Home Blog Page 1279

সংখ্যালঘু অধ্যুক্ষিত অঞ্চল সৰভোগৰ বালাভিঠাত পকীকৰণ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক মনোৰঞ্জন তালুকদাৰৰ…

সংখ্যালঘু অধ্যুক্ষিত অঞ্চল সৰভোগৰ বালাভিঠাত পকীকৰণ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক মনোৰঞ্জন তালুকদাৰৰ সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক বৰ্তমানৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সংখ্যালঘু অধ্যুষিত অঞ্চলত এক চাপৰা মাটি পেলাব নোৱাৰা অঞ্চলত বিধায়ক মনোৰঞ্জন তালুকদাৰে পকী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ।

সৰভোগ সমষ্টিৰ বালাভিঠাত ৰাস্তা-ঘাটৰ বিভিন্ন সমস্যাক লৈ তৎপৰ হৈছে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে

অসম চৰকাৰৰ ২০২২- ২৩ বিত্তীয় বৰ্ষৰ RIDF আচনিৰ অধীনস্থ মুখ্যমন্ত্ৰী মথাউৰি পকীকৰণ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাভিঠাৰ পৰা জয়পুৰ হৈ চাৰি কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কামৰ শুভাৰম্ভ কৰে । মুঠ পাচ কোটি সাইত্ৰিছ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব পথৰ কাম

লোক নিৰ্মাণ বিভাগৰ ৰাজীৱ দাস আৰু তৰুণ ৰায়ৰ নেতৃত্বত পথ পকীকৰণৰ কাম চলি থাকিব

খুব কম দিনতে নিৰ্মাণ কৰিব পথৰ কাম । ৰাইজৰ সহায়-সহযোগিতা বিচাৰিছে বিধায়ক মনোৰঞ্জন তালুকদাৰে আৰু ইপিনে সৰভোগৰ ৰেল লাইনত খুব কম সময়তে ফ্লাই অভাৰৰ কাম উদ্বোধন কৰিব বুলি বিধায়কে জানিব দিয়ে ।

সৰভোগৰ পৰা ৰমিজ তালুকদাৰৰ ৰিপোৰ্ট

‘কা’ আন্দোলনৰ গোচৰত পুনৰ NIAৰ আদালতত অখিল গগৈ…

‘মোৰ ওপৰত জাপি দিয়া সন্ত্ৰাসবাদী গোচৰ ভিত্তিহীন’।

‘কেন্দ্ৰ, ৰাজ্য চৰকাৰে আবেদন কৰি পুনৰ জাপি দিলে গোচৰটো’।

‘কা’ আন্দোলনৰ গোচৰত পুনৰ NIAৰ আদালতত অখিল গগৈ।

ভাৰতত জন্মগ্ৰহণ কৰা লেখিকা নন্দিনী দাসক ”মোগল ইণ্ডিয়া এণ্ড দ্য অৰিজিনছ অৱ এম্পায়াৰ” নামৰগ্ৰন্থখনৰ বাবে ”ব্ৰিটিছ একাডেমীৰ গ্ৰন্থ বঁটা” লাভ…

ভাৰতত জন্মগ্ৰহণ কৰা লেখিকা নন্দিনী দাসক ‘ক’ৰ্টিং ইণ্ডিয়া: ইংলেণ্ড, মোগল ইণ্ডিয়া এণ্ড দ্য অৰিজিনছ অৱ এম্পায়াৰ’ নামৰ গ্ৰন্থখনৰ বাবে ২০২৩ চনৰ ব্ৰিটিছ একাডেমী বুক প্ৰাইজ ফৰ গ্ল’বেল কালচাৰেল আণ্ডাৰষ্টেণ্ডিং, ২৫ হাজাৰ পাউণ্ডৰ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় অকল্পনীয় বঁটাৰ বিজয়ী হিচাপে নিৰ্বাচিত হৈছে ‘.ভাৰতত জন্মগ্ৰহণ কৰা লেখিকা নন্দিনী দাসে ২০২৩ চনৰ ব্ৰিটিছ একাডেমীৰ গ্ৰন্থ বঁটা লাভ কৰে

