তিৱা মথনলাই তখ্ৰাৰ উদ্যোগত আয়োজিত অনুষ্ঠানত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ কাৰ্য্যবাহী সদস্য ডি উফিং মচলাই, তিৱা মাথনলাই তখ্ৰাৰ উপ সভপতি দ্বয় শৰৎ চন্দ্ৰ পাতৰ আৰু যোগেশ্বৰ বৰদলৈ, প্ৰাক্তন সভপতি মহেশ্বৰ পাতৰ, প্ৰাক্তন সভপতি ললচিং মাদাৰ, সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক নিবন আমচি, সাহিত্য অকাডেমি ভাষা সন্মান প্ৰাপক হৰচিং খলাৰৰ লগতে জিলা সমিতিৰ বিষয় ববিয়াসকল।
তখ্ৰা কেন্দ্ৰীয় সম্পাদক ড০ বিদ্যুৎ বিকাশ সেনাপতিয়ে আঁত ধৰা অনুষ্ঠানটোত স্থানীয় ৰাইজৰ লগতে তিৱা জাতীয় সংগঠনৰ বিষয় ববীয়া সকল উপস্থিত থাকি অনুষ্ঠানৰ শলাগ লয়।
Grammar খন প্ৰস্তুতৰ ক্ষেত্ৰত পশ্চিম কাৰ্বি আংলঙৰ অন্য তিনিগৰাকী লেখকে ড o দাওচেক সহায় কৰে। উন্মোচনী অনু্ঠানত উপস্থিত থাকি পৰিষদৰ কাৰ্য্যবাহী সদস্য ডী উফিঙ মচলাইয়ে উক্ত ব্যাকৰণ খন তিৱা ভাষা সাহিত্য বিকাশৰ বাবে ডাঙৰ অৱদান বুলি উল্লেখ কৰে।
দীপৰ বিলত কাষৰীয়া অঞ্চলৰ ৰাইজে বিশেষ পৰম্পৰাগত পদ্ধতি তথা নীতি-নিয়মৰ জৰিয়তে এই কাৰ্য সম্পূৰ্ণ কৰে। দীপৰ বিলত মাছ ধৰিবলৈ মাছমৰীয়াসকলে প্ৰায় ১৯ বিধ সঁজুলি ব্যৱহাৰ কৰে। বাৰিষাৰ আগত অর্থাৎ ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে’ আৰু বাৰিষা সময়ত অর্থাৎ জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ বাৰিষাৰ পাছত অক্টোবৰ, নৱেম্বৰ আৰু শীতকাল অর্থাৎ ডিচেম্বৰ, জানুৱাৰী এই চাৰিটা ভাগত বতৰক ভাগ কৰি মাছমৰীয়াসকলে দীপৰ বিলত মাছ মাৰে আৰু প্ৰতিটো বতৰত মাছ মৰা সঁজুলি পৃথক পৃথক।
এই ১৯ বিধ সামগ্রী প্রত্যেক দিনাই ব্যৱহাৰ নহয়। নীতি-নিয়মৰ ভিত্তিত এই সমগ্ৰ প্রক্রিয়া নিয়ন্ত্রিত হয় আৰু এই বতৰত কোন কেইবিধ সামগ্ৰী ব্যৱহাৰ কৰিব নিৰ্দিষ্ট কৰা থাকে। বিলখনৰ কোনকেইটা স্থানত এই বতৰত মাছ মাৰিব সেয়াও নিৰ্দিষ্ট কৰা থাকে আৰু কঠোৰ পৰম্পৰাগত নীতি-নিয়মৰ জৰিয়তে এই প্ৰক্ৰিয়াৰে মাছ মাৰে। অতি গুৰুত্বপূৰ্ণ দিশটো হ’ল যে তেওঁলোকে পৰৱৰ্তী দিনটোৰ কথা চিন্তা কৰি মাছ মৰা কাৰ্য সম্পাদন কৰা হয়। ‘দীপৰ বিলত যিসকল মাছমৰীয়া আছে, তেওঁলোকে সকলো মাছ নধৰে। যিটো মাছ উপযুক্ত নহয়, সেই মাছ যাতে ধৰা নপৰে, তেনে জাল সময় অনুসৰি ব্যৱহাৰ কৰা হয়। অর্থাৎ কাইলৈ দিনটোৰ বাবে যিখিনি মাছৰ প্ৰয়োজন, সেইদৰে তেওঁলোকে এই সমগ্ৰ প্ৰক্ৰিয়া সম্পাদন কৰি আহিছে।
