Home Blog Page 1296

দিবাকৰ ৰেণুৰ ওপজা দিনত উত্তৰ পুৰুষৰ মঞ্চৰ চিত্ৰাংকন প্ৰতিযোগিতা সফলতাৰে সমাপ্ত, “দিবাকৰ আছিল এটা আদৰ্শৰ প্ৰতীক আৰু প্ৰেৰণাৰ স্ৰোত”- ড° দিব্যজ্যোতি মহন্ত…

‘আমাক হেজাৰখন হাত লাগে যাৰ মন এটাই’ মূলমন্ত্ৰৰে উদ্বুদ্ধ ‘উত্তৰ পুৰুষৰ মঞ্চ’ৰ প্ৰাণ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক, কবি, ঔপন্যাসিক, চিত্ৰশিল্পী, সাহিত্যিক, সমাজ সংগঠক, কৃতী শিক্ষক প্ৰয়াত দিবাকৰ ৰেণুৰ ১৫ অক্টোবৰ ওপজা দিনটোত মঞ্চৰ গুৱাহাটীৰ জাপৰিগোগস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত একাঁজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। মঞ্চৰ সভাপতি তথা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ডীন আৰু ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা কাউঞ্চিলৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কমিটিৰ অধ্যক্ষ ড° দিব্যজ্যোতি মহন্তই দিবাকৰ ৰেণুৰ আলোকচিত্ৰৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানত স্মৃতি তৰ্পণ কৰে মঞ্চৰ পঞ্জীয়ন কমিটিৰ সভাপতি ড° অনিমা বৰা আৰু কাৰ্যকৰী সভাপতি তথা কোষাধ্যক্ষ সুৰেন্দ্ৰ মোহন দাসে, উপ-সভানেত্ৰী ববিতা বৈশ্য লহকৰ, সম্পাদক হৰেকৃষ্ণ হালৈয়ে আঁ‌ত ধৰা অনুষ্ঠানটোত উপস্থিত থাকে সদস্য নৱ ডেকা, শিখামণি দত্ত, সত্যজিত নাথ প্ৰমুখ্যে আৰু বহুতো।

একাঁজলি পুষ্পাঞ্জলি আৰু মাল্যৰ্পণেৰে অনুষ্ঠিত হোৱা স্মৃতি তৰ্পণ অনুষ্ঠানত থোকাথুকি মাতেৰে ড° দিব্যজ্যোতি মহন্তই দিবাকৰ ৰেণুৰ বৰ্ণময় জীৱনৰ ৰূপৰেখা অংকন কৰি সকলোৰে মাজত এক আৱেগ বিহ্বল পৰিৱেশৰ সূচনা কৰে। তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে – ‘দিবাকৰ আছিল এটা আদৰ্শৰ প্ৰতীক আৰু প্ৰেৰণাৰ স্ৰোত। তেওঁৰ কৰ্মস্পৃহাই মঞ্চক গতিশীলতা প্ৰদান কৰাত যথেষ্ট বৰঙণি যোগাইছিল।’ প্ৰয়াত দিবাকৰ ৰেণুৰ কথা আৰু নীলাক্ষী নেওগে সুৰাৰোপিত কৰা উত্তৰ পুৰুষৰ মঞ্চৰ শীৰ্ষক সংগীতটো পৰিৱেশন কৰা অনুষ্ঠানত নৱ ডেকাই অটল বিহাৰী বাজপেয়ীৰ জনপ্ৰিয় কবিতা ‘কদম মিলাকৰ চলনা হোগা’ আবৃত্তি কৰি অনুষ্ঠানৰ নান্দনিক সৌন্দৰ্য বৃদ্ধি কৰাত অৰিহণা যোগায়।


