Home Blog Page 1406

যোৰহাটৰ চিনামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৰণি পেন্সন ব্যৱস্থাৰ পুনৰ প্ৰবৰ্তনৰ দাবীত সৰ্বাত্মক কৰ্মবিৰতি

সদৌ অসম চৰকাৰী এন পি এচ কৰ্মচাৰী সংস্থাই নতুন পেন্সন নীতি প্ৰত্যাহাৰ কৰি পুৰণি পেন্সন ব্যৱস্থা পুনৰ প্ৰবৰ্তনৰ দাবীত ২২ আগষ্টৰ পৰা ২৩ আগষ্টলৈ দুদিনীয়াকৈ আহ্বান কৰা সৰ্বাত্মক কৰ্মবিৰতি সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাটো ৰূপায়ন কৰিছে।

চৰকাৰী কৰ্মচাৰীৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত যোৰহাটৰ সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে দক্ষিণ যোৰহাট অঞ্চলৰ শতায়ু গৰকা উচ্চ শিক্ষানুষ্ঠান চিনামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো সৰ্বাত্মকৰূপত কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ বিদ্যালয়খনৰ এন পি এচৰ শিক্ষক-কৰ্মচাৰীসকলৰ।

কৌস্তভ বৰা, লেখা দত্ত, অৰ্ণালী দত্ত, মানসী পূজাৰী, শিল্পী ভৌমিক, শংকুসিদ্ধ নাথ, অনাদ্ৰিতা হাজৰিকা, নয়নজ্যোতি দেৱশৰ্মা, ধ্ৰুৱজ্যোতি হাজৰিকা, নিতুমণি শইকীয়া, প্ৰিয়ংকা শইকীয়া, স্বপ্না চাংমাই, প্ৰিন্সিপ্ৰিয়া নাথ, মহাশ্বেতা সভাপণ্ডিত, শিৱানী কলিতা প্ৰমুখ্যে শিক্ষক-কৰ্মচাৰীসকলে ২০০৫ চনৰ পূৰ্বৰ পেন্সন নীতি পশ্চিমবংগ, ৰাজস্থান, চত্তিশগড়ৰ দৰে অসমতো প্ৰৱৰ্তন কৰি অসমৰ কৰ্মচাৰী সমাজক আৰ্থিক সুৰক্ষা প্ৰদান কৰিবলৈ প্ৰতিবাদৰ ভাষাৰে চৰকাৰক আহ্বান জনায়।

ৰাখী পূৰ্ণিমাৰ দিনটোত গুৱাহাটীবাসীক চৰকাৰৰ উপহাৰ। মুকলি হ’ব মালিগাওঁৰ উৰণ সেঁতু…

মই ৰোমাঞ্চিত হৈ পৰিছো। অতি আনন্দৰ কথা যে ৰাখী পূৰ্ণিমাৰ দিনটোত মুকলি হ’ব মালিগাওঁৰ উৰণ সেঁতুখন। এই ভাষ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। ৩০ আগষ্টত ৰাখী পূৰ্ণিমা। সেই দিনটোতেই ভনীয়েকে ককায়েকক ৰাখী পিন্ধাই দীৰ্ঘায়ু কামনা কৰাৰ লগতে কামন কৰে ভাতৃত্ববোধৰ অটুত বন্ধন। সেই পবিত্ৰ দিনটোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীবাসীক উপহাৰ দিব মালিগাঁৱ পৰা কামাখ্যা গেট পৰ্যন্ত নিৰ্মাণ কৰা ২.৬ কিলোমিটাৰ দৈঘ্যৰ উৰণ সেতুখন।

এই বিষয়ে ডঃ শৰ্মাই টুইট কৰি গুৱাহাটীবাসীৰ লগতে অসমবাসীক অবগত কৰি কয় যে তেওঁ এই বিষয়ে ঘোষনা কৰি নিজেই ৰোমাঞ্চিত হৈ পৰিছে। উল্লেখযোগ্য যে ২০২০ বৰ্ষত সেঁতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। সেঁতুখনৰ ব্যয় হৈছে ৪২০ কোটি টকা। সেঁতুখন মুকলি হোৱাৰ লগে লগে দীৰ্ঘদিনীয়া যানজটৰ সমস্যাৰ পৰা ৰাইজে সকাহ পাব বুলি আশা কৰা হৈছে।

