Home Blog Page 1218

মেইটেই উগ্ৰপন্থী গোটক নিষেধাজ্ঞাৰ বিষয়টো পৰ্যালোচনা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিৰ নেতৃত্বত ন্যায়াধিকৰণ গঠন কেন্দ্ৰৰ…

অশান্ত মণিপুৰত কেন্দ্ৰই বহু সংগঠনক নিষিদ্ধ কৰিছে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মণিপুৰৰ কেইবাটাও মেইটেই উগ্ৰপন্থী গোটক “বেআইনী সংগঠন” হিচাপে ঘোষণা কৰাৰ পৰ্যাপ্ত কাৰণ আছে নে নাই সেয়া বিচাৰ কৰি চাবলৈ বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ ন্যায়াধিকৰণ গঠন কৰিছে। ন্যায়াধিকৰণৰ নেতৃত্ব দিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিয়ে৷ ১৩ নৱেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সশস্ত্ৰ উপায়েৰে মণিপুৰক বিচ্ছিন্ন কৰাৰ বাবে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত কেইবাটাও মেইটেই উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে পাঁচ বছৰৰ বাবে নিষেধাজ্ঞাৰ ম্যাদ বৃদ্ধি কৰিছিল৷ ১৩ নৱেম্বৰত জাৰী কৰা গেজেট অধিসূচনাসমূহত মেইটেই গোটসমূহক সামূহিকভাৱে মেইটেই উগ্ৰপন্থী সংগঠন বুলি উল্লেখ কৰা হৈছিল।

এই গোটবোৰ হৈছে পিপলছ লিবাৰেচন আৰ্মি আৰু ইয়াৰ ৰাজনৈতিক শাখা, ৰিভলিউচনৰী পিপলছ ফ্ৰণ্ট, ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট আৰু ইয়াৰ সশস্ত্ৰ শাখা, মণিপুৰ পিপলছ আৰ্মি, পিপলছ ৰিভলিউচনৰী পাৰ্টি অফ কাংলেইপাক আৰু ইয়াৰ সশস্ত্ৰ শাখা, ৰেড আৰ্মি,কমিউনিষ্ট পাৰ্টি আৰু কাংলেই য়াওল কানবা লুপ৷ এই সংগঠনকেইটাক ইতিমধ্যে অবৈধ ঘোষণা কৰা হৈছে। ১৩ নৱেম্বৰৰ অধিসূচনাত মন্ত্ৰালয়ে গোটবোৰক সশস্ত্ৰ উপায়েৰে ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ক্ষতিকাৰক কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ কৰিছিল৷ মণিপুৰত নিৰাপত্তা বাহিনী, আৰক্ষী বিষয়া আৰু অসামৰিক লোকক আক্ৰমণ আৰু হত্যা কৰাৰ অভিযোগো সংগঠন কেইটাৰ বিৰুদ্ধে উত্থাপন হৈছিল৷ মন্ত্ৰালয়ে সংগঠন কেইটাই বিদেশী সংস্থাৰ পৰা সহায় লাভ কৰাৰো অভিযোগ উত্থাপন কৰিছিল৷ কেন্দ্ৰই কৈ আহিছে যে যদি এনে সংগঠনবোৰক নিয়ন্ত্ৰণ কৰা নহয়, তেন্তে তেওঁলোকে হিংসাত্মক কাৰ্য্য চলাই যাব৷ তথ্য অনুসৰি এই সংগঠনবোৰে ১ জানুৱাৰী, ২০১৩ আৰু ৩১ জুলাই, ২০১৮-ৰ ভিতৰত ৭৫৬ টা হিংসাত্মক ঘটনাত জড়িত আছিল। একে সময়তে, তেওঁলোকে ৮৬ জন লোকক হত্যা কৰিছিল । আৰক্ষীৰ তথ্য অনুসৰি চলিত বৰ্ষৰ মে’ মাহৰ আৰম্ভণিতে জাতিগত সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছত মণিপুৰত প্ৰায় ১৭৫ জন লোক নিহত হৈছে। প্ৰায় ৬০,০০০ লোকে নিজৰ ঘৰৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছে। ৰাজ্যখনৰ পাহাৰীয়া জিলাসমূহত কুকিসকল সংখ্যাগৰিষ্ঠ আৰু মেইটিসকলে ইম্ফল উপত্যকাত আধিপত্য বিস্তাৰ কৰি আহিছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কৈছে যে তেওঁৰ চৰকাৰ ইম্ফল উপত্যকাৰ বিদ্ৰোহী গোটৰ সৈতে আলোচনাৰ বাবে সাজু হৈ আছে আৰু শীঘ্ৰেই শান্তি চুক্তি স্বাক্ষৰ কৰা হ’ব৷

