Home Blog Page 1307

লেংটিছিঙাৰ ৰাজীৱ গান্ধী মেমৰীয়াল কলেজৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

বঙাইগাঁও জিলাৰ লেংটিছিঙাৰ ৰাজীৱ গান্ধী মেমৰীয়াল কলেজৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস বুধবাৰে দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়।

কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৭-৩০ বজাত সহকাৰী অধ্যাপক ড০ ফজৰ আলীৰ পৰিচালনাত ছাফাই কাম, ৮-০০ বজাত বৃক্ষৰোপণ কৰে সহযোগী অধ্যাপক বিল্লাল হুছেইনে।

পিছত প্ৰতিষ্ঠা দিৱসৰ মূল পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জহুৰুল ইছলামে। মহাবিদ্যালয়ৰ ৩১ বছৰ উপলক্ষে আন ৩০ জন আমন্ত্ৰিত অতিথিৰ দ্বাৰা ৩০ খন পতাকাও উত্তোলন কৰা হয়।

৯-৩০ বজাত বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণৰ শুভাৰম্ভ কৰে লেংটিছিঙা এছ বি আইৰ শাখা পৰিচালক অৰ্পণ দে, ১০ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে লেংটিছিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা নিবেদিতা দাস, ১১ বজাৰ পৰা কলেজৰ অধ্যক্ষ ড০ জহুৰুল ইছলামৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়।

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ এম ছফিউৰ ৰহমান, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে-হাব্ৰাঘাট কলেজৰ অধ্যক্ষ ড০ মন্টু দাস আৰু সহযোগী অধ্যাপক ইব্ৰাহিম আলী।

মহাবিদ্যালয়ৰ এই প্ৰতিষ্ঠা দিৱসত মহাবিদ্যালয় খনলৈ ভূমি প্ৰদান কৰা ভূমি দাতা সকলোক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰ চৰ্চা বিচাৰক সংগ্ৰাম বেজবৰুৱাৰ আকস্মিক মৃত্যু

শিৱসাগৰ নগৰৰ ঐতিহ্যমণ্ডিত বেজবৰুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষৰ বেজবৰুৱাৰ চুকৰ বাসিন্দা প্ৰয়াত ব্ৰজেন বেজবৰুৱাৰ পুত্ৰ তথা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত শৰীৰ চৰ্চা ক্ৰীড়াৰ বিচাৰক ও প্ৰশিক্ষক সংগ্ৰাম বেজবৰুৱাৰ আকস্মিক মৃত্যুত শোকাকূল শিৱসাগৰ, শোকাকূল ক্ৰীড়া জগত।

৪২ বছৰীয়া সংগ্ৰাম বেজবৰুৱাই ১০ অক্টোবৰৰ আবেলি প্ৰায় ৪-৩০ মান বজাত নিজ গৃহৰ কাষতে লাগি থকা তাৰা এণ্ড বেজবৰুৱাৰ শৰীৰ চৰ্চা কেন্দ্ৰটোতে থিয় হৈ নিজ ভাড়া ঘৰৰ কেইজনমান ভাৰাতীয়াৰ সৈতে কথা পাতি আছিল। তেওঁৰ পিয়াহ লগাত ঘৰৰ ভিতৰলৈ সোমাই আহি ফ্ৰীজৰ পৰা পানী বটল এটা হাতত লৈ খাবলৈ লওঁতেই হঠাৎ তেওঁ ঢলি পৰে। লগে লগে পৰিয়ালৰ লোকে তেওঁক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰি তেওঁক মৃত বুলি ঘোষণা কৰে।

এগৰাকী ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াৰ লগত জড়িত ব্যক্তিৰ এনেদৰে আকস্মিক মৃত্যু হোৱাৰ খৱৰ লাভ কৰাৰ পিছতেই তেওঁৰ গৃহত অগণন গুণমুগ্ধ আৰু পৰিয়ালবৰ্গই আহি ভিৰ কৰেহি। বুধবাৰে নিশা ৯ বজাত এক শোকাকূল পৰিৱেশৰ মাজতে নগৰৰ থানামুখ শান্তীবন স্মশানত সংগ্ৰাম বেজবৰুৱাৰ শেষকৃত্য সম্পন্ন কৰা হয়। উল্লেখ্য যে সংগ্ৰাম বেজবৰুৱা এগৰাকী শৰীৰ চৰ্চাবিদ হোৱাৰ লগতে তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী বিচাৰক হোৱাৰ ওপৰি তেওঁ আছিল এগৰাকী শৰীৰ চৰ্চাৰ প্ৰশিক্ষক। পঞ্জাৱ প্ৰদেশত শৰীৰ চৰ্চাৰ ওপৰত বিশেষভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰি বিগত ২০০০ চনৰ পৰা তেওঁ ওতঃপোত ভাৱে ইণ্ডিয়ান বডি বিল্ডিং ফেডাৰেশ্বনৰ সৈতে জড়িত হৈ পৰে।

