হাৰিয়ানাৰ দিল্লী ৰোডত বিধ্বংসী অগ্নিকাণ্ড।

গাড়ীৰ এটা শ্ব’ৰোমত অগ্নিকাণ্ডৰ সূত্ৰপাত। জুইত ভস্মীভূত কেইবাখনো বাহন।

বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।
হাৰিয়ানাৰ দিল্লী ৰোডত বিধ্বংসী অগ্নিকাণ্ড।

গাড়ীৰ এটা শ্ব’ৰোমত অগ্নিকাণ্ডৰ সূত্ৰপাত। জুইত ভস্মীভূত কেইবাখনো বাহন।

বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।
দেৰগাঁৱৰ ভাঙোনমুখী পৌৰ সভাৰ ত্ৰাণকৰ্তাৰ ৰূপত মন্ত্ৰী পীয়ূষ হাজৰিকা
দেৰগাঁও পৌৰ সভাৰ পৌৰনেত্ৰীৰ ওপৰত ৯গৰাকী ৱাৰ্ড কমিছনাৰে আনিছিল অনাস্থা প্ৰস্তাৱ
দেৰগাঁৱৰ পৰিদৰ্শন বাংলোত শনিবাৰে মন্ত্ৰীগৰাকী মিলিত হয় ৯গৰাকী ৱাৰ্ড কমিছনাৰৰ সৈতে

অৱশেষত পুনৰ পূৰ্বৰ দৰেই হৈ থাকিল পৌৰ সভা
দলৰ অনুৰোধ মৰ্মেই উঠাই ল’লে অনাস্থা প্ৰস্তাৱ
কংগ্ৰেছ দল প্ৰসঙ্গতো পীয়ূষ হাজৰিকাৰ মন্তব্য
বাগিচা অঞ্চলৰ কংগ্ৰেছৰ মিটিঙত এশ ডেৰশতকৈ মানুহ নহয়, শংকিত হোৱাৰ প্ৰশ্নই নাহে

যি সমূহ সমষ্টিত কংগ্ৰেছ জিকিছে সেয়া নতুন নহয় পূৰ্বৰে পৰা সেই চিট কংগ্ৰেছৰেই আছিল
আগন্তুক নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ১১ খন আসন লাভ কৰিবলৈ সক্ষম হ’ব
গ্ৰীন কফিৰ গুটিত ক্ৰন’লজিকেল এচিড পোৱা যায়। এনেধৰণৰ কফি পান কৰাৰ ফলত শৰীৰত মেটাবলিজম ৰেট সঠিক হৈ থাকে। যিয়ে শৰীৰত ইতিবাচক প্ৰভাৱ পেলায় আৰু এই ইতিবাচক প্ৰভাৱে আপোনাৰ দৈনন্দিন কৰ্মক্ষেত্ৰত কাম কৰাৰ বাবে অধিক উদ্যম যোগায়।
গ্ৰীন কফিৰ গুটিত ভিটামিন আৰু মিনাৰেলছ ভৰপূৰ হৈ থাকে। এনে উপাদানে আমাৰ শৰীৰত পোষক তত্ত্বৰ স্তৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰত সহায় কৰে। ই আপোনাৰ শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো সহায় কৰে। গতিকে গ্ৰীন কফি পান কৰাৰ অভ্যাস গঢ়ি তোলক।

এণ্টিঅক্সিডেণ্টযুক্ত উপাদানেৰে সমৃদ্ধ গ্ৰীন কফিয়ে শৰীৰত হ’বলগীয়া হানিকাৰক প্ৰভাৱৰ পৰা বচাই ৰাখি স্বাস্থ্যক সুৰক্ষা প্ৰদান কৰে। ইতিমধ্যে গ্ৰীন কফি এশ শতাংশই স্বাস্থ্যসন্মত বুলি প্ৰমাণ হৈছে।
ৰক্তচাপ নিয়ন্ত্ৰণ:
আজিকালিৰ বহু লোকৰে হাৰ্টএটেক, ৰক্তচাপ, কিডনী আদিৰ সমস্যা হয়। এনে সমস্যাসমুহ প্ৰতিৰোধ বা উপশম ঘটোৱাত গ্ৰীন কফিৰ উপকাৰিতা যথেষ্ট। দৈনিক গ্ৰীন কফি পান কৰাৰ ফলত শৰীৰত কলেষ্টেৰল বৃদ্ধি নহয় আৰু ব্লাড প্ৰেছাৰ বা ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।

