Home Blog Page 1333

হাতত ঝাড়ু ল’লে অক্ষয় কুমাৰে, প্ৰধানমন্ত্ৰী মোদীৰ স্বচ্ছতা অভিযানক সমৰ্থন কৰিলে ৰজনীকান্তই…

অভিনেতা অক্ষয় কুমাৰৰ পিছত এতিয়া প্ৰবীণ তাৰকা ৰজনীকান্তই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছতা অভিযানক সমৰ্থন কৰিছে। ইয়াৰ বাবে অভিনেতা গৰাকীয়ে অনুৰাগীৰ বাবে এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ভাৰতক পৰিষ্কাৰ কৰি ৰাখক।শেহতীয়াকৈ বলীউডৰ অভিনেতা অক্ষয় কুমাৰে স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰাৰ সময়ত ছ’চিয়েল মিডিয়াত নিজৰ এখন ছবি পোষ্ট কৰিছে। এতিয়া অক্ষয়ৰ পিছত দক্ষিণৰ দেৱতা হিচাপে পৰিচিত প্ৰবীণ অভিনেতা ৰজনীকান্তো এই অভিযানৰ অংশ হৈ পৰিল আৰু অনুৰাগীৰ বাবে এটা পোষ্ট শ্বেয়াৰ কৰিলে।

আচলতে স্বচ্ছতা অভিযানৰ বাবে ৰজনীকান্তই নিজৰ পূৰ্বৰ টুইটাৰত এটা টুইট কৰিছিল। ইয়াত অভিনেতাগৰাকীয়ে লিখিছে, “এটা সুস্থ পৰিৱেশৰ আৰম্ভণি পৰিষ্কাৰ পৰিৱেশৰ পৰা হয়.. আহক আমি ভাৰতক পৰিষ্কাৰ কৰি ৰাখোঁ..” অভিনেতা গৰাকীৰ এই পোষ্টটো এতিয়া ভাইৰেল হৈ পৰিছে। এই সন্দৰ্ভত মন্তব্য কৰি অভিনেতাগৰাকীৰ অনুৰাগীয়ে তেওঁক বহুত প্ৰশংসা কৰিছে।

ইয়াৰ পূৰ্বে অক্ষয় কুমাৰে স্বচ্ছ ভাৰত অভিযানৰ অধীনত নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এখন ছবি শ্বেয়াৰ কৰিছিল। হাতত এটা ডাঙৰ ঝাড়ু লৈ থকা দেখা গৈছিল অভিনেতাগৰাকীক।

আপোনালোকক জনাও যে যোৱা ৩০ ছেপ্টেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছতা অভিযান সন্দৰ্ভত টুইটাৰযোগে টুইট কৰিছিল। য’ত তেওঁ লিখিছে, “স্বচ্ছ ভাৰত দেশৰ সকলো বাসিন্দাৰ সামূহিক দায়িত্ব.. আহক আমি সকলোৱে মিলি কাইলৈ ​​পুৱা ১০ বজাত এঘণ্টা সময় পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে উৎসৰ্গা কৰি উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাত সহায় কৰোঁ।”


গুৱাহাটীত অসমীয়া সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…

গুৱাহাটীত অসমীয়া সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন

অসমীয়া সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ দ্বিতীয় বৰ্ষপূৰ্তি আজি বিভিন্ন কাৰ্যসূচীৰে গুৱাহাটীৰ বিষ্ণু-নিৰ্মলা ভৱনত অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ লেখক-লেখিকা উপস্থিত থাকে৷ বৰ্ষপূৰ্তি উপলক্ষে পুৱা ৯.৩০ বজাত অসমীয়া সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হিমাংশু পাঠকে পতাকা উত্তোলন কৰে৷

পুৱা ৯.৪৫ বজাত অসমীয়া সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ৰঞ্জনজ্যোতি শৰ্মা বৰদলৈয়ে বন্তি প্ৰজ্বলন কৰে৷ দিনৰ ১০ বজাত মুকলি সভা আৰু কবিতা পাঠ অনুষ্ঠানত সঞ্চালনা কৰে গুৱাহাটী মহানগৰ কবি কাননৰ সঞ্চালক কমলজিৎ কলিতাই সঞ্চালনা কৰে৷

