Home Blog Page 1347

দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত গঠন কৰা উচ্চ-পৰ্যায়ৰ সমিতিৰ নতুন দিল্লীত প্ৰাৰম্ভিক বৈঠক অনুষ্ঠিত…

দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰা সম্পৰ্কীয় বিষয়টো পৰীক্ষা কৰিবলৈ আৰু সেই বিষয়ত পৰামৰ্শ দিবলৈ ২ ছেপ্টেম্বৰ ২০২৩ তাৰিখে জাৰি কৰা জাননীৰ ভিত্তিত গঠিত উচ্চ-পৰ্যায়ৰ সমিতিয়ে ইয়াৰ প্ৰাথমিক বৈঠকখন ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত অনুষ্ঠিত কৰে। অমিত শ্বাহ, কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী ; অৰ্জুন ৰাম মেঘৱাল, ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) আইন আৰু ন্যায় মন্ত্ৰালয়, ৰাজ্যসভাৰ প্ৰাক্তন বিৰোধী দলপতি শ্ৰী গুলাম নবী আজাদ, পঞ্চদশ বিত্ত আয়োগৰ প্ৰাক্তন অধ্যক্ষ এন কে সিং, লোকসভাৰ প্ৰাক্তন মহাসচিব ডঃ সুভাষ চি কাশ্যপ, প্ৰাক্তন মুখ্য তদাৰকী আয়ুক্ত সঞ্জয় কোঠাৰীয়ে বৈঠকত অংশগ্ৰহণ কৰে। জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভেই বৈঠকত ভাৰ্চুৱেলা যোগদান কৰে। বিৰোধী দলৰ একক বৃহত্তম দলৰ নেতা শ্ৰী অধীৰ ৰঞ্জন চৌধুৰী বৈঠকত উপস্থিত নাছিল।

উচ্চ পৰ্যায়ৰ সমিতিৰ সদস্যসকলক আদৰণি জনাই সমিতিখনৰ অধ্যক্ষ ৰামনাথ কোবিন্দে বৈঠকৰ কাৰ্যসূচীৰ বিষয়ে বিতংকলৈ বৰ্ণনা কৰে৷ সমিতিখনৰ কাম-কাজৰ পদ্ধতিৰ কথা উল্লেখ কৰি সমিতিখনে স্বীকৃত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল, ৰাজ্যসমূহত চৰকাৰ থকা ৰাজনৈতিক দল, সংসদত প্ৰতিনিধি থকা ৰাজনৈতিক দলসমূহ, দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ত পৰামৰ্শ/মতামত বিচৰাৰ বাবে অন্যান্য স্বীকৃত ৰাজ্যিক ৰাজনৈতিক দলসমূহক আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত লয়। ইয়াৰ উপৰি, সমিতিখনে ভাৰতৰ আইন আয়োগক দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ত তেওঁলোকৰ পৰামৰ্শ/মতামত ব্যক্ত কৰিবলৈ আমন্ত্ৰণ জনাব।

পুনৰ বহিঃৰাজ্যত অসমীয়া যুৱকক হত্যা ! নাগালেণ্ডৰ মনৰ আংচেঙীয়াত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ…

পুনৰ বহিঃৰাজ্যত অসমীয়া যুৱকক হত্যা। নাগালেণ্ডৰ মনৰ আংচেঙীয়াত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ। অৰ্ধউলংগ অৱস্থাত উদ্ধাৰ সোণাৰিৰ দুই যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ।

মৃতদেহ দুটা ললিত নাওহলীয়া, উৎপল তাছাৰ। ২৩ ছেপ্টেম্বৰত যোগাযোগ বিচ্ছিন্ন হৈছিল দুয়োজনৰ। দুয়োকে হত্যা কৰাৰ সন্দেহ সোণাৰিৰ গাড়ী মালিক-চালক সন্থাৰ।

২২ ছেপ্টেম্বৰত নাগালেণ্ডৰ টবুলৈ গৈছিল দুয়ো। দোকানৰ সা-সামগ্ৰী পৰিবহণ কৰি ২৩ ছেপ্টেম্বৰত ওভতাৰ পথত বিচ্ছিন্ন হৈছিল যোগাযোগ।

