Home Blog Page 1398

আদিত্য-এল১ সূৰ্য্যৰ কিমান কাষ চাপিব…

চন্দ্ৰযান-৩ৰ পিছত ভাৰত মহাকাশত সৌৰ অভিযান ‘আদিত্য-এল১’ৰ ৰূপত আন এক বৃহৎ সফলতাৰ অতি ওচৰত। ২ ছেপ্টেম্বৰত আৰম্ভ হ’ব। চন্দ্ৰযান-৩ৰ সফলতাৰ বাবে বিজ্ঞানী আৰু দেশবাসীৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি হৈছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে সোমবাৰে আদিত্য-এল১ উৎক্ষেপণৰ তাৰিখ ঘোষণা কৰে। ইছৰোৰ তথ্য অনুসৰি অহা ২ ছেপ্টেম্বৰৰ পুৱা ১১:৫০ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা পোলাৰ চেটেলাইট লঞ্চ ভেহিকেল (পিএছএলভি-চি৫৭) যোগে আদিত্য-এল১ উৎক্ষেপণ কৰিব। চন্দ্ৰযান-৩ৰ চন্দ্ৰত অৱতৰণৰ দৰে কোনো মহাকাশযান সূৰ্য্যত অৱতৰণ কৰিব নোৱাৰে, গতিকে আদিত্য-এল১ সূৰ্য্যৰ কিমান ওচৰলৈ যাব সেয়া জানিবলৈ আগ্ৰহী সকলো। আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ তথ্য অনুসৰি সূৰ্য্যৰ কোৰ (Core) ৰ উষ্ণতা ২.৭ কোটি ডিগ্ৰী ফাৰেনহাইট (১.৫ কোটি ডিগ্ৰী চেলছিয়াছ) আৰু ইয়াৰ পৃষ্ঠৰ উষ্ণতা প্ৰায় ১০ হাজাৰ ডিগ্ৰী ফাৰেনহাইট অৰ্থাৎ প্ৰায় সাড়ে পাঁচ হাজাৰ ডিগ্ৰী চেলছিয়াছ।

নাছাই দাবী কৰিছে যে তেওঁলোকৰ ‘পাৰ্কাৰ ছ’লাৰ প্ৰ’ব’ নামৰ অভিযানটোৱে সূৰ্য্যৰ আটাইতকৈ ওচৰলৈ গৈছে। ২০১৮ চনত নাছাই ইয়াক মুকলি কৰিছিল। ২০২১ চনৰ ১৪ ডিচেম্বৰত নাছাই ঘোষণা কৰে যে তেওঁলোকৰ মহাকাশযান (Parker Solar Probe) য়ে প্ৰথমবাৰৰ বাবে সূৰ্য্যক স্পৰ্শ কৰিছিল, য’ত বায়ুমণ্ডল প্ৰায় ২০ লাখ ডিগ্ৰী ফাৰেনহাইট। দাবী কৰা হৈছিল যে এই মহাকাশযানখনে সূৰ্য্যৰ ওপৰৰ বায়ুমণ্ডলৰ মাজেৰে উৰি গৈছিল। সূৰ্য্যৰ পৃষ্ঠৰ পৰা প্ৰায় ৬২ লাখ কিলোমিটাৰ দূৰত্বত উপনীত হৈছিল।

যিহেতু ইছৰোৰ সূৰ্য্য অভিযানৰ নাম আদিত্য-এল১, সেয়েহে ইয়াৰ উদ্দেশ্য নামেৰেই জনা যায়। L1 ৰ অৰ্থ হ’ল ‘লেগ্ৰেঞ্জ পইণ্ট ১’। মহাকাশৰ কিছুমান বিন্দুৰ নাম ইটালী-ফৰাচী গণিতজ্ঞ জোচেফ লুই লেগ্ৰেঞ্জৰ নামেৰে ‘লেগ্ৰেঞ্জ’ বিন্দু হিচাপে ৰখা হৈছে। লেগ্ৰেঞ্জ পইণ্ট হৈছে মহাকাশৰ এনে এটা ঠাই য’ত দুটা বৃহৎ বস্তুৰ (সূৰ্য্য-পৃথিৱী) মাধ্যাকৰ্ষণ শক্তি ইটোৱে সিটোৰ লগত ভাৰসাম্য ৰক্ষা কৰে। এক প্ৰকাৰে লেগ্ৰেঞ্জ পইণ্টে মহাকাশযানৰ পাৰ্কিং লট হিচাপে কাম কৰে। ইয়াত যিকোনো মহাকাশযান বছৰ বছৰ ধৰি ৰাখিব পাৰি আৰু ইয়াৰ জৰিয়তে পৰীক্ষা কৰিব পাৰি।

এই ব্যৱস্থাত পৃথিৱী, সূৰ্য্য আৰু চন্দ্ৰকে ধৰি পাঁচটা লেগ্ৰেঞ্জ (L1, L2, L3, L4, L5) বিন্দু আছে। L3 সূৰ্য্যৰ সিটো পাৰে, গতিকে পৃথিৱীৰ বিজ্ঞানীসকলৰ বাবে ইয়াৰ কোনো কাম নাই। L1 আৰু L2 পৃথিৱীৰ ওচৰত। সকলো সময়তে সূৰ্য্যৰ বিষয়ে অধ্যয়ন কৰিবলৈ L1 বিন্দুটো সৰ্বোত্তম। সেইবাবেই ইছৰোৱে নিজৰ মহাকাশযানখন এল ১ পইণ্টলৈ প্ৰেৰণ কৰিছে। যিহেতু সূৰ্য্যক আদিত্য বুলিও কোৱা হয়, সেয়েহে এই অভিযানৰ নাম ‘আদিত্য-এল১’।