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড০ দয়ানন্দ পাঠক৷ অনুষ্ঠানত ‘দৈনন্দিন বাৰ্তা’ কাকতৰ সম্পাদক শংকৰ গোহাঞি আৰু জ্যেষ্ঠ সাংবাদিক বনদ্বীপ গোস্বামী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷

ইয়াতে ডিবি নিউজৰ সাংবাদিক, কবি জেবিন চুলতানাসহ কেইবাগৰাকী কবিয়ে স্বৰচিত কবিতা পাঠ কৰে ৷ এই বৰ্ষপূৰ্তি অনুষ্ঠানত অসমীয়া সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা মুকুট শৰ্মাই স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ

লগতে অসমীয়া সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ উপদেষ্টা বিপুল শৰ্মাই অনামিকা দেৱীৰ ‘হৃদয়ৰ ভাষা’ নামৰ গ্ৰন্থখন উন্মোচন কৰে৷ সভাত বিভিন্ন শিতানত পুৰস্কাৰপ্ৰাপকক বঁটা প্ৰদান কৰে৷ উল্লেখ্য যে এই অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ লগতে কবি-সাহিত্যিকসকলক মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়৷

নাওবৈচাৰ টকৌগুৰিৰ জলজীৱন আঁচনিৰ কামত অঘটন…

নাওবৈচাৰ টকৌগুৰিৰ জলজীৱন আঁচনিৰ কামত অঘটন। ৪০ ফুট উচ্চতাৰ পানীৰ টেংকিৰ পৰা পৰি এজন যুৱকৰ মৃত্যু।

বৰিঙৰ কামৰ বাবে আহিছিল মৰিগাঁৱৰ নিতু বৰদলৈ নামৰ যুৱকজন। নিশা পানীৰ টেংকিত উঠা যুৱকজন অসাৱধানবশতঃ পৰি যায় তললৈ।

পুৱাহে লগৰীয়াই প্ৰত্যক্ষ কৰে নিতু বৰদলৈৰ মৃতদেহ। ঠিকাদাৰৰ তৎপৰতাত ঘটনাস্থলীত উপস্থিত হয় নাওবৈচা আৰক্ষী। মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ যুৱকজনৰ মৃতদেহ।

২,০০০ টকীয়া নোট সলনি কৰাৰ সময়সীমা ৭ অক্টোবৰলৈ বৃদ্ধি কৰিলে ৰিজাৰ্ভ বেংকে…

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (আৰবিআই) বিমুদ্ৰাকৰণ কৰা ২,০০০ টকাৰ নোট বিনিময়ৰ সময়সীমা আৰু এসপ্তাহ লৈ বৃদ্ধি কৰিছে। পুৰণি ২,০০০ টকীয়া এতিয়া নোট ৭ অক্টোবৰলৈকে সলনি কৰিব পৰা যাব। মে’ মাহৰ মাজভাগত ৰিজাৰ্ভ বেংকে বজাৰৰ পৰা সকলো ২,০০০ টকাৰ নোট প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত লৈছিল। এক বিবৃতিত, আৰবিআইয়ে কৈছিল যে যদি কাৰোবাৰ ওচৰত ২,০০০ টকাৰ নোট থাকে, তেওঁলোকে ইয়াক ৩০ ছেপ্টেম্বৰৰ ভিতৰত বেঙ্কত জমা দি সলনি কৰিব লাগিব। একে সময়তে ২০,০০০ টকালৈকে নোট জমা কৰিব পৰা যাব বুলি কোৱা হৈছিল। যিকোনো বেংকত এই নোটবোৰ জমা কৰি বা সলনি কৰি আন নোট ল’ব পাৰিব বুলিও কোৱা হৈছিল। আৰবিআইৰ সময়সীমা আজি অন্ত পৰাৰ কথা আছিল যদিও সেয়া পুনৰ ৭ অক্টোৱৰলৈ বৃদ্ধি কৰা হয়। কিছুদিন পূৰ্বে ভাৰতীয় ষ্টেট বেংকৰ (এছবিআই) অধ্যক্ষ দিনেশ কুমাৰ খাৰাই সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কৈছিল “এতিয়ালৈকে ৩,০০০ কোটি টকা বিনিময় কৰা হৈছে আৰু একাউণ্টত ১৪,০০০ কোটি টকা জমা ৰখা হৈছে।’’

