Home Blog Page 1319

তামুলপুৰত জিলা কৰ্মচাৰী পৰিষদৰ তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট

তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ আহ্বানত শনিবাৰে আয়ুক্ত কাৰ্যালয় চৌহদত নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে কৰ্মচাৰীসকলে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে।

নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ দাবীত তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদে তামুলপুৰ আয়ুক্ত কাৰ্যালয় চৌহদত তিনি ঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে।

পুৱা ১১ বজাৰ পৰা ২ বজালৈ তামুলপুৰ আয়ুক্ত কাৰ্যালয় চৌহদত তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদে ৩ ঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসুচী ৰুপায়ন কৰি নতুন পেঞ্চন বাতিল কৰি পুৰণি পেঞ্চন বাহাল ৰাখক, পুৰণি পেঞ্চন আমাৰ প্ৰাপ্য আদি বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হয়।

-তামুলপুৰৰ পৰা প্ৰসাদ দাস

শৰীৰৰ বাবে একাপ চাহৰ কিমান প্রয়োজন জানেনে…

দীঘলীয়া কামৰ অন্তত যেতিয়া আমাৰ দেহাটো ক্লান্ত হৈ পৰে, সেই ক্লান্তি দূৰ কৰিবৰ বাবে একাপ চাহৰ প্রয়োজন অনুভৱ কৰা যায়। সকলোৱে ধাৰণা কৰে যে একাপ চাহে মনটোক প্রফুল্লিত কৰাৰ লগতে শৰীৰটো সুস্থ অৱস্থাত ৰাখে। ইয়াৰ কাৰণ হ’ল, চাহ ৰাগিয়াল বস্তু যদিও ইয়াৰ দ্বাৰা মস্তিস্কৰ বিশেষ ক্ষতি নোহোৱা হেতু বিজ্ঞানেও চাহক এবিধ উপকাৰী পানীয় হিচাপেই ব্যৱহাৰ কৰে। বহুতো গৱেষণা আৰু অধ্যয়নৰ অন্তত বিজ্ঞানসন্মতভাৱে নিশ্চিত হৈ পৰিছে যে চাহপাতত থকা ৰাসায়নিক পদার্থই হৃদপিণ্ড আৰু ৰক্তপ্রবাহী নলীৰ ৰোগৰ প্ৰতিৰোধকৰ দৰে কাম কৰে।

কিন্তু সকলোৰে মনত এটা প্রশ্ন উদয় হ’ব পাৰে যে চাহতনো কি আছে, যে আমাৰ দেহত ইমান শক্তি যোগান ধৰিব পাৰে? প্রকৃততে চাহ, চাহগছৰ পাতৰ পৰা প্রস্তুত কৰা হয়। চাহপাতত মজুত থাকে চেলুল’জ, প্ৰ’টিন, এচিড, চেনি, ক’ফিন, টেনিন আদি জৈৱ পদার্থ। শৰীৰত ক’ফিন প্রৱেশ কৰাৰ লগে লগে স্নায়ুতন্ত্র উত্তেজিত হয় আৰু তাৰ ফলতেই আমাৰ দেহৰ অৱসাদো আঁতৰি যায়। চাহত বি কমপ্লেক্স থকাৰ বাবে চাহ সেৱন কৰাৰ লগে লগে শৰীৰত কেলৰি বৃদ্ধি পায়।

অৱশ্যে অত্যাধিক চাহ সেৱনৰ ফলত আমাৰ শৰীৰত ক্ষতি হ’ব পাৰে। কাৰণ চাহত থকা ক’ফিনে স্নায়ুতন্ত্রৰ বিভিন্ন ঠাইত ঘাৰ সৃষ্টি কৰে। তদুপৰি নিদ্রাহীনতা, মূৰ ঘূৰোৱা আদি বিভিন্ন ৰোগৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। উচ্চ ৰক্তচাপত ভুগি থকাসকলে অধিক চাহ সেৱন কৰাটো ভাল নহয় বুলি কোৱা হয়।

