Home Blog Page 1383

এছিয়া কাপ ২০২৩ৰ পইণ্ট টেবুলঃ নেপালৰ বিৰুদ্ধে জয়লাভ কৰি ছুপাৰ ফ’ৰত ভাৰত

এছিয়া কাপ ২০২৩ৰ গ্ৰুপ এ পইণ্ট তালিকাৰ শীৰ্ষত থকা পাকিস্তানে দুখন মেচৰ পৰা ৩ পইণ্ট লাভ কৰি ছুপাৰ ফ’ৰ পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। এটা পইণ্টেৰে দ্বিতীয় স্থানত আছে ভাৰত, কোনো পইণ্ট নোহোৱাকৈয়ে শেষত আছে নেপাল। গ্ৰুপ বিত শ্ৰীলংকাই দুটা পইণ্টেৰে শীৰ্ষত থকাৰ বিপৰীতে বাংলাদেশ দ্বিতীয় আৰু আফগানিস্তানে শেষ স্থানত আছে।

৩০ আগষ্টৰ পৰা মুলতানত আৰম্ভ হোৱা এছিয়া কাপ ২০২৩ৰ এদিনীয়া প্ৰতিযোগিতাত আয়োজক পাকিস্তানে অভিষেক নেপালক ২৩৮ ৰানত পৰাস্ত কৰে।

এই প্ৰতিযোগিতাখন ডাবল ৰাউণ্ড ৰবিন ফৰ্মেটত অনুষ্ঠিত হয় আৰু ছটা দলক দুটা গ্ৰুপত বিভক্ত কৰা হয়। দুয়োটা গ্ৰুপৰ শীৰ্ষ দুটা দলে ছুপাৰ ৪ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিব।

গ্ৰুপ Aত ভাৰত, পাকিস্তান আৰু নেপাল অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে গ্ৰুপ বিত শ্ৰীলংকা, আফগানিস্তান আৰু বাংলাদেশ অন্তৰ্ভুক্ত।

গ্ৰুপ এ
গ্ৰুপ এৰ শীৰ্ষত আছে পাকিস্তানে কেম্পেইনৰ অ’পেনাৰত নেপালক পৰাস্ত কৰি ছুপাৰ ৪ৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ পিছতে বাবৰ আজমৰ দলটোৱে ভাৰতৰ বিৰুদ্ধে ৱাছআউটৰ পৰা এটা পইণ্ট লাভ কৰাৰ পিছত পৰৱৰ্তী ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰে।

গ্ৰুপ বি
পালেকেলেত বাংলাদেশৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ কৰি শ্ৰীলংকাই অভিযানৰ আৰম্ভণি কৰে। ইয়াৰ পাছতে বাংলাদেশে আফগানিস্তানৰ বিৰুদ্ধে ৮৯ ৰানৰ জয়ৰে উভতে।

ছিপাঝাৰ সমষ্টিৰ বিহাইগাঁৱৰ ধন বাহাদুৰ আৰু নাই…

ছিপাঝাৰ সমষ্টিৰ বিহাইগাঁৱৰ ধন বাহাদুৰ আৰু নাই। পশ্চিম দৰঙৰ সকলোৰে চিনাকি ধন বাহাদুৰ আৰু নাই। বিগত ৪৫বছৰে নিজাকৈ এটা সুকীয়া পৰিচয় গঢ়ি তুলিছিল ধন বাহাদুৰে। মানুহৰ কল্যাণ আৰু সহায়ৰ বাবে সি নিষ্ঠাৰে কাম কৰিছিল পৰিচালকৰ নিৰ্দেশত। সেই ধন বাহাদুৰে নিয়তিৰ ওচৰত হাৰ মানি দেওবাৰে বিহাইগাঁৱত মৃত্যুক সাৱটিলে।

দৰঙৰ বিহাইগাঁও নিবাসী চাহাবুদ্দিন আলীৰ পোহনীয়া হাতীটোৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে তিনিমাহ পূৰ্বে হাতীটোৰ গাত পানীব্ৰৰ্জ পৰিছিল । ফলত অসুস্থ হৈ পৰিছিল অতি শান্ত প্ৰকৃতিৰ হাতীটো। যথেষ্ঠ চিকিৎসা কৰিও সুস্থ কৰিব নোৱাৰিলে হাতীটোক ৷ নিয়তিৰ ওচৰত হাৰ মানে ধন বাহাদুৰে ৷