ভাৰতৰ সূৰ্য্য অভিযান আদিত্য-এল১ সূৰ্য্যৰ কিমান ওচৰলৈ যাব তাৰ ধাৰণা ল’বলৈ হ’লে পৃথিৱীৰ পৰা সূৰ্য্যৰ দূৰত্ব বুজিব লাগিব। নাছাৰ তথ্য অনুসৰি পৃথিৱীৰ পৰা সূৰ্য্যলৈ গড় দূৰত্ব ৯৩ মিলিয়ন মাইল অৰ্থাৎ প্ৰায় ১৫ কোটি কিলোমিটাৰ (১৫০ কোটি কিলোমিটাৰ) (প্ৰায় ১৫ বিলিয়ন কিলোমিটাৰ)। ইয়াক ১ জ্যোতিৰ্বিজ্ঞান এককৰ সমান বুলি কোৱা হয়। দৰাচলতে বিজ্ঞানীসকলে বিপুল সংখ্যা লিখাৰ বিকল্প হিচাপে Astronomical Unit (AU) আৱিষ্কাৰ কৰিছিল। এটা AU ৯৩ মিলিয়ন মাইলৰ সমান অৰ্থাৎ ১৫ বিলিয়ন কিলোমিটাৰ।

ইছৰোৰ তথ্য অনুসৰি আদিত্য-এল১ মহাকাশযানখনক সূৰ্য্য-পৃথিৱী ব্যৱস্থাৰ লেগ্ৰেঞ্জ পইণ্ট ১ (এল১)ৰ চাৰিওফালে প্ৰভা কক্ষপথত স্থাপন কৰা হ’ব। মহাকাশৰ এই অঞ্চলটো পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ (১৫ লাখ) কিলোমিটাৰ দূৰত। যিহেতু পৃথিৱীৰ পৰা সূৰ্য্যৰ দূৰত্ব ১৫০০ লাখ কিলোমিটাৰ, গতিকে ইয়াৰ পৰা যদি ১ নং লেগ্ৰেঞ্জ বিন্দুৰ দূৰত্ব বিয়োগ কৰা হয়, তেন্তে এই মহাকাশযানখনে সূৰ্য্যৰ পৰা প্ৰায় ১৪৮৫ লাখ কিলোমিটাৰ দূৰত্বৰ পৰা ইয়াক অধ্যয়ন কৰিব।আদিত্য-এল১ত থাকিব ৭টা পেলোড। ইছৰোৰ মতে, এই ৭টা পেলোডৰ ভিতৰত ৪টা হ’ব ৰিম’ট চেন্সিং পেলোড আৰু ৩টা হ’ব ইন-চিটু পেলোড।


ডেংগু ৰোগীৰ বাবে এক বিশেষ ফল হৈছে কিউই…

ডেংগু ভাইৰাছৰ মহৰ দ্বাৰা সংক্ৰমিত ৰোগ। এই ভাইৰাছ Aedes Aegypti নামৰ এবিধ মহৰ কামোৰৰ ফলত বিয়পি পৰে। এই মহে সাধাৰণতে দিনৰ ভাগত কামোৰে। সাধাৰণতে সংক্ৰমণৰ ৩-১৪ দিনৰ ভিতৰত ডেংগুৰ লক্ষণ দেখা দিয়ে। কিছুমান ক্ষেত্ৰত তীব্ৰ ডেংগুৰ সংক্ৰমণ হ’ব পাৰে, যাক ডেংগু হেমৰেজিক জ্বৰ বোলা হয়। অত্যধিক ৰক্তক্ষৰণ, নিম্ন ৰক্তচাপ, অংগ বিকল হোৱা আদি জটিলতা আহিব পাৰে। ডেংগুৰ ৰোগৰ পৰা আৰোগ্য লাভ কৰিবলৈ ৰোগীয়ে বিশেষ খাদ্যাভ্যাস পালন কৰিব লাগিব, য’ত সকলো ধৰণৰ ফলমূল আৰু শাক-পাচলি অন্তৰ্ভুক্ত কৰা হয়। কিউই ইয়াৰে এটাৰ ফল। কিউইয়ে ডেংগু ৰোগীক বহু দিশত সহায় কৰিব পাৰে। ইয়াত ভিটামিন চি, ভিটামিন ই, পটাছিয়াম আৰু আঁহ আদি ভাল পৰিমাণৰ পুষ্টিকৰ উপাদান থাকে। এই পুষ্টিকৰ উপাদানসমূহে ডেংগুৰ লক্ষণসমূহ হ্ৰাস কৰাত সহায় কৰিব পাৰে-


কিউইয়ে হজম শক্তি সুস্থ কৰি ৰখাত সহায় কৰে। ডেংগু জ্বৰে পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰিও কিউইত ভিটামিন চি আৰু ভিটামিন ইও প্ৰচুৰ পৰিমাণে থাকে, যিয়ে ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰে।

কিউইৰ অন্যান্য উপকাৰিতাৰ সমূহ হৈছে-

কিউইত ভিটামিন চি আৰু অন্যান্য এন্টিঅক্সিডেন্ট থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে। ইয়াৰ দ্বাৰা সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়ক হ’ব পাৰে।

কিউইত পটাছিয়াম থাকে যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। ইয়াৰ দ্বাৰা হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পোৱাত সহায়ক হ’ব পাৰে।