‘টেনিন’ চাহত থকা আন এবিধ দ্রব্য, যাৰ দ্বাৰা কোষ্ঠকাঠিন্য হ’ব পাৰে। সাধাৰণতে টেনিন ‘গ্রীণ টী”ত বেছি পৰিমাণে থাকে। শৰীৰত যাতে টেনিন প্রৱেশ কৰিব নোৱাৰে সেই কাৰণে চাহ পানীত বেছি সময় সিজাব লাগে। চীন আৰু জাপানত গ্রীন টী আৰু ৰেড টিৰ প্রচলন আছে যদিও আমাৰ দেশত গাখীৰৰ সৈতে চাহপাত দি চাহ খোৱাৰ ফলত গাখীৰত থকা “কিজন’ নামৰ পদার্থবিধৰ লগত ‘টেনিন’ লগ হৈ এক ক্ষতিকাৰক ৰাসায়নিক পদার্থৰ সৃষ্টি কৰে। বিশেষকৈ অন্তঃসত্বা মহিলাই চাহ পান কৰিলে ক্ষতিৰ আশংকা কৰিব পাৰি।

লিখক: ধ্যানজিৎ নাথ

ইৰানৰ কাৰাৰুদ্ধ সমাজকৰ্মী নাৰ্গেছ মহম্মদীলৈ শান্তিৰ নোবেল বঁটা

ইৰানৰ কাৰাৰুদ্ধ সমাজকৰ্মী নাৰ্গেছ মহম্মদীক ইৰাণত মহিলাৰ স্বাধীনতাৰ বাবে কৰি অহা সংগ্ৰামৰ স্বীকৃতি স্বৰূপে ২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। ইৰাণৰ সমাজকৰ্মীগৰাকীক শুক্ৰবাৰে শান্তিৰ নবেল বঁটা আগবঢ়োৱাৰ কথা নোবেল সমিতিয়ে ঘোষণা কৰে।

তেওঁক ইতিমধ্যে ইৰানী কৰ্তৃপক্ষই ৩১ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। কাৰাগাৰত থকা অৱস্থাতেই তেওঁ শান্তিৰ নোবেল বঁটা লাভ কৰিছে। নাৰ্গেছক এতিয়ালৈকে ১৩ বাৰ গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা বছৰ, ইৰানী মহিলা মাহচা আমিনীয়ে হিজাব পৰিধান নকৰাৰ বাবে আৰক্ষীয়ে আটক কৰাৰ পিছত আৰক্ষীৰ জিম্মাতে মৃত্যু হৈছিল।

সংঘাত, সংগ্ৰাম আৰু এটা বিপ্লৱৰ গুৰিধৰোঁতা নাৰ্গেছ মোহম্মদীৰ প্ৰতি এয়া বিৰলৰো বিৰল স্বীকৃতি৷ ইৰাণৰ মহিলাৰ মানৱীয় অধিকাৰৰ বাবে যুঁজ দি কাৰাবন্দী হৈ থকা নাৰ্গেছ আজি বিশ্ববন্দিত।

ইৰাণৰ দৰে এখন ইছলামপ্ৰধান দেশত এগৰাকী নাৰীয়ে প্ৰচলিত ব্যৱস্থাৰ বিৰুদ্ধে অহৰহ যুঁজ দি অহাটো সহজ কথা নহয়৷ য’ত নাৰীক গণ্য কৰা হয় পণ্য হিচাপে, তেনে এটা ব্যৱস্থাত এগৰাকী নাৰী হৈ নাৰী উৎপীড়নৰ বিৰুদ্ধে আৱাজ তোলা মানৱ অধিকাৰ কৰ্মী নাৰ্গেছ মোহম্মদীৰ জীৱনৰ বুৰঞ্জী মসৃণ নহয়৷

খলা-বমা বাট পাৰ হৈ তেজৰ আখৰেৰে নাৰীমুক্তিৰ নতুন ইতিহাস লিখিব খোজা নাৰ্গেছক এতিয়ালৈ ১৩বাৰ গ্ৰেপ্তাৰ কৰা হৈছে, দোষী সাব্যস্ত কৰা হৈছে পাঁচবাৰ৷ মুঠ ৩১ বছৰ কাৰাবাস আৰু ১৫৪টা বেত্রাঘাতৰ শাস্তিৰো সন্মুখীন হৈছে নাৰ্গেছ৷

