Breaking

গোগামুখ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত উন্মোচন ৪২বছৰীয়া দস্তাবেজ-স্মৃতিগ্ৰন্থ

0 201

ধেমাজি জিলাৰ গোগামুখৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান গোগামুখ মহাবিদ্যালয়ৰ ৪২ সংখ্যক নৱাগত আদৰণি সভাখন মঙলবাৰে গোগামুখ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় ৷

উৎসৱমুখৰ পৰিৱেশত অনুষ্ঠিত হোৱা নৱাগত আদৰণি সভাত পুৱা ৮ বজাত পতাকা উত্তোলন কৰে গোগামুখ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ  সভাপতি কিশোৰ পেগুৱে ৷ 

৯ বজাত স্মৃতি তৰ্পণ কৰে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ফিজু কুম্বাঙে ৷ ৯-৩০ বজাত   ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ চিনাকি পৰ্ব অনুষ্ঠিত হয় ৷ আঁত ধৰে  মহাবিদ্যালয়খনৰ সমাজতত্ব বিভাগৰ মুৰব্বী অধ্যাপক মুখ্যনাথ টাইদে ৷ 

দুপৰীয়া ১২ বজাত মহাবিদ্যালয়খনত নতুনকৈ আৰম্ভ কৰা  অস্থায়ী যোগাসন কেন্দ্ৰ মুকলি কৰে  লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ।  বিয়লি ১ বজাত মুকলি  সভা শুভাৰম্ভ কৰে উত্তৰ লখিমপুৰ স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ অধ্যক্ষ তথা গোগামুখ মহাবিদ্যালয়ৰ  পৰিচালনা সমিতিৰ সভাপতি ড° বিমান কুমাৰ চেতিয়াই ৷

সভাত সভাপতিত্ব কৰে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাই ৷ উক্ত মুকলি সভাতে গোগামুখ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ  মুৰব্বী অধ্যাপক দেবেশ্বৰ বৰুৱাৰ সম্পাদনাত প্ৰকাশিত গোগামুখ মহাবিদ্যালয়ৰ ৪২ বছৰীয়া দস্তাবেজ উন্মোচন কৰে সাংসদ প্ৰদান  বৰুৱাই ৷

গোগামুখ মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনীখন উন্মোচন কৰে গোগামুখস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা জেষ্ঠ বিজ্ঞানী দীপজ্যোতি বৰুৱাই ৷ সভাত উপস্থিত থাকে গোগামুখস্থিত  ভাৰতীয় কৃষি গৱেষণা  প্ৰতিষ্ঠানৰ বিজ্ঞানী অসীম বৈশ্য,  মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে ৷ 

অনুষ্ঠানত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে পৰিৱেশন কৰা গোগামুখ মহাবিদ্যালয় শীৰ্ষ গীত আৰু মহাবিদ্যালয়খনৰ ছাত্ৰী জোনালী দলেয়ে পৰিৱেশন কৰা নীলীমা খাতুনৰ এটি চৰাই গুণগুণাই শীৰ্ষক গীতে উপস্থিত ছাত্ৰ-ছাত্ৰী, শিক্ষক, অতিথি সকলোকে আপ্লুত কৰে ৷

Leave A Reply