Home Blog Page 1371

অসম চৰকাৰৰ স্বাস্থ্য বিভাগত অস্বাস্থ্যকৰ কৰ্মত উদ্বেগ প্ৰকাশ মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ…

অসমত পূৰ্বৰ তুলনাত সৰ্প দংশনৰ ঘটনা আৰু হৃদৰোগ ব্যাপকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আন বহু স্বাস্থ্যজণিত জৰুৰীকালীন সেৱাৰ লগতে এই দুয়ো ৰোগ বা ঘটনা জৰুৰীকালীন চিকিৎসা ব্যৱস্থাৰ অন্তৰ্গত হোৱা উচিত যদিও দেশৰ স্বধীনতাৰ পইসত্তৰ বছৰ পিছতো বৰ্তমান অসমৰ স্বাস্থ্য খণ্ডৰ এনে পয়ালগা তথা শোচনীয় অৱস্থা। এই সন্দৰ্ভত অলপতে দেশৰ বিশিষ্ট অন্ধবিশ্বাস বিৰোধী নেতা,ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই গহপুৰ কনকলতা বৰুৱা মহকুমা অসামৰিক চিকিৎসালয়,বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয় আদি পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই কেওখন চিকিৎসালয়ৰ সোপা ঢিলা ব্যৱস্থাক তীক্ষ্ণভাৱে সমালোচনা কৰে। ডঃ শইকীয়াই গহপুৰ অসামৰিক চিকিৎসালয়ত ৩০টা এন্টি স্নেক ভেনম পতক্ষ কৰে যদিও চিকিৎসালয়ৰ কৰ্তৃপক্ষই ডঃ শইকীয়াক অৱগত কৰে যে উক্ত চিকিৎসালয়ত আজিলৈকে কোনো সৰ্প দংশনৰ ৰোগীক চিকিৎসা প্ৰদান কৰা হোৱা নাই।

কাৰণ উপযুক্ত চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ অভাৱ। ইফালে বিশ্বনাথ অসামৰিক চিকিৎসালয় পৰিদৰ্শনকালত ডঃ দিব্যজ্যোতি শইকীয়া এক নাভূট নাশ্ৰুত পৰিস্থিতিৰ সন্মুখীন হয় । বিশ্বনাথ মহকুমা চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ জোনালী গৈগয়ে অসমত বিষধৰ সাপ নায়েই বুলি অদ্ভুত যুক্তি দৰ্শায়। কৰ্তৃপক্ষৰ মুখত এনে হাস্যকৰ টুলুঙা মন্তব্যত ডঃ শইকীয়া আচৰিত হয়। তেওঁলোকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ ৰেফাৰ কৰে। অসমৰ প্ৰায় প্ৰতিখন চিকিৎসালয়ৰ কেৱল মাত্ৰ ৰেফাৰ মানসিকতাৰ হতাশজনক প্ৰতিছবি। আজি পুৱাৰ ভাগত বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া উপস্থিত হয় তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ তেওঁ হতস্তম্ভ হয়।

কাৰণ যিসমূহ চিকিৎসালয়ে এনে ধৰণৰ বৃহৎ বৃহৎ চিকিৎসা মহাবিদ্যালয়লৈ ৰেফাৰ কৰে তেনে চিকিৎসা মহাবিদ্যালয়ত নাই কোনো হৃদৰোগ বিশেষজ্ঞ নাই সৰ্প দংশনৰ ওপৰত পাৰদৰ্শিতা থকা কোনো প্ৰশিক্ষনপ্ৰাপ্ত চিকিৎসক তথা চিকিৎসাকৰ্মী। কেৱল দুখন বিছনাৰে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই চলাই আহিছে সৰ্প দংশনৰ দৰে জৰুৰীকালীন চিকিৎসা ব্যৱস্থা। সমগ্ৰ বিষয়ৰ ওপৰত মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই অসম চৰকাৰৰ স্বাস্থ্য বিভাগে সাধাৰণ নাগৰিকৰ প্ৰতি কৰা এনে অৱহেলাক চূড়ান্ত ভাবে মৌলিক অধিকাৰ তথা মানৱ অধিকাৰ উলঙ্ঘন কৰা বুলি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ শীঘ্ৰে অসমৰ স্বাস্থ্য খণ্ডক অট্টালিকামুখী নকৰি সাধাৰণ নাগৰিকৰ বাবে ধনাত্মক দিশত কাম কৰিবলৈ চৰকাৰক দাবী জনায়।

ভাৰতে ৰে’লপথেৰে সংযোগ কৰিব ভূটানক ! শীঘ্ৰেই নিৰ্মাণ হ’ব ভাৰত-ভূটান সংযোগী ৫৭.৫ কিঃমিঃ ৰে’লপথ…

ভাৰতে ৰে’লপথেৰে সংযোগ কৰিব ভূটানক।

শীঘ্ৰেই নিৰ্মাণ হ’ব ভাৰত-ভূটান সংযোগী ৫৭.৫ কিঃমিঃ ৰে’লপথ।

ৰে’লপথ সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ১২০০ কোটি টকা আৱণ্টন।

