Home Blog Page 1350

দৰিদ্ৰতাৰ কৱলত ৯৫ মিলিয়ন পাকিস্তানী, অৰ্থনৈতিক স্থিতিশীলতা লাভৰ বাবে জৰুৰী সংস্কাৰৰ প্ৰয়োজন: বিশ্ব বেংক

যোৱা বিত্তীয় বৰ্ষৰ হিচাপত পাকিস্তানত দৰিদ্ৰতা ৩৯.৪ শতাংশলৈ বৃদ্ধি পাইছে, দুৰ্বল অৰ্থনৈতিক অৱস্থাৰ বাবে আৰু ১ কোটি ২৫ লাখ লোক দৰিদ্ৰতাৰ কৱলত পৰিছে বুলি বিশ্ব বেংকে জনাইছে। নগদ ধনৰ অভাৱত ভোগা দেশখনক স্থিৰতা, বিত্তীয় সাহায্যৰ বাবে জৰুৰী পদক্ষেপ ল’বলৈ আহ্বান বিশ্ব বেংকৰ ।

বিশ্ব বেংকৰ তথ্য অনুসৰি পাকিস্তানত দৰিদ্ৰতা এবছৰৰ ভিতৰতে ৩৪.২ শতাংশৰ পৰা ৩৯.৪ শতাংশলৈ বৃদ্ধি পাইছে, আৰু ১ কোটি ২৫ লাখ লোক প্ৰতিদিনে ৩.৬৫ মাৰ্কিন ডলাৰৰ আয়ৰ স্তৰৰ তললৈ নামিছে। প্ৰায় ৯.৫ কোটি পাকিস্তানী বৰ্তমান দৰিদ্ৰতাত জীৱন কটাবলগীয়া হৈছে বুলি প্ৰকাশ কৰিছে।

পাকিস্তানৰ বাবে বিশ্ব বেংকৰ মুখ্য দেশ অৰ্থনীতিবিদ টবিয়াছ হকে কয় যে পাকিস্তানৰ অৰ্থনৈতিক মডেলে এতিয়া দৰিদ্ৰতা হ্ৰাস কৰা নাই, আৰু সমনীয়া দেশৰ জীৱন ধাৰণৰ মানদণ্ড পিছ পৰি গৈছে।

ঋণগ্ৰস্ত হিতাধিকাৰীলৈ ৰাজ্য চৰকাৰৰ বিশেষ সকাহ…

ঋণগ্ৰস্ত হিতাধিকাৰীলৈ ৰাজ্য চৰকাৰৰ বিশেষ সকাহ। সৰ্বাধিক ২৫ হাজাৰ টকালৈকে ঋণ ৰেহাই।

AMFIRSৰ অধীনত তৃতীয় পৰ্যায়ৰ সকাহ প্ৰদান অনুষ্ঠান।

২০ লাখ ঋণগ্ৰস্ত মহিলাই লাভ কৰিছে AMFRS আঁচনিৰ সুবিধা। জনতা ভৱনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হয় এই অনুষ্ঠান।

দমদমা সাহিত্য সভাৰ উদ্যোগত শিক্ষাবিদ তাৰিনী কান্ত শৰ্মাৰ আশী বছৰীয়া উপজা দিন পালন…