পাঁচ বছৰৰ বাবে দেশৰ ৮১.৩৫ কোটি হিতাধিকাৰীক যোগান ধৰা হ’ব বিনামূলীয়া খাদ্যশস্য, কেবিনেটৰ সিদ্ধান্ত…

পাঁচ বছৰৰ বাবে দেশৰ ৮১.৩৫ কোটি হিতাধিকাৰীক যোগান ধৰা হ’ব বিনামূলীয়া খাদ্যশস্য৷ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে এইবুলি সিদ্ধান্ত গ্ৰহণ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা (পিএমজিকেএৱাই)ৰ অধীনত ১ জানুৱাৰী, ২০২৪ৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰায় ৮১.৩৫ কোটি হিতাধিকাৰীক ৫ বছৰৰ বাবে বিনামূলীয়া খাদ্য শস্য প্ৰদান কৰিব। এই সিদ্ধান্তৰ ফলত পিএমজিকেএৱাইক ৮১.৩৫ কোটি লোকৰ খাদ্য আৰু পুষ্টিৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে বিশ্বৰ সৰ্ববৃহৎ সমাজ কল্যাণ আঁচনিৰ অন্যতম হৈ পৰিব৷ এই আঁচনিৰ আনুমানিক ব্যয় হৈছে ৫ বছৰৰ ভিতৰত ১১.৮০ লাখ কোটি টকা। অমৃত কালত এই পৰিসৰত খাদ্য সুৰক্ষা নিশ্চিত কৰাটোৱে এখন আকাংক্ষিত আৰু উন্নত ভাৰত গঢ়ি তোলাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি বহুতে ধাৰণা কৰিছে৷

০১-০১-২০২৪ৰ পৰা ৫ বছৰৰ বাবে পিএমজিকেএৱাইৰ অধীনত বিনামূলীয়া খাদ্য শস্য (চাউল, ঘেঁহু আৰু গোটা শস্য/মিলেট)ই খাদ্য সুৰক্ষা শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীৰ যিকোনো আৰ্থিক সংকট লাঘৱ কৰিব। ই এক উমৈহতীয়া ল’গ’ৰ অধীনত ৫ লাখৰো অধিক ন্যায্য মূল্যৰ দোকানৰ নেটৱৰ্কৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিনামূলীয়াকৈ খাদ্য শস্য ডেলিভাৰীৰ ক্ষেত্ৰত দেশব্যাপী একাকাৰিতা প্ৰদান কৰিব। হিতাধিকাৰীসকলে অ’এনঅ’আৰচি-ৱান নেচন ৱান ৰেচন কাৰ্ড- পদক্ষেপৰ অধীনত দেশৰ যিকোনো সুলভ মূল্যৰ দোকানৰ পৰা বিনামূলীয়াকৈ খাদ্য-শস্য সংগ্ৰহ কৰিব পাৰিব। বিনামূলীয়া খাদ্য শস্যই সমান্তৰালভাৱে সমগ্ৰ দেশতে ৱান নেচন ৱান ৰেচন কাৰ্ড (অ’এনঅ’আৰচি)ৰ নীতি ৰূপায়ণ নিশ্চিত কৰিব ৷ পিএমজিকেএৱাইৰ অধীনত খাদ্য শস্য বিতৰণৰ বাবে পাঁচ বছৰৰ বাবে আনুমানিক খাদ্য ৰাজসাহায্য ১১.৮০ লাখ কোটি টকা। এইদৰে নিৰ্ধাৰিত জনসাধাৰণক বিনামূলীয়া খাদ্য শস্য প্ৰদান কৰিবলৈ পিএমজিকেএৱাইৰ অধীনত অহা পাঁচ বছৰৰ সময়ছোৱাত খাদ্য ৰাজসাহায্য হিচাপে কেন্দ্ৰই প্ৰায় ১১.৮০ লাখ কোটি টকা ব্যয় কৰিব। পিএমজিকেএৱাইৰ অধীনত ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা পাঁচ বছৰৰ বাবে কাৰ্যকৰী হ’বলগীয়া বিনামূলীয়া খাদ্য শস্যৰ এই ব্যৱস্থাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাষ্ট্ৰীয় খাদ্য আৰু পুষ্টি সুৰক্ষা সুনিশ্চিত কৰাৰ সংকল্প প্ৰতিফলিত কৰিছে।