মাছ খোৱাৰ আছে দহটা উপকাৰ। হৃদযন্ত্ৰৰ পৰা হাড়লৈকে হ’ব মজবুত…

মাছ খাদ্যৰ উৎস, কিন্তু যদি আপুনি মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানে, তেন্তে আপুনি নিশ্চিতভাৱে নিয়মীয়া খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব মাছ। বহুতে মাছ খাই ভাল পায়, কিন্তু চৰ্বিযুক্ত মাছ খালে আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰ হ’ব পাৰে জানেনে। মাছ খোৱাৰ ১০ টা ডাঙৰ উপকাৰৰ বিষয়ে জানি লওক…

মাছ হৈছে উচ্চ প্ৰটিনৰ উৎস য’ত প্ৰয়োজনীয় এমিনো এচিড পোৱা যায়। এই এমিনো এচিড শৰীৰৰ বৃদ্ধি আৰু শক্তিৰ বাবে সহায়ক।

মাছত ওমেগা-৩ ফেটি এচিড থাকে যিয়ে হৃদযন্ত্ৰৰ ভালে ৰখাত সহায় কৰে আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে।

চৰ্বিযুক্ত মাছত থকা ওমেগা-৩ ফেটি এচিডে নিউৰনৰ বিকাশ সুস্থিৰ কৰি ৰখাত সহায় কৰিব পাৰে, যিয়ে মগজুৰ কাৰ্য্যক্ষমতা আৰু শক্তি বৃদ্ধি কৰিব পাৰে।

অত্যাৱশ্যকীয় ভিটামিন আৰু খনিজ পদাৰ্থ মাছত প্ৰাকৃতিকভাৱে পোৱা যায়, যিয়ে আন্ত্ৰিক অংশ সুস্থ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

যদি কম বয়সতে আপোনাৰ হাড় দুৰ্বল হ’বলৈ আৰম্ভ কৰে তেন্তে নিয়মিতভাৱে মাছ খাব লাগে কাৰণ ইয়াত কেলচিয়াম, ফছফৰাছ আৰু মেগনেছিয়ামৰ দৰে খনিজ পদাৰ্থ পোৱা যায়।


মাছত প্ৰটিন আৰু ভিটামিন ডি থাকে, যিয়ে ছাল ভালে ৰখাত সহায় কৰিব পাৰে।

মাছ খোৱাটো গৰ্ভৱতী মহিলা আৰু তেওঁলোকৰ গৰ্ভস্থ সন্তানৰ স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে।

ডায়েবেটিছ ৰোগীয়ে চৰ্বিযুক্ত মাছ খাব লাগে কাৰণ ই ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে।

মাছত পোৱা ভিটামিন ই আৰু চেলেনিয়ামে আপোনাক প্ৰাকৃতিক এন্টিঅক্সিডেন্ট প্ৰদান কৰে।

এটা অলৌলিক মন্দিৰ ! কেৱল ৰাখী বন্ধনৰ দিনাহে এই মন্দিৰটো খোল হয়…

ভাৰতৰ এনে কিছুমান মন্দিৰ আছে যি সমূহ বছৰৰ বেছিভাগ সময় বন্ধ হৈ থাকে আৰু বিশেষ দিনাহে খোলা থাকে। ভাৰতত বহুতো মন্দিৰৰ আছে, এনে বহু মন্দিৰ বিশ্ববিখ্যাত। এই মন্দিৰবোৰ ৰহস্যময়, অতি সুন্দৰ, অতিপ্ৰাকৃতিক আৰু লগতে অলৌকিক। তেনে এটা মন্দিৰ আছে উত্তৰাখণ্ডৰ চামোলী জিলাত। এই বংশী নাৰায়ণ মন্দিৰৰ বিশেষত্ব হ’ল এই মন্দিৰটো বছৰটো বন্ধ হৈ থাকে আৰু কেৱল ৰাখী বন্ধনৰ দিনাহে খোলা খায়। এই মন্দিৰটো অতি অনন্য, লগতে ভগৱান বিষ্ণুৱে বামন অৱতাৰৰ পৰা মুক্ত হৈ ইয়াত প্ৰথমবাৰৰ বাবে আবিৰ্ভাৱ হোৱা বুলিও বিশ্বাস কৰে।

