মণিপুৰত চৰকাৰী নিৰ্দেশনা অমান্য কৰি নিলম্বন হ’ল IAS বিষয়া।

জিৰিবামৰ উপায়ুক্ত পদত যোগদান নকৰি নিলম্বিত এন জি ৰবেন সিং।

নিৰাপত্তাহীনতাত ভুগি অমান্য কৰিছিল চৰকাৰী নিৰ্দেশনা।
মণিপুৰত চৰকাৰী নিৰ্দেশনা অমান্য কৰি নিলম্বন হ’ল IAS বিষয়া।

জিৰিবামৰ উপায়ুক্ত পদত যোগদান নকৰি নিলম্বিত এন জি ৰবেন সিং।

নিৰাপত্তাহীনতাত ভুগি অমান্য কৰিছিল চৰকাৰী নিৰ্দেশনা।
১৫ সংখ্যক ব্ৰিকছ সন্মিলনঃ দ্বিতীয় দিনা দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ।
জোহান্সবাৰ্গঃ ১৫ সংখ্যক ব্ৰিকছ সন্মিলনৰ দ্বিতীয় দিনা বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ কথা।

দিনটোৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে জোহান্সবাৰ্গত মুকলি আৰু বন্ধ পূৰ্ণাংগ অধিবেশনত অংশগ্ৰহণ কৰাৰ কথা। পূৰ্ণাংগ সভাৰ পিছতে ৰাষ্ট্ৰপতি ৰামাফোছাই আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠান আৰু ভোজৰ ৰাতিৰ আহাৰ গ্ৰহণ কৰিব। জোহান্সবাৰ্গত অনুষ্ঠিত ১৫ সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনৰ মুকলি দিনটো ব্ৰিকছ ব্যৱসায়িক মঞ্চৰ নেতাসকলৰ আলোচনাৰ সাক্ষী আছিল।

ব্ৰিকছ বিজনেছ ফ’ৰামৰ নেতাসকলৰ আলোচনাত দিয়া ভাষণত পিএম মোদীয়ে কয় যে ভাৰত অতি সোনকালে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হ’ব আৰু অনাগত বছৰবোৰত বিশ্বৰ বৃদ্ধিৰ ইঞ্জিন হ’ব। আলোচনাত পি এম মোডীৰ বিশেষ বাৰ্তা আছিল যে পাৰস্পৰিক বিশ্বাস আৰু স্বচ্ছতাই বিশেষকৈ গ্ল’বেল চাউথত ডাঙৰ প্ৰভাৱ সৃষ্টি কৰাত সহায় কৰিব পাৰে।
হিমাচল প্ৰদেশত হোৱা প্ৰচণ্ড বৰষুণৰ মাজতে সুৰক্ষাৰ কাৰণে পাৰৱানুৰ ওচৰৰ চক্কিত যান-বাহনৰ চলাচল বন্ধ কৰা হৈছে বুলি বুধবাৰে ৰাজ্যিক যান-বাহন আৰক্ষীয়ে অৱগত কৰে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আজি ৰাজ্যৰ বহু ঠাইত ধুমুহাৰ সৈতে মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে।

বিলাসপুৰ, সোলান, শিমলা, ছিৰমৌৰ, উনা, হামিৰপুৰ, মাণ্ডী, আৰু কাংগৰা জিলাৰ কেইটামান ঠাইত অতি প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু বিচ্ছিন্ন স্থানত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে অহা দুই-তিনি ঘণ্টাৰ বাবে চাম্বা, কুল্লু, কিন্নাউৰী আৰু লাহুল আৰু স্পিটি জিলাত আইএমডিয়ে ভৱিষ্যদ্বাণী কৰিছে।