বিশ্বৰ নেতাই নেদেখক! জি ২০ সন্মিলনৰ বাবেই সেউজীয়া কাপোৰেৰে ঢাকি দিয়া হ’ল দিল্লীৰ বস্তি…

বিশ্বৰ নেতাই নেদেখক! সেই উদ্দেশ্ই জি ২০ সন্মিলনৰ সময়ত দিল্লীৰ বস্তি এলেকা সেউজীয়া কাপোৰেৰে আঁৰ কৰি ৰখা হৈছে। দুদিনীয়া জি-২০ সন্মিলনৰ বাবে দিল্লীৰ সৌন্দৰ্যবৰ্ধনৰ নামত প্ৰায় ৪০০০ কোটি টকা ব্যয় কৰা হৈছে। সৌন্দৰ্যবৰ্ধনৰ নামত দিল্লীৰ হাজাৰ হাজাৰ দৰিদ্ৰ লোকক তেওঁলোকৰ ঘৰৰ পৰা স্থানান্তৰিত কৰা হৈছে বুলি বিৰোধী শিবিৰে অভিযোগ কৰিছে। জি-২০ সন্মিলনৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে শুক্ৰবাৰে দিল্লীত উপস্থিত হৈছিল। তেওঁলোকক আদৰণি জনোৱা হৈছিল বিশাল প্ৰস্তুতিৰে। সমগ্ৰ দিল্লী লেজাৰৰ লাইটৰ পৰা পানীৰ ফোঁৱৰালৈকে, বিভিন্ন মূৰ্তিৰ পৰা ফুলৰ টাবলৈলৈকে সজাই তোলা হৈছে। ইয়াৰ বিপৰীতে, নেতাসকলৰ চকুৰ পৰা লুকুৱাই ৰাখিবলৈ বস্তি এলেকাবোৰ সেউজীয়া কাপোৰেৰে ঢাকি দিয়া হৈছে। কিছুমান ঠাইতবস্তি ভাঙি পেলোৱা হৈছে আৰু দৰিদ্ৰ লোকসকলক উচ্ছেদ কৰা হৈছে। আনকি শীত আৰু বাৰিষাত ফুটপাথবাসীসকলে থাকিবপৰাকৈ নিৰ্মাণ কৰা আশ্ৰয়স্থলবোৰো ধ্বংস কৰা হৈছে। কংগ্ৰেছে এই বিষয়টোক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি কয়, “ৰজাই দৰিদ্ৰ লোকসকলক ভাল নাপায়। তেওঁ ব্যয়বহুল কাম, দামী কাপোৰ, দামী জোতা, বিলাসী গাড়ী ভালপায়। “।

চৰকাৰৰ মতে, চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা চাৰি মাহত সমগ্ৰ দিল্লীত ৪৫ টা স্থানত উচ্ছেদ অভিযান চলোৱা হৈছে। নগৰ উন্নয়ন মন্ত্ৰালয়ে সংসদক কৈছিল যে এই উচ্ছেদ অভিযানত ২৩০ একৰ চৰকাৰী ভূমি খালী কৰা হৈছে। দিল্লীৰ বস্তি সুৰক্ষা মঞ্চৰ কৰ্মীসকলে অভিযোগ কৰিছে যে তেওঁলোক সকলোৰে ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড আছে, যদিও তেওঁলোক বস্তিবাসী। কিন্তু তেওঁলোকক অবৈধ বেদখলকাৰী হিচাপে খেদি পঠোৱা হৈছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি, দিল্লীৰ ২০ নিযুত লোকৰ ভিতৰত প্ৰায় ৪৭,০০০ লোক গৃহহীন। বাস্তৱত এই সংখ্যাটো ১৫০,০০০ৰ ওচৰত হ’ব। কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ জয়ৰাম ৰমেশে অভিযোগ কৰে যে ভাৰত হৈছে একমাত্ৰ জি-২০ দেশ য’ত প্ৰতি ১০ বছৰত লোকপিয়ল অনুষ্ঠিত কৰা হোৱা নাই। লোকপিয়ল২০২১ চনৰ বাবে নিৰ্ধাৰিত কৰা হৈছিল। মোদী চৰকাৰৰ বিফলতাৰ বাবে ১৪ কোটি লোক খাদ্য সুৰক্ষা ব্যৱস্থাৰ বাহিৰত আছে বুলি ৰমেশে অভিযোগ কৰে।

জি-২০-এ এতিয়া কাম কৰিব লাগিব বিশ্বৰ মহিলা, শিশু, কিশোৰ-কিশোৰীসকলৰ সুস্বাস্থ্যৰ বাবে…

