“সাংবাদিকতা এতিয়া সেৱা নহয়, ছপা মাধ্যমেই হওঁক বা বৈদ্যুতিন মাধ্যমেই হওঁক বৰ্তমান বিভিন্ন সমালোচনাৰ সন্মুখীন হ’লেও এটা কথা কিন্তু ঠিক যে ৰাজ্যৰ এই সংবাদমাধ্যম সমূহে অসমীয়া ভাষাটোৰ চৰ্চা অব্যাহত ৰাখিছে৷”তেজপুৰত শুকুৰবাৰে এক অন্তৰংগ আলাপত অংশ লৈ এইদৰে মন্তব্য কৰে সাহিত্য একাডেমি বঁটা প্ৰাপক গল্পকাৰ তথা আমাৰ অসম কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে৷
উল্লেখযোগ্য যে, তেজপুৰ মহাবিদ্যালয়ৰ সভাগৃহত আমাৰ অসম কাকত গোষ্ঠীৰ দ্বাৰা আয়োজিত এই অন্তৰংগ আলাপত গোস্বামীয়ে কয় যে ড° ভৱেন্দ্ৰনাথ শইকীয়া,সৌৰভ চলিহা,নীলমণি ফুকন, নৱকান্ত বৰুৱাকে ধৰি ৰাজ্যৰ ভালেকেগৰাকী সাহিত্যিকৰ ৰচনা দেশৰ সৰ্বোচ্চ স্তৰৰ সাহিত্য৷ বৰ্তমানেও ৰাজ্যত সৃষ্টি হৈ থকা অসমীয়া সাহিত্যৰ মানদণ্ড হিন্দী ভাষাৰ সাহিত্যৰ তুলনাত বহু ওপৰৰ বুলি মন্তব্য কৰি গোস্বামীয়ে লগতে কয় যে, প্ৰকৃততে অসমীয়া মানুহে নিজা সাহিত্যৰ ক্ষেত্ৰত এক হীনমন্যতাত ভোগে৷ বিশিষ্ট গল্পকাৰ জনে আৰু কয় যে বৰ্তমানেও প্ৰায় আঢ়ৈ কোটি লোকে অসমীয়া ভাষা কয়৷হাংগেৰীকে ধৰি একাধিক দেশৰ ভাষাৰ তুলনাত এয়া যথেষ্ট অধিক৷ বিশ্বৰ অধিক প্ৰচলিত ৫০টা ভাষাৰ ভিতৰত স্থানত থকা অসমীয়া ভাষাটো ইমান পৰিমৰা ভাষা নহয় বুলি উল্লেখ কৰে৷
আমাৰ অসম কাকতৰ প্ৰৱন্ধক প্ৰণৱ তালুকদাৰ আৰু কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাই অংশ গ্ৰহণ কৰা এই অনুষ্ঠানত তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতিকমল হাজৰিকা,সুলেখিকা অৱসৰপ্ৰাপ্ত অধ্যাপক ড° স্বাধীনতা মহন্ত, পূৰ্ণেশ্বৰ নাথ,ড° ৰমেশ চন্দ্ৰ গোস্বামী,ড° গহণ মহন্ত,ৰমেশ কলিতা,ড° বৰ্ণালী শৰ্মা,নবীন লহকৰ, অনিল কুমাৰ ভট্টাচাৰ্য আদিৰ লগতে তেজপুৰৰ বহুকেগৰাকী বিশিষ্ট ব্যক্তি তথা ছাত্ৰ-ছাত্ৰীয়ে অংশ লোৱা এই অন্তৰংগ আলোচানাত সংবাদ মাধ্যমৰ সাম্প্ৰতিক অৱস্থা আৰু প্ৰত্যাহ্বানৰ বিষয়েও প্ৰশ্ন কৰা হয়৷ সম্প্ৰতি বিশ্বৰ ৩৫০বছৰীয়া কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰাৰ বিষয়েও উল্লেখ কৰি গোস্বামীয়ে লগতে কয় যে কেৱল দেশ আৰু ৰাজ্যতে নহয়,সমগ্ৰ বিশ্বতে বাতৰি কাকতৰ প্ৰচলন হ্ৰাস পাইছে৷
পুৰণা চিন্তাধাৰাৰ সলনি নতুন প্ৰজন্মৰ চিন্তাৰ বিষয়ে জানি এইক্ষেত্ৰত যথেষ্ট সালসলনিৰ প্ৰয়োজন থকাৰ বিষয়ে উল্লেখ কৰি গোস্বামীয়ে কয় যে দেশ তথা ৰাজ্যৰ বৈদ্যুতিন মাধ্যমো টিআৰপিৰ পিছত দৌৰিবলৈ বাধ্য৷