ইৰাণৰ মানৱ অধিকাৰ কৰ্মীগৰাকীয়ে তেহৰাণৰ এভিন কাৰাগাৰত একাধিকবাৰ কাৰাৰুদ্ধ হৈছে৷ ছুইডিছ একাডেমীৰ মতে, শান্তিৰ নোবেল বঁটা বিজয়ীসকলে তেওঁলোকৰ গৃহদেশত নাগৰিক সমাজক প্ৰতিনিধিত্ব কৰে আৰু বহু বছৰ ধৰি প্ৰতিষ্ঠানবিৰোধী স্থিতি আৰু নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰাৰ অধিকাৰক প্ৰচাৰ কৰি আহিছে৷ তেওঁলোকে একেলগে শান্তি আৰু গণতন্ত্ৰৰ বাবে নাগৰিক সমাজৰ তাৎপৰ্য প্ৰদৰ্শন কৰে৷

পৰৱৰ্তী তিনিমাহৰ ৰেপো ৰেট ঘোষণা কৰিলে ৰিজাৰ্ভ বেংকে; গাড়ী-গৃহঋণত বৃদ্ধি নাপায় ইএমআই

ৰিজাৰ্ভ বেংকে ঘোষণা কৰিলে পৰৱৰ্তী তিনিমাহৰ ৰেপো ৰেট । ৰিজাৰ্ভ বেংকে ঘোষণা কৰা আনুসৰি চলিত বিত্তীয় বৰ্ষৰ অন্তিম চতুৰ্থাংশত ৰেপো ৰেট অপৰিৱৰ্তিত থাকিব। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে মুদ্ৰা নীতি সমিতিৰ এখন বৈঠকৰ পিছত ৰেপো ৰেট অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে। ফলস্বৰূপে দেশৰ বিভিন্ন বেংকৰ পৰা ঋণ লওঁতাই পৰোক্ষভাৱে কিছু সকাহ পাব।

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে মুদ্ৰাস্ফীতিৰ সৈতে মোকাবিলা কৰিবলৈ যোৱা বছৰত কেইবাবাৰো ৰেপো ৰেট বৃদ্ধি কৰিছে। ৰেপো ৰেট মে’ ২০২২ ৰ পৰা এপ্ৰিল ২০২৩ লৈ ২৫০ বেছিছ পইণ্ট পৰ্যন্ত বৃদ্ধি কৰা হৈছে। অৱশ্যে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিটা চতুৰ্থাংশত ৰেপো ৰেট বৃদ্ধি কৰা হোৱা নাছিল। এয়া চতুৰ্থ কোৱাৰ্টাৰতো সম্প্ৰসাৰিত কৰা হোৱা নাছিল।

আগতে ৰেপো হাৰ নিৰন্তৰ বৃদ্ধি হোৱাৰ বাবে ব্যৱসায়ীৰ পৰা ঋণ লওঁতালৈকে সকলোৱে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। মূল্যবৃদ্ধি নিয়ন্ত্ৰণলৈ অনাৰ বাবে ৰেপো ৰেট বৃদ্ধি কৰাত সাধাৰণ মানুহৰ ওপৰত বিত্তীয় চাপ বাঢ়ি আহিছিল। গৃহ আৰু গাড়ীৰ ঋণৰ সূতৰ হাৰো বাঢ়ি গৈছিল। ৰিজাৰ্ভ বেংকে এইবাৰ জনতাক সেয়ে কিছু সকাহ দিছে। যদি ৰেপো ৰেট একেৰাহে চাৰিটা ত্ৰিমাহত বৃদ্ধি কৰা নহয় তেন্তে উৎসৱৰ বতৰত ইএমআই বৃদ্ধি হোৱাৰ সম্ভাৱনা নাই।


মুদ্ৰা নীতি সমিতিৰ (এমপিচি) বৈঠকৰ পিছত ৰিজাৰ্ভ বেংকে কৈছে যে ৰেপো ৰেট আগৰ দৰে ৬.৫০ শতাংশত ৰখা হ’ব। বিশেষজ্ঞসকলে বিশ্বাস কৰে যে এই বছৰ ৰেপো ৰেট কমেও ২৫ বেছিছ পইণ্ট বৃদ্ধি কৰা হ’ব পাৰে। কিন্তু বেংক আৰু ঋণ লওঁতাসকলৰ কথা বিবেচনা কৰি, ৰিজাৰ্ভ বেঙ্কে বৰ্তমানৰ বাবে ৰেপো ৰেট অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লৈছে।

গৌৰীপুৰৰ এখন বিদ্যালয়ত উপ্তত পৰিস্থিতি…

গৌৰীপুৰৰ সুখাতিখাতা নন্দলাল এম ই স্কুলৰ পৰিচালনা সমিতি গঠনৰ সময়ত স্কুলত উপ্তত পৰিস্হিতি৷


