Home Blog Page 1294

বাক্সাৰ গধূলি গাঁৱত পাঁচ গৰাকীকৈ জুৱাৰীক আটক…

বাক্সাৰ গধূলি গাওঁত পাঁচ গৰাকীকৈ জুৱাৰীক আটক।

আটকাধীন জুৱাৰী কেইগৰাকী ক্ৰমে গধূলি গাওঁ আৰু ভূটান্ত সাদেৰীৰ বুলি জানিব পৰা গৈছে।

আটকাধীন জুৱাৰী কেইগৰাকী ক্ৰমে পংকজ মেধি(৪২), ৰিংকু বড়ো(৩৯),বিজু তালুকদাৰ (৪৬), বিষ্ণুৰাম দাস (৫০) আৰু ৰাফিকুল আলি(৩৮)।

জালাহ আৰক্ষী আৰু শিমলা আৰক্ষীৰ যুতিয়া অভিযানত আটক কৰা হয় জুৱাৰ এই বৃহৎ দ’লটো।

দলটোৰ পৰা এখন চাৰিচকীয়া বাহন, এখন স্কুটি আৰু এখন বাইক জব্দ কৰাৰ লগতে নগদ ধন ৬৭ হাজাৰ টকা জব্দ কৰে ।

জব্দ কৰা চাৰিচকীয়া বাহন এখনৰ নম্বৰ -AS15 R 9959 আৰু স্কুটি খনৰ নম্বৰ -AS28 A 8195

শিমলা আৰক্ষীয়ে উক্ত জুৱাৰী কেইগৰাকীক জেৰা অৱ্যাহত ৰাখিছে।

বাতৰি সংগ্ৰহত বাধা প্ৰদানৰ চেষ্টা কৰে একাংশ দুষ্ট চক্ৰয়।

বাক্সাৰ পৰা গোলাপ নাথৰ ৰিপোৰ্ট
১৬/১০/২৩

যোগীঘোপাত চৰকাৰী বিদ্যালয়ৰ শিক্ষকক স্কুটি প্ৰদান কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ…

চৰকাৰে শিক্ষকক স্কুটি দিব, যোগীঘোপাত প্ৰতিবাদ । যোগীঘোপাত বিজেপি চৰকাৰৰ বিৰুদ্ধে একাংশ যুৱকৰ প্ৰতিবাদ । চৰকাৰী বিদ্যালয়ৰ শিক্ষকক স্কুটি প্ৰদান কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ।যোগীঘোপাৰ চলন্তাপাৰা বজাৰত একাংশ সচেতন যুৱকৰ, এই প্ৰতিবাদ ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা চৰকাৰী শিক্ষকক স্কুটি প্ৰদান কৰিব বুলি সিদ্ধান্তৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

স্কুটিৰ পৰিৱৰ্তে ভেঞ্চাৰ স্কুল সমুহ চৰকাৰীকৰণ কৰক, বিজেপি চৰকাৰ হায় হায়, শিক্ষক সকলক হিতাধিকাৰী নহয় প্ৰাপ্য অধিকাৰ দিয়ক আদি বিভিন্ন শ্লোগানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে প্ৰতিবাদকাৰী সকলে ।

যোগীঘোপাৰ পৰা জাহিৰুল ইছলাম

বিপদত মহম্মদ ৰিজৱান ! পাকিস্তানী বেটাৰ মহম্মদ ৰিজৱানৰ বিৰুদ্ধে নিয়ম উলংঘনৰ অভিযোগ…

বিপদত মহম্মদ ৰিজৱান! পাকিস্তানী বেটাৰ মহম্মদ ৰিজৱানৰ বিৰুদ্ধে নিয়ম উলংঘনৰ অভিযোগ।

ICCত অভিযোগ দাখিল উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ।

বিশ্বকাপত নেডাৰলেণ্ডচৰ বিৰুদ্ধে খেলৰ সময়ত খেলপথাৰত প্ৰাৰ্থনা কৰিছিল ৰিজৱানে।

ওদালগুৰিৰ মাজবাটত আৰক্ষীৰ অভিযানত ১২২ কেজি ভাং জব্দ…

ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে যোৱা নিশা প্ৰায় ১ মান বজাত অভিযান চলাই ভাং জব্দ কৰিবলৈ সমৰ্থ হয়। নিশা মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় সিং ডুবেৰ নেতৃত্বত লালপানী আৰক্ষী চকীৰ আই চি প্ৰনৱ বৰুৱা,মাজবাট আৰক্ষী থানাৰ এছ আই কুশল চন্দ্র নাথ,

