Home Blog Page 1342

আজি গুগলৰ ২৫ বছৰ সম্পূৰ্ণ…

আজি গুগলৰ ২৫ বছৰ সম্পূৰ্ণ।

১৯৯৮ চনৰ ২৭ ছেপ্টেম্বৰত আৰম্ভ হৈছিল চাৰ্ছ ইঞ্জিন গুগল।

গুগল ডুডলেও ২৫ বছৰীয়া বৰ্ষপূৰ্তিক সোঁৱৰিলে।

মধ্য প্ৰদেশ বিধানসভা নিৰ্বাচন : জনজাতীয় লোকৰ মুখত প্ৰস্ৰাৱ কৰা জনক সমৰ্থন জনোৱা বিধায়ক কেদাৰনাথ শুক্লাক টিকট নিদিলে বিজেপিয়ে…

বিজেপিয়ে মধ্যপ্ৰদেশত টিকট নিদিলে জনজাতীয় লোকৰ মুখত প্ৰস্ৰাৱ কৰা জনক সমৰ্থন জনোৱা বিধায়ক কেদাৰনাথ শুক্লাক । বিজেপিৰ প্ৰবীণ নেতা তথা চাৰিবাৰৰ বিধায়ক কেদাৰনাথ শুক্লাৰ ঠাইত ছিধি বিধানসভা সমষ্টিৰ পৰা ৰিতি পাঠকক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, । শুক্লাই কেইমাহমান আগতে ছিধিত সংঘটিত এক লজ্জাজনক ঘটনাৰ মূল্য পৰিশোধ কৰিবলগীয়া হৈছে। শুক্লাৰ এজন সমৰ্থক প্ৰৱেশ শুক্লাই এজন জনজাতীয় লোকৰ মুখত প্ৰস্ৰাৱ কৰিছিল। এই ঘটনাৰ ভিডিঅ’ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত দেশজুৰি ক্ষোভৰ সৃষ্টি হৈছিল। ঘটনাটোকলৈ বিৰোধী কংগ্ৰেছে জনজাতীয় লোকসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিষয়টোত বিজেপিক সমালোচনা কৰিছিল। ঘটনাটোৱে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানকো ক্ষমা খুজিবলৈ বাধ্য কৰিছিল। মধ্য প্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে সেই ঘটনাৰ ক্ষতি পূৰণ কৰিব বিচাৰিছে। । মধ্য প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ৩৯ জন প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা ঘোষণা কৰিছে।

ছিধিত পাঠকক শুক্লাৰ ঠাইত বিজেপিয়ে প্ৰক্ষেপ কৰিছে। শুক্লাক টিকট নিদি বিজেপিয়ে অঞ্চলটোৰ জনজাতীয় লোকসকলৰ মনত থকা অসন্তুষ্টি হ্ৰাস কৰিবলৈ চেষ্টা কৰা বুলি বহুতে আলোচনা কৰিছে। মুখ্যমন্ত্ৰী চৌহানে জনজাতীয় লোক জনক ভূপালত থকা তেওঁৰ বাসগৃহলৈ মাতিছিল আৰু তেওঁৰ ভৰি ধুৱাই দি ক্ষমা বিচাৰিছিল।। জেপি কৰ্মীৰ অমানৱীয় কাৰ্যৰ বাবে তেওঁৰ ওচৰত ভৰি ধুৱাই ক্ষমা বিচাৰি বিজেপিয়ে জনজাতীয় লোকসকলৰ ক্ষোভৰ জুই নিৰ্বাপিত কৰিব বিচাৰিছিল।। জনজাতীয় লোক জনৰ মুখত মূত্ৰ ত্যাগ কৰা লোক জনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ (এনএছএ) অধীনত গোচৰ ৰুজু কৰা হৈছিল ।এই ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ভিডিঅ’টোত এজন জনজাতীয় যুৱকক দোকান এখনৰ ওচৰত বহি থকা দেখা গৈছিল। সেই সময়ত অভিযুক্ত প্ৰবেশ শুক্লা নামৰ লোকজনে তেওঁৰ সন্মুখত থিয় হৈছিল আৰু জনজাতীয় যুৱকজনৰ মুখতে প্ৰস্ৰাৱ কৰিবলৈ আৰম্ভ কৰিছিল।

ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে বিতৰ্কৰ সূত্ৰপাত হয়। তাৰ পিছতে লোকজনে গ্ৰেপ্তাৰ এৰাই চলিবলৈ পলাতক হৈ আছিল। অৱশেষত পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। তেওঁক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ লগতে অনুসূচীত জাতি/অনুসূচীত জনজাতি আইন আৰু অন্যান্য ধাৰাৰ অধীনত অভিযুক্ত কৰা হৈছিল। সেই লোকজনৰ কামক বিধায়ক শুক্লাই মুকলিকৈয়ে সমৰ্থন জনাইছিল।

দুই মেইটেই যুৱকক অপহৰণ কৰি হত্যা কৰাৰ প্ৰতিবাদত মণিপুৰৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ শিক্ষাৰ্থী। আৰক্ষীৰ লাঠীচালনা, কন্দুৱা গেছৰ প্ৰত্যাক্ৰমণত আহত ৪৫ গৰাকী শিক্ষাৰ্থী…

পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। জুলাই মাহতে অপহৃত হোৱা দুজন যুৱকৰ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ আজি ইম্ফলৰ ৰাজপথলৈ ওলাই আহে হাজাৰ হাজাৰ শিক্ষাৰ্থী । উত্তেজিত ছাত্ৰসকলক ছত্ৰভঙ্গ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰাৰ লগতে লাঠীচালনাও কৰে। ফলত ৪৫ জন শিক্ষাৰ্থী গুৰুতৰ ভাবে আহত হয়।আঘাতপ্ৰাপ্তসকলৰ ভিতৰত বেছিভাগেই ছাত্ৰী বুলি জানিব পৰা গৈছে। ছ’চিয়েল মিডিয়াত যুৱক দুজনৰ মৃতদেহৰ ফটো প্ৰচাৰ হোৱাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদী সমদল উলিয়াইছিল। প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ মুখামুখি হৈছিল আৰু আৰক্ষীয়ে তেওঁলোকক মুখ্যমন্ত্ৰীৰ সচিবালয়ত উপস্থিত হোৱাত বাধা দিবলৈ চেষ্টা কৰিছিল। এই ঘটনাত আহত প্ৰতিবাদকাৰীসকলক বিভিন্ন চিকিৎসালয়লৈ লৈ যোৱা হৈছে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই মঙলবাৰে কেন্দ্ৰকমণিপুৰ প্ৰসংগত “নিষ্ক্ৰিয়তাৰ” বাবে সমালোচনা কৰি কয় -মণিপুৰৰ ভয়ংকৰ পৰিস্থিতিৰ বাবে কেন্দ্ৰই নিজকে লজ্জিত অনুভৱ কৰিব লাগে। তেওঁ যে মণিপুৰত শিশুসকল জাতিগত হিংসাৰ আটাইতকৈ বেছি ভুক্তভোগী হৈছে আৰু তেওঁলোকক সুৰক্ষা দিয়াটো আমাৰ কৰ্তব্য।


তেওঁ এক্সত লিখিছে “মণিপুৰৰ পৰা অধিক ভয়াৱহ খবৰ আহি আছে। শিশুসকল জাতিগত হিংসাৰ আটাইতকৈ বেছি ভুক্তভোগী হৈছে। তেওঁলোকক সুৰক্ষা দিবলৈ আমি যিমান পাৰো সেয়া কৰাটো আমাৰ কৰ্তব্য। মণিপুৰত সংঘটিত ভয়ংকৰ অপৰাধবোৰৰ কথা প্ৰকাশ কৰিবলৈ শব্দৰ অভাৱ, তথাপিও সেয়া অবিৰতভাৱে অব্যাহত ৰাখিবলৈ অনুমতি দিয়া হৈছে।” ইপিনে অপহৰণ কৰি নি হত্যা কৰা দুজন শিক্ষাৰ্থীক ফিজাম হেমজিত (২০) আৰু হিজাম লিন্থোইঙ্গাম্বি (১৭) বুলি চিনাক্ত কৰা হৈছে। তেওঁলোক জুলাইৰ পৰা সন্ধানহীন হৈ আছিল। মণিপুৰ চৰকাৰে সোমবাৰে নিশা এক বিবৃতি জাৰি কৰি কৈছিল যে অপহৰণৰ গোচৰটো ইতিমধ্যে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)লৈ স্থানান্তৰ কৰা হৈছে। চৰকাৰী বিবৃতিটোত কোৱা হৈছিল, “ৰাজ্যিক আৰক্ষীয়ে কেন্দ্ৰীয় নিৰাপত্তা সংস্থাসমূহৰ সহযোগত তেওঁলোকৰ নিৰুদ্দেশ হোৱাৰ পৰিস্থিতি নিৰ্ধাৰণ কৰিবলৈ আৰু ছাত্ৰ দুজনক হত্যা কৰা অপৰাধীসকলক চিনাক্ত কৰিবলৈ গোচৰটোৰ সক্ৰিয় তদন্ত কৰি আছে। নিৰাপত্তাৰক্ষীয়ে অপৰাধীসকলক ধৰিবলৈ তালাচী অভিযানো আৰম্ভ কৰিছে।”