উত্তৰাখণ্ডৰ চামোলি জিলাৰ দুৰ্গম উপত্যকাত অৱস্থিত এই মন্দিৰটোক বংশীনাৰায়ণ মন্দিৰ বুলি জনা যায়। এই মন্দিৰলৈ যোৱাটো সহজ নহয়। এইটোৰ বাবে প্ৰায় ১২ কিলোমিটাৰ খোজ কাঢ়িব লাগে। এই মন্দিৰটো পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ভগৱান বিষ্ণু আৰু ভগৱান শিৱৰ উপৰিও বংশী নাৰায়ণ মন্দিৰত ভগৱান গণেশ আৰু দেৱীৰ মূৰ্তিও উপস্থিত আছে।

কোৱা হয় যে এই মন্দিৰৰ দুৱাৰ গোটেই বছৰটো বন্ধ হৈ থাকে আৰু মাত্ৰ এদিন অৰ্থাৎ ৰাখী বন্ধনৰ দিনাহে খোলা হয়। সুৰক্ষা বন্ধনৰ দিনা এই মন্দিৰত স্থানীয় বাসিন্দাসকলে বিশেষ প্ৰাৰ্থনা কৰে। ৰাখী বন্ধাৰ পূৰ্বে সেই ঠাই যুৱতীসকলে ভগৱানক পূজা কৰে। এই মন্দিৰৰ লগত জড়িত কিংবদন্তি অনুসৰি ভগৱান বিষ্ণুৱে বামন অৱতাৰৰ পৰা মুক্ত হৈ ইয়াতেই প্ৰথম আবিৰ্ভাৱ হৈছিল। এই মন্দিৰৰ ওচৰতে ভালুকৰ গুহাও আছে, য’ত ভক্তসকলে প্ৰসাদ আগবঢ়ায়। ৰাখী বন্ধনৰ দিনা এই অঞ্চলৰ প্ৰতিটো ঘৰৰ পৰা ঘিউ আৰু প্ৰসাদ মিহলাই ভগৱানক আগবঢ়াই দিয়া হয়।


যোৰহাটৰ চিনামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৰণি পেঞ্চন ব্যৱস্থাৰ পুনৰ প্ৰৱৰ্তনৰ দাবীত সৰ্বাত্মক কৰ্মবিৰতি…

সদৌ অসম চৰকাৰী এন পি এচ কৰ্মচাৰী সংস্থাই নতুন পেঞ্চন নীতি প্ৰত্যাহাৰ কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰবৰ্তনৰ দাবীত আজি ২২ আগষ্ট আৰু কাইলৈ ২৩ আগষ্টত দুদিনীয়াকৈ আহ্বান কৰা সৰ্বাত্মক কৰ্মবিৰতি সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাটো ৰূপায়ন কৰা হয়। চৰকাৰী কৰ্মচাৰীৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত যোৰহাটৰ সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে দক্ষিণ যোৰহাট অঞ্চলৰ শতায়ু গৰকা উচ্চ শিক্ষানুষ্ঠান চিনামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো সৰ্বাত্মকৰূপত কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে বিদ্যালয়খনৰ এন পি এচৰ শিক্ষক-কৰ্মচাৰীসকলে।

কৌস্তভ বৰা, লেখা দত্ত, অৰ্ণালী দত্ত, মানসী পূজাৰী, শিল্পী ভৌমিক, শংকুসিদ্ধ নাথ, অনাদ্ৰিতা হাজৰিকা, নয়নজ্যোতি দেৱশৰ্মা, ধ্ৰুৱজ্যোতি হাজৰিকা, নিতুমণি শইকীয়া, প্ৰিয়ংকা শইকীয়া, স্বপ্না চাংমাই, প্ৰিন্সিপ্ৰিয়া নাথ, মহাশ্বেতা সভাপণ্ডিত, শিৱানী কলিতা প্ৰমুখ্যে শিক্ষক-কৰ্মচাৰীসকলে ২০০৫ চনৰ পূৰ্বৰ পেঞ্চন নীতি পশ্চিমবংগ, ৰাজস্থান, চত্তিশগড়ৰ দৰে অসমতো প্ৰৱৰ্তন কৰি অসমৰ কৰ্মচাৰী সমাজক আৰ্থিক সুৰক্ষা প্ৰদান কৰিবলৈ প্ৰতিবাদৰ ভাষাৰে চৰকাৰক আহ্বান জনায়।