এসময়ত অসম ৰাজ্যিক বড়ি বিল্ডিং এছচিয়েশ্বনৰ সম্পবাদকৰ দায়িত্ব পালন কৰি পিছলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰা সংগ্ৰাম বেজবৰুৱাই মৃত্যুৰ সময়লৈকে ইণ্ডিয়ান বডি বিল্ডিং এণ্ড ফিটনেছ ফেডাৰেশ্বনৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদকৰ দায়িত্ব পালন কৰা একমাত্ৰ ব্যক্তি আছিল। তেওঁৰ মৃত্যুত শিৱসাগৰ আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসমীয়া যুৱ মঞ্চ, সংগ্ৰামী সেনা অসম, উজনি অসম মুছলিম কল্যাণ পৰিষদ, আটাছু, সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থা, শিৱসাগৰ জিলা কংগ্ৰেছ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসম, বিশিষ্ট ক্ৰীড়াবিদ পৱন কুমাৰ দত্ত, ইন্দ্ৰ গোঁহাই, জ্যেষ্ঠ সাংবাদিক প্ৰণৱ হাজৰিকা, পুৰুষুত্তম কলিতা, সৃজনী সাহিত্য সভা, আমগুৰি যুৱ জামাত, অৰুনোদয় সাহিত্য সভা, বিজেপি নেতা ৰাহুল গগৈ, যুৱ সমাজকৰ্মী বেদজ্যোতি ভূঞা, সৌৰভ ভাগৱতী, বিমান চুতীয়া আদি কৰি অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠন আদিয়ে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত তেওঁ দুগৰাকী ভগ্নীৰ লগতে খুড়াক প্ৰবীণ বেজবৰুৱাৰ সহিতে এটি পৰিয়াল ইহ সংসাৰত এৰি থৈ যায়। ইফালে সংগ্ৰাম বেজবৰুৱাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ইণ্ডিয়ান বডি বিল্ডিং এণ্ড ফিটনেছ ফেডাৰেশ্বনে।

অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত দুদিনীয়াকৈ ‘ৰবি শস্যৰ কৰ্মশালা ২০২৩’

অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ১০ আৰু ১১ অক্টোবৰত দুদিনীয়াকৈ “ৰবি শস্যৰ কৰ্মশালা ২০২৩” আয়োজন কৰা হয়। কৰ্মশালাত অধ্যক্ষতা কৰে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি বিভাগৰ উৎপাদন আয়ুক্ত ডা°আশীষ কুমাৰ ভূটানীয়ে। কৰ্মশালাখনত অসম কৃষি আয়োগৰ অধ্যক্ষ ড°এইচ.এছ. গুপ্তাও উপস্থিত আছিল। কৰ্মশালাখনৰ উদ্দেশ্য হৈছে অসমত ৰবি ঋতুৰ বাবে পৰিকল্পনা কৰা আৰু অসমত ৰবি ঋতুত শস্যৰ তীব্ৰতা বৃদ্ধি কৰা।

অসম চৰকাৰৰ কৃষি বিভাগ আৰু এপাৰ্টৰ যুটীয়া প্ৰচেষ্টাত অসম বীজ নিগম লিমিটেডে এই কৰ্মশালাখনৰ আয়োজন কৰিছে। “ৰবি শস্য কৰ্মশালা ২০২৩” ৰ উদ্বোধনী অনুষ্ঠানত ড°এইচ.এছ. গুপ্তাই তেওঁৰ ভাষণত কয় যে, যদিও অসম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয় বৃহত্তম ৰাজ্য, গ্ৰাম্য জনসংখ্যা তুলনামূলকভাৱে অধিক কিন্তু এতিয়াও কৃষিখণ্ডৰ বিকাশৰ অধীনতে আছে। ড° গুপ্তাই এই কথাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে যে, যেতিয়ালৈকে ৰাজ্যৰ উদ্যানশস্য, পশু চিকিৎসা, মীন পালনকে ধৰি কৃষি বিভাগে একেলগে কাম নকৰে তেতিয়ালৈকে অসমৰ কৃষিখণ্ডত কোনো ধৰণৰ বিকাশ হ’ব নোৱাৰে, লগতে কৃষকসকলৰ উপাৰ্জনো দুগুণে বৃদ্ধি হ’ব নোৱাৰিব।

অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি বিভাগৰ উৎপাদন আয়ুক্ত ডা° আশীষ কুমাৰ ভূটানীয়ে কৰ্মশালাত ভাষণ প্ৰদান কৰি কয় যে, ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰথমবাৰৰ বাবে অকল চাউলেই নহয়, কৃষকসকলক সহায় কৰাৰ বাবে  সৰিয়হ ক্ৰয় কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। অসমত এক নতুন বৈপ্লৱিক সূচনাৰে কৃষিৰ ক্ষেত্ৰত এক নতুন দিগন্ত উদয় হোৱাৰ সম্ভাৱনা আছে। ধান খেতি চপোৱাৰ পিছত বেছিভাগ মাটি পৰিত্যক্ত ভূমি হিচাপে থাকে আৰু বিভিন্ন প্ৰযুক্তিগত, সামাজিক আৰু নীতিগত হস্তক্ষেপৰ জৰিয়তে শস্যৰ বিবিধতা বৃদ্ধি কৰাৰ লগতে আৰু ৰবি ঋতুত শস্যৰ নিৰ্বিৰতা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

এই তথ্য সমূহৰ ওপৰত ভিত্তি কৰি প্ৰত্যাহ্বানৰ লগতে সুযোগৰ কথা মনত ৰাখি, অসম চৰকাৰৰ কৃষি সঞ্চালকালয়ে বীজ, সাৰ, কৃষিগত ৰাসায়নিক দ্ৰৱ্য আদিৰ দৰে উপাদানসমূহ সামৰি কৃষি ভিত্তিক বাতাবৰণ নিৰূপণ কৰাৰ উদ্দেশ্যেৰে অসম বীজ নিগমৰ সমৰ্থনত ৰবি আৰু খাৰিব ঋতুকালীন কৰ্মশালা নিয়মীয়াকৈ অনুষ্ঠিত কৰাৰ ব্যৱস্থা হাতত লৈছে। 

সামগ্ৰীসমূহৰ  চাহিদা আৰু যোগানৰ ব্যৱধান আৰু জিলা অনুসৰি মূল্যাঙ্কন ৰখাৰ ব্যৱস্থাকে ধৰি সকলো কৃষি পৰিস্থিতিৰ মূল্যাঙ্কন কৰাৰ ক্ষেত্ৰত এই কৰ্মশালাই দিক নিৰ্ণয় কৰিব। এই দুদিনীয়া কৰ্মশালাত অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক শ্ৰী ভাস্কৰ পেগু, অসম কৃষি আয়োগৰ সদস্য ক্ৰমে ড°নলিন মোহন, হলধৰ দেৱ শৰ্মা আৰু প্ৰাঞ্জল প্ৰকাশ শৰ্মা, অসম বীজ নিগম লিমিটেডৰ পৰিচালন সঞ্চালক গুণজিৎ কাশ্যপ, অসম বীজ আৰু জৈৱিক প্ৰমাণিকৰণ অভিকৰণৰ সঞ্চালক মৌচম হাজৰিকা, উদ্যানশস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, অসম বীজ নিগম লিমিটেডৰ অধ্যক্ষ প্ৰবিন হাজৰিকাৰ লগতে অন্যান্য ৰাজ্যিক বিষয়াসকল উপস্থিত আছিল।