সাধাৰণতে আমি দৈনন্দিন পান কৰা অধিকাংশ কফিতে ৭-৯ শতাংশ কেফিন পোৱা যায়, যিটো শৰীৰৰ বাবে অতি ক্ষতিকাৰক। কিন্তু গ্ৰীন কফিত কেফিনৰ পৰিমাণ নাই বুলিয়েই ক’ব পাৰি। এনে গ্ৰীন কফি অধিক মাত্ৰাত খালেও দিনটোৰ চৌব্বিশ ঘণ্টা সুস্থ মনেৰে, উদ্যমেৰে কাম কৰি যাব পাৰে।
ডায়েবেটিছ নিয়ন্ত্ৰণ:
শৰীৰত জমা হোৱা শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰাৰ বাবে গ্ৰীন কফি পান কৰক। গ্ৰীন কফিয়ে ডায়েবেটিছ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে। লগতে ওজনো হ্ৰাস হয়।
অতি সোনকালে ৰাম মন্দিৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অহা ২২ জানুৱাৰীত ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব। অযোধ্যাত চলি থকা বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। খবৰ অনুসৰি এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়েও অংশগ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব ৰাম মন্দিৰ। প্ৰাণ প্ৰতিষ্ঠাৰ এসপ্তাহ পূৰ্বে আৰম্ভ হ’ব পূজা। ৰাম মন্দিৰৰ তলৰ মহলা সম্পূৰ্ণ সাজু হৈছে। অযোধ্যাৰ পৰাই নিৰ্মাণৰত ৰাম মন্দিৰৰ বহু ছবি প্ৰকাশ পাইছে। শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰত সাধাৰণ সম্পাদক চম্পট ৰায়ে নিৰ্মাণ সম্পৰ্কীয় আপডেট আৰু ছবি শ্বেয়াৰ কৰে।
খবৰ অনুসৰি দ্বিতীয় দিনা জৱানৰ উপাৰ্জন ৩০ শতাংশ হ্ৰাস পাইছে। অৱনতিৰ পিছতো শ্বাহৰুখ খানৰ ছবিখনে দ্বিতীয় দিনা ৪৫ কোটি টকাৰ ব্যৱসায় কৰিছে। শ্বাহৰুখ খানে পুনৰ এবাৰ প্ৰমাণ কৰিলে যে তেওঁক কিয় বলীউডৰ ৰজা বুলি কোৱা হয়। শ্বাহৰুখ খানৰ ছবি জৱানে নিজৰ নাম চৌদিশে বিখ্যাত কৰি তুলিছে। কিন্তু প্ৰথম দিনাৰ উপাৰ্জনৰ তুলনাত দ্বিতীয় দিনৰ জৱানৰ সংগ্ৰহত ৩০ শতাংশ হ্ৰাস পাইছে। দ্বিতীয় দিনা জৱান বক্স অফিচে ৪৫ কোটি টকাৰ ব্যৱসায় কৰিছে। ভাৰতীয় বক্স অফিচত শ্বাহৰুখ খানৰ ছবিখনৰ মুঠ সংগ্ৰহ ১২০ কোটি হৈছে।
খবৰ অনুসৰি এটলীয়ে পৰিচালনা কৰা এই ছবিখনে বিশ্বজুৰি ১২৯.৬ কোটি টকাৰ ব্যৱসায় কৰিছে। ইয়াৰে ৭৫ কোটি জৱানে ভাৰতত উপাৰ্জন কৰিছে। কোৱা হৈছে যে শ্বাহৰুখ খানৰ ছবিখনে মুকলিৰ দিনা উপাৰ্জনে ইতিহাস ৰচনা কৰিছে। কিন্তু প্ৰথম দিনাই বিপুল উপাৰ্জন কৰাৰ পিছত দ্বিতীয় দিনা ছবিখনৰ সংগ্ৰহ ৩০ শতাংশ হ্ৰাস পায়।
়
উত্তৰ আফ্ৰিকাৰ দেশ মৰক্কোত এক প্রবল ভূমিকম্প সংঘটিত হৈছে। এই ভূমিকম্পত এতিয়ালৈকে প্ৰায় ১০০০ লোক নিহত হোৱাৰ লগতে ১৫৩ জনৰো অধিক লোক আহত হৈছে। হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। শুকুৰবাৰে স্থানীয় সময় অনুসৰি ১১:১১ বজাত সংঘটিত হয় এই ভূমিকম্প। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগে (ইউ এছ জি এছ) জনোৱা মতে, এই ভূমিকম্পৰ প্রাবল্য ৬.৮ আৰু ইয়াৰ উৎপত্তি হৈছে এটলাছ পৰ্বতৰ স্কি ৰিজ’ৰ্ট অকাইমেডেনৰ ওচৰত।

