Breaking

১১ – ১৬ অক্টোবৰ উপহাৰ লৈ সাজু চৰকাৰ। শাৰদীয় বতৰত ৰাজ্যবাসকলৈ মেটমৰা সম্ভাৰ…

0 68

আহিনৰ কঁহুৱাই দিছে শৰতৰ বতৰা। শাৰদীয় বতৰত ৰাজ্য চৰকাৰো সাজু হৈছে অসমবাসীৰ বাবে মেটমৰা উপহাৰৰ সামগ্ৰী লৈ। ১১ অক্টোবৰৰ ১৬ অক্টোবৰত চৰকাৰ প্ৰদান কৰিব উপহাৰৰ মেটমৰা সম্ভাৰ। ১১ আৰু ১২ অক্টোবৰত ৰাজ্যৰ ৬ লাখ মহিলাক অন্তৰ্ভুক্ত কৰা হব অৰুণোদয় আঁচনিৰ অধীনত। এই সকল হিতাধিকাৰীৰ বেংক একাউন্টত ১০ নবেম্বৰৰ পৰা সুমাব প্ৰতি মাহে ১,২৫০ টকাকৈ। ১৩ অক্টোবৰত অসমৰ নৱম শ্ৰেনীৰ ৩ লাখ ৬৯ হাজাৰ ছাত্ৰ ছাত্ৰীক চৰকাৰে প্ৰদান কৰিব চাইকেল। মন্ত্ৰী বিধায়ক সকলে জিলাই জিলাই গৈ চাইকেল সমূহ প্ৰদান কৰিব ছাত্ৰ ছাত্ৰীক। ১৬ অক্টোবৰত চৰকাৰে মাইক্ৰ’ফাইনেন্সৰ ঋণী সকলক প্ৰদান কৰিব বেংকত ধন আদায় দিবলৈ নথকাৰ প্ৰমান পত্ৰ।

উল্লেখযোগ্য যে মাইক্ৰ’ফাইনেন্স কোম্পানীৰ পৰা ঋণ লৈ ওভোটাই দিবলৈ সক্ষম হোৱা নাছিল লাখ লাখ পৰিয়াল। ৰাজ্য চৰকাৰে ঋণী সকলৰ ধন ওভোটাই দিবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেইমৰ্মে প্ৰথম পৰ্যায়ত ৮ লাখ ঋণীৰ মাজত চৰকাৰে বিতৰণ কৰিছিল ১,৬০০ কোটি টকা। একেদৰে দ্বিতীয় পৰ্যায়ত ১ লাখ ঋণীৰ মাজত বিতৰণ কৰিছিল ১৯০ কোটি টকা আৰু তৃতীয় পৰ্যায়ত ২ লাখ ২২ হাজাৰ ঋণীৰ মাজত বিতৰণ কৰে ২৯১ কোটি টকা। চৰকাৰে মাইক্ৰ’ফাইনেন্স কোম্পানীৰ পৰা ঋণ গ্ৰহণ কৰা ১১ লাখ ২২ হাজাৰ ঋণীক বিতৰণ কৰা ধনৰ পৰিমান ২,০৮১ কোটি টকা। মুঠতে চৰকাৰে দুৰ্গা পুজাৰ প্ৰাকমুহূৰ্তত ৰাজ্যবাসীক উপহাৰ দিবলৈ সাজু হৈ উঠিছে।

Leave A Reply