Breaking

ৰঙাপৰা মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পূৱ মাণ্ডলিক আন্তঃবিদ্যালয় যুৱ মহোৎসৱ

0 98

শোনিতপুৰ জিলাৰ অগ্ৰনী শিক্ষানুষ্ঠান ৰঙাপৰা মহাবিদ্যালয়ত ১৫, ১৬ আৰু ১৭ অক্টোবৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ৰীড়া পৰিষদৰ অন্তৰ্গত পূৱ মাণ্ডলিক আন্তঃমহাবিদ্যালয় যুব মহোৎসৱ অনুষ্ঠিত হ’ব। ৰঙাপৰা মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত মহোৎসৱৰ প্ৰথম দিনা অৰ্থাৎ ১৫ অক্টোবৰ তৰিখত মুকাভিনয়,ব্যংগনাট,ভেঙুচালি(কণ্টস্বৰ নকল),একাংক নাটক, বৰগীত , লোকগীত , বনগীত , পৰম্পৰাগত জনজাতীয় গীত, জ্যোতি সংগীত , বিষ্ণু ৰাভা গীত , পাৰ্বতী প্ৰসাদ বৰুৱা গীত , ভূপেন্দ্ৰ সংগীত , জয়ন্ত হাজৰিকা গীত , থিতাতে পেইণ্টিং অকা আৰু পোষ্টাৰ মেকিং আদি অনুষ্ঠিত হ’ব।১৬ অক্টোবৰত একাংক নাটক, সমবেত সংগীত, দলীয় লোক বাদ্য, ৰবীন্দ্ৰ সঙ্গীত, অসমীয়া সুগম সংগীত, লঘূ কণ্ঠ সংগীত, শাস্ত্ৰীয় কণ্ঠ সংগীত, পাশ্চাত্য সঙ্গীত,তাল, বাদ্য,স্বৰ বাদ্য, থিতাতে ছবি তোলা আৰু আলোচনী প্ৰতিযোগিতা , স্বৰচিত কবিতা আবৃত্তি (অসমীয়া, হিন্দী অথবা ইংৰাজী), বক্তৃতা (অসমীয়া বা ইংৰাজী), বিতৰ্ক আৰু কুইজ ,কাৰ্টুনিং,কলাজ আৰু ক্লে মডেলিং অনুষ্ঠিত হ’ব। আৰু শেষত ১৭অক্টোবৰত একক শাস্ত্ৰীয় নৃত্য , দলীয় লোক নৃত্য /জনজাতীয় নৃত্য আৰু সামৰণী অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব।

উল্লেখ্য যে প্ৰতিযোগিতাকে ধৰি মহোৎসৱৰ সকলো কাৰ্যসূচী অনুষ্ঠিত হ’ব ৰঙাপৰা মহাবিদ্যালয়ৰ চৌহদত ।গুৱাহাটী বিশ্বদ্যিালয়ৰ ক্ৰীড়া পৰিষদৰ অনুমোদিত / স্বীকৃতিপ্রাপ্ত মহাবিদ্যালয়ৰ নিয়মীয়া ছাত্র-ছাত্রী সকলেহে এই প্রতিযোগিতাত প্রতিযোগীৰূপে অংশগ্রহণ কৰিব পাৰিব।এই মাণ্ডলিক যুৱ মহোৎসৱৰ বিভিন্ন প্রতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্রাপ্ত সকলে পৰৱৰ্তী কেন্দ্রীয়ভাবে আয়োজিত যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিব পাৰিব । তাৰোপৰি এজন ছাত্র বা এগৰাকী ছাত্রীয়ে এখন মহাবিদ্যালয়ক প্রতিনিধিত্ব কৰিব পাৰিব, যদিহে – তেওঁ সংশ্লিষ্ট মহাবিদ্যালয়ৰ নিয়মীয়া ছাত্র-ছাত্রী হ’ব লাগিব।

তেওঁৰ নাম মহাবিদ্যালয়ৰ হাজিৰা বহীত লিপিবন্ধ থাকিব লাগিব।প্রতিনিধিত্ব কৰিবৰ বাবে তেওঁক মহাবিদ্যালয়ৰ অধ্যক্ষই অনুমতি দিব লাগিব। প্রতিযোগীৰ বয়স ২০২৩ চনৰ ১ চেপ্তেম্বৰত ২৫ বছৰতকৈ বেছি হ’ব নোৱাৰিব।যুব মহোৎসৱত অংশগ্ৰহণকাৰী একোটা দলত সৰ্বমুঠ ৩০ গৰাকীতকৈ অধিক সদস্য থাকিব নোৱাৰিব।যুৱ মহোৎসৱৰ একোটা অংশগ্রহণকাৰী দলত একোজনকৈ তত্ত্বাবধায়ক অধ্যাপক থাকিব । যুব মহোৎসৱৰ সময়ছোৱাত তত্ত্বাবধায়ক অধ্যাপক গৰাকী তেওঁ নেতৃত্ব দিয়া অংশগ্ৰহণকাৰী দলটোৰ পৰিচালনা আৰু নিয়ন্ত্ৰণৰ দায়িত্বত থাকিব। অংশগ্রহণকাৰী দলত ছাত্ৰ আৰু ছাত্রী উভয়ে থাকিলে অতিৰিক্তভাৱে এগৰাকী মহিলা তত্ত্বাবধায়ক অধ্যাপক থাকিব পাৰিব (যদিহে প্রয়োজনবোধ কৰে)।অংশগ্রহণকাৰী দলসমূহৰ অহা-যোৱা আৰু অন্যান্য কোনোধৰণৰ বা গুৱাহাটী বিশ্ববিদ্যালয়৷ ক্রীড়া পৰিষদ তথা উদ্‌যাপন সমিতিয়ে বহন নকৰে। প্রতিযোগীসকলে সকলোধৰণৰ বাদ্যযন্ত্ৰ আৰু বাদ্যযন্ত্ৰীৰ উপৰি ৰূপসজ্জাৰ সামগ্ৰীৰ লগতে আলোসম্পাত আৰু সাজ-সজ্জাৰ ব্যবস্থা নিজাববীয়াকৈ কৰিব লাগিব।


