Home Blog Page 1253

৪৮ ঘণ্টাৰ পাছতো সুৰংগত আবদ্ধ ৪০ জন লোক, ষ্টীলৰ পাইপৰ জৰিয়তে উদ্ধাৰৰ প্ৰস্তুতি…

চৰ ধাম সুৰংগঃ উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগত আবদ্ধ হৈ থকা ৪০ জন শ্ৰমিকক দুৰ্ঘটনাৰ ৪৮ ঘণ্টাৰ পাছতো উদ্ধাৰ কৰিব পৰা নাই। অৱশ্যে সুৰংগটোত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ সৈতে যোগাযোগ কৰি তেওঁলোক সুৰক্ষিত হৈ থকাৰ কথা অৱগত কৰিছে। উদ্ধাৰ অভিযানৰ বাবে আজি এক অতি গুৰুত্বপূৰ্ণ দিন। সাহায্যৰ কাম কৰা দলটোৱে কয় যে সকলো শ্ৰমিক সুৰক্ষিত। এই সুৰংগ নিৰ্মাণ কৰা কোম্পানীটোৱে কয় যে সুৰংগটোৰ ভিতৰৰ পৰা মাটি আঁতৰোৱা হৈছে ‘শ্বটক্ৰেটিং’ (কংক্ৰিট স্প্ৰে’)ৰ দ্বাৰা। আনহাতে, ‘হাইড্ৰলিক জেক’ৰ সহায়ত ভিতৰত ৯০০ মিলিমিটাৰ ব্যাসৰ তীখাৰ পাইপ সোমোৱাৰ পৰিকল্পনা কৰা হৈছে, যাতে সুৰংগটোত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰিব পৰা যায়।

৪৮ ঘণ্টাত কি কি কৰা হৈছে-

  • ২৫ মিটাৰ পৰ্যন্ত ধ্বংসাৱশেষ আঁতৰাই পেলোৱা হ’ল।
  • ৪০ জন শ্ৰমিকক খাদ্য যোগান ধৰা হয়।
  • শ্ৰমিকক যোগান ধৰা হয় অক্সিজেন।
  • খননৰ সময়ত পুনৰ সৰি পৰে ধ্বংসাৱশেষ।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী পূষ্কৰ সিং ধামীৰ পৰা তথ্য গ্ৰহণ কৰে।
  • হাইড্ৰলিক জেকৰ জৰিয়তে ষ্টীলৰ পাইপ সুমুৱাই দিয়া হৈছে।
  • পাইপৰ জৰিয়তে শ্ৰমিক সকলক উলিয়াই অনাৰ প্ৰচেষ্টা।
  • NDRF-SDRF দলসমূহ থিতাতে ব্যস্ত।
  • ৱাকি-টকিৰ জৰিয়তে শ্ৰমিকৰ লগত কথা পাতিলে।
  • গ্ৰাউণ্ড জিৰ’ত উপনীত হৈছিল মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী।

উত্তৰকাশী সুৰংগত চলি থকা উদ্ধাৰ অভিযানৰ ওপৰত চকু ৰাখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। একেৰাহে দ্বিতীয় দিনৰ বাবে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ সৈতে ফোনযোগে পৰিস্থিতিৰ বুজ লৈছে প্ৰধানমন্ত্ৰী মোদীয়ে। মুখ্যমন্ত্ৰী ধামীয়েও এই ঘটনা সন্দৰ্ভত ধাৰাবাহিকভাৱে তথ্য গ্ৰহণ কৰি আছে।

আমি কিয় দৈনিক দাইল খাব লাগে জানেনে? দাইল খোৱাৰ আছে বহু উপকাৰিতা…

দাইল খোৱাৰ উপকাৰিতা: আমি বহু ধৰণে দাইল খাই ভাল পাওঁ, কিন্তু আপুনি জানেনে ইয়াৰ সেৱনৰ ফলত আমি কিয় ইমান সুফল পাওঁ। প্ৰায়বোৰ স্বাস্থ্য বিশেষজ্ঞই দৈনন্দিন খাদ্যত দালি অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে, য’ত আৰ্হৰ, মচুৰ দাইল, বুট দাইল, মগু দাইল আৰু উৰাদ দাইল আদি অন্তৰ্ভুক্ত কৰা হয়। দৈনিক কিয় দাইল সেৱন কৰিব লাগে জানো আহক-