কংগ্ৰেছে ৰাজস্থান বিধানসভা নিৰ্বাচনত জিকিব নে? সন্দিহান ৰাহুল গান্ধী…

ৰাজস্থান বিধানসভাৰ নিৰ্বাচন সমাগত। এনে সময়তে ৰাহুল গান্ধীয়ে পুনৰ অপৰিপক্কতা দেখুৱাইছে নেকি? নিৰ্বাচনৰ আগতে, তেওঁ স্বীকাৰ কৰিছিল যে কংগ্ৰেছে ৰাজস্থান বিধানসভাত জয়ী হ’ব বুলি দাবী কৰাৰ অৱস্থাত নাই৷ এই বছৰৰ শেষৰ ফালে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাহুল আত্মবিশ্বাসী যে কংগ্ৰেছে মধ্য প্ৰদেশ আৰু ছত্তীশগড়ত জিকিব। আনকি তেলেংগানাতো কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে জয়ী হোৱাৰ বিষয়ে আত্মবিশ্বাসী। কিন্তু কংগ্ৰেছ নেতাজনে নিশ্চিতভাৱে ক’ব নোৱাৰিলে যে তেওঁৰ দলে ৰাজস্থানত জিকিব নে নাই। এক অনুষ্ঠানত, ৰাহুলক আগন্তুক পাঁচখন ৰাজ্যত কংগ্ৰেছৰ সম্ভাৱনাৰ বিষয়ে সোধা হৈছিল।ৰাহুলে কয় “এই মুহূৰ্তত, আমি তেলেংগানাৰ বিধানসভা নিৰ্বাচনত জয়ী হ’ব পাৰোঁ। আমি নিশ্চিতভাৱে মধ্য প্ৰদেশ আৰু ছত্তীশগড়ত জিকিম। আমি ৰাজস্থানত অতি কঠিন যুঁজৰ সন্মুখীন হ‘ম৷ আশা কৰোঁ, শেষত, আমি সেই ৰাজ্যখনো জিকিম। ” পাঁচ খন ৰাজ্যৰ ভিতৰত চাৰি খনতে কংগ্ৰেছে বিজয় নিশ্চিত কৰিব বুলি ৰাহুলে দৃঢ়তাৰে কয়৷ কিন্তু ৰাজস্থানৰ ক্ষেত্ৰত তেওঁৰ দাবী সিমান জোৰদাৰ হোৱা নাই ৷

তাৎপৰ্যপূৰ্ণভাৱে, ৰাহুলে ছত্তীশগড় আৰু মধ্য প্ৰদেশত কংগ্ৰেছ জিকিব বুলি জোৰ দিয়াৰ দৰে, তেওঁ ৰাজস্থানৰ ক্ষেত্ৰত একেদৰে ক‘ব নোৱাৰিলে। ৰাজস্থানৰ ওপৰত তেওঁৰ বিজয়ৰ আস্থা বহুত কমকৈ স্পষ্ট হৈ পৰে।সূত্ৰঅনুসৰি, ৰাহুলৰ ধাৰণাই সঠিক হ’ব পাৰে।

ক্ৰীড়াক্ষেত্ৰত প্ৰতিভা বিকাশৰ এখন মঞ্চ প্ৰদানৰ উদ্দেশ্যে আয়োজন কৰা খেল মহাৰণত অংশগ্ৰহণ কৰিবলৈ গুগল প্লে’ ষ্ট’ৰৰ পৰা এই এপটো ডাউনল’ড কৰি নিজৰ নাম পঞ্জীয়ন কেনেকৈ কৰিব জানক…

ৰাজ্যৰ যুৱক-যুৱতীসকলক ক্ৰীড়াক্ষেত্ৰত প্ৰতিভা বিকাশৰ এখন মঞ্চ প্ৰদানৰ উদ্দেশ্যে আয়োজন কৰা খেল

মহাৰণত অংশগ্ৰহণ কৰিবলৈ গুগল প্লে’ ষ্ট’ৰৰ পৰা ‘Khel Maharan’ এপটো ডাউনল’ড কৰি নিজৰ নাম পঞ্জীয়ন কৰিব পাৰে।