ৰঙাপৰা মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পূৱ মাণ্ডলিক আন্তঃবিদ্যালয় যুৱ মহোৎসৱ

শোনিতপুৰ জিলাৰ অগ্ৰনী শিক্ষানুষ্ঠান ৰঙাপৰা মহাবিদ্যালয়ত ১৫, ১৬ আৰু ১৭ অক্টোবৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ৰীড়া পৰিষদৰ অন্তৰ্গত পূৱ মাণ্ডলিক আন্তঃমহাবিদ্যালয় যুব মহোৎসৱ অনুষ্ঠিত হ’ব। ৰঙাপৰা মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত মহোৎসৱৰ প্ৰথম দিনা অৰ্থাৎ ১৫ অক্টোবৰ তৰিখত মুকাভিনয়,ব্যংগনাট,ভেঙুচালি(কণ্টস্বৰ নকল),একাংক নাটক, বৰগীত , লোকগীত , বনগীত , পৰম্পৰাগত জনজাতীয় গীত, জ্যোতি সংগীত , বিষ্ণু ৰাভা গীত , পাৰ্বতী প্ৰসাদ বৰুৱা গীত , ভূপেন্দ্ৰ সংগীত , জয়ন্ত হাজৰিকা গীত , থিতাতে পেইণ্টিং অকা আৰু পোষ্টাৰ মেকিং আদি অনুষ্ঠিত হ’ব।১৬ অক্টোবৰত একাংক নাটক, সমবেত সংগীত, দলীয় লোক বাদ্য, ৰবীন্দ্ৰ সঙ্গীত, অসমীয়া সুগম সংগীত, লঘূ কণ্ঠ সংগীত, শাস্ত্ৰীয় কণ্ঠ সংগীত, পাশ্চাত্য সঙ্গীত,তাল, বাদ্য,স্বৰ বাদ্য, থিতাতে ছবি তোলা আৰু আলোচনী প্ৰতিযোগিতা , স্বৰচিত কবিতা আবৃত্তি (অসমীয়া, হিন্দী অথবা ইংৰাজী), বক্তৃতা (অসমীয়া বা ইংৰাজী), বিতৰ্ক আৰু কুইজ ,কাৰ্টুনিং,কলাজ আৰু ক্লে মডেলিং অনুষ্ঠিত হ’ব। আৰু শেষত ১৭অক্টোবৰত একক শাস্ত্ৰীয় নৃত্য , দলীয় লোক নৃত্য /জনজাতীয় নৃত্য আৰু সামৰণী অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব।

উল্লেখ্য যে প্ৰতিযোগিতাকে ধৰি মহোৎসৱৰ সকলো কাৰ্যসূচী অনুষ্ঠিত হ’ব ৰঙাপৰা মহাবিদ্যালয়ৰ চৌহদত ।গুৱাহাটী বিশ্বদ্যিালয়ৰ ক্ৰীড়া পৰিষদৰ অনুমোদিত / স্বীকৃতিপ্রাপ্ত মহাবিদ্যালয়ৰ নিয়মীয়া ছাত্র-ছাত্রী সকলেহে এই প্রতিযোগিতাত প্রতিযোগীৰূপে অংশগ্রহণ কৰিব পাৰিব।এই মাণ্ডলিক যুৱ মহোৎসৱৰ বিভিন্ন প্রতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্রাপ্ত সকলে পৰৱৰ্তী কেন্দ্রীয়ভাবে আয়োজিত যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিব পাৰিব । তাৰোপৰি এজন ছাত্র বা এগৰাকী ছাত্রীয়ে এখন মহাবিদ্যালয়ক প্রতিনিধিত্ব কৰিব পাৰিব, যদিহে – তেওঁ সংশ্লিষ্ট মহাবিদ্যালয়ৰ নিয়মীয়া ছাত্র-ছাত্রী হ’ব লাগিব।

তেওঁৰ নাম মহাবিদ্যালয়ৰ হাজিৰা বহীত লিপিবন্ধ থাকিব লাগিব।প্রতিনিধিত্ব কৰিবৰ বাবে তেওঁক মহাবিদ্যালয়ৰ অধ্যক্ষই অনুমতি দিব লাগিব। প্রতিযোগীৰ বয়স ২০২৩ চনৰ ১ চেপ্তেম্বৰত ২৫ বছৰতকৈ বেছি হ’ব নোৱাৰিব।যুব মহোৎসৱত অংশগ্ৰহণকাৰী একোটা দলত সৰ্বমুঠ ৩০ গৰাকীতকৈ অধিক সদস্য থাকিব নোৱাৰিব।যুৱ মহোৎসৱৰ একোটা অংশগ্রহণকাৰী দলত একোজনকৈ তত্ত্বাবধায়ক অধ্যাপক থাকিব । যুব মহোৎসৱৰ সময়ছোৱাত তত্ত্বাবধায়ক অধ্যাপক গৰাকী তেওঁ নেতৃত্ব দিয়া অংশগ্ৰহণকাৰী দলটোৰ পৰিচালনা আৰু নিয়ন্ত্ৰণৰ দায়িত্বত থাকিব। অংশগ্রহণকাৰী দলত ছাত্ৰ আৰু ছাত্রী উভয়ে থাকিলে অতিৰিক্তভাৱে এগৰাকী মহিলা তত্ত্বাবধায়ক অধ্যাপক থাকিব পাৰিব (যদিহে প্রয়োজনবোধ কৰে)।অংশগ্রহণকাৰী দলসমূহৰ অহা-যোৱা আৰু অন্যান্য কোনোধৰণৰ বা গুৱাহাটী বিশ্ববিদ্যালয়৷ ক্রীড়া পৰিষদ তথা উদ্‌যাপন সমিতিয়ে বহন নকৰে। প্রতিযোগীসকলে সকলোধৰণৰ বাদ্যযন্ত্ৰ আৰু বাদ্যযন্ত্ৰীৰ উপৰি ৰূপসজ্জাৰ সামগ্ৰীৰ লগতে আলোসম্পাত আৰু সাজ-সজ্জাৰ ব্যবস্থা নিজাববীয়াকৈ কৰিব লাগিব।


