Home Blog Page 1370

বিজনীৰ পাণবাৰীত বন্যজন্তুৰ অংগ, পিষ্টলসহ এজনক গ্ৰেপ্তাৰ…

বিজনীৰ পাণবাৰীত বন্যজন্তুৰ অংগ, পিষ্টলসহ এজনক গ্ৰেপ্তাৰ।

বন বিভাগৰ অভিযানত ছফিউৰ ৰহমান নামৰ এজনক গ্ৰেপ্তাৰ। ছফিউৰ ৰহমানৰ ঘৰৰ পৰা জব্দ গঁড়ৰ খৰ্গ, হৰিণাৰ সিং।

পাণবাৰীৰ বগিদ্বাৰাৰ বাসিন্দা ছফিউৰ ৰহমান। বনকৰ্মী-CRPFয়ে ছফিউৰ ৰহমানৰ ঘৰত চলাইছিল অভিযানত।

যদি আপুনি ওজন কমাব বিচাৰে তেন্তে এই পাঁচটা ফল আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক…

যদি আপুনি ওজন কমাব বিচাৰে তেন্তে আপুনি আপোনাৰ খাদ্যত কিছুমান বিশেষ আৰু আঁহযুক্ত ফল যোগ কৰিব লাগিব। ইয়াৰ দ্বাৰা আপোনাৰ শৰীৰে পুষ্টি লাভ কৰিব আৰু আপোনাৰ চৰ্বিও কমিব। পেট আৰু কঁকালৰ চৰ্বি দ্ৰুতভাৱে বৃদ্ধি পাই। এনে পৰিস্থিতিত মানুহে ওজন কমাবলৈ ব্যায়াম, খাদ্য আৰু জিমৰ ওপৰত গুৰুত্ব দিয়ে। কিন্তু যদি আপুনি সোনকালে ওজন কমাব বিচাৰে তেন্তে খাদ্যত কিছু বিশেষ পৰিৱৰ্তন কৰি ওজন হ্ৰাস কৰিব পাৰে। ইয়াৰ বাবে আপুনি খাব লাগিব কিছুমান বিশেষ ফল।

অমিতা
যিসকল লোকে পেটৰ বিষত ভোগে বা ওজন কমাব বিচাৰে তেওঁলোকে অমিতা খাব লাগে। অমিতা খালে আপোনাৰ চৰ্বি সোনকালে কমিব আৰু আপোনাৰ পাচনতন্ত্ৰও ভালে থাকিব।

কমলা ভিটামিনৰ এক ভঁৰাল। ইয়াৰ উপৰিও কমলাত প্ৰচুৰ পৰিমাণে আঁহ থাকে আৰু ইয়াৰ ফলত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয়। গতিকে যদি আপুনি ওজন কমাব বিচাৰে তেন্তে কমলা বা কমলাৰ ৰস খোৱাটো অতি উপকাৰী।

আপেলে আপোনাৰ ওজন কমোৱাতো সহায় কৰিব। আপেলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। ইয়াৰ উপৰিও ইয়াৰ কেলৰিও বহুত কম। দৈনিক এটা আপেল খোৱাটোৱে ওজন হ্ৰাসৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব।

নাচপতি পুষ্টিকৰ উপাদানৰে সমৃদ্ধ ফল। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আৰু পানী পোৱা যায়। নাচপতিত পোৱা পুষ্টিকৰ উপাদানসমূহেও আপোনাৰ শৰীৰক সুস্থ কৰি ৰাখিব আৰু আপোনাৰ ওজন বৃদ্ধি কৰিবলৈ নিদিয়ে।

ওজন কমাবলৈ তৰমুজ আটাইতকৈ উত্তম বিকল্প। ইয়াত প্ৰচুৰ পৰিমাণে পানী থাকে যিয়ে আপোনাৰ শৰীৰক হাইড্ৰেটেড কৰি ৰাখিব আৰু ইয়াৰ আঁহ আপোনাৰ পেটৰ বাবে ভাল হ’ব। ভিটামিন এ, ভিটামিন চি আৰু বহু প্ৰকাৰৰ এন্টি অক্সিডেন্ট ইয়াত পোৱা যায়, যাৰ ফলত শৰীৰত বহু উপকাৰ পোৱা যায়।


