জনপ্ৰিয় পেৰডী গায়ক ত্ৰৈলোক্য সোণোৱালৰ শেষ নিশ্বাস ত্যাগ।

ডিব্ৰুগড় অসম মেডিকেল কলেজত মৃত্যু শিল্পীগৰাকীৰ।

শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা বাবে প্ৰথমে লখিমপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ত্ৰৈলোক্য সোণোৱালক।
জনপ্ৰিয় পেৰডী গায়ক ত্ৰৈলোক্য সোণোৱালৰ শেষ নিশ্বাস ত্যাগ।

ডিব্ৰুগড় অসম মেডিকেল কলেজত মৃত্যু শিল্পীগৰাকীৰ।

শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা বাবে প্ৰথমে লখিমপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ত্ৰৈলোক্য সোণোৱালক।
২০০৮ চনত ভাৰতে প্ৰথমবাৰৰ বাবে চন্দ্ৰ অভিযান আৰম্ভ কৰিছিল। চন্দ্ৰযান-১ য়ে চন্দ্ৰপৃষ্ঠত পানী আৱিষ্কাৰ কৰিছিল । ২০১৯ চনত ভাৰতে দ্বিতীয়টো চন্দ্ৰ অভিযান আৰম্ভ কৰিছিল চন্দ্ৰযান-২ । তাৰপাছতে তৃতীয়টো অভিযান ২০২৩ ত আৰম্ভ কৰিছিল ভাৰতে।

অতি কম টকা ব্যয়ৰে এই চন্দ্ৰ অভিযান সফল কৰে ইছৰোই। এই সফলতা ভাৰতৰ মহাকাশ উদ্যোগৰ বাবে ই এক ডাঙৰ প্ৰাপ্তি । ই মহাকাশ শক্তি হিচাপে ভাৰতক শক্তিশালী কৰাৰ লগতে ভৱিষ্যতৰ চন্দ্ৰ অভিযানৰ ওপৰতো প্ৰভাৱ পেলাব।

ইয়াৰ পূৰ্বে চন্দ্ৰযান-১ য়ে চন্দ্ৰত পানীৰ অৱস্থিতি ধৰা পেলাইছিল। এইবাৰ চন্দ্ৰযান ৩য়ে আৰু নতুন নতুন তথ্য দিব ভাৰতক।
ভাৰতবৰ্ষ এখন পূণ্য ভূমি গতিকে, যি ঠাইত মহাদেৱৰ বাস, সতীৰ বাস, প্ৰভূ শ্ৰীকৃষ্ণকে আদিকৰি দেৱ দেৱতাৰ বাস বুলি কয় ,গতিকে সততা আৰু নিষ্ঠাৰে কাম কৰি গ’লে ভাৰতক কোনো দেশে হওক বা অপশক্তীয়ে হওক কোনেও হৰুৱাব নোৱাৰে।

আজি 2023 চনৰ 23 আগষ্ট বুধবাৰে সন্ধিয়া ৬. ৫ মিনিটত বিশ্ববাসীৰ আগত ভাৰতৰ চন্দ্ৰয়ান ৩, এ চন্দ্ৰত সফল অৱতৰন কৰে।
S.Somnath
M.Sangkaran
Ritu karidhal shreebastav
Sayan Dutta (Assam)
P. viramithuwel
A. RajaRaj
S. Unnikrishnan Nayar

সাতগৰাকী বিজ্ঞানীৰ নেতৃত্বত আৰু প্ৰায় ৪১জনীয়া এটা বিজ্ঞানীৰ প্ৰচেষ্টাত আজি বিশ্ববাসীৰ সন্মুখত গৌৰাম্বিত ভাৰত।
পুৱা জিকা ভাজিৰে ৰুটি(ব্ৰেকফাষ্ট) খালে সোৱাদেই বেলেগ হয়। মাছৰ জোলখনো জিকাৰে ৰান্ধিলে খাবলৈ বৰ জুতি লাগে। তৰকাৰি ৰান্ধিলেও খাবলৈ তৃপ্তিদায়ক হয়। বহুতে জিকাৰ তৰকাৰিৰ উপৰি জিকা পুৰি তেল-নিমখ সানি খায়। প্ৰকৃততে জিকা উত্তম পাচলি।