সমগ্ৰ বিশ্বজুৰি বহনক্ষম অৰ্থনৈতিক বিকাশৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱেই হৈছে মহিলা, শিশু আৰু কিশোৰ-কিশোৰীসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিনিয়োগ। প্ৰতি বছৰে জি-২০ ৰ আটাইকেইখন দেশতে প্ৰায় ২০ লাখ মাতৃ, নৱজাতক, শিশু আৰু কিশোৰ-কিশোৰীৰ মৃত্যু ঘটে, যিবোৰ প্ৰতিৰোধযোগ্য মৃত্যু। ইয়াৰ ভিতৰত প্ৰসৱকালীন মৃত্যুও অন্তৰ্ভুক্ত আছে। শেহতীয়া বছৰবোৰত এই নেতিবাচক ফলাফলৰ মূল কাৰকসমূহৰ ভিতৰত আছে “চাৰিটা মুখ্য দিশ” ক্ৰমে কভিড-১৯, সংঘাত, জলবায়ু পৰিৱৰ্তন, আৰু জীৱন-যাপনৰ খৰচৰ সংকট। এই আটাইকেইটা কাৰকে সন্মিলিত ৰূপত মহিলা, শিশু আৰু কিশোৰ-কিশোৰীসকলৰ স্বাস্থ্য আৰু কল্যাণ ক্ষেত্ৰত অপৰিসীম ক্ষতিসাধন কৰিছে। ব্যৱস্থাগত বৈষম্য আৰু প্ৰতিকূল বতৰৰ ঘটনা বৃদ্ধি, খাদ্যৰ সুৰক্ষাহীনতা, আৰু দৰিদ্ৰতাই মহিলা, শিশু আৰু কিশোৰ-কিশোৰীসকলৰ সুস্বাস্থ্যৰ ক্ষেত্ৰত প্ৰদান প্ৰতিবন্ধক হিচাপে বিবেচিত হৈ আহিছে। ২০০০ চনত জলবায়ুৰ জৰুৰীকালীন অৱস্থাই ইতিমধ্যে বিশ্বজুৰি ১,৫০,০০০ তকৈ অধিক লোকৰ মৃত্যুৰ বাবে দায়ী আছিল আৰু ইয়েই বিশ্বজুৰি ৰোগাক্ৰান্তৰ বোজা বৃদ্ধি কৰিছিল। তাৎপৰ্যপূৰ্ণভাৱে, ইয়াৰে ৮৮% ই আছিল শিশু। অনুমান কৰা হৈছে যে জলবায়ু জৰুৰীকালীন অৱস্থাত স্থানচ্যুত হোৱা ৮০% ই আছিল মহিলা। ইয়াৰ মূল কাৰণ হৈছে লিংগভিত্তিক অৰ্থনৈতিক আৰু সামাজিক বৈষম্য।


এনে বৈষম্য, পৰিৱেশজনিত ক্ষতি, জন-ধনৰ ক্ষতি আদি অতি দুখদায়ক। ইয়াৰ ফলত মহিলাসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে, যিয়ে “দৰিদ্ৰতাৰ নাৰীকৰণ”ক আৰু অধিক ভয়াৱহ কৰি তোলে। সমগ্ৰ বিশ্বতে মহিলাসকলে পুৰুষতকৈ কম উপাৰ্জন কৰিয়েই আছে, আনকি একে ধৰণৰ শিক্ষা গ্ৰহণ কৰিও তেওঁলোক এই ক্ষেত্ৰত কম উপাৰ্জন কৰিবলগীয়া পৰিস্থিতি চলি আছে। জি-২০ দেশসমূহহ হৈছে বিশ্বৰ দুই তৃতীয়াংশ জনসংখ্যাৰ বাসস্থান আৰু তেওঁলোকে সামূহিকভাৱে গ্ৰহণ কৰা পদক্ষেপসমূহৰ আছে বিশ্বব্যাপী পৰিসৰ।এনে এক পৰিপ্ৰেক্ষিততেই জি-২০এ এতিয়া মহিলা, শিশু, আৰু কিশোৰ-কিশোৰীসকলৰ স্বাস্থ্যৰ অৱস্থা উন্নত কৰাৰ বাবে কাম কৰিব লাগিব আৰু প্ৰতিৰোধযোগ্য মৃত্যু সৈতে মোকাবিলা কৰিব লাগিব। বৰ্তমান ভাৰতে জি-২০ৰ অধ্যক্ষ পদত অধিষ্ঠিত আৰু বিশ্বজুৰি সাৰ্বজনীন স্বাস্থ্যসুৰক্ষা লাভ আৰু স্বাস্থ্যসেৱা সেৱা প্ৰদানৰ উন্নতিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। উদাহৰণস্বৰূপে, ভাৰতে ২০২১ চনত আৰম্ভ কৰা ডিজিটেল কৌশলৰ অংশ হিচাপে ডিজিটেল স্বাস্থ্য সমাধানৰ বাবে কেইবাটাও পদক্ষেপ প্ৰস্তাৱ হিচাপে উত্থাপন কৰিছে। এই ডিজিটেল সঁজুলিসমূহেই এক বিলিয়ন লোকৰ নাম পঞ্জীয়ন কৰি প্ৰতিষেধক কভাৰেজ নিৰীক্ষণ কৰা, আৰু কভিড-১৯ ভেকচিনৰ ১.৭৮ বিলিয়নতকৈ অধিক পালি প্ৰদান কৰাৰ কাম সফলভাৱে ৰূপায়ন কৰি তুলিছিল। জলবায়ু সংকটে জনস্বাস্থ্যৰ ওপৰত পেলোৱা প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি, আৰু মহামাৰীৰ মোকাবিলা কৰিবৰ বাবে উন্নত প্ৰস্তুতি আৰু সঁহাৰিৰ দিশত কৰা প্ৰচেষ্টাৰ ওপৰতো ভাৰতে জলবায়ু-স্বাস্থ্যৰ সংযোগৰ ওপৰত বিভিন্ন পদক্ষেপ গ্ৰহণৰ প্ৰস্তাৱ আগবঢ়াইছে। এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ দিশটো হৈছে এইপদক্ষেপসমূহ লিংগ আৰু বয়সৰ প্ৰতি অতি সংবেদনশীল। উদাহৰণস্বৰূপে মহিলাকেন্দ্ৰিক ডিজিটেল স্বাস্থ্য সেৱাসমূহক এই প্ৰস্তাৱসমূহৰ জৰিয়তে অগ্ৰাধিকাৰ প্ৰদান কৰাৰ কথা উল্লেখ কৰা হৈছে।