সদৌ তামুলপুৰ জিলা সূত্ৰধৰ ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান

তামুলপুৰ জিলাৰ ঐতিহ্যমণ্ডিত নাগ্ৰীজুলি চিনিয়ৰ চেকেণ্ডাৰী স্কুলত দেওবাৰে সদৌ তামুলপুৰ জিলা সূত্ৰধৰ ছাত্ৰ সন্থাই কৃতী ছাত্র-ছাত্ৰীসকলৰ বাবে বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে। বিগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ ও বন্তি প্ৰজ্বলন, বৃক্ষৰোপন আদিৰ পিছতেই দুপৰীয়া ১২-৩০ বজাৰ পৰা সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।

সদৌ তামুলপুৰ জিলা সূত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি শংকৰ সূত্ৰধৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখন পৰিচালনা কৰে তামুলপুৰ জিলা সূত্ৰধৰ ছাত্ৰ সন্থাৰ সম্পাদক ৰাহুল সূত্ৰধৰে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি লক্ষীকান্ত সূত্ৰধৰে কয়, “আমাৰ আজিৰ ছাত্ৰ ছাত্ৰী কাইলৈ দেশৰ ভৱিষ্যত। ছাত্ৰ ছাত্ৰী সকলে প্ৰকৃত পক্ষত জ্ঞান আহৰণৰ বাবে অধ্যয়নশীল হ’ব লাগে। জীৱনত সফলতাৰ পথ প্ৰশস্ত কৰিবলৈ ছাত্ৰ জীৱনৰ অধ্যয়নে হৈছে একমাত্ৰ আহিলা। এই ক্ষেত্ৰত আমাৰ সূত্ৰধৰ জনগোষ্ঠীৰ বহু ছাত্ৰ ছাত্ৰী পিছ পৰি আছে যদিও বৰ্তমান কিছু কিছু ক্ষেত্ৰত আগৰণুৱা ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে”।

ইয়াৰ মাজতেই তেওঁ সূত্ৰধৰ জনগোষ্ঠীৰ বিভিন্ন স্তৰৰ সমস্যাৰ কথা উল্লেখ কৰি অতিশীঘ্ৰে এই সমস্যা সমূহ সমাধান কৰাৰ লগতে সূত্ৰধৰ জনগোষ্ঠীৰ উন্নয়নৰ হকে চৰকাৰৰ লগত আলোচনা কৰাৰ কথা দোহাৰি বিটিচিত প্ৰমোদ বড়োই সূত্ৰধৰ সকলক দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ উত্থাপন কৰি সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থা কাৰো ৰাজনৈতিক মোহৰ নহয় বুলি উল্লেখ কৰে।

ইয়াৰ পিছতেই তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি ডুলুজিৎ দাসে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি কয় – ছাত্ৰ ছাত্ৰী সকলে নিতৌ বাতৰি কাকত পঢ়াৰ অভ্যাস গঢ় দিব লাগে। অসমীয়া বাতৰি কাকতৰ সমান্তৰালভাৱে দুই এখন ইংৰাজী বাতৰি কাকত পঢ়িও ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান আহৰণ কৰিবলৈ আহ্বান জনাই তেওঁ পুনৰ কয়, কেবল মাত্ৰ চৰকাৰী চাকৰিৰ বাবে নপঢ়ি প্ৰকৃত মানৱ সম্পদ হিচাপে নিজকে গঢ় দিয়াৰ লগতে প্ৰকৃত জ্ঞানৰ অধিকাৰী হ’বলৈ যত্নপৰ হ’ব লাগে।

বিভিন্ন মহান আৰু সফল ব্যক্তিৰ জীৱনী পঢ়ি তেওঁলোকৰ জীৱনৰ কষ্টকৰ বাট বুলি সফলতা বুটলিবলৈ সক্ষম হোৱা জীৱন কাহিনীৰ পৰা ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱনৰ পথ প্ৰশস্ত কৰিবলৈ সুবিধা হ’ব। এইক্ষেত্ৰত তেওঁ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ জীৱন কাহিনী সামৰি বক্তব্য আগবঢ়ায়।

সভাত সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ উপদেষ্টা নিপেন সূত্ৰধৰ, সাংগঠনিক সম্পাদক বুদ্ধদেৱ সূত্ৰধৰ, তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মৃত্যুঞ্জয় হালৈ সহ কেইবাগৰাকীও ছাত্ৰ নেতাই ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি উদগনিমূলক ভাষণ প্ৰদান কৰে।

উক্ত অনুষ্ঠানটোত বিগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ সূত্ৰধৰ জনগোষ্ঠীৰ ১৩ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

এই দিনযোৰা কাৰ্যসূচীত তামুলপুৰ জিলা সূত্ৰধৰ ছাত্ৰ সন্থাৰ উপ সভাপতি নৰেন সূত্ৰধৰ, সাংগঠনিক সম্পাদক অনিল সূত্ৰধৰ, শিক্ষা সম্পাদক কমল সূত্ৰধৰসহ কেইবাগৰাকীও ছাত্ৰ নেতা উপস্থিত থাকে।

কাজিৰঙাৰ বৰজুৰীত জীৱিকা উন্নত কৰাৰ বাবে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে এছআইটিএৰ পদক্ষেপ

ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ (এছআইটিএ) উপাচাৰ্য ৰমেন ডেকাই সোমবাৰে কাজিৰঙাৰ বৰজুৰীৰ বৰভেটাত আয়োজিত এক অনুষ্ঠানত ‘জীৱিকাৰ উন্নীতকৰণঃ স্মাৰ্ট কৃষি আৰু কৃষি-পৰিৱেশ-পৰ্যটনৰ জৰিয়তে প্ৰভাৱ’ প্ৰকল্পটোৰ বাবে প্ৰথম কিস্তিৰ পুঁজি প্ৰদান কৰে।

গৱেষণা সঞ্চালক (কৃষি) ড০ মৃণাল শইকীয়াই যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ হৈ এই পুঁজি লাভ কৰে। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি উপাচাৰ্য ৰমেন ডেকাই সমবেত লোকসকলক সম্বোধন কৰি কয় যে এই প্ৰকল্পটো সফল হ’বলৈ হিতাধিকাৰীসকলৰ হাতত ল’ব লগা কামৰ গৰাকীত্ব থাকিব লাগিব।

তেওঁ লগতে জোৰ দি কয় যে প্ৰকল্পটো সফল নহ’লে অদূৰ ভৱিষ্যতে এনে ধৰণৰ প্ৰকল্প গ্ৰহণ কৰা কঠিন হ’ব। প্ৰকল্পটোৰ মুখ্য গুৰুত্ব হ’ব ওচৰৰ অঞ্চলত বাস কৰা লোকসকলে তেওঁলোকৰ জীৱিকা বজাই ৰখাৰ বাবে আৰ্থ-সামাজিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা।

তেওঁ লগতে কয় যে এই প্ৰকল্পটোৱে মুখ্যতঃ দৰিদ্ৰতা, জীৱিকা আৰু অৰ্ধ-জীৱিকাত বাস কৰা গ্ৰাম্য দৰিদ্ৰ, গ্ৰাম্য নিবনুৱা আৰু স্ব-নিয়োজিত আৰু ব্যক্তিগত উদ্যোগীসকলক সামৰি ল’ব। প্ৰকল্পটোৰ উদ্দেশ্য হৈছে কৃষিৰ এক জলবায়ু-স্মাৰ্ট আৰ্হি বিকশিত কৰা, কৃষক-অনুকূল পানী সংৰক্ষণ গাঁথনি সৃষ্টি কৰা, মাটিৰ স্বাস্থ্য বজাই ৰখা আৰু কীট-পতংগ আৰু ৰোগৰ সমস্যা নিয়ন্ত্ৰণ কৰা, নতুন শস্যৰ বিভাজন ৰখা, হিতাধিকাৰীৰ জ্ঞান বৃদ্ধি কৰা, এক সংহত কৃষি প্ৰণালী ব্যৱহাৰত উদ্গনি দিয়া, কৃষি-গোটৰ বাবে কাষ্টম হায়াৰিং কেন্দ্ৰ স্থাপন কৰা আৰু গৃহ পৰিৱৰ্তন বাগিচা আৰ্হি নিৰ্মাণ কৰা আৰু পৰ্যটক আৱাসিক আৱাস নিৰ্মাণ কৰা।

উক্ত প্ৰকল্পটোৰ আনুমানিক ব্যয় হৈছে প্ৰায় পাঁচ কোটি টকা আৰু পাঁচ বছৰৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব। অনুষ্ঠানটোত ভাৰতী কিষাণ মৰ্চাৰ অসমৰ আয়োজক সম্পাদক কে কে বৰা, যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অনুষদ, ভাৰতীয় চাহ আৰু স্পাইচ ব’ৰ্ডৰ প্ৰতিনিধি, কাজিৰঙা কৃষি আৰু পৰ্যটন সমবায় সমিতি লিমিটেডৰ সদস্য, চিআইটিএ-ৰ বিষয়া আৰু বহুতো অংশীদাৰ উপস্থিত আছিল।

পানীত জাহ গৈছে জেংৰাইমুখৰ জলসম্পদ বিভাগৰ কোটি টকীয়া প্ৰকল্প; অবিৰত খহনীয়াক লৈ চিন্তিত জেংৰাইমুখবাসী

মাজুলীৰ জলসম্পদ বিভাগে জেংৰাইমুখ টাউনৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৰূপায়ণ কৰা তিনি কোটি টকীয়া বৃহৎ প্ৰকল্পত বৰ্তমান খহনীয়া আৰম্ভ হৈছে। জেংৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰপমূৱা আৰু ইয়াৰ সংলগ্ন এলেকাৰ থকা সোৱণশিৰি নৈৰ খহনীয়া প্ৰতিৰোধ নামৰ প্ৰকল্প ২০১৯-২০ বিত্তীয় বৰ্ষত তিনি কোটি টকীয়া অত্যাধুনিক জিঅ’বেগ ৰূপায়ণ কৰে।

আঁচনিৰ প্ৰাককলণমতে ১২শ মিটাৰ দৈৰ্ঘ্যৰ অংশত এই অত্যাধুনিক জিঅবেগ ৰূপায়ণ কৰা হৈছিল যদিও প্ৰকল্প সম্পূৰ্ণ কৰাৰ তিনি বছৰৰ পিছত পুনৰ ভয়ংকৰ খহনীয়া আৰম্ভ হোৱালৈ লক্ষ্য ৰাখি গভীৰ ভাৱে চিন্তিত হৈ পৰিছে জেংৰাইমুখবাসী ৰাইজে।

