Home Blog Page 1397

কণী আৰু মাংস নোখোৱাকৈ নিৰামিষ প্ৰ’টিন ডায়েটৰ বাবে খোৱাৰ আৰম্ভ কৰক এইসমূহ বস্তু…

নিৰামিষভোজীৰ মনলৈ হয়টো এটা প্ৰশ্ন আহে মাংস নোখোৱাকৈ সম্পূৰ্ণ প্ৰটিনযুক্ত খাদ্য খাব পাৰি নে? কিছুমান খাদ্যৰ জৰিয়তে এয়া সম্ভৱ। যদি আপুনি নিৰামিষভোজী বা মাংস এৰিব বিচাৰে আৰু প্ৰটিনযুক্ত খাদ্য গ্ৰহণ কৰিব বিচাৰে তেন্তে এই সমূহ বিশেষ খাদ্য গ্ৰহণ কৰিব পাৰে। প্ৰ’টিন হৈছে আপোনাৰ শৰীৰৰ পেশীৰ কলা মেৰামতি কৰা মেক্ৰ’নিউট্ৰিয়েণ্ট। আপোনাৰ মগজু, যকৃত আৰু পেশীবোৰ প্ৰটিনৰ দ্বাৰা গঠিত।

নিৰামিষভোজীসকলে কি কি খাদ্যৰ জৰিয়তে প্ৰচুৰ পৰিমাণে প্ৰ’টিন লাভ কৰিব জানেনে। মচুৰ দাইল নিৰামিষভোজীৰ বাবে প্ৰটিনৰ সমৃদ্ধ উৎস যদিও আন বহু ধৰণৰ খাদ্য খোৱাটোও গুৰুত্বপূৰ্ণ। প্ৰটিনৰ উৎস হৈছে-

চিয়া বীজ
সৰিয়হ
পিটা ব্ৰেড
পিনাট বাটাৰ
বাদাম
অটমিল
মচুৰ দাইল

প্ৰ’টিন লাভ কৰিবলৈ নিৰামীষভোজী সকলে খাব পাৰে এই সমূহ খাদ্য।


গহপুৰৰ মেইল বজাৰৰ তেলেনীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত…

গহপুৰৰ মেইল বজাৰৰ তেলেনীত ভয়ংকৰ অগ্নিকাণ্ড।

ভস্মীভূত গোবিন্দ প্ৰধান নামৰ লোকজনৰ বাসগৃহ। লগতে ভস্মীভূত হয় কেইবাখনো বাহন, বিভিন্ন সামগ্ৰী।

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ।

মিছ দিবা ইউনিভাৰ্ছ ২০২৩ ত জিলিকিল চণ্ডীগড়ৰ শ্বেতা শাৰদ…

মডেল শ্বেতা শাৰদে মিছ দিবা ইউনিভাৰ্ছ ২০২৩ । ২২ বছৰীয়া স্বেতা ঘৰ চণ্ডীগড়ত। দিল্লীৰ সোনাল কুক্ৰেজা মিছ দিবা ছুপাৰ ইন্টাৰনেচনেল। কৰ্ণাটকৰ তৃষা চেত্ৰী মিছ দিবা তৃতীয় । শ্বেতা শাৰদে চলিত বৰ্ষৰ ১৮ নৱেম্বৰত অনুষ্ঠিত হব লগা ৭২ সংখ্যক মিছ ইউনিভাৰ্ছত ভাৰতৰ হৈ অংশ গ্ৰহন কৰিব মধ্য আমেৰিকাৰ দেশ এল ছালভাডৰত। পোলেণ্ডত অনুষ্ঠিত হব লগ ১২ সংখ্যক মিছ ছুপাৰ ইন্টাৰনেচনেল অংশগ্ৰহণ কৰিব ভাৰতৰ হৈ ১৭ জুলাই ২০২৪ চনত।

উল্লেখ্য যে ২৭ আগষ্টত অনুষ্ঠিত হয় ১১ সংখ্যক মিছ দিবা ইউনিভাৰ্ছ মুম্বাইৰ দা ললিত । ইফালে শ্বেতা শাৰদে মিছ টেলেন্তেৰ লগতে মিছ বডী বিউতি উপ খিতাপ অৰ্জন কৰে।