গোলকগঞ্জ শিক্ষা খণ্ডৰ অধিনৰ সুখাতিখাতা নন্দলাল এম ই স্কুলৰ পৰিচালনা সমিতি গঠনৰ সময়ত ৰাইজে চৰকাৰী Guide line বিচাৰিছিল স্কুলৰ C.R.C.ৰ পৰা তেতিয়াই লাগিল লেঠা৷


স্কুলৰ C.R.C য়ে Guide line নিদিয়াত ৰাইজৰ মাজত লাগিল হুলস্থূল৷


গৌৰীপুৰৰ পৰা জামানুৰ ৰহমানৰ ৰিপৰ্ট

বিমানৰ পিছত ৰে’লত মূত্ৰকাণ্ড! ৰে’লত দম্পতীৰ গাতে প্ৰস্ৰাৱ কৰি দিলে যুৱকে!

বিমানৰ পিছত ৰে’লত মূত্ৰকাণ্ড! বিমানত সহযাত্ৰীয়ে শৰীৰত প্ৰস্ৰাৱ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ একে ধৰণৰ ঘটনাই সংঘটিত হৈছে ৰে’লত৷ দীঘলীয়া দূৰত্বৰ এখন ৰে’লত এজন যাত্ৰীয়ে দম্পতীৰ ওপৰতে প্ৰস্ৰাৱ কৰাৰ ঘটনা ঘটিছে৷ যুৱকে এজনে বৃদ্ধ দম্পতীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছে।ঘটনাটো সংঘটিত হৈছে সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছত । বৃদ্ধ দম্পতীহালে এটা বি৩ এচি দবাত ভ্ৰমণ কৰি আছিল। ঘটনাটো উত্তৰ প্ৰদেশৰ লক্ষ্মীবাই ঝান্সি ষ্টেচনত ৰে’ল খনে প্ৰৱেশ কৰাৰ আগতে সংঘটিত হৈছে। দম্পতীহালে তলৰ বাৰ্থত শুইছিল। সেই সময়তে ২০ বছৰ বয়সৰ এজন যুৱকে তেওঁলোকৰ বেগ আদিত প্ৰস্ৰাৱ কৰি থকা তেওঁলোকে দেখা পাইছিল৷ বিষয়টো লগলে লগে টিটিইক জনোৱা হৈছিল আৰু টিটিইয়ে ততাতৈয়াকৈ ঘটনাস্থলীলৈ দৌৰি আহিছিল। ৰে’ল কৰ্মচাৰীয়ে লগে লগে ঠাইখন পৰিষ্কাৰ কৰাত লাগি গৈছিল। তাৰ পিছত ঝান্সিত আৰপিএফক ঘটনাটো অৱগত কৰা হয় আৰু অভিযুক্ত যুৱকজনক তেওঁলোকক গতাই দিয়া হয়৷


অভিযুক্তজনক ৰীতেশ বুলি চিনাক্ত কৰা হৈছে। তেওঁ দিল্লীৰ কুতুব বিহাৰৰ বাসিন্দা আৰু তেওঁ মোহাবাৰ পৰা ৰে’লখনত উঠিছিল। সেই সময়ত তেওঁ সুৰাৰ নিচাত মাতাল হৈ আছিল৷যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতত হাজিৰ কৰোৱা হৈছে আৰু জামিনো দিয়া হৈছে৷ দম্পতীহাল ঘটনাটোত যথেষ্ট হতবাক হৈ পৰিছে। যুৱক জনে প্ৰস্ৰাৱ কৰা সকলৰ ভিতৰত বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ এজন লোকো আছিল।লোকজনে কয় “মই দিল্লীৰ পৰা অতি আৰামেৰে ভ্ৰমণ কৰি আছিলো। কিন্তু মই ভবা নাছিলো যে কোনোবাই আমাৰ ওপৰত এনেদৰে প্ৰস্ৰাৱ কৰিব! তেওঁ এয়া সুৰাৰ নিচাত কৰিছিল।”