শেহতীয়াকৈ নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি সোৱণশিৰি, লোহিত তথা খেৰকটীয়া নৈত ফেনেফোটোকাৰে বৃদ্ধি পোৱা জলস্তৰৰ বাবে মাজুলীৰ বিভিন্ন ঠাইত খেতি পথাৰ সম্পূৰ্ণৰূপে পানীৰ তল যোৱাৰ সমান্তৰালভাৱে স্পৰ্শকাতৰ অংশ জেংৰাইমুখত খহনীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

উল্লেখ্য যে,যোৱা ২০২২ চনত জেংৰাইমুখ তিনিআলিৰ কুমাৰবাৰী অংশত ভয়ংকৰ খহনীয়া হোৱাৰ পিছত চলিত বৰ্ষৰ জুলাইত পুনৰ একেটা স্থানত তীব্ৰ খহনীয়াই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে।

বৰ্তমান উক্ত অংশত সাময়িকভাৱে খহনীয়া স্থৱিৰ হৈ আছে যদিও ইয়াৰ পৰা নামনিলৈ প্ৰায় ৩০/৪০ মিটাৰ দৈৰ্ঘ্যৰ অংশত খহনীয়া আৰম্ভ হোৱাত জেংৰাইমুখ টাউনৰ চৌদিশে এতিয়া খহনীয়াৰ উকমুকণিয়ে অদূৰ ভৱিষ্যতে হ’ব পৰা সম্ভাব্য পৰিস্থিতিক লৈ এতিয়া শংকাৰ সৃষ্টি হৈছে।

বৰ্তমানৰ এই খহনীয়া পৰিস্থিতিক নিয়ন্ত্ৰণৰ বাবে ৰাজ্যিক জলসম্পদ বিভাগ মাজুলী সংমণ্ডলে অত্যাধুনিক জিঅবেগ পেলাই খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা হাতত লৈছে যদিও পুনৰ জেংৰাইমুখ টাউনৰ সন্মুখভাগ খহনীয়া হোৱাত বিভাগটোৰ সম্পূৰ্ণ ব্যৰ্থতাৰ ছবিয়ে প্ৰকাশ পাইছে৷ সেয়ে সচেতন ৰাইজে শীঘ্ৰে খহনীয়া ৰোধৰ বাবে উন্নত পদক্ষেপ হাতত ল’বলৈ দাবী জনাইছে।

দিশপুৰ মহাবিদ্যালয়ত ৪৫সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

অসমৰ উচ্চশিক্ষাৰ আগশাৰীৰ অন্যতম প্ৰতিষ্ঠান দিশপুৰ মহাবিদ্যালয়ৰ প্ৰাংগনত সোমবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে পঞ্চচত্বাৰিংশতম্ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয়।

এই উপলক্ষে পুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱজ্যোতি বৰাই পতাকা উত্তোলন আৰু উপাধ্যক্ষ ড০ সুনীতা আগৰৱালাই শ্বহীদ তৰ্পণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ আহ্বায়ক তথা দৰ্শন বিভাগৰ সহযোগী অধ্যাপক ড০ মামণি কলিতাই আঁতধৰা অনুষ্ঠানটোৰ মুকলি সভাত সভাপতিত্ব কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱজ্যোতি বৰাই পোন প্ৰথমে যিসকল বৰেণ্য ব্যক্তিৰ উদ্যোগ তথা অশেষ কষ্টৰ ফলত মহাবিদ্যালয়খন স্থাপন হৈছিল তেওঁলোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে আৰু লগতে কয় যে, ছাত্ৰ-ছাত্ৰীসকলক বিদ্যায়তনিক দিশতে সীমাবদ্ধ নাৰাখি কেনেকৈ সৰ্বাংগীন দিশতো আগবঢ়াই নিব পাৰি তাৰ অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰখাৰ লগতে দিশপুৰ মহাবিদ্যালয়ে সামাজিক দায়বদ্ধতাৰ স্বৰূপ প্ৰকাশৰ বাবে বৃহত্তৰ গণেশগুৰি অঞ্চলত কৰা কৰ্ম সমূহৰ চমু বিশ্লেষণ আগবঢ়ায়।

উক্তমুকলি সভাতনিৰ্দিষ্টবক্তা হিচাপে উপস্থিতথাকেলোকসংস্কৃতিৰ গৱেষক ড০ অনিল শইকীয়া। “অসমৰ লোকগীত” শীৰ্ষক বিষয়ত বক্তব্য প্ৰদান কৰি ড০ শইকীয়াই কয় যে নিৰক্ষৰ,চহা আৰু হোজা বুলি যিসকল লোকক কোৱা হয়, তেওঁলোকৰ সাধনা,অতি প্ৰসৰ স্মৃতিশক্তি আৰু দক্ষতাৰ ফলতেই আজিৰ লোকসাহিত্যৰাজিৰ সৃষ্টি। অসমীয়া লোকগীতৰ বিহুগীতৰ পৰা আৰম্ভ কৰি বেলাড,বিয়ানাম আদিৰ অতি তাত্বিককথাবোৰঅতি ৰসাত্মকভাৱে লোকসংস্কৃতিৰ সাধক গৰাকীয়ে বৰ্ণনা কৰে।

অন্যহাতে সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড০ বলেন্দ্ৰ কুমাৰ দাসে কয় যে যি শিক্ষাই আমাক ভাল দিক্ষা নিদিয়ে, তেনে শিক্ষা মূল্যহীন। সুন্দৰৰ যি ভৱিষ্যতৰবাণী, দৰ্শন, সাধনা,উদ্দিপনা অনা ভাৱাবেগ,সেয়াইহে আমাক মানুহৰ শাৰীত থিয় কৰাই।