এটা অন্ত্যোদয়া পৰিয়ালৰ বাবে ৩৫ কেজি চাউলৰ অৰ্থনৈতিক ব্যয় হয় ১৩৭১ টকা, আনহাতে ৩৫ কেজি ঘেঁহুৰ দাম হয় ৯৪৬ টকা, যিটো পিএমজিকেএৱাইৰ অধীনত ভাৰত চৰকাৰে বহন কৰি আছে, আৰু খাদ্যশস্য পৰিয়ালসমূহক সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হয়। হিতাধিকাৰীসকলৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি আৰু নিৰ্ধাৰিত জনসাধাৰণৰ বাবে খাদ্য শস্যৰ সুলভতা, ব্যয়সাধ্যতা আৰু উপলব্ধতাৰ ক্ষেত্ৰত খাদ্য সুৰক্ষা শক্তিশালী কৰাৰ উদ্দেশ্যে, আৰু সমগ্ৰ ৰাজ্যসমূহত একাকাৰিতা বজাই ৰাখিবলৈ পিএমজিকেএৱাইৰ অধীনত পাঁচ বছৰৰ বাবে বিনামূলীয়াকৈ খাদ্য শস্যৰ যোগান অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ফাষ্ট ট্ৰেক বিশেষ আদালতৰ আঁচনি পৰৱৰ্তী তিনি বছৰলৈ অব্যাহত ৰখাৰ সিদ্ধান্ত কেবিনেটৰ…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ফাষ্ট ট্ৰেক বিশেষ আদালত (FTSC)ক কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা আঁচনি (CSS) হিচাপে ০১-০৪-২০২৩ ৰপৰা ৩১-০৩-২০২৬লৈ অব্যাহত ৰখাত অনুমোদন জনাইছে। ইয়াৰ বাবে ১৯৫২.২৩ কোটি টকা (কেন্দ্ৰীয় অংশীদাৰিত্ব হিচাপে ১২০৭.২৪ কোটি টকা আৰু ৰাজ্যিক অংশীদাৰিত্ব হিচাপে ৭৪৪.৯৯ কোটি টকা) নিৰ্ধাৰণ কৰা হৈছে। কেন্দ্ৰীয় অংশ নিৰ্ভয়া পুঁজিৰপৰা আগবঢ়োৱা হ’ব। ০২-১০-২০১৯ত এই আঁচনিৰ শুভাৰম্ভ হৈছিল। ‘বেটি বচাও বেটি পঢ়াও’ কাৰ্য্যক্ৰমৰ দৰে এলানি পদক্ষেপে মহিলা আৰু শিশুৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিতকৰণৰ অৰ্থে চৰকাৰৰ অদম্য অগ্ৰাধিকাৰক স্পষ্ট কৰি তুলিছে। কন্যা শিশু আৰু মহিলাক ধৰ্ষণৰ দৰে অনাকাংক্ষিত ঘটনাসমূহে ৰাষ্ট্ৰখনক গভীৰভাৱে প্ৰভাৱিত কৰিছে। এনে কাণ্ডৰ সঘনতা আৰু অপৰাধীৰ দীৰ্ঘদিনীয়া বিচাৰৰ বাবে, বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে কৰিব পৰাকৈ আৰু যৌন অপৰাধৰ বলি হোৱা দুৰ্ভগীয়া লোকসকলক তাৎক্ষণিকভাৱে সকাহ দিবলৈ এক সমৰ্পিত আদালত ব্যৱস্থাৰ স্থাপন আৱশ্যকীয় হৈ পৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে “ফৌজদাৰী আইন (সংশোধনী) আইন, ২০১৮” প্ৰণয়ন কৰে, যি ধৰ্ষণৰ অপৰাধীৰ মৃত্যুদণ্ডকে ধৰি কঠোৰ শাস্তি প্ৰশস্ত কৰে আৰু ফাষ্ট ট্ৰেক বিশেষ আদালত (FTSC) গঠন কৰে।