ৰাসায়নিক বিশ্লেষণত দেখা যায় যে ১০০ গ্ৰাম জিকাত ৩২ শতাংশ মেগনেছিয়াম, ৩ কেলচিয়াম আৰু ৫০.২ শতাংশ পটাছিয়াম থাকে। তদুপৰি জিকাত ভিটামিন-চিও পোৱা যায়। আঁহযুক্ত পদাৰ্থও সৰহ পৰিমাণে উপলব্ধ।
আজিকালি হাইব্ৰিড জিকা বজাৰত পোৱা যায়। হাত দিলেই গম পোৱা যায় জিকাবোৰ কোমল। কিন্তু তৰকাৰি বা মাছৰ জোলখন এইবিধ জিকাৰে ৰান্ধিলে খাবলৈ তৃপ্তিদায়ক নহয়। পিছে গুণাগুণবোৰৰ কোনো অৱনতি নঘটে। একেই থাকে।

জিকাত থকা খাদ্যগুণৰ বাবেই জিকাই পেটৰ গোলমাল হ’লে নিৰাময় কৰিব পাৰে। আঁহযুক্ত পদাৰ্থ থকা বাবে পেটৰ কোষ্ঠকাঠিন্য নিৰাময় কৰে। অৰ্থাৎ পেট খোলোচা কৰে। সেয়ে কোষ্ঠকাঠিন্যত ভোগা ৰোগীয়ে বতৰত জিকা নিতৌ খোৱা বাঞ্ছনীয়। দেহৰ ছালত ঘা হ’লে অথবা ফোঁহা হ’লে জিকাক আঞ্জা পথ্য হিচাপে খাব পাৰি। পাকস্থলীত হোৱা ঘা আদিও জিকাই নিৰাময় কৰিব পাৰে বুলি গৱেষকে কয় গেছত ভুগি থকা লোকে জিকাৰ ভাজি বা জিকাৰ আঞ্জা খাব লাগে। কুকুৰীকণা ৰোগীৰ বাবেও জিকা অতি উত্তম খাদ্য।
লেখক: ডঃ পবিত্ৰ কুমাৰ পাটোৱাৰী
অসমবাসীৰ বাবে এটি গৌৰৱৰ খবৰ। চন্দ্ৰযান-৩ৰ উপ প্ৰকল্প সঞ্চালকৰ দায়িত্বত অসম সন্তান বৈজ্ঞানিক চয়ন দত্ত।

ইতিহাস সৃষ্টিৰ পথত ভাৰতবৰ্ষ ।চন্দ্ৰযান-৩ৰ উপ প্ৰকল্প সঞ্চালকৰ দায়িত্বত অসম সন্তান বৈজ্ঞানিক চয়ন দত্ত।
বৈজ্ঞানিক চয়ন দত্ত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ।
আন্তৰিকতাৰে অভিনন্দন ।
নিধি শৰ্মাৰ চন্দ্ৰযান-৩ ৰ সফল অৱতৰণৰ যাত্ৰাত শহুৰ দেউতা দীপক দেৰ অৱদান অতুলনীয় । নিধি শৰ্মাৰ ঘৰ বেংগালুৰুত । ২০১৯ চনত অসমৰ যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ অসমৰ বোৱাৰী হ’ল নিধি শৰ্মা ।

এগৰাকী বৈজ্ঞানিক হিচাপে নিধিৰ কৰ্মজীৱন যথেষ্ট জটিল। কিন্তু জটিল যাত্ৰাৰ পদে পদে সাহস হিচাপে থিয় দি আছিল নিধিৰ স্বামীৰ লগতে শহুৰ দেউতা । নিধিৰ দেহত পাঁচমহীয়া সন্তান থকাৰ পিছতো দিন ৰাতি একাকাৰ কৰি নিধি চন্দ্ৰযান ৩ ৰ সাফল্যৰ বাবে কৰ্মৰত হৈ আছে ।

ইয়াকলৈ যথেষ্ট গৌৰৱ অনুভৱ কৰিছে নিধিৰ পৰিয়ালে । বহুত ত্যাগ সাক্ষী হৈ আছে এই যাত্ৰাত । তিনিমাহ ধৰি ফোনত কথা পাতিব সময় পোৱা নাই অসমৰ বোৱাৰী তথা চন্দ্ৰযান৩ ত কৰ্মৰত নিধি শৰ্মা ।
নিধি শৰ্মাৰ এই যাত্ৰাৰ বিষয়ে বিস্তাৰ ভাৱে DB ৰ কাৰ্যবাহী সম্পাদক নবজ্যোতি কলিতাৰ সৈতে নিধি শৰ্মাৰ শহুৰ দেউতা দীপক দেই ইতিমধ্যে ফোনকল যোগে অৱগত কৰিছে ।
চন্দ্ৰযান ৩ৰ সৈতে জড়িত আন এগৰাকী অসমীয়া সু-সন্তান । দেহত ৫ মহীয়া সন্তান লৈ চন্দ্ৰযান ৩ৰ সফলতাৰ বাবে কাম কৰি আছে তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা । আজি নিধি শৰ্মাক লৈ অসমবাসীয়ে গৌৰৱ কৰিছে ।