প্রতিযোগী আৰু তত্ত্বাবধায়ক অধ্যাপকসকলে আঠুৱাকে ধৰি শোৱাৰ সকলো সামগ্ৰী (বেডিং) লগত আনিব লাগিব।প্রতিযোগী দলসমূহ যুৱ মহোৎসৱৰ চৌহদত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকৰ আগমনৰ বিষয়ে যুব মহোৎসৱ উদ্‌যাপন সমিতিক আনুষ্ঠানিকভাৱে অৱগত কৰিব লাগিব। পঞ্জীয়নৰ সময়তে সকলো মহাবিদ্যালয় তথ্য প্রতিযোগী তথা প্রতিযোগী দলে এখনকৈ পতাকা উদ্‌যাপন সমিতিক জমা দিব লাগিব।ব্যায়/ মাছুল প্রতি গৰাকী প্ৰতিনিধিৰ বাবে (৪০০) চাৰিশ টকা পঞ্জীয়ন মাচুল ধাৰ্য কৰা হৈছে।

চলিত বৰ্ষত স্নাতক মহলাৰ তৃতীয়, পঞ্চম আৰু মষ্ঠ (সদ্য বিদায়ী ) সাম্মাসিকৰ আৰু স্নাতকোত্তৰ মহলাৰ তৃতীয় আৰু চতুৰ্থ (সদ্য বিদায়ী) ছাত্র-ছাত্রীয়েহে মহোৎসৱত অংশগ্ৰহণ কৰিব পাৰিব।প্ৰতিযোগীকে ধৰি অংশগ্রহণকাৰী দলৰ সদস্যসকল যাতে নিৰোগী হয় তাৰ প্ৰতি সংশ্লিষ্ট মহাবিদ্যালয়সমূহক বিশেষ গুৰুত্ব দিবলৈ অনুৰোধ জনায়। জটিল ৰোগ আৰু আন আন বেমাৰৰ সেৱাত প্ৰতিষেধক লোৱাকে ধৰি যাবতীয় চিকিৎসা ব্যবস্থা কৰাৰ পিছতহে যাতে যুৱ মহোৎসৱলৈ আহে তাৰ প্রতি বিশেষভাবে চকু দিবলৈ মহাবিদ্যালয়সমূহক আহ্বান জনাইছে উদযাপন সমিতিয়ে। লগতে কভিড প্রতিষেধক প্ৰদানৰ প্ৰমাণ পত্ৰ দেখুৱাব লাগিব।নৃত্য পৰিৱেশনৰ বাবে ব্যৱহাৰ কৰা গীতৰ কথাংশ আৰু ভাবাৰ্থৰ তিনিটাকৈ প্ৰতিলিপি প্রতিযোগিতাত যোগদান কৰাৰ সময়তে জমা দিব লাগিব। নৃত্যৰ সৈতে কাহিনী আৰু নৃত্যৰ বৰ্ণনাৰ চমুটোকাও যোগদানৰ সময়ত জমা দিব লাগিব।


তৰ্ক আৰু বক্তৃতা প্ৰতিযোগিতাৰ বিষয় প্রতিযোগিতাৰ ২৪ ঘণ্টাৰ আগতহে ঘোষণা কৰা হ’ব। আবৃত্তি প্রতিযোগিতা প্রতিযোগীসকলে অসমীয়া, ইংৰাজী বা হিন্দীত নিজে ৰচনা কৰা কবিতাহে আবৃত্তি কৰিব পাৰিব। কবিতাৰ বিষয়-প্ৰসংগ প্ৰতিযোগিতাৰ তিনি ঘণ্টা আগতে ঘোষণা কৰা হ’ব। নিৰ্ধাৰিত বিষয়ত প্রতিযোগীসকলে নির্দিষ্ট সময়ৰ ভিতৰত কবিতা ৰচনা আৰু আবৃত্তি কৰিব লাগিব । সংগীত প্ৰতিযোগিতাৰ নিৰ্দেশনা সমুহ হৈছে ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, গীতিকাৰ পাৰ্বতিপ্ৰসাদ বৰুৱা আৰু সংগীতসূর্য- অসম ৰত্ন ড° ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত আৰু সুৰাৰোপিত গীত সমূহে ক্ৰমে জ্যোতি সংগীত, বিষ্ণু ৰাভাৰ গীত, পাৰ্বতিপ্ৰসাদ বৰুৱাৰ গীত আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ বাবে গণ্য কৰা হ’ব।

জয়ন্ত হাজৰিকাৰ কণ্ঠৰ যিকোনো গীত জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগীসকলে পৰিৱেশন কৰিব পাৰিব।অসমীয়া সুগম সংগীত (আধুনিক গীত) প্রতিযোগিতাত কোনো প্রতিযোগীয়ে ইতিপূর্বে বাণীবদ্ধ হোৱা, কেছেট-চিডিত (অডিঅ’ আৰু ভিডিঅ’) সন্নিবিষ্ট হোৱা, অনাতাঁৰ এফ এম বা দূৰদর্শনযোগে নতুবা আন ইলেক্ট্রনিক মাধ্যম যোগে প্রচাৰিত-সম্প্ৰচাৰিত আধুনিক গীত পৰিবেশন কৰিব নোৱাৰিব।এইক্ষেত্ৰত প্ৰতিযোগীসকলক বিশেষভাবে গুৰুত্ব দিবলৈ বিবৃতিত উল্লেখ কৰে ।