সমৰ্পিত আদালত হিচাপে গঠন কৰা এফটিএছচিসমূহে দ্ৰুত ন্যায় ব্যৱস্থা নিশ্চিতকৰণেৰে ভুক্তভোগীসকলক ক্ষীপ্ৰতাৰে সকাহ প্ৰদানৰ লগতে যৌন অপৰাধ প্ৰতিৰোধৰ কাঠামো সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। আগষ্ট, ২০১৯ত ধৰ্ষণ আৰু যৌন অপৰাধৰপৰা শিশুৰ সুৰক্ষা আইন (POCSO Act) সম্পৰ্কীয় গোচৰৰ সময়োচিত নিষ্পত্তিকৰণৰ বাবে এফটিএছচি স্থাপনৰ অৰ্থে কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা আঁচনি যুগুত কৰিছিল। ২৫-০৭-২০১৯ৰ নিজাববীয়া লেখ আবেদন (ফৌজদাৰী) নং ১/২০১৯ সন্দৰ্ভত ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসাৰে, আঁচনিখনৰ অধীনত ১০০ ৰোধিক পকচো আইনৰ গোচৰ থকা জিলাসমূহৰ বাবে একচেটিয়া পকচো আদালত স্থাপনৰ নিৰ্দেশ প্ৰদান কৰা হয়। আৰম্ভণিতে অক্টোবৰ, ২০১৯ত এবছৰৰ বাবে আৰম্ভ কৰা আঁচনিখন অতিৰিক্ত দুবছৰৰ বাবে ৩১-০৩-২০২৩লৈ সম্প্ৰসাৰিত কৰা হৈছিল। এতিয়া, ইয়াক ৩১-০৩-২০২৬লৈ সম্প্ৰসাৰিত কৰা হৈছে। এই ক্ষেত্ৰত ১৯৫২.২৩ কোটি টকা বিত্তীয় ব্যয় নিৰ্ধাৰণ কৰা হৈছে আৰু নিৰ্ভয়া পুঁজিৰপৰা কেন্দ্ৰীয় অংশ আগবঢ়োৱা হ’ব। আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ন্যায় বিভাগে ৰূপায়ণ কৰা এফটিএছচি-কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা আঁচনিখনে সমগ্ৰ দেশতে এফটিএছচি স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ ক্ষমতা বৃদ্ধিৰে ধৰ্ষণ আৰু পকচো আইনৰে জড়িত গোচৰসমূহৰ ক্ষীপ্ৰ নিষ্পত্তি নিশ্চিত কৰিছে।

ত্ৰিশখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৰূপায়ণ কৰা আঁচনিখনে ৪১৪ খন বিশেষ পকচো আদালতকে ধৰি ৭৬১ খন এফটিএছচি কাৰ্য্যকৰী কৰিছে, যিসমূহে ১,৯৫,০০০ ৰোধিক গোচৰ সমাধা কৰিছে। এই আদালতসমূহে যৌন অপৰাধৰ বলি হোৱা দুৰ্ভগীয়া লোকসকলক সময়মতে ন্যায় প্ৰদানৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ প্ৰচেষ্টাক সমৰ্থন জনাইছে। আনকি প্ৰত্যন্ত অঞ্চলসমূহতো এনে আদালত স্থাপন কৰা হৈছে।

চণ্ডীগড়ত ছাত্ৰী নিবাসৰ ৱাছৰূমত স্পাই কেমেৰা লগালে ছাত্ৰীয়ে! প্ৰেমিকসহ গ্ৰেপ্তাৰ…