উক্ত মুকলি সভাতেই দিশপুৰ মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী “দিশপুৰীয়ান” আৰু তিনিখনকৈ সম্পাদনামূলক গ্ৰন্থ উন্মোচন কৰাৰ উপৰিও মহাবিদ্যালয়ৰ এটা ইউটিউব চেনেল আৰু মহাবিদ্যালয় সংগীত দৃশ্য-শ্ৰব্য মাধ্যমত শুভাৰম্ভ কৰা হয়।

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখিআয়োজন কৰা“ ভাৰতৰ G-20 অধ্যক্ষতাৰ বাবে মোৰ দৃষ্টিভংগী” শীৰ্ষক ৰচনা প্ৰতিযোগিতাত স্থাপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰাৰ উপৰিও অংশগ্ৰহণকাৰীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

২০২২-২৩বৰ্ষৰ শ্ৰেষ্ঠ স্নাতক, শ্ৰেষ্ঠ পুথিভঁৰাল, পঢ়ুৱৈ, শ্ৰেষ্ঠবিভাগ, শ্ৰেষ্ঠ শিক্ষক বঁটা আদিও এই সভাতেই প্ৰদান কৰা হয়।

ইয়াৰ পৰৱৰ্তী সাংস্কৃতিক অনুষ্ঠানত মহাবিদ্যালয়ৰসমূহ অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী প্ৰমুখ্যে ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্ধিয়া প্ৰতিষ্ঠা দিৱসৰ বন্তি প্ৰজ্বলন কৰা হয়।

পঞ্চচত্বাৰিংশতম্ প্ৰতিষ্ঠা দিৱসৰ বন্তি প্ৰজ্বলক হিচাপে উপস্থিত থাকে দিশপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন সহযোগী অধ্যাপ ক ড০ সুমিত্ৰা চৌধুৰী।

কৃতী শিক্ষক উদয় চন্দ্ৰ দাসৰ সোঁৱৰণত শৈক্ষিক ৱেবছাইট মুকলি

ছাত্ৰ-ছাত্ৰীৰ উপকৃত হোৱাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ সহায়ক হোৱাৰ লক্ষ্যৰে আজি বৰপেটা চহৰত বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত (শিক্ষা) তথা সমগ্র শিক্ষা বৰপেটাৰ জিলা মিছন সমন্বয়ক লখিমী দত্তই www.uday4u.com নামৰ এক শৈক্ষিক ৱেবছাইট উদ্বোধন কৰে।

কৃতি শিক্ষক উদয় চন্দ্ৰ দাসৰ সোঁৱৰণত তেওঁৰ পুত্ৰ শিক্ষক তথা সমল ব্যক্তি চন্দন কুমাৰ দাসে তৈয়াৰ কৰা website টো উদ্বোধন কৰি শ্ৰী দত্তই শৈক্ষিক ৱেবছাইট বা ইউটিউবৰ বিভিন্ন সমলসমূহৰ প্ৰযোজনীয়তা বাখ্যা কৰি যুগৰ পৰিৱৰ্তনৰ লগে লগে আমি সকলোৱে তেওঁলোকৰ অনুসন্ধিৎসু মনৰ উৎকৰ্ষতাৰ কাৰণে এনেবোৰ সমল ব্যৱহাৰ কৰিবলৈ সকলোকে আহ্বান জনায়।

অতিৰিক্ত আয়ুক্ত লখিমী দত্তই চন্দন কুমাৰ দাসৰ এই প্ৰচেষ্টাই বৰপেটাৰ শৈক্ষিক ক্ষেত্ৰখনৰ উত্তৰণত যথেষ্ট সহায়ক হ’ব বুলি কয়। বিদ্যালয় সমূহৰ উপ পৰিদৰ্শিকা নিয়তি পাঠকে সভাপতিত্ব কৰা সভাত উপস্থিত থাকি সমগ্ৰ শিক্ষা বৰপেটাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ জিলা আচনি বিষয়া সীতাংগ ডেকাই এই ভিডিঅ সমূহ আপলোডৰ আগতে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সমল ব্যক্তিসকলৰ দ্বাৰা ভিডিঅ সমূহ পৰিশীলিত কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান কৰে।

তেখেতে চন্দন কুমাৰ দাসৰ এই মহান কাৰ্য্যৰ ভূয়সী প্ৰশংসা কৰে আৰু শিক্ষকসকলক এনেকুৱা ছাত্ৰ ছাত্ৰীৰ উপযোগী ভিডিঅ প্ৰস্তুত কৰি প্ৰেৰণ কৰাৰ বাবে আহ্বান জনায়। আনহাতে বৰপেটা জিলাৰ এফ এল এন প্ৰালোচক মিনাক্ষী দাসে বিদ্যালয়সমূহত যোগান ধৰা এফ এল এন সামগ্ৰীবোৰৰ উপযুক্ত ব্যৱহাৰ সম্পৰ্কে আজি উন্মোচন কৰা ৱেবছাইট www.uday4u.com উপলব্ধ থকা বাবে শিক্ষক তথা সমল ব্যক্তি চন্দন কুমাৰ দাসক ভূয়সী প্ৰশংসা কৰে আৰু কৃতি শিক্ষক তথা তেওঁৰ পিতৃ উদয় চন্দ্ৰ দাসক সোঁৱৰণ কৰি শ্ৰদ্ধা জনায়।