এপ্ ডাউনল’ড কৰিবলৈ ক্লিক কৰক : https://play.google.com/store/apps/details?id=com.dsywassam.app…

১১ – ১৬ অক্টোবৰ উপহাৰ লৈ সাজু চৰকাৰ। শাৰদীয় বতৰত ৰাজ্যবাসকলৈ মেটমৰা সম্ভাৰ…

আহিনৰ কঁহুৱাই দিছে শৰতৰ বতৰা। শাৰদীয় বতৰত ৰাজ্য চৰকাৰো সাজু হৈছে অসমবাসীৰ বাবে মেটমৰা উপহাৰৰ সামগ্ৰী লৈ। ১১ অক্টোবৰৰ ১৬ অক্টোবৰত চৰকাৰ প্ৰদান কৰিব উপহাৰৰ মেটমৰা সম্ভাৰ। ১১ আৰু ১২ অক্টোবৰত ৰাজ্যৰ ৬ লাখ মহিলাক অন্তৰ্ভুক্ত কৰা হব অৰুণোদয় আঁচনিৰ অধীনত। এই সকল হিতাধিকাৰীৰ বেংক একাউন্টত ১০ নবেম্বৰৰ পৰা সুমাব প্ৰতি মাহে ১,২৫০ টকাকৈ। ১৩ অক্টোবৰত অসমৰ নৱম শ্ৰেনীৰ ৩ লাখ ৬৯ হাজাৰ ছাত্ৰ ছাত্ৰীক চৰকাৰে প্ৰদান কৰিব চাইকেল। মন্ত্ৰী বিধায়ক সকলে জিলাই জিলাই গৈ চাইকেল সমূহ প্ৰদান কৰিব ছাত্ৰ ছাত্ৰীক। ১৬ অক্টোবৰত চৰকাৰে মাইক্ৰ’ফাইনেন্সৰ ঋণী সকলক প্ৰদান কৰিব বেংকত ধন আদায় দিবলৈ নথকাৰ প্ৰমান পত্ৰ।

উল্লেখযোগ্য যে মাইক্ৰ’ফাইনেন্স কোম্পানীৰ পৰা ঋণ লৈ ওভোটাই দিবলৈ সক্ষম হোৱা নাছিল লাখ লাখ পৰিয়াল। ৰাজ্য চৰকাৰে ঋণী সকলৰ ধন ওভোটাই দিবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেইমৰ্মে প্ৰথম পৰ্যায়ত ৮ লাখ ঋণীৰ মাজত চৰকাৰে বিতৰণ কৰিছিল ১,৬০০ কোটি টকা। একেদৰে দ্বিতীয় পৰ্যায়ত ১ লাখ ঋণীৰ মাজত বিতৰণ কৰিছিল ১৯০ কোটি টকা আৰু তৃতীয় পৰ্যায়ত ২ লাখ ২২ হাজাৰ ঋণীৰ মাজত বিতৰণ কৰে ২৯১ কোটি টকা। চৰকাৰে মাইক্ৰ’ফাইনেন্স কোম্পানীৰ পৰা ঋণ গ্ৰহণ কৰা ১১ লাখ ২২ হাজাৰ ঋণীক বিতৰণ কৰা ধনৰ পৰিমান ২,০৮১ কোটি টকা। মুঠতে চৰকাৰে দুৰ্গা পুজাৰ প্ৰাকমুহূৰ্তত ৰাজ্যবাসীক উপহাৰ দিবলৈ সাজু হৈ উঠিছে।

আজি চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ পবিত্ৰ উৎসৱ কৰম পূজা…

কৰম পূজা অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত এক সৰ্বজনীন, জনপ্ৰিয় আৰু তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠান। মুখ্যতঃ ই এক কৃষিভিত্তিক পূজা। কৃষিকাৰ্য্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে এই পূজা পালন কৰা হয়। স্থানভেদে এই পূজা সামান্য অমিল হ’লেও মূলতঃ ইয়াৰ সম্বন্ধ প্ৰকৃতিৰ সৈতে।