মুখ্যমন্ত্ৰীৰ পত্নীৰ ৰাজসাহাৰ্য্য প্ৰসংগ। প্ৰধানমন্ত্ৰীক অভিযোগ সাংসদ গৌৰৱ গগৈৰ…

প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ ৰাজসাহাৰ্য্যৰ ঘটনা পালেগৈ প্ৰধানমন্ত্ৰীৰ কাষ। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মালিকাধীন প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডক কেন্দ্ৰীয় খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ে ১০ কোটি ৰাজসাহাৰ্য্যৰ বাবে অনুমোদন দিছিল। এই বিষয়ে সাংসদ তথা লোকসভাৰ উপ দলপতি গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টি আকৰ্ষণ কৰি এক পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত গগৈয়ে ২০২৩ বৰ্ষৰ ২২ মাৰ্চত এই তথ্য কেন্দ্ৰীয় খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ৰ মন্ত্ৰী পীয়ূষ গোৱেলে দাঙি ধৰা বুলিও উল্লেখ কৰে। একেদৰে তথ্যৰ ক্ৰমিক নম্বৰ ৭ত স্পষ্ট ভাবে প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ নাম উল্লেখ থকা বুলিও সাংসদ গগৈয়ে পত্ৰখনত উল্লেখ কৰে।

এখন ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰীৰ পত্নীয়ে ৰাজসাহাৰ্য্য পোৱা বিষয়টোৰ সন্দৰ্ভত সাংসদ গৰাকীয়ে প্ৰধানমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি উল্লেখ কৰে যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ১৪ ছেপ্টেম্বৰত এক্স যোগে বিজেপিৰ সকলো সদস্য নেতাই ৰাজসাহাৰ্য্য পোৱাৰ যোগ্যতাৰ ওপৰত মন্তব্য দিয়াৰ বিষয়েও পত্ৰখনত উল্লেখ কৰে। উল্লেখ্য যে কৃষিভূমি উদ্যোগ ক্ষেত্ৰলৈ পৰিবৰ্তন কৰি ৰিণিকি ভূঞা শৰ্মাই ৫০ বিঘা ভূমি ক্ৰয় কৰাৰ লগতে কেন্দ্ৰৰ পৰা বুজন পৰিমাণৰ ৰাজসাহাৰ্য্য পোৱাৰ অভিযোগ উত্থাপিত হৈছিল। আনহাতে ৰিণিকি ভূঞা শৰ্মাই কামৰূপ মহানগৰ দেৱানী আদালতত সাংসদ গৌৰব গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে। সাংসদ গগৈৰ অভিযোগ পত্ৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেনেধৰণে গ্ৰহন কৰে সেয়া সময়ত পোহৰলৈ আহিব।