সভাপতিৰ আসনৰ পৰা বিদ্যালয়সমূহৰ উপ পৰিদৰ্শিকা নিয়তি পাঠকে তেওঁৰ ভাষনত নিপুন ব্লক হিচাপত বৰপেটা শিক্ষাখণ্ডৰ শিক্ষক সকলৰ কৰণীয় সম্পৰ্কে বহলাই বাখ্যা কৰে আৰু ৱেবছাইট Uday4U ৰ দ্বাৰা শিক্ষক তথা ছাত্ৰ ছাত্ৰী সকলোৱে উপকৃত হ’ব বুলি কয়।

বৰপেটা শিক্ষা খণ্ডৰ ৬ টা মণ্ডল সমল কেন্দ্ৰৰ শিক্ষক উপস্থিত থকা সভাখনত খণ্ড সমল ব্যক্তি লীনা বৰ্মণ, প্ৰসেনজিৎ শৰ্মা, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক কণজিৎ কুমাৰ দাস, নৱদ্বীপ গায়ণ, নবজিৎ কুমাৰ দাস, প্ৰবীন চন্দ্ৰ দাস, হৰ্ষজিৎ দাস, উৎপল বায়ণ আৰু ভাস্কৰ বায়ণ উপস্থিত থাকে।

ISROৰ লক্ষ্য এইবাৰ সূৰ্য; ছেপ্টেম্বৰত উৎক্ষেপণ কৰিব আদিত্য–L1

চন্দ্ৰ অভিযান সফল হ’ল। এইবাৰ ISROৰ সূৰ্যমুখী যাত্ৰা। সূৰ্যৰ অধ্যয়ন কৰাৰ বাবে ২ ছেপ্টেম্বৰৰ পুৱা ১১.৫০ বজাত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ’ব আদিত্য–L1। সোমবাৰে এই তথ্য সদৰি কৰে ISROয়ে।

শ্ৰীহৰিকোটাৰ লঞ্চ ভিউ গেলাৰীৰ পৰা ইয়াৰ উৎক্ষেপণ চাব পাৰিব। ইয়াৰ বাবে ৱেবছাইটৰ জৰিয়তে ৰেজিষ্ট্ৰেচন কৰিব লাগিব।

ইছৰ’ৱে ছচিয়েল মিডিয়া প্লেটফৰ্ম X (পূৰ্বৰ টুইটাৰ)ত ৱেবছাইটৰ ৰিংক উপলব্ধ। লগতে পঞ্জীয়ন আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিছে।

উল্লেখযোগ্য যে, চন্দ্ৰযান–৩ মিছনৰ পিছতে ইছৰ’ৱে ঘোষণা কৰিলে সূৰ্য মিছনৰ তাৰিখ।

উচ্চ ন্যায়ালয়ে জবাবদিহি কৰিলে চৰকাৰক। ৰাজ্যত বিষাক্ত পানমচলাৰ ৰমৰমীয়া বেহা। কৰ্কট ৰোগৰ অন্যতম কাৰক গুটখা…

নীৰব ঘাতকৰূপী পানমচলাৰ অবাধ ব্যৱহাৰে এটা প্ৰজন্মক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ পিছতো নীৰব দৰ্শকৰ ভূমিকা পালন কৰি আহিছে ৰাজ্য চৰকাৰে। আনকি আদালতৰ নিৰ্দেশেও গা লৰাব পৰা নাই চৰকাৰক। উল্লেখযোগ্য যে আম আদমি পাৰ্টিৰ জিতুল ডেকাই ২০২০ বৰ্ষত ভয়ংকৰ মেগনেছিয়াম কাৰ্বনেটযুক্ত পান মচলা বিক্ৰি হৈ থকাৰ বিষয়ে দ্বাৰস্থ হৈছিল গৌহাটী উচ্চ ন্যায়ালয়ৰ। আদালতত স্বয়ং স্বাস্থ্য বিভাগৰ লগতে খাদ্য সুৰক্ষা বিভাগে বিষাক্ত মেগনেছিয়াম কাৰ্বনেটযুক্ত ৪৩ বিধ পান মচলা বিক্ৰি হৈ থকাৰ বিষয়ে স্বীকাৰ কৰিছিল। আনকি মেগনেছিয়াম কাৰ্বনেটে মানৱ শৰীৰত কৰ্কট আৰু হৃদযন্ত্ৰ বন্ধ কৰাৰ বিষয়েও অবগত কৰিছিল। উচ্চ ন্যায়ালয়ে জিতুল ডেকাৰ আবেদনৰ শুনানী গ্ৰহন কৰি অসম চৰকাৰক পান মচলা বিক্ৰিৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহন কৰিবলৈ কঠোৰ নিৰ্দেশ দিছিল ২০২০ চনৰ ২১ নবেম্বৰত।

চৰকাৰে মানৱ জীৱনতকৈ ব্যৱসায়ীৰ স্বাৰ্থক গুৰুত্ব প্ৰদান কৰি আদালতৰ নিৰ্দেশ ধোঁৱাচাঙত তুলি থোৱাত জিতুল ডেকাই পুনৰ গৌহাটি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। আদালতে চৰকাৰে বিষাক্ত পান মচলা বিক্ৰিৰ ক্ষেত্ৰত কি ব্যৱস্হা গ্ৰহন কৰিছে সেই বিষয়ে ১২ ছেপ্তেম্বৰত আদালতক অবগত কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে জিতুল ডেকাই পানমচলা বহিঃৰাজ্যৰ পৰীক্ষা কৰি বিষাক্ত মেগনেছিয়াম কাৰ্বনেট থকাৰ তথ্য আদালতত দাখিল কৰিছিল। তেওঁ চৰকাৰক এই বিষয়ে গুৰুত্ব সহকাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ডেকাই জানিবলৈ দিয়ামতে ব্যৱসায়ী সকলে চকুত ধুলি মাৰিবলৈ পানমচলা আৰু জৰ্দা বেলেগে বেলেগে বিক্ৰি কৰি অহা বুলি জানিবলৈ দি কয় যে জৰ্দা আৰু পানমচলা মুখৰ ভিতৰত মিহলি হৈ গুটখা হৈ পৰে। আশ্চৰ্যজনক দিশটো হৈছে মানৱ শৰীৰৰ বাবে ক্ষতিকাৰক পানমচলা বিক্ৰিৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণ উদাসীন।