ইয়াৰ বিপৰীতে সামাজিক মাধ্যমো সম্পূৰ্ণৰূপে কৰ্পৰেট গোষ্ঠীৰ নিয়ন্ত্ৰণাধীন বুলি উল্লেখ কৰি তেওঁ কয় যে পৰিকল্পিত ভাবে ইয়াত ভালক বেয়া আৰু বেয়াক ভাল বুলি প্ৰতিপন্ন কৰিব পাৰি৷সাংবাদিক পংকজ বৰুৱা আৰু পুলক কুমাৰ ডেকাই আতধৰা অনুষ্ঠানত গোস্বামীয়ে কয় যে,এখন বাতৰি কাকতৰ বিক্ৰী মূল্য ব্যয়ৰ তুলনাত কম বুলি প্ৰকাশ কৰি তেওঁ উল্লেখ কৰি আৰু কয় যে,বহু সময়ত জঘন্য হত্যা,আত্মহত্যা,বলাৎকাৰ আদি বাতৰি কিছু সংখ্যক পাঠকে প্ৰকাশ কৰাটো নিবিচাৰে যদিও আন একাংশ পাঠকে আকৌ তেনে বাতৰি প্ৰকাশ নকৰিলেও প্ৰশ্ন কৰে বুলি দোহাৰি তেওঁ কয় যে,এনে অৱস্থাত এনে বাতৰি প্ৰকাশৰ ক্ষেত্ৰতো দোদুল্যমান পৰিস্থিতিৰ সন্মুখীন হ’ব লগীয়া হয়৷
ইয়াৰ মাজতে কংগ্ৰেছ দলে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কৰা ভাৰত জোড়ো যাত্ৰা আৰু অসমতো প্রদেশ কংগ্ৰেছে জনতাৰ কাষলৈ যোৱা কাৰ্যসূচী হাতত লোৱাৰ পিছতে বিভিন্ন দলৰ নেতাই কংগ্ৰেছলৈ আহিবলৈ আগ্রহ প্ৰকাশ কৰিছে।
উল্লেখ্য যে অহা ১১ অক্টোবৰৰ পৰা শাসকীয় বিজেপি আৰু বিজেপিৰ সহযোগী বিভিন্ন দলৰ একাধিক জ্যেষ্ঠ নেতাই কংগ্ৰেছ দলত যোগ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু এই প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি সভাপতি ভূপেন বৰাই উল্লেখ কৰে৷
নগৰীয়া স্বাস্থ্য কেন্দ্ৰ কৰ্মচাৰী জ্যোতিময় দত্তই আতঁ ধৰা অনুষ্ঠানটোত উপস্থিত থাকে নগৰীয়া স্বাস্থ্য কেন্দ্ৰ পৰিচালনা সমিতি সভাপতি ম:মুনাফ আহমেদ, চিকিৎসা বিষয়া ডাঃ অন্তৰা কুণ্ডু, নগৰীয়া স্বাস্থ্য কেন্দ্ৰ কৰ্মচাৰী ৰমণীকান্ত ডেকা, ৰাজীৱ নাথ, মিনাৰা বেগম, পিংকী বৰমুদৈ, পল্লৱী বৰা, ৰঞ্জিলা খাৰীয়া, পাপৰী বৰুৱা, মিন্টু দত্ত, কৌশিক শৰ্মা, গণেশ চেত্ৰীকে ধৰি আশাকৰ্মী আৰু স্বাস্থ্য কেন্দ্ৰটো চিকিৎসক তথা কৰ্মচাৰীসকল উপস্থিত থাকে। এই সভাতে চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতি লগতে পূৰ্বৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত এ এন এম নাৰ্চ মানসি বৰা, প্ৰিয়ংকা মহাটু অন্যান্য স্থানলৈ বদলি হোৱাত এই সভাতে বিদায় সম্ভাষন জনাই কেন্দ্ৰটোৰ কৰ্মচাৰীসকলে।
উল্লেখযোগ্য যে বিদায়ী চিকিৎসা বিষয়া তথা মানৱদৰদী চিকিৎসক ডা: সেউজ কুমাৰ সেনাপতি আৰু এ এন এম মানসি বৰা, প্ৰিয়ংকা মহাটু ৱে বিগত কেইবা বছৰ ও অধিক কাল নগৰীয়া স্বাস্থ্য কেন্দ্ৰটোত ৰাইজক চিকিৎসা সেৱা তথা ৰাইজৰ ওচৰলৈ গৈ শিশু আৰু মাতৃৰ টীকাকৰণ, পলিঅ’ তথা স্বাস্থ্য শিবিৰ আদি আয়োজন কৰি ৰাইজক আগবঢ়োৱা অৱদানৰ কথা উপস্থিত স্বাস্থ্যকৰ্মীসকলে শ্ৰদ্ধাৰে সোঁৱৰে।