চন্দ্ৰযান-৩ ত কৰ্মৰত অসমৰ তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা
শৰীৰত পাঁচমহীয়া সন্তানলৈ চন্দ্ৰযান-৩ ৰ সাফল্যৰ বাবে কৰ্মৰত হৈ আছে নিধি শৰ্মা

চন্দ্ৰযান ৩ৰ সফল অৱতৰণ কামনা কৰিলোঁ । শুভেচ্ছা বহুত ।
চন্দ্ৰ… সৰুৰে পৰাই চকুৰ সন্মুখত যদিও আচলতে বহুত দূৰ…. । দূৰ মানে অলপ দূৰ নহয় বহুত দূৰ, এই দূৰত্ব কিলোমিটাৰ’ত চাবলৈ গলে প্ৰায় ৩,৮৪,৪০০ কি. মি. । অৰ্থাৎ আমাৰ তিনিচুকীয়া’ৰ পৰা গুৱাহাটীলৈ প্ৰায় ৩৯৮ বাৰ অহা যোৱা কৰাৰ সমান বাট । এই বাট অতিক্ৰম কৰিবলৈ চন্দ্ৰযান ৩’ক সময়ৰ প্ৰয়োজন হব প্ৰায় ৪০ দিন । আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাচাৰ(NASA) দ্বাৰা পঠোৱা ৰকেটে ৩/৪ দিন, ৰুছিয়া’ৰ ৰছকচমচে (ROSCOSMOS) পঠোৱা ৰকেটে ১০/১১ দিনতে চন্দ্ৰত অৱতৰণ কৰে, কিন্তু আমাৰ ভাৰতবৰ্ষৰ ইছৰ’ই

পঠোৱা (ISRO) ৰকেটক চন্দ্ৰ পাবলৈ কিয় বাৰু ইমান দিন লাগে ? ইয়াৰ প্ৰধান কাৰণ দুটা প্ৰথম চন্দ্ৰলৈ গতি কৰা পথ, দ্বিতীয় ৰকেটৰ ওজন কঢ়িয়াব পৰা ক্ষমতা । আমেৰিকা তথা ৰুছিয়াৰ ৰকেটে চন্দ্ৰলৈ পোনপটীয়া বাটেৰে গমন কৰে ইয়াৰ বিপৰীতে ভাৰতবৰ্ষৰ ৰকেটে পৃথিৱীক কেইবাবাৰো প্ৰদক্ষিণ কৰি পৰোক্ষ বাটেৰে যায় । ভাৰতবৰ্ষৰ ৰকেট সমূহৰ ইঞ্জিনৰ বহন ক্ষমতা কম হোৱাৰ বাবেই এইদৰে প্ৰথমে পৃথিৱী পিছলৈ চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিৰ সহায় লৈ চন্দ্ৰত অৱতৰণ কৰে । এইদৰে মাধ্যাকৰ্ষণ শক্তিৰ সহায়লৈ কৰা যাত্ৰাক Gravity Assist maneuver বা Gravity Slingshot বুলি কোৱা হয় । এই প্ৰক্ৰিয়াৰে কম ইন্ধন প্ৰয়োগ কৰি বহুদূৰ যাব পাৰি কিন্তু ভ্ৰমণৰ সময়সীমা দীঘলীয়া হৈ পৰে । চন্দ্ৰযান-৩ চন্দ্ৰলৈ পঠোৱা ভাৰতবৰ্ষৰ তৃতীয়খন মহাকাশযান । ইয়াৰ আগতে ২০০৮ বৰ্ষত ইছৰ’ই চন্দ্ৰযান ১ তথা ২০১৯ বৰ্ষত চন্দ্ৰযান ২ মহাকাশযান প্ৰক্ষেপ কৰিছিল ।
চন্দ্ৰযান ৩ মহাকাশযানখন ১৪ জুলাই,২০২৩ তাৰিখে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকটাৰ Satish Dhawan Space Centre’ৰ পৰা দিনৰ ০২ বাজি ৩৫ মিনিটত জি.এছ.এল.ভি মাৰ্ক থ্ৰী (GSLV Mk3) ৰকেটৰ সহায়েৰে প্ৰক্ষেপন কৰা হৈছিল ।
চন্দ্ৰযান ৩’ত তিনিটা অংশ আছে :
১) Propulsion Module : যি অংশই চন্দ্ৰত অৱতৰণ কৰিবলগীয়া অংশক চন্দ্ৰৰ নিচেই কাষলৈ কঢ়িয়াই নিব তথা পিছলৈ চন্দ্ৰক প্ৰদক্ষিণ কৰি বিভিন্ন মহাকাশীয় গৱেষণা চলাব ।
২) Vikram Lander : এই অংশই চন্দ্ৰত অৱতৰণ কৰিব তথা চন্দ্ৰৰ বিভিন্ন বিষয়ত গৱেষণা চলাব ।
৩) Pragyan Rover : এই অংশটো বিক্ৰম লেণ্ডাৰ’ৰ ভিতৰত সোমাই থাকে তথা চন্দ্ৰত অৱতৰণ কৰাৰ পিছতেই ইয়াত সংলগ্ন হয় থকা চকাৰ সহায়ত চন্দ্ৰৰ ভূ-পৃষ্ঠত পৰিভ্ৰমণ আৰু গৱেষণা চলাব ।