এটুপি সুৰা বিক্ৰি অবিহনে ৰাজহ সংগ্ৰহ ২,৬৪০ কোটি…

বিক্ৰি হোৱা নাই এটুপিও সুৰা। কিন্তু ৰাজকোষত জমা হৈছে কোটি কোটি ৰাজহ। সুৰা বিক্ৰিৰ অবিহনেই তেলেংগনা চৰকাৰে সংগ্ৰহ কৰিলে কোটি কোটি ৰাজহ। উল্লেখ্য যে এইবাৰ তেলেংগনা চৰকাৰে ৰাজ্যখনত ২,৬২০ খন সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে। চৰকাৰে প্ৰতিখন আবেদনৰ লগত মাচুল ধাৰ্য কৰিছে ২ লাখ টকাকৈ। এই ধনৰাশি ওভোটাই দিয়া নহব। ইতিমধ্যে সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ বিচাৰি আবেদন দাখিল কৰা ১ লাখ ৩২ হাজাৰ খন। কোন ভাগ্যৱান অনুজ্ঞাপত্ৰ পাব সেয়া নিৰ্ধাৰণ কৰা হব লটাৰীযোগে।

পিছে অনুজ্ঞাপত্ৰ যিয়েই নেপাওঁক কিয় চৰকাৰৰ ৰাজকোষত জমা হ’ল ২,৬৪০ কোটি ৰাজহ। আনহাতে তেলেংগনা চৰকাৰে অনুজ্ঞাপত্ৰ লাভ কৰা সকলে জনসংখ্যা গাঁথনিৰ ওপৰত ভিত্তি কৰি বছৰি মাচুল আদায় দিব লাগিব ৫০ লাখ টকাৰ পৰা ১ কোটি ১ লাখকৈ টকা।

বুধবাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত ভৰি দিব চন্দ্ৰযান -৩য়ে, ফেচবুক পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব ইছৰোই…


সপোন পূৰণৰ দিশে অগ্ৰসৰ হৈছে ভাৰত। মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰত ইতিহাস ৰচিবলৈ অগ্ৰসৰ হৈছে। যদি সকলো ঠিকে থাকে ভাৰতৰ চন্দ্ৰযান-৩-এ বুধবাৰে সন্ধিয়া চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব।বুধবাৰৰ দিনটো ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) বাবে এক অগ্নি পৰীক্ষাৰ দিন । চন্দ্ৰযান-৩ৰ লেণ্ডাৰ ‘বিক্ৰম’ চন্দ্ৰৰ নিচেই ওচৰ চাপি গৈছে। ইছৰোৱে দেওবাৰে দুপৰীয়া ২.১২ বজাত টুইট কৰিছিল যে ভাৰতীয় মহাকাশযানখনে বুধবাৰে সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰত অৱতৰণ কৰিব। ইছৰো ৱেবছাইট (isro.gov.in), ফেচবুক (facebook.com/ISRO), ইউটিউব (youtube.com/watch?v=DLA_64yz8Ss…)ত চন্দ্ৰযান৩ ৰ অৱতৰণ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব। মাজত মাত্ৰ দুদিন। তাৰ পিছত সেই বিৰল মুহূৰ্তটো আহিব । ২০১৯ চনত ভাৰতৰ চন্দ্ৰযান-২ৰ সফল হোৱা নাছিল। চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সময়তে চন্দ্ৰযান দুই ভাগি পৰিছিল।