গুৱাহাটীত ‘আপ’ৰ কৰ্ম্মী সভা। সন্মুখত নির্বাচন, দলীয় কৰ্মীক কঁকালত টঙালি বন্ধাৰ আহ্বান সভাপতি ভবেন চৌধুৰীৰ…

ৰাজ্যৰ সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে আম আদমি পার্টীয়ে ইতিমধ্যে আৰম্ভ কৰিছে নির্বাচনী কুচকাৱাজ। ৰাজ্যৰ গাওঁ পঞ্চায়ত সমূহ দখলৰ ৰণ কৌশল যুগুত কৰিবলৈ দলটোৱে ব্যাপক সাংগঠনিক তৎপৰতা চলোৱাৰ সময়তে আজি দলটোৰ গণেশগুৰিস্থিত ৰাজ্যিক কার্যালয়ত সভাপতি ভবেন চৌধুৰীৰ উপস্থিতিত এখন কৰ্ম্মী সভা অনুষ্ঠিত হৈ যায়। সভাত দলটোৰ জিলা সদস্যপদ সমন্বয়ক সকলৰ সৈতে এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় আৰু আগন্তুক দিনত দলটোৰ প্ৰচাৰ আৰু প্ৰসাৰ সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। সভাত বিভিন্ন জিলাৰ পৰা দলটোৰ অক্লান্ত কৰ্মীসকলক একোখনকৈ মানপত্র, ফুলাম গামোচা আদিৰে সম্বৰ্দ্ধনা জনোৱা হয়। সভাপতি ভবেন চৌধুৰীয়ে সমাগত পঞ্চায়ত নিৰ্বাচনত আসন সমূহ আপৰ দখললৈ অনাৰ বাবে সকলো দলীয় কর্মীক সাজু হ’বলৈ আহ্বান জনায়।

তাৰোপৰি পঞ্চায়ত আইন সংশোধনৰ জৰিয়তে ৰাজ্যৰ পঞ্চায়তী ব্যৱস্থাক বিজেপিয়ে কুক্ষিগত কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে আম আদমি পাৰ্টীয়ে। জনতাৰ সৈতে পোনপটীয়াকৈ জড়িত এই আইন সন্দৰ্ভত চৰকাৰে সিদ্ধান্ত লওঁতে দল-সংগঠন তথা ৰাজহুৱা অনুষ্ঠানসমূহৰ সৈতে আলোচনা কৰি সকলোৰে মতামত লোৱাটো উচিত বুলি মত প্ৰকাশ কৰে ভবেন চৌধুৰীয়ে। আজিৰ সভাত সম্পাদক ভিক্টৰ গগৈ,অম্লান বৰুৱা, জাৰবম কুটুম, ৰুদ্ৰাংকুৰ হাজৰিকা আদিকে কৰি বহুকেইজন ৰাজ্যিক বিষয়ববীয়া উপস্থিত থাকে।

লাহৰীঘাট আৰক্ষীৰ ৬ খন চুৰি ই-ৰিক্সাসহ দুই চোৰক আটক…

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ধূপগুৰিত শনিবাৰে নিশা প্ৰায় ৯.৩০ বজাত স্হানীয় ৰাইজে কৌশলগত ভাৱে এখন স্কুটিৰে আহি থকা ৰূপম আলী নামৰ এজন চোৰক কৰায়ত্ত কৰি লাহৰীঘাট আৰক্ষীক গতাই দিয়ে। লাহৰীঘাট আৰক্ষীয়ে আটকাধীন ই-ৰিক্সা চোৰক সোধপোচ কৰি ১ খন ই-ৰিক্সা উদ্ধাৰ কৰে, এই ই-ৰিক্সা খন গুৱাহাটীৰ পৰা চুৰি হৈছিল। আৰক্ষীয়ে ৰূপম আলীক জেৰা কৰাত ৰূপম আলীয়ে চাদ্দামৰ ঘৰ দেখুৱাই দিয়াত তাৰ পৰা এখন আৰু ভূঞাবাৰী গাঁৱৰ ইব্রাহীম আলীৰ ঘৰৰপৰা আৰু এটা ই-ৰিক্সা উদ্ধাৰ কৰে।