প্ৰণিধানযোগ্য যে দেওবাৰে দিবাকৰ ৰেণুৰ ওপজা দিনটোত গুৱাহাটী, শিৱসাগৰ, ছিপাঝাৰ, আৰু কাৰ্বি আংলঙত এলানি চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হয় মঞ্চৰ বিভিন্ন জিলাত থকা সদস্যৰ উদ্যোগতে। ববিতা বৈশ্য লহকৰ আৰু হৰেকৃষ্ণ হালৈৰ নেতৃত্বত গুৱাহাটীৰ জাপৰিগোগস্থিত প্ৰগতি জাতীয় বিদ্যালয়ত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান দিশীতা পাঠক, দ্বিতীয় স্থান দেৱজিত কলিতা আৰু তৃতীয় স্থান লাভ কৰে নিয়ৰ ভৰদ্বাজে। উল্লেখ থাকে যে, জ্যোতিষ্মান দাসক মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰাৰ লগতে বিশেষ পুৰস্কাৰেৰে পুৰস্কৃত কৰা হয় খাৱানিছ জে তনুজ কলিতাক।

নগাঁও জিলাৰ কঠীয়াতলীত এখন বিলাসী বাহনৰ পৰা ৩৪ টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ জব্দ…

নগাঁও জিলাৰ কঠীয়াতলীত দেওবাৰে কঠীয়াতলী আৰক্ষী পহৰা চকীৰ উপ পৰিদৰ্শক বিকু বৰ্মণৰ নেতৃত্বত যোৱা এটি দলে কামপুৰৰ

পৰা নগাঁও অভিমুখে আহি থকা এখন বিলাসী বাহনৰ পৰা ৩৪ টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে।

প্ৰাপ্ত তথ্য অনুসৰি এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কঠীয়াতলী আৰক্ষীৰ দলে কঠীয়াতলী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই এ এচ ০২ এ কে ২৮৪৮ নম্বৰৰ বাহন খনৰ পৰা এই ড্ৰাগছ খিনি জব্দ কৰে।

মহাৰাজ নৰনাৰায়ণৰ বড়দেৱীৰ পূজা…

৫০০ বছৰ পূৰ্বে কোঁচবিহাৰ ৰাজবাৰীৰ পৰা পাঁচ মিনিটৰ আঁতৰত দেবীবাৰীত বড়দেৱী বা আই দূৰ্গাৰ পূজা আৰম্ভ কৰিছিল মহাৰাজ নৰনাৰায়ণে (১৫৫৫-৮৭)। স্বপ্নত দেখা ধৰণে মা মহামায়াৰ প্ৰতিমা সঁজা হৈছিল।আই গোসানীৰ বাহন সিংহ নহৈ বাঘ আৰু সঙ্গী আছিল সখী জয়া আৰু বিজয়া। এই দেৱালয় পকী কৰা হৈছিল মহাৰাজ জিতেন্দ্ৰ নাৰায়ণৰ শাসন কালত ( ১৯১৫-১৮)।

এই দেৱালয়ত নৰ বলিৰ উপৰি গাহৰি বলিৰো প্ৰচলন আছিল কিন্তু অতি ব্ৰাক্ষ্মণ্যবাদৰ বাবে গাহৰি বলি আজিৰ পৰা কিছু বছৰ পূৰ্বে বন্ধ কৰি দিয়া হৈছিল।আজিও আঙুলিক বিন্ধি এটোপাল হ’লেও ৰক্ত আইক দিবই লাগে তদুপৰি এওঁৰ বিৰ্সজনৰ আগে আন প্ৰতিমাৰ বিসৰ্জন কৰা নহয়। ইয়াৰ প্ৰতিমাত জনজাতীয় মহিলাৰ চানেকি বিদ্যমান। তদুপৰি বগা বাঘটোৱে বৈষ্ণৱ চিত্ৰ কলাৰ ভু দিয়ে।

আমি জানো যে গোহাঁই কমল আলিৰ উত্তৰ ভাগৰ মঠ- মন্দিৰ বোৰত পূজাৰ অধিকাৰ কছাৰী সকলক আৰু দক্ষিণ ফালৰ মঠ-মন্দিৰ বোৰত পূজাৰ অধিকাৰ ব্ৰাক্ষ্মণ সকলক ৰজা নৰনাৰায়ণে দিছিল। এই হেতু ক’ব পাৰি যে ৰজাই নিজৰ জনজাতীয় ৰীতি-নীতিক কাহানিও এলাগী কৰা নাছিল। আহোম স্বৰ্গদেউৰে মিতিৰালিৰ সময় ছোৱাত কোঁচ বিহাৰৰ পৰা কিছু সংখ্যক কোঁচ শিৱসাগৰলৈ আহিছিল আৰু এওঁলোকেই তাত প্ৰথম দূৰ্গা পূজাৰ প্ৰচলন আৰম্ভ কৰিছিল।