ভাৰতীয় ষ্টেট বেংকে (এছবিআই) কৈছিল যে আধাৰ কাৰ্ডৰ দৰে কোনো পৰিচয় পত্ৰ অবিহনেই ২,০০০ টকাৰ নোট বেংকত জমা কৰাৰ সুবিধা দিছে। ইয়াৰ বাবে পৃথক প্ৰপত্ৰ পূৰণ কৰিবও নালাগে। নতুন নিৰ্দেশনা অনুসৰি কোনো দাবী স্লিপ অবিহনেই বেংকত ২,০০০ টকাৰ নোট জমা কৰিব পাৰিব। যদি আপুনি ২,০০০ টকীয়া নোট বেংকত ঘূৰাই দিব বিচাৰে,তেন্তে আপুনি বেঙ্কত কোনো ধৰণৰ পৰিচয় পত্ৰও প্ৰদৰ্শন কৰিব নালাগে। বেঙ্কত আপোনাৰ একাউণ্ট নাথাকিলেও আপুনি তেনে বেঙ্কৰ শাখালৈ যাব পাৰে আৰু ২,০০০ টকাৰ নোট সলনি কৰিব পাৰে। মানুহে মুঠ ২০,০০০ টকাৰ নোট একেসময়তে সলনি কৰিব পাৰিব। নোট সলনি কৰাৰ বাবে কোনো বিশেষ মাচুল লোৱা হোৱা নাই। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (আৰবিআই) নিৰ্দেশ দিছিল যে নোট সলনি কৰিবলৈ অহা জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বিশেষ সুবিধা প্ৰদান কৰিব লাগিব। ৰিজাৰ্ভ বেংকে সকলোকে ৩০ ছেপ্টেম্বৰ, ২০২৩-ৰ ভিতৰত হাতত থকা ২০০০ টকাৰ নোট সলনি কৰিবলৈ কৈছে।

পূৰ্বে এক বিবৃতিত কেন্দ্ৰীয় বেংকটোৱে কৈছিল: “ভাৰতীয় ৰিজাৰ্ভ বেংকৰ “পৰিষ্কাৰ নোট নীতি” অনুসৰি,২০০০ টকা মূল্যৰ বেংকনোট প্ৰচলনৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিবলৈ আৰু ৰাইজক পৰ্যাপ্ত সময় প্ৰদান কৰিবলৈ, সকলো বেংকে ৩০ ছেপ্টেম্বৰ, ২০২৩ লৈ ২০০০ টকাৰ বেংকনোট জমা আৰু বিনিময়ৰ সুবিধা প্ৰদান কৰিব।”এতিয়া সেই সময়সীমা বৃদ্ধি কৰা হৈছে।

এইবাৰ মৰিগাঁও জিলা দিৱসৰ মূল বিষয়বস্তু “বেটি বচাও বেটি পঢ়াও”ক….

১৫ দিনৰ ভিতৰত মুকলি হ’ব আই চি ইউ কক্ষসহ মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি আৰু শিশু শাখা। মৰিগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা উন্নয়ন সমিতিৰ এই মাহৰ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত প্ৰতিটো বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰা হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে প্ৰতিটো বিভাগক পাৰস্পৰিক সহযোগিতাৰে কাম কৰিবলৈ আহ্বান জনায়। সভাত জিলা আয়ুক্তগৰাকীয়ে উপস্থিত বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ পৰা অহা ১৪ আৰু ১৫ অক্টোবৰত হ’বলগীয়া জিলা দিৱসৰ কাৰ্যসূচী সফল কৰাৰ ক্ষেত্ৰত সহায়-সহযোগিতা কামনা কৰে। তেওঁ কয় যে এইবাৰ জিলা দিৱস উপলক্ষে মৰিগাঁও জিলাত “বেটি পঢ়াও বেটি বচাও” ক মূল বিষয়বস্তু হিচাপে লোৱা হৈছে। ১৪ তাৰিখে পুৱা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব আৰু এখন মুকলি সভা অনুষ্ঠিত হ’ব।