আৰক্ষীয়ে এই পৰ্যন্ত দুজন ই-ৰিক্সা চোৰক আটক কৰি মুঠ ৬ খন ই-ৰিক্সা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত ই-ৰিক্সা চোৰ দুটা ক্ৰমে মৰিগাঁও মৰিমুছলমান গাঁৱৰ ৰূপম আলী আৰু ভূঞাবাৰী গাঁৱৰ ইব্রাহীম আলী আৰু এজন ই-ৰিক্সা চুৰি কাৰ্যত চাদ্দাম হুছেইন বৰ্তমান পলাতক আছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

‘আদিপুৰুষ’ৰ পিছত ‘ভগৱান শিৱ’ ৰূপত প্ৰভাস, মুখ্য চৰিত্ৰত অভিনয় কৰিব কৃতি ছাননৰ ভগ্নী নুপুৰ ছাননে…

শেহতীয়া খবৰ অনুসৰি আদিপুৰুষত শ্ৰীৰামৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত এতিয়া প্ৰভাসক কন্নপ্পাত ভগৱান শিৱৰ চৰিত্ৰত দেখা যাব। এই ছবিখনত কৃতি ছাননৰ ভগ্নী নুপুৰ ছাননক প্ৰভাসৰ সৈতে অভিনয় কৰাৰ খবৰ ওলাইছে। ছুপাৰষ্টাৰ প্ৰভাসৰ আগন্তুক ছবি ‘ছালাৰ’ৰ বাবে বাতৰিৰ শিৰোনাম। প্ৰভাসৰ ‘ছালাৰ’ ছবিখন পূৰ্বে ২৮ ছেপ্টেম্বৰত মুক্তি পোৱাৰ কথা আছিল যদিও তাৰ পিছত কিছু কাৰণত ছবিখনৰ মুক্তি পিছুৱাই দিয়া হয়। কিন্তু এতিয়া ‘ছালাৰ’ স্থগিত ৰখাৰ বাবে প্ৰভাসৰ অনুৰাগীসকলৰ বাবে এটা নতুন ভাল খবৰ ওলাইছে। ভগৱান শিৱৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাজু হৈছে প্ৰভাস। তেলেগু ছবি কান্নপ্পাত প্ৰৱেশ কৰিছে প্ৰভাস। ভক্ত কানাপ্পাৰ আধাৰত নিৰ্মিত এই ছবিখনত ইতিমধ্যে বহু ডাঙৰ তাৰকা আছিল যদিও এতিয়া প্ৰভাসেও প্ৰৱেশ কৰিছে। প্ৰভাসৰ এই প্ৰৱেশ নিশ্চিত কৰিছে স্বয়ং দক্ষিণ তাৰকা বিষ্ণু মাঞ্চুৱে। কানাপ্পা ছবি বিষ্ণু মাঞ্চুৰ সপোনৰ প্ৰকল্প, যাৰ বাবে তেওঁ বহুত কষ্ট কৰিছে। এই ছবিখনত কৃতি ছাননৰ ভগ্নী নুপুৰ ছাননে মহিলা মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