পুনৰ অঘটন৷ প্ৰেমিকৰ কথা মতেই এগৰাকী ছাত্ৰীয়ে ছাত্ৰীনিবাসৰ স্নানাগাৰত স্পাই কেমেৰা লগাই অৱশেষত ধৰা পৰিল৷ এইঘটনা পিছে বেছিদিন গোপনে নাথাকিল৷ স্পাই কেমেৰাৰ উপস্থিতিৰ কথা ধৰা পৰাৰ পিছতে ছাত্ৰী নিবাসটোৰ আবাসী ছাত্ৰীসকলৰ মাজত আতংক বিয়পি পৰে৷ ঘটনাটো গৈ আৰক্ষীৰ কাষ পালে৷ অৱশেষত আৰক্ষীয়ে ছাত্ৰীগৰাকী আৰু তেওঁৰ প্ৰেমিকক বুধবাৰে চণ্ডীগড়ৰ ছেক্টৰ ২২ৰ পৰা গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্ত ছাত্ৰীগৰাকীয়ে পিজিত আন চাৰিগৰাকী ছাত্ৰীৰ সৈতে বাস কৰিছিল। ছাত্ৰীগৰাকীয়ে তেওঁৰ প্ৰেমিকৰ অনুৰোধত স্নানাগাৰত এটা স্পাই কেমেৰা স্থাপন কৰিছিল আৰু আন ছাত্ৰীসকলৰ ব্যক্তিগত ভিডিঅ’ ৰেকৰ্ড কৰিছিল।

ভুক্তভোগী সকলৰ মাজৰ এগৰাকীয়ে একেটা ঘৰত থকা ঘৰৰ মালিকক কথাটো অৱগত কৰিছিল আৰু আৰক্ষীক খবৰ দিয়া হৈছিল। দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছত জামিনত মুক্তিও দিয়া হৈছে। তেওঁলোকৰ ফোন কেইটা জব্দ কৰা হৈছে আৰু অনুসন্ধানৰ বাবে কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞানাগাৰলৈ (চিএফএছএল) প্ৰেৰণ কৰা হৈছে।

উপ আৰক্ষী অধীক্ষক গুৰমুখ সিঙে সংবাদ মাধ্যমৰ আগত কয়, “প্ৰায় পাঁচ দিন আগতে ছোৱালীজনী আৰু ল’ৰাজনে চণ্ডীগড়ৰ পৰা স্পাই কেমেৰা ক্ৰয় কৰি ৱাছৰুমত স্থাপন কৰিছিল। আমি অনুসন্ধান কৰি আছো যে তেওঁলোকে ফটো আৰু ভিডিঅ’বোৰ ছ’চিয়েল মিডিয়াত আপলোড কৰিছে নে কাৰোবাৰ সৈতে শ্বেয়াৰ কৰিছে।”

ষষ্ঠদশ বিত্ত আয়োগৰ চৰ্তাৱলীত অনুমোদন কেবিনেটৰ…

ষষ্ঠদশ বিত্ত আয়োগৰ চৰ্তাৱলীত অনুমোদন কেবিনেটৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ষষ্ঠদশ বিত্ত আয়োগৰ চৰ্তাৱলীত অনুমোদন জনায়। সঠিক সময়ত ষষ্ঠদশ বিত্ত আয়োগৰ চৰ্তাৱলী সম্পৰ্কে জাননী জাৰি কৰা হ’ব। ষষ্ঠদশ বিত্ত আয়োগৰ পৰামৰ্শসমূহ ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ পাঁচ (৫)বছৰৰ বাবে চৰকাৰে গ্ৰহণ কৰিব। সংবিধানৰ ২৮০(১) অনুচ্ছেদত ৰাজ্যসমূহৰ কৰ, অনুদান-সাহায্য আৰু ৰাজহৰ প্ৰকৃত আয় কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহৰ মাজত বিতৰণ আৰু সংস্থাসমূহৰ পৰিপূৰক হিচাপে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ, ৰাজ্যসমূহৰ মাজত শ্বেয়াৰ আবণ্টনৰ পৰামৰ্শ প্ৰদান আৰু পঞ্চায়তসমূহৰ নিৰ্দিষ্ট সময়সীমা আৰু আয়ৰ সৈতে জড়িত ইত্যাদি দিশৰ প্ৰতি লক্ষ্য ৰাখি বিত্ত আয়োগ গঠনৰ পদ্ধতিসমূহ গ্ৰহণ কৰা হ’ব।