হিমাচল প্ৰদেশৰ ৰাজহ মন্ত্ৰী জগত সিং নেগীয়ে মঙলবাৰে এএনআইক জনাইছে যে এতিয়া এইবাৰ হোৱা প্ৰবল বৰষুণৰ বাবে ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ ক্ষতিৰ বাবে ৰাজ্যখনৰ ১০ হাজাৰ কোটি লোকচান হৈছে।
চন্দ্ৰযান-৩
অসমবাসীৰ বাবে এটি গৌৰৱৰ খবৰ। চন্দ্ৰযান-৩ৰ উপ প্ৰকল্প সঞ্চালকৰ দায়িত্বত অসম সন্তান বৈজ্ঞানিক চয়ন দত্ত।
ইতিহাস সৃষ্টিৰ পথত ভাৰতবৰ্ষ
ভাৰতৰ মহাকাশ গৱেষণাৰ এক উল্লেখযোগ্য সংযোজন হিচাপে চন্দ্ৰযান-৩ নিজৰ লক্ষ্যস্থানৰ দিশত ধাৱমান হৈছে।

বিক্ৰম লেণ্ডাৰৰ পৰা পৃথক হৈ বৰ্তমান চন্দ্ৰযান-৩ চন্দ্ৰপৃষ্ঠৰ নিৰ্ধাৰিত লক্ষ্যস্থানত অৱতৰণৰ দিশত অগ্ৰসৰ হৈছে।
চন্দ্ৰযান-৩ৰ উপ প্ৰকল্প সঞ্চালকৰ দায়িত্বত অসম সন্তান বৈজ্ঞানিক চয়ন দত্ত।

বৈজ্ঞানিক চয়ন দত্ত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ।
আন্তৰিকতাৰে অভিনন্দন ।
সম্পত্তিৰ লালসাত এগৰাকী যুৱতীক হত্যা পৰিয়ালৰ লোকৰ।

মহানগৰীৰ লালমাটিত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। বৰদেউতাক আৰু বৰমাকৰ বিৰুদ্ধে অত্যাচাৰৰ

অভিযোগ। ঘটনা সন্দৰ্ভত গোপেশ মেধি নামৰ এজনক আটক কৰি তদন্ত আৰম্ভ কৰিছে বশিষ্ঠ আৰক্ষীয়ে।
নতুন প্ৰজন্মৰ শৈক্ষিক, সংস্থাপন, স্বনিয়োজন আদি বিষয় সমূহক সামৰি শিমলুগুৰি আঞ্চলিক ছাত্র সন্থাই “জীৱনৰ সতে” শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।
এই কাৰ্যসূচীৰ জৰিয়তে ছাত্র-ছাত্ৰীসকলক সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষা সমূহৰ বাবে প্ৰস্তুতি, বিভিন্ন কাৰিকৰী বিষয় সমূহৰ অধ্যয়ন , সংস্থাপন আৰু স্বনিয়োজন আদি বিষয় সমূহৰ ওপৰত বিভিন্ন বিষয়ৰ বিশেষজ্ঞ ব্যক্তিয়ে মাৰ্গদৰ্শন কৰিব।
প্ৰতি মাহতে অনুষ্ঠিত হোৱা এই কাৰ্যসূচীৰ দ্বিতীয় বৰ্গ মঙলবাৰে শিমলুগুৰি শ্বহীদ ভৱনত অনুষ্ঠিত হয়, দ্বিতীয় সমল ব্যক্তি হিচাবে উপস্থিত থাকে শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱ।

ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ বহু অভিজ্ঞতাৰে পূষ্ট বক্তব্য আগবঢ়ায়, প্ৰশাসনিক সেৱাৰ দিশত কিদৰে আগবাঢ়িব সেই বিষয়ত পুংখানুপুংখভাৱে মত দাঙি ধৰি ছাত্ৰ – ছাত্ৰী সকলক উদ্বুদ্ধ কৰে আয়ক্ত গৰাকীয়ে৷
-দিলীপ হাজৰিকা, নাজিৰা
১২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ‘সংগীত নাটক একাডেমি’ নতুন দিল্লীৰ সহযোগত, গুৱাহাটীৰ কথক নৃত্য শিক্ষানুষ্ঠান ‘মৃদংগ’ই ৰঙাপাৰা অঞ্চলত আয়োজন কৰা কথক নৃত্যৰ কৰ্মশালা এখনিত কেইবাগৰাকীও শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে।
কথক নৃত্যৰ গুৰু তথা ‘মৃদংগ’ নামৰ গুৱাহাটীস্থিত কথক নৃত্যৰ প্ৰশিক্ষণ দি অহা শিক্ষানুষ্ঠানখনৰ প্ৰতিষ্ঠাপক গুৰু বিপুল দাসৰ তত্ত্বাৱধানত শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ ৰে’লৱে এম্প্লয়িজ ইউনিয়ন বিল্ডিঙত আয়োজিত কথক নৃত্যৰ কৰ্মশালাখনত সেই অঞ্চলৰ বহুকেইগৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