২০১৯ ৰ সেই ‘তিক্ত’ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ ভাৰতে এইবাৰ অতি সাৱধানে চন্দ্ৰত ভৰি থোৱাৰ পৰিকল্পনা কৰিছে। লেণ্ডাৰ ‘বিক্ৰমে’ লাহে লাহে চন্দ্ৰৰ পিনে আগুৱাই গৈছে। মূল মহাকাশযানৰ পৰা পৃথক হোৱাৰ পিছত ভাৰতীয় মহাকাশযানখনৰ গতি মন্থৰ হৈ পৰিছে। দেওবাৰে দ্বিতীয় পৰ্যায়ত গতি হ্ৰাস কৰা হৈছে। ভাৰতীয় চন্দ্ৰযানখনে চৰাইৰ দৰে চন্দ্ৰপৃষ্ঠত লাহেকৈ অৱতৰণ কৰিব। ইয়াক ‘চফ্ট লেণ্ডিং’ বুলি কোৱা হয়। যিকোনো মহাকাশযানৰ বাবে প্ৰত্যাহ্বান হ’ল চন্দ্ৰৰ দক্ষিণ মেৰুত এই ‘চফ্ট লেণ্ডিং’ কৰা। ৰাছিয়াৰ যানখনে তেনে কৰিবলৈ ব্যৰ্থ হৈছিল। পাঁচ বছৰ আগতে ভাৰতো বিফল হৈছিল। বুধবাৰে ভাৰতৰ চন্দ্ৰযানে সেই লক্ষ্য পূৰণ কৰিব পাৰিব বুলি সকলোৱে আশা কৰিছে। উস্সেখ্য কালি চন্দ্ৰ পৃষ্ঠত ৰাছিয়াৰ লুনা ২৫ যান খন ধ্বংসপ্ৰাপ্ত হৈছিল।

দিল্লীৰ আকাশত বিৰল দৃশ্য: দৃশ্যমান হোৱা শনি গ্ৰহৰ ভিডিঅ’ই কৌতূহলী কৰি তুলিলে বহুতকে…

শেহতীয়াকৈ পৃথিৱীৰ কাষ চাপিছে সৌৰজগতৰ ধুনীয়া গ্ৰহ শনি। সৌৰজগতৰ আটাইতকৈ ধুনীয়া গ্ৰহ হিচাবে জনাজাত শনি গ্ৰহ এইবাৰ দেখা গ’ল দিল্লীৰ আকাশত। শেহতীয়াকৈ ইণ্টাৰনেটত দিল্লীৰ আকাশত দেখা শনি গ্ৰহৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত শনি গ্ৰহ দিল্লীৰ পৰা স্পষ্টভাৱে দৃশ্যমান হৈছে। ভিডিঅ’টোৱে এতিয়া বহুতকে আচৰিত কৰি তুলিছে । চমু ক্লিপটোত শনি গ্ৰহই চলাচল কৰাও ধৰা পৰিছে।

গ্ৰহটোৰ ৰিংবোৰো সুন্দৰভাবে দেখা গৈছে। ভিডিঅ’টো আপলোড কৰাজনে দাবী কৰিছে যে ভিডিঅ’টো পুৱতি নিশা প্ৰায় ১:৩০ বজাত জিএছঅ’ ১২ ইঞ্চিৰ ডবছনিয়ানত লগোৱা এটা আইফোন ১৪ প্ৰ’ৰ জৰিয়তে লোৱা হৈছিল। ভিডিঅ’টো তৎক্ষণাৎ ভাইৰেল হৈ পৰিছে । উল্লেখ্য শনি গ্ৰহটো বৰ্তমান পৃথিৱীৰ আটাইতকৈ ওচৰত অৱস্থান কৰিছে। পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা গ্ৰহটো দেখিবলৈ পোৱা গৈছে। শনি গ্ৰহৰ ৬২টা উপগ্ৰহ আছে। তাৰে ভিতৰৰ ৫৩টাৰ আনুষ্ঠানিক নামকৰণ কৰা হৈছে। টাইটান উপগ্ৰহটো সবাতোকৈ বৃহৎ। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰৰ সৈতে তুলনা কৰিলে ইয়াৰ ব্যাস প্ৰায় ১৪৮% ডাঙৰ।


“পাপা, মই জীয়াই আছোঁ”, মৃতদেহ সৎকাৰ কৰাৰ এদিন পিছতে দেউতাকলৈ ভিডিঅ’ কৰিলে কল” “মৃতা” কন্যাই…