ৰাজস্থানত বিজেপিৰ পোষ্টাৰ যুদ্ধ! ফটো দিয়াৰ বাবে উভতি ধৰিলে কৃষক মধুৰামে…

ৰাজস্থানত বিজেপিৰ পোষ্টাৰ যুদ্ধ আৰম্ভ৷ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজস্থানত বিজেপিয়ে শাসকীয় কংগ্ৰেছ দলক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে পোষ্টাৰ যুদ্ধ৷ বিজেপিয়ে শেহতীয়াকৈ ৰাস্থানৰ কৃষকসকলৰ মন আকৰ্ষণ কৰাৰ বাবে কৃষকসকলৰ সৈতে সম্পৰ্কিত এখন পোষ্টাৰ মুকলি কৰিছে৷ পোষ্টাৰ খনত কোৱা হৈছে- ১৯ হাজাৰৰো অধিক কৃষকৰ ভূমিৰ নিলাম, ৰাজস্থানে সহ্য নকৰে। এই পোষ্টাৰত এজন কৃষকৰ ফটোও দিয়া হৈছে । আনহাতে পোষ্টাৰত দিয়া একেজন কৃষকে দাবী কৰিছে যে তেওঁৰ ফটোখন অনুমতি অবিহনে ব্যৱহাৰ কৰা হৈছে৷ কৃষকজনে এইবুলিও কৈছে যে তেওঁৰ কোনো ঋণ নাই বা তেওঁৰ মাটি নিলাম কৰা হোৱা নাই। তেওঁৰ ২০০ বিঘা মাটি আছে।এতিয়া কৃষকজনে বিজেপিৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰাৰ কথা ভাবিছে। এই ছবিখন জয়পুৰৰ মালৱীয় নগৰত অৱস্থিত এমএনআইটি বাছ ষ্টপৰ ওচৰত আঁৰি দিয়া হৈছিল৷ বিজেপিয়ে প্ৰচাৰ শ্লোগানেৰে মধুৰাম নামৰ কৃষক জনৰ এখন ফটো পোষ্টাৰত ব্যৱহাৰ কৰিছিল৷ এজন যুৱকে এই বিষয়ে মধুৰামক জনোৱাৰ পিছতেই তেওঁ বিজেপিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ কথা চিন্তা কৰিছে৷ কৃষক মধুৰাম জয়পালে (৭০) কয় যে বিজেপিৰ বেনাৰত থকা ফটোখন তেওঁৰ। তেওঁ কৈছে যে তেওঁ গাঁৱৰ এজন যুৱকৰ পৰা বেনাৰত থকা তেওঁৰ ফটোৰ বিষয়ে জানিব পাৰিছিল।মধুৰামে কয় যে তেওঁৰ গাঁৱৰ এজন যুৱক কেইদিনমান আগতে জয়পুৰলৈ আহিছিল। তেওঁ জয়পুৰৰ বহু ঠাইত এই বেনাৰখন দেখিছিল। পোষ্টাৰত মধুৰামৰ এখন ফটো আছিল। তেওঁ বেনাৰখনৰ এখন ফটো তুলিছিল আৰু ইয়াক গাওঁখনৰ এটা হোৱাটছএপ গ্ৰুপত শ্বেয়াৰ কৰিছিল। কৃষকগৰাকীৰ পুত্ৰ এই গোটটোৰ সৈতে জড়িত আছিল।

মধুৰামে কয় “প্ৰথমে, মোৰ পুত্ৰই মোক কথাটো কৈছিল ৷ মই একো বুজি পোৱা নাই কিয়নো বেনাৰত মাটি নিলাম কৰাৰ কথা আছিল, কিন্তু মোৰ কোনো মাটি নিলাম কৰা হোৱা নাই’’। মধুৰামে কয় – মোৰ ফটোখন কোনো কাৰণ নোহোৱাকৈ লগোৱা হৈছিল। তেওঁলোকে মোক এই বিষয়ত সোধা নাছিল। মোৰ কোনো ঋণ নাই। এই ফটোখন নোহোৱা কৰক।