অসম চৰকাৰৰ “কলাগুৰু বিষ্ণুৰাভা বঁটা” প্ৰাপক তথা লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰৱক্তা,বৰ্ষীয়ান কথক নৃত্যগুৰু তথা ভাৰতীয় কথক নৃত্যৰ মহাগুৰু প্ৰয়াত বিৰজু মহাৰাজৰ অন্যতম শিষ্য বিপুল দাসক এইদৰে ওচৰত পাই ৰঙাপাৰাৰ ৰাইজে আনন্দত আত্মহাৰা হৈ পৰে।

উল্লেখ্য যে সংগীত নাটক একাডেমিৰ সহযোগত ইয়াৰ পূৰ্বে বিপুল দাসে যোৰহাটতো কথক নৃত্যৰ কৰ্মশালাৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰিছিল আৰু আগষ্ট মাহৰ শেষৰফালে গুৱাহাটীতো কথক নৃত্যৰ আন এখন কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিব বুলি বৰ্ষীয়ান শিল্পী গৰাকীয়ে জানিবলৈ দিছে৷
দেশৰ সুৰক্ষা তথা শত্ৰুপক্ষক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ভাৰতীয় বায়ু সেনাই অতীজৰ পৰাই বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। বিশ্বৰ বিভিন্ন শক্তিশালী শত্ৰুক সহজতে পৰাভূত কৰিব পৰাকৈ অত্যাধুনিক যুঁজাৰু বিমানৰ লগতে শক্তিশালী অস্ত্ৰ শস্ত্ৰেৰে সু সজ্জিত হৈ আছে ভাৰতীয় বায়ু সেনা। সদাসষ্টম ভাৰতীয় বায়ু সেনাই যিকোনো মুহূৰ্ততে ধূলিস্যাত কৰি দিব পাৰে শত্ৰু পক্ষৰ সপোন।
বিশেষকৈ এছ ইও -৩০, এম কে- আই, চি-১৭, চি-১৩০, চিনুক, ৰাফেল, আপাচি ৰ দৰে শক্তিশালী যুঁজাৰু বিমানৰ লগতে কম আৰু অধিক দূৰত্ব ভেদ কৰিব পৰা অস্ত্ৰৰ সহায়ত এক শক্তিশালী স্থিতিত অৱস্থান কৰিছে ভাৰতীয় বায়ু সেনা।
বিগত বিভিন্ন সময়ত ভাৰতীয় বায়ু সেনাৰ এই যুঁজাৰু বিমান সমূহৰ পৰাক্ৰম বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিছে। ভাৰতীয় বায়ুসেনাৰ এই অত্যাধুনিক শক্তি সমূহক প্ৰত্যক্ষ কৰোৱাৰ উদ্দেশ্য আগত লৈ মঙলবাৰে ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ অধীনত বায়ুসেনা ষ্টেচন যোৰহাটত উত্তৰ পূৰ্বাঞ্চলৰ স্থানীয় সাংবাদিক সকলক লৈ আয়োজন কৰা হয় এক “মিডিয়া অৰিয়েণ্টেচন কেপচুল”।