গৰ্ভাৱস্থাত মহিলাসকলে কণী, মিঠা আলুকে ধৰি ৬টা খাদ্য খাব লাগে, শিশুটি সুস্থ হ’ব…

গৰ্ভৱতী মহিলাই নিজৰ যত্ন ভালদৰে ল’ব লাগে। গৰ্ভৱতী মহিলাৰ বাবে উত্তম খাদ্য কি জানেনে? গৰ্ভাৱস্থাত মহিলাসকলে খাদ্য-পানীয়ৰ প্ৰতি অতি সতৰ্ক হয়, তেওঁলোকক এনে খাদ্যৰ প্ৰয়োজন হয় যিয়ে গৰ্ভত থকা শিশুটিক সঠিকভাৱে পুষ্টি দিব পাৰে। লগতে অধিক খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে আৰু পুষ্টিকৰ উপাদানৰে সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে।গৰ্ভাৱস্থাত মহিলাসকলে ভিটামিন, খনিজ পদাৰ্থ, স্বাস্থ্যকৰ চৰ্বি, কাৰ্বহাইড্ৰেট, সেৱন কৰাটো প্ৰয়োজনীয়। গৰ্ভৱতী মহিলাই এই ৬ টা খাদ্য খাব লাগে-


গৰ্ভাৱস্থাত মহিলাক অতিৰিক্ত প্ৰটিন আৰু কেলচিয়ামৰ প্ৰয়োজন হয়, গতিকে গাখীৰ আৰু দৈ আপোনাৰ খাদ্য তালিকাত থাকিব লাগে।

মিঠা আলু কেৱল খাবলৈয়ে সোৱাদ নহয়, গৰ্ভত উপস্থিত থকা শিশুৰ বাবেও উপকাৰী। ইয়াৰ পৰা ভিটামিন-এ আৰু ফাইবাৰ পোৱা যায়।

যদি আপুনি সাগৰীয় খাদ্যৰ প্ৰতি আকৰ্ষিত, তেন্তে গৰ্ভাৱস্থাত ছালমন মাছ খাব কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন ডি আৰু কেলচিয়াম থাকে, যি হাড়ৰ বিকাশৰ বাবে প্ৰয়োজনীয়।

কণীক অতি স্বাস্থ্যকৰ খাদ্য বুলি গণ্য কৰা হয়, যিয়ে গৰ্ভাৱস্থাত প্ৰয়োজনীয় পুষ্টিকৰ উপাদান প্ৰদান কৰে। য’ত প্ৰ’টিন, চৰ্বি, ভিটামিন আৰু খনিজ পদাৰ্থ আদি অন্তৰ্ভুক্ত।

শুকান ফলত কেলৰি আৰু বহুতো ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায়। গৰ্ভাৱস্থাত মহিলাসকলে এইবোৰ সেৱন কৰিব লাগিব।

গৰ্ভাৱস্থাত নিয়মীয়াকৈ তৰল পদাৰ্থ সেৱন কৰি ৰাখিব লাগে যাতে আপুনি আৰু আপোনাৰ শিশুটিৰ পানীৰ অভাৱ নহয়। পানীৰ বাহিৰেও এনে ফল খাব পাৰে য’ত অধিক তৰল পদাৰ্থ থাকে। প্ৰায়ে নাৰিকল পানী খাব পাৰে।


ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে কৰক যোগাসন…

যোগ হৈছে আপোনাৰ মন আৰু শৰীৰক একেলগ কৰাত সহায় কৰাৰ এক আধ্যাত্মিক উপায়। ই হৈছে সুস্থ জীৱন যাপনৰ কলা আৰু বিজ্ঞানৰ সমন্বয়। ডায়েবেটিছৰ চিকিৎসা হিচাপে সঠিকভাৱে গ্ৰহণ কৰিলে যোগাসনে আপোনাৰ ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব। আজি আমি আপোনালোকক এনে ৫ টা যোগাসনৰ বিষয়ে তথ্য কম, যি যোগাসন কৰিলে ডায়েবেটিছ নিয়ন্ত্ৰণত থাকিব-


ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে সূৰ্য্য নমস্কাৰ হৈছে আটাইতকৈ উপকাৰী যোগ। সূৰ্য্য নমস্কাৰ কৰিলে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ, ৰক্ত সঞ্চালন বৃদ্ধি আৰু নমনীয়তা বৃদ্ধিত সহায় কৰে।

ধনুৰাসন ক্লান্তিৰ প্ৰতিকাৰ হিচাপে আত্মপ্ৰকাশ কৰে, আপোনাৰ সত্তাত সজীৱতা সোমাই দিয়ে। ই আপোনাৰ মূল পেশীবোৰ শক্তিশালী কৰে, কোষ্ঠকাঠিন্যৰ লগত জড়িত অস্বস্তি হ্ৰাস কৰে আৰু তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত অৰিহণা যোগায়।

ভুজংগাসন কৰিলে মেৰুদণ্ড শক্তিশালী আৰু নমনীয় কৰি বুকু আৰু হাওঁফাওঁ মুকলি কৰি মানসিক চাপ কমি যায়। ভুজংগাসন এক নিৰাপদ আৰু ফলপ্ৰসূ যোগ আসন। কিন্তু যদি আপুনি কোনো আঘাত পাইছে বা গৰ্ভৱতী হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটোৱেই উত্তম।