২০১৭ চনৰ ২৭ নৱেম্বৰত পঞ্চদশ বিত্ত আয়োগ গঠন কৰা হৈছিল। ২০২০ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ছবছৰৰ বাবে অন্তৱৰ্তীকালীন আৰু চূড়ান্ত প্ৰতিবেদনৰ জৰিয়তে পৰামৰ্শ প্ৰদান কৰা হৈছে৷ পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শসমূহ ২০২৫-২৬ বিত্তীয় বৰ্ষলৈকে বাহাল থাকিব৷ ষষ্ঠদশ বিত্তীয় আয়োগৰ চৰ্তাৱলী। বিত্ত আয়োগে নিম্নোলিখিত বিষয়সমূহত পৰামৰ্শৱলী আগবঢ়াব, সেইবোৰ হৈছেঃ

সংবিধানৰ প্ৰথম অধ্যায়, দ্বাদশ অংশৰ অধীনত তেওঁলোকৰ মাজত বিভক্ত হ’বলগীয়া বা হ’ব পৰা কৰৰ প্ৰকৃত আয় আৰু ৰাজ্যসমূহৰ মাজত বিতৰণ আৰু এনে আয়ৰ নিজ নিজ অংশ ৰাজ্যসমূহৰ মাজত আবণ্টন;

ভাৰতৰ সমন্বিত পুঁজিৰ পৰা ৰাজ্যসমূহৰ ৰাজহৰ অনুদান-সাহায্য আৰু সংবিধানৰ ২৭৫ অনুচ্ছেদৰ অধীনত ৰাজ্যসমূহক তেওঁলোকৰ ৰাজহৰ অনুদান-সাহায্যৰ জৰিয়তে প্ৰদান কৰিবলগীয়া ধনৰাশি নিয়ন্ত্ৰণ কৰিবলগীয়া নীতিসমূহ সেই অনুচ্ছেদৰ দফা (১)ৰ বিধানসমূহত উল্লেখ কৰা উদ্দেশ্যৰ বাহিৰে আন উদ্দেশ্যসমূহ; আৰু

ৰাজ্যৰ বিত্ত আয়োগে দিয়া পৰামৰ্শৰ ভিত্তিত ৰাজ্যখনৰ পঞ্চায়ত আৰু পৌৰসভাসমূহৰ সম্পদৰ পৰিপূৰক হিচাপে ৰাজ্য এখনৰ সমন্বিত পুঁজি বৃদ্ধিৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহ৷

দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ (২০০৫ চনৰ ৫৩)ৰ অধীনত গঠিত পুঁজিৰ উল্লেখ কৰি আয়োগে দুৰ্যোগ ব্যৱস্থাপনা পদক্ষেপসমূহৰ বিত্তীয় সাহায্যৰ ওপৰত বৰ্তমানৰ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰিব পাৰে আৰু এই সন্দৰ্ভত উপযুক্ত পৰামৰ্শ আগবঢ়াব পাৰে।

আয়োগে ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ পাঁচ বছৰৰ বাবে ২০২৫ চনৰ ৩১ অক্টোবৰৰ ভিতৰত ইয়াৰ প্ৰতিবেদন প্ৰকাশ কৰিব৷

ৰোহিত, হাৰ্দিক নে সূৰ্য্য? জানেনে অহা বছৰৰ টি-২০ বিশ্বকাপত টিম ইণ্ডিয়াৰ অধিনায়ক কোন…

ৰোহিত শৰ্মাঃ টিম ইণ্ডিয়াৰ বৰ্তমানৰ টি-২০ দলটোলৈ চাই অহা বছৰৰ টি-২০ বিশ্বকাপত টিম ইণ্ডিয়াৰ অধিনায়কত্ব কোনে কৰিব সেয়া অনুমান কৰাটো কঠিন? এদিনীয়া বিশ্বকাপৰ পিছত এতিয়া সমগ্ৰ বিশ্বৰ দলসমূহ ২০২৪ চনৰ জুন মাহত প্ৰায় ৬ মাহৰ পিছত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। এদিনীয়া বিশ্বকাপৰ পূৰ্বে টিম ইণ্ডিয়াৰ অধিনায়ক নিশ্চিত আছিল যদিও টি-২০ বিশ্বকাপৰ আগত এনে নহয়। অহা বছৰ ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ’ব ২০২৪ চনৰ টি-২০ বিশ্বকাপ। সেই বিশ্বকাপত কোনে টিম ইণ্ডিয়াৰ অধিনায়ক হ’ব সেই সন্দৰ্ভত এতিয়াও কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই।