ব্যক্তিৰ ব্যক্তিগত দায়বদ্ধতা আৰু কৰ্মনিপুনতাৰ অথবা দক্ষতা বিকাশৰ লক্ষ্যৰ মাজেৰেহে এখন সমাজ, এখন দেশ তথা একোটা জাতিৰ সভ্যতা আৰু সংস্কৃতিৰ বিকাশ সম্ভৱ হৈ পৰে।ব্যক্তি বিশেষে আজিৰ বৰ্তমান সমাজখনৰ পৰিপ্ৰেক্ষিতত ভৱিষ্যত প্ৰজন্ম সকলৰ মনত অন্তদৃষ্টি সম্পন্ন এক ভাৱাত্মক, আচৰণাত্মাক আৰু কৰ্ম কৌশলৰ বিকাশ সাধন কৰিব পাৰে।সেয়ে জ্যেষ্ঠজনৰ জীৱন আদৰ্শ নৱপ্ৰজ্বন্মৰ বাবে আশাৰ প্ৰেৰণা স্বৰূপ হৈ পৰে। অসম সাহিত্য সভাৰ অন্যতম শাখা দমদমা সাহিত্য সভাৰ উদ্যোগত শিক্ষাবিদ, অসম সাহিত্য সভাৰ আজীৱন সভ্য, জনতা বিদ্যাপীঠ এম ই স্কুলৰ অৱসৰী প্ৰধান শিক্ষক তাৰিনী কান্ত শৰ্মাৰ আশী বছৰীয়া ওপজা দিন উপলক্ষে আজি হাজোৰ নকুচিত অনুস্থিত এক অভিনন্দন আৰু গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি মৃণালিনী দেৱীয়ে এনেদৰে বক্তব্য আগবঢ়াই।দমদমা সাহিত্য সভাৰ সভাপতি কৰুনা কান্ত কলিতাৰ সভাপতিত্বত আৰু সম্পাদক মুনীন্দ্ৰ মহন্তই আত ধৰা এই অনুস্থানত প্ৰাক্তন উপসভাপতি দেৱীয়ে পুনৰ কয়, যি সকল ব্যক্তিয়ে নিজৰ সমাজখনক অথবা ভৱিষ্যত প্ৰজন্মক জীৱনৰ প্ৰতি দায়বদ্ধ হৈ এখনি আদৰ্শ মানৱ সমাজ গঢ়িবৰ বাবে সেৱা আৰু ত্যাগৰ আদৰ্শৰে আগবাঢ়ি যোৱাৰ সাহস তথা প্ৰেৰণা যোগাব পাৰে, সেই সকল ব্যক্তি সমাজৰ বাবে আদৰনীয় হৈ পৰে। এই অনুষ্ঠানত শিক্ষাবিদ তাৰিনী কান্ত শৰ্মাৰ আশী বছৰীয়া উপজা দিন উপলক্ষে প্ৰকাশিত অভিনন্দন গ্ৰন্থ ” প্ৰাজ্ঞপুজ্য ” উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰাই ভাষন প্ৰসংগত কয়, সফল শিক্ষক এগৰাকী সমাজৰ বাবে আদৰনীয় হৈ ৰয়।

নিজ সমাজত বৌদ্ধিক পৰিমণ্ডল গঢ়ি তোলাৰ দায়িত্বৰ বাবে একো একোজন ব্যক্তি নমস্য হিচাপে চিহ্নিত হয়।শিক্ষাবিদ তাৰিনী কান্ত শৰ্মাৰ আশী বছৰীয়া জন্মদিন উপলক্ষে উন্মোচিত অভিনন্দন মূলক গ্ৰন্থখন এক প্ৰকাৰ ব্যতিক্ৰম।কিয়নো মহা মহা মুনি-মণিষী সকলৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ সমুহৰ প্ৰকাশ ধাৰাবাহিক।কিন্তু গ্ৰাম্যাঞ্চলত জন্ম গ্ৰহণ কৰা, গাওঁৰ পৰিবেশত জীৱন কটোৱা আৰু গ্ৰাম্যাঞ্চলৰ বায়ু-পানী খাই জীৱন অতিবাহিত কৰা এইজনা অৱসৰী শিক্ষক শৰ্মাৰ জন্মদিনত এখন গ্ৰন্থ উপহাৰ দিয়াটো এক ব্যতিক্ৰমী চিন্তা।