পৃথিৱীত বহু আচৰিত ঘটনাই ঘটে। তেনে এক ঘটনাই ঘটিছে বিহাৰত। ঘৰৰ মানুহে ভাবিছিল ছোৱালীজনীৰ মৃত্যু হৈছে। সেয়ে উদ্ধাৰ হোৱা মৃতদেহ পৰিয়ালৰ লোকে সৎকাৰো কৰিলে। কিন্তু মৃতদেহ সৎকাৰৰ এদিন পিছতে মৃত বুলি ভবা ছোৱালীজনীয়ে নিজৰ পিতৃলৈ ফোন কৰাৰ ঘটনাই তীব্ৰ আলোড়ণৰ সৃষ্টি কৰিছে। ঘটনাটো ঘটিছে বিহাৰৰ পূৰ্ণিয়াত । পূৰ্ণিয়াৰ এজনী ছোৱালীৱে তেওঁৰ পিতৃক ফোন কৰি জীয়াই থকাৰ খবৰ দিছে। অথচ তেওঁৰ পৰিয়ালৰ সদস্যসকলে আগদিনাই ছোৱালীজনীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছিল। ছোৱালীজনীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ এদিন পিছতে ছোৱালীজনীৰ পিতৃয়ে এটা ফোন কল পাইছিল। তাত ছোৱালী জনীয়ে কৈছিল-দেউতা ,মই জীয়াই আছোঁ। আপোনালোকে অন্ত্যেষ্টিক্ৰিয়া কৰা মৃতদেহটো মোৰ নহয়, আন কাৰোবাৰ আছিল। ফোনত ছোৱালীজনীয়ে কৈছিল – মই তোমাৰ ছোৱালী অংশু। তোমাৰ ছোৱালী মৰি যোৱা নাই, জীয়াই আছে। ইয়াৰ পাছতো যেতিয়া পিতৃয়ে কতাটো বিশ্বাস কৰা নাছিল তেতিয়া ছোৱালীজনীয়ে ভিডিঅ’ কল কৰি জীয়াই থকাৰ প্ৰমাণ দিছিল।
ছোৱালীজনীৰ নাম অংশু। কিছুদিন পূৰ্বে তেওঁ গাওঁৰে এজন ল’ৰাৰ সৈতে পলাই গৈ বিয়া হৈছিল আৰু ঘৰৰ পৰা দূৰত এটা সৰু ভাড়াঘৰত থিতাপি লৈছিল।

পূৰ্ণিয়া জিলাৰ ভৱানীপুৰৰ নৱগাচিয়া টোলাৰ বাসিন্দা বিনোদ মণ্ডলৰ ১৭ বছৰীয়া কন্যাগৰাকী ৩ জুনৰ পৰা সন্ধানহীন হৈ আছিল। পৰিয়ালটোৱে তেওঁক বিচাৰি চলাথ কৰিছিল, কিন্তু তেওঁক বিচাৰি পোৱা নাছিল। ইফালে ১৬ আগষ্টত পৰিয়ালটোৱে কাষৰে নদীত এটা মৃতদেহ ভাঁহি থকাৰ বিষয়ে জানিব পাৰিছিল। পৰিয়ালটোৱে সেয়াই অংশুৰ মৃতদেহ বুলি ভাবি সৎকাৰ কৰিছিল। শৰীৰৰ উচ্চতা আৰু পিন্ধি থকা কাপোৰ দেখি পৰিয়ালটোৱে সেয়া অংশুৰেই মৃতদেহ বুলি নিশ্চিত হৈছিল। মৃতদেহটোৰ প্ৰায় গেলি-পচি গৈছিল।

লাহৰীঘাট ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত সভাত অংশ গ্ৰহণ গৌৰৱ গগৈৰ…

লাহৰীঘাট ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত বুথ সন্মিলনত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক অসমৰ

তত্বাৱধায়ক পৃথ্বীৰাজ প্ৰভাকৰ সাথে,স্হানীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ,অসম বিধানসভাৰ বিৰোধী দলৰ উপ দলপতি

ৰকিবুল হুছেইন,স্হানীয় বিধায়ক আচিফ নজৰ প্ৰমুখ্যে বিষয়ববীয়া সকলৰ সৈতে অংশ গ্ৰহণ কৰিলে গৌৰৱ গগৈৰ