মানকাচৰ আৰক্ষীৰ জালত বাংলাদেশী যুৱক ! যুৱকজনৰ ঘৰ বাংলাদেশৰ কুম্ভিৰগ্ৰাম জিলাত…

মানকাচৰ আৰক্ষীৰ জালত বাংলাদেশী যুৱক। ২০০৮ চনত যুৱকজনে মানকাচৰত কৰিছিল প্ৰৱেশ ।

মিজানুৰ ৰহমান নামৰ যুৱকজনৰ ঘৰ বাংলাদেশৰ কুম্ভিৰগ্ৰাম জিলাত। মানকাচৰৰ ভুৰাকটাত বিবাহ পাতি স্থায়ীভাৱে কৰিছিল বসবাস।

ভাৰতীয় ভোটাৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ডো বনাইছিল মিজানুৰে। আৰক্ষীৰ তদন্তৰ ভিত্তিত আটক মিজানুৰ ৰহমান।

পুনৰ আৰক্ষীয়ে আটক কৰিলে বিতৰ্কিত ACS বৰেণ্য বৰঠাকুৰক…

পুনৰ অৰক্ষীয়ে আটক কৰিলে বিতৰ্কিত ACS বৰেণ্য বৰঠাকুৰক। APWৰ আভিজিৎ শৰ্মাক হত্যাৰ ভাবুকি দি আটক হ’ল বৰেণ্য বৰঠাকুৰ। লগতে আটক হ’ল বৰেণ্যৰ একাউটেণ্ট দীপ কলিতা।

২৬ ছেপ্টেম্বৰত ফোন কৰি হত্যাৰ ভাবুকি দিছিল দীপ কলিতাই।। দুটা ইণ্টাৰনেশ্যনেল নম্বৰ আৰু এটা স্থানীয় ফোন নম্বৰেৰে ভাবুকি দিছিল দীপে।

প্ৰথমে আৰক্ষীয়ে আটক কৰে দীপ কলিতাক। আৰক্ষীৰ জেৰাত দীপ কলিতাই স্বীকাৰ কৰে বৰেণ্য বৰঠাকুৰৰ কথা। বৰেণ্য বৰঠাকুৰে ভাবুকি দিবলৈ নিৰ্দেশ দিয়া বুলি স্বীকাৰ দীপ কলিতাৰ।

ইজৰাইলত নিহত ৰয়টাৰৰ সাংবাদিক, বিবিচিৰ সাংবাদিককো আক্ৰমণ…

যুদ্ধভূমি ইজৰাইলত এতিয়া সাংবাদিকৰ জীৱনো বিপন্ন হৈ পৰিছে। ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুঁজ খনে শনিবাৰে অষ্টম দিনত ভৰি দিছে। বিগত দিন কেইটাত যুদ্ধত নিহত হৈছে ৩,০০০ৰৰো অধিক লোক। ইজৰাইলৰ প্ৰতিশোধমূলক বিমান আক্ৰমণত গাজাত প্ৰতি দিনে শ শ লোক নিহত হৈছে। শেহতীয়া তথ্য অনুসৰি ইজৰাইলৰ বিমান আক্ৰমণত গাজাত ১,৫৩০ ৰো অধিক লোক নিহত হৈছে। ইজৰাইলে দাবী কৰিছে যে ইজৰাইলৰ ভিতৰত প্ৰায় ১,৫০০ হামাছ সন্ত্ৰাসবাদী নিহত হৈছে।

যুদ্ধৰ সংবাদ সংগ্ৰহ কৰা সাংবাদিকসকলৰ ওপৰত আক্ৰমণো বৃদ্ধি পাইছে। ইজৰাইলত থকা বিবিচিৰ সাংবাদিকৰ দলটোক আক্ৰমণ কৰাৰ লগতে বন্দুক দেখুৱাই আটক কৰা বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত বিবিচিৰ এজন ক্ৰীড়া প্ৰতিবেদকে পুনৰ কেতিয়াও বিবিচিৰ বাবে কাম নকৰাৰ প্ৰতিশ্ৰুতি দিছে বুলি জানিব পৰা গৈছে। তেওঁ কৈছে যে বিবিচিয়ে স্পষ্টভাৱে হামাছক সন্ত্ৰাসবাদী বুলি ক’বলৈ অস্বীকাৰ কৰিছিল। কিন্তু ইজৰাইলত দেখা শেহতীয়া পৰিস্থিতিৰ পিছত তেওঁ বিবিচিৰ সিদ্ধান্তটো অন্যায় বুলি নিশ্চিত হৈছে।

