আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী।
জন্মজয়ন্তী উপলক্ষে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত উপস্থিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা।

হৰি নামৰ ভক্তি ৰসেৰে মুখৰিত হৈ পৰিছে বটদ্ৰবা।
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী।
জন্মজয়ন্তী উপলক্ষে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত উপস্থিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা।

হৰি নামৰ ভক্তি ৰসেৰে মুখৰিত হৈ পৰিছে বটদ্ৰবা।
এছিয়ান গেমছ ২০২৩ ত ভাৰতৰ প্ৰথম পদক লাভ কৰিছে এয়াৰ ৰাইফলত। ভাৰতৰ প্ৰথম পদক আহিছে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত । মেহুলী ঘোষ, ৰমিটা জিন্ডাল আৰু আছী চৌকছীৰে গঠিত দলৰ পইন্ট হৈছিল গৈ ১৮৮.৫৩ । ৰৱিঙৰ লাইটৱেট ডাবলছ স্কালছত ৰূপৰ পদক পাইছে অৰ্জুন লাল আৰু অৰৱিন্দ সিঙে ।
বাংলাদেশক ৮ উইকেটত হৰুৱাই মহিলাৰ ক্ৰিকেটত ভাৰত ফাইনেললৈ আগবাঢ়িছে । টচত জিকি পোনতে বেট ধৰা বাংলাদেশৰ কেৱল এগৰাকী বেটাৰেহে দহকৰ ঘৰত প্ৰৱেশ কৰে ।
অসমৰ উমা চেত্ৰী এই পৰ্যন্ত মূল একাদশৰ বাহিৰত আছে । সংক্ষিপ্ত স্ক’ৰ — বাংলাদেশ ৮.২ অভাৰত ৫১ ৰান (নিগাৰ চুলতানা ১২ , পূজা বস্ত্ৰকাৰ ৪-১৭ ) । ভাৰত ১২ অভাৰত২ -৫২ ( মান্ধানা ৭, শেফালী ১৭, জেমিমা অপৰাজিত ২০ ) ।
২০১৯ চনৰ পিছত এইবেলি পুনৰ অনুষ্ঠিত হোৱা দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ একতাসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে। ভোটগনণাৰ ২৬ ৰাউণ্ডৰ অন্তত বিজেপিৰ ছাত্ৰ সংগঠন এবিভিপিৰ প্ৰাৰ্থীয়ে তিনি খন আসনত জয় লাভ কৰিছে। একেদৰে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এনএছইউআইয়ে এখন আসনত জিকিছে। উল্লেখ্য বহু বছৰৰ বিৰতিৰ অন্তত এইবেলি পুনৰ দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সংস্থাৰ (ডিইউএছইউ) নিৰ্বাচনৰ অনুষ্ঠিত হৈছিল। ২০১৯ চনৰ পিছত এইবাৰ পুনৰ বিশ্ববিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে।

তিনিখনকৈ গুৰুত্বপূৰ্ণ আসনত বিজয় সাৱস্ত্য কৰি আনন্দিত হৈ পৰিছে এবিভিপিৰ কৰ্মীসকল। এবিভিপিৰ কৰ্মীসকলে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে দিল্লী বিশ্ববিদ্যালয় চৌহতদ বিজয় উৎসৱ উদযাপন কৰে।
দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সংস্থাৰ নিৰ্বাচনত এবিভিপিয়ে তিনিখন আসন ক্ৰমে সভাপতি, সম্পাদক আৰু যুটীয়া সম্পাদকৰ পদত বিজয়ী হৈছে। এন.এছ.ইউ.আইৰ প্ৰাৰ্থীগৰাকীয়ে উপ-সভাপতিৰ পদত জয়ী হৈছে।
দুলীয়াজান মহাবিদ্যালয়ত ছাত্ৰ একতা সভাত আছুৰ জয়যাত্ৰা অব্যাহত। ১৪ গৰাকী প্ৰাৰ্থীৰ জয়লাভ। প্ৰতি বছৰৰ দৰে এইবাৰো দুলিয়াজান মহাবিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনত আছুৰ ধ্বজা অব্যাহত ৰাখে। ২২ ছেপ্টেম্বৰত দুলীয়াজান মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ছাত্ৰ-একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছুৰ সমৰ্থিত মুঠ ১৪গৰাকী প্ৰাৰ্থীয়ে বৃহৎ জয় লাভ সাব্যস্ত কৰে ।
বিজয়ী অনান্য প্ৰাৰ্থী সকল হ’ল – পলী চেতিয়া উপ-সভানেত্ৰী, উদয় গগৈ সাধাৰণ সম্পাদক, ৰাজনীশ নাথ সহঃ সাধাৰণ সম্পাদক, প্ৰিতম বৰা সাংস্কৃতিক সম্পাদক, কিৰণময়ী বৰা আলোচনী সম্পাদক, পূজা গগৈ তৰ্ক আৰু সাহিত্য সম্পাদক, লক্ষ্যজিৎ বড়া ব্যায়ামাগাৰ সম্পাদক, দ্বীপক বাল্মীকি আন্তঃ ক্ৰীড়া সম্পাদক কৌশিক স্বৰ্গীয়াৰী সমাজ সেৱা সম্পাদক, লক্ষ্যজিৎ তামুলী ছাত্ৰ জিৰণী কোঠা সম্পাদক, চুইটি শইকীয়া ছাত্ৰী জিৰণী কোঠা সম্পাদক, ৰিম্পী সোনোৱাল দ্বাদশ শ্ৰেণীৰ প্ৰতিনিধি, বিৰাজ গগৈ একাদশ শ্ৰেণীৰ প্ৰতিনিধি। এই শুভ ক্ষণত সদৌ অসম ছাত্ৰ -সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনিল গগৈ, ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক বুবুল তালুকদাৰ লগতে দুলীয়াজান আঞ্চলিক ছাত্ৰ -সন্থাৰ সভাপতি দিগন্ত বৰা , সম্পাদক সমীৰণ গগৈ নিৰ্বাচিত সকলো প্ৰাৰ্থিকে শুভাশিষ প্ৰদান কৰে।
অসমীয়া সাহিত্যৰ পথাৰখনত নবীন-প্ৰবীণ লেখক লেখিকা সকলক একত্ৰিত কৰি এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰাৰ উদ্দেশ্য আগত ৰাখি ২০২১ চনৰ ছেপ্টেম্বৰ মাহত জন্মলাভ কৰে অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ। অসম নামৰ মঞ্চ খনে ২০২৩ বৰ্ষৰ ছেপ্টেম্বৰ মাহত দুট বৰ্ষ অতিক্ৰম কৰি তৃতীয় বৰ্ষত ভৰি দিছে। দুবছৰীয়া এই যাত্ৰাত বিভিন্ন ঘাট-প্ৰতিঘাট, বাধা-প্ৰত্যাহ্বান নেওচি নিজৰ লক্ষ্য আৰু উদ্দেশ্যেত অটল থাকি অহা অক্টোবৰ মাহৰ ১ তাৰিখ দেওবাৰে দ্বিতীয় বর্ষপূৰ্তি অনুষ্ঠান ভাগ গুৱাহাটী স্থিত বিষ্ণু-নিৰ্মলা ভৱনত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম বর্ষপূৰ্তিৰ ধাৰা অব্যাহত ৰাখি মঞ্চৰ তৰফৰ পৰা দ্বিতীয় বর্ষপূৰ্তিটো তিনিগৰাকী বিশেষ ব্যক্তিক বঁটা প্ৰদান কৰাৰ বাবে নিৰ্বাচন কৰা হৈছে। সাহিত্য আৰু সামাজিক কামৰ স্বীকৃত স্বৰূপে মঞ্চৰ তৰফৰ পৰা বিশিষ্ট শিশু সাহিত্যক আৰু সমাজকৰ্মী সুৰেন্দ্ৰ মোহনদাসক সাহিত্য সঞ্জীৱনী বঁটা, বিশিষ্ট কবি ইপুল হুছেইনক সাহিত্য উদগনি বঁটা, বিশিষ্ট লেখিকা মানিষা শৰ্মাক সাহিত্য প্ৰেৰণা বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে। ইয়াৰ ওপৰিও মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত অনুসৰি সাহিত্য উদ্দীপনা বঁটা-২০২২ ৰ বাবে প্ৰকাশিত কবিতাৰ গ্ৰন্থ আহ্বান কৰা হৈছিল। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় অৰ্ধ শতাধিক কবিয়ে তেওঁলোকৰ কবিতা পুথি প্ৰেৰণ কৰিছিল।
এই কবিতা পুথি সমুহৰ মাজৰ পৰা বিচাৰকে জুবিলী গগৈৰ “যি কথা কাকো কোৱা ন’হল”, জিতেন নাথৰ “পানী যুৱলিৰ ঘৰ”, গীতাঞ্জলী বৰকটকী ভাগৱতীৰ “শামুকৰ খোলাত শুই আছে চহৰখন” নামৰ তিনিখন কবিতা পুথি সাহিত্য উদ্দীপনা বঁটাৰ বাবে নিৰ্বাচন কৰে। দ্বিতীয় বর্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি মঞ্চৰ তৰফৰ পৰা অনলাইন যোগে সদৌ অসম ভিত্তিত অনুষ্ঠিত হৈছিল কবিতা, গল্প আৰু অণুগল্প প্ৰতিযোগিতা। কবিতা প্ৰতিযোগিতা অনন্ত কুমাৰ ভূঞাই প্ৰথম স্থান, চঞ্চল দেৱনাথ আৰু বিজুলতা পায়েঙে যুটীয়াভাৱে দ্বিতীয় স্থান আৰু ৰশ্মিৰেখা দুৱৰা আৰু মুনমী স্নিগ্ধা গুঞ্জনে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। গল্প প্ৰতিযোগিতাত মালবিকা দেৱীয়ে প্ৰথম স্থান, ৰঞ্জিত বৰ্মনে দ্বিতীয় স্থান আৰু গিৰিন্দ্ৰ কলিতা আৰু কামাখ্যা প্ৰসাদ হাজৰিকাই যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। অণুগল্প প্ৰতিযোগিতাত পল্লৱী ডেকাই প্ৰথাম স্থান, দীপ্তি গগৈ বুঢ়াগোহাঁই দ্বিতীয় স্থান, হিমাজ্যোতি তালুকদাৰে তৃতীয় স্থান আৰু নুৰ আলম শইকীয়াই উদগনিমূলক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। ১ অক্টোবৰ দেওবাৰে ৰাতিপুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হব লগা মঞ্চৰ দ্বিতীয় বর্ষপূৰ্তি অনুষ্ঠানত আটাইকেইগৰাকী ব্যক্তিকে বঁটা আৰু পুৰস্কাৰ সমূহ আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হব। বঁটা আৰু পুৰস্কাৰ গ্ৰহণৰ বাবে আটাইকেইগৰাকী ব্যক্তিকে অনুষ্ঠানত উপস্থিত থাকিবলৈ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলে অনুৰোধ জনাইছে। মঞ্চৰ দ্বিতীয় বর্ষপূৰ্তি অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ ডঃ দয়নন্দ পাঠক মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক শংকৰ গোহাঁই আৰু নিউজ লাইভৰ বাতৰি পৰিবেশক আৰু জ্যেষ্ঠ সাংবাদিক বনদ্বীপ গোস্বামী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বুলি অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ : অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হিমাংশু পাঠক, কাৰ্য্যকৰী সভাপতি প্ৰসন্ন কুমাৰ বৰা, মুখ্য সম্পাদক দেবর্ষি গৌতম, সম্পাদক ভাস্কৰ প্ৰিয়ম হাজৰিকা স্বাক্ষৰিত প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে।
অনুষ্ঠানটো সঞ্চালনা কৰিব মহানগৰ কবি কাননৰ সভাপতি তথা বিশিষ্ট কবি কমলজিৎ কলিতাই। ইয়াৰ উপৰিও মঞ্চৰ মুখ্য উপদেষ্টা বিশিষ্ট সাহিত্যিক ৰঞ্জন জ্যোতি শর্মা বৰদলৈ, উপদেষ্টা বিশিষ্ট লেখক মুকুট শৰ্মা, বিশিষ্ট লেখক-সমালোচক বিপুল শৰ্মা, বিশিষ্ট গল্পকাৰ অজয় কুমাৰ বৰা, বিশিষ্ট লেখিকা-গল্পকাৰ নীলাঞ্জনা পাচনী, বিশিষ্ট কবি-সমাজকৰ্মী মেৰাজ ৱাচিকুৰ ৰহমান উপস্থিত থাকিব। অনুষ্ঠানটো সুকলমে অনুষ্ঠিত কৰিবলৈ প্ৰতিগৰাকী সাহিত্য প্ৰেমী ৰাইজৰ সহায়-সহযোগ আৰু দিহা-পৰামৰ্শ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলে কামনা কৰিছে।
ৰাজ্যত এক শক্তিশালী ঔদ্যোগিক বাতাবৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ কৰ্মোদ্যমি যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰশীল আৰু নিয়োগ সৃষ্টিকাৰী হিচাপে গঢ় দিয়াৰ উদ্দেশ্য আৰম্ভ কৰিলে “মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান – ২০২৩”।
শনিবাৰে মুখ্যমন্ত্ৰীৰ জনতা ভৱন স্থিত সভাকক্ষত কেইবাজনো মন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই “মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান – ২০২৩”ৰ ৰেজিষ্ট্ৰেচন পৰ্টেল মুকলি কৰে। এই পৰ্টেলত নাম পঞ্জীয়নৰ যোগেদি দুই লাখ আৰু পাঁচ লাখকৈ পেকেজ লাভ কৰি যুৱক-যুৱতীসকলে নিজৰ সম্ভাৱনাসমূহ বিকাশ কৰি সফলতাৰ বাটেৰে আগুৱাই যাব পাৰিব।


এই আচঁনিৰ জৰিয়তে অসমৰ যুৱক-যুৱতীসকলে ষ্টেশ্যনেৰী, কৃষি আৰু উদ্যান শস্য, কুকুৰা পালন/দুগ্ধ পাম/ গাহৰি পালন/ছাগলী পালন/মীন পালন, পেকেজিং, ৰেদিমেদ পোছাক, ফেব্ৰিকেশ্যন/হাৰ্ডৱেৰ ব্যৱসায় ইত্যাদি ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ লগতে আনৰ বাবেও নিয়োগ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।