গুণগত মানৰ পদ্ধতিসমূহৰ বিতৰণ-বিনিময়ৰ ক্ষেত্ৰত দেখা দিয়াপ্ৰতিবন্ধকতাবোৰৰ মোকাবিলা কৰিবৰ বাবে দেশসমূহৰ মাজত সহযোগিতা অতি গুৰুত্বপূৰ্ণ। জলবায়ু পৰিৱৰ্তনৰ বাবে কাৰ্যকৰী অভিযোজনৰ বাবে প্ৰণালীবদ্ধ দৃষ্টিভংগীৰ প্ৰয়োজন আৰু দেশবোৰে দক্ষিণ-দক্ষিণ আৰু উত্তৰ-দক্ষিণ সহযোগিতাৰ জৰিয়তে বিত্তীয় সম্পদ বৃদ্ধি আৰু প্ৰযুক্তিগত ক্ষমতা গঢ়ি তোলাত ইজনে সিজনৰ প্ৰচেষ্টাক সমৰ্থন কৰাৰ প্ৰয়োজন।মহিলা, শিশু আৰু কিশোৰ-কিশোৰীসকলে সন্মুখীন হোৱা স্বাস্থ্য আৰু সুস্থতাৰ প্ৰত্যাহ্বানবোৰ দূৰ কৰিবলৈ জি-২০ ৰ দেশবোৰেও এলানি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। প্ৰথমতে, জি-২০দেশবোৰে স্বাস্থ্য প্ৰণালী শক্তিশালী কৰিবলৈ, অত্যাৱশ্যকীয় স্বাস্থ্য সেৱাৰ পাবলগীয়া সুবিধা বৃদ্ধি কৰিবলৈ, আৰু স্বাস্থ্যৰ সামাজিক নিৰ্ণায়কসমূহ, যেনে দৰিদ্ৰতা আৰু লিংগ বৈষম্যৰ সৈতে মোকাবিলা কৰিবলৈ ক্ৰছ-কাটিং বিত্তীয় সাহায্য বৃদ্ধিক অগ্ৰাধিকাৰ দিব লাগিব। লিংগভিত্তিক দৃষ্টিভঙ্গীৰ জৰিয়তে ভৌতিক আৰু ডিজিটেল আন্তঃগাঁথনিত বিনিয়োগে অবৈতনিক কামৰ বোজা হ্ৰাস কৰিব পাৰে, কল্যাণকামী দিশবোৰ উন্নত কৰিব পাৰে, নিয়োগ সৃষ্টি কৰিব পাৰে, শ্ৰমিক শক্তিৰ অংশগ্ৰহণ বৃদ্ধি কৰিব পাৰে, ডিজিটেল লিংগ ব্যৱধান হ্ৰাস কৰিব পাৰে, উৎপাদনশীলতাক অধিক ত্বৰান্বিত কৰিব পাৰে, আৰু অৰ্থনৈতিক বিকাশৰ ন ন দুৱাৰ মুকলি কৰিব পাৰে। দ্বিতীয়তে, যথেষ্ট সংখ্যক দেশে মহামাৰীৰ পূৰ্বৰ স্বাস্থ্য সংক্ৰান্তীয় ব্যয়ৰ স্তৰ বজাই ৰাখিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে। সেইটোৱে বিশ্বজুৰি মহিলা, শিশু আৰু কিশোৰ-কিশোৰীসকলৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাইছে। স্বাস্থ্যৰ বাবে অধিক উন্নয়নমূলক সাহায্য আকৰ্ষণ কৰি দেশসমূহক তেওঁলোকৰ স্বাস্থ্য ব্যৱস্থা শক্তিশালী কৰাত সহায় কৰিবলৈ, আৰু ঋণৰ বোজা কমোৱাৰ বাবে বহনক্ষম সমাধান বিচাৰি উলিওৱাৰ বাবে বিশ্বব্যাপী প্ৰচেষ্টাৰ প্ৰয়োজনীয়তা আছে, আৰু এই ক্ষেত্ৰত জি-২০-এ অধিনায়কত্ব প্ৰদৰ্শন কৰিব লাগিব।