যোৰহাটৰ ৰৰৈয়া বায়ুসেনা চাউনিত আয়োজন কৰা এই কাৰ্যসূচীত বিভিন্ন সংবাদমাধ্যমৰ ৩০ গৰাকী সাংবাদিকে অংশগ্ৰহণ কৰে। অনুৰূপ ধৰণে বায়ুসেনা ষ্টেচন মোহনবাৰীতো আয়োজন কৰা হয় এই মিডিয়া অৰিয়েণ্টেচন কেপচুল কাৰ্যসূচী।
কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য আছিল ভাৰতীয় বায়ুসেনাৰ পূব ভাৰতত কাৰ্যকলাপৰ সন্দৰ্ভত এক আভাস প্ৰদান কৰা। কাৰ্যসূচীত ভাৰতীয় বায়ুসেনাৰ ঐতিহাসিক আভাস আৰু যুঁজাৰু বিমান, পৰিবহণ আৰু হেলিকপ্টাৰৰ উৰণ অভিযান, তথা দুৰ্গম স্থানত শত্ৰুক পৰাভূত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বায়ুসেনাৰ বিভিন্ন কাৰ্যকলাপ সন্দৰ্ভত এক আভাস প্ৰদৰ্শন কৰি দেখুৱা হয় বায়ুসেনাৰ কৰ্মী সকলৰ দ্বাৰা।
ইয়াৰ লগতে ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ অধীনত থকা বিভিন্ন বিমান ঘাঁটি সমূহৰ ভূমিকা আৰু দায়িত্বৰ বিষয়ে ব্যাখ্যা কৰে বায়ুসেনাৰ শীৰ্ষ বিষয়াই।
লগতে ভাৰতীয় বায়ুসেনাৰ প্লেটফৰ্ম, চেন্সৰ, অস্ত্ৰ শস্ত্ৰ, নেটৱৰ্ক, ৰাডাৰ ব্যৱস্থা আৰু যোগাযোগ ব্যৱস্থাকে ধৰি আধুনিক প্ৰযুক্তিৰ বিষয়ে উল্লেখ কৰা হয়। বিশেষকৈ উত্তৰ পূব ভাৰতৰ বিভিন্ন দুৰ্যোগ, সংকট ৰ প্ৰতি সঁহাৰি জনায় মানৱীয় সাহাৰ্য আৰু দুৰ্যোগ সাহাৰ্য অভিযানত ভাৰতীয় বায়ু সেনাৰ ভূমিকা সন্দৰ্ভত উল্লেখ কৰে বায়ুসেনাৰ বিষয়াসকলে।
গুৱাহাটী শিশু নাট্য বিদ্যালয়ে বিদ্যালয়খনৰ ৰূপালী জয়ন্তী উপলক্ষে অসমৰ তিনিটা অঞ্চলত আয়োজন কৰা সদৌ অসম ভিত্তিক শিশু নাট প্ৰতিযোগিতাখনিৰ তেজপুৰ জ’নৰ প্ৰতিযোগিতাৰ সফল সামৰণি পৰিছে৷
অসমৰ বিভিন্ন জিলাৰ মুঠ ২০টা শিশু নাট্য দলৰ যোগদানৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ৰঙ্গমঞ্চত যোৱা ১৯-২০আগষ্টত আয়োজন কৰা হৈছিল অসমভিত্তিক শিশুনাট প্ৰতিযোগিতাৰ প্ৰথমটো মাণ্ডলিক কাৰ্যসূচী৷

গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ প্ৰতিষ্ঠাপক মানিক ৰয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে এই শিশু নাট প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে৷ শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই উদ্ধোধন কৰা নাট প্ৰতিযোগিতাখনৰ ১৯আগষ্টৰ আৰম্ভণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল তেজপুৰ সমষ্টিৰ বিধায়ক অভিনেতা -গায়ক পৃথ্বীৰাজ ৰাভা৷