চন্দ্ৰ অভিযানৰ পিছত মহাকাশলৈ ‘ব্যোমমিত্ৰা’ নামৰ মহিলা ৰবট পঠিয়াব ভাৰতে…

ভাৰতে মহাকাশ অভিযানৰ ক্ষেত্ৰত আন এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় বিজ্ঞান মন্ত্ৰী জীতেন্দ্ৰ সিঙে ঘোষণা কৰিছে যে গগনযান অভিযানত এগৰাকী মহিলা ৰবট ‘ ব্যোমমিত্ৰা’ প্ৰেৰণ কৰা হ’ব। জি-২০ সন্মিলন অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “কৰোনা ভাইৰাছ মহামাৰীৰ বাবে গগনযান প্ৰকল্প বিলম্বিত হৈছিল। এতিয়া আমি অক্টোবৰত আমাৰ প্ৰথম পৰীক্ষণ সম্পন্ন কৰিম। মহাকাশচাৰীসকলক মহাকাশলৈ পঠোৱাৰ দৰেই তেওঁলোকক ঘূৰাই অনাটোও গুৰুত্বপূৰ্ণ কথা ।” মহাকাশযানখন অক্টোবৰৰ প্ৰথম বা দ্বিতীয় সপ্তাহত উৎক্ষেপণ কৰা হ’ব বুলিও তেওঁ কয়। ইয়াৰ দ্বিতীয় পৰ্যায়ত মহাকাশযানখনত ভাৰতে মহিলা ৰবট প্ৰেৰণ কৰিব। বিজ্ঞান দপ্তৰৰ মন্ত্ৰী সিঙে কয় যে ৰবটটোৱে মানুহৰ দৰেই একে কাম কৰিব। যদি সকলো ঠিকে থাকে তেন্তে চলিত বছৰতে ভাৰতে মহাকাশলৈ মহিলা ৰবট ব্যোমমিত্ৰাক প্ৰেৰণ কৰিব।

চন্দ্ৰযানৰ সফলতাৰ দ্বাৰা উৎসাহিত হৈ ইছৰোৱে কেৱল ৰবট প্ৰেৰণৰ লগতে আৰু বহু অভিযান আৰম্ভ কৰিবলৈ গৈ আছে। মিছন আদিত্য এল ১ যান খনে ২ ছেপ্টেম্বৰত সূৰ্য অভিযান আৰম্ভ কৰাৰ কথা। যান খনে কমেও ১২৭ দিনৰ ধৰি সূৰ্যৰ কক্ষপথৰ ফালে আগবাঢ়িব। আদিত্য এল ১ য়ে এই সময়ছোৱাত ১৫ লাখ কিলোমিটাৰ অতিক্ৰম কৰিব। ইয়াৰ পিছতে ই সূৰ্যৰ উপবৃত্তাকাৰ কক্ষপথত উপনীত হ’ব আৰু সূৰ্যৰ বিষয়ে তথ্য প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিব। ইছৰ’ৰ সূৰ্য অভিযানত ভাগ ল’ব আদিত্য এল১ যান খনে। আদিত্য এল১ যান ইতিমধ্যে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ উৎক্ষেপণ পেডত উৎক্ষেপণৰ বাবে সাজু কৰি তোলা হৈছে । চন্দ্ৰযান ৩ অভিযানৰ সফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই অহা ১৪ দিনৰ ভিতৰত দেশৰ প্ৰথমটো সূৰ্য অভিযান আদিত্য এল১ উৎক্ষেপন কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷ আদিত্য এল১ যানৰ সাম্ভাব্য উৎক্ষেপণৰ তাৰিখ সন্দৰ্ভত আহমেদাবাদৰ স্পেচ এপ্লিকেচন চেণ্টাৰ (এছএচি)ৰ সঞ্চালক নীলেশ এম দেশায়ে শনিবাৰে কয় যে যান খনৰ উৎক্ষেপণ ২ ছেপ্টেম্বৰত কৰাৰ সম্ভাৱনা আছে৷ বাংগালুৰুৰ ইউআৰ ৰাও উপগ্ৰহ কেন্দ্ৰত (ইউআৰএছচি) নিৰ্মাণ কৰা যান খন অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটালৈনিয়া হৈছে আৰু উৎক্ষেপণ পেডত স্থাপন কৰা হৈছে বুলিও তেওঁ কয় । ভাৰতে সূৰ্যৰ বিষয়ে অধ্যয়ন কৰিবলৈ আদিত্য-এল ১ অভিযানৰ পৰিকল্পনা কৰিছে বুলিও তেওঁ কয়। ইছৰ’ৰ সূৰ্য অভিযানে সৌৰ কাৰ্যকলাপ আৰু মহাকাশৰ বতৰৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে পৰ্যবেক্ষণ কৰিব।