সেয়ে তেওঁ চাকৰিটো এৰি দিবলৈ সিদ্ধান্ত লৈছে। সাংবাদিক অব্ৰাহামছে এটা সাক্ষাৎকাৰত কয় , ‘মোৰ বিশেষ আদৰ্শ আছে আৰু মই সেইবোৰৰ সৈতে আপোচ নকৰোঁ। মই ভাবো বিবিচিয়ে হামাছৰ বাবে সঠিক শব্দ ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰাটো উচিত নহয়। শব্দই দেখুৱায় যে আমি কি ভাবোঁ, আমি কেনে প্ৰতিক্ৰিয়া দেখুৱাওঁ আৰু ইয়াৰ বাবে আমি কেনেদৰে পদক্ষেপ লওঁ। হামাছ স্বাধীনতা সংগ্ৰামীৰ গোট নহয়, তেওঁলোক সন্ত্ৰাসবাদী’’।ইপিনে ইয়াৰ পূৰ্বে শুকুৰবাৰে দক্ষিণ লেবাননত ইজৰাইলী মিছাইলৰ আক্ৰমণত ৰয়টাৰৰ এজন ভিডিঅ’ সাংবাদিক নিহত হয় আৰু আন ছয়জন সাংবাদিক আহত হয়। আল জাজিৰা আৰু এজেঞ্চ ফ্ৰান্স-প্ৰেছকে ধৰি কেইবাটাও প্ৰতিষ্ঠানৰ সাংবাদিকৰ দলটোৱে ইজৰাইল সীমান্তৰ ওচৰৰ আলমা আল-চাবৰ ওচৰত বাতৰি সংগ্ৰহ কৰি আছিল।

খাৰঘূলিত পণ্ডিত কালিৰাম মেধি স্মৃতিচাৰণ সভা…

অসম সাহিত্য সভাৰ তৃতীয় গৰাকী সভাপতি তথা ভাষা তত্ত্ববিদ পণ্ডিত কালিৰাম মেধিৰ কৰ্মৰাজিৰ স্মৃতিচাৰণৰ উদ্দেশ্যে খাৰঘূলি শাখা সাহিত্য সভাৰ উদ্যোগত স্হানীয় লাল সিং একাডেমী স্কুলত বাণীকান্ত চক্ৰৱৰ্তীৰ সভাপতিত্বত এখনি গুৰুত্বপূৰ্ণ সভা আজি অনুষ্ঠিত হয়। ললিত চন্দ্র ভড়ালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ গংগাপদ চৌধুৰী আৰু ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ডঃ শ্যামভদ্ৰ মেধিয়ে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা সভা খনত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি ডঃ গংগাপদ চৌধুৰীয়ে অসমৰ তৃতীয় গৰাকী স্নাতকোত্তৰ ডিগ্রী ধাৰী কালিৰাম মেধিয়ে ব্ৰিটিছ ভাৰতৰ উপায়ুক্তৰ দৰে দায়িত্বত থাকিও কিদৰে ভাষাতত্ত্বৰ গৱেষণা কাৰ্য্য কৰিছিল সেই বিষয়ে ফহিয়াই আলোচনা কৰাৰ লগতে তেখেতৰ বিদ্যায়তনিক দিশটোৰ ওপৰতো আলোকপাত কৰে।