তৃতীয়তে, নীতি আৰু কাৰ্যসূচীসমূহ ফলপ্ৰসূভাৱে নিৰীক্ষণ আৰু ৰূপায়ণ কৰিবলৈ আমাক শক্তিশালী তথ্য ব্যৱস্থাৰ প্ৰয়োজন। জি-২০ দেশসমূহে বিশ্বৰ জিডিপিৰ প্ৰায় ৮৫% বহন কৰে, বিশ্ব জনসংখ্যাৰ দুই তৃতীয়াংশও বহন কৰে জি-২০ ৰ দেশবোৰে আৰু উল্লেখযোগ্য ৰাজনৈতিক প্ৰভাৱ কঢ়িয়াই অনা বুলি ধৰি ল’লে, গৱেষণা আৰু নতুন তথা উন্নত স্বাস্থ্য প্ৰযুক্তি আৰু ভেকচিনৰ উদ্ভাৱনৰ ক্ষেত্ৰত জি২০ ৰ দেশবোৰ সুস্থিৰ অৱস্থাত আছে। এই ক্ষেত্ৰসমূহত বিনিয়োগ কৰাৰ সময়ত আৰু সিদ্ধান্ত লোৱাৰ সময়ত মহিলা, শিশু আৰু কিশোৰ-কিশোৰীসকলৰ বিষয়টো অৰ্থপূৰ্ণভাৱে জড়িত কৰাটো অতি প্ৰয়োজনীয়। চতুৰ্থতে, পৰিয়াল অনুকূল নীতি আৰু সাৰ্বজনীন সামাজিক সুৰক্ষাকে ধৰি শৈশৱৰ প্ৰথম বছৰকেইটাত বিনিয়োগ কৰাটো অতি গুৰুত্বপূৰ্ণ। এনে বিনিয়োগে জ্ঞানমূলক পুঁজি বৃদ্ধি কৰিব পাৰে, প্ৰধানকৈ প্ৰসৱৰ পূৰ্বে আৰু কেঁচুৱা অৱস্থাত লালন-পালন কৰা মানৱ সামৰ্থ্য নিৰ্ধাৰণ কৰা বৌদ্ধিক দক্ষতাৰ সম্পূৰ্ণ বিকাশৰ দিশটো, যিয়ে সৰ্বাংগীন অৰ্থনৈতিক বিকাশৰ ভেটি স্থাপন কৰে। সমগ্ৰ জি-২০ত যুৱ নিবনুৱা সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ কিশোৰ-কিশোৰীসকলৰ দক্ষতা বিকাশ কৰা, যেনে ডিজিটেল সাক্ষৰতা, আৰু প্ৰযুক্তি-চালিত আৰু পৰিৱেশ সচেতন বৃদ্ধি গঢ়ি তোলাৰ প্ৰয়োজন। জি-২০এ মহিলা, শিশু, আৰু কিশোৰ-কিশোৰীসকলৰ স্বাস্থ্য আৰু সুস্বাস্থ্যক অগ্ৰাধিকাৰ দিব লাগিব।ইয়াক কাৰ্য্যকৰী কৰিবৰ বাবে নিজৰ কাৰ্যসূচীত স্থায়ীভাৱে লিপিবদ্ধ কৰি ল’ব লাগিব। তাৰ বাবে নিষ্ঠাবান, বৰ্ধিত আৰু স্থায়ী বিত্তীয় সাহায্যৰ লগতে অধিক বিশ্বব্যাপী সমন্বয় আৰু সংহতিৰ প্ৰয়োজন, যাতে কোনো মহিলা, শিশু, কিশোৰী বা দেশ পিছ পৰি থাকিবলগীয়া নহয়।


বিশ্বজুৰি বহনক্ষম অৰ্থনৈতিক বিকাশৰ বাবে মহিলা, শিশু আৰু কিশোৰ-কিশোৰীসকলৰ স্বাস্থ্য আৰু তেওঁলোকৰ কল্যাণ অতি প্ৰয়োজনীয়। শক্তিশালী জি-২০ নেতৃত্ব অবিহনে ইয়াক কাৰ্যকৰী কৰিব নোৱাৰি।

৬.৮ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পই নিমিষতে মৃত্যু উপত্যকাত পৰিণত কৰিলে মৰক্কোক, ১০৩৭ জনৰ মৃত্যু, আহত সাত শতাধিক…

৬.৮ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পই নিমিষয়তে মৃত্যু উপত্যকাত পৰিণত কৰিলে মৰক্কোক, ১০৩৭ জনৰ মৃত্যু, আহত সাত শতাধিক। ইউনেস্কোই ঘোষণা কৰা বিশ্ব ঐতিহ্য মৰক্কোক এক শক্তিশালী ভূমিকম্পই মৃত্যু উপত্যকাত পৰিণত কৰিলে। । শুকুৰবাৰে নিশা মৰক্কোত এঅনুভূত হোৱা ভূমিকম্পৰ ফলত তাছপাতৰ ঘৰৰ দৰে খহি পৰে বহু ঘৰ। মাৰ্কিন ভূকম্প জৰীপ বিভাগৰ মতে ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৮ ৰিখটাৰ স্কেল। এতিয়ালৈকে ভূমিকম্পত কমেও ১০৩৭ গৰাকী লোকৰ মৃত্যু হৈছে।নিহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপৰ অনুসৰি এই ভূমিকম্প দক্ষিণ-পশ্চিম মাৰাকেশৰ ১৮.৫ কিলোমিটাৰ গভীৰতাৰ পৰা নিশা ১১:১১ বজাত সৃষ্টি হয়। যাৰ কম্পন উপকূলীয় চহৰ ৰাবাট, কাছাব্লাংকা আৰু এচাওয়িৰাতো অনুভৱ হয়।