“মোগল আদালতলৈ ইংলেণ্ডৰ প্ৰথম কূটনৈতিক অভিযানৰ জৰিয়তে কোৱা ব্ৰিটেইন আৰু ভাৰতৰ প্ৰকৃত উৎপত্তিৰ কাহিনী” বুলি অভিহিত ব্ৰিটেইনৰ এই শিক্ষাবিদগৰাকীয়ে মঙলবাৰে সন্ধিয়া লণ্ডনৰ ব্ৰিটিছ একাডেমীত অনুষ্ঠিত এক অনুষ্ঠানত এইবাৰৰ বিজয়ী হিচাপে প্ৰকাশ কৰে।

অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ইংৰাজী অনুষদৰ অধ্যাপক হিচাপে ৪৯ বছৰীয়া লেখিকাগৰাকীয়ে ভাৰতত প্ৰথমজন ইংৰাজ ৰাষ্ট্ৰদূত ছাৰ থমাছ ৰ’ৰ আগমনৰ কাহিনীৰ জৰিয়তে সাম্ৰাজ্যৰ উৎপত্তিৰ এক নতুন দৃষ্টিভংগী দাঙি ধৰিবলৈ চেষ্টা কৰিছে। ১৭ শতিকাৰ আৰম্ভণিতে।

জুৱাৰ বিৰুদ্ধে জুৰীয়া আৰক্ষীৰ অভিযান অব্যাহত ! জুৰীয়াৰ ফুৰহানিআটিৰ পৰা আটক কুখ্যাত জুৱাৰী বদৰুল ইছলামক…

জুৱাৰ বিৰুদ্ধে জুৰীয়া আৰক্ষীৰ অভিযান অব্যাহত।

জুৰীয়াৰ ফুৰহানিআটিৰ পৰা আটক কুখ্যাত জুৱাৰী বদৰুল ইছলামক।

পথাৰৰ মাজত জুৱা খেলি থকা অৱস্থাতে আটক জুৱাৰীটোক। আৰক্ষীয়ে জব্দ কৰে জুৱা খেলৰ সামগ্ৰী, মোবাইল ফোন, নগদ ধন।

নগাঁৱৰ ডিফলুত চাঞ্চল্যকৰ ঘটনা ! পিতৃৰ অত্যাচাৰৰ পৰা মাতৃক বচাবলৈ যাওঁতেই পুত্ৰক আক্ৰমণ…

নগাঁৱৰ ডিফলুত চাঞ্চল্যকৰ ঘটনা। পিতৃৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত পুত্ৰ।

পিতৃৰ অত্যাচাৰৰ পৰা মাতৃক বচাবলৈ যাওঁতেই পুত্ৰক আক্ৰমণ।

পুত্ৰ চিন্ময় বৰাক আক্ৰমণ কৰিয়েই পলায়ন পিতৃ প্ৰবীণ বৰাৰ। আহত চিন্ময়ক নগাঁও মেডিকেল হাস্পতালত ভৰ্তি।

নিশা মৰিয়নিত ভয়ংকৰ ঘটনা…

মৰিয়নি আৰক্ষী চকীৰ ওচৰতে দিগবিজয় মিশ্ৰ উৰফে পন্দিত নামৰ সুৰাপায়ী গাৰি চালকে সুৰাৰ বটলেৰে মৰিয়ায় মুৰ ফালিলে এগৰাকী মহিলাক। মৰিয়নি থানা তিনি আলিত থকা মৰিয়নি ৱাইন নামৰ ৱাইন চপ খনৰ পৰা সুৰা ক্ৰয় কৰি থকাৰ সময়তে এই ঘটনা।

গুৰুতৰ ভাবে আহত মহিলা গৰাকীক মৰিয়নি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছত উন্নত চিকিৎসাৰ বাবে JMCHলৈ প্ৰেৰন কৰে।