বিশিষ্ট সংগীত পৰিচালক,গীতিকাৰ, কণ্ঠশিল্পী জে পি দাসে শুভ উদ্বোধন কৰা অভিনন্দন গ্ৰন্থ উন্মোচনী সভাত অংশ গ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিত শৰ্মাই ভাষন প্ৰসংগত কয়, শিক্ষাবিদ তাৰিনী কান্ত শৰ্মাৰ বৰ্ণিল জীৱন পৰিক্ৰমাৰ ওপৰত আলোকপাত কৰি সমাজ, ভাষা,সাহিত্যৰ উত্তৰণৰ হকে কাম কৰি যাবলৈ নৱপ্ৰজ্বন্মৰ প্ৰতি আহ্বান জনায়।এই অনুষ্ঠানত প্ৰথিতযশা সাহিত্যিক, সাংবাদিক মনোজ কুমাৰ গোস্বামী, চিন্তাবিদ শংকৰ দাস, এমন্টনৰ উপ প্ৰৱন্ধক দিণমনি ভাণ্ডাৰ কায়স্থ, সংগীত শিল্পী কল্লোল বৰঠাকুৰ, হিয়া মেধি, অভিনেত্ৰী আশা বৰদলৈ,পঞ্চতীৰ্থৰ দলৈ শিৱ প্ৰসাদ শৰ্মা, শিক্ষাবিদ প্ৰসন্ন কুমাৰ দাস, কামৰূপ জিলা সাহিত্য সভাৰ সম্পাদক ৰজনী শালৈকে ধৰি কেইবা গৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। অনুষ্ঠানত দমদমা সাহিত্য সভাৰ উপৰিও বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শিক্ষাবিদ তাৰিনী কান্ত শৰ্মাক উপজা দিনৰ ওলগ জনায়। এই অনুষ্ঠানতে দমদমা সাহিত্য সভাই কামৰূপ জিলা সাহিত্য সভাৰ বিষয়ববীয়া আৰু জিলাৰ অন্তৰ্গত শাখা সভা সমুহৰ বিষয়ববীয়া সকলক গামোচাৰে আদৰণি জ্ঞাপন কৰে।

নগাঁৱত সদৌ অসম আশা পাৰদৰ্শিতা সন্থাৰ প্ৰতিনিধিত্ব মূলক সভা…

প্ৰতিনিধিত্ব সভাত উপস্থিত থাকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ চন্দ্ৰ কলিতা। সদৌ অসম আশা পাৰদৰ্শিতা সন্থাৰ প্ৰতিনিধিত্ব সভাৰ আগে আগে শ‍ংকৰ-আজানৰ এই দেশ মিলনৰ ভূমি শীৰ্ষক গীত পৰিৱেশন কৰে প্ৰস্তুতি কাশ্যপ,নিৰুলেখা ৰাজখোৱা,কাজল হাজৰিকা ৰুমী হাজৰিকা,হীৰা মজুমদাৰ ,দীপশিপা শইকীযাই।সভানেত্ৰী দুলালী খাউণ্ড ঠাকুৰীয়াৰ সভাপতিত্ব অনুষ্ঠিত প্ৰতিনিধিত্ব মূলক সভাখন আঁত ধৰে স্মৃতা শইকীয়া আৰু ইৰাণী ৰাজখোৱাই সভাৰ উদেশ্য ব্যাখ্যা কৰে দময়ন্তী হাজৰিকাই সদৌ অসম আশা পাৰদৰ্শিতাৰ অভাৱ-অভিযোগ আৰু বিভিন্ন সমস্যা মৰ্যদা আৰু সন্মানৰ সম্পৰ্কে আলোকপাত কৰে বিভা দেৱীয়ে ।

শনিবাৰে নগাঁৱৰ নাট্য মন্দিৰত অনুষ্ঠিত সভাখন মুখ্য অতিথি হিচাপে সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ চন্দ্ৰ কলিতাৰ লগতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বিপেন শৰ্মা প্ৰমুখ্যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপ-সভাপতি শ্যামন্ত দাস,সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাংগঠনিক সম্পাদক আজিজুৰ ৰহমান, নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ যজ্ঞেশ্বৰ ৰাজখোৱা,সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য লক্ষী প্ৰসাদ ডেকা উপস্থিত থাকে।ইয়াৰোপৰি হোজাই অসমাৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ লক্ষীধৰ দাস, গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰবীন গগৈ, গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰসন্ন শৰ্মা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য নৰেশ হাজৰিকা, জয়ন্ত বৰা আৰু অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুশৰো অধিক সদৌ অসম আশা পাৰদৰ্শিতা সকল, গন্য মান্য ব্যক্তি উপস্থিত থাকে।

আছুৰ কেন্দ্ৰীয় সমিতিক অবৈধ বুলি দাবীৰে ন্যায়ালয়ত গোচৰ ছাত্ৰনেতা দিব্যজ্যোতি মেধিৰ

সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ কেন্দ্ৰীয় সমিতিক অবৈধ ঘোষণা কৰাৰ দাবীৰে ন্যায়ালয়ত এক গোচৰ ৰুজু কৰে ছাত্রনেতা দিব্যজ্যোতি মেধিয়ে। সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানৰ কেইবাটাও অনুচ্ছেদ উলংঘা কৰি বহু বৃদ্ধলোক অথবা ছাত্রাৱস্থা বহু দশক পূর্বে সাং কৰা অধিকাংশ লোকে আজিৰ তাৰিখত নিজকে ছাত্ৰৰ ভুৱা পৰিচয় সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ কেন্দ্ৰীয় সমিতিক অবৈধ ঘোষণা কৰাৰ দাবীৰে ন্যায়ালয়ত এক গোচৰ ৰুজু কৰে ছাত্রনেতা দিব্যজ্যোতি মেধিয়ে।

সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানৰ কেইবাটাও অনুচ্ছেদ উলংঘা কৰি বহু বৃদ্ধলোক অথবা ছাত্রাৱস্থা বহু দশক পূর্বে সাং কৰা অধিকাংশ লোকে আজিৰ তাৰিখত নিজকে ছাত্ৰৰ ভুৱা পৰিচয় দি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰি অসমৰ ছাত্ৰ সমাজক নেতৃত্ব প্ৰদান কৰি আহিছে। এনে একাংশ অছাত্র অথবা বৃদ্ধলোকৰ পাকচক্ৰত এতিয়া সদৌ অসম ছাত্ৰ সন্থাত প্ৰকৃত ছাত্ৰৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা বিধৰ হৈছে।

এই চক্ৰটোৱে বিভিন্ন সময়ত একাংশ প্রকৃত ছাত্ৰই শিক্ষাগ্ৰহণৰ সমান্তৰালভাৱে দীৰ্ঘদিন ধৰি নিষ্ঠা আৰু সততাৰে সদৌ অসম ছাত্ৰ সন্থাক সেৱা আগবঢ়াই অহাৰ পিছতো ভবিষ্যতে এই চক্ৰটোৰ প্ৰতি শংকা বা বিপদ সৃষ্টি কৰিব বুলি ভাবিয়েই অনুশাসনৰ দোহাই দি একাংশ প্রকৃত ছাত্রক এচাম অছাত্রই সংগঠনটোৰ পৰা অপসাৰণ কৰি অহাৰ নজিৰ দীৰ্ঘদিনীয়া। এনে ব্যক্তিগত আক্রোশৰ বলি হোৱা একাংশ সদৌ অসম ছাত্ৰ সন্থাৰ নেতা এতিয়া ন্যায় বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ বাধ্য হৈছে।

উল্লেখ্য যে, কামৰূপ(মহানগৰ) জিলাৰ উচ্চ শিক্ষা প্রতিষ্ঠান ডিমৰীয়া মহাবিদ্যালয়ত সংঘটিত বিত্তীয় কেলেংকাৰি প্রসংগই শেহতীয়াভাৱে ব্যাপক চর্চা লাভ কৰিছে। ইউ জি চিয়ে দশম, একাদশ আৰু দ্বাদশ পৰিকল্পনাত প্ৰদান কৰা কেইবা কোটি টকাৰ হিচাপ বিচাৰি মহাবিদ্যালয়ৰ অধ্যক্ষলৈ বিগত দুটা বছৰে বিভিন্ন ধৰণৰ পত্ৰ প্ৰেৰণ কৰিছে যদিও বৰ্তমানলৈ এই ক্ষেত্ৰত কোনোধৰণৰ ফলাফল ৰাইজৰ দৃষ্টি গোচৰ হোৱা নাই। ইউ জি চিয়ে প্ৰদান কৰা সকীয়নি পত্ৰৰ ফলত মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে চৰম অনিশ্চয়তাত ভুগি আছে।