পূজাৰ সময়
অসমত কৰম পৰব বা কৰম পূজা বছৰৰ তিনিটা সময়ত আয়োজন কৰা হয়। ভাদ, আহিন আৰু আঘোণ মাহত কৰম পূজা পালন কৰা হয়। ক’ৰবাত তিনি দিন, ক’ৰবাত পাঁচ দিন আৰু ক’ৰবাত সাত দিন ধৰি এই পূজা পালন কৰা হয়। ভাদ মাহৰ শুক্লা-একাদশী তিথিত উদযাপন কৰা কৰম পূজাক ‘ৰাজ কৰম’ বা ‘ৰাজি কৰম’বা ‘ডাল কৰম’ বোলে। আহিন মাহৰ বিজয়া দশমীৰ দিনা উদযাপন কৰা কৰমক ‘বুড়ী কৰম’ বোলে। আকৌ আঘোণ মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰা কৰমক ‘জিতিয়া কৰম’ বোলে।

কৰম জাৱা
কৰম পূজাৰ জাৱা জগোৱা নামৰ অনুষ্ঠানটোৱেই আটাইতকৈ আৱশ্যকীয় আৰু শ্ৰেষ্ঠ অনুষ্ঠান বুলি গণ্য কৰা হয়। ইয়াত মুখ্যতঃ গাভৰুসকলে আগভাগ লয়। এওঁলোকক ‘কৰমতী’ আখ্যা দিয়া হয়। এই পূজাৰ পাঁচ বা সাত দিন মানৰ পৰা ব্ৰতত থাকি ঢোল, তাল, বাঁহী আদি বজাই নৈবেদ্য সহকাৰে নৈৰ ঘাটলৈ গৈ, গা ধুই, আৰতি কৰি, লগত নিয়া নতুন পাচি এটাত সকলোৱে একো আজলিকৈ বালি ভৰাই তাতে কৰমতীসকলে নিয়া মাটিমাহ, বুতমাহ, মগুমাহ, ধান, বজৰা, সৰিয়হ আদি ব্যক্তিগতভাৱে চিন ৰাখি সকলোৱে সিঁচি দিয়ে। নিৰ্দিষ্ট পূজাৰ দিনলৈ মাহ-সৰিয়হ আদিয়ে গঁজালি মেলা অৱস্থাটোক জাৱা বোলা হয়। শুক্লা একাদশী তিথিত পৰম আৰাধ্য দেৱতাক স্মৰণ কৰি পূজা আৰম্ভ কৰা হয়। এই পূজাত মূলতঃ ধৰ্ম আৰু কৰ্মৰ জৰিয়তে মানৱ জীৱনৰ উৎকৰ্ষ সাধন কৰিবলৈ বিচৰা হয়।

এতিয়া শেৱালিৰ বতৰ ! শেৱালি ফুলৰ কেইটামান বিশেষ ঔষধীয় গুণাগুণৰ বিষয়ে জানক…

শেৱালি ফুলৰ বৈজ্ঞানিক নাম “Adansoniya Digitata” । ইয়াক হিন্দি ভাষাত পাৰিজাত বুলি জনা যায় । সেই পাৰিজাত যাক ভগবান শ্ৰীকৃষ্ণই দেৱী ৰুক্মিণীৰ বাবে স্বৰ্গৰ পৰা হৰণ কৰি পৃথিবীলৈ লৈ আনিছিল । আন এক প্ৰবাদ অনুসৰি মহাভাৰতীয় যুগত অৰ্জুনে মাতৃ কুন্তীৰ বাবে এই বৃক্ষবিধ উপহাৰ স্বৰুপে মহাদেবৰ পৰা লাভ কৰিছিল বুলিও জনা যায় । অৰ্জুনে পৃথিৱীলৈ অনা সেই বৃক্ষবিধ ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশৰ বাৰাবাংকী জিলাৰ “কিন্তুৰ” নামৰ গাঁৱত আজিও জীৱিত হৈ আছে বুলি এক লোকবিশ্বাস প্ৰচলিত হৈ আছে।