উল্লেখ্য এয়া দেশখনৰ বৰ্তমানলৈ সংঘটিত হোৱা আটাইতকৈ ডাঙৰ ভূমিকম্প। এই ভূমিকম্পত নিহত তথা আহতৰ সংখ্যাই বুকু কঁপাই তুলিছে জনসাধাৰণৰ। দেশখনত বৃহৎ ক্ষয়-ক্ষতিৰ খবৰ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই আছে। এতিয়ালৈকে আহত লোকৰ সংখ্যা ৭০০ৰো অধিক হৈছে। এতিয়াও ধ্বংসস্তুপৰ মাজত বহু লোক আবদ্ধ হৈ থকা বুলি আশংকা কৰা হৈছে। ইপিনে মৰক্কোৰ ভূমিকম্পত নিহত সকলৰ আত্মাৰ সদগতি কামনা কৰিছে বিশ্বৰ বিভিন্ন দেশৰ নেতাই। আজি জি ২০ বৈঠকত আৰম্ভনিতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰক্কোৰ ভূমিকম্পত উদ্বেগ ব্যক্ত কৰে আৰু দেশ খনক সকলো ধৰণৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকেও মৰক্কোক সহায়ৰ আশ্বাস দিছে।

ভাৰতবৰ্ষৰ ৪২২ টা শিল্পকৰ্মৰ মাজৰ পৰা শ্ৰেষ্ঠ শিল্পকৰ্ম হিচাপে নিৰ্বাচিত অসমৰ চিত্ৰ শিল্পী দাদুল চলিহাৰ শিল্পকৰ্মটি…

ভাৰতবৰ্ষৰ বহুতো শিল্পীৰ ৪২২ টা শিল্পকৰ্মৰ মাজৰ পৰা অসমৰ চিত্ৰ শিল্পী দাদুল চলিহাৰ শিল্পকৰ্ম টি শ্ৰেষ্ঠ হিচাপে নিৰ্বাচিত হয় । তেওঁৰ সৃষ্ট Logo টি এতিয়াৰে পৰা গোলাঘাটত স্থাপন হোৱা নৱনিৰ্মিত সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ এক পৰিচয় হ’ব।

এক বিশেষ গাম্ভীৰ্য‌পূৰ্ণ অনুষ্ঠানত স্হানীয় মন্ত্ৰী বিধায়ক আৰু বহুতো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা তেখেতক এখন চেলেং চাদৰ, গামোচা, মানপত্ৰ আৰু এখন শৰাইৰে সন্মানিত কৰে ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই।

ডি বি মিডিয়া এণ্টাৰটেইনমেণ্ট ইনষ্টিটিউটৰ উদ্যোগত সাংবাদিকতাৰ দুদিনীয়া কৰ্মশালা।কৰ্মশালাত পাঠদান অভিজ্ঞতাসম্পন্ন জ্যেষ্ঠ সাংবাদিকৰ লগতে অধিবক্তাৰ…

১৪টা বৰ্ষৰে অভিজ্ঞতাসম্পন্ন দৈনন্দিন বাৰ্তা গোষ্ঠীৰ অধীনত গঢ় লৈ উঠা ডি বি মিডিয়া এণ্টাৰটেইনমেণ্ট ইনষ্টিটিউটৰ উদ্যোগত বামুণী মৈদামত থকা মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছে সাংবাদিকতাৰ দুদিনীয়া কৰ্মশালাৰ। প্ৰথম দিন উপলক্ষে আয়োজন কৰা প্ৰথম কাৰ্যসূচী পুৱা ১০ বজাত বন্তি প্ৰজ্বলন কৰে প্ৰশান্তজ্যোতি বৰুৱা, কাৰ্যবাহী সম্পাদক, অসম ট্ৰিবিউন দৈনিক ইংৰাজী বাতৰি কাকত।

তেখেতক এখন ফুলাম গামোচা আৰু এখন কিতাপেৰে সম্বৰ্ধনা জনায় দৈনন্দিন বাৰ্তাৰ অধ্যক্ষ শংকৰ গোহাঞিয়ে। প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জিত নেওগে আঁত ধৰা অনুষ্ঠানটোত কেইবাজনো অভিজ্ঞতাসম্পন্ন জ্যেষ্ঠ সাংবাদিকৰ লগতে অধিবক্তা উপস্থিত থাকি সংবাদ মাধ্যমৰ গুণগত মান সন্দৰ্ভত বিস্তৃতভাৱে পাঠদান আগবঢ়ায়। সংবাদ মাধ্যমৰ নীতিগত কথা, প্ৰয়োগ আৰু বাস্তৱধৰ্মিতাৰ বিষয়ে বিশ্লেষণ কৰে আছাম ট্ৰিবিউনৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজ্যোতি বৰুৱাই।