পুনৰ এছিয়ান গেমছত স্বৰ্ণ জয় ভাৰতৰ…

পুনৰ এছিয়ান গেমছত স্বৰ্ণ জয় ভাৰতৰ।

শ্বুটিঙত সোণৰ পদক অৰ্জন ভাৰতীয় মহিলা টীমৰ।

২৫ মিটাৰ পিষ্টল টীম ইভেণ্টত স্বৰ্ণ জয় মানু ভাকেৰ, ৰিদম চাংৱান, ঈশা সিঙৰ।

ডেংগুৱে কাঢ়িব পাৰে আপোনাৰ জীৱন! ঘৰত নিম, তুলসী আৰু নাৰ্জি ফুলৰ পুলি ৰোপণ কৰক…

ডেংগু ইমানেই বিপদজনক জ্বৰ যে অলপ অসাৱধানতা হ’লেই যিকোনো ব্যক্তিৰ মৃত্যু হ’ব পাৰে। ইয়াৰ পৰা হাত সাৰিবলৈ আজি আমি আপোনালোকক ৩ টা বিশেষ টিপছ দিম। আজিকালি ডেংগুকে ধৰি জ্বৰৰ ৰোগী দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ কাৰণ বতৰৰ আৰ্দ্ৰতা আৰু বহু ঠাইত পানী জমা হোৱা, যাৰ বাবে মহে কণী পৰাৰ সুযোগ লাভ কৰিছে। ইয়াৰ ভিতৰত ডেংগু এক অতি বিপজ্জনক ৰোগ, য’ত কিছুমান বস্তুৰ বিশেষ যত্ন লোৱা নহ’লে ৰোগীজনৰ মৃত্যুও হ’ব পাৰে। ইয়াৰ পৰা হাত সাৰিবলৈ আজি আমি আপোনালোকক এনে ৩ টা মহ বিকৃত উদ্ভিদৰ বিষয়ে জনাম যি কেইটা গছ পুলি আপুনি ঘৰতে ৰোপণ কৰিলে কোনো চিন্তা নকৰাকৈ শান্তিৰে শুব পাৰিব।


নিম গছক আয়ুৰ্বেদিক গুণৰ খনি বুলি কোৱা হয়। নিমত বহুতো ঔষধি গুণ আছে, যিয়ে বহু ৰোগ সোনকালে নিৰাময় কৰিব পাৰে। মহ প্ৰতিৰোধৰ ক্ষেত্ৰতো ই অতি উপযোগী। ঘৰৰ চাৰিওফালে নিম গছ ৰোপণ কৰিলে মহ আপোনাৰ ঘৰৰ পৰা আঁতৰত থাকিব। ইয়াৰ কাৰণ হ’ল নিম গছৰ তিতা আৰু ইয়াৰ সুগন্ধি, যাৰ বাবে মহ পলাই যায়।

সনাতন ধৰ্মত তুলসী উদ্ভিদক আটাইতকৈ পবিত্ৰ বুলি গণ্য কৰা হয়। ইয়াৰ লগতে ইয়াত বহুতো ঔষধি গুণও থাকে। এই গছজোপা আপুনি সহজেই এটা পাত্ৰত, আপোনাৰ ঘৰৰ খিৰিকী, বাৰাণ্ডা বা বেলকনিৰ ওচৰত, যিকোনো ঠাইত ৰোপণ কৰিব পাৰে। মহ-মাখিকে ধৰি সকলো পোক-পৰুৱা এই উদ্ভিদৰ পৰা আঁতৰি থাকে। এই গছজোপা ঘৰতে ৰোপণ কৰি শান্তিৰে শুব পাৰিব।

আপুনি নিশ্চয় সকলো শুভ কামত প্ৰায়ে নাৰ্জি ফুল ব্যৱহাৰ কৰিছিল, কিন্তু অতি কম সংখ্যক লোকেহে জানিব যে নাৰ্জি ফুল ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়। আচলতে মেৰিগল্ডৰ পাত আৰু ইয়াৰ ফুলৰ সুগন্ধি মহে সহ্য কৰিব নোৱাৰে। ইয়াৰ বাবে মহে য’তেই হয় তাতে নাৰ্জি ফুলৰ গছ ৰোপণ কৰিব লাগে।

কুমাৰীকাটাত বিপিএফ দলত যোগদান ডেৰ সহস্ৰাধিকৰ ! লোকসভা নিৰ্বাচনত দুটা সমষ্টিত আমি নিজাববীয়াকৈ প্ৰাৰ্থীত্ব আগবঢ়াম — হাগ্ৰামা মহিলাৰী…