এনেবিলাক সমস্যাৰ পৰা শিশুসকলক ৰক্ষা কৰিবলৈ অতিৰিক্ত নিমখ খুওৱাৰ ক্ষেত্ৰত প্ৰথমৰে পৰা সচেতন হোৱা উচিত।
যোৱা বিত্তীয় বৰ্ষৰ হিচাপত পাকিস্তানত দৰিদ্ৰতা ৩৯.৪ শতাংশলৈ বৃদ্ধি পাইছে, দুৰ্বল অৰ্থনৈতিক অৱস্থাৰ বাবে আৰু ১ কোটি ২৫ লাখ লোক দৰিদ্ৰতাৰ কৱলত পৰিছে বুলি বিশ্ব বেংকে জনাইছে। নগদ ধনৰ অভাৱত ভোগা দেশখনক স্থিৰতা, বিত্তীয় সাহায্যৰ বাবে জৰুৰী পদক্ষেপ ল’বলৈ আহ্বান বিশ্ব বেংকৰ ।
বিশ্ব বেংকৰ তথ্য অনুসৰি পাকিস্তানত দৰিদ্ৰতা এবছৰৰ ভিতৰতে ৩৪.২ শতাংশৰ পৰা ৩৯.৪ শতাংশলৈ বৃদ্ধি পাইছে, আৰু ১ কোটি ২৫ লাখ লোক প্ৰতিদিনে ৩.৬৫ মাৰ্কিন ডলাৰৰ আয়ৰ স্তৰৰ তললৈ নামিছে। প্ৰায় ৯.৫ কোটি পাকিস্তানী বৰ্তমান দৰিদ্ৰতাত জীৱন কটাবলগীয়া হৈছে বুলি প্ৰকাশ কৰিছে।

পাকিস্তানৰ বাবে বিশ্ব বেংকৰ মুখ্য দেশ অৰ্থনীতিবিদ টবিয়াছ হকে কয় যে পাকিস্তানৰ অৰ্থনৈতিক মডেলে এতিয়া দৰিদ্ৰতা হ্ৰাস কৰা নাই, আৰু সমনীয়া দেশৰ জীৱন ধাৰণৰ মানদণ্ড পিছ পৰি গৈছে।
ঋণগ্ৰস্ত হিতাধিকাৰীলৈ ৰাজ্য চৰকাৰৰ বিশেষ সকাহ। সৰ্বাধিক ২৫ হাজাৰ টকালৈকে ঋণ ৰেহাই।

AMFIRSৰ অধীনত তৃতীয় পৰ্যায়ৰ সকাহ প্ৰদান অনুষ্ঠান।

২০ লাখ ঋণগ্ৰস্ত মহিলাই লাভ কৰিছে AMFRS আঁচনিৰ সুবিধা। জনতা ভৱনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হয় এই অনুষ্ঠান।
ব্যক্তিৰ ব্যক্তিগত দায়বদ্ধতা আৰু কৰ্মনিপুনতাৰ অথবা দক্ষতা বিকাশৰ লক্ষ্যৰ মাজেৰেহে এখন সমাজ, এখন দেশ তথা একোটা জাতিৰ সভ্যতা আৰু সংস্কৃতিৰ বিকাশ সম্ভৱ হৈ পৰে।ব্যক্তি বিশেষে আজিৰ বৰ্তমান সমাজখনৰ পৰিপ্ৰেক্ষিতত ভৱিষ্যত প্ৰজন্ম সকলৰ মনত অন্তদৃষ্টি সম্পন্ন এক ভাৱাত্মক, আচৰণাত্মাক আৰু কৰ্ম কৌশলৰ বিকাশ সাধন কৰিব পাৰে।সেয়ে জ্যেষ্ঠজনৰ জীৱন আদৰ্শ নৱপ্ৰজ্বন্মৰ বাবে আশাৰ প্ৰেৰণা স্বৰূপ হৈ পৰে। অসম সাহিত্য সভাৰ অন্যতম শাখা দমদমা সাহিত্য সভাৰ উদ্যোগত শিক্ষাবিদ, অসম সাহিত্য সভাৰ আজীৱন সভ্য, জনতা বিদ্যাপীঠ এম ই স্কুলৰ অৱসৰী প্ৰধান শিক্ষক তাৰিনী কান্ত শৰ্মাৰ আশী বছৰীয়া ওপজা দিন উপলক্ষে আজি হাজোৰ নকুচিত অনুস্থিত এক অভিনন্দন আৰু গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি মৃণালিনী দেৱীয়ে এনেদৰে বক্তব্য আগবঢ়াই।