নিশাৰ ভাগলৈ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠান থাকিব। ১৫ তাৰিখে প্ৰথিতযশা শিল্পী জয়ন্ত হাজৰিকাৰ স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি জিলা দিৱস উপলক্ষে ন-পুৰণি শিল্পীৰ সংগীতানুষ্ঠানৰ আয়োজন কৰে হৈছে। স্বাস্থ্য বিভাগৰ পৰ্যালোচনাকালত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ফণী পাঠকে কয় যে মৰিগাঁও অসামৰিক চিকিৎসালয়ত নিৰ্মাণৰত আই চি ইউ কক্ষসহ প্ৰসূতি আৰু শিশু শাখাটো অহা ১৫ দিনৰ ভিতৰত কাৰ্যকৰী হ’ব। লগতে জিলাখনত প্ৰসূতিৰ মৃত্যুৰ হাৰ ভালেখিনি হ্ৰাস পাইছে। তেওঁ জানিবলৈ দিয়ে যে চিকিৎসালয়ত প্ৰসৱৰ ঘটনা বৃদ্ধি পাইছে আৰু ঘৰত প্ৰসৱৰ হাৰ হ্ৰাস পাইছে। লোকনিৰ্মাণ গৃহ বিভাগৰ মুৰব্বীগৰাকীয়ে কয় যে মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কাম ভালেখিনি আগবাঢ়িছে। আনহাতে লাহৰিঘাট আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ কাম ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব। কাম আশা কৰা ধৰণে আগনবঢ়া আঁচনিসমূহ নিজে চৰজমিন পৰ্যবেক্ষণ কৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে সভাত জানিবলৈ দিয়ে। জিলা আয়ুক্তগৰাকীয়ে প্ৰতিটো বিভাগক এটা দল হিচাপে কাম কৰিবলৈ আহ্বান জনায়। আনহাতে পৰিবহণ বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰি জিলা আয়ুক্তগৰাকীয়ে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ইয়াৰ প্ৰধান কাৰক তীব্ৰ গতিত গাড়ী চলোৱা, সুৰাপান কৰি গাড়ী চলোৱা, গাড়ী চলাওতে মোবাইল ফোন ব্যৱহাৰ কৰা আদিৰ বাবে সজাগতা সৃষ্টিত গুৰুত্ব দিবলৈ জিলা পৰিবহণ বিষয়াগৰাকীক নিৰ্দেশ দিয়ে। জিলাখনত যোৱা এপ্ৰিল মাহৰ পৰা ২৮ ছেপ্টেম্বৰলৈকে ১১৭ টা পথ দুৰ্ঘটনাত ৩১ জন লোকৰ মৃত্যু হৈছে। তেওঁ বৈধ পৰিমাপ বিভাগক পেট্ৰ’ল পাম্প আৰু সমবায় বিভাগৰ ৰেচন কাৰ্ডৰ দোকানৰ ওজন জোখা যন্ত্ৰৰ সঠিক পৰীক্ষা কৰিবলৈও নিৰ্দেশ দিয়ে। তেওঁ শিক্ষা বিভাগক কোনো অঞ্চলত যাতে ল’ৰা-ছোৱালীয়ে বিদ্যালয় আধাতে এৰিবলগীয়া নহয়, তাৰ ওপৰত বিশেষভাৱে চকু দিবলৈ নিৰ্দেশ দিয়ে। সভাত জিলা উন্নয়ন আয়ুক্ত দেৱযানি চৌধুৰীয়ে কয় যে স্বচ্ছতা হি সেৱা কাৰ্যসূচীৰ অধীনত সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত “এক তাৰিখ এক ঘন্টা” শীৰ্ষক স্বচ্ছতাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। তেওঁ কয় যে ভাৰত চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে, “স্বচ্ছতাই সেৱা” কাৰ্য্যসূচীৰ অধীনত সমগ্ৰ দেশজুৰি কাইলৈ পুৱা ১০ বজাত “এক তাৰিখ এক ঘণ্টা ” কাৰ্য্যসূচী ঘোষণা কৰিছে। এই কাৰ্য্যসূচীৰ মূখ্য উদ্দেশ্য হৈছে জাতিৰ পিতা মহাত্মা গান্ধীক তেওৰ জন্মদিৱসৰ প্ৰাকক্ষনত এক নিকা আৰু স্বচ্ছ পৰিৱেশেৰে সন্মান জনোৱা।