চন্দ্ৰযান-৩ৰ উৎক্ষেপণৰ সময়ত কাউণ্ট–ডাউন দিয়া ISROৰ বিজ্ঞানী এন ভালাৰমথীৰ মৃত্যু

চন্দ্ৰযান–৩ মিছনৰ গুৰুত্বপূৰ্ণ সদস্য এন ভালাৰমথীৰ দেহাৱসান।

ISROৰ বিজ্ঞানী ভালাৰমথীয়ে চন্দ্ৰযান–৩ৰ উৎক্ষেপণৰ সময়ত কাউণ্ট–ডাউনৰ কাম কৰিছিল। তথ্য অনুসৰি, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় বিজ্ঞানীগৰাকীৰ।

তামিলনাডুৰ অৰিয়ালুৰৰ বাসিন্দা ভালাৰমথীৰ ৬৪ বছৰ বয়সত মৃত্যু হয় শনিবাৰে সন্ধিয়া। চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰে বিজ্ঞানীগৰাকীয়ে।

ভালাৰমথীৰ মৃত্যুত ISROৰ প্ৰাক্তন বিজ্ঞানী ড০ পি ভি ভেংকটকৃষ্ণই দুখ প্ৰকাশ কৰে।

ছচিয়েল মিডিয়া প্লেটফৰ্মত তেওঁ লিখিছে, ‘‘শ্ৰীহৰিকোটাৰ পৰা ইছৰোৰ ভৱিষ্যত মিছনৰ কাউণ্ট–ডাউনত ভালাৰমথী বাইদেউৰ কণ্ঠ আৰু শুনা নাযাব। চন্দ্ৰযান–৩ তেওঁৰ অন্তিম কাউণ্ট–ডাউন আছিল। বহুত দুখ পাইছে… প্ৰণাম…।’’

বিলাহীৰ ভিটামিন চি এ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে…

বিলাহীত থকা ভিটামিন চি এ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব। ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ ইমিউনিটি শক্তিশালী হোৱাটো অতি প্ৰয়োজনীয়, এনে পৰিস্থিতিত বিলাহীৰ ৰস খোৱাটো এটা উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। বিলাহী নিয়মিতভাৱে সেৱন কৰিব লাগে। বেছিভাগ মানুহৰে বছৰটোত চৰ্দি, কাহত আক্ৰান্ত হয়। এনে লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি দুৰ্বল আৰু এই বাবেই ঋতুভিত্তিক ৰোগৰ দ্বাৰা সহজে আক্ৰান্ত হয়। স্বাস্থ্য বিশেষজ্ঞৰ মতে, বিলাহীত এনে বহু পুষ্টিকৰ উপাদান পোৱা যায়, যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। বিলাহীত ভিটামিন এ আৰু ভিটামিন চি, আঁহ, ফ’লেট আৰু কেলচিয়ামৰ দৰে বহুতো উপকাৰী উপাদান থাকে, যিয়ে শৰীৰত এণ্টি-অক্সিডেন্ট হিচাপে কাম কৰে। বিলাহী ৰস নিয়মিতভাৱে খালে বহু ৰোগৰ পৰা আঁতৰি থাকিব…

১) বিলাহীৰ ৰসে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে।
২) নিয়মিতভাৱে সেৱন কৰিলে চৰ্দি আৰু কাহৰ দৰে সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিব।
৩) বিলাহীৰ ৰস সেৱন কৰিলেও হাড় মজবুত হোৱাত সহায় হয়।
৪) মহিলাৰ বাবে বিলাহীৰ ৰস খালে স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।
৫)বিলাহীৰ ৰসে শৰীৰক শক্তি প্ৰদান কৰে, যাৰ বাবে আপুনি ভাগৰুৱা নহয়।


ৰঙিয়াত মুকলি হ’ল বাজাজৰ নতুন শ্ব’ৰুম ! মুকলি কৰিলে জনপ্রিয় ব্লগাৰ বিকাশ ছেত্ৰীয়ে…