আজি দিনত কি হয়, আমি কাইলৈ দিনটোৰ কাৰণে চিন্তা নকৰো; কিন্তু এইসকল মানুহে কাইলৈ বা ভৱিষ্যতৰ দিনটোৰ চিন্তা কৰি কাৰ্য সম্পাদন কৰি আহিছে। ইয়াৰ ফলস্বৰূপে এই বিলখন আজিও জীয়াই আছে।’ বিলখনৰ সংৰক্ষণৰ ই এক শ্রেষ্ঠ পদ্ধতি । বিললৈ পৰিভ্ৰমী চৰাই তেতিয়া আহে, যেতিয়া বিলখনত এক সুৰক্ষিত পৰিৱেশ আৰু পৰ্যাপ্ত খাদ্য লাভ কৰে। মাছমৰীয়া আৰু চৰাইৰ যদি সম্পৰ্ক চোৱা যায়, এক মধুৰ সম্পৰ্ক আছে। মাছমৰীয়াসকলৰ মাছমৰা যি পদ্ধতি পৰিভ্ৰমী পক্ষীৰ স’তে কোনো সংঘৰ্ষ নাই আৰু পৰ্যাপ্ত খাদ্য আছে। সমান্তৰালভাৱে আমি বিলখনত মাছৰ প্ৰজননৰ অপ্ৰট অধিক গুৰিত দিওঁ।
খানাজানৰ জৰিয়তে দীপৰ বিলত মাছ সোমায়। মাছ সোমোৱাৰ পাছত ওলাই যাব নোৱাৰাকৈ এখন বাঁহৰ বান্ধ বনাই দিয়া হৈছে। বছৰি তেওঁলোকে যিটো মাছধৰা উৎসৱ অনুষ্ঠিত কৰে, সেই সময়তে সর্বাধিক পৰিভ্ৰমী পক্ষী বিলখনলৈ আহে। কেৱল মাছ মৰাতে সীমাবদ্ধ নাথাকি কাষৰীয়া লোকসকলে দীপৰ বিলৰ সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । লগতে মাছমৰীয়াসকলে পৰম্পৰাগতভাৱে গ্ৰহণ কৰি অহা মাছমৰা পদ্ধতি আৰু নীতি-নিয়মসমূহ একক আৰু অনন্য ।
কিন্তু চৰকাৰী পৃষ্ঠপোষকতাত গুৱাহাটী পৌৰ নিগমে বিল সংযোগী পামহী কেনেলৰ দাঁতিত বৰাগাঁওৰ বেলৰতলত ২০২১ চনৰ আগষ্ট মাহত ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰি তাত অহৰহ দূষিত আৱৰ্জনা পেলাই অহাৰ ফলত বিলৰ পানীভাগ প্ৰদূষিত হৈ পৰিছে। যাৰ বাবে বহু দুৰ্লভ জলজ উদ্ভিদ আৰু প্ৰাণীৰ অকাল মৃত্যু পৰ্যন্ত হৈছে। শেহতীয়াভাবে চৰকাৰে দীপৰ বিল সংযোগী খানাজানৰ শ্লুইছগেটখন বিলৰ বিভিন্ন পৰীক্ষা – নিৰীক্ষাৰ নামত বন্ধ কৰি থোৱা আদি কাৰ্যই বিলখনলৈ পুনৰ ভাবুকি কঢ়িয়াই আনিছে। আমি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিছো যাতে তেঁও যেন দীপৰ বিলৰ লগতে বিলত মাছ মাৰি জীৱিকা নিৰ্বাহ কৰি অহা প্ৰায় এক হাজাৰ মাছমৰীয়া পৰিয়ালক ৰক্ষা কৰে।
আলাপত সমিতিৰ কৰ্মকৰ্তা আৰু সদস্য ক্ৰমে – সতীশ দাস, ৰত্নেশ্বৰ দাস, ভগৱান দাস, গৌতম দাস, অমূল্য দাস, মুকুন্দ দাস অাৰু বিপুল দাসে ভাগ লৈ দীপৰ বিল সন্দৰ্ভত নিজৰ অনুভব ব্যক্ত কৰে। আনহাতে ১৬ আগষ্টত সমিতিৰ এটা সজাতি দলে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক সাক্ষাৎ কৰে আৰু বিলৰ সংৰক্ষণৰ লগতে মাছমৰীয়া লোকসকলৰ জীৱন – জীৱিকাৰ দিশটো নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শীঘ্ৰে এখন বৈঠক অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।
