৰ বায়ু-পানী সেৱন কৰি ডাঙৰ দীঘল হয় শিক্ষাৰ্থী সকল।সেয়ে সমাজৰ পৰিৱেশ কেতিয়াও বিশৃঙ্খল হ’ব নালাগে।অপ-সংস্কৃতিৰে ভৰি পৰিব নালাগে।নহ’লে শিক্ষাৰ্থীৰ জীৱনত বিশৃংখলতা আৰু অপ-সংস্কৃতিয়ে প্ৰভাৱ পেলাব। ফলস্বৰূপে শিক্ষাৰ্থীৰ ভৱিষ্যতৰ জীৱন ধ্বংস হ’ব।সেয়ে সমাজ হৈছে শিক্ষাৰ্থীৰ জীৱন গঢ়াৰ অন্য এক কাৰখানা।শিক্ষাৰ্থীৰ জ্ঞান আহৰণ কৰাত সমাজৰ ভূমিকা অপৰিসীম।

অনুভৱ প্ৰিয়ম মিৰি

Leave A Reply