Breaking

ডি বি মিডিয়া এণ্টাৰটেইনমেণ্ট ইনষ্টিটিউটৰ উদ্যোগত সাংবাদিকতাৰ দুদিনীয়া কৰ্মশালা।কৰ্মশালাত পাঠদান অভিজ্ঞতাসম্পন্ন জ্যেষ্ঠ সাংবাদিকৰ লগতে অধিবক্তাৰ…

0 36

১৪টা বৰ্ষৰে অভিজ্ঞতাসম্পন্ন দৈনন্দিন বাৰ্তা গোষ্ঠীৰ অধীনত গঢ় লৈ উঠা ডি বি মিডিয়া এণ্টাৰটেইনমেণ্ট ইনষ্টিটিউটৰ উদ্যোগত বামুণী মৈদামত থকা মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছে সাংবাদিকতাৰ দুদিনীয়া কৰ্মশালাৰ। প্ৰথম দিন উপলক্ষে আয়োজন কৰা প্ৰথম কাৰ্যসূচী পুৱা ১০ বজাত বন্তি প্ৰজ্বলন কৰে প্ৰশান্তজ্যোতি বৰুৱা, কাৰ্যবাহী সম্পাদক, অসম ট্ৰিবিউন দৈনিক ইংৰাজী বাতৰি কাকত।

তেখেতক এখন ফুলাম গামোচা আৰু এখন কিতাপেৰে সম্বৰ্ধনা জনায় দৈনন্দিন বাৰ্তাৰ অধ্যক্ষ শংকৰ গোহাঞিয়ে। প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জিত নেওগে আঁত ধৰা অনুষ্ঠানটোত কেইবাজনো অভিজ্ঞতাসম্পন্ন জ্যেষ্ঠ সাংবাদিকৰ লগতে অধিবক্তা উপস্থিত থাকি সংবাদ মাধ্যমৰ গুণগত মান সন্দৰ্ভত বিস্তৃতভাৱে পাঠদান আগবঢ়ায়। সংবাদ মাধ্যমৰ নীতিগত কথা, প্ৰয়োগ আৰু বাস্তৱধৰ্মিতাৰ বিষয়ে বিশ্লেষণ কৰে আছাম ট্ৰিবিউনৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজ্যোতি বৰুৱাই।


ইয়াৰ পিছতেই সংবাদ মাধ্যম আৰু এগৰাকী সাংবাদিকে সন্মুখীন হোৱা আইনী প্ৰত্যাহবানৰ কেনেদৰে মুখামুখি হ’ব পাৰি সেই সম্পৰ্কত পাঠদান আগবঢ়ায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু কুমাৰ সৰকাৰে। বেংকৰ বিত্তীয় লেনদেনৰ লগতে ঋণ সম্পৰ্কত এজন নাগৰিকে কেনেদৰে উপকৃত হ’ব পাৰে সেই সম্পৰ্কত ভাষণ প্ৰদান কৰে ইণ্ডিয়ান বেংকৰ মুখ্য পৰিচালক আখতাৰ হুছেইনে। সংবাদত পৰিবেশন, স্ক্ৰিপ্ট ৰাইটিং, সংবাদ যুগুটোৱাৰ ক্ষেত্ৰত সাংবাদিকসকলে কোনসমূহ দিশ লক্ষ্য ৰাখিব লাগে সেই সম্পৰ্কত বিতংভাৱে অৱগত কৰে ডি বি নিউজৰ মেনেজিং এডিটৰ নৱজ্যোতি কলিতাই। শেষত নিউ মিডিয়াৰ সম্ভাৱনা, ইয়াৰ ভৱিষ্যৎ আৰু প্ৰত্যাহ্বান সম্পৰ্কত পাঠদান আগবঢ়ায় জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়ায়। দুদিনীয়াকৈ আয়োজন কৰা সাংবাদিকৰ কৰ্মশালাত অসমৰ বিভিন্ন জিলাৰ সংবাদদাতাসকলে অংশগ্ৰহণ কৰে। উক্ত কৰ্মশালাৰ জৰিয়তে সংবাদদাতাসকল যথেষ্ট উপকৃত হ’ব বুলি আশাবাদী দৈনন্দিন বাৰ্তা গোষ্ঠী।

Leave A Reply