Breaking

অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান…

0 144

অসমীয়া সাহিত্যৰ পথাৰখনত নবীন-প্ৰবীণ লেখক লেখিকা সকলক একত্ৰিত কৰি এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰাৰ উদ্দেশ্য আগত ৰাখি ২০২১ চনৰ ছেপ্টেম্বৰ মাহত জন্মলাভ কৰে অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ। অসম নামৰ মঞ্চ খনে ২০২৩ বৰ্ষৰ ছেপ্টেম্বৰ মাহত দুট বৰ্ষ অতিক্ৰম কৰি তৃতীয় বৰ্ষত ভৰি দিছে। দুবছৰীয়া এই যাত্ৰাত বিভিন্ন ঘাট-প্ৰতিঘাট, বাধা-প্ৰত্যাহ্বান নেওচি নিজৰ লক্ষ্য আৰু উদ্দেশ্যেত অটল থাকি অহা অক্টোবৰ মাহৰ ১ তাৰিখ দেওবাৰে দ্বিতীয় বর্ষপূৰ্তি অনুষ্ঠান ভাগ গুৱাহাটী স্থিত বিষ্ণু-নিৰ্মলা ভৱনত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম বর্ষপূৰ্তিৰ ধাৰা অব্যাহত ৰাখি মঞ্চৰ তৰফৰ পৰা দ্বিতীয় বর্ষপূৰ্তিটো তিনিগৰাকী বিশেষ ব্যক্তিক বঁটা প্ৰদান কৰাৰ বাবে নিৰ্বাচন কৰা হৈছে। সাহিত্য আৰু সামাজিক কামৰ স্বীকৃত স্বৰূপে মঞ্চৰ তৰফৰ পৰা বিশিষ্ট শিশু সাহিত্যক আৰু সমাজকৰ্মী সুৰেন্দ্ৰ মোহনদাসক সাহিত্য সঞ্জীৱনী বঁটা, বিশিষ্ট কবি ইপুল হুছেইনক সাহিত্য উদগনি বঁটা, বিশিষ্ট লেখিকা মানিষা শৰ্মাক সাহিত্য প্ৰেৰণা বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে। ইয়াৰ ওপৰিও মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত অনুসৰি সাহিত্য উদ্দীপনা বঁটা-২০২২ ৰ বাবে প্ৰকাশিত কবিতাৰ গ্ৰন্থ আহ্বান কৰা হৈছিল। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় অৰ্ধ শতাধিক কবিয়ে তেওঁলোকৰ কবিতা পুথি প্ৰেৰণ কৰিছিল।

এই কবিতা পুথি সমুহৰ মাজৰ পৰা বিচাৰকে জুবিলী গগৈৰ “যি কথা কাকো কোৱা ন’হল”, জিতেন নাথৰ “পানী যুৱলিৰ ঘৰ”, গীতাঞ্জলী বৰকটকী ভাগৱতীৰ “শামুকৰ খোলাত শুই আছে চহৰখন” নামৰ তিনিখন কবিতা পুথি সাহিত্য উদ্দীপনা বঁটাৰ বাবে নিৰ্বাচন কৰে। দ্বিতীয় বর্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি মঞ্চৰ তৰফৰ পৰা অনলাইন যোগে সদৌ অসম ভিত্তিত অনুষ্ঠিত হৈছিল কবিতা, গল্প আৰু অণুগল্প প্ৰতিযোগিতা। কবিতা প্ৰতিযোগিতা অনন্ত কুমাৰ ভূঞাই প্ৰথম স্থান, চঞ্চল দেৱনাথ আৰু বিজুলতা পায়েঙে যুটীয়াভাৱে দ্বিতীয় স্থান আৰু ৰশ্মিৰেখা দুৱৰা আৰু মুনমী স্নিগ্ধা গুঞ্জনে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। গল্প প্ৰতিযোগিতাত মালবিকা দেৱীয়ে প্ৰথম স্থান, ৰঞ্জিত বৰ্মনে দ্বিতীয় স্থান আৰু গিৰিন্দ্ৰ কলিতা আৰু কামাখ্যা প্ৰসাদ হাজৰিকাই যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। অণুগল্প প্ৰতিযোগিতাত পল্লৱী ডেকাই প্ৰথাম স্থান, দীপ্তি গগৈ বুঢ়াগোহাঁই দ্বিতীয় স্থান, হিমাজ্যোতি তালুকদাৰে তৃতীয় স্থান আৰু নুৰ আলম শইকীয়াই উদগনিমূলক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। ১ অক্টোবৰ দেওবাৰে ৰাতিপুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হব লগা মঞ্চৰ দ্বিতীয় বর্ষপূৰ্তি অনুষ্ঠানত আটাইকেইগৰাকী ব্যক্তিকে বঁটা আৰু পুৰস্কাৰ সমূহ আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হব। বঁটা আৰু পুৰস্কাৰ গ্ৰহণৰ বাবে আটাইকেইগৰাকী ব্যক্তিকে অনুষ্ঠানত উপস্থিত থাকিবলৈ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলে অনুৰোধ জনাইছে। মঞ্চৰ দ্বিতীয় বর্ষপূৰ্তি অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ ডঃ দয়নন্দ পাঠক মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক শংকৰ গোহাঁই আৰু নিউজ লাইভৰ বাতৰি পৰিবেশক আৰু জ্যেষ্ঠ সাংবাদিক বনদ্বীপ গোস্বামী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বুলি অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ : অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হিমাংশু পাঠক, কাৰ্য্যকৰী সভাপতি প্ৰসন্ন কুমাৰ বৰা, মুখ্য সম্পাদক দেবর্ষি গৌতম, সম্পাদক ভাস্কৰ প্ৰিয়ম হাজৰিকা স্বাক্ষৰিত প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে।

অনুষ্ঠানটো সঞ্চালনা কৰিব মহানগৰ কবি কাননৰ সভাপতি তথা বিশিষ্ট কবি কমলজিৎ কলিতাই। ইয়াৰ উপৰিও মঞ্চৰ মুখ্য উপদেষ্টা বিশিষ্ট সাহিত্যিক ৰঞ্জন জ্যোতি শর্মা বৰদলৈ, উপদেষ্টা বিশিষ্ট লেখক মুকুট শৰ্মা, বিশিষ্ট লেখক-সমালোচক বিপুল শৰ্মা, বিশিষ্ট গল্পকাৰ অজয় কুমাৰ বৰা, বিশিষ্ট লেখিকা-গল্পকাৰ নীলাঞ্জনা পাচনী, বিশিষ্ট কবি-সমাজকৰ্মী মেৰাজ ৱাচিকুৰ ৰহমান উপস্থিত থাকিব। অনুষ্ঠানটো সুকলমে অনুষ্ঠিত কৰিবলৈ প্ৰতিগৰাকী সাহিত্য প্ৰেমী ৰাইজৰ সহায়-সহযোগ আৰু দিহা-পৰামৰ্শ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলে কামনা কৰিছে।

Leave A Reply