Home Blog Page 1287

নিমখীয়া খাদ্যৰ পৰা সাৱধান…

নিমখীয়া বস্তু যিমানেই সোৱাদযুক্ত, আমি যিমান পাৰো কমকৈ নিমখীয়া খাদ্য সেৱন কৰা উচিত কাৰণ অধিক নিমখীয়া খাদ্য খালে বিপদ হ’ব পাৰে। নিমখীয়া বস্তুৱে আমাৰ খাদ্যৰ সোৱাদ বৃদ্ধি কৰে। বহুতে চিপচ, ফ্ৰেঞ্চ ফ্ৰাই দৰে নিমখীয়া খাদ্য ভাল পায়, কিন্তু ইয়াত প্ৰচুৰ পৰিমাণে ছডিয়াম থাকে যিয়ে স্বাস্থ্যৰ ক্ষতি কৰাটো নিশ্চিত। কি কি কাৰণত আমি আমাৰ নিমখ খোৱাৰ অভ্যাস যিকোনো মূল্যতে ৰোধ কৰিব লাগে জানো-

নিমখীয়া বস্তু খোৱাৰ সমস্যা-

১/ উচ্চ ৰক্তচাপ
নিমখত থকা ছডিয়ামে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে।

২) হৃদযন্ত্ৰৰ বাবে বিপদজনক
অত্যধিক ছডিয়াম সেৱনে হৃদযন্ত্ৰৰ স্বাস্থ্য ভাবুকি কঢ়িয়াই আনিব পাৰে আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।

৩/ ওজন বাঢ়িব
অত্যধিক নিমখীয়া খাদ্য সেৱন কৰিলে আপোনাৰ শৰীৰ অতিৰিক্ত পানীৰে ভৰি পৰে, যাৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে।

৪/ পেটৰ সমস্যা
অত্যধিক নিমখীয়া খাদ্য খোৱাৰ ফলত পাচনতন্ত্ৰৰ সমস্যা, যেনে- এচিডিটি, গেষ্ট্ৰাইটিছ, আৰু পাইল আদিৰ সৃষ্টি হ’ব পাৰে।

৫) ছডিয়াম ধৰি ৰখা
অত্যধিক নিমখীয়া বস্তু খোৱাৰ ফলত আপোনাৰ শৰীৰত ছডিয়াম অত্যধিক ধৰি ৰখা হয়, যাৰ ফলত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে।


6/ মানসিক সমস্যা
অত্যধিক নিমখ সেৱনে মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আৰু উদ্বেগ আৰু মানসিক চাপ বৃদ্ধি কৰিব পাৰে।

অত্যধিক নিমখ সেৱন কৰাটোও বৃক্কৰ স্বাস্থ্যৰ বাবে উপকাৰী নহয় কাৰণ ই বৃক্কৰ কাৰ্য্যত সমস্যাৰ সৃষ্টি কৰে।

অত্যধিক নিমখ বা নিমখীয়া খাদ্য সেৱন কৰা লোকসকলৰ ডায়েবেটিছ ৰোগৰ আশংকা বেছি।

ৰৌতাৰ ইউপিপিএলত খহনীয়া; বিধায়ক চৰণ বড়োৰ উপস্থিতিত পানবাৰী গাঁৱত ৫০ব্যক্তিৰ বিপিএফত যোগদান

১৭ অক্টোবৰত বিটিআৰৰ অধীনস্থ ৰৌতা সমষ্টিৰ পানবাৰী,বড়িগাঁও দীঘলীপাৰ গাঁওত স্বতঃস্ফূৰ্ত ভাবে
প্ৰায় ৫০ গৰাকী পুৰুষ মহিলাই ৭০নং মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক চৰণ বড়োৰ উদ্যোগত আৰু উপস্থিতি বিপিএফ দলত যোগদান কৰে ৷ এই অনুষ্ঠানত BSUওদালগুৰি জিলা সমিতিৰ সভাপতি বিজয় ডুবেই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে ৷