প্ৰমোদ বড়োৰ বাজেট দুটা । এটা ৰাইজক দেখুওৱা বাজেট আৰু আনটো তেওঁৰ গোপন বাজেট। সেইকাৰণে তেওঁ দিছপুৰক হিচাপ দিব নোৱাৰে — এই ভাষ্য বিপিএফ দলৰ সভাপতি তথা প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ । তামুলপুৰ জিলা বিপিএফৰ অন্তৰ্গত দৰঙাজুলি আৰু নাগ্ৰীজুলি ব্লক বিপিএফৰ উদ্যোগত কুমাৰীকাটা দুৰ্গা মন্দিৰ বাকৰিত অনুষ্ঠিত এক যোগদান সভাত অংশগ্ৰহণ কৰি মহিলাৰীয়ে এই মন্তব্য আগবঢ়ায় । মহিলাৰীয়ে পুনৰ কয় প্ৰমোদ বড়োৱে ৰাইজৰ উন্নয়নৰ বাবে ধন খৰছ নকৰে । নিজৰ পকেটত সোমোৱাৰ বাবেহে চিন্তা কৰে । ভাষণত তেওঁ আকৌ কয় আমাৰ চৰকাৰ যেতিয়া হব প্ৰথম উচ্ছেদৰ জাননী বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীক দিয়া হব। তামুলপুৰ জিলা বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে আঁত ধৰা সভাখনত তেওঁ কয় যে আজি বিপিএফ দলত যোগদান কৰা লোকসকলক মই উষ্ম আদৰণি জনাইছোঁ ।

আজি যোগদান কৰা সৰহ সংখ্যক লোক ইউপিপিএল দলৰ । সাম্প্ৰতিক সময়ত বিপিএফ দল শক্তিশালী হৈ উঠা বুলি মন্তব্য কৰি মহিলাৰীয়ে
আগন্তুক লোকসভা নিৰ্বাচনত দৰং-ওদালগুৰি আৰু কোকৰাঝাৰত নিজাববীয়াকৈ প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি পুনৰ স্পষ্ট কৰি দিয়ে । তেওঁ কয় কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত আমাৰ দলীয় সিদ্ধান্ত লোৱা হৈছে যে আমি কাৰো লগতেই মিত্ৰতা নকৰো।
ইপিনে সভাৰ অন্তত সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিপিএফ দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইমানুৱেল মুছাহাৰী বিপিএফ দললৈ প্ৰত্যাৱৰ্তন কৰাৰ সম্ভাৱনাৰ খবৰ চলি থকা বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত হাগ্ৰামা মহিলাৰীয়ে কয় কেৱল ইমানুৱেল মুছাহাৰীয়েই নহয় এনে বহু শীৰ্ষ নেতা অচিৰেই বিপিএফ দলত পুনৰ যোগদান কৰিব । সভাত উপস্থিত থাকি বিপিএফ দলৰ উপ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য খামফা বৰগয়াৰীয়ে কয় বিটিচিৰ ৪০ টা পৰিষদীয় সমষ্টিত বিপিএফ দলত যোগদান চলি আছে । বিভিন্ন দল ত্যাগ কৰি বহু লোকে বিপিএফ দলত যোগদান কৰি আছে । বিটিচিত হাগ্ৰামা মহিলাৰীৰ চৰকাৰ দৰকাৰ বাবেই এনেধৰণে বিপিএফ দলত বিভিন্ন দল সংগঠন ত্যাগ কৰি যোগদান কৰিছে ।

ৰাইজে এতিয়া উপলব্ধি কৰিছে যে বিটিচিত হাগ্ৰামা মহিলাৰীৰ চৰকাৰ অতি প্ৰয়োজন । ভাষণত তেওঁ পুনৰ কয় বিপিএফ দলেই একমাত্ৰ দল যি দলে কোনো ধৰ্মক বেয়া নাপায় কোনো ভাষাক বেয়া নাপায় । বিপিএফ দলৰ ধৰ্ম এক — ভাষা এক । ভাষণত তেওঁ বৰ্তমানৰ চৰকাৰখনক সমালোচনা কৰি কয় বিগত তিনিটা বছৰত এইখন চৰকাৰে বিটিচিৰ একো উন্নয়নমূলক কাম কৰিব নোৱাৰিলে । সভাত বিপিএফ দলৰ সংখ্যালঘু কোষৰ সভাপতি চুলতান আলমেও ভাষণ ৰাখে । সভাত বিপিএফ দলৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন বিধায়ক মনেশ্বৰ বড়ো , দলৰ উপ সভাপতি ৰবিলোচন মোছাহাৰী , বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ চৰকাৰ , গণেশ কছাৰী , দলৰ সম্পাদক প্ৰবীণ দাস , প্ৰদীপ দত্ত আদিকে ধৰি কেইবাজনো নেতা আৰু সহস্ৰাধিক ৰাইজ উপস্থিত থাকে । আজিৰ এই সভাতেই দৰঙাজুলি পৰিষদীয় সমষ্টিৰ ৮২৪ আৰু নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ ৭৭০ মুঠ ১৫৯৪ জনে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে ।