আইৰণ, জিংক, পটাছিয়াম আৰু ভিটামিন বি আদি অত্যাৱশ্যকীয় পুষ্টিকৰ পদাৰ্থৰে সমৃদ্ধ দাইলয়ে আমাৰ সামগ্ৰিক স্বাস্থ্য উন্নত কৰাত অৰিহণা যোগায় আৰু শৰীৰৰ বিভিন্ন কাৰ্য্যত সহায় কৰে।

দাইল হৈছে প্ৰটিনৰ এক উৎকৃষ্ট উৎস, যাৰ বাবে নিৰামিষভোজীসকলৰ বাবে প্ৰটিনৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ই দাইল উপকাৰী ।

দাইলত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ ফলত পাচনতন্ত্ৰৰ স্বাস্থ্য উন্নত হয়। ইয়াৰ ফলত কোষ্ঠকাঠিন্য, বদহজম আৰু গেছৰ দৰে সমস্যা ৰোধ হয়।

দাইলত ট্ৰেন্স ফেট আৰু কলেষ্টেৰল কম থাকে, যাৰ বাবে ই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অনুকূল। দালই সেৱনে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

দাইলত থকা পুষ্টিকৰ উপাদানে তেজৰ চেনিৰ মাত্ৰা সুস্থিৰ কৰাত সহায় কৰে, যাৰ বাবে বেছিভাগ খাদ্য বিশেষজ্ঞই ডায়েবেটিছ ৰোগীক দাইল খাবলৈ পৰামৰ্শ দিয়ে।

দাইলত প্ৰটিন আৰু আঁহৰ সংমিশ্ৰণ থাকে, যিয়ে ভোক নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

বহু গৱেষণাৰ পৰা দেখা গৈছে যে নিয়মিতভাৱে দাই সেৱন কৰিলে কলন কেন্সাৰকে ধৰি কিছুমান প্ৰকাৰৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।

এনে ধৰণৰ বহু উপকাৰ পোৱা যায় দাইলৰ পৰা।


কংগ্ৰেছ আম আদমীৰ চিপাহীৰ এজন সদস্য আছিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ! প্ৰত্যুত্তৰ বিধায়ক ৰকিবুল হুছেইনৰ…

‘কংগ্ৰেছ আম আদমীৰ চিপাহীৰ এজন সদস্য আছিল জয়ন্ত মল্লবৰুৱা। তেওঁ পোৱা ঠিকাৰ ওপৰত CBI, EDৰ তদন্ত হওক।

ক্ষমতাৰ ৰাগীত মত্ত হৈ প্ৰলাপ বকিছে। তেওঁ এতিয়া পোহৰ দেখিছে, কিন্তু সেই পোহৰ জুইহে’। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক প্ৰত্যুত্তৰ বিধায়ক ৰকিবুল হুছেইনৰ।

উঁইচিৰিংগা পোকেৰে তুলনা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক। ঠিকা দিলেই ৰকিবুল হুছেইন বিজেপিলৈ আহিব বুলি মন্তব্য কৰিছিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।

জাজৰিত দুদিনীয়া জিকিৰ-জাৰীৰ কৰ্মশালাৰ সফল সামৰণি

জাজৰি আঞ্চলিক জিকিৰ-জাৰী চৰ্চা মঞ্চৰ উদ্যোগত আৰু জিকিৰ জাৰী চৰ্চা আৰু গবেষণা মঞ্চ অসমৰ সহযোগত যোৱা ১১আৰু ১২ নৱেম্বৰত নিচানতল সমূহীয়া ভৱনত দুদিনীয়া জিকিৰ জাৰীৰ এটি কৰ্মশালা অনুষ্ঠিত হৈ যায়।

কাৰ্যসুচী অনুসৰি ১১ নবেম্বৰৰ পুৱা ৯ বজাত পতাকা উত্তোলন,১০ বজাত আদৰণি পৰ্ব,১০-৩০ বজাত কৰ্মশালা উদ্বোধন ১১ বজাত জিকিৰ প্ৰশিক্ষণ কৰ্মশালা, ৪-৩০ বজাত জাৰী প্ৰশিক্ষণ কৰ্মশালা আৰু ৫-৩০ বজাত জাৰী নৃত্য প্ৰশিক্ষণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