ভাৰতীয় দেশীয় বাইক নিৰ্মানকাৰী কোম্পানী বাজাজে আজি এটা নৱতম শ্ব’ৰুম মুকলি কৰে । গুৱাহাটীস্থিত উন্নতি বাজাজৰ শাখা হিচাপে ৰঙিয়াত মুকলি কৰা হয় এই শ্ব’ৰুমতো ।

শুক্ৰবাৰে শ্ব’ৰুমতো মুকলি কৰে জনপ্ৰিয় ইউতিউবাৰ বিকাশ ছেত্ৰীয়ে । ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ ৰঙিয়া তিনিআলিত অৱস্থিত এই শ্ব’ৰুমতো । শ্ব’ৰুমটোত বাইক বিক্ৰী কৰাৰ লগতে ছাৰ্ভিছিং আৰু বাজাজৰ সকলো পাৰ্টছ সমূহ একেলগে উপলব্ধ হব বুলি জানিব দিয়ে কৰ্তৃপক্ষই ।

গ্ৰাহক সকলে যি কোনো বাইক টেষ্ট ৰাইড কৰি পছন্দ অনুসৰি ক্ৰয় কৰিব পাৰিব বাইক । গ্ৰাহক সকলক বাইকৰ লগত হেলমেট আৰু আকৰ্ষণীয় বহুতো পুৰস্কাৰ দিয়া হব বুলিও জনাই কৰ্তৃপক্ষই ।

জুৰীয়াৰ বলীকটিয়াচাঞ্চল্যকৰ ডকাইতি ! চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ধান ব্যৱসায়ীৰ পৰা লুটি নিলে ২ লাখ টকা…

জুৰীয়াৰ বলীকটিয়াত চাঞ্চল্যকৰ ডকাইতি। চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ধান ব্যৱসায়ীৰ পৰা লুটি নিলে ২ লাখ টকা।

পথ আগচি ধৰি জেংগুনীৰ ব্যৱসায়ী সূৰুয আলীক আক্ৰমণ।

বাহনৰ আইনা ভাঙি চালক সূৰুয আলীক মাৰপিট। ঘটনা সন্দৰ্ভত জুৰীয়া থানাত এজাহাৰ দাখিল সূৰুয আলীৰ।

প্ৰিয়ংকা চোপ্ৰাৰ ভায়েকে ল’ব বিবাহ বিচ্ছেদ। বিবাহৰ চাৰি বছৰৰ পিছত সম্পৰ্ক ভংগ…

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জ’নাছৰ পৰিয়ালটো আজিকালি বাতৰিৰ শিৰোনামত থাকে। নিক’ৰ ডাঙৰ ভাতৃ জো জ’নাছৰ বিবাহিত জীৱন ভালদৰে চলা নাই। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি জ’ই আৰু তেওঁৰ পত্নী তথা অভিনেত্ৰী ছফী টাৰ্নাৰৰ মাজত সম্পৰ্কত ফাঁট মেলিছে আৰু দুয়োৰে বিবাহ বিচ্ছেদ হ’ব। বাতৰিত কোৱা হৈছে যে জো আৰু ছফীয়ে বিবাহ বিচ্ছেদৰ বাবে লছ এঞ্জেলছৰ অধিবক্তাৰ পৰামৰ্শ লৈছে।

খবৰ অনুসৰি যোৱা ছমাহ ধৰি দুয়োৰে মাজৰ সম্পৰ্ক অতি বেয়া। শেহতীয়াকৈ দুয়োজনে মিয়ামিৰ অট্টালিকাও বিক্ৰী কৰিছে, যাৰ ফলত তেওঁলোকৰ সম্পৰ্কত বিচ্ছেদ আৰু অধিক শক্তিশালী হৈছে।