নলবাৰী অল ইণ্ডিয়ান ডেম’ক্ৰেটিভ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন…

শিক্ষাৰ ব্যৱসায়ীকৰণৰ হাতিয়াৰ আৰু প্ৰাণসত্তা ধ্বংসকাৰী “জাতীয় শিক্ষা নীতি – ২০২০ বাতিল কৰা আৰু ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষা কৰা”ৰ দাবীত ছাত্ৰ সংগঠন অল ইণ্ডিয়ান ডেম’ক্ৰেটিভ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন (এ আই ডি এছ অ’)ৰ অসম ৰাজ্যিক কমিটীয়ে ২০ ৰ পৰা ২৬ ছেপ্টেম্বৰলৈকে আহ্বান জনোৱা ৰাজ্যিক প্ৰতিবাদী সপ্তাহৰ লগত সংগতি ৰাখি এ আই ডি এছ অ’ নলবাৰী জিলা কমিটীৰ উদ্যোগত আজি পুৱা ৮.৩০ বজাত ছাত্ৰ-ছাত্ৰীয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয় । নলবাৰীৰ বিভিন্ন বিদ্যালয় তথা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ছাত্ৰ ছাত্ৰীসকলে ” জাতীয় শিক্ষা নীতি – ২০২০” বাতিল কৰক , ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰা নচলিব, চৰকাৰী বিদ্যালয় – মহাবিদ্যালয় বন্ধ কৰি দুখীয়া ঘৰৰ ছাত্ৰ – ছাত্ৰীক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা নচলিব, ১১,৩৬৮ খন স্কুল কাৰ স্বাৰ্থত বন্ধ কৰিব লৈছে চৰকাৰ প্ৰশাসন জবাব দিয়ক, চৰকাৰী স্কুল , কলেজসমূহত অবিলম্বে প্ৰয়োজন অনুসৰি শিক্ষক নিযুক্তি দিয়ক , অবিলম্বে অষ্টম শ্ৰেণীলৈকে পাছ ফেইল প্ৰথা প্ৰৰ্বতন কৰক ” আদি শ্ল’গান প্ৰদান কৰি নলবাৰী চহৰৰ পৰিবেশ উত্তাল কৰি তোলে । প্ৰতিবাদ স্থলীত এখনি প্ৰতিবাদী সভা ও অনুষ্ঠিত কৰা হয় ।

সংগঠনৰ ৰাজ্যিক সভাপতি প্ৰজ্জ্বল দেৱে ছাত্ৰ – ছাত্ৰীক সম্বোধন কৰি কয় যে জাতীয় শিক্ষা নীতি — ২০২০ ৰ পুংখানুপুংখ বিশ্লেষণ কৰিলে এই কথা দিনৰ পোহৰৰ দৰে স্পষ্ট যে ইয়াৰ যোগেদি ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ যিখিনি অৱশিষ্ট আছিল সেয়া ধ্বংস কৰা হব আৰু শিক্ষাৰ ব্যৱসায়ীকৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰা হ’ব । শিক্ষাৰ যোগেৰে ছাত্ৰ ছাত্ৰীসকলক যুক্তিবাদী, বৈজ্ঞানিক , প্ৰগতিশীল আধুনিক চিন্তা ভাবনাৰ লগত চিনাকী কৰি দিয়াৰ যিখিনি সুযোগ আছিল সেয়াও ধূলিসাৎ কৰা হ’ব বৰং যুক্তিহীন, ধৰ্মীয় গোঁড়ামী থকা ফেচীবাদী মন থকা মানুুহৰ জন্ম দিয়া হব । তেওঁ আৰু কয় যে নতুন জাতীয় শিক্ষা নীতিয়ে কোনোক্ৰমে তিষ্ঠি থকা চৰকাৰী স্কুলসমূহত প্ৰয়োজন অনুসৰি শিক্ষক নিযুক্তি দিয়া,