আনহাতে যুব মহোৎসবত জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, পার্বতিপ্ৰসাদ বৰুৱাৰ, ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব, গতিকে এইসকলৰ কোনো গীতো যুৱ মহোৎসৱৰ অসমীয়া সুগম সংগীত প্রতিযোগীয়ে পৰিবেশন কৰিব নোৱাৰিব। বনগীত আৰু লোকসংগীতৰ ক্ষেত্ৰতো এই নিয়ম প্রযোজ্য হ’ব।অসমীয়া সুগম সংগীতৰ প্ৰতিযোগীসকলে তেওঁলোকে পৰিবেশ কৰিবলগীয়া গীতৰ প্ৰতিলিপি গীতিকাৰ আৰু সুৰকাৰৰ নামসহ যুৱ মহোৎসৱ উদ্‌যাপন সমিতিৰ সংশ্লিষ্ট কর্তৃপক্ষক নামভৰ্ত্তিৰ সময়তে জমা দিব লাগিব।সমবেত সংগীতৰ প্ৰতিযোগী দলসমূহে সমবেত কণ্ঠত দুটাকৈ গীত পৰিৱেশন কৰিব লাগিব।

ইয়াৰে এটা অসমীয়া সমবেত সংগীত তথা বৃন্দ গীত আৰু আনটো অসমীয়া লোক সংগীত। সমবেত সংগীতৰ ক্ষেত্রতো ইতিপূর্ব কোনো মাধ্যমযোগে প্রচাৰিত বা সম্প্রচাৰিত নোহোৱা গীতহে প্রতিযোগিতাৰ বাবে গণ্য কৰা হ’ব। অৱশ্যে সমবেত কণ্ঠত পৰিবেশন কৰিবলগীয়া লোক সংগীতৰ ক্ষেত্ৰত এই নিয়ম প্রযোজ্য নহ’ব। প্ৰতিযোগী দলসমূহে পৰিৱেশন কৰিবলগীয়া দুয়োটা গীতৰ তিনিটাকৈ প্ৰতিলিপি গীতিকাৰ-সুৰকাৰ পৰিচালক-সংগ্ৰহকাৰীৰ নামসহ যুৱ মহোৎসৱ উদযাপন সমিতিৰ সংশ্লিষ্ট কর্তৃপক্ষক নামভৰ্তিৰ সময়তে জমা দিব লাগিব।

সমবেত সংগীত আৰু লোকবাদ্যৰ বাহিৰে সংগীত প্ৰতিযোগিতাৰ বাকী সকলো শিতানত একোটা দলৰ এগৰাকীকৈ প্ৰতিযোগীয়েহে এককভাবে অংশ গ্রহণ কৰিব পাৰিব। পৰম্পৰাগত জনজাতীয় গীতৰ প্ৰতিযোগীসকলে অসমৰ যিকোনো এটা জনজাতিৰ লোকসংগীত এককভাৱে পৰিবেশন কৰিব লাগিব। প্রতিযোগীসকলে পৰিবেশন কৰিবলগীয়া গীতৰ ভাবাৰ্থৰ তিনিটাকৈ প্রতিলিপি ( অসমীয়া বা ইংৰাজীত) যুৱ মহোৎসব উদযাপন সমিতি সংশ্লিষ্ট কর্তৃপক্ষক নামভৰ্ত্তিৰ সময়তে জমা দিব লাগিব। মুঠৰ ওপৰত অহা দিনত ৰঙাপৰা মহাবিদ্যালয়ৰ চৌহদত যুৱ মহোৎসৱৰ পৰিৱেশে এক সুন্দৰ কৃষ্টি, সংস্কৃতিৰে ভৰি পৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

গাজাত হামাছৰ বিৰুদ্ধে ইজৰাইলে নিক্ষেপ কৰিছে নিষিদ্ধ বগা ফছফৰাছ বোমা ! কি এই বোমা?

হামাছক পুলিয়ে-পোখাই উভালিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছে ইজৰাইল। যুদ্ধভূমি ইজৰাইলত এতিয়া মৃত্যুৰ মিছিল। হামাছ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত ইজৰাইলত আৰম্ভ হোৱা ৰক্তপাত বন্ধ হোৱা নাই। ইজৰাইলৰ সমান্তৰালভাবে পেলেষ্টাইনীসকলেও সমানে অব্যাহত ৰাখিছে আক্ৰমণ । ইপিনে গাজাৰ ঘন বসতিপূৰ্ণ অঞ্চলত নিষিদ্ধ বগা ফছফৰাছ বোমা নিক্ষেপ কৰাৰ অভিযোগ উঠিছে। আক্ৰমণৰ ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।উল্লেখ্য বগা ফছফৰাছ হৈছে এক অতি বিষাক্ত পদাৰ্থ। ই ফছফৰাছৰ এক আইচ’টোপ। যি দেখাত মমৰ দৰে। অক্সিজেনৰ সংস্পৰ্শলৈ আহিলে ই জ্বলি উঠে।

ফুটাৰ লগে লগে ই উজ্জ্বল বগা ধোঁৱাৰ কুণ্ডলী এটা সৃষ্টি কৰে।ই যেতিয়াই অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়াই বিধ্বংসী জুইৰ সৃষ্টি কৰে। এই বোমাৰ পৰা নিৰ্গত পদাৰ্থ কেৱল ছালৰ জড়িয়তেই নহয়, উশাহ-নিশাহৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰিব পাৰে আৰু মৃত্যু ঘটাব পাৰে। কোৱা হয় যে ১৮০০ চনত আইৰিছ সেনাই ব্ৰিটিছ বাহিনীৰ বিৰুদ্ধে বগা ফছফৰাছ বোমা ব্যৱহাৰ কৰিছিল। ব্ৰিটিছ সেনাই পৰৱৰ্তী দুয়োখন বিশ্বযুদ্ধত এই অস্ত্ৰ ব্যৱহাৰ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বাহিনীয়েও ইৰাণৰ বিৰুদ্ধে বগা ফছফৰাছ বোমা নিক্ষেপ কৰাৰ অভিযোগ উত্থাপিত হৈছিল।অৱশ্যে ইজৰাইলৰ তৰফৰ পৰা এই সন্দৰ্ভত কোনো স্পষ্টীকৰণ দিয়া হোৱা নাই।