বিগত এসপ্তাহ ধৰি নগাঁৱৰ থেকেৰাগুৰি ষ্টেচনৰ পৰা সন্ধানহীন হৈ আছে এগৰাকী বৃদ্ধ…

নগাঁও জিলাৰ থেকেৰাগুৰি ষ্টেচনৰ পৰা এগৰাকী বৃদ্ধ সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা ২২আগষ্টৰ পৰা সন্ধানহীন হৈ থকা ব্যক্তি গৰাকী ৭৫ বছৰীয়া চোখাৰী প্ৰসাদ। উল্লেখযোগ্য যে যোৱা ১৯ আগষ্টত লোকজন নিজৰ বাসগৃহ বিহাৰলৈ ফুৰিবলৈ গৈছিল। কিন্তু বিহাৰৰ পৰা উভতি আহোঁতে থেকেৰাগুৰি ষ্টেচনৰ পৰা চোখাৰী প্ৰসাদ নামৰ লোকজন সন্ধানহীন হয়।

ইতিমধ্যে পৰিয়ালৰ লোকে আৰক্ষীক এজাহাৰো দাখিল কৰিছে। পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ যোগেদি জানিবলৈ দিয়ে যে যদি কোনো লোকে এই বৃদ্ধজনৰ সন্ধান বিচাৰি পায় তেন্তে ৬২০৭১১৫০৪৯ নম্বৰটোত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

অধিক কেলচিয়ামে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে…

অধিক কেলচিয়ামে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। কেলচিয়ামৰ পৰিমাণ সদায় নিয়ন্ত্ৰণ কৰিব লাগে। অত্যধিক কেলচিয়ামে হৃদযন্ত্ৰত পেলাব পাৰে। উচ্চ ৰক্তচাপ, বয়স বৃদ্ধি আদিয়ে কেলচিয়ামৰ জমা বৃদ্ধি কৰিব পাৰে। খাদ্য পৰিৱৰ্তন, ব্যায়াম ইত্যাদিৰ দ্বাৰা কেলচিয়াম হ্ৰাস কৰিব পাৰে। সজাগ হৈ থাকিলে হৃদৰোগৰ পৰা হাত সাৰিব পাৰি। কেনেকৈ হাত সাৰিব পাৰি জানক এই বিষয়ে…

তেল, চৰ্বি, অত্যধিক নিমখ পৰিহাৰ কৰক। ফলমূল, শাক-পাচলি বেছিকৈ খাব লাগে।


নিয়মিতভাৱে ব্যায়াম কৰিব লাগে, যেনে- দ্ৰুত খোজ কঢ়া, জিমলৈ যোৱা বা আন যিকোনো ধৰণৰ শাৰীৰিক কাৰ্য্যকলাপত অংশগ্ৰহণ কৰা।


ধূমপান আৰু মদ্যপান পৰিহাৰ কৰিব লাগে। ধূমপান আৰু অত্যধিক মদ্যপানে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।


ওজন নিয়ন্ত্ৰণত ৰাখিব লাগে। ওজন বজাই ৰখাটো হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও গুৰুত্বপূৰ্ণ।


চিকিৎসকৰ পৰামৰ্শ আটাইতকৈ গুৰুত্বপূৰ্ণ। আপুনি কেনেধৰণৰ চিকিৎসা ল’ব লাগে সেই বিষয়ে সঠিকভাৱে ক’ব পাৰে কেৱল চিকিৎসকে।


ৰাজ্যত পুনৰ টোলগেট, আহি আছে ৫ খনকৈ টোলগেট। প্ৰস্তুতি সম্পূৰ্ণ ঘাইপথ প্ৰাধিকৰণৰ…

ৰাজ্যত পুনৰ নতুনকৈ ৫ খন টোল গেট খোলাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। ইতিমধ্যে টোলগেটৰ অত্যাধিক মাচুলে ৰাইজক জ্বলাকলা খুওৱাৰ লগতে বহিঃৰাজ্যৰ পৰা আমদানিকৃত নানান সামগ্ৰী কঢ়িয়াই অনা বাহনে অত্যাধিক মাচুল ভৰাৰ ফলত সকলো বোজা ৰাইজৰ মুৰত পৰি আহিছে। আনহাতে ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অবস্হাই পদে পদে পথাচাৰীক বিপদত পেলোৱাৰ লগতে সংঘটিত হৈ আহিছে কেবাটাও পথ দুৰ্ঘটনা। এই সমস্যাক ৰাজ্য চৰকাৰৰ লগতে ঘাইপথ প্ৰাধিকৰণে পিঠি দি আন ৰাজ্যৰ তুলনাত অধিক মাচুল আদায় কৰি আহিছে ।