প্ৰতিযোগিতাখনৰ ঘোষিত ফলাফল অনুসৰি প্ৰথম শ্ৰেষ্ঠ নাট্যদল বৰঙাবাৰী, বিশ্বনাথৰ ‘বাট থিয়েটাৰ'(নাটক “নিগনিৰ দৌৰ”), দ্বিতীয় শ্ৰেষ্ঠ নাট্যদল লখিমপুৰৰ ‘পূবেৰুণ মইনা পাৰিজাত'(নাটক “কুৰুক্ষেত্ৰত খেলিমেলি”) , তৃতীয় শ্ৰেষ্ঠ নাট্যদল বিশ্বনাথ চাৰিআলিৰ ‘নাট্য প্ৰশিক্ষণ কেন্দ্ৰ’ (নাটক “মেইন ভাওঁ কোনে ল’ব” )৷
সেইদৰে শ্ৰেষ্ঠ অভিনেতা ক্ৰমে প্ৰথম আয়ুষ্মান নেওগ (নাটক ”ঔগুৰিৰ খেল”) দ্বিতীয় উদ্দীপন দাস(নাটক ”গোবৰ্দ্ধনৰ গোপাল), তৃতীয় অবিনাশ ভৰদ্বাজ (নাটক ‘ত্যাগ’)৷ফলাফল অনুসৰি প্ৰথম শ্ৰেষ্ঠ অভিনেত্ৰী নৱনিশা বৰা (নাটক ”ভেকোলা মহাজনৰ বিলৈ”), দ্বিতীয় গৰিমা হাজৰিকা(নাটক ”কুৰুক্ষেত্ৰত খেলিমেলি” )আৰু তৃতীয় গ্ৰীতৃষ্ণা মহন্ত (নাটক ”মেইন ভাওঁ কোনে ল’ব” )৷

আনহাতে নাট প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল হিচাপে কাৰ্বিআংলঙৰ অসম নাট্য সন্মিলনৰ লাংহিন শাখা(নাটক ”আমি মানুহ হ’ম মানুহৰ পূজাৰী” )আৰু শ্ৰেষ্ঠ পৰিচালকৰ খিতাপ অৰ্জন কৰে পূবেৰুণ মইনা পাৰিজাতৰ নিতুল ডেকাই(নাটক কুৰুক্ষেত্ৰত খেলিমেলি),দ্বিতীয় শ্ৰেষ্ঠ পৰিচালক পংকজ ৰাজখোৱা(নাটক ভেকোলা মহাজনৰ বিলৈ)তৃতীয় শ্ৰেষ্ঠ পৰিচালক সন্তৰাম দাস(নাটক ”বনভোজৰ বৰভুল”)৷
শ্ৰেষ্ঠ নাট্যকাৰ নগাওঁ ৰাইদঙ্গীয়াৰ জোনাকী পৰুৱা নাট্যদলৰ অঞ্জন ভূঞা(নাটক ”গোহালি ঘৰৰ দূৰদৰ্শন), দ্বিতীয় বাবুল বৰঠাকুৰ(নাটক যোগ-বিয়োগ),তৃতীয় ৰিপন শইকীয়া(নাটক ”জোনাকীৰ পৃথিৱী”)।
শ্ৰেষ্ঠ সংগীত পৰিচালক দাধৰা ৰূপজ্যোতি মইনা পাৰিজাতৰ শুভ্ৰজ্যোতি বৰা (নাটক “ভেকোলা মহাজনৰ বিলৈ ”) ,শ্ৰেষ্ঠ আলোকসজ্জা বিশ্বনাথ চাৰিআলি পঞ্চতাৰকাৰ মাইনু শইকীয়া(নাটক ”কৰিশ্মা আহি আছে” ), শ্ৰেষ্ঠ দৃশ্যসজ্জা তেজপুৰ কেতেকীবাৰীৰ “ৰূপসজ্জা ডলফিন কলা নিকেতন”ৰ ৰঞ্জিত ভৰালী(নাটক ‘ত্যাগ’), শ্ৰেষ্ঠ ৰূপসজ্জা জ্যোতিনগৰৰ জে বি ফাউণ্ডেচনৰ দিব্যজ্যোতি নাথ৷অনুৰূপা ডেকাৰজা,লুইত বৰুৱা আৰু সঞ্জীৱ বুঢ়াঁগোহাই বিচাৰক হিচাপে উপস্থিত থকা দুদিনীয়াকৈ অনুষ্ঠিত এই নাট প্ৰতিযোগিতাত তেজপুৰৰ বহু নাট্যপ্ৰেমী দৰ্শক ৰাইজে নাট উপভোগ কৰিছিল৷