ইয়াৰ পিছতেই সংবাদ মাধ্যম আৰু এগৰাকী সাংবাদিকে সন্মুখীন হোৱা আইনী প্ৰত্যাহবানৰ কেনেদৰে মুখামুখি হ’ব পাৰি সেই সম্পৰ্কত পাঠদান আগবঢ়ায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু কুমাৰ সৰকাৰে। বেংকৰ বিত্তীয় লেনদেনৰ লগতে ঋণ সম্পৰ্কত এজন নাগৰিকে কেনেদৰে উপকৃত হ’ব পাৰে সেই সম্পৰ্কত ভাষণ প্ৰদান কৰে ইণ্ডিয়ান বেংকৰ মুখ্য পৰিচালক আখতাৰ হুছেইনে। সংবাদত পৰিবেশন, স্ক্ৰিপ্ট ৰাইটিং, সংবাদ যুগুটোৱাৰ ক্ষেত্ৰত সাংবাদিকসকলে কোনসমূহ দিশ লক্ষ্য ৰাখিব লাগে সেই সম্পৰ্কত বিতংভাৱে অৱগত কৰে ডি বি নিউজৰ মেনেজিং এডিটৰ নৱজ্যোতি কলিতাই। শেষত নিউ মিডিয়াৰ সম্ভাৱনা, ইয়াৰ ভৱিষ্যৎ আৰু প্ৰত্যাহ্বান সম্পৰ্কত পাঠদান আগবঢ়ায় জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়ায়। দুদিনীয়াকৈ আয়োজন কৰা সাংবাদিকৰ কৰ্মশালাত অসমৰ বিভিন্ন জিলাৰ সংবাদদাতাসকলে অংশগ্ৰহণ কৰে। উক্ত কৰ্মশালাৰ জৰিয়তে সংবাদদাতাসকল যথেষ্ট উপকৃত হ’ব বুলি আশাবাদী দৈনন্দিন বাৰ্তা গোষ্ঠী।

উগ্ৰ স্বভাৱৰ লোকে কণী খোৱাৰ আৰম্ভ কৰক। খং কমিব…

আমি বহুতেই মানসিক স্বাস্থ্যক যিমান মূল্য দিব লাগে সিমান মূল্য নিদিওঁ। যদি আমাৰ মানসিক স্বাস্থ্য ভাল নহয়, তেন্তে আমি আমাৰ স্বাস্থ্য বজাই ৰাখিব নোৱাৰিম। যদি আপুনি সুস্থ জীৱন যাপন কৰিব বিচাৰে তেন্তে এটা সুস্থ মন থকাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে আপুনি কিছুমান খাদ্য খাব লাগিব যিয়ে চেৰ’টনিন বৃদ্ধি কৰে। চেৰ’টনিনক হেপি হৰম’ন বুলিও কোৱা হয়, ই আপোনাৰ মেজাজ, টোপনি, ভোক, স্মৃতিশক্তিৰ লগত জড়িত কামবোৰ নিয়ন্ত্ৰণ কৰিবলৈ কাম কৰে। এয়া এক প্ৰকাৰৰ মগজুৰ ৰাসায়নিক পদাৰ্থ। যদি ইয়াৰ অভাৱ হয় তেন্তে মেজাজত প্ৰভাৱ পৰে, তেতিয়া আপুনি হতাশা বা মানসিক চাপৰ বলি হয়। জানো আহক কোনবোৰ খাদ্যই মেজাজ সতেজ কৰি তুলিব পাৰে-


কণীক ছুপাৰফুড বুলি গণ্য কৰা হয়, যিটো মানুহে সাধাৰণতে প্ৰটিনৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে খায়। আপুনি জনা উচিত যে ট্ৰিপ্ট’ফেন নামৰ এমিনো এচিড পোৱা যায় যাৰ সহায়ত চেৰ’টনিনৰ উৎপাদন বৃদ্ধি কৰিব পৰা যায়। চেৰ’টনিনে আপোনাৰ মগজুত নিউৰ’ট্ৰান্সমিটাৰ হিচাপে কাম কৰে, যিয়ে আপোনাক সুখী কৰি ৰাখে। যদি আপুনি প্ৰায়ে মানসিক চাপত থাকে তেন্তে নিশ্চিতভাৱে দৈনিক ২টা কণী খাওক, ই আপোনাক চাপৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব।

আখৰোট এবিধ উৎকৃষ্ট শুকান ফল য’ত পুষ্টিকৰ উপাদানৰ অভাৱ নাই, বেছিভাগ খাদ্য বিশেষজ্ঞই সুস্বাস্থ্যৰ বাবে ইয়াক খাবলৈ পৰামৰ্শ দিয়ে। ইয়াত থকা ওমেগা ৩ ফেটি এচিড মগজুৰ বাবে অপৰিহাৰ্য চৰ্বি, ই আমাৰ শৰীৰত স্বয়ংক্ৰিয়ভাৱে উৎপন্ন নহয়, বৰঞ্চ ইয়াক খাদ্যৰ জৰিয়তে খাব লাগে। নিয়মীয়াকৈ সীমিত পৰিমাণত আখৰোট খালে হতাশাৰ পৰা হাত সাৰিব পাৰি।