কানাপ্পা ছবি পৰিচালনা কৰিছে মুকেশ কুমাৰ সিঙে।

ভাৰত বিশ্বাস আধ্যাত্মিকতা পৰম্পৰাৰ বৈচিত্ৰ ভূমি। গনতন্ত্ৰৰ মাতৃ আমাৰ দেশ- মোদী…

গনতন্ত্ৰৰ মাতৃ ভাৰত গনতান্ত্ৰিক নীতিত বিশ্বাসী। অনাদি কালৰ পৰা এই নীতিত দৃঢ় হৈ থকা ভাৰতে ” বসুধৈৱ কুটুম্বকম”ৰ মৌলিক নীতিৰে বিশ্বখনক এটা পৰিয়াল কৰি লৈছে। নতুন দিল্লীত অনুষ্ঠিত জি-২০ৰ সন্মিলনত নিজৰ ভাষন প্ৰসংগত এই মন্তব্য দাঙি ধৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ বিশ্বখনক এটা পৰিয়ালৰ ধাৰণাৰে প্ৰতিগৰাকী ভাৰতীয়কে এক বিশ্বৰ দায়িত্ববোধেৰে সংযোগ কৰা বুলি উল্লেখ কৰি ভাৰত বিশ্বাস আধ্যাত্মিকতা আৰু পৰম্পৰাৰ বৈচিত্ৰ ভূমি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে নিজৰ ভাষন প্ৰসংগত। প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বই জলবায়ু সুৰক্ষা নীতিৰে সংগতি ৰাখি “আন্তঃৰাষ্ট্ৰীয় বাজৰা বৰ্ষ” উদযাপনৰ মনোভাবেৰে চিপিঅ’-২৬ ত গ্ৰীন গ্ৰীডছ ইনিচিয়েটিভ, ” এক সূৰ্য এক বিশ্ব এক গ্ৰীড” ৰ শুভাৰম্ভ কৰা বুলি বিশ্বৰ নেতাসকলৰ আগত উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ ভাষন প্ৰসংগত ৰাষ্ট্ৰীয় সেউজ হাইড্ৰোজেন উৎপাদনৰ বিষয়ে উল্লেখ কৰি গ্ৰীন ক্ৰেডিটে আমাক আগুৱাই যোৱাৰ পথ দেখুৱাইছে বুলি মত প্ৰকাশ কৰে। তেওঁ জি-২০ ৰ দেশ সমূহক “সেউজ ঋন পদক্ষেপ ” ৰ কাম আৰম্ভ কৰাৰো প্ৰস্তাব উত্থাপন কৰে নিজৰ ভাষন প্ৰসংগত।

বিতৰ্কত ঠিকাদাৰে ব্যয় কৰিব ২০০ কোটি। জালুকবাৰীত নিৰ্মান হব সুউচ্চ মোদীৰ প্ৰতিমূৰ্তি…

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ সমীপত নিৰ্মাণ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুউচ্চ প্ৰতিমূৰ্তি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীত এইবাৰ নিৰ্মাণ কৰিবলগীয়া প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তি চৰকাৰ বা দল সংগঠনে নিৰ্মাণ নকৰে। মোদীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে এগৰাকী বিতৰ্কত ঠিকাদাৰে। এই বাতৰি প্ৰকাশ হোৱাৰ লগে লগে চৌদিশে প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে। অভিযোগ মতে বিতৰ্কত ঠিকাদাৰ নবীন বৰাই ইতিপূৰ্বেও উক্ত ভূমিত ব্যৱসায়ীক প্ৰতিষ্ঠান নিৰ্মাণ কৰাৰ নামত বহু ব্যক্তিৰ পৰা কোটি কোটি টকা অগ্ৰিম ধন আদায় কৰি আজি পৰ্যন্ত ধন ওভোটাই দিয়া নাই। আনকি প্ৰতিষ্ঠানো নিৰ্মাণ নকৰিলে এই গৰাকী বিতৰ্কত নবীন বৰাই। একাংশ ব্যৱসায়ীয়ে নবীন বৰাৰ বিৰুদ্ধে আদালতত গোচৰ তৰা বুলিও স্থানীয় একাংশই সদৰি কৰে। আনহাতে নবীন বৰাৰ প্ৰস্তাবিত মোদীৰ প্ৰতিমূৰ্তি স্হাপনৰ বিষয়ে সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই স্পষ্ট কৰি দি কয় যে ভূপেন হাজৰিকাৰ ব্যক্তিত্ব একক অনন্য আৰু অদ্বিতীয়। ভূপেন দাৰ লগত আন কাৰোবাক তুলনা কৰি লাভ নাই বুলিও ডঃ ভট্টাচাৰ্যই স্পষ্ট কৰি দিয়ে। একেদৰে আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই ভূপেন দাৰ সমান কোনো নাছিল আৰু হব নোৱাৰে বুলি দৃঢ় মত প্ৰকাশ কৰি প্ৰতিমূৰ্তিৰ আকাৰে ব্যক্তিত্ব তুলনা নহয় বুলিও স্পষ্ট কৰি দিয়ে। একেদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰ লক্ষ্য কৰি পৰবৰ্তী সময়ত তেওঁ নিজেই এনে প্ৰতিমূৰ্তি উঠাই নিব বুলি কটাক্ষ কৰে।