২০১৬ চনৰ পৰাই ডেটিং আৰম্ভ কৰিছিল দুয়ো। ইয়াৰ পিছত ২০১৭ চনত তেওঁলোকৰ এংগেজমেণ্ট হয় আৰু তাৰ পিছত ২০১৯ চনত দুয়োৰে বিবাহ লাছ ভেগাছত হয়। ইয়াৰ পিছত দুয়োজনে ২০২০ চনত প্ৰথম সন্তান আৰু তাৰ পিছত ২০২২ চনত দ্বিতীয় সন্তানৰ পিতৃ-মাতৃ হয়। পেছাদাৰী কেৰিয়াৰৰ কথা ক’বলৈ গ’লে জ’ই আৰু ছফীয়ে নিজৰ কেৰিয়াৰত অতি সক্ৰিয়। গেমছ অৱ থ্ৰ’নছৰ দৰে টিভি ধাৰাবাহিকৰ বাবে বিখ্যাত ছফী জাহান। আনহাতে জ’য়ে তেওঁৰ দুজন ভাতৃৰ সৈতে সংগীত ভ্ৰমণ সম্পূৰ্ণ কৰিছে। জ’ই আৰু ছফীক প্ৰিয়ংকা চোপ্ৰাৰ ভায়েক যেন লাগে।

তামুলপুৰৰ গুৱাবাৰীত বিনামূলীয়া স্বাস্থ্য শিবিৰ…

তামুলপুৰৰ গুৱাবাৰীত বিনামূলীয়া স্বাস্থ্য শিবিৰ।

ৰয়েল ইনষ্টিউট অফ এলাইত এণ্ড হেল্ড চাইন্সৰ পৰা বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হয়।

কেবাশতাধিক লোকক চিকিৎসা প্ৰদান কৰা হয় এই স্বাস্থ্য পৰীক্ষা শিবিৰত।

বৃহত্তৰ গুৱাবাৰী অঞ্চলৰ লোকসকলে বিনামূলীয়াকৈ হিমগ্লোবিন, ব্লাড চুগাৰ, উচ্চ ৰক্তচাপৰ পৰীক্ষা, বি এড আই টেষ্ট কৰিবলৈ সক্ষম হয়।

ৰয়েল ইনষ্টিউট অফ এলাইত এণ্ড হেল্ড চাইন্সৰ পৰা বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰা হয় ৰোগী সকলক।

নগাওঁ নলতলীত সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ উদ্ধব চন্দ্ৰ ডেকাৰ বৰ্নিল কৰ্মজীৱনৰ অভিনন্দন গ্ৰন্থ…

নগাওঁ জিলাৰ নলতলীত সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ, অসমৰ অধ্যক্ষ উদ্ধৱ চন্দ্ৰ ডেকা দেৱৰ অৱসৰ উপলক্ষে প্রকাশিত অভিনন্দন গ্রন্থ “আহি আহি আগষ্ট ২০২৩” ৰ উন্মোচনী অনুষ্ঠান এটি অনুষ্ঠিত হৈ যায় ৷ উদ্ধব চন্দ্ৰ ডেকাৰ ধৰ্মপত্নী আৰু পৰিয়ালবৰ্গৰ প্ৰকাশিত উদ্ধব চন্দ্ৰ ডেকাৰ বৰ্নিল কৰ্মজীৱনৰ অভিনন্দন গ্ৰন্থৰ ৩০ আগষ্টৰ উদ্ধোধনী অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভনি কৰে নিবেদিতা দাসে ৷ কাৰ্যসুচী অনুসৰি অনুষ্ঠানটোত সভাপতিত্ব কৰে তেজপুৰৰ যুটীয়া কৃষি সঞ্চালক পবিত্ৰ কুমাৰ শৰ্মাই ৷ সভাৰ উদেশ্য ব্যাখ্যা কৰে নিবেদিতা দাসে ৷অনুষ্ঠানটো আত ধৰে ড° ধীৰেন শৰ্মাই ৷সভাৰ আৰাম্ভনীতে ওদালগুৰি জিলাৰ ওৰাং সংগীত মহাবিদ্যালয়ৰ শিল্পী সকলে এটি সমবেত সংগীত পৰিবেশন কৰে ৷“আহি আহি আগষ্ট ২০২৩ “ নামৰ অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে তেজপুৰৰ প্ৰাক্তন যুটীয়া সঞ্চালক প্ৰকাশ বৰাই ৷ অনুষ্ঠানটোতো বিশিষ্ট অতিথি হিচাপে ETCৰ প্ৰাক্তন অধ্যক্ষ, হৰেশ্বৰ দাস,নগাওঁৰ ভাৰপ্ৰাপ্ত যুটীয়া কৃষি সঞ্চালক বিপুল শৰ্মা,শোনিতপুৰৰ জিলা কৃষি বিষয়া পংকজ শইকীয়া, লক্ষীমপুৰৰ প্ৰাক্তন জিলা কৃষি বিষয়া প্ৰবীন শইকীয়া, ড° নিৰঞ্জন ডেকা, মূৰব্বী নগাওঁৰ কৃষি বিজ্ঞান কেন্দ্ৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰে ৷