আখৰোটৰ দৰেই আলমণ্ডও এটা জনপ্ৰিয় শুকান ফল যিটো শুকান আৰু তিয়াই খাব পাৰি, ইয়াক মেগনেছিয়ামৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয় যিয়ে আপোনাক শক্তি প্ৰদান কৰাই নহয়, মেজাজও উন্নত কৰে।

ছালমন, টুনা আদি চৰ্বিযুক্ত মাছ খাব লাগে কাৰণ ইয়াত ভিটামিন ডিৰ সমৃদ্ধ উৎস, যিয়ে হতাশাৰ দৰে সমস্যাৰ পৰা মুক্তি কৰাত সহায় কৰে আৰু আপোনাৰ শৰীৰত ওমেগা ৩ ফেটি এচিডৰ কোনো অভাৱ নাথাকে।

G20 শীৰ্ষ সন্মিলনৰ বাবে ৰাষ্ট্ৰপতিৰ আয়োজিত নৈশ আহাৰৰ তালিকাৰ ফটো ভাইৰেল

জি-২০ সন্মিলনৰ প্ৰথম দিনটোৰ অন্ত পৰাৰ লগে লগে দিল্লীৰ ভাৰত মণ্ডপামত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আয়োজন কৰা জি-২০ৰ চৰকাৰী গালা ডিনাৰত বিশ্বৰ নেতা আৰু প্ৰতিনিধিসকলক অনন্য ভাৰতীয় সুস্বাদু খাদ্য পৰিবেশন কৰা হয়।

ৰাষ্ট্ৰপতি আৰু বিশ্বৰ অন্যান্য নেতাসকলক এক অনন্য খাদ্যৰ অভিজ্ঞতাৰে আদৰণি জনোৱা হয়, ৰূপ আৰু সোণেৰে ঢাকি থোৱা বাচন-বৰ্তনত খাদ্য পৰিবেশন কৰা হয়, ভাৰতৰ চহকী সংস্কৃতি আৰু ঐতিহ্যৰ আভাস প্ৰদৰ্শন কৰা হয়।

মেনুৰ আৰম্ভণিতে সকলো বৈচিত্ৰ্যৰে ভাৰত কেনেকৈ ‘ৰুচি’ৰ দ্বাৰা সংযুক্ত হৈ আছে তাৰ পৰিচয় দিয়া হৈছে। “পৰম্পৰা, ৰীতি-নীতি আৰু জলবায়ুৰ মিশ্ৰণ, ভাৰত বহু দিশত বৈচিত্ৰময়, টেষ্টে আমাক সংযোগ কৰে,” মেনুত লিখা আছিল।

মেনুত উল্লেখ আছে বাজৰাৰ পুষ্টি আৰু কৃষি মূল্যৰ বৰ্ণনা ।

জি-২০ৰ ৰাতিৰ আহাৰত পৰিবেশন কৰা হৈছিল: পাত্ৰম: ফক্সটেইল বাজৰাৰ পাতৰ ক্ৰিস্পছৰ ওপৰত দৈৰ গোলক আৰু মছলাযুক্ত চাটনি, বনাবৰ্ণম: জেকফ্ৰুট গেলেটৰ সৈতে গ্লেজড ফৰেষ্ট মাছৰুম, লিটিল বাজৰা ক্ৰিস্প আৰু তৰকাৰী পাতৰ টছ কৰা কেৰেলা ৰঙা চাউলৰ সৈতে পৰিবেশন কৰা হয়

ভাৰতীয় ৰুটি, মুম্বাই পাও: পিঁয়াজৰ গুটিৰ সোৱাদযুক্ত কোমল বান, বাকৰখানী: ইলাচিৰ সোৱাদযুক্ত মিঠা ফ্লেটব্ৰেড;

মুখৰুচক-মাধুৰীমা ‘সোণৰ পাত্ৰ’: ইলাচিৰ সুগন্ধিযুক্ত বাৰ্নিয়াৰ্ড বাজৰাৰ পুডিং, ডুমুৰ-পীচ কম্পোট আৰু অম্বেমোহৰ ৰাইচ ক্ৰিস্পছ;

পানীয়-কাশ্মীৰী কহৱা, ফিল্টাৰ কফি আৰু দাৰ্জিলিং চাহ,পাণৰ সোৱাদযুক্ত চকলেট পাত।

Barnali Gupta Das of Sarla Birla Gyan Jyoti School of Guwahati seen receiving the Best Teacher Award

Barnali Gupta Das of Sarla Birla Gyan Jyoti School of Guwahati seen receiving the Best Teacher Award-2023 in recognition of her immense contribution in the filed of teaching, in a glittering function organised by Institute of Advanced Management at Hotel Palacio, Guwahati on September 09, 2023.

The function was organised to commemorate the Teachers Day-2023.