মানকাচৰ মা কামাখ্যা মন্দিৰ অস্থায়ী হেলিপেডত অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াৰ পদাৰ্পণ, বায়ুসেনাৰ বিশেষ হেলিকপ্টাৰ যোগে অৱতৰণ…

আজি দিনৰ ১০ বজাত বায়ুসেনাৰ বিশেষ হেলিকপ্টাৰ যোগে দক্ষিণ শালমাৰা মানকাচৰ জিলাত পদাৰ্পন কৰে অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়া । অসম মেঘালয় সীমান্তৰ মানকাচৰ মা কামাখ্যা মন্দিৰ হেলিপেডত অৱতৰণ পিছত ৰাজ্য পাল গৰাকীক আদৰণি জনায় দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা আৰু আৰক্ষী অধীক্ষক হৰেণ টকবী। ইয়াৰ পিছত পোনে পোনে প্ৰশাসনৰ বিশাল কনভয় সহ উপস্থিত হয় ভাৰত বাংলাদেশ সীমান্তৰ মানকাচৰ সাহাপাৰাৰ ৪৫ নং বি এন ভি এছৰ কেম্পত উপস্থিত হয়। সীমান্ত সুৰক্ষা বাহিনীৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ লগত অলপ সময় মত বিনিময় কৰি ৰাজ্য পাল গৰাকীয়ে গছ পুলি ৰোপন কৰি পোনে পোনে খোজকাঢ়ি জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, সীমান্ত সুৰক্ষা বাহিনীৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ লগত সীমান্তৰ গেটৰ ভিতৰেদি সীমান্তৰ শূন্য ঠাইত গৈ বুজ লয় আৰু বাংলাদেশৰ বৰ্ডাৰ বিষয়াৰ লগত কথা বতৰা পাতি আকৌ ৪৫ নং সীমান্ত সুৰক্ষা বাহিনীৰ কেম্পত উপস্থিত হয় আৰু সীমান্তত থকা ভাৰতীয় লোক সকলৰ লগত মত বিনিময় কৰে। উক্ত মন বিনিময় সভাত উপস্থিত আছিল ২১ নং মানকাচৰ বিধান সভা সমষ্টি বিধায়ক, অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সম্পাদক জাৱেদ ইছলামে।

জিলা খনৰ বিভিন্ন অভাব সমূহ ৰাজ্যপালক ভাষণৰ মাধ্যমৰে অৱগত কৰে বিধায়ক আমিনুল ইছালামে। ৰাজ্যপাল গৰাকীয়ে অসম চৰকাৰৰ বিভিন্ন উন্নয়ন মূলক আচনি আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ কথা ৰাইজক অৱগত কৰে ৰাজ্য পাল গৰাকীয়ে। সভাৰ পিছত মানকাচৰৰ পৰা সীমান্ত দি বিশাল কয়ভয়ৰে হাটশিঙিমাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে চৰকাৰী বিভিন্ন আঁচনি ৰোপায়ন সন্দৰ্ভত আলোচনা কৰে।

‘বাবা সম্পূৰ্ণৰূপে ভালে আছে’:পিতৃৰ মৃত্যুৰ বাতৰি অস্বীকাৰ কৰি স্পষ্ট কৰিলে অমৰ্ত্য সেনৰ জীয়ৰী অভিনেত্ৰী নন্দনা সেনে…

এটা খবৰ বনজুইৰ দৰে বিয়পি পৰিল। নোবেলজয়ী, বিশিষ্ট অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ মৃত্যুৰ খবৰ। তেওঁ আৰু নাই… শোকাহত হ’ল অনুৰাগী। কিন্তু সকলোকে স্বস্তি প্ৰদান কৰি অমৰ্ত্য সেনৰ কন্যা নন্দনা সেনে লগে লগে পিতৃৰ মৃত্যুৰ খবৰটো ভুৱা বুলি স্পষ্ট কৰি দি ক’লে ‘বাবা সম্পূৰ্ণৰূপে ভালে আছে’। কেৱল সেয়াই নহয় নন্দনা সেনে এক্সত অমৰ্ত্য সেনৰ সৈতে এখন ফটোও পোষ্ট কৰেষ। শুভাকাংক্ষীসকলৰ উদ্বেগৰ মাজতে নন্দনাই কয় যে ৮৯ বছৰীয়া তেওঁৰ পিতৃয়ে এতিয়াও হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত সপ্তাহত দুটা পাঠ্যক্ৰমত সক্ৰিয় আৰু ব্যস্ত হৈ আছে। তেওঁ সম্পূৰ্ণ কুশলে আছে। অমৰ্ত্য সেনৰ জীয়ৰী নন্দনা সেনে অৰ্থনীতিবিদগৰাকীৰ মৃত্যুৰ বাতৰিক উৰাবাতৰি বুলি সদৰী কৰে।
উল্লেখ্য এক্সত এই বছৰৰ অৰ্থনীতিৰ নবেল বিজয়ী ক্লডিয়া গোল্ডিনৰ বুলি দাবী কৰা এটা পোষ্টত কোৱা হৈছিল যে অমৰ্ত্য সেনৰ মৃত্যু হৈছে। ইয়াৰ পিছতে বিয়পি পৰে উৰা বাতৰিটো।