পাকিস্তানত খোল খালে ৭২ বছৰ ধৰি বন্ধ হৈ থকা হিন্দু মন্দিৰ, ভক্তৰ বাঢ়িছে সমাগম…

স্বাধীনতাৰ পিছতে দেশ বিভাজনৰ কিছু বছৰ পিছতে পাকিস্তানত হিন্দুসকলৰ অৱস্থাৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছিল। স্বাধীনতাৰ সময়ত তাত থকা মন্দিৰৰ আধা সংখ্যকৰো এতিয়া তাত অস্বিত্ব নাই৷ পাকিস্তানত বেছিভাগ মন্দিৰ ধ্বংস কৰা হৈছিল আৰু কিছুমান বন্ধ কৰি দিয়া হৈছিল৷ ফলত দেশ খনত এতিয়াও বহু মন্দিৰৰ ধ্বংসাৱশেষ বিদ্যমান হৈ আছে। সেই সময়তে পাকিস্তানত কিছুমান বিশেষ মন্দিৰ বন্ধ কৰি দিয়া হৈছিল। তেনে এটা মন্দিৰ পাকিস্তানৰ শিয়ালকোটত আছে৷ এই মন্দিৰটো যোৱা ৭২ বছৰ ধৰি বন্ধ ৰখা হৈছিল। পাকিস্তানৰ এই হিন্দু মন্দিৰটো ৭২ বছৰৰ বাবে বন্ধ থকাৰ পিছত কেইবছৰমান পূৰ্বে সেয়া পুনৰ মুকলি কৰা হৈছে বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ৷ ডাঙৰ শিলেৰে নিৰ্মিত এই মন্দিৰটোৰ আশ্চৰ্যজনক কাৰুকাৰ্যই সকলোকে আকৰ্ষণ কৰে৷ ডাঙৰ কথাটো হ’ল যে ইমান বছৰ বন্ধ থকাৰ পাছতো এই মন্দিৰৰ দেৱালত কোনো প্ৰভাৱ পৰা নাই৷ ইয়াৰ অৱস্থালৈ লক্ষ্য কৰি সেই সময়ৰ মন্দিৰবোৰ কিমান শক্তিশালীভাবে নিৰ্মাণ কৰা হৈছিল সেয়া অনুমান কৰিব পাৰি।

পাকিস্তানৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ সময়তে ৭২ বছৰৰ পিছত ২০১৯ চনত এই মন্দিৰটো মুকলি কৰা হৈছিল। এই মন্দিৰৰ নাম শিৱালা তেজা সিং মন্দিৰ। এতিয়া এই মন্দিৰত পুনৰ দেৱ-দেৱীৰ মূৰ্তি স্থাপন কৰা হৈছে আৰু ইয়াত পুনৰ উপাসনা আৰম্ভ হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যেতিয়া মন্দিৰটো মুকলি কৰা হৈছিল, তাত উপস্থিত সকলো লোকে জোৰেৰে হৰ হৰ মহাদেৱৰ শ্ল’গান দিবলৈ আৰম্ভ কৰিছিল। মন্দিৰটোলৈ এতিয়া ভক্তৰ সোঁত বোৱা পৰিলক্ষিত হৈছে৷

শীঘ্ৰে মুক্তি লাভ কৰিব নীতিন গাডকাৰীৰ জীৱনকলৈ নিৰ্মিত বায়’পিক…

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ দেশৰ ৰাজনীতিত এক বিশেষ অৱদান আছে। তেওঁৰ ৰাজনৈতিক জীৱনে মানুহক যিমান অনুপ্ৰাণিত কৰে, তেওঁৰ ব্যক্তিগত জীৱনেও বহুতকে অনুপ্ৰাণিত কৰে। গাডকাৰীৰ জীৱনৰ ওপৰত ভিত্তি কৰি এখন ছবি নিৰ্মাণ কৰা হৈছে৷ ছবি খনৰ শিৰোনাম হৈছে ‘গাডকাৰী’। ছবি খনৰ মুক্তিৰ তাৰিখো থিৰাং কৰা হৈছে।কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী দেশৰ ৰাজনীতিত এটা চৰ্চিত নাম। ভাৰতত পথ পৰিবহণ আৰু ঘাইপথৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰা নীতিন গাডকাৰীক ‘হাইৱে মেন অৱ ইণ্ডিয়া’ বুলিও জনা যায়। দেশৰ উন্নয়নৰ ক্ষেত্ৰত সদায় আগভাগ লোৱা নীতিন গাডকাৰীৰ জীৱনৰ ওপৰত আধাৰিত ‘গাডকাৰী’ ছবিখন শীঘ্ৰেই দৰ্শকৰ সন্মুখলৈ আহিব। শেহতীয়াকৈ গাডকাৰী ছবিখনৰ পোষ্টাৰ ছচিয়েল মিডিয়াত মুকলি কৰা হৈছে। অভিজিত মজুমদাৰ আৰু অক্ষয় দেশমুখ ফিল্মছৰ দ্বাৰা প্ৰযোজিত এই ছবিখনৰ কাহিনী আৰু পৰিচালনা অনুৰাগ ৰাজন ভুছাৰীয়ে কৰিছে। ‘গাডকাৰী’ত নীতিন গাডকাৰীৰ চৰিত্ৰত কোনে অভিনয় কৰিব? বহু দৰ্শকেই এয়া জানিবলৈ উৎসাহিত হৈ পৰিছে। মানুহে ‘গাডকাৰী’ ছবিখনৰ ট্ৰেইলাৰ আৰু টিজাৰৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।