ওদালগুৰি জিলাৰ বিশেষকৈ ৭০নং মাজবাট বিধান সভা সমষ্টিত সাংগাঠনিক দিশটো সবল আৰু শক্তিশালী হ’বলৈ ধৰিছে ৷ স্বইচ্ছাৰে গাঁও, চুবুৰী আদিটো দিনে নিশাই বিপিএফত যোগদান কাৰ্যসুচী চলি থকাত সচেতন মহল সচকিত হৈ পৰিছে ৷


উল্লেখযোগ্য যে বিধায়ক গৰাকীয়ে দিনৰ ভাগত সময় উলিয়াব নোৱাৰি নিশা ৯/১০ বজালৈ বিপিএফত যোগদান কৰোৱা দেখিবলৈ পোবা গৈছে ৷ নিসন্দেহে গাঁও-ভূঁইয়ে বিপিএফৰ নেতা চৰণ বড়োৰ তৎপৰতাত বিপিএফ দলটো পূৰ্বতকৈ অধিক শক্তিশালী হোৱা দেখা গৈছে ৷

আনহাতে দিনক দিনে ৰৌতা সমষ্টি তথা বিটিআৰৰ কাৰ্যবাহী সদস্য ড° নীলোৎ স্বৰ্গীয়াৰীৰ ভাবমুৰ্তি ম্লান পৰিবলৈ ধৰিছে। লগতে ইউপিপিএলৰ দলৰ ব্যাপক হাৰত গড়াখহনীয়া আৰাম্ভ হ’বলৈ ধৰিছে ৷ ইউপিপিএল দলটোৰ সাংগাঠনিক দিশটো দিনক দিনে দুৰ্বল হ’বলৈ ধৰিছে।

একাংশ নেতা,পালিনেতা অতপালি আৰু কমিশন সংগ্ৰহ কৰা আদিৰ অভিযোগ উঠিছে ৷ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহন কৰিছে বিপিএফ দলে ৷ৰৌতা সমষ্টিৰ একাংশ ইউপিপিএলৰ সদস্য তথা সমৰ্থক সকলে সম্প্ৰতি বিপিএফত যোগদান কৰা দেখিবলৈ পোৱা গৈছে ৷

ইউপিপিএল দলটো নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰতিশ্ৰুতি আৰু পৰিবৰ্তন কৰাৰ নামত ৰাইজক ঠগ প্ৰবঞ্চনা কৰি থকাটো এতিয়া নিতৌ নৈমিত্তিক স্বাভাবিক ঘটনা হৈ পৰিছে ৷

-নব কুমাৰ ডেকা

মৰিগাওঁ চহৰৰ নিচেই কাষত পূৰা বজাৰত অত্যাধুনিক বাছ সেৱাৰ কেন্দ্ৰ মুকলি…

মৰিগাওঁ চহৰৰ নিচেই কাষত পূৰা বজাৰত অত্যাধুনিক বাছ সেৱাৰ কেন্দ্ৰ মুকলি কৰিছে স্বত্বাধিকাৰী মগৰ আলীয়ে। এতিয়া পৰা মৰিগাঁও বাসীৰ যুৱক যুৱতীয়ে কৰ্ম সূত্ৰে বিদেশলৈ যোৱাৰ বাবে ৰেল অথবা জাহাজৰ বাবে অপেক্ষা কৰি থাকিব নেলাগে।

মৰিগাঁওৰ পৰা প্ৰতিদিনেই কলকাতা, চেন্নাই, বেংঙালুৰ, কেৰেলা, কুচবিহাৰ আদি ঠাইলৈ যাৱ বিচৰা যাত্ৰী সকলৰ বাবে অত্যাধুনিক বাছ সেৱা ব্যাৱস্থা কৰিছে মৰিগাঁও জিলাৰ মগৰ আলীয়ে।