যোৱা কেইবাখনো টি-২০ ছিৰিজত বিচিচিআইয়ে অধিনায়কৰ দায়িত্ব হাৰ্দিক পাণ্ডিয়াক দিছিল যদিও বিশ্বকাপৰ খেলৰ সময়ত হাৰ্দিক পাণ্ডিয়া আঘাতপ্ৰাপ্ত হৈছিল আৰু এতিয়াও আঘাতপ্ৰাপ্ত। বিশ্বকাপৰ ঠিক পিছতেই ৰোহিত শৰ্মাইও এমাহৰ ছুটী লৈছিল, সেয়েহে বিচিচিআইয়ে আন এজন নতুন টি-২০ অধিনায়ক নিযুক্তি দিবলগীয়া হৈছিল আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা ৫খন মেচৰ টি-২০ শৃংখলাৰ অধিনায়কত্ব সূৰ্য্যকুমাৰ যাদৱৰ হাতত অৰ্পণ কৰা হৈছিল।

অৱশ্যে ৰোহিতে ইচ্ছা কৰিলে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ অধিনায়কত্ব কৰিব। যদি ৰোহিতে টি-২০ৰ অধিনায়কত্ব বা টি-২০ ফৰ্মেট খেলিব নিবিচাৰে, তেন্তে বিচিচিআইৰ দ্বিতীয় বিকল্প হ’ব হাৰ্দিক পাণ্ডিয়া, আৰু যদি হাৰ্দিক পাণ্ডিয়াই আঘাতৰ পৰা সুস্থ হৈ নুঠে বা তেওঁৰ লগত কোনো ধৰণৰ ফিটনেছ সমস্যা থাকে, তেন্তে বিচিচিআইয়ে সূৰ্য্যকুমাৰ যাদৱ, যশপ্ৰিত বুমৰাহক বিবেচনা কৰিব বা কে এল ৰাহুলক অধিনায়কত্বৰ বিকল্প হিচাপেও বিবেচনা কৰিব পাৰি। এই সকলোবোৰ পৰিস্থিতিত এজন নতুন আৰু অনভিজ্ঞ অধিনায়কৰ নেতৃত্বত টিম ইণ্ডিয়াই বিশ্বকাপ খেলিবলৈ যাব।



পুনৰ একেলগে আমিৰ-কিৰণ! আমিৰ-কিৰণৰ বিবাহ বিচ্ছেদৰ কাৰণ কি আছিল…

কিৰণ ৰাও: কিৰণ ৰাওৰ নিজস্ব পৰিচয় আছে, কিন্তু সাধাৰণতে মানুহে তেওঁক আমিৰ খানৰ লগত জড়িত কৰিহে মনত পেলায়। দুয়োৰে মাজত বিচ্ছেদ হৈছে যদিও অতি সোনকালে দুয়োকে একেলগে দেখা পোৱা যাব। অহা বছৰ মুক্তি পাব কিৰণ ৰাওৰ ছবি, কিন্তু তাৰ আগতে কিৰণক আমিৰ সৈতে দেখা যাব কফি উইথ কৰণ ৮ত। প্ৰথম পত্নী ৰীনাৰ সৈতে আমিৰ খানৰ বিবাহ বিচ্ছেদৰ কাৰণ বছৰ বছৰ ধৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আমিৰ খানেও এই সন্দৰ্ভত মুকলিকৈ কথা কৈছে। কিন্তু ২০২১ চনৰ জুলাই মাহত যেতিয়া আমিৰ খানে বিবাহৰ ১৫ বছৰৰ পাছত দ্বিতীয় পত্নী কিৰণ ৰাওৰ সৈতে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল, তেতিয়া সকলোৱে স্তম্ভিত হৈ পৰিছিল। এই সন্দৰ্ভত দুয়োজনে যৌথ বিবৃতি প্ৰকাশ কৰিছিল। বিচ্ছেদ হোৱাৰ পিছতো দুয়োজনে বন্ধুত্বপূৰ্ণ বন্ধন বজাই ৰাখিছিল আৰু একেলগে পুত্ৰ আজাদৰ যত্ন লয়। কিন্তু দুয়োজনে কিয় পৃথক হ’ল সেয়া ৰহস্য হৈয়েই থাকিল। এতিয়া সম্ভৱ এই ৰহস্যৰ মুকলি হ’ব পাৰে। কৰণৰ সৈতে কফিৰ নতুন ছিজনত আমিৰ খান আৰু কিৰণ ৰাও একেলগে আহিব বুলি খবৰ ওলাইছে।