১২ নৱেম্বৰৰ পুৱা ৮-৩০ বজাত জিকিৰ প্ৰশিক্ষণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।২বজাত জাজৰি আঞ্চলিক জিকিৰ-জাৰী চৰ্চা মঞ্চৰ সভাপতি আব্দুল হাচিমৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হৈ যায়। মুকলি সভাত প্ৰশিক্ষক তথা অনাতাঁৰ শিল্পী মুকিবুৰ ৰহমান আৰু ৱাজিদুৰ ৰহমানক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰশিক্ষাৰ্তী সকলকো প্ৰশংসা পাত্ৰ দিয়া হয়।

মুকলি সভা খনত জাজৰি আঞ্চলিক জিকিৰ-জাৰী চৰ্চা মঞ্চৰ উপদেষ্টা আবুল খায়েৰ আহমেদ আৰু নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত চন্দ্ৰ মহন্তই প্ৰায় ১৬৩৬ খ্ৰীষ্টাব্দত সুদুৰ বাগদাদৰ পৰা আহি অসমত থিতাপি লোৱা আজান ফকিৰ চাহাবৰ স্ব-ৰচিত জিকিৰ জাৰী গীত আৰু নৃত্য সমুহৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ দিয়ে।

এই মুকলি সভাত মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জাজৰি আঞ্চলিক জিকিৰ-জাৰী চৰ্চা মঞ্চৰ সাংস্কৃতিক সম্পাদিকা আছফিয়া চুলতানাই জিকিৰ গাই জাজৰি ভাষীক আপ্লুত কৰি তোলে।

এই মুকলি সভাত অনাতাঁৰ শিল্পী নেকিবুৰ ৰহমান,চৰাইবাহী বিদ্যালয়ৰ অধ্যাপিকা ড০ নাজমা বেগমকে আদি কৰি জিকিৰ জাৰী চৰ্চা আৰু গবেষণা মঞ্চ অসমৰ একাংশ বিষয় ববীয়া উপস্থিত আছিল।

দীপাৱলীৰ নিশা মহানগৰীৰ জু-ৰোডৰ নৱনির্মিত উৰণসেতুত সুন্দৰী সুৰামত্ত যুৱতীৰ উদ্ভণ্ডালি…

নিশা মহানগৰীৰ জু-ৰোডৰ নৱনির্মিত উৰণসেতুত সুৰামত্ত যুৱতীৰ উদ্ভণ্ডালি।

আৰক্ষীয়ে বাইক ৰখোৱাক লৈ লিপ্ত হয় তৰ্কযুদ্ধত।

আৰক্ষীৰ ইউনিফর্মৰ নামফলকো ছিঙিলে যুৱতীয়ে।

গুৱাহাটী মহানগৰীৰ ছয়মাইলৰ পূৰ্বাশা এপাৰ্টমেণ্টৰ ফ্লেটত উৱলি যোৱা অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহৰ নতুন ৰহস্য ফাদিল…

গুৱাহাটী মহানগৰীৰ ছয়মাইলৰ পূৰ্বাশা এপাৰ্টমেণ্টৰ এটা ফ্লেটত উৱলি যোৱা অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ । ফ্লেটটোৰ পৰা দুৰ্গন্ধ ওলোৱাত আবাসীয়ে খবৰ দিয়ে আৰক্ষীক ।

খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰত্যক্ষ কৰে যুৱতীগৰাকীৰ উৱলি যোৱা মৃতদেহ । প্ৰায় তিনি মাহ পূৰ্বৰ পৰা মণিৰ খান নামৰ এজন লোকৰ সৈতে ফ্লেটটোত লিভ–ইনত আছিল অঞ্জু দৰ্জি নামৰ যুৱতীগৰাকী।

বিবাহত হোৱাৰ পিছতো প্ৰেমৰ সম্পৰ্ক গঢ়িছিল অঞ্জুৰ সৈতে। হাউলীৰ মণিৰ খান বিবাহিত,দুটা সন্তানৰ পিতৃ । জানিব পৰা মতে এসপ্তাহ পূৰ্বৰ পৰা মণিৰ খান ফ্লেটত নাছিল । মণিৰ খানৰ ম’বাইলো বৰ্তমান বন্ধ ।

আমগুৰিত জল জীৱন মিচন আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ…

✍️আমগুৰিত জল জীৱন মিচন আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ

✍️লালিম চাপৰি গাঁও পঞ্চায়তৰ অধীনৰ বাঘজান-জৰাধৰা পানী যোগান আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ

নিম্নমানৰ চিমেন্ট ব্যৱহাৰৰ ফলত নিৰ্মীয়মান অৱস্থাতে ভাঙি গৈছে পকী ৱাল, হাতেৰে চুলেই এৰাই গৈছে পকী প্লাষ্টাৰ | আমগুৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্ত্ৰাৰ বিৰুদ্ধে পানী যোগান আঁচনি পৰিদৰ্শন নকৰাৰ ফলতেই ঠিকাদাৰৰ বিৰুদ্ধে লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে |

উল্লেখ্য যে আমগুৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত লালিম চাপৰি গাঁও পঞ্চায়তৰ অধীনত পাঁচটা পানী যোগান আঁচনি নিৰ্মীয়মান হৈ আছে |

যদিও প্ৰত্যেকটোতে দুৰ্নীতি আৰু অনিয়মেৰে নিৰ্মাণৰ অভিযোগ উত্থাপিত হৈছে | আঁচনি সমূহত নিম্নমানৰ ইটা, চিমেন্ট, বালি ব্যৱহাৰৰ বাবে নিৰ্মীয়মান অৱস্থাতে ফাঁট মেলিবলৈ ধৰিছে | ৰাজ্য চৰকাৰে জল জীৱন মিচন আঁচনি ৰূপায়ণত কোটি কোটি টকা ব্যয় কৰি জনসাধাৰণক বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা সময়তে আমগুৰিত জল জীৱন মিচন আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম সংঘটিত হোৱা কাৰ্যই তাৎপৰ্য বহন কৰিছে |

নগাঁও জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে প্ৰশান্ত কুমাৰ শইকীয়াক দায়িত্ব…

নগাঁও জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে প্ৰশান্ত কুমাৰ শইকীয়াক দায়িত্ব।

.শইকীয়াৰ নিযুক্তি সন্দৰ্ভত হাইকমাণ্ডলৈ প্ৰস্তাৱ প্ৰেৰণ APCCৰ। বৰ্তমান নগাঁও কংগ্ৰেছৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ শইকীয়াৰ।

স্থায়ী সভাপতি নিযুক্তি নোহোৱা পৰ্যন্ত কাৰ্যভাৰ চলাব প্ৰশান্ত কুমাৰ শইকীয়াই। স্থায়ী সভাপতি নিযুক্তি নোহোৱা পৰ্যন্ত কাৰ্যভাৰ চলাব প্ৰশান্ত কুমাৰ শইকীয়াই।

হায়দৰাবাদৰ এটা গুদামত সংঘটিত অগ্নিকাণ্ডত ৬জনৰ মৃত্যু…

হায়দৰাবাদৰ নামপল্লীত শোকাৱহ ঘটনা।

এটা গুদামত সংঘটিত অগ্নিকাণ্ডত ৬জনৰ মৃত্যু।

বজাৰঘাটৰ এটা এপাৰ্টমেণ্ট কমপ্লেক্সত আছিল গুদামটো। বাহনকে ধৰি অগ্নিকাণ্ডত বহু লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত।

মাৰ্ঘেৰিটাত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য…

মাৰ্ঘেৰিটাত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।

মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত বৰগোলাই তেলখাট বস্তিত ৰবীন ঠাকুৰী নামৰ ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ।

অৰুণাচলত কৰ্মৰত আছিল ৰবীন ঠাকুৰী।

দীপাৱলীত ঘৰলৈ আহিছিল মৃত ৰবীন ঠাকুৰী।

আজি ৰাতিপুৱাই ৰহস্যজনকভাৱে ঘৰৰ সমীপৰ নানু তাঁ‌তি নামৰ ব্যক্তিজনৰ ঘৰত মৃত অৱস্থাত প্ৰত্যক্ষ কৰে।

মাৰ্ঘেৰিটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

মৃতদেহ উদ্ধাৰ হোৱা নানু তাঁ‌তিৰ ঘৰত খালী চিৰিঞ্জ লাভ কৰে আৰক্ষী।

মাৰ্ঘেৰিটা আৰক্ষীয়ে নানু তাঁ‌তিক সোধাপোচাৰ বাবে আটক কৰিছে।

মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব।

মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱা ৰিৰ্পট