দমদমা সাহিত্য সভাৰ সভাপতি কৰুনা কান্ত কলিতাৰ সভাপতিত্বত আৰু সম্পাদক মুনীন্দ্ৰ মহন্তই আত ধৰা এই অনুস্থানত প্ৰাক্তন উপসভাপতি দেৱীয়ে পুনৰ কয়, যি সকল ব্যক্তিয়ে নিজৰ সমাজখনক অথবা ভৱিষ্যত প্ৰজন্মক জীৱনৰ প্ৰতি দায়বদ্ধ হৈ এখনি আদৰ্শ মানৱ সমাজ গঢ়িবৰ বাবে সেৱা আৰু ত্যাগৰ আদৰ্শৰে আগবাঢ়ি যোৱাৰ সাহস তথা প্ৰেৰণা যোগাব পাৰে, সেই সকল ব্যক্তি সমাজৰ বাবে আদৰনীয় হৈ পৰে। এই অনুষ্ঠানত শিক্ষাবিদ তাৰিনী কান্ত শৰ্মাৰ আশী বছৰীয়া উপজা দিন উপলক্ষে প্ৰকাশিত অভিনন্দন গ্ৰন্থ ” প্ৰাজ্ঞপুজ্য ” উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰাই ভাষন প্ৰসংগত কয়, সফল শিক্ষক এগৰাকী সমাজৰ বাবে আদৰনীয় হৈ ৰয়।

নিজ সমাজত বৌদ্ধিক পৰিমণ্ডল গঢ়ি তোলাৰ দায়িত্বৰ বাবে একো একোজন ব্যক্তি নমস্য হিচাপে চিহ্নিত হয়।শিক্ষাবিদ তাৰিনী কান্ত শৰ্মাৰ আশী বছৰীয়া জন্মদিন উপলক্ষে উন্মোচিত অভিনন্দন মূলক গ্ৰন্থখন এক প্ৰকাৰ ব্যতিক্ৰম।কিয়নো মহা মহা মুনি-মণিষী সকলৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ সমুহৰ প্ৰকাশ ধাৰাবাহিক।কিন্তু গ্ৰাম্যাঞ্চলত জন্ম গ্ৰহণ কৰা, গাওঁৰ পৰিবেশত জীৱন কটোৱা আৰু গ্ৰাম্যাঞ্চলৰ বায়ু-পানী খাই জীৱন অতিবাহিত কৰা এইজনা অৱসৰী শিক্ষক শৰ্মাৰ জন্মদিনত এখন গ্ৰন্থ উপহাৰ দিয়াটো এক ব্যতিক্ৰমী চিন্তা।
বিশিষ্ট সংগীত পৰিচালক,গীতিকাৰ, কণ্ঠশিল্পী জে পি দাসে শুভ উদ্বোধন কৰা অভিনন্দন গ্ৰন্থ উন্মোচনী সভাত অংশ গ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিত শৰ্মাই ভাষন প্ৰসংগত কয়, শিক্ষাবিদ তাৰিনী কান্ত শৰ্মাৰ বৰ্ণিল জীৱন পৰিক্ৰমাৰ ওপৰত আলোকপাত কৰি সমাজ, ভাষা,সাহিত্যৰ উত্তৰণৰ হকে কাম কৰি যাবলৈ নৱপ্ৰজ্বন্মৰ প্ৰতি আহ্বান জনায়।এই অনুষ্ঠানত প্ৰথিতযশা সাহিত্যিক, সাংবাদিক মনোজ কুমাৰ গোস্বামী, চিন্তাবিদ শংকৰ দাস, এমন্টনৰ উপ প্ৰৱন্ধক দিণমনি ভাণ্ডাৰ কায়স্থ, সংগীত শিল্পী কল্লোল বৰঠাকুৰ, হিয়া মেধি, অভিনেত্ৰী আশা বৰদলৈ,পঞ্চতীৰ্থৰ দলৈ শিৱ প্ৰসাদ শৰ্মা, শিক্ষাবিদ প্ৰসন্ন কুমাৰ দাস, কামৰূপ জিলা সাহিত্য সভাৰ সম্পাদক ৰজনী শালৈকে ধৰি কেইবা গৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। অনুষ্ঠানত দমদমা সাহিত্য সভাৰ উপৰিও বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শিক্ষাবিদ তাৰিনী কান্ত শৰ্মাক উপজা দিনৰ ওলগ জনায়। এই অনুষ্ঠানতে দমদমা সাহিত্য সভাই কামৰূপ জিলা সাহিত্য সভাৰ বিষয়ববীয়া আৰু জিলাৰ অন্তৰ্গত শাখা সভা সমুহৰ বিষয়ববীয়া সকলক গামোচাৰে আদৰণি জ্ঞাপন কৰে।