গাড়ীখনৰ ভিতৰত পাব এচি,ফ্ৰি ওৱাইফাই, মোবাইল চাৰ্জ,হলডিং ছিট আৰু প্ৰয়োজনীয় বহুতো সুবিধা। বহি ৰাজ্যলৈ যাব বিচৰা ইচ্ছুক ব্যাক্তি সকলক 9085499317 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে স্বত্বাধিকাৰী মগৰ আলীয়ে।

যিমান পাৰি সোনকালে আঁতৰি যাওকঃ হামাছৰ সন্ত্ৰাসবাদীৰ সৈতে যুদ্ধৰ মাজতে নিজৰ নাগৰিকসকললৈ ইজিপ্ত আৰু জৰ্ডান এৰি যাবলৈ আহ্বান ইজৰাইলৰ

হামাছৰ সৈতে যুদ্ধৰ মাজতে ইজিপ্ত, জৰ্ডান এৰি যাবলৈ নাগৰিকসকলক আহ্বান জনাইছে ইজৰাইলে।

ইজৰাইলৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে ইজিপ্ত (চিনাইকে ধৰি) আৰু জৰ্ডানৰ বাবে ভ্ৰমণৰ সতৰ্কবাণী ৪ নং স্তৰলৈ (উচ্চ ভাবুকি) বৃদ্ধি কৰিছে।

গাজাত যুদ্ধক লৈ আঞ্চলিক উত্তেজনাৰ সময়তে শনিবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে কয় যে ইজৰাইলে নিজৰ নাগৰিকসকলক তৎকালীনভাৱে ইজিপ্ত আৰু জৰ্ডান এৰি যাবলৈ আহ্বান জনাইছে।

ইজৰাইল আৰু হামাছৰ মাজত চলি থকা সংঘাতৰ মাজতে ইজৰাইলে এটা ঘৰত আক্ৰমণ চলোৱা স্থানত পেলেষ্টাইনীসকল সমবেত হয়।

কাউন্সিলে ইজৰাইলৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে ইজিপ্ত (চিনাইকে ধৰি) আৰু জৰ্ডানৰ বাবে ভ্ৰমণৰ সতৰ্কবাণী ৪ নং স্তৰলৈ (উচ্চ ভাবুকি) বৃদ্ধি কৰিছে: এই দেশসমূহলৈ যাত্ৰা নকৰাৰ পৰামৰ্শ তাত থকাসকলৰ বাবে… যিমান সোনকালে পাৰি তাৰ পৰা যাবলৈ পৰামৰ্শ দিয়া হৈছে।” এক বিবৃতিত এইদৰে কয়।

বেটাৰী চুৰ কৰি আৰক্ষীৰ জালত শুকুৰ আলী…

কিছু দিন আগত মৈৰাবাৰীত ৬ জনকৈ বেটাৰী আৰু কইল চুৰৰ গেঙক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে। আজি পুনৰ মৈৰাবাৰীত আন এটা বেটাৰী চুৰক আৰক্ষীয়ে আটক কৰে। ধৃত চুৰটোৰ নাম শুকুৰ আলী।

ধৃত শুকুৰ আলীৰ পৰা আৰক্ষীয়ে দুটা চুৰি বেটাৰী, এটা মটৰ পাম্প আৰু কিছু বিজুলীৰ তাঁৰ উদ্ধাৰ কৰে। উল্লেখ্য যে আটক কৰা চুৰটোক মৈৰাবাৰী থানাত পূৰ্বৰ বেটাৰী চুৰৰ ২১৭/২৩ নং পঞ্জীভুক্ত গোচৰৰ ভিত্তিতে অনুসন্ধান চলাই আটক কৰা হৈছে।


হাস্পতালৰ পিছত গাজাৰ গীৰ্জাত ক্ষেপণাস্ত্ৰ আক্ৰমণ ! বহুলোকৰ মৃত্যু…

ইজৰাইলৰ আক্ৰমণত গাজা ষ্ট্ৰিপৰ এটা গীৰ্জা ক্ষতিগ্ৰস্ত হৈছে। এই দাবী পেলেষ্টাইনৰ সশস্ত্ৰ বাহিনী হামাছৰ। ইজৰাইলৰ আক্ৰমণত গীৰ্জাৰ চৌহদত আশ্ৰয় লোৱা কেইবাজনো লোক নিহত আৰু আহত হোৱা বুলিও দাবী কৰে। হামাছৰ নিয়ন্ত্ৰিত স্বৰাজ মন্ত্ৰালয়ে বৃহস্পতিবাৰে গভীৰ নিশা সংঘটিত কৰে এই আক্ৰমণ।