২৩ আগষ্টৰ সন্ধিয়ালৈ এতিয়া অকল ভাৰতবাসীয়ে নহয় অপেক্ষা কৰিছে বিশ্বয়ো। কিয়নো এই দিনটোতেই চন্দ্ৰ অধ্যয়নৰ এক নতুন অধ্যায় সূচনা হোৱাৰ লগতে ইতিহাস ৰচনা কৰিব ভাৰতে।
মাছ খাদ্যৰ উৎস, কিন্তু যদি আপুনি মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানে, তেন্তে আপুনি নিশ্চিতভাৱে নিয়মীয়া খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব মাছ। বহুতে মাছ খাই ভাল পায়, কিন্তু চৰ্বিযুক্ত মাছ খালে আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰ হ’ব পাৰে জানেনে। মাছ খোৱাৰ ১০ টা ডাঙৰ উপকাৰৰ বিষয়ে জানি লওক…
মাছ হৈছে উচ্চ প্ৰটিনৰ উৎস য’ত প্ৰয়োজনীয় এমিনো এচিড পোৱা যায়। এই এমিনো এচিড শৰীৰৰ বৃদ্ধি আৰু শক্তিৰ বাবে সহায়ক।
ভাৰতৰ এনে কিছুমান মন্দিৰ আছে যি সমূহ বছৰৰ বেছিভাগ সময় বন্ধ হৈ থাকে আৰু বিশেষ দিনাহে খোলা থাকে। ভাৰতত বহুতো মন্দিৰৰ আছে, এনে বহু মন্দিৰ বিশ্ববিখ্যাত। এই মন্দিৰবোৰ ৰহস্যময়, অতি সুন্দৰ, অতিপ্ৰাকৃতিক আৰু লগতে অলৌকিক। তেনে এটা মন্দিৰ আছে উত্তৰাখণ্ডৰ চামোলী জিলাত। এই বংশী নাৰায়ণ মন্দিৰৰ বিশেষত্ব হ’ল এই মন্দিৰটো বছৰটো বন্ধ হৈ থাকে আৰু কেৱল ৰাখী বন্ধনৰ দিনাহে খোলা খায়। এই মন্দিৰটো অতি অনন্য, লগতে ভগৱান বিষ্ণুৱে বামন অৱতাৰৰ পৰা মুক্ত হৈ ইয়াত প্ৰথমবাৰৰ বাবে আবিৰ্ভাৱ হোৱা বুলিও বিশ্বাস কৰে।
উত্তৰাখণ্ডৰ চামোলি জিলাৰ দুৰ্গম উপত্যকাত অৱস্থিত এই মন্দিৰটোক বংশীনাৰায়ণ মন্দিৰ বুলি জনা যায়। এই মন্দিৰলৈ যোৱাটো সহজ নহয়। এইটোৰ বাবে প্ৰায় ১২ কিলোমিটাৰ খোজ কাঢ়িব লাগে। এই মন্দিৰটো পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ভগৱান বিষ্ণু আৰু ভগৱান শিৱৰ উপৰিও বংশী নাৰায়ণ মন্দিৰত ভগৱান গণেশ আৰু দেৱীৰ মূৰ্তিও উপস্থিত আছে।
কোৱা হয় যে এই মন্দিৰৰ দুৱাৰ গোটেই বছৰটো বন্ধ হৈ থাকে আৰু মাত্ৰ এদিন অৰ্থাৎ ৰাখী বন্ধনৰ দিনাহে খোলা হয়। সুৰক্ষা বন্ধনৰ দিনা এই মন্দিৰত স্থানীয় বাসিন্দাসকলে বিশেষ প্ৰাৰ্থনা কৰে। ৰাখী বন্ধাৰ পূৰ্বে সেই ঠাই যুৱতীসকলে ভগৱানক পূজা কৰে। এই মন্দিৰৰ লগত জড়িত কিংবদন্তি অনুসৰি ভগৱান বিষ্ণুৱে বামন অৱতাৰৰ পৰা মুক্ত হৈ ইয়াতেই প্ৰথম আবিৰ্ভাৱ হৈছিল। এই মন্দিৰৰ ওচৰতে ভালুকৰ গুহাও আছে, য’ত ভক্তসকলে প্ৰসাদ আগবঢ়ায়। ৰাখী বন্ধনৰ দিনা এই অঞ্চলৰ প্ৰতিটো ঘৰৰ পৰা ঘিউ আৰু প্ৰসাদ মিহলাই ভগৱানক আগবঢ়াই দিয়া হয়।