ঘটনা সংঘটিত কৰি দিকবিজয় মিশ্ৰ উৰফে পন্দিত নামৰ সুৰাপায় চালক জন পলায়ন কৰে।জানিব পৰামতে মহিলা গৰাকীয়ে পন্দিতৰ পৰা ৫০০ টকা পাবলগা আছিল আৰু সেই টকা বিচৰাৰ বাবেই মহিলা গৰাকীক সুৰাৰ বটলেৰে মৰিয়াই মুৰ ফালিদিয়ে।

ৰাজ্য গঠন দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যকেইখনৰ জনসাধাৰণক জনালে অভিনন্দন…

অন্ধ্ৰ প্ৰদেশ, মধ্য প্ৰদেশ, ছত্তীশগড়, কেৰালা, কৰ্ণাটক, পঞ্জাৱ, হাৰিয়ানা আৰু তামিলনাডুৰ ৰাজ্য গঠন দিৱস

উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যকেইখনৰ জনসাধাৰণক আন্তৰিক অভিনন্দন জনাইছে।

উত্তৰৰ পৰা দক্ষিণলৈ আমাৰ মহান জাতি ধৰ্মৰ সূতাৰে বান্ধ খাই আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে মা ভাৰতীৰ সন্তান হিচাপে প্ৰতিখন ৰাজ্যই যাতে সমৃদ্ধিশালী হয়, তাৰেই কামনা কৰিছে।

অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ তীব্ৰ অভিযান…

অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ তীব্ৰ অভিযান।

অসম-মিজোৰাম সীমান্তৰ ঘন জংঘলৰ পৰা জব্দ প্ৰায় ২০ হাজাৰ কেজি অবৈধ বাৰ্মিজ চুপাৰি।

৫০০টা বস্তাত লুকুৱাই থোৱা হৈছিল চুপাৰিখিনি।

ডিগবৈৰ বালিজান খ্ৰীষ্টানবস্তিত তেল পৰিবাহী পাইপ ফুটি অহৰহ নিৰ্গত তেল…

ডিগবৈৰ বালিজান খ্ৰীষ্টানবস্তিত অঘটন।

OILৰ তেল পৰিবাহী পাইপ ফুটি অহৰহ নিৰ্গত তেল।

নিশাৰ পৰা তেল নিৰ্গতক লৈ অঞ্চলজুৰি আতংক। ঘটনাস্থলীত উপস্থিত OILৰ সুৰক্ষাকৰ্মীৰ দল।

বছৰৰ প্ৰতিষ্ঠিত বন্যপ্ৰাণী ফটোগ্ৰাফাৰ প্ৰতিযোগিতাত জমা দিয়া ৫০ হাজাৰৰো অধিক ছবিৰ পৰা বিজয়ী লাভ বিহান তাল্যা বিকাশৰ ছবি…

তেওঁ কয়, ‘এই বঁটা লাভ কৰি মই অতি সুখী আৰু উৎসাহিত হৈছো। মই ফটোগ্ৰাফী ভাল পাওঁ কাৰণ ই আমাক সৃষ্টিশীল চিন্তাত আৰু প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰে।

’-এইদৰে কয় বেংগালুৰুৰ বিহানে, যিয়ে ১০ বছৰ অনুৰ্ধৰ শাখাত বিজয়ী আৰু ৯৫খন দেশৰ পৰা নিৰ্বাচিত ১১গৰাকী বিজয়ীৰ ভিতৰত আছে।

বিহানৰ এই ছবিখন WPY59 সংগ্ৰহৰ অংশ হিচাপে লণ্ডনৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ত প্ৰদৰ্শিত হ’ব। ইয়াৰ পিছত এই প্ৰদৰ্শনীয়ে চাৰিখন মহাদেশৰ ২৫টা স্থান ভ্ৰমণ কৰি বন্যপ্ৰাণী সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰিব। এই অবিশ্বাস্য কৃতিত্বৰ বাবে বিহানলৈ অভিনন্দন !