উল্লেখযোগ্য যে আমিৰ প্ৰাক্তন পত্নী কিৰণ ৰাওৰ পৰৱৰ্তী ছবি লাপাটা লেডিজৰো প্ৰযোজক। আনহাতে অহা বছৰত আমিৰ খানৰ পুত্ৰ জুনাইদে বলীউডত খোজ পেলাব। তেওঁৰ কন্যা ইৰা খানৰো অতি সোনকালে বিয়া হ’বলৈ ওলাইছে। আশা কৰা হৈছে যে আমিৰে নিজৰ কেৰিয়াৰৰ পৰা আৰম্ভ কৰি ব্যক্তিগত জীৱনলৈকে সকলো বিষয়তে আলোচনা কৰিব কফি উইথ কৰণ ছিজন ৮ত।



আজি ৰাজ্য চৰকাৰে প্ৰদান কৰিব ড০ বাণীকান্ত কাকতি বঁটা…

আজি ৰাজ্য চৰকাৰে প্ৰদান কৰিব ড০ বাণীকান্ত কাকতি বঁটা।

HS চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীলৈ এই বঁটা।

৩৫,৭৭০ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব স্কুটী।


৭৫% নম্বৰ লাভ কৰা ছাত্ৰক প্ৰদান কৰা হ’ব স্কুটী।

প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীয়েও লাভ কৰিব স্কুটী।

খানাপাৰাত অনুষ্ঠিত হ’ব বঁটা বিতৰণী অনুষ্ঠান।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব স্কুটী।

এটা বিশেষ পুষ্টিকৰ উপাদানৰ অভাৱত ডায়েবেটিছ আৰু হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়…

ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰামৰ্শ: ডায়েবেটিছৰ পৰা আঁতৰি থকাটো অতি প্ৰয়োজনীয়, নহ’লে আপোনাৰ জীৱন কঠিন হৈ পৰিব পাৰে, এনে পৰিস্থিতিত শৰীৰত কোনো বিশেষ পুষ্টিকৰ উপাদানৰ অভাৱ হ’বলৈ নিদিব। মেগনেছিয়ামৰ অভাৱত টাইপ ২ ডায়েবেটিছ হ’ব পাৰে। বহু গৱেষণাত প্ৰমাণিত হৈছে যে মেগনেছিয়ামৰ অভাৱৰ বাবে ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়। শৰীৰত মেগনেছিয়ামৰ অভাৱ হ’বলৈ নিদিব-


আন আন পুষ্টিকৰ উপাদানৰ লগতে আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ মেগনেছিয়ামৰো প্ৰয়োজন হয়, সেয়েহে শৰীৰত মেগনেছিয়ামৰ অভাৱ হ’ব নালাগে। মেগনেছিয়ামৰ অভাৱে স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলাব পাৰে জানক-

মেগনেছিয়াম এটা গুৰুত্বপূৰ্ণ খনিজ যিয়ে আমাৰ শৰীৰৰ ভিতৰত বহু ধৰণৰ ৰাসায়নিক বিক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যিয়ে শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে। মানসিক স্বাস্থ্যৰ বাবেও মেগনেছিয়াম সমানেই গুৰুত্বপূৰ্ণ।

এই খাদ্যসমূহৰ জৰিয়তে লাভ কৰিব মেগনেছিয়াম-

-ডাৰ্ক চকলেট
-বাদাম
-কল

-সেউজীয়া পাতৰ পাচলি
-সৰিয়হ
-এভোকেডো
-দৈ
-চৰ্বিযুক্ত মাছ
-ষ্ট্ৰ’বেৰী

আজি তেলেংগানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ…

আজি তেলেংগানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটদান প্ৰক্ৰিয়া।
১১৯খন আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।


২২৯০ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা।
৩ ডিচেম্বৰত তেলেংগনা বিধাসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব।
ৰাজ্যখনত আছে প্ৰায় ৩.১৭ কোটি ভোটাৰ।