আয়ুৰ্ৱেদিক শাস্ত্ৰসমূহতো শেৱালি ফুলৰ গছক মহামূল্যবান বৃক্ষ বুলি কোৱা হৈছে । অৰ্থাৎ ই কেৱল এবিধ সুন্দৰ তথা সুগন্ধিত ফুলৰ প্ৰজাতি নহয়,ঔষধ হিচাপেও ইয়াৰ বিশেষ মহত্ব আছে । জানো আহক শেৱালি ফুলৰ কেইটামান বিশেষ ঔষধীয় গুণাগুণৰ বিষয়ে…

* শেৱালি ফুল ভাদ মাহৰ পৰা আঘোণ মাহলৈকে ফুলে । ইয়াৰ কুমলীয়া পাতৰ ৰস উলিয়াই মৌজোলৰ লগত সেৱন কৰিলে জ্বৰ-কাহ ভাল হয় ।
* চুলি সৰা,অকালতে চুলি পকা আদি সমস্যাই দেখা দিলে শেৱালি ফুলৰ গুটি ভালকৈ বটি মূৰত লগালে সুফল পোৱা যায় ।
* শেৱালি ফুল কেঁচাকৈ বা শুকুৱাই আঞ্জা কৰি খাব পাৰি । শুকান শেৱালি ফুল দৰিকণা মাছ বা পুঠি মাছৰ লগত থপথপীয়াকৈ ৰন্ধা আঞ্জা খাবলৈ বৰ তৃপ্তিদায়ক । ইয়াৰ দ্বাৰা পাচনশক্তি বৃদ্ধি হয় ।


* শৰৎ কালত শেৱালি ফুলৰ পাতৰ ৰস নিয়মীয়াকৈ সেৱন কৰিলে তেজ পৰিষ্কাৰ হয় ।
* শেৱালি গছৰ ফুল আৰু পাতে বায়ু পৰিষ্কাৰ কৰে । মানুহৰ ঘৰ-বাৰীত শেৱালি ফুল,মহানিমৰ গছ আৰু কলা তুলসীৰ গছ থাকিলে কেতিয়াও বায়ু প্রদূষণ নহয় । লগতে বসন্ত আদি ৰোগ নহয় বুলিও কোৱা হয় ।
* হাড়ৰ বিষত ভুগিলে শেৱালি ফুলৰ পাতবিলাক অত্যাধিক তাপত তেতিয়ালৈকে গৰম কৰিব লাগে, যেতিয়ালৈকে পানীৰ মাত্ৰা আধা হৈ নাযায় । এতিয়া পাত্রত ৰৈ যোৱা পাতবোৰ উলিয়াই বাকী থকা পানীখিনি ঔষধ হিচাপে প্ৰয়োগ কৰিব পাৰি । এই ঔষধ ৰাতিপুৱা এটা সৰু গিলাচত লৈ সেৱন কৰা উচিত। অৱশ্যে এই ক্ষেত্ৰত টেঙা খোৱাৰ পৰা বিৰত থাকিব লাগে । নহলে ঔষধৰ প্ৰভাৱ শূণ্যৰ সমান হৈ পৰে।

আলিয়া ভাটৰ দৰে গোলাপী ওঁঠ বিচাৰে নেকি? কৰক এই ৪টা কাম কাম…

যদি আপোনাৰ প্ৰাকৃতিকভাৱে গোলাপী ৰঙৰ ওঁঠ দুটা ৰং সলনি হোৱাৰ বাবে বেয়া দেখিছে তেন্তে চিন্তাৰ কোনো প্ৰয়োজন নাই। প্ৰাকৃতিকভাৱে গোলাপী ৰঙৰ ওঁঠ দুটাও কিছুমান ঘৰুৱা উপায়ৰ সহায়ত পুনৰ লাভ কৰিব পাৰি।আপুনি নিশ্চয় প্ৰায়ে ওঁঠৰ ক’লাক লিপষ্টিকেৰে ঢাকিবলৈ চেষ্টা কৰে। যদি আপুনিও বলীউডৰ অভিনেত্ৰী আলিয়া ভাটৰ দৰে প্ৰাকৃতিকভাৱে গোলাপী ৰঙৰ ওঁঠ পাব বিচাৰে, তেন্তে চিন্তা কৰাৰ পৰিৱৰ্তে আপুনি কিছুমান সহজ ঘৰুৱা পদ্ধতি ব্যৱহাৰ কৰিব পাৰে…