অৱশ্যে এই সন্দৰ্ভত ইজৰাইলৰ সেনাই এতিয়াও কোনো মন্তব্য কৰা নাই। অৱশ্যে ইজৰাইলৰ এজন সামৰিক বিষয়াই এ এফ পিক জনোৱা মতে, ইজৰাইলে কোনো আক্ৰমণ সংঘটিত কৰিছে নে নাই সেই বিষয়টোৰ তদন্ত চলি আছে।

উল্লেখ্য যে ৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা হামাছ-ইজৰাইলৰ সংঘাত ডাঙৰ হৈ আহিছে। সেই সংঘাতৰ সৈতে সমগ্ৰ বিশ্বই কাৰ্যতঃ দুটা মেৰুত বিভক্ত হৈছে। ইতিমধ্যে ইজৰাইল-হামাছ যুদ্ধত মৃত্যুৰ সংখ্যা ৩৫০০ অতিক্ৰম কৰিছে। আহতসকলৰ সংখ্যা ১২ হাজাৰ অতিক্ৰম কৰিছে। মঙলবাৰে গাজাৰ আল আহলি হাস্পতালত ক্ষেপণাস্ত্ৰই আঘাত কৰে।

সেই ঘটনাত সমগ্ৰ বিশ্বই স্তম্ভিত হৈ পৰিল। গাজাৰ চিকিৎসালয়খনত হোৱা আক্ৰমণক সকলো দেশেই গৰিহণা দিছে। এই আক্ৰমণৰ পিছত হামাছে ‘মিলন’ৰ বাৰ্তা প্ৰদান কৰে। যদি ইজৰাইলে গাজাত সামৰিক আগ্ৰাসন তৎক্ষণাত বন্ধ কৰে তেন্তে সেই দেশৰ বন্দীসকলক মুকলি কৰি দিব। ইজৰাইলে অৱশ্যে চিকিৎসালয়খনত সংঘটিত আক্ৰমণৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰিছে। এই ঘটনাৰ বাবে তেওঁলোকে হামাছক দোষাৰোপ কৰে। এই পৰিৱেশতেই গাজাৰ গীৰ্জাঘৰত পুনৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ চলিল।

যদি চাহ আৰু কফিত চেনি দিব নিবিচাৰে তেন্তে এই তিনিটা বস্তু দিব…

যদি আপুনি চাহ-কফিত চেনি দিব নিবিচাৰে তেন্তে আপুনি চাহ কফিত সংযোগ কৰিব পাৰিব কেইটামান বিশেষ বস্তু। চেনিত কোনো ধৰণৰ পুষ্টিকৰ উপাদান নাথাকে, বৰঞ্চ ই কেৱল শৰীৰৰ বাবে খালী কেলৰিৰ উৎসহে। চেনি সেৱনে ওজন বৃদ্ধি কৰে, ডায়েবেটিছ আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। সেয়েহে মানুহে চেনিৰ ব্যৱহাৰ হ্ৰাস কৰিছে। চাহ আৰু কফিত চেনিৰ সলনি কি কি উপাদান ব্যৱহাৰ কৰিব পাৰিব জানো আহক…

গুড়ত প্ৰাকৃতিক চেনি থাকে যাৰ বাবে চাহ আৰু কফি চেনিৰ দৰে মিঠা হয়। গুড়ৰ কেলৰি অতি কম আৰু ইয়াত আইৰণ, খনিজ পদাৰ্থ আদি বিভিন্ন পুষ্টিকৰ উপাদান থাকে যিয়ে শৰীৰক শক্তি প্ৰদান কৰে। গুড়ে পাচনতন্ত্ৰ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। গতিকে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চাহ-কফিত চেনিৰ সলনি গুড় ভাল বুলি কোৱা হয়।