ইউ এছ জি এছৰ তথ্য অনুসৰি এশ বছৰতকৈও অধিক সময়ৰ ভিতৰত মৰক্কোত হোৱা আটাইতকৈ শক্তিশালী ভূমিকম্পটো আছিল এইটোৱেই।
অক্ষয় কুমাৰৰ ৫৬ সংখ্যক জন্মদিনটো অতি বিশেষ ধৰণেৰে উদযাপন কৰা হৈছে। পৰিয়ালৰ সৈতে মহাকাল মন্দিৰত উপস্থিত হয় অভিনেতাগৰাকী, য’ৰ পৰা তেওঁৰ ছবি আৰু ভিডিঅ’সমূহ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। জন্মদিন উপলক্ষে গ্লেমাৰ জগতৰ কোলাহল আৰু পাৰ্টিৰ পৰা আঁতৰি মহাকাল মন্দিৰত উপস্থিত হয় ছুপাৰষ্টাৰগৰাকী। য’ৰ পৰা অভিনেতাজনৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত অক্ষয় কুমাৰ (Akshay Kumar Movies) মহাকালৰ ভিতৰত বহি থকা দেখা গৈছে। অক্ষয় কুমাৰৰ লগতে তেওঁৰ পৰিয়াল আৰু ক্ৰিকেটাৰ শিখৰ ধাৱানকো ভগৱান শিৱৰ ভক্তিত নিমগ্ন হোৱা প্ৰায়ে দেখা যায়।

অক্ষয় কুমাৰ ভগ্নীৰ লগতে তেওঁৰ ভগ্নী, পুত্ৰ আৰাভ আৰু ক্ৰিকেটাৰ শিখৰ ধাৱনেও মহাকালৰ আৰতিত অংশগ্ৰহণ কৰে। খবৰ অনুসৰি মহাকালৰ দৰ্শন কৰাৰ পিছত অভিনেতা আৰু ক্ৰিকেটাৰ দুয়োজনে সংবাদ মাধ্যমৰ সৈতেও বাৰ্তালাপ কৰে, য’ত অক্ষয় কুমাৰে কয় যে তেওঁ দেশৰ প্ৰগতিৰ বাবে প্ৰাৰ্থনা কৰিছে। পূজাত শিখৰ ধাৱনে ভাৰতীয় দলৰ জয়ৰ কামনা কৰে।
মৰক্কোবাসী আতংকিত হৈ পৰিছে। প্ৰকৃতিৰ ৰোষত পৰিছে মৰক্কো। শুকুৰবাৰে নিশা প্ৰায় ৬.৮ ৰিখটাৰ প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পই জোকাৰি যায় মৰক্কো।
এই বৃহৎ ভূমিকম্পৰ জোকাৰণিৰ ফলত মৃত্যু হয় ৬৩২ জন লোকৰ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ অনুসৰি, এই ভূমিকম্প দক্ষিণ-পশ্চিম মাৰাকেশৰ ১৮.৫ কিলোমিটাৰ গভীৰতাত উৎপন্ন হয়। যাৰ কম্পন উপকূলীয় চহৰ ৰাবাট, কাছাব্লাংকা আৰু এচাওয়িৰাতো অনুভৱ হয়। এই ভূমিকম্পৰ ফলত বহু ঘৰ অট্টালিকা খহি পৰে।
মৰক্কোৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এয়া দেশখনৰ বৰ্তমানলৈ সংঘটিত হোৱা আটাইতকৈ ডাঙৰ ভূমিকম্প।
এই ভূমিকম্পত নিহত আৰু আহতৰ সংখ্যা যদিও এই পৰ্যন্ত আনুষ্ঠানিকভাবে প্ৰকাশ পোৱা নাই তথাপিও দেশখনত বৃহৎ ক্ষয়-ক্ষতি হোৱাৰ খবৰ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

ইতিমধ্যে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই আছে । মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
লোডশ্বেডিঙত অতিষ্ঠ ৰাজ্যবাসী৷ প্ৰচণ্ড গৰম কিম্বা প্ৰয়োজনীয় সময়ত বিদ্যুৎ উপলব্ধ নোহোৱাত চৰকাৰৰ প্ৰতি ক্ষোভ জনতাৰ।
ইয়াৰ মাজতেই বিদ্যুতৰ চাহিদা সন্দৰ্ভত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙৰ সৈতে বিশেষ আলোচনাত বহিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷
মুখ্যমন্ত্ৰীগৰাকীয়ে ৩০০ মেগাৱাট বিদ্যুৎ আবণ্টন বিচাৰি কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙক সাক্ষাৎ কৰে।

কেন্দ্ৰীয় শক্তি মন্ত্ৰীগৰকীয়ে এই সন্দৰ্ভত বিচাৰ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীক আশ্বাস দিয়ে ৷