ভূপেন বৰাই ডঃ শৰ্মাই কংগ্ৰেছ দলৰ সদস্য হৈ থকা সময়ত জালুকবাৰীত এটা ৰাজীব ভবন স্হাপন কৰি পৰবৰ্তী সময়ত উঠাই নিয়া বুলিও সংবাদমাধ্যমৰ আগত ক্ষোভ ব্যক্ত কৰে। বিতৰ্কত ঠিকাদাৰ নবীন বৰাই নিৰ্মাণ কৰিব লগীয়া প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তিত ব্যয় কৰিব ২০০ কোটি টকা। চৰকাৰ তথা সাংস্কৃতিক বিভাগে সুধাকণ্ঠৰ সমাধিক্ষেত্ৰৰ সমীপত প্ৰস্তাবিত মোদীৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ক্ষেত্ৰত কি ব্যৱস্হা গ্ৰহন কৰে সেয়া হব লক্ষ্যনীয়।

তিনিটা পৰ্যায়ত ৰাজ্যত পুনৰ গুনোৎসৱ। নৱবৰ্ষৰ জানুৱাৰীৰ পৰা গুনোৎসৱ…

নৱবৰ্ষৰ আৰম্ভনিতেই ৰাজ্যত পুনৰ আৰম্ভ হব গুনোৎসৱ। তিনিটা পৰ্যায়ত অনুষ্ঠিত হব গুনোৎসৱ। ইতিমধ্যে শিক্ষা বিভাগে এই বিষয়ে ঘোষনা কৰি প্ৰথম পৰ্যায়ত ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰী পৰ্যন্ত ১০ খন জিলা সামৰি লোৱা হৈছে। সেইমৰ্মে প্ৰথম পৰ্যায়ত বৰপেটা, কৰিমগঞ্জ, কামৰূপ, কাৰ্বিআংলঙ, কোকৰাঝাৰ, লক্ষীমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিন শালমাৰা মানকাছাৰ আৰু ওদালগুৰিক সামৰি লোৱা হ’ব।

দ্বিতীয় পৰ্যায়ত ৯ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীত বাকসা,চিৰাঙ,চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, কামৰূপ মহানগৰ, শোনিতপুৰ আৰু তিনিচুকীয়াক সামৰি লোৱা হৈছে। আনহাতে ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰী পৰ্যন্ত আৰম্ভ হবলগীয়া তৃতীয় আৰু অন্তিম গুনোৎসৱত বঙাইগাঁৱ, দৰঙ, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাচাও, মাজুলী, আৰু পশ্চিম কাৰ্বিআংলঙক সামৰি লোৱা হৈছে।

বিগ বি অমিতাভ বচ্চনৰ প্ৰশ্ন, কে বি চিত পুনৰ ডঃ হিমন্ত বিশ্ব শৰ্মা…

দূৰদৰ্শনৰ পৰ্দাৰ অতি জনপ্ৰিয় ৰিয়েলিটি অনুষ্ঠান “কৌন বনে কৌড়পতি ” ত পুনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। কেচিচিৰ হট্ চিটত প্ৰতিযোগীক প্ৰশ্ন মেগাষ্টাৰ অমিতাভ বচ্চনৰ। এই জনপ্ৰিয় অনুষ্ঠানটোত শুদ্ধ উত্তৰ দি বহু প্ৰতিযোগী কোটিপতি হৈছে। ইয়াৰ পূৰ্বেও অমিতাভ বচ্চনে কেবিচিৰ অনুষ্ঠানটোত প্ৰতিযোগীক শুধিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰায়েই কোনটো নামেৰে মতা যায়।

ইয়াৰ বাবে তেওঁ উত্তৰত ৰাখিছিল , এ- চাচা, বি- মামা, চি- কাকা আৰু ডি- টাউ। অবশ্যে প্ৰতিযোগী গৰাকীয়ে মামা বুলি সম্পূৰ্ণ শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছিল। বৰ্তমান ১৫ সংখ্যক সংস্কৰণত স্বাভাবিক কথন শৈলীৰে প্ৰতিযোগীক প্ৰশ্ন মেগাষ্টাৰ অমিতাভ বচ্চনৰ– যোৰহাটত জন্মগ্ৰহণ কৰা কোনজন মুখ্যমন্ত্ৰী বেডমিণ্টন এচোছিয়েশ্যন অব্ ইণ্ডিয়াৰ সভাপতি। প্ৰতিযোগীজনৰ সম্মুখত ৰখা বিকল্প উত্তৰ সমূহ এ- নবীন পাটনায়ক, বি- ভূপেশ বাঘেল, চি- নীতিশ কুমাৰ আৰু ডি- হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰীৰ ডঃ হিমন্ত বিশ্ব শৰ্মাই জনপ্ৰিয় ৰিয়েলিটি শ্বো কে বি চিত দ্বিতীয় বাৰৰ বাবে স্হান পোৱাত আনন্দৰ জোৱাৰ উঠিছে ৰাজ্যখনত।