মহাবিদ্যালয়খনৰ স্বীকৃতি বাতিল কৰিলে মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা দুই সহস্রাধিক ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ গভীৰ অমানিশা নামি আহিব। ইয়াৰোপৰি ভিজিলেন্স এণ্ড এণ্টিকাপ্টচন বিভাগে ২০১৩ চনৰ পৰা বিত্তীয় কেলেংকাৰি সন্দৰ্ভত তদন্ত কৰি থকা গোচৰটো বিগত দহ বছৰে সমাপ্ত কৰিব নোৱাৰাটোও অত্যন্ত ৰহস্যজনক বিষয়। ছাত্র সংগঠন হিচাপে ছাত্ৰ সন্থাই ছাত্ৰ-ছাত্ৰীৰ পক্ষত থিয় দিয়াটো অত্যন্ত জৰুৰী আৰু আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই তাকেই কৰিছিল। প্ৰায় দহ কোটি টকীয়া বিত্তীয় কেলেংকাৰিৰ সৈতে আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ ভংগৰ বিষয়টো সম্পর্ক আছে বুলি ইতিমধ্যে ব্যাপক চর্চা হৈছে। ইউ জি চিৰ পুঁজি কেলেংকাৰিক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ অভিযোগ থকা এজন জ্যেষ্ঠ অধ্যাপকক ভাৰপ্ৰাপ্ত অধ্যক্ষ পতাৰ বিৰোধিতা কৰি ডিমৰীয়া আছুয়ে পত্ৰ দিয়াৰ দিনটোতে আঞ্চলিকখন ভংগ বুলি ঘোষণা কৰা কথাটোৱে ডিমৰীয়াবাসী ৰাইজৰ লগতে ছাত্ৰ সমাজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আছুৰ সংবিধান অনুসৰি কৈফিয়ত তলৱ অথবা কাৰণ দশোৱাৰ জাননী নিদিয়াকৈ যোৱা ৯/০৯/২০২৩ তাৰিখে নিশা হঠাৎ ডিমৰীয়া আঞ্চলিক ভংগৰ বাতৰি সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ পিছত যোৱা ১১/০৯/২০২৩ তাৰিখে শ্বহীদ ভৱনত আছুৰ নেতৃত্বক সাক্ষাৎ কৰি জিলা আৰু কেন্দ্ৰীয় সমিতিলৈ পৃথকে পৃথকে পত্ৰ প্ৰদানৰ দহ দিন উকলি যোৱাৰ পিছতো বিষয়টো সন্দৰ্ভত জিলা আৰু কেন্দ্ৰীয় নেতৃত্বই স্থিতি স্পষ্ট কৰা দেখা নগ’ল।

দীর্ঘ বিৰতিৰ অন্তত মণিপুৰত ইণ্টাৰনেট সেৱা মুকলি…

দীর্ঘ বিৰতিৰ অন্তত মণিপুৰত ইণ্টাৰনেট সেৱা মুকলি

ৰাজ্যখনত ৩ মে’ৰ পৰা বন্ধ হৈ আছিল ইণ্টাৰনেট সেৱা

প্রায় ৪ মাহৰ বিৰতিৰ পাছত ৰাজ্যখনত সম্পূৰ্ণৰূপে খুলি দিয়া হৈছে ইণ্টাৰনেট সেৱা

হিংসাত্মক পৰিস্থিতিৰ বাবে বন্ধ কৰি থৈছিল ইণ্টাৰনেট সেৱা

ইণ্টাৰনেট সেৱা মুকলি কৰিলেও ৰাজ্যখনৰ পৰিস্থিতি এতিয়াও সন্তোষজনক নহয়!

আমীশা পেটেলৰ হাতত ৭০ লাখ টকীয়া হেণ্ডবেগ, কিনিব সপোনৰ এটা ঘৰ…

গাদাৰ ২ ত ছাকিনাৰ চৰিত্ৰত অভিনয় কৰা আমীশা পেটেলে কয় যে তেওঁৰ বহু দামী দামী হেণ্ডবেগ আছে। গাদাৰ ২ ছবিত ছাকিনাৰ চৰিত্ৰত অভিনয় কৰি আমীশা পেটেলে বহু সফলতা অৰ্জন কৰে। ইয়াৰ পূৰ্বে আমীশাৰ কেৰিয়াৰ পতন ঘটিছিল যদিও এতিয়া তেওঁৰ অত্যন্ত সুখী। ইফালে আমীশাই এক সাক্ষাৎকাৰত নিজৰ বিলাসী জীৱনশৈলীৰ কথা কয়। বেগক অতি ভাল পোৱা বুলি প্ৰকাশ কৰে আমীশাই। তেওঁ লগতে কয় যে তেওঁৰ সংগ্ৰহত থকা কিছুমান বেগ বহু দামী।