ইয়াৰ লগত সংগতি ৰাখি মৰিগাঁও পৌৰ সভা এলেকাতো ভালেমান কাৰ্য্যসূচী হাতত লোৱা হৈছে৷ অনুষ্ঠানত জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ নদেল বিষয়া জয়া বড়োৱে এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জিলাখনৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়ক ধপাতমুক্ত বুলি ফলক লগোৱাৰ লগতে কাৰ্যালয়সমূহ পৰিষ্কাৰ কৰিবলৈ আহ্বান জনায়। সভাত অতিৰিক্ত জিলা আয়ুক্ত প্ৰাঞ্জল কুমাৰ বৰুৱা আৰু দ্যুতিভা বৰা আৰু বিভিন্ন বিভাগ তথা সংস্থাৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল।

মান্দাকাটাত ‘মোৰ মাটি মোৰ দেশ’

বেজেৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত মান্দাকাটা গাঁও পঞ্চায়তৰ উদ্যোগত ‘মোৰ মাটি মোৰ দেশ’ কাৰ্যসূচীৰ অধীনত অমৃত কলহ যাত্ৰা উলিওৱা হয়।

মান্দাকাটা গাঁও পঞ্চায়তৰ সভাপতি জাহিদুল ইছলামে জনোৱা অনুসৰি এই কলহ যাত্ৰা মান্দাকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰতি ঘৰ মানুহৰ পৰা এমুঠিকৈ মাটি সংগ্ৰহ কৰা হয়।

এই মাটি খিনি পৰবৰ্তী সময়ত জিলা প্ৰশাসনৰ জৰিয়তে দিল্লীলৈ প্ৰেৰণ কৰা হব। দিল্লীত নিৰ্মাণ কৰিবলগীয়া অমৃত ভাটিকাত এই মাটি খিনি দিয়া হব বুলি জানিবলৈ দিয়ে।

কাইলৈ নহয়, ২০২৪ৰ ২ অক্টোবৰতহে বন্ধ হ’ব আধা লিটাৰৰ পানীৰ বটলঃ মুখ্যমন্ত্ৰী

কাইলৈ নহয়, ২০২৪ৰ ২ অক্টোবৰতহে বন্ধ হ’ব আধা লিটাৰৰ পানীৰ বটল।

২৫০ মিঃলিঃৰ বটলহে কাইলৈৰ পৰা বন্ধ হ’ব।

এই কথা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

প্লাষ্টিক বৰ্জন আৰু কৃত্ৰিম বান ৰোধৰ বাবে এই পদক্ষেপ চৰকাৰৰ।

অসমীয়া সংস্কৃতিৰ মেটমৰা সম্ভাৰেৰে শাৰদীয় সাংস্কৃতিক আলোচনী ‘দাপোণ’ উন্মোচন…

অসমবাসীয়ে বুকুৰ উমেৰে জীয়াই ৰখা বিশাল আৰু বাৰেবৰণীয়া অসমীয়া সংস্কৃতিৰ বিভিন্ন দিশৰ লগতে অইন ভালেমান বিনোদনৰ লেখাৰে সজোৱা ‘দাপোণ’ নামৰ সম্পূৰ্ণ ৰঙীণ সাংস্কৃতিক আলোচনী এখনি গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট নিৱন্ধকাৰ,সমাজৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থৰ মূখ্য সম্পাদনাত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ” দাপোন” উন্মোচন কৰে জনপ্রিয় অভিনেত্রী মৃদুলা বৰুৱাই। অসমৰ বিশিষ্ট লেখক-লেখিকাৰ দুই ডজনৰো অধিক তথ্যসমৃদ্ধ লেখাৰে সমৃদ্ধ ‘দাপোণ’ৰ উন্মোচনী ভাষণত অসমীয়া চিনেমাৰ জনপ্ৰিয় অভিনেত্রী মৃদুলা বৰুৱাই কয়— “এয়া এক ঐতিহাসিক ক্ষণ। কিয়নো অসমত সাংস্কৃতিক আলোচনীৰ ইতিহাসত ইমান তথ্যসমৃদ্ধ আৰু আটকধুনীয়া আলোচনী সাম্প্রতিক সময়ত সম্ভৱতঃ এখনো নাই। ‘দাপোণ’ৰ পৃষ্ঠাসমূহত চকু ফুৰাই লক্ষ্য কৰিছো আলোচনীখনত অসমীয়া চিনেমা-ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা অপেচাদাৰী নাট্যদল বা যাত্রাদলৰ লেখালৈ অথবা ভাওনা-নাগাৰা নামৰ পৰা বিশিষ্ট চিত্রশিল্পী-শিলালিপিলৈ এই আটাইবোৰ সামৰি লৈছে। আৰু এই তথ্যসমৃদ্ধ লেখাবোৰ লিখিছে দুই ডজনৰো অধিক অসমৰ বিশিষ্ট লেখক-লেখিকাই।