প্ৰথমে ওঁঠ দুটা কিয় ক’লা হৈ পৰে জানো আহক-

১) আঘাতৰ ফলত তেজ জমা হোৱা
২) ভিটামিনৰ অভাৱ
৩) তেজত চুগাৰৰ মাত্ৰা কম
৪/ চাইট’টক্সিক ঔষধ
৫/ এডিচন ৰোগ
৬/ গৰ্ভাৱস্থা

শৰীৰত জলসিঞ্চিত কৰি ৰাখিবলৈ যিমান পাৰি পানী খাব লাগে। ইয়াৰ ফলত ওঁঠ শুকান নহয় আৰু ফাটি নাযায়। ইয়াৰ উপৰিও ওঁঠৰ ৰং সলনি হোৱাটোও নাইকিয়া হৈ যাব।

ঘৰত থকা এলোভেৰাৰ পাত ছিঙি তাৰ পৰা জেল উলিয়াই লওক, এতিয়া এটা বাটিত মৌৰ লগত মিহলাই ওঁঠত লগাওক। এতিয়া ১৫ মিনিট ৰাখি শেষত পৰিষ্কাৰ পানীৰে ওঁঠ ধুব। ইয়াৰ ফলত ওঁঠ দুটা কোমল আৰু গোলাপী হৈ পৰে।

প্ৰথমে বুটমাহৰ বাকলি আঁতৰাই তাৰ ৰস উলিয়াই লওক। আঙুলিৰ সহায়ত ওঁঠত লগালে ১৫ মিনিট ৰাখিব। পিছত ধুব। সপ্তাহত দুবাৰ এই কাম কৰিলে ফলাফল পাব পাৰে। বুটমাহত উপস্থিত থকা প্ৰাকৃতিক বুৰ্গাণ্ডী ৰঙে আপোনাৰ ওঁঠ দুটা কোমল আৰু গোলাপী কৰি তোলাত সহায় কৰে।

নেপকিন বা টুথব্ৰাছ তিয়াই ওঁঠ দুটা লাহে লাহে ধুব। ই মৰা ছাল আৰু ওঁঠৰ বাহিৰৰ শুকান তৰপটো আঁতৰাই পেলায়, লগতে তেজৰ সঞ্চালনও উন্নত কৰে। কোমল গোলাপী ওঁঠৰ বাবে সদায় ৰাতি নাৰিকল তেল লগাব লাগে।


বৰচিলা কণপাই বৰদলৈ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ নৱাগত আদৰণি সভা…

মৰিগাঁও জিলাৰ বৰচিলাৰ কনপাই বৰদলৈ মহাবিদ্যালয় আৰু বৰচিলা কনপাই বৰদলৈ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ নৱাগত আদৰণি সভাখন দেওবাৰে দিন জোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায়। অঞ্চলটোৰ বিশিষ্ট সমাজ সেৱিকা জানকী হীৰাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাত শিলপুখুৰী মৌজাৰ বিশিষ্ট সমাজ কৰ্মী তথা কনপাই বৰদলৈ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক ৰমেশ চন্দ্ৰ বৰদলৈ উপস্থিত থাকি সকলো ছাত্ৰ ছাত্ৰীক ভালদৰে লিখা পঢ়া কৰি সু-খ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰতিযোগিতাৰ যুগত ফেৰ মাৰিবলৈ অধিক অধ্যয়নৰ প্ৰয়োজন আছে বুলি তেওঁৰ ভাষণত কয়।

দেওবাৰে এই নৱাগত আদৰণি সভা খনত তিৱা স্বায়ত্ব পৰিষদৰ সদস্য তথা সমাজকৰ্মী চম্পেশ্বৰ বৰদলৈ আৰু সমাজকৰ্মী মতিৰাম বৰদলৈয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। মুকলি সভাখনত পৰিচালনা সমিতিৰ সভাপতি কৃষ্ণকান্ত বৰদলৈ,অসম ৰাজ্যিক সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিৰ কাৰ্যাকৰি সভাপতি জালাল উদ্দিন আহমেদ, উপ-সভাপতি আবুল হুছেইন, প্ৰবক্তা হেমন্ত খাঠনিয়াৰ, আছফিয়াচুলতানা,ৰহমত উল্লাহ আৰু মজিবুৰ ৰহমান উপস্থিত আছিল। মুকলি সভাৰ পিছতেই সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয়।