অমীশাই প্ৰকাশ কৰে যে তেওঁৰ হাতত মাত্ৰ এটা বেগ আছিল যাৰ মূল্য আছিল ৬০-৭০ লাখ টকা। আমীশাই লগতে কয় যে ইয়াৰ বাহিৰেও তাইৰ হাতত বহুতো দামী বেগ আছে। এইটো আছিল লুই ভিটন ব্ৰেণ্ডৰ হাই এণ্ড বেগ, তাৰ পিছত তেওঁ বিলাসী বেগৰ প্ৰতি আসক্ত হৈ পৰিছিল।

আপোনালোকক জনাওঁ যে আমিষাই ২০০০ চনত কহো না প্যাৰ হায় ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত তেওঁক গাদাৰ এক প্ৰেম কথাৰ দৰে ব্লকবাষ্টাৰ ছবিত দেখা গৈছিল।

৫০-৬০ বছৰ বয়সত কলেষ্টেৰল বৃদ্ধি হোৱাটো স্বাভাৱিক, বৃদ্ধ লোকে খাব এই ৪টা বস্তু…

বয়স বৃদ্ধিৰ লগে লগে স্বাস্থ্যৰ যত্ন লোৱাটো আৰু অধিক গুৰুত্বপূৰ্ণ। কাৰণ ৫০ৰ পৰা ৬০ বছৰ বয়সলৈকে এজন ব্যক্তি বহু ধৰণৰ ৰোগৰ বলি হয়। এনে পৰিস্থিতিত আমি কলেষ্টেৰলৰ মাত্ৰাত বিশেষ দৃষ্টি ৰাখিব লাগে কাৰণ ই বহু সমস্যাৰ মূল। দৈনন্দিন খাদ্যত কিছুমান স্বাস্থ্যকৰ বস্তু অন্তৰ্ভুক্ত কৰিব যাতে শৰীৰ ভালে থাকে…



সতেজ ফলমূল আৰু শাক-পাচলি সদায় স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু আঁহ থাকে যি হৃদৰোগ স্বাস্থ্যৰ বাবে উপকাৰী। বৃদ্ধ বয়সত জামু, ছাইট্ৰাছ ফল, সেউজীয়া পাতৰ শাক-পাচলি খাব লাগে।


ওটছ প্ৰায়ে ব্ৰেকফাষ্টত খোৱা হয়। ই এক অতি স্বাস্থ্যকৰ খাদ্য যাৰ জৰিয়তে কলেষ্টেৰল সহজে হ্ৰাস কৰিব পাৰি।

যদিও বৃদ্ধ বয়সত নূন্যতম তেলীয়া খাদ্য খাব নালাগে, কিন্তু তথাপিও যদি ৰন্ধা-বঢ়াৰ বাবে তেলৰ প্ৰয়োজন হয়। এনে পৰিস্থিতিত অলিভ অইল ব্যৱহাৰ কৰক, কাৰণ অলিভ অইলে কলেষ্টেৰল আৰু ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।

নিৰামিষভোজী লোকৰ বাবে চৰ্বিযুক্ত মাছ বৃদ্ধি পোৱা কলেষ্টেৰল হ্ৰাস কৰাৰ এক উৎকৃষ্ট উপায়। কাৰণ ইয়াত ওমেগা-৩ ফেটি এচিড পোৱা যায় যিয়ে ট্ৰাইগ্লিচাৰাইড হ্ৰাস কৰে। যিয়ে বেয়া কলেষ্টেৰল আৰু হৃদযন্ত্ৰ প্ৰতিৰোধ কৰে, ৰোগৰ সম্ভাৱনা কমি যায়।

নদুৱাৰ সমষ্টিত “মোৰ মাটি মোৰ দেশ” কাৰ্য্যসূচী ৰূপায়ন । বীৰ শ্বহীদৰ স্মৃতিসৌধ নিৰ্মাণৰ বাবে পৱিত্ৰ ভূমি সংগ্ৰহ অভিযান…