পিতৃৰ মৃত্যুৰ বাতৰি অস্বীকাৰ কৰি নন্দনা সেনে লিখিছে-“বন্ধুসকল, আপোনালোকৰ চিন্তাৰ বাবে ধন্যবাদ, কিন্তু এয়া ভুৱা বাতৰি: বাবা সম্পূৰ্ণৰূপে ভালে আছে। আমি কেমব্ৰিজত পৰিয়ালৰ সৈতে একেলগে এটা সুন্দৰ সপ্তাহ অতিবাহিত কৰিছো – যোৱা নিশা আমি বিদায় লোৱাৰ সময়ত তেওঁৰ আলিঙ্গন সদায়ৰ দৰে শক্তিশালী হৈ আছিল! তেওঁ হাৰ্ভাৰ্ডত সপ্তাহত ২ টা পাঠ্যক্ৰম শিকাই আছে, তেওঁ কিতাপৰো কাম কৰি আছে- আগৰ দৰেই ব্যস্ত!” এই পোষ্ট পোৱাৰ পিছতে অৰ্থনীতিবিদগৰাকীৰ শুভাকাংক্ষীসকলে স্বাভাৱিকতে সকাহ পাইছে। বহুতে নন্দনা সেনৰ পোষ্টত মন্তব্য কৰিছে “বিষাদৰ পিছত এই টুইটটো পঢ়ি আনন্দিত হৈছো। আমাৰ দেশৰ অন্যতম শ্ৰেষ্ঠ ব্যক্তিগৰাকীলৈ শুভেচ্ছা,”।

মানসিক চাপ আৰু হতাশাৰ কৰুণ ছবি। ৰাজ্যত চৰম সিদ্ধান্ত ল’লে ১৮ হাজাৰ ৫৫৩ গৰাকীয়ে…

মানসিক চাপ আৰু হতাশাৰ পৰা পৰিত্ৰান বিচাৰি ৰাজ্যত বিগত ৭ বছৰত ১৮ হাজাৰ ৫৫৩ গৰাকী ব্যক্তিয়ে চৰম সিদ্ধান্ত গ্ৰহন কৰি আত্মহত্যাৰ পথ বাছি লোৱা ঘটনাৰ এক কৰুণ ছবিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। ইণ্ডিয়ান কাউঞ্চিল অব্ মেডিকেল ৰিছাৰ্চ আৰু পাব্লিক ফাউণ্ডেশ্যন অব্ ইণ্ডিয়াৰ লগতে ইনষ্টিটিউট ফৰ হেলথ মেটিকছ এণ্ড ইভেলুৱেচন নামৰ সংস্হা কেইটাই কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত চলোৱা এক সমীক্ষাত এই ভয়ংকৰ তথ্য পোহৰলৈ আহে। সংস্হা কেইটাৰ প্ৰতিবেদন মৰ্মে ৰাজ্যত ২০১৬ বৰ্ষত ৩,০২৩ টা, ২০১৭ বৰ্ষত ২,২৭৬ টা, ২০১৮ বৰ্ষত ২,৩৭৯ টা, ২০১৯ বৰ্ষত ২,৩৭০ টা, ২০২০ বৰ্ষত ৩,২৪৩ টা আৰু ২০২১ বৰ্ষত ৩,২৬২ টা আত্মহত্যাৰ ঘটনা নথিভুক্ত হৈছিল। একেদৰে ৰাজধানী চহৰ গুৱাহাটীত ২০১৬ বৰ্ষত ২৫৯ টা, ২০১৭ বৰ্ষত ৩৪২ টা, ২০১৮ বৰ্ষত ৩৫৭ টা, ২০১৯ বৰ্ষত ৩৫৬ টা, ২০২০ বৰ্ষত ৩৬৯ টা, ২০২১ বৰ্ষত ৩৮৪ টা আৰু ২০২২ বৰ্ষত ৩৯৬ টা আত্মহত্যাৰ ঘটনা সংঘটিত হয়। আনহাতে চলিত বৰ্ষৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত গুৱাহাটীত ৬৪ গৰাকীয়ে আত্মহত্যাৰ পথ বাচি লোৱাৰ উক্ত সময়চোৱাত ৰাজ্যখনত ২১১ টা আত্মহত্যাৰ ঘটনা নথিভুক্ত হয়। প্ৰতিবেদনত উল্লেখ কৰা মৰ্মে আত্মহত্যাৰ পথ বাচি লোৱা সকলৰ ভিতৰত সৰহ সংখ্যকৰ বয়স ১৫ বছৰৰ পৰা ৩৭ বছৰ। অৱশ্যে ইয়াৰ ভিতৰত ১০ বছৰীয়া শিশুৰ লগতে ৬০ বছৰীয়া লোকো আছে বুলি প্ৰতিবেদনত উল্লেখ কৰে।

সমীক্ষাটোৰ মতে আত্মসংস্হাপনৰ লগতে পাৰিবাৰিক অশান্তি , প্ৰেমজনিত কাৰণ, পৰীক্ষাত অনুত্তীৰ্ণ, দুৰাৰোগ্য ৰোগ, সন্তানৰ অবহেলা আদি কাৰণত আত্মহত্যাৰ পথ বাচি লোৱা বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে ভাৰতীয় দণ্ডবিধি অনুসৰি আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা অথবা আত্মহত্যা কৰা দুয়োটাই দণ্ডযোগ্য অপৰাধ যদিও এনে কাৰ্য ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। বৰ্তমান আত্মহত্যাৰ দৰে ঘটনা বৃদ্ধি পোৱা কাৰ্যই উদ্বেগজনক হিচাপে বিবেচিত হৈছে।