ফুটবলৰ নীতি নিয়মক লৈ গুৱাহাটী ক্ৰীড়া সন্থাৰ ৰেফাৰী ছেমিনাৰ…

ফুটবলৰ নীতি নিয়মক লৈ গুৱাহাটী ক্ৰীড়া সন্থাৰ ৰেফাৰী ছেমিনাৰ

গুৱাহাটী ক্ৰীড়া সন্থাই ইয়াৰ ২০২৩-২৪ৰ বি আৰু চি ডিভিজন ফুটবল লীগ আৰম্ভ কৰাৰ পূৰ্বে ইয়াৰ অধীনৰ ৰেফাৰীসকলৰ লগতে ক্লাবসমূহক ফুটবলৰ শেহতীয়া নীতি নিয়ম সম্পৰ্কে অৱগত কৰিবলৈ আজি এখন আলোচনাচক্ৰৰ আয়োজন কৰে ৷ সন্থাৰ আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পত থকা কাৰ্যালয়ত আয়োজিত এই আলোচনাচক্ৰত ফুটবলৰ শেহতীয়া নীতি নিয়ম, ৰেফাৰীৰ ভূমিকা আৰু ক্লাবৰ খেলুৱৈ, প্ৰশিক্ষক, মেনেজাৰৰ দায়িত্ব সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় ৷

ৰেফাৰী সমিতিৰ অধ্যক্ষ যজ্ঞেশ্বৰ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই আলোচনাচক্ৰত সন্থাৰ আজীৱন সদস্য মুনীন নবীশে সকলোকে আদৰণি জনায় আৰু কয় যে ফুটবল খেল পৰিচালনাৰ নীতি-নিয়মলৈ অহা পৰিৱৰ্তনৰ বিষয়ে জানি লোৱাটো অত্যন্ত প্ৰয়োজনীয় ৷ সেয়ে ৰেফাৰীৰ লগতে ক্লাবসমূহৰ বিষয়ববীয়াক লৈ এই আলোচনাৰ আয়োজন কৰা হৈছে ৷ ইয়াৰ পাছতে ৰেফাৰী সমিতিৰ উপাধ্যক্ষ তথা ৰেফাৰীৰ মুৰব্বী দীপক কুমাৰ দেই ফুটবল পৰিচালনাৰ ক্ষেত্ৰত ফিফাই অনা নতুন সংস্কাৰৰ বিষয়ে বিশদভাৱে আলোচনা কৰিবলৈ আৰম্ভ কৰে ৷

তেওঁ ফুটবলৰ নিয়মৰ ক্ষেত্ৰত হোৱা বিভিন্ন নতুন সংযোজনৰ বিষয়ে সভাক অৱগত কৰে ৷ তেওঁ ৰেফাৰী, খেলুৱৈ আৰু ক্লাব কৰ্তৃপক্ষৰ লগতে আয়োজকৰপৰাও এই নীতিনিয়মবোৰ প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত সহযোগিতা আশা কৰে ৷ এই আলোচনাচক্ৰত সন্থাৰ যুটীয়া সম্পাদক কাজল পাল চৌধুৰী, সহকাৰী সাধাৰণ সম্পাদক সিদ্ধাৰ্থ শংকৰ ডেকা, ক্ৰীড়া সম্পাদক (ফুটবল) এল প্ৰণৱ সিং, কাৰ্যবাহী সদস্য কৌস্তৱ চক্ৰৱৰ্তী, ৰেফাৰী সমিতিৰ সদস্য সুশান্ত কুমাৰ সেন, যদু গগৈ, অৰ্ঘৰাম বড়োৰ লগতে ৰেফাৰীসকল আৰু বিভিন্ন ক্লাবৰ বিষয়ববীয়া উপস্থিত থাকে ৷

সিদ্ধাৰ্থ শংকৰ ডেকা
সহকাৰী সাধাৰণ সম্পাদক (ফুটবলৰ ভাৰপ্ৰাপ্ত)
গুৱাহাটী ক্ৰীড়া সন্থা