আশা পূৰণ! ভাৰতৰ প্ৰচেষ্টাত জি-২০ৰ স্থায়ী সদস্যপদ লাভ কৰিলে আফ্ৰিকান ইউনিয়নে…

অৱশেষত যেন আশা পূৰণ হ’ল আফ্ৰিকান ইউনিয়নৰ। ভাৰতৰ প্ৰচেষ্টাতে জি-২০ৰ স্থায়ী সদস্যপদ লাভ কৰিলে আফ্ৰিকান ইউনিয়নে। ভাৰতত অনুষ্ঠিত জি-২০ৰ সন্মিলনতআফ্ৰিকান ইউনিয়নক জি ২০ৰ স্থায়ী সদস্যপদ প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে জি ২০ৰ মঞ্চৰ পৰা এই ঘোষণা কৰে।অনুষ্ঠানটোত আফ্ৰিকান ইউনিয়নৰ সভাপতি আজালি আছুমানীও উপস্থিত আছিল। মোদীয়ে তেওঁক জি-২০লৈ আমন্ত্ৰণ জনাই কয় “সকলোৰে সন্মতিত আফ্ৰিকান ইউনিয়নক জি-২০ মিত্ৰজোঁটৰ স্থায়ী সদস্য কৰা হৈছে। কেন্দ্ৰীয় সভাপতি আজালি আছুমানীক মিত্ৰজোঁটত তেওঁৰ আসন গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।’’ উল্লেখ্য আফ্ৰিকান ইউনিয়নৰ ৫০ খনতকৈও অধিক সদস্য ৰাষ্ট্ৰ আছে। মোদীৰ এই পদক্ষেপৰ উদ্দেশ্য হৈছে আন দেশৰ সৈতে আফ্ৰিকাই বিশ্ব মঞ্চত আধিপত্য বিস্তাৰ কৰাৰ লগতে উন্নয়নৰ দিশত আন দেশৰ সৈতে সমানে আগবাঢ়ি যোৱা।

জি-২০ সন্মিলনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে মানৱ কল্যাণৰ বাৰ্তা দিয়ে। তেওঁ ইউক্ৰেইনৰ যুদ্ধ আৰু খাদ্য সুৰক্ষাৰ বিষয়েও বাৰ্তা প্ৰেৰণ কৰে। মোদীয়ে তেওঁৰ ভাষণত কয়- ভাৰত বিশ্বাস, আধ্যাত্মিকতা আৰু পৰম্পৰাৰ বৈচিত্ৰ্যৰ ভূমি। বিশ্বৰ একাধিকমূল ধৰ্মৰ ইয়াতেই উৎপত্তি হৈছিল আৰু বিশ্বৰ প্ৰতিটো ধৰ্মই ইয়াত সন্মান লাভ কৰিছে।
‘গণতন্ত্ৰৰ মাতৃ’ হিচাপে আলোচনা আৰু গণতান্ত্ৰিক নীতিৰ প্ৰতি আমাৰ বিশ্বাস অনাদি কালৰপৰাই দৃঢ় হৈ আছে। আমাৰ বৈশ্বিক আচৰণৰ মূলতে আছে ‘বসুধৈৱ কুটুম্বকম’ৰ মৌলিক নীতি, যাৰ অৰ্থ হৈছে ‘বিশ্বখন এটা পৰিয়াল’।বিশ্বখনক এটা পৰিয়াল হিচাপে গণ্যৰ এই ধাৰণাটোৱেপ্ৰতিজন ভাৰতীয়কে ‘এক বিশ্ব’ৰ দায়িত্ববোধেৰেও সংযোগ কৰে।