উপযুক্ত আন্তঃগাঁথনি গঢ়ি তোলা আৰু প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পাছ ফেইল প্ৰথা পুনৰ প্ৰৰ্ৱতন কৰাৰ যোগেদি ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষা কৰাৰ সলনি ক্লোজাৰ আৰু মাৰ্জাৰ প্ৰক্ৰিয়াৰ যোগেদি স্কুল বন্ধ কৰাৰ পোষকতা আগবঢ়াইছে । আজি অসম চৰকাৰে ৯০০০ তকৈ অধিক স্কুল বন্ধ কৰাৰ পাছত আৰু ১১৩৬৮ টা স্কুল বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অথচ ৰাইজৰ অশেষ ত্যাগ, পৰিশ্ৰম আৰু সপোনৰ ফচল হেজাৰ হেজাৰ চৰকাৰী খণ্ডৰ স্কুল বন্ধ কৰাৰ অনিবাৰ্য পৰিণতিৰ ফলত অহাদিনত দুখীয়া ঘৰৰ লৰা ছোৱালীৰ শিক্ষাৰ সুযোগ চিৰতৰে বিলুপ্ত হব । তেওঁ ৰাজহুৱা শিক্ষা ব্যৱস্থা বিৰোধী জাতীয় শিক্ষা নীতি ২০২০ বাতিল কৰাৰ স্বাৰ্থত দীৰ্ঘম্যাদী তীব্ৰ শৈক্ষিক আন্দোলন গঢ়ি তোলাৰ বাবে ৰাজ্যৰ সৰ্বস্তৰৰ ছাত্ৰ, শিক্ষক আৰু অভিভাৱকসকলক আহ্বান জনায় ।

অসম দিব্যাংগ জ্যোতি মহোৎসৱৰ সামৰণী…

অসম দিব্যাংগ জ্যোতি মহোৎসৱৰ সামৰণী

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক দিব্যাংগৰ অংশগ্ৰহণ, মঞ্চত দিব্যাংগ শিশুৰ সৈতে গান গালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই

গুৱাহাটীত যোৱা ২৩ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত অসম দিব্যাংগ জ্যোতি মহোৎসৱ ২০২৩ ৰ কালি সামৰণি পৰে। এই উপলক্ষে গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ প্ৰকল্পত এটা সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়। সামৰণি অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰি দিব্যাংগ ল’ৰা-ছোৱালীৰ সৈতে কথা পতাৰ লগতে কোনো প্ৰত্যাহ্বানে দিব্যাংগসকলৰ উৎসাহ আৰু উদ্যমক কেতিয়াও দমন কৰিব নোৱাৰে বুলি মত প্ৰকাশ কৰে। বিভিন্ন ঠাইৰ দুই শতাধিক দিব্যাংগ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠানত কন কন দিব্যাংগ শিশুৱে গীত-মাত পৰিৱেশন কৰে। বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ আৰু কুদৰতৰ উদ্যোগত তথা ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ সহযোগত অনুষ্ঠিত এই মহোৎসৱৰ সামৰণি অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী অৰূপ জ্যোতি বৰুৱাই প্ৰস্তুত কৰা অসম দিব্যাংগ জ্যোতি মহোৎসৱৰ শীৰ্ষ গীতটি শিল্পীগৰাকীয়ে দিব্যাংগ শিশুৰ সৈতে একেলগে পৰিৱেশন কৰে। এই কাৰ্যসূচীত মন্ত্ৰী গৰাকীয়েও অংশ লয়।

তেওঁ বঁটা বিতৰণী অনুষ্ঠানতো অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ শুভাৰম্ভ কৰে এলেন প্ৰ’ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জয় জৈনে। অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী পদ্মনাভ বৰদলৈ আৰু অলংকৃতা-ৰূপাংকৃতা যুতিয়ে গীত পৰিৱেশন কৰে। অনুষ্ঠানত অসম দিব্যাংগ নাট্য বিদ্যালয়ৰ শিশুসকলে আৰু যোৰহাটৰ আন এটা দৃষ্টিহীন শিশুৰ দলে নাট প্ৰদৰ্শন কৰাৰ লগতে বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী সবিতা শইকীয়া আৰু বিশ্বজিৎ বৰুৱাৰ নেতৃত্বত নগাঁৱৰ এটা দলে সত্ৰীয়া নৃত্য পৰিৱেশন কৰে। অনুষ্ঠানত আশানীৰ, ঈশা স্কুল, জ্যোতি নিকেতন, সহায়িকা, সৰস্বতী বাগধ্বনি, পাছ, প্ৰজন্ম, শংকৰ মিছন দৃষ্টিহীন বিদ্যালয়, বঢ়মপুৰ, কটন বিশ্ববিদ্যালয় আদি কেইবাটাও শিক্ষানুষ্ঠান আৰু বেচৰকাৰী সংস্থাৰ লগতে ব্যক্তিগতভাৱেও দিব্যাংগ শিশুৱে মহোৎসৱত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে মহোৎসৱৰ ক্ৰীড়া প্ৰতিযোগিতাসমূহৰ পুৰস্কাৰসমূহ ঘোষণা কৰা হয়। সমগ্ৰ অনুষ্ঠানটো সূচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত গুৱাহাটীৰ হোটেল ৰাজমহল আৰু সূৰুযমল জোহৰমল চাংগানেৰিয়া ধৰমশালা ট্ৰাষ্টে সহায়ৰ হাত আগবঢ়ায়।