৭২ বছৰৰ পাছত পাকিস্তানত মুকলি হিন্দু মন্দিৰ, মন্দিৰটো দেখি মানুহ আচৰিত…

পাকিস্তানৰ হিন্দু মন্দিৰঃ পাকিস্তানৰ আটাইতকৈ পুৰণি হিন্দু মন্দিৰটো খোলাৰ সময়ত মানুহৰ চকু কপালত উঠিছিল। শিৱলা তেজা সিং নামৰ এই মন্দিৰটো ছিয়ালকোটত আছে আৰু এই মন্দিৰটো ৭২ বছৰ ধৰি বন্ধ হৈ আছিল। পাকিস্তানৰ বহু হিন্দু মন্দিৰ বিভাজনৰ পিছত বন্ধ হৈ পৰিছিল, তাৰে কিছুমান পিছলৈ মুকলি কৰা হয়। কিছুমান মন্দিৰক অন্য ব্যৱহাৰৰ বাবে অট্টালিকালৈ ৰূপান্তৰিত কৰা হৈছিল। আজি আমি পাকিস্তানৰ আটাইতকৈ পুৰণি হিন্দু মন্দিৰটোৰ বিষয়ে কম, যিটো বিভাজনৰ সময়ৰ পৰা ৭২ বছৰ ধৰি বন্ধ হৈ আছিল। মাত্ৰ কেইবছৰমান আগতে এই মন্দিৰটো পুনৰ মুকলি কৰা হৈছিল।


এই মন্দিৰত প্ৰকাণ্ড প্ৰকাণ্ড শিল খোদিত কৰা হৈছে, যিয়ে এই মন্দিৰটোক এক বেলেগ ৰূপ দিয়ে। যদিও শিৱলা শব্দ শুনিলেই মনলৈ এটা সৰু মন্দিৰৰ ছবি ওলাই পৰে, কিন্তু তাৰ সৌন্দৰ্য্য দেখাৰ পিছত স্পষ্ট হৈ পৰে যে এই মন্দিৰটো অতি বিশেষ। লগতে আটাইতকৈ ডাঙৰ কথাটো হ’ল ইমান বছৰে বন্ধ হৈ থকাৰ পাছতো মন্দিৰৰ দেৱালৰ কোনো ক্ষতি হোৱা নাছিল। মন্দিৰৰ দেৱাল এতিয়াও অক্ষত অৱস্থাত আছে। এই মন্দিৰটো ২০১৯ চনত পাকিস্তানৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে মুকলি কৰিছিল। এই মন্দিৰটো পুনৰ মুকলি হোৱাৰ লগে লগে ইয়াত দেৱ-দেৱীৰ মূৰ্তি স্থাপন কৰা হয় আৰু ইয়াত পূজাও আৰম্ভ হৈছে।


পুৰীৰ জগন্নাথ মন্দিৰত জাৰি হ’ব পোছাক সংহিতা, যিকোনো পোছাক পিন্ধি সোমাব নোৱাৰিব মন্দিৰত…

পুৰীৰ জগন্নাথ মন্দিৰত জাৰি হ’ব পোছাক সংহিতা। পুৰীৰ মন্দিৰত এক নতুন পোছাক সংহিতা প্ৰৱৰ্তন কৰা হ’ব। এই নি.ম অনুসৰি ফটা জিন্স, হাত কটা টি-চাৰ্ট বা হাফ পেণ্ট পিন্ধি জগন্নাথ মন্দিৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব। মন্দিৰ কৰ্তৃপক্ষই কৈছে যে মন্দিৰত কোনেও অশালীন কাপোৰ পিন্ধি প্ৰৱেশ কৰিব নোৱাৰিব। সম্পূৰ্ণ শৰীৰ ঢাকি ৰখা পোছাক পিন্ধি মন্দিৰত প্ৰৱেশ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। নতুন নিয়মবোৰ ১ জানুৱাৰী, ২০২৪-ৰ পৰা কাৰ্যকৰী হ’ব। জগন্নাথ মন্দিৰ কৰ্তৃপক্ষই সোমবাৰে কয় যে মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ অহা বহুলোকে সঠিক কাপোৰ পিন্ধি নাহে। গতিকে এতিয়া মন্দিৰ কৰ্তৃপক্ষই পোছাক সংহিতা প্ৰৱৰ্তন কৰিবলৈ সিদ্ধান্ত লৈছে। তেওঁলোকে মন্দিৰত প্ৰৱেশ কৰাৰ সময়ত কেনে কাপোৰ পিন্ধিব, কেনে কাপোৰ নিপিন্ধিব সেই বিষয়ে এক পোছাক সংহিতা প্ৰকাশ কৰিব।


শ্ৰী জগন্নাথ মন্দিৰ প্ৰাধিকৰণৰ মুখ্য প্ৰশাসক ৰঞ্জন কুমাৰ দাসে কয়, “আমি দৰাচলতে কোনো নিৰ্দিষ্ট পোছাক বিধি প্ৰৱৰ্তন কৰা নাই। অৱশ্যে, মন্দিৰত প্ৰাৰ্থনা কৰোঁতে কোনো অশালীন বা আপত্তিজনক কাপোৰ পিন্ধিব নালাগে। অহা বছৰৰ আৰম্ভণিৰ পৰা (১ জানুৱাৰী) অশালীন কাপোৰ পিন্ধা সকলক মন্দিৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব। ৰিপড জিনচ, হাত কটা টি-চাৰ্ট বা হাফ পেণ্ট পিন্ধি মন্দিৰৰ চৌহদৰ চাৰিওফালে খোজকাঢ়িও ফুৰিব নোৱাৰিব। এনে ধৰণৰ কাপোৰ কেৱল অশালীন নহয়, পবিত্ৰ স্থানসমূহৰ বাবেও অপমানজনক, মুখ্য প্ৰশাসকগৰাকীয়ে কয় । অৱশ্যে, যদি বয়স ১২ বছৰ বা তাতোকৈ কম হয় তেন্তে তেওঁলোকে পোছাক সংহিতা অনুসৰণ কৰিব নালাগে। এতিয়া দৰ্শনাৰ্থীসকলক যমাইকৰ জৰিয়তে পোছাক সংহিতাৰ বিষয়ে অৱগত কৰা হৈ আহিছে।