অনুষ্ঠানটোত বিশেষ অতিথি হিচাপে ৰমাকান্ত নাথ,যোগেন্দ্ৰ শৰ্মা,মোস্তাক হুচেইনে উদ্ধব চন্দ্ৰ ডেকাৰ কৰ্ম জীবনৰ সম্পৰ্কৰ বক্তব্য আগবঢ়াই ৷সমগ্ৰ অনুষ্ঠানটোত ওৰাং সংগীত মহাবিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ৰনজিৎ দাস,অৰুন কুমাৰ বৰা,ওৰাং সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক উদ্ধব চন্দ্ৰ ডেকা,বিশিষ্ট কৃষক শিক্ষক ঘনশ্যাম উপাধ্যায়,মামনী দাস,কৃষি বিভাগৰ গিৰীন নাথ, নিলোৎপল বৰা, বৰা,সহঃ কৃষি পৰিদৰ্শক হাফিজুল হক,গিৰিন বসুমতাৰী,ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ধীৰেন চহৰীয়া,শিক্ষক ত্ৰৈলোক্য ভড়ালী,,আৰু ববিতা চহৰীয়া,মামনী শইকীয়া,অঞ্জলী ভড়ালী,প্ৰনামিকা ডেকা. মনিকা দাস,দেবজিৎ ডেকা,দ্বিপজ্যোতি ডেকা,ৰাকেশ ডেকা,মিলন ডেকা,বিমলা ডেকা,প্ৰীতিলতা দাস,প্ৰিয়ংকা দাস, আদি উপস্থিত থাকি সহায় সহযোগিতা কৰে ৷তাৰোপৰি উদ্ধব চন্দ্ৰ ডেকাৰ কৰ্মজীৱনৰ অভিনন্দন গ্ৰন্থখন সুচাৰুৰূপে সম্পাদনা কৰাৰ বাবে সম্পাদনা সমিতিৰ সভাপতি ৰমাকান্ত নাথ,উপসভাপতি নীলমনি মেধি,সম্পাদক মোস্তাক হুচেইন,সদস্য যোগেন্দ্ৰ শৰ্মা,শংকৰ নাথ,নন্দেশ্বৰ বৰুৱাক উদ্ধব চন্দ্ৰ ডেকাই আন্তৰিকতাৰে ধন্যবাদ জনাইছে ৷


অনুষ্ঠানৰ শেষত সভাপতি পবিত্ৰ শৰ্মাই সভাপতিৰ ভাষণ দিয়ে আৰু নলতলীৰ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰৰসমূহ বিষয়া,কৰ্মচাৰী, আৰু অনুষ্ঠানটোত উপস্থিতিৰে সহযোগ,সহযোগিতা কৰা উদ্ধব চন্দ্ৰ ডেকাই শলাগৰ শৰাই আগবঢ়াই ৷উল্লেখযোগ্য যে উদ্ধব চন্দ্ৰ ডেকাই যোৱা ৩১ আগষ্টত নগাঁও জিলাৰ নলতলীত অৱস্থিত
সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহন কৰে ৷

ডুৰাণ্ড কাপ ফুটবলৰ চেম্পিয়নৰ খিতাপ দখল মোহন বাগানৰ…

ডুৰাণ্ড কাপ ফুটবলৰ চেম্পিয়নৰ খিতাপ দখল মোহন বাগানৰ৷

পূব বেংগলক ১-০ গ’লত পৰাস্ত কৰি জয়ী হ’ল মোহন বাগান৷

ডুৰাণ্ড কাপৰ ফাইনেল কলকাতাৰ চল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল৷