তেখেতে পণ্ডিত মেধিৰ অংকাৱলী গ্ৰন্থৰ বিভিন্ন দিশো পৰ্যালোচনা কৰে। সভাত কালিৰাম মেধিৰ নাতি তথা বিশিষ্ট পণ্ডিত ডঃ শ্যামভদ্ৰ মেধিয়ে কালিৰাম মেধিৰ সাহিত্যিক অৱদান সন্দৰ্ভত বিভিন্ন লেখকে বিভিন্ন সময়ত লিখা প্ৰবন্ধ সন্দৰ্ভত এক আলোচনা আগবঢ়াই এই সন্দৰ্ভত নৱ প্ৰজন্মক জাগৃত কৰাৰ ওপৰত তেও গুৰুত্ব আৰোপ কৰে।
সভাত লিখিত বক্তব্য পাঠ কৰি হেমচন্দ্র পাঠকে শ্ৰীমন্ত শংকৰদেৱ চৰ্চা, পূৰণি পুথি সম্পাদনা আৰু লক্ষ্মীনাথ বেজবৰুৱাক জন মানসত প্ৰতিষ্ঠা কৰাৰ দিশত পণ্ডিত কালিৰাম মেধিৰ অৱদানৰ সন্দৰ্ভত আলোকপাত কৰে।

সভাত ছিলঙৰ শংকৰদেৱ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অমিয় বৰ্মনে সম্প্ৰতি অসমীয়া ভাষাৰ ব্যৱহাৰৰ ক্ষেত্রত দেখা দিয়া খেলি মেলি সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি এই ক্ষেত্রত সজাগ হবলৈ সকলকে আহ্বান জনায়। খাৰঘূলি শাখা সাহিত্য সভাৰ সম্পাদক নিতুল হাতীকাকতীয়ে আত ধৰা সভা খনত ৰজত চন্দ্র বড়োৱে এটি সংস্কৃত শ্লোক পৰিৱেশন কৰে৷ উল্লেখযোগ্য যে অহা ১৮ অক্টোবৰত পণ্ডিত কালিৰাম মেধিৰ জন্ম দিৱসৰ সৈতে ৰজিতা খুৱাই সভাখন অনুষ্ঠিত কৰা হৈছিল।

পঞ্জাৱত বিজেপিৰ উপ-সভাপতিসহ দুই প্ৰাক্তন মন্ত্ৰীৰ কংগ্ৰেছত যোগদান…

এইবাৰ পঞ্জাৱত বিজেপিত ভাঙোনে দেখা দিছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱ বিজেপিত হোৱা বৃহৎ বিভাজনে দলটোক সংকটতত পেলাইছে।পঞ্জাৱ বিজেপিৰ উপ-সভাপতিকে ধৰি কেইবাজনো প্ৰাক্তন মন্ত্ৰীয়ে দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে। বিজেপি নেতাসকলৰ লগতে শিৰোমণি আকালি দলৰ কেইবাজনো নেতাই কংগ্ৰেছত যোগদান কৰিছে।

বিজেপিৰ উপ-সভাপতি ৰাজকুমাৰ ভেৰ্কাই শনিবাৰে কংগ্ৰেছত যোগদান কৰে। দুজন প্ৰাক্তন মন্ত্ৰী বলবীৰ সিং সিদ্ধু আৰু গুৰপ্ৰীত কাংগাৰ। বিজেপিৰ উপৰি শিৰোমণি আকালি দলৰ (এছএডি) পৰাও কেইবাজনো গুৰুত্বপূৰ্ণ নেতাই কংগ্ৰেছত যোগদান কৰিছে। এই তালিকাখনত প্ৰাক্তন মন্ত্ৰী হংসৰাজ যোশী, প্ৰাক্তন বিধায়ক জিত মহিন্দৰ সিং আৰু মহিন্দৰ সিং ৰিনৱাও আছে। মোহালিৰ প্ৰাক্তন মেয়ৰ অমৰজিৎ সিঙেও কংগ্ৰেছত যোগদান কৰিছে।

কংগ্ৰেছত যোগদান কৰাসকলৰ ভিতৰত ৰাজকুমাৰ ভেৰ্কা ৰাজ্যিক বিজেপিৰ উপ-সভাপতি আছিল। ৰাজকুমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ এজন ঘনিষ্ঠ ব্যক্তি বুলি পৰিচিত। তেওঁ বিজেপিৰ বৰ্তমানৰ ৰাজ্যিক সভাপতি সুনীল জাখৰৰো অনুগামী। তেওঁ পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি সুনীল জাখৰৰ সৈতে বিজেপিত যোগদান কৰিছিল। পিছলৈ সুনীল বিজেপিৰ সভাপতি হৈছিল আৰু ৰাজকুমাৰ বৰ্কা উপ-সভাপতি হৈছিল। অৱশ্যে, গেৰুৱা দলৰ প্ৰতি মোহভঙ্গ হোৱাৰ বাবে ৰাজকুমাৰ ভেৰ্কাই শুক্ৰবাৰে বিজেপি ত্যাগ কৰে আৰু শনিবাৰে কংগ্ৰেছত যোগদান কৰে।