প্রতিযোগী আৰু তত্ত্বাবধায়ক অধ্যাপকসকলে আঠুৱাকে ধৰি শোৱাৰ সকলো সামগ্ৰী (বেডিং) লগত আনিব লাগিব।প্রতিযোগী দলসমূহ যুৱ মহোৎসৱৰ চৌহদত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকৰ আগমনৰ বিষয়ে যুব মহোৎসৱ উদ্‌যাপন সমিতিক আনুষ্ঠানিকভাৱে অৱগত কৰিব লাগিব। পঞ্জীয়নৰ সময়তে সকলো মহাবিদ্যালয় তথ্য প্রতিযোগী তথা প্রতিযোগী দলে এখনকৈ পতাকা উদ্‌যাপন সমিতিক জমা দিব লাগিব।ব্যায়/ মাছুল প্রতি গৰাকী প্ৰতিনিধিৰ বাবে (৪০০) চাৰিশ টকা পঞ্জীয়ন মাচুল ধাৰ্য কৰা হৈছে।

চলিত বৰ্ষত স্নাতক মহলাৰ তৃতীয়, পঞ্চম আৰু মষ্ঠ (সদ্য বিদায়ী ) সাম্মাসিকৰ আৰু স্নাতকোত্তৰ মহলাৰ তৃতীয় আৰু চতুৰ্থ (সদ্য বিদায়ী) ছাত্র-ছাত্রীয়েহে মহোৎসৱত অংশগ্ৰহণ কৰিব পাৰিব।প্ৰতিযোগীকে ধৰি অংশগ্রহণকাৰী দলৰ সদস্যসকল যাতে নিৰোগী হয় তাৰ প্ৰতি সংশ্লিষ্ট মহাবিদ্যালয়সমূহক বিশেষ গুৰুত্ব দিবলৈ অনুৰোধ জনায়। জটিল ৰোগ আৰু আন আন বেমাৰৰ সেৱাত প্ৰতিষেধক লোৱাকে ধৰি যাবতীয় চিকিৎসা ব্যবস্থা কৰাৰ পিছতহে যাতে যুৱ মহোৎসৱলৈ আহে তাৰ প্রতি বিশেষভাবে চকু দিবলৈ মহাবিদ্যালয়সমূহক আহ্বান জনাইছে উদযাপন সমিতিয়ে। লগতে কভিড প্রতিষেধক প্ৰদানৰ প্ৰমাণ পত্ৰ দেখুৱাব লাগিব।নৃত্য পৰিৱেশনৰ বাবে ব্যৱহাৰ কৰা গীতৰ কথাংশ আৰু ভাবাৰ্থৰ তিনিটাকৈ প্ৰতিলিপি প্রতিযোগিতাত যোগদান কৰাৰ সময়তে জমা দিব লাগিব। নৃত্যৰ সৈতে কাহিনী আৰু নৃত্যৰ বৰ্ণনাৰ চমুটোকাও যোগদানৰ সময়ত জমা দিব লাগিব।


তৰ্ক আৰু বক্তৃতা প্ৰতিযোগিতাৰ বিষয় প্রতিযোগিতাৰ ২৪ ঘণ্টাৰ আগতহে ঘোষণা কৰা হ’ব। আবৃত্তি প্রতিযোগিতা প্রতিযোগীসকলে অসমীয়া, ইংৰাজী বা হিন্দীত নিজে ৰচনা কৰা কবিতাহে আবৃত্তি কৰিব পাৰিব। কবিতাৰ বিষয়-প্ৰসংগ প্ৰতিযোগিতাৰ তিনি ঘণ্টা আগতে ঘোষণা কৰা হ’ব। নিৰ্ধাৰিত বিষয়ত প্রতিযোগীসকলে নির্দিষ্ট সময়ৰ ভিতৰত কবিতা ৰচনা আৰু আবৃত্তি কৰিব লাগিব । সংগীত প্ৰতিযোগিতাৰ নিৰ্দেশনা সমুহ হৈছে ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, গীতিকাৰ পাৰ্বতিপ্ৰসাদ বৰুৱা আৰু সংগীতসূর্য- অসম ৰত্ন ড° ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত আৰু সুৰাৰোপিত গীত সমূহে ক্ৰমে জ্যোতি সংগীত, বিষ্ণু ৰাভাৰ গীত, পাৰ্বতিপ্ৰসাদ বৰুৱাৰ গীত আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ বাবে গণ্য কৰা হ’ব।