মৌত প্ৰাকৃতিকভাৱে পোৱা চেনিয়ে চাহ আৰু কফিক চেনিৰ দৰে মিঠা কৰি তোলে। মৌত কেলৰি অতি কম আৰু বহুতো গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান থাকে। মৌত এন্টিঅক্সিডেন্ট আৰু এন্টিবেক্টেৰিয়েল গুণ পোৱা যায় যিবোৰ স্বাস্থ্যৰ বাবে উপকাৰী। ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে শক্তিও প্ৰদান কৰে। এইদৰে চাহ আৰু কফিত থকা চেনিৰ সলনি মৌ সোৱাদ আৰু স্বাস্থ্য দুয়োটাৰে বাবে এক উত্তম বিকল্প।

নাৰিকল চেনি হৈছে নাৰিকলৰ পৰা উলিওৱা প্ৰাকৃতিক চেনি। ইয়াত গ্লুক’জ, ফ্ৰুক্ট’জ আৰু চুক্ৰ’জ আদি পুষ্টিকৰ উপাদান পোৱা যায়। ই চাহ-কফিক চেনিৰ দৰে মিঠা কৰি তোলে যদিও কেলৰি খুব কম। নাৰিকল চেনিৰ গ্লাইচেমিক সূচকাংকও অতি কম, যাৰ বাবে ই ডায়েবেটিছ ৰোগীৰ বাবেও উপযোগী। ভিটামিন, খনিজ পদাৰ্থ আৰু এন্টিঅক্সিডেন্টো ইয়াত পোৱা যায়। গতিকে চাহ-কফিত চেনিৰ ঠাইত নাৰিকল চেনি ব্যৱহাৰ কৰিব পাৰি।


পেঙেৰীৰ নগাপথাৰ ইনথেমত শক্তিশালী গ্ৰেনেট উদ্ধাৰ…

পূজাৰ বতৰত পেঙেৰীৰ নগাপথাৰ ইনথেমত শক্তিশালী গ্ৰেনেট উদ্ধাৰ।

নগাপথাৰ চাহ বাগিচাৰ মাজত উদ্ধাৰ গ্ৰেনেটতো।

কেইটিমান শিশুৱে গ্ৰেনেটটো দেখা পাই স্থানীয় লোকৰ খবৰ দিয়াত আৰক্ষী আৰু সেনাই উদ্ধাৰ কৰে গ্ৰেনেটতো।

বৰ্ত্তমান গ্ৰেনেট টো নিষ্ক্ৰিয় কৰিবৰ বাবে বোমা বিশেষজ্ঞৰ দল ৰাওনা।

গ্ৰেনেটটোৰ ওজন প্ৰায় ৭ শ গ্ৰাম।

পুনৰ ইতিহাস ৰচিলে ভাৰতে; সফলতাৰে উৎক্ষেপণ গগনযানৰ প্ৰথম টেষ্ট ফ্লাইট…

পুনৰ ইতিহাস ৰচিলে ভাৰতে।


ISRO–এ সফলভাৱে উৎক্ষেপণ কৰিলে গগনযানৰ প্ৰথম টেষ্ট ফ্লাইট।


শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা সফলভাৱে উৎক্ষেপণ গগনযানৰ টেষ্ট ফ্লাইট।


১০ বজাৰ লগে লগে ISRO–এ পৰীক্ষামূলক গগনযানৰ সফল উৎক্ষেপণ কৰিলে।


আজি পুৱা কাৰিকৰী বিজুতিৰ বাবে স্থগিত ৰাখিবলগীয়া হৈছিল গগনযানৰ পৰীক্ষামূলক উৰণ।


কাৰিকৰী বিজুতিৰ পিছত সফলভাৱে উৎক্ষেপণ হ’ল গগনযান।

প্ৰাচীন কালৰ পৰাই অসমত দুৰ্গা পূজাৰ প্ৰচলন ! দুৰ্গা পূজাৰ কিছু পৌৰাণিক কাহিনী, ৰীতি-নীতি, পৰম্পৰাৰ বিষয়ে জানক…