এছ আই চিত্রনীল দাসৰ লগত যোৱা এটা আৰক্ষীৰ দলে গোপন সুত্ৰৰ খবৰৰ ভিত্তিত অসম – অৰুণাচল সীমান্ত এলেকাৰ ৰৌতা গাওঁৰ ৰৌতা নদীৰ কাষত ঘন জংঘলৰ মাজত অভিযান চলাই ১২২ কেজি ভাং জব্দ কৰিবলৈ সমৰ্থ হয়।

উল্লেখ্য যে উক্ত অঞ্চলত আৰক্ষী প্ৰৱেশৰ উমান পায় ভাং ব্যৱসায়ী সকল আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে। পিছত মাজবাট আৰক্ষীয়ে ভাংখিনি মাজবাট থানালৈ লৈ আহে আৰু ৭৬/২৩ নম্বৰত কেচ এটা ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। ভাং খিনিৰ আনুমানিক মূল্য ১২ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

মাজবাটৰ পৰা যতীন নাথৰ ৰিপোৰ্ট

বিশ্বনাথত ঋণ মুক্ত প্ৰমাণ পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰিলে কেবিনেট মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই…

বিশ্বনাথত অসম মাইক্ৰফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় শ্ৰেণীৰ অধীনত উপকৃত হ’ব ২৭১৩ গৰাকী হিতাধিকাৰী

বিশ্বনাথ ১৬ অক্টোবৰ অসম চৰকাৰে ৰাজ্যখনৰ মাইক্ৰ’ফাইনেন্স খণ্ডৰ ঋণী সকলে সম্মুখীন হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অসম মাইক্ৰফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১ৰ অধীনত আৰ্থিক সকাহ প্ৰদান কৰি আহিছে । এই সকাহ আঁচনিৰ তৃতীয় শ্ৰেণীৰ (CATEGORY – III) অধীনত বিশ্বনাথ জিলাতো আজি ঋণ গ্ৰহণ কাৰীক ঋণ মুক্ত প্ৰমাণ পত্ৰ (No Dues Certificate) আনুষ্ঠানিকভাৱে বিতৰণ শুভাৰম্ভ কৰা হয়।

বিশ্বনাথ চাৰিআলিৰ আৱৰ্ত ভৱনৰ সমিপৰ খেল পথাৰত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত হিতাধিকাৰী সকলৰ মাজৰে পাঁচ গৰাকীক ঋণ মুক্ত প্ৰমাণ পত্ৰ প্ৰদান কৰি এই বিতৰণ প্ৰক্ৰিয়াৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প, ৰেচম আৰু ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই । তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰা, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ প্ৰমুখ্যে গণ্য মান্য ব্যক্তি সকলৰ উপস্থিতিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই প্ৰমাণ পত্ৰ বিতৰণ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি প্ৰদান কৰা ভাষণত কয় যে, এই তৃতীয় পর্যায়ত চৰকাৰে ২৫,০০০ টকালৈকে ঋণ লোৱাসকলক অগ্ৰাধিকাৰ দিছো।

চৰকাৰে ২৫,০০০ৰ পৰা ৫০,০০০ টকালৈকে ঋণগ্রহণকাৰীসকলকো এই সুবিধা প্ৰদানৰ কথা সক্রিয়ভাৱে বিবেচনা কৰি আছে, যাৰ ফলত তেওঁলোক পুনৰবাৰ ঋণ লোৱাৰ বাবে যোগ্য হৈ উঠিব ।মন্ত্ৰী গৰাকীয়ে জিলাখনৰ সকলো মাইক্ৰ’ফাইনেন্স ঋণ গ্রহণকাৰীকে তেওঁলোকৰ বকেয়া ঋণসমূহ সময়মতে পৰিশোধ কৰিবলৈ আহ্বান জনাই প্রতিষ্ঠানসমূহে যিদৰে প্ৰয়োজনৰ সময়ত আইমাতৃ সকলক ঋণ প্ৰদান কৰি সহায় কৰিছে, তেওঁলোককো ঋণ পৰিশোধ কৰি সহায় কৰাটো সকলোৰে দায়িত্ব বুলি উল্লেখ কৰে ।

উল্লেখযোগ্য যে, বিশ্বনাথ জিলাখনত এই আঁচনিৰ অধীনত মুঠ ২৭১৩ গৰাকী হিতাধিকাৰী আইমাতৃ উপকৃত হ’ব। উল্লেখ্য যে অসম মাইক্ৰফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১ৰ দ্বিতীয় পৰ্যায়ৰ অধীনত বিশ্বনাথ জিলাত মুঠ ১২,৫৯০ গৰাকী প্ৰথম শ্ৰেণীৰ হিতাধিকাৰী উপকৃত হৈছে। সেইদৰে জিলাখনত দ্বিতীয় শ্ৰেণীৰ ৩০৯৯ গৰাকী হিতাধিকাৰীও উপকৃত হৈছিল।