জয়ন্ত হাজৰিকাৰ কণ্ঠৰ যিকোনো গীত জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগীসকলে পৰিৱেশন কৰিব পাৰিব।অসমীয়া সুগম সংগীত (আধুনিক গীত) প্রতিযোগিতাত কোনো প্রতিযোগীয়ে ইতিপূর্বে বাণীবদ্ধ হোৱা, কেছেট-চিডিত (অডিঅ’ আৰু ভিডিঅ’) সন্নিবিষ্ট হোৱা, অনাতাঁৰ এফ এম বা দূৰদর্শনযোগে নতুবা আন ইলেক্ট্রনিক মাধ্যম যোগে প্রচাৰিত-সম্প্ৰচাৰিত আধুনিক গীত পৰিবেশন কৰিব নোৱাৰিব।এইক্ষেত্ৰত প্ৰতিযোগীসকলক বিশেষভাবে গুৰুত্ব দিবলৈ বিবৃতিত উল্লেখ কৰে ।

আনহাতে যুব মহোৎসবত জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, পার্বতিপ্ৰসাদ বৰুৱাৰ, ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব, গতিকে এইসকলৰ কোনো গীতো যুৱ মহোৎসৱৰ অসমীয়া সুগম সংগীত প্রতিযোগীয়ে পৰিবেশন কৰিব নোৱাৰিব। বনগীত আৰু লোকসংগীতৰ ক্ষেত্ৰতো এই নিয়ম প্রযোজ্য হ’ব।অসমীয়া সুগম সংগীতৰ প্ৰতিযোগীসকলে তেওঁলোকে পৰিবেশ কৰিবলগীয়া গীতৰ প্ৰতিলিপি গীতিকাৰ আৰু সুৰকাৰৰ নামসহ যুৱ মহোৎসৱ উদ্‌যাপন সমিতিৰ সংশ্লিষ্ট কর্তৃপক্ষক নামভৰ্ত্তিৰ সময়তে জমা দিব লাগিব।সমবেত সংগীতৰ প্ৰতিযোগী দলসমূহে সমবেত কণ্ঠত দুটাকৈ গীত পৰিৱেশন কৰিব লাগিব।

ইয়াৰে এটা অসমীয়া সমবেত সংগীত তথা বৃন্দ গীত আৰু আনটো অসমীয়া লোক সংগীত। সমবেত সংগীতৰ ক্ষেত্রতো ইতিপূর্ব কোনো মাধ্যমযোগে প্রচাৰিত বা সম্প্রচাৰিত নোহোৱা গীতহে প্রতিযোগিতাৰ বাবে গণ্য কৰা হ’ব। অৱশ্যে সমবেত কণ্ঠত পৰিবেশন কৰিবলগীয়া লোক সংগীতৰ ক্ষেত্ৰত এই নিয়ম প্রযোজ্য নহ’ব। প্ৰতিযোগী দলসমূহে পৰিৱেশন কৰিবলগীয়া দুয়োটা গীতৰ তিনিটাকৈ প্ৰতিলিপি গীতিকাৰ-সুৰকাৰ পৰিচালক-সংগ্ৰহকাৰীৰ নামসহ যুৱ মহোৎসৱ উদযাপন সমিতিৰ সংশ্লিষ্ট কর্তৃপক্ষক নামভৰ্তিৰ সময়তে জমা দিব লাগিব।

সমবেত সংগীত আৰু লোকবাদ্যৰ বাহিৰে সংগীত প্ৰতিযোগিতাৰ বাকী সকলো শিতানত একোটা দলৰ এগৰাকীকৈ প্ৰতিযোগীয়েহে এককভাবে অংশ গ্রহণ কৰিব পাৰিব। পৰম্পৰাগত জনজাতীয় গীতৰ প্ৰতিযোগীসকলে অসমৰ যিকোনো এটা জনজাতিৰ লোকসংগীত এককভাৱে পৰিবেশন কৰিব লাগিব। প্রতিযোগীসকলে পৰিবেশন কৰিবলগীয়া গীতৰ ভাবাৰ্থৰ তিনিটাকৈ প্রতিলিপি ( অসমীয়া বা ইংৰাজীত) যুৱ মহোৎসব উদযাপন সমিতি সংশ্লিষ্ট কর্তৃপক্ষক নামভৰ্ত্তিৰ সময়তে জমা দিব লাগিব। মুঠৰ ওপৰত অহা দিনত ৰঙাপৰা মহাবিদ্যালয়ৰ চৌহদত যুৱ মহোৎসৱৰ পৰিৱেশে এক সুন্দৰ কৃষ্টি, সংস্কৃতিৰে ভৰি পৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

Leave A Reply