অনুষ্ঠানটিত বিশেষ অতিথি হিচাপে গুৱাহাটী শিশু নাট্যবিদ্যালয়ৰ সভাপতি,অসম শিশু সাহিত্য ন্যাসৰ সচিব বিশিষ্ট সাহিত্যিক হৃষীকেশ গোস্বামী,বাণ থিয়েটাৰৰ সম্পাদক জিতুমণি দেৱ চৌধুৰী, পৰিচালক-অভিনেতা ভূপেন শৰ্মাৰ লগতে উপস্থিত আছিল নাট্যকাৰ জিতেন শৰ্মা,নাট্যকাৰ শোভেশ্বৰ দাস,সাংস্কৃতিক কৰ্মী ৰাজকুমাৰ দাস আদি প্ৰমুখ্যে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ একাংশ সদস্য আৰু বিষয়বীয়া৷
আনহাতে অহা ২৬-২৭আগষ্টত নলবাৰী আৰু ৯-১০ছেপ্তেম্বৰত শিৱসাগৰ মণ্ডলত গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ উদ্যোগত আয়োজন কৰা আন দুখন সদৌ অসম ভিত্তিক শিশু নাট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে৷
ধেমাজি জিলাৰ গোগামুখৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান গোগামুখ মহাবিদ্যালয়ৰ ৪২ সংখ্যক নৱাগত আদৰণি সভাখন মঙলবাৰে গোগামুখ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় ৷
উৎসৱমুখৰ পৰিৱেশত অনুষ্ঠিত হোৱা নৱাগত আদৰণি সভাত পুৱা ৮ বজাত পতাকা উত্তোলন কৰে গোগামুখ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি কিশোৰ পেগুৱে ৷
৯ বজাত স্মৃতি তৰ্পণ কৰে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ফিজু কুম্বাঙে ৷ ৯-৩০ বজাত ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ চিনাকি পৰ্ব অনুষ্ঠিত হয় ৷ আঁত ধৰে মহাবিদ্যালয়খনৰ সমাজতত্ব বিভাগৰ মুৰব্বী অধ্যাপক মুখ্যনাথ টাইদে ৷

দুপৰীয়া ১২ বজাত মহাবিদ্যালয়খনত নতুনকৈ আৰম্ভ কৰা অস্থায়ী যোগাসন কেন্দ্ৰ মুকলি কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই । বিয়লি ১ বজাত মুকলি সভা শুভাৰম্ভ কৰে উত্তৰ লখিমপুৰ স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ অধ্যক্ষ তথা গোগামুখ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° বিমান কুমাৰ চেতিয়াই ৷
সভাত সভাপতিত্ব কৰে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাই ৷ উক্ত মুকলি সভাতে গোগামুখ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক দেবেশ্বৰ বৰুৱাৰ সম্পাদনাত প্ৰকাশিত গোগামুখ মহাবিদ্যালয়ৰ ৪২ বছৰীয়া দস্তাবেজ উন্মোচন কৰে সাংসদ প্ৰদান বৰুৱাই ৷
গোগামুখ মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনীখন উন্মোচন কৰে গোগামুখস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা জেষ্ঠ বিজ্ঞানী দীপজ্যোতি বৰুৱাই ৷ সভাত উপস্থিত থাকে গোগামুখস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী অসীম বৈশ্য, মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে ৷
অনুষ্ঠানত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে পৰিৱেশন কৰা গোগামুখ মহাবিদ্যালয় শীৰ্ষ গীত আৰু মহাবিদ্যালয়খনৰ ছাত্ৰী জোনালী দলেয়ে পৰিৱেশন কৰা নীলীমা খাতুনৰ এটি চৰাই গুণগুণাই শীৰ্ষক গীতে উপস্থিত ছাত্ৰ-ছাত্ৰী, শিক্ষক, অতিথি সকলোকে আপ্লুত কৰে ৷