অনুষ্ঠানটিত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই নাতিদীৰ্ঘ ভাষণ প্ৰদান কৰি মাইক্ৰফাইনেন্স প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণ কৰি বিভিন্ন কাৰণত সমস্যাৰ সন্মুখীন হোৱা ৰাজ্যখনৰ আই-মাতৃ সকলৰ বাবে বৰ্তমান চৰকাৰখনে এই অভিলাষী আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি এনে অভিলাষী আঁচনিৰে আইমাতৃ সকলক উপকৃত কৰাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে।তেওঁলোকে লগতে ইয়াকো কয় যে, প্ৰতিগৰাকী আইমাতৃ আত্ম নিৰ্ভৰশীল হ’বৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে ।

ভাস্কৰজ্যোতি বৰাই আঁত ধৰা আৰু জিলাখনৰ কেইবাহাজাৰ হিতাধিকাৰী আইমাতৃ উপস্থিত থকা এই অনুষ্ঠানত বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে আদৰনি ভাষন প্ৰদান কৰে। নাতিদীৰ্ঘ অনুষ্ঠানটিত বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰী লাবণ্য চাৰেঙীয়া, পিছপৰা জাতি পৰিষদৰ উপাধ্যক্ষ ডা:ৰঞ্জন গগৈ, সমাজকৰ্মী পংকজ বৰা, দিগন্ত ঘাটোৱাৰ, আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, অতিৰিক্ত জিলা আয়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমনি বৰা আদিৰ লগতে কেইবাহাজাৰ হিতাধিকাৰী, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু জিলা প্ৰশাসনৰ কৰ্মচাৰীসকল উপস্থিত আছিল ।

দুলীয়াজান আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত তিনিটাকৈ ড্ৰাগছ সৰ্বৰাহকাৰী আটক…

👉Slug—— দুলীয়াজান আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত তিনিটাকৈ ড্ৰাগছ সৰ্বৰাহকাৰী আটক ।
👉 দুলীয়াজান আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত তিনিটাকৈ ড্ৰাগছ সৰ্বৰাহকাৰী আটক ।
👉অভিযানত ASO6 R 0751 এখন ছুইফট ডিজাইয়াৰ গাড়ী সহ AS06 Y 4340 নম্বৰৰ স্কুতি জব্দ কৰিছে আৰক্ষীয়ে ।


👉গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অইল কলনিত অভিযান চলাই প্ৰথমে বৰুৱা তিনিআলিৰ ঋতুপণ বৰবৰাক আটক কৰে ।
👉ঋতুপণ বৰবৰাৰ চিকাউক্তিৰ ভিত্তিত দুলিয়াজান থাপা বস্তিৰ চাহিল বাল্মীকি আৰু বিজুলীৰৰ প্ৰিয়ংছোঁ বড়োক আটক কৰিছে ।


👉তিনিওটা ড্ৰাগছ সৰ্বৰাহকাৰী জিমাৰ পৰা দুলীয়াজান আৰক্ষীয়ে ২.২৮ গ্ৰাম হেৰইন জব্দ কৰিছে ।
👉ইফালেদি এই সন্দৰ্ভত দুলিয়াজান আৰক্ষীয়ে 260/23 u/s279/427 IPC R/W Sec21(a)/27 NDPS Act পঞ্জীয়ন কৰি অনুসন্ধান অব্যাহত ৰাখিছে ।

‘বিগ বছ ১৭’ত প্ৰাক্তন দম্পতী, ছলমান খানৰ সন্মুখতে কাজিয়া ঈশা অভিষেকৰ; বিগ বছত কেনেকৈ সহ্য কৰিব ইজনে সিজনক…

