Breaking

আছুৰ কেন্দ্ৰীয় সমিতিক অবৈধ বুলি দাবীৰে ন্যায়ালয়ত গোচৰ ছাত্ৰনেতা দিব্যজ্যোতি মেধিৰ

0 75

সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ কেন্দ্ৰীয় সমিতিক অবৈধ ঘোষণা কৰাৰ দাবীৰে ন্যায়ালয়ত এক গোচৰ ৰুজু কৰে ছাত্রনেতা দিব্যজ্যোতি মেধিয়ে। সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানৰ কেইবাটাও অনুচ্ছেদ উলংঘা কৰি বহু বৃদ্ধলোক অথবা ছাত্রাৱস্থা বহু দশক পূর্বে সাং কৰা অধিকাংশ লোকে আজিৰ তাৰিখত নিজকে ছাত্ৰৰ ভুৱা পৰিচয় সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ কেন্দ্ৰীয় সমিতিক অবৈধ ঘোষণা কৰাৰ দাবীৰে ন্যায়ালয়ত এক গোচৰ ৰুজু কৰে ছাত্রনেতা দিব্যজ্যোতি মেধিয়ে।

সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানৰ কেইবাটাও অনুচ্ছেদ উলংঘা কৰি বহু বৃদ্ধলোক অথবা ছাত্রাৱস্থা বহু দশক পূর্বে সাং কৰা অধিকাংশ লোকে আজিৰ তাৰিখত নিজকে ছাত্ৰৰ ভুৱা পৰিচয় দি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰি অসমৰ ছাত্ৰ সমাজক নেতৃত্ব প্ৰদান কৰি আহিছে। এনে একাংশ অছাত্র অথবা বৃদ্ধলোকৰ পাকচক্ৰত এতিয়া সদৌ অসম ছাত্ৰ সন্থাত প্ৰকৃত ছাত্ৰৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা বিধৰ হৈছে।

এই চক্ৰটোৱে বিভিন্ন সময়ত একাংশ প্রকৃত ছাত্ৰই শিক্ষাগ্ৰহণৰ সমান্তৰালভাৱে দীৰ্ঘদিন ধৰি নিষ্ঠা আৰু সততাৰে সদৌ অসম ছাত্ৰ সন্থাক সেৱা আগবঢ়াই অহাৰ পিছতো ভবিষ্যতে এই চক্ৰটোৰ প্ৰতি শংকা বা বিপদ সৃষ্টি কৰিব বুলি ভাবিয়েই অনুশাসনৰ দোহাই দি একাংশ প্রকৃত ছাত্রক এচাম অছাত্রই সংগঠনটোৰ পৰা অপসাৰণ কৰি অহাৰ নজিৰ দীৰ্ঘদিনীয়া। এনে ব্যক্তিগত আক্রোশৰ বলি হোৱা একাংশ সদৌ অসম ছাত্ৰ সন্থাৰ নেতা এতিয়া ন্যায় বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ বাধ্য হৈছে।

উল্লেখ্য যে, কামৰূপ(মহানগৰ) জিলাৰ উচ্চ শিক্ষা প্রতিষ্ঠান ডিমৰীয়া মহাবিদ্যালয়ত সংঘটিত বিত্তীয় কেলেংকাৰি প্রসংগই শেহতীয়াভাৱে ব্যাপক চর্চা লাভ কৰিছে। ইউ জি চিয়ে দশম, একাদশ আৰু দ্বাদশ পৰিকল্পনাত প্ৰদান কৰা কেইবা কোটি টকাৰ হিচাপ বিচাৰি মহাবিদ্যালয়ৰ অধ্যক্ষলৈ বিগত দুটা বছৰে বিভিন্ন ধৰণৰ পত্ৰ প্ৰেৰণ কৰিছে যদিও বৰ্তমানলৈ এই ক্ষেত্ৰত কোনোধৰণৰ ফলাফল ৰাইজৰ দৃষ্টি গোচৰ হোৱা নাই। ইউ জি চিয়ে প্ৰদান কৰা সকীয়নি পত্ৰৰ ফলত মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে চৰম অনিশ্চয়তাত ভুগি আছে।

মহাবিদ্যালয়খনৰ স্বীকৃতি বাতিল কৰিলে মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা দুই সহস্রাধিক ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ গভীৰ অমানিশা নামি আহিব। ইয়াৰোপৰি ভিজিলেন্স এণ্ড এণ্টিকাপ্টচন বিভাগে ২০১৩ চনৰ পৰা বিত্তীয় কেলেংকাৰি সন্দৰ্ভত তদন্ত কৰি থকা গোচৰটো বিগত দহ বছৰে সমাপ্ত কৰিব নোৱাৰাটোও অত্যন্ত ৰহস্যজনক বিষয়। ছাত্র সংগঠন হিচাপে ছাত্ৰ সন্থাই ছাত্ৰ-ছাত্ৰীৰ পক্ষত থিয় দিয়াটো অত্যন্ত জৰুৰী আৰু আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই তাকেই কৰিছিল। প্ৰায় দহ কোটি টকীয়া বিত্তীয় কেলেংকাৰিৰ সৈতে আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ ভংগৰ বিষয়টো সম্পর্ক আছে বুলি ইতিমধ্যে ব্যাপক চর্চা হৈছে। ইউ জি চিৰ পুঁজি কেলেংকাৰিক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ অভিযোগ থকা এজন জ্যেষ্ঠ অধ্যাপকক ভাৰপ্ৰাপ্ত অধ্যক্ষ পতাৰ বিৰোধিতা কৰি ডিমৰীয়া আছুয়ে পত্ৰ দিয়াৰ দিনটোতে আঞ্চলিকখন ভংগ বুলি ঘোষণা কৰা কথাটোৱে ডিমৰীয়াবাসী ৰাইজৰ লগতে ছাত্ৰ সমাজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আছুৰ সংবিধান অনুসৰি কৈফিয়ত তলৱ অথবা কাৰণ দশোৱাৰ জাননী নিদিয়াকৈ যোৱা ৯/০৯/২০২৩ তাৰিখে নিশা হঠাৎ ডিমৰীয়া আঞ্চলিক ভংগৰ বাতৰি সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ পিছত যোৱা ১১/০৯/২০২৩ তাৰিখে শ্বহীদ ভৱনত আছুৰ নেতৃত্বক সাক্ষাৎ কৰি জিলা আৰু কেন্দ্ৰীয় সমিতিলৈ পৃথকে পৃথকে পত্ৰ প্ৰদানৰ দহ দিন উকলি যোৱাৰ পিছতো বিষয়টো সন্দৰ্ভত জিলা আৰু কেন্দ্ৰীয় নেতৃত্বই স্থিতি স্পষ্ট কৰা দেখা নগ’ল।

Leave A Reply