প্ৰাচীন কালৰ পৰাই অসমত দুৰ্গা পূজাৰ প্ৰচলন আছে। ধৰ্মীয় উৎসৱ বাবেই বিভিন্ন শাস্ত্ৰীয় ব্যাখ্যা, পৌৰাণিক কাহিনী, ৰীতি-নীতি, পৰম্পৰা ইয়াৰ সৈতে জড়িত হৈ আছে। ‘দুৰ্গ’ শব্দই দৈত্য, কুকৰ্ম, শোক-দুখ, মহাভয়, অতিৰোগ আদিক বুজায়। ‘আ’-কাৰৰ অৰ্থ— নাশক। অৰ্থাৎ যি দেৱীয়ে এই সকলোবোৰ নাশ কৰিব পাৰে, তেৱেঁই দুৰ্গা। আনহাতে, দ+উ+ৰ+গ+আ=দুৰ্গা, ইয়াত দ শব্দৰ অৰ্থ দৈত্য নাশক, উ-কাৰৰ অৰ্থ বিঘিনি নাশক, ৰ— ৰোগ নাশক, গ— পাপ নাশক, অ— ভয় বা শত্ৰু নাশক। গতিকে দেখা যায় যে যিমানবোৰ অশুভ শক্তি আছে, সেই সকলোবোৰৰ বিনাশকাৰী হৈছে দেৱী দুৰ্গা। যুগে যুগে হিন্দু ধৰ্মৰ শাক্তপন্থী লোকসকলে দেৱী দুৰ্গাক সমাজৰ পৰা অপায়- অমংগল, বিভেদকামী শক্তিক নাশ কৰিবৰ বাবেই আৰাধনা কৰি আহিছে

দুৰ্গা পূজা চাৰি দিন ব্যাপী হয়। দুৰ্গা পূজাৰ প্ৰাৰম্ভিক অৱস্থাটো হৈছে— ‘বোধন’। ‘বোধন’ শব্দৰ অৰ্থ হৈছে জাগ্ৰত কৰা বা জগোৱা। ষষ্ঠীৰ দিনা ‘বিল্ব বোধন’-এৰে দেৱী পূজাৰ আৰম্ভ কৰা হয়। দেৱী পূজাৰ আগেয়ে বেলগছত পূজা কৰি দেৱীক জগাই তোলা হয়। অৰ্থাৎ বেলগছ হৈছে শক্তিৰ প্ৰতীক, বেলপাতৰ আকৃতি ত্ৰিশূলসদৃশ। যুৰীয়া বেলত দেৱীৰ শক্তি সংস্থাপন কৰা হয় বাবে ইয়াক বেলবোধন বোলে।

সপ্তমীৰ দিনা দেৱীক আহ্বান কৰি কলগছত স্থাপন কৰি দেৱী পূজাৰ আৰম্ভণি কৰা হয়। এই মহা সপ্তমীৰ দিনা যুৰীয়া বেলৰ লগতে নৱপত্ৰিকাৰে দেৱীৰ ৰূপ-সংস্কৃতিৰ পূজা কৰা হয়। এই নৱপত্ৰিকাত নবিধ শস্য, যেনে— কলগছ, মানকচু, হালধি, ধান, জয়ন্তী ফুলৰ গছ, ডালিম, অশোক, বগা অপৰাজিতা আৰু বেল থাকে। এই নবিধ দ্ৰব্য হালধীয়া সূতাৰে কলপুলিত বান্ধি তাত অপৰাজিতা ফুলৰ লতাৰে মেৰিয়াই দি তাৰ ওপৰত ৰঙা পাৰিৰ শাৰীৰে ন- কইনাৰ দৰে দীঘল ওৰণিৰে ঢাকি ৰখা হয়। এয়াই হৈছে ‘নৱ পত্ৰিকা’।