বিগ বছ ১৭: ‘বিগ বছ ১৭’ত এইবাৰ প্ৰাক্তন দম্পতী ঈশা মালভিয়া আৰু অভিষেক কুমাৰ উপস্থিত। দুয়োজনে এসময়ত ইজনে সিজনক ভাল পাইছিল, জানেনে তেওঁলোকৰ ব্ৰেকআপৰ কাৰণ কি আছিল? আৰম্ভ হৈছে টিভিৰ আটাইতকৈ বিতৰ্কিত অনুষ্ঠান ‘বিগ বছ ১৭’। কালি প্ৰিমিয়াৰ নাইটত শ্ব’টোৰ আয়োজক ছলমান খানে এজন এজনকৈ ছিজন ১৭ৰ প্ৰতিযোগীসকলৰ মুখ প্ৰকাশ কৰে। উদাৰিয়ানৰ ফেম তাৰকা ঈশা মালভিয়া আৰু অভিষেক কুমাৰও শ্ব’টোত উপস্থিত হৈছে। আমোদজনক কথাটো হ’ল দুয়োজনেই প্ৰাক্তন দম্পতী।

বিগ ১৭ৰ প্ৰতিযোগী ঈশা মালভিয়া আৰু অভিষেক কুমাৰৰ মাজত এসময়ত সম্পৰ্ক আছিল। উদাৰীয়াৰ চেটত দুয়োৰে বন্ধুত্ব গঢ়ি উঠিছিল আৰু লাহে লাহে তেওঁলোকৰ বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হৈছিল। অৱশ্যে কিছুদিনৰ পিছত দুয়োৰে মাজত বিচ্ছেদ ঘটিল।

এতিয়া লক্ষণীয় হ’ব ছলমান খানৰ সন্মুখত বিগবছৰ মঞ্চত ইজনে সিজনৰ ওপৰত খং কৰা প্ৰাক্তন দম্পতী ঈশা মালভিয়া আৰু অভিষেক কুমাৰে বিগ বছৰ ভিতৰত ইজনে সিজনক কিদৰে সহ্য কৰিব।


আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ যোগদান ভাৰতীয় জনতা যুৱ মৰ্চাত…

দেওবাৰে গুৱাহাটী মহানগৰীৰ এখন আগশাৰী মহাবিদ্যালয় আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় (স্বায়ত্বশাসিত) ৰ ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ভাৰতীয় জনতা যুৱ মৰ্চাত আনুষ্ঠানিক ভাৱে যোগদান কৰে। আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি তথা মধ্য গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰাক্তন উপদেষ্টা গৌৰৱ বৰ্মন, আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় আছু গোটৰ প্ৰাক্তন উপদেষ্টা সত্যব্ৰত কলিতা, সাধাৰণ সম্পাদক তৃণয়ন বৰুৱা, সহকাৰী সাধাৰণ সম্পাদক দেবাংশুজ্যোতি দাস, মধ্য গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি শংকুমণি দাস, অখিল ভাৰতী বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা তথা ছাত্ৰ ৰাজনীতিত জড়িত ৰাজ দাস, নুনমাটি ছাত্ৰ সন্থাৰ প্ৰাক্তন বিত্ত সম্পাদক বিশাল দত্ত, দিপ্ৰজিৎ গোষাল, দিপাঞ্জন দত্ত, কুশল চুব্বা আদিকে প্ৰমুখ্য কৰি কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে ভাৰতীয় জনতা যুৱ মৰ্চাত যোগদান কৰে।

যোগদান কাৰ্য্যসূচীত ভাৰতীয় জনতা যুৱ মৰ্চাত ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা ডাঙৰীয়া, অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যোগীকৰণ আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, ৰাজ্যিক বিজেপিৰ মুখ্য সাংগঠনিক সম্পাদক জি. আৰ. ৰবীন্দ্ৰ ৰাজু, অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপাধক্ষ্য প্ৰণৱ লহকৰ ডাঙৰীয়া, ৰাজ্যিক বিজেপিৰ কাৰ্যবাহী সদস্য ৰাতুল শৰ্মা ডাঙৰীয়াৰ লগতে কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

দুৰ্গা পূজাৰ প্ৰাকক্ষণত মহানগৰীৰ বেলতলাত তীব্ৰবেগী ডাম্পাৰে মহটিয়ালে পূজা কমিটীৰ মূল তোৰণ…

দুৰ্গা পূজাৰ প্ৰাকক্ষণত মহানগৰীৰ বেলতলাত অঘটন। তীব্ৰবেগী ডাম্পাৰে মহটিয়ালে পূজা কমিটীৰ মূল তোৰণ। বেলতলা লক্ষ্মী মন্দিৰ সাৰ্বজনীন দুৰ্গা পূজাৰ আছিল তোৰণখন।

চাৰিদিন পূৰ্বে নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল তোৰণখনৰ। ডাম্পাৰখনে খুন্দিয়াই মহটিয়াই নিলে পদপথৰ দুখনকৈ দোকানো।

দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন ডাম্পাৰ চালকৰ। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS 01 KC 9789।

ওখ হ’ব বিচাৰে নেকি? উচ্চতা বৃদ্ধি কৰাত এই ৮টা ছুপাৰফুড ফলপ্ৰসূ…

উচ্চতা বৃদ্ধি কৰা খাদ্য: যদি আপোনাৰ শিশুৰ উচ্চতা বৃদ্ধি হোৱা নাই তেন্তে ইয়াৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই। উচ্চতা এনেকুৱা এটা বস্তু যে যদি কম হয় তেন্তে ই ব্যক্তিত্বত পাৰ্থক্য আনে। বহু পৰিমাণে ই জিনীয় অৰ্থাৎ পিতৃ-মাতৃৰ উচ্চতাৰ ওপৰতো নিৰ্ভৰ কৰে। যি শিশুৰ উচ্চতা বৃদ্ধি নহয়, তেওঁলোকৰ পিতৃ-মাতৃয়েও বহু ধৰণৰ ঔষধ খুৱাই। কিন্তু আপুনি জানেনে যে কিছুমান ছুপাৰফুড আছে যিবোৰ খালে উচ্চতা বৃদ্ধি পায়। উচ্চতা বৃদ্ধি কৰা ৮টা ছুপাৰফুড হৈছে-


গাখীৰ- গাখীৰত কেলচিয়াম আৰু ভিটামিন ডি প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াত সেই সকলোবোৰ বস্তু থাকে যিয়ে শৰীৰক শক্তিশালী কৰে আৰু হাড়ক শক্তিশালী কৰে। প্ৰতিদিনে ল’ৰা-ছোৱালীক এগিলাচ গাখীৰ খুৱাব লাগে।

দৈ- দৈও এটা ছুপাৰফুড। শিশুৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় কেলচিয়াম আৰু প্ৰটিন ইয়াত পোৱা যায়। দৈত থকা প্ৰ’বায়’টিকে পাচনতন্ত্ৰকো শক্তিশালী কৰে।

সেউজীয়া পাচলি- যদি আপুনি শিশুৰ উচ্চতা বৃদ্ধি কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে তেওঁলোকক সেউজীয়া শাক-পাচলি খুৱাব। কচু, বন্ধাকবি, কলাৰ্ড গ্ৰীণ আদি শাক-পাচলি নিয়মিতভাৱে খাবলৈ দিয়ক। ইয়াত ভিটামিন, খনিজ পদাৰ্থ আৰু এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে পোৱা যায়।


কণী- কণীও এটা ছুপাৰফুড। বৃদ্ধিৰ বাবে প্ৰয়োজনীয় প্ৰটিন ইয়াত পোৱা যায়। ইয়াত এমিনো এচিডো থাকে, গতিকে ই কলা মেৰামতি আৰু নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কণীত ভিটামিন ডিও পোৱা যায় যিয়ে কেলচিয়াম শোষণত সহায় কৰে।

ওটচ- ওটচ খোৱাটোও উপকাৰী বুলি প্ৰমাণিত। ইয়াত আঁহ, ভিটামিন আৰু খনিজ পদাৰ্থৰ উত্তম উৎস। শিশুৰ পুষ্টিৰ ক্ষেত্ৰত ই বহুখিনি সহায় কৰে।

বাদাম- শিশুৰ বৃদ্ধিৰ বাবে নিয়মিতভাৱে আলমণ্ড, আখৰোট, বীচ আৰু শণৰ গুটি খুৱাব লাগে। ইয়াত স্বাস্থ্যকৰ চৰ্বি, ভিটামিন আৰু প্ৰটিন পোৱা যায়। এইবোৰে শিশুৰ উচ্চতা বৃদ্ধি কৰাত সহায় কৰে।

ফলমূল- শিশুৰ খাদ্য তালিকাত ফল-মূল অন্তৰ্ভুক্ত কৰিব লাগিব। কল, অমিতা, আম আৰু বতৰৰ ফল খুৱাব। ফলমূলত ভিটামিন আৰু প্ৰটিন থাকে। যেতিয়া কলাজেন সৃষ্টি আৰু হাড় শক্তিশালী কৰিবলৈ ব্যৱহাৰ কৰা হয়।

মিঠা আলু- মিঠা আলুও এটা ছুপাৰফুড। খাবলৈও সোৱাদযুক্ত আৰু ইয়াত বিটা কেৰটিন আৰু ভিটামিন এৰ উত্তম উৎস। এনেকৈ খালে হাড়, দাঁত আৰু ছাল সুস্থ হৈ থাকে।