নলবাৰীৰ বৰ্ণিবাৰী আৰক্ষী চকী লণ্ডভণ্ড কৰা যুৱকক আটক…

নলবাৰীৰ বৰ্ণিবাৰী আৰক্ষী চকী লণ্ডভণ্ড কৰা যুৱকক আটক।

ধৃত যুৱকজন বৰ্ণিবাৰীৰ জয়ন্ত দাস। আৰক্ষী চকীৰ ভিতৰত প্ৰৱেশ কৰি সামগ্ৰী লণ্ডভণ্ড কৰিছিল যুৱকজনে।

বাইক জব্দ কৰাক লৈ যুৱকজনে সংঘটিত কৰিছিল এই কাণ্ড।

ইজৰাইলৰ বায়ু সেনাৰ আক্ৰমণত গাজাত নিহত হামাছৰ বায়ুসেনাৰ মুৰব্বী…

গাজাত চলিছে ভয়াৱহ যুদ্ধ। ইজৰাইলী বোমাৰ দ্বাৰা হামাছৰ বায়ুসেনাৰ প্ৰধান নিহত হৈছে। ইহুদী ৰাষ্ট্ৰ খনৰ সামৰিক বাহিনীয়ে এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে। ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে শুকুৰবাৰৰ পৰা গাজা ষ্ট্ৰিপত আক্ৰমণ চলাই আছে। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক্স-হেণ্ডেলত প্ৰকাশ কৰা এক বিবৃতিত কয়, “শনিবাৰে ইজৰাইলী বায়ু সেনাই হামাছৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ কৰে। ইয়াৰ পৰাই সন্ত্ৰাসবাদীসকলে সকলো সন্ত্ৰাসবাদী কাৰ্যকলাপ পৰিচালনা কৰি আহিছে। এই আক্ৰমণত হামাছৰ বায়ু সেনাৰ মুৰব্বী মুৰাদ আবু মুৰাদ নিহত হৈছে।’’ উল্লেখ্য ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে সকলো শত্ৰুক হত্যা কৰাৰ ভাবুকি দিছিল। তেওঁ ভাবুকি দি কৈছিল, “এয়া মাত্ৰ আৰম্ভণি।”


নেতান্যাহুৱে এক বিবৃতিত হামাছক “অসৎ” আখ্যা দি কৈছিল , “আমাৰ শত্ৰুসকলে কেৱল তেওঁলোকৰ কাৰ্য্যৰ মূল্য পৰিশোধ কৰিছে।” উল্লেখ্য ইজৰাইলী সেনাই শুক্ৰবাৰে গাজা ষ্ট্ৰিপত আক্ৰমণ আৰম্ভ কৰিছিল। ইজৰাইলৰ সামৰিক মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে কৈছে যে ইজৰাইলী সামৰিক বাহিনীয়ে পেলেষ্টাইনী ৰকেট আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ প্ৰতি আক্ৰমণ কৰিছে। ইজৰাইলৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই গাজাত হামাছৰ অভ্যন্তৰীণ মন্ত্ৰালয়ৰ এজন মুখপাত্ৰ য়াদ আল-বোজোমে কয় : “আমি সকলো লোকক ঘৰৰ ভিতৰত থাকিবলৈ কৈছো, তেওঁলোকে গাজা ভূখণ্ড এৰি যোৱাৰ কোনো প্ৰয়োজন নাই।”

ইহুদী ৰাষ্ট্ৰখনৰ আক্ৰমণৰ ফলত গাজাৰ বৃহৎ অংশ প্ৰায় ধ্বংসস্তূপত পৰিণত হৈছে। গাজাৰ বাসিন্দাসকলে চাৰিওফালে গুলীবৰ্ষণৰ মাজত থাকিবলগীয়া হৈছে। গাজাত এতিয়ালৈকে ১,৫০০ ৰো অধিক লোক নিহত হৈছে।