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহবান মৰ্মে বীৰ শ্বহীদ সকলৰ স্মৃতিসৌধ নিৰ্মাণত জাতি ধৰ্ম বৰ্ণ নিৰ্ব্বিশেষে প্ৰতিগৰাকী লোকৰ অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰতিটো পৰিয়ালৰ পৰা চলিছে পৱিত্ৰ ভূমি সংগ্ৰহ অভিযান৷ এই উপলক্ষে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উদ্যোগত সমষ্টিটোৰ প্ৰতিটো গাঁও পঞ্চায়তৰ লগতে উত্তৰ ছিলাবন্ধা গাঁও পঞ্চায়তৰ এলেকাধীন লোক সকলৰ পৰিয়াল সমুহৰ গৃহৰ পৰাও চলিছে পৱিত্ৰ ভূমি সংগ্ৰহ অভিযান ৷

শুক্ৰবাৰে পুৱা চতিয়া সমষ্টিৰ জীয়া ভৰলী কন্যকা বহুমুখী কৃষি পামত এই ভূমি গ্ৰহণ কাৰ্যসুচীৰ শুভাৰম্ভ কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ কাৰ্য্যসুচীৰ শুভাৰম্ভ কৰি বিধায়ক গৰাকীয়ে কয় – দেশৰ স্বাধীনতাৰ বাবে আত্ম বলিদান দিয়া বীৰ শ্বহীদ সকলৰ স্মৃতি সৌধ নিৰ্মানত অংশগ্ৰহণৰ বাবে এই পবিত্ৰ ভূমি সংগ্ৰহ কৰা হৈছে ৷ গাঁও পঞ্চায়তৰ পৰা জিলা আৰু ৰাজ্যিক পৰ্যায়লৈকে এই পৱিত্ৰ ভূমি সংগ্ৰহ অভিযান চলিব ৷ ভূমি গ্ৰহণৰ শুভাৰম্ভনী অনুষ্ঠানত জীৱিকা সখী সকলৰ লগতে পঞ্চায়তৰ সকলো শ্ৰেণীৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে।

ৰাতিপুৱা খালী পেটত তিয়াই থোৱা কিচমিচ খাব, এমাহৰ পিছত দেখিব শৰীৰৰ পৰিবৰ্তন…

শুকান ফল খালে বহু উপকাৰ পোৱা যায়। প্ৰায়ে স্বাস্থ্য বিশেষজ্ঞ আৰু খাদ্য বিশেষজ্ঞসকলে শুকান ফল তিয়াই থোৱাৰ পিছত খাবলৈ পৰামৰ্শ দিয়ে। আজি আমি আপোনালোকক জনাম তিয়াই থোৱা কিচমিচ খালে কি কি উপকাৰ হয়। কিচমিচত কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, আঁহ আৰু আইৰণ আদি পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে থাকে। বহু স্বাস্থ্য বিশেষজ্ঞ আৰু খাদ্য বিশেষজ্ঞৰ মতে খালী পেটত তিয়াই থোৱা কিচমিচ খালে শৰীৰৰ বহু দিশত উপকাৰ হয়। কিচমিচ খালে শৰীৰত কি কি দিশত উপকাৰ হয়:-

কিচমিচত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে। দৈনিক তিয়াই থোৱা কিচমিচ খালে হাড়ত প্ৰচুৰ পৰিমাণে কেলচিয়াম পোৱা যায়। হাড়বোৰ মজবুত হৈ পৰে। ইয়াৰ লগতে হাড়ৰ বিষো কমি যায়।

কিচমিচত বহু ধৰণৰ খনিজ পদাৰ্থ, ভিটামিন আৰু এন্টি অক্সিডেন্ট থাকে। যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। দৈনিক তিয়াই থোৱা কিচমিচ খালে বহু বেমাৰৰ পৰা আঁতৰিব।

কিচমিচত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। এনে পৰিস্থিতিত তিয়াই থোৱা কিচমিচ খালে হিম’গ্লবিন বৃদ্ধি পায়। ইয়াৰ লগতে তেজৰ অভাৱৰ ক্ষতিপূৰণো পোৱা যায়। দৈনিক খালী পেটত কিচমিচ খালে ৰক্তহীনতাৰ পৰাও ৰক্ষা পৰিব।

যিসকল লোকে প্ৰায়ে কোষ্ঠকাঠিন্য, গেছ আৰু এচিডিটিৰ সমস্যা হয় তেওঁলোকে প্ৰতিদিনে খালী পেটত তিয়াই থোৱা কিচমিচ খাব লাগে।