একেদৰে আন ৰাজ্যৰ পথৰ বিপৰীতে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ পুখুৰী সদৃশ গাতে সৃষ্টি কৰি আহিছে একাধিক দুৰ্ঘটনা। কিন্তু ঘাইপথ প্ৰাধিকৰণে পথৰ সমস্যাক পিঠি দি পুনৰ পাছখন টোলগেট খুলিবলৈ আহ্বান কৰিছে নিবিদাৰ। এই টোল গেট কেইখন হৈছে দেৰগাঁৱৰ ৰঙামাটি টোলগেট, তেজপুৰৰ কলিয়াভোমোৰা টোলগেট, ডিব্ৰুগড়ৰ বগীবিল টোলগেট, লক্ষীমপুৰৰ পথালি পাহাৰ টোলগেট আৰু বিশ্বনাথ টোলগেট। এই পাচখন টোলগেট মুকলি হোৱা মানেই ৰাইজৰ জেপ খালি হোৱাৰ লগতে অত্যাবশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পোৱাটো নিশ্চিত।

ভয়ানক দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা প্ৰজ্ঞানৰ…

এক ভয়ানক দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে ৰোভাৰ প্ৰজ্ঞান। চন্দ্ৰপৃষ্ঠত ৰোভাৰ প্ৰজ্ঞান আগুৱাই গৈছিল এটা বৃহৎ গাঁতৰ দিশে। ৪ মিটাৰ ব্যাসাৰ্ধৰ গাতটোলৈ মাত্ৰ তিনি মিটাৰ দুৰত্ব থকাৰ সময়তেই বিক্ৰম লেণ্ডাৰৰ “কমাণ্ড” পাই দিশ সলনি কৰে প্ৰজ্ঞানে।

ফলত এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে প্ৰজ্ঞান। সম্প্ৰতি সুন্দৰ ভাবে ৰোভাৰ প্ৰজ্ঞানে নিজৰ কাম কৰি থকা বুলি টুইট কৰি জানিবলৈ দিয়ে ইছৰোৰ কৰ্তৃপক্ষই। উল্লেখ্য যে ২৩ আগষ্টৰ পৰা লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠৰ দক্ষিন মেৰুত অধ্যয়ন অব্যাহত ৰখাৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ ছবি ইছৰোলৈ প্ৰেৰণ কৰি আছে।

জুবিন গাৰ্গক দালাল আখ্যা দুলু আহমেদৰ…

এগৰাকী শিল্পীৰ শিল্পীসত্বাক আংগুষ্ঠ প্ৰদৰ্শন কৰি বিতৰ্কত জুবিন গাৰ্গ। অসম জাতীয় পৰিষদ দলক “ফটুৱা” আখ্যা দি বিতৰ্কত সুমাই পৰিছে এই গৰাকী শিল্পী। আনহাতে দলটোৰ উপ সভাপতি দুলু আহমেদে তীব্ৰ আক্ৰমনাত্মক ৰূপত জুবিনক সুৰাৰ ৰাগীত মাতাল হৈ দলটোৰ হৈ মন্তব্য দিয়াৰ অধিকাৰ নাই বুলি উল্লেখ কৰে। আহমেদে জুবিনক সুবিধাবাদী শিল্পী আখ্যা দি এগৰাকী ৪২০ নম্বৰী বুলি উল্লেখ কৰি মানুহৰ শাৰীত নপৰে বুলিও উল্লেখ কৰে। কা আন্দোলনৰ সময়ত দুমুখীয়া স্হিতি অসমবাসীয়ে পাহৰা নাই বুলি আহমেদে উল্লেখ কৰি কয় যে অজাপৰ বিৰুদ্ধে মন্তব্য দিবলৈ মুখ্যমন্ত্ৰীৰ পৰা ধন লোৱা বুলিও গুৰুতৰ অভিযোগ কৰে।

জুবিন গাৰ্গ এগৰাকী দালাল শিল্পী বুলি তীব্ৰ কটাক্ষ কৰি দুলু আহমেদে টকা দিলে পক্ পকাই থাকে বুলিও তীব্ৰ সমালোচনা কৰে। উল্লেখ্য যে বহু সময়ত বিতৰ্কত আৰু তৰল মন্তব্য কৰি সংবাদমাধ্যমৰ শিৰোনাম দখল কৰা জুবিন গাৰ্গে বিভিন্ন সময়ত ক্ষমা বিচৰাৰ উদাহৰণো আছে। আনহাতে এগৰাকী প্ৰকৃত শিল্পীয়ে শিল্পী সত্বাক সদায় সন্মান জনাই আহিছে বুলি বিভিন্ন মহলে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।