আনহাতে আলোচনীখনৰ প্ৰতিটো পৃষ্ঠাই সম্পূৰ্ণ ৰঙীণ আৰু চুই চুই চাই চাই হেঁপাহ নপলাই। অসমীয়া আলোচনীৰ এই মহা দিনত এনেধৰণৰ এখন উচ্চমানৰ সাংস্কৃতিক আলোচনী উপহাৰ দিয়া বাবে আলোচনীখনৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থ আৰু সম্পাদক তথা অসমৰ প্ৰতিষ্ঠিত সাংস্কৃতিক সাংবাদিক মনোৰঞ্জন কলিতাকো আন্তৰিক ধন্যবাদ জনাইছো। লগতে ‘দাপোণ’ক সকলোৱে আপোন কৰি ল’ব বুলি আশা ৰাখিছো।‘দাপোণ’ৰ ভব্য উন্মোচনী অনুষ্ঠানত মৃদুলা বৰুৱাৰ লগতে ‘অসমীয়া প্ৰতিদিন’ কাকতৰ মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰী, ‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত গায়িকা তৰালি শৰ্মাই বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে। সাংবাদিক অচ্যুত কুমাৰ পাটোৱাৰীয়ে “দাপোণ সমাজৰ দিগ্‌দর্শী হওক। ‘দাপোণ’-এ সঁচাৰ্থত সাংস্কৃতিক বার্তা বহন কৰক” বুলি ভাষণত উল্লেখ কৰে। আনহাতে সু-গায়িকা তৰালি শৰ্মাই ভাষণত এইদৰে কয়— “সমাজত সংস্কৃতি আৰু দুষ্কৃতি দুয়োটাই থাকে।

দাপোণে সংস্কৃতিক প্রাধান্য দিয়ক। ‘দাপোণ’ সমাজৰ দাপোণ হওক।” সাংবাদিক গৌতম শৰ্মাই আকৌ “দাপোণ’-এ নতুনক গুৰুত্ব দিয়ক আৰু দাপোণে নতুনক নেতৃত্ব দিয়ক। মাতৃভাষাক ভালপোৱা প্ৰতিগৰাকী অসমীয়াই নিঃসন্দেহে ভাল পাব” বুলি উল্লেখ কৰে। উন্মোচনী অনুষ্ঠানত জনপ্রিয় অভিনেতা যতীন বৰাইও নিজৰ ভাষণত ‘দাপোণ’ পৰিয়ালৰ এই প্ৰচেষ্টাক শলাগ লয়। দাপোণ’ৰ সম্পাদক তথা সাংস্কৃতিক সাংবাদিক মনোৰঞ্জন কলিতাই আঁত ধৰা উক্ত উন্মোচনী অনুষ্ঠানত সাংস্কৃতিক সাংবাদিক অৰুণলোচন দাস, অতুল মজুমদাৰ, মৃণাল কুমাৰ বৰা, গোপাল জালান, দিগন্ত কুমাৰ চৌধুৰী, হেমন্ত কুমাৰ দাস, হিল্লোল কুমাৰ পাঠক, মন্টু শ‍ইকীয়া, মনজিৎ ৰাজকোঁৱৰ, কিশোৰ গোস্বামী, প্রাঞ্জল এ শৰ্মা, ভাস্কৰ বৰ্মন, দেবেন কলিতা, প্রবাল খাউণ্ড, পুলকেশ ৰায় বৰুৱাকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে তেজপুৰ মাজ গাঁৱত বিনামূলীয়া স্বাস্থ্য শিৱিৰ জিলা প্ৰশাসনৰ

১৯৯১ চনৰ পৰাই প্ৰতি বছৰৰ ১ অক্টোবৰৰ দিনটো বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস হিচাবে উদযাপিত হৈ আহিছে। তাৰেই অংশ হিচাপে দেওবাৰে শোণিতপুৰ জিলা প্ৰশাসন, তেজপুৰ নিৰ্বাচনী বিষয়া, সামাজিক ন্যায় আৰু সবলীকৰণ উদ্যোগত আৰু মাজ গাঁও জ্যেষ্ঠ নাগৰিক মঞ্চ সহযোগত উদযাপন কৰা হয় বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস।

বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱসৰ লগত সংগতি ৰাখি তেজপুৰ মাজগাঁও জ্যেষ্ঠ নাগৰিক মঞ্চ কাৰ্যালয়ত আয়োজন কৰা হয় এক স্বাস্থ্য পৰীক্ষা শিবিৰ।

জিলা প্ৰশাসনৰ দ্বাৰা আয়োজন কৰা এই স্বাস্থ্য শিৱিৰত তেজপুৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰ স্বাস্থ্য বিষয়া ড০ প্ৰতীপ কুম্বাং, ড০ অন্তৰা কুণ্ডু, স্বাস্থ্য কৰ্মী জ্যোতিময় দত্তকে ধৰি কেন্দ্ৰটোৰ স্বাস্থ্য কৰ্মী আৰু আশাকৰ্মী সকলৰ সহযোগত জ্যেষ্ঠ নাগৰিকসকলক স্বাস্থ্য পৰীক্ষা কৰা লগতে বিনামূলীয়া ঔষধ যোগান ধৰা হয়।

এই স্বাস্থ্য পৰীক্ষা শিৱিৰত স্বাস্থ্য পৰীক্ষাত অংশগ্ৰহণ কৰা জ্যেষ্ঠ নাগৰিক সকলৰ স্বাস্থ্যৰ বুজ লবলৈ উপস্থিত হয় শোণিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, শোণিতপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ড০ জিয়াওদ্দিন আহমেদ, জিলা নগৰীয়া স্বাস্থ্য কেন্দ্ৰ সমন্বয়ক ৰাজ শইকীয়াকে ধৰি জিলা প্ৰশাসনৰ কেইবাজনো বিষয়া।

পৰিষ্কাৰ পৰিচ্ছন্নতা উন্নত সমাজ গঢ়াৰ প্ৰথম খোজ- কৃষিমন্ত্ৰী অতুল বৰা…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশবাসীকে দেশৰ ভৱিষ্যত প্ৰজন্মৰ বাবে আৱৰ্জনাজনিত সমস্যাসমূহৰ সমাধান কৰি অনাগত প্রজন্মৰ বাবে এক স্বচ্ছ পৰিৱেশৰ নিৰ্মাণৰ বাবে ১ অক্টোবৰৰ পুৱা ১০ বজাৰ পৰা এক ঘণ্টাৰ বাবে স্বচ্ছতাৰ কাৰণে শ্ৰমদান কৰিবলৈ জনোৱা আহ্বান অনুসৰি আজি খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ উদ্যোগত কৃষিমন্ত্ৰী শ্ৰীঅতুল বৰাৰ উপস্হিতিত ‘স্বচ্ছতা হি সেৱা’ৰ অধীনত ‘১ঘণ্টা লগে ভাগে শ্রমদান’ কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰা হয় ৷

কৃষি সঞ্চালকালয়ৰ চৌহদত আৰু চৌহদৰ বাহিৰত সম্পন্ন হোৱা এই শ্ৰমদান আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা কাৰ্যসূচীত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ নাগৰিকসকলক মানৱ স্বাস্থ্য আৰু পৰিৱেশ নিৰোগী তথা সুস্থিৰ কৰি ৰখাৰ লগতে দেশৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এক সুস্থ-সবল-নিৰোগী উন্নত সমাজ নিৰ্মাণ কৰাৰ উদ্দেশ্যে নিজৰ চৌপাশ পৰিষ্কাৰ কৰি ৰখা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায় ৷

এই শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক শ্ৰী ভাস্কৰ পেগু, উদ্যান শস্য সঞ্চালক শ্ৰী ত্ৰিৰংগ ভাৰতীয় বৰা,অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ (এএছঅ’কা) সঞ্চালক শ্ৰী মৌচম হাজৰিকা প্ৰমুখ্যে অন্যান্য বিষয়া-কৰ্মচাৰীসকল তথা স্বেচ্ছাসেৱীসকলে  কৃষি সঞ্চালকালয়ৰ চৌহদত আৰু চৌহদৰ বাহিৰত পৰিস্কাৰ-পৰিছন্নতাৰ অভিযান চলায়৷