পৰিচালক অনুৰাগ ভুছাৰীয়ে ছবিখনৰ বিষয়ে কয়, ‘নীতিন গাডকাৰীৰ ৰাজনৈতিক কেৰিয়াৰ অতি ভাল। পণ্ডিত, সুদক্ষ বক্তা, ডাঙৰ মনৰ নেতা, পথ সংস্কাৰৰ অগ্ৰণী ব্যক্তি। মানুহে তেওঁৰ ব্যক্তিত্বৰ প্ৰতিটো দিশ জানে। সমাজ কল্যাণৰ প্ৰতি আগ্ৰহী এই নেতাজনৰ ৰাজনৈতিক যাত্ৰা বহুতে জানে, কিন্তু তেওঁৰ ব্যক্তিগত জীৱনৰ কথাও সমানে আকৰ্ষণীয়। এই ছবিখনৰ জৰিয়তে দৰ্শকৰ সন্মুখত এনে এজন নেতাৰ জীৱনৰ কথা উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছে। ছবিখন ২৭ অক্টোবৰত মুক্তি পাব।’

যদি আপুনি গাখীৰ খাব নোৱাৰে তেন্তে কেলচিয়ামৰ বাবে এই ৫ টা খাদ্য খাওক…

আমি সকলোৱে জানো যে আমাৰ হাড় মজবুত কৰিবলৈ কেলচিয়ামৰ প্ৰয়োজন হয়, কিন্তু কিছুমান মানুহ লেক্ট’জ অসহিষ্ণুতাৰ বলি হয়, অৰ্থাৎ তেওঁলোকে গাখীৰ আৰু ইয়াৰ পৰা তৈয়াৰী বস্তুবোৰ হজম কৰিব নোৱাৰে।যাৰ বাবে ডায়েৰিয়া, গেছ আৰু পেট ফুলাৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। এনে পৰিস্থিতিত যদি আপুনি কেলচিয়াম বিচাৰে তেন্তে গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰীৰ সলনি আন বহুতো খাদ্য খাব পাৰে। আলমণ্ডত কেৱল স্বাস্থ্যকৰ চৰ্বিয়েই নহয়, ইয়াত কেলচিয়ামো ভাল পৰিমাণত পোৱা যায়। অৱশ্যে উচ্চ কেলৰিও থাকে আৰু ইয়াক এটা সীমাৰ ভিতৰত সেৱন কৰিব লাগে। পোনে পোনে বা তিয়াই থোৱাৰ পিছত খাব পাৰে।

বন্ধাকবি হৈছে এবিধ সেউজীয়া পাতৰ শাক যাৰ কেলৰি কম হোৱাই নহয় কেলচিয়ামৰ পৰিমাণো প্ৰচুৰ। যদি আপুনি একাপ বন্ধাকবি সেৱন কৰে তেন্তে আপুনি দৈনিক প্ৰয়োজনীয় কেলচিয়ামৰ প্ৰায় ২০ শতাংশ লাভ কৰিব। ইয়াক পাচলি বা চালাড হিচাপে খাব পাৰে।

সাধাৰণতে কমলা ভিটামিন চিৰ প্ৰয়োজন পূৰণৰ বাবে খোৱা হয়, কিন্তু আপুনি জানি আচৰিত হ’ব যে ইয়াত কেলচিয়ামও প্ৰচুৰ পৰিমাণে পোৱা যায়। যদি আপুনি গাখীৰ খাব নিবিচাৰে তেন্তে কমলা বা ইয়াৰ ৰস খাব পাৰে।

চাৰ্ডিন মাছত কেলচিয়ামৰ লগতে ওমেগা-৩ ফেটি এচিড আৰু ভিটামিন ডিৰ প্ৰচুৰ উৎস থাকে। মধ্যমীয়া আকাৰৰ চাৰ্ডিন মাছ খালে দৈনিক প্ৰয়োজনৰ ৩৫ শতাংশ কেলচিয়াম পোৱা যাব।