ইয়াৰ পূৰ্বে ২৪ ছেপ্টেম্বৰত গুৱাহাটী মহানগৰীৰ ভৰলুৰ ঈদগাহ ফিল্ডত দিব্যাংগসকলৰ মাজত বিভিন্ন খেল অনুষ্ঠিত হয়। প্ৰতিযোগিতাত দৃষ্টিহীন ক্ৰিকেট টুৰ্ণামেণ্ট, ডবা, শ্বট পুত, কেৰম, দৌৰ, চকী খেল, পাৰ পানী, চামুচত মাৰ্বল লৈ দৌৰ, চকলেট দৌৰ, দৃষ্টিহীনৰ ডবা, বছি গেম, ছফট বল, ছবি অঁকা, ৰছী টনা আৰু বেজীত সূতা ভৰোৱা খেল অনুষ্ঠিত হয়। উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ লগতে যোৰহাট, নগাঁও, মৰিগাঁও, বৰপেটা, নলবাৰী, ধেমাজি আৰু বিভিন্ন ঠাইৰ পৰা খেলুৱৈ আহি মহোৎসৱৰ সকলো কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোছাই অসম দিব্যাংগ জ্যোতি মহোৎসৱ ২০২৩ৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানতে ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ নগাঁৱৰ চিমু দাসক অসম দিব্যাংগ ৰত্ন বঁটা প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে ২০১৭ চনৰ পৰাই কেয়াৰ ইউ ৩৬৫ এ দিব্যাংগসকলৰ সৰ্বাংগীন বিকাশ আৰু তেওঁলোকৰ মাজত থকা প্ৰতিভাসমূহক এখন মঞ্চ প্ৰদান কৰাৰ বাবে কাম কৰি আহিছে। দিব্যাংগ লোকসকলো যে আমাৰ সমাজৰে এটা অংশ আৰু তেওঁলোকেও যাতে মুক্তভাৱে সপোন দেখিব পাৰে সেই মহৎ উদ্দেশ্য আগত ৰাখি সংস্থাই দৃষ্টিহীনসকলৰ মাজত ক্ৰিকেট আৰু অন্যান্য খেল অনুষ্ঠিত কৰাৰ লগতে এই মহোৎসৱত দিব্যাংগসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰোৱা হয়। এইবাৰো এই মহোৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃষ্টিহীন ল’ৰা-ছোৱালীৰ শিক্ষানুষ্ঠান আৰু অন্য অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা কিশোৰ কিশোৰী আহি অনুষ্ঠানত ভাগ লৈছে।

কাজিৰঙা বিশ্ববিদ্যালয়ৰ স্বত্বাধিকাৰী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী বসন্ত খেতানৰ কাৰ্যালয় আৰু বাসগৃহত আয়কৰ বিভাগৰ অভিযান…

যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ৰ স্বত্বাধিকাৰী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী বসন্ত খেতানৰ কাৰ্যালয় আৰু বাসগৃহত মঙলবাৰে পুৱাৰে পৰা আয়কৰ বিভাগৰ এটা দলে অভিযান চলাইছে।

আয়কৰ বিভাগৰ দলটোৱে বিশিষ্ট ব্যৱসায়ীগৰাকীৰ নগৰৰ চেউনি আলিস্থিত বাসগৃহ তথা নিকন পাৱাৰ এণ্ড ইনফ্ৰা লিমিটেডৰ কাৰ্যালয়ত বিভিন্ন নথিপত্ৰ পৰীক্ষা কৰিছে।

যোৰহাটৰ লগতে ব্যৱসায়ীগৰাকীৰ গুৱাহাটী আৰু জয়পুৰস্থিত কাৰ্যালয়টো আয়কৰ বিভাগৰ দলে অভিযান চলাইছে।