পৃথিৱীৰ পৰা প্ৰক্ষেপন কৰাৰ পিছত প্ৰথমে মহাকাশযানখনে পৃথিৱীক ১৩৯ x ৩৬৩০৭ কি.মি. উপবৃত্তকাৰ কক্ষপথত প্ৰদক্ষিণ কৰিছিল (এই কক্ষপথক Parking Orbit বোলা হয়), অৰ্থাৎ যানখনৰ পৃথিৱীৰ পৰা সৰ্বোচ্চ দূৰত্ব (Apogee) ৩৬৩০৭ কি. মি. তথা সৰ্বনিম্ন দূৰত্ব (Perigee) ১৩৯ কি.মি. । ইয়াৰ পিছৰ দিনা ১৫ জুলাই, ২০২৩ তাৰিখে যানখন পৃথিৱীৰ পিছফালৰ পৰা চন্দ্ৰৰ দিশে মুখ কৰোঁতেই ইঞ্জিন প্ৰজ্বলিত কৰি এই কক্ষপথ ১৭৩ x ৪১৭৬২ কি. মি লৈ বঢ়োৱা হয় তথা যানখনৰ গতিবেগও বৃদ্ধি হয় । ১৭ জুলাই,২০২৩ তাৰিখে পুনৰ ইঞ্জিন প্ৰজ্বলিত কৰি যানখনৰ কক্ষপথ ২২৬ x ৪১৬০৩ কি.মি লৈ বঢ়োৱা হয় । পুনৰ ১৮ জুলাই,২০২৩ তাৰিখে এই কক্ষপথ বঢ়াই ২২৮ x ৫১৪০০ কি.মি কৰা হয় । ২০ জুলাই, ২০২৩ তাৰিখে এই কক্ষপথ বঢ়াই ২৩৩ x ৭১৩৫১ কি.মি কৰা হয় । ২৫ জুলাই,২০২৩ তাৰিখে কক্ষপথ বঢ়াই ২৩৬ x ১২৭৬০৩ কি.মি কৰা হয় । এইদৰে কক্ষপথ বঢ়োৱা প্ৰক্ৰিয়াক Orbit Raising Maneuver বুলি কোৱা হয় । যানখনৰ পৃথিৱীৰ পৰা সৰ্বোচ্চ দূৰত্ব ১ লাখ কি.মি. অতিক্ৰম কৰাৰ পিছতেই ইয়াক চন্দ্ৰৰ দিশত ঠেলি পঠিওৱা হয়, এই কাৰ্য্যক Trans Lunar Injection (TLI) বুলি কোৱা হয় । ৩১ জুলাই ,২০২৩ তাৰিখে Trans Lunar Injection’ৰ বাবে ইঞ্জিন প্রজ্বলিত কৰি কক্ষপথ ২৮৮ x ৩৬৯৩২৮ কি. মি.লৈ বঢ়াই দিয়া হয় তথা চন্দ্ৰৰ দিশলৈ ঠেলি পঠিওৱা হয় । চন্দ্ৰৰ কাষ পোৱাৰ বাবে চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিয়ে যানখনক নিজৰ ফালে টানি নিয়ে । চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিৰ বলত যানখন চন্দ্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ লয় । এই সমগ্ৰ প্ৰক্ৰিয়াক Lunar Orbit Insertion বুলি কোৱা হয় । ০৫ আগষ্ট তাৰিখে চন্দ্ৰযান ৩ ৰ ইঞ্জিন Lunar Orbit Insertion’ৰ বাবে প্রজ্বলিত কৰি যানখনক চন্দ্ৰৰ কক্ষপথত ১৬৪ x ১৮০৭৪ কি. মি’ৰ এটি উপবৃত্তকাৰ কক্ষপথত সোমোৱাই দিয়া হয় । পৰৱৰ্তী সময়ত চন্দ্ৰৰ চাৰিওদিশৰ কক্ষপথ তথা গতিবেগ কমাবলৈ যানখন সম্পূৰ্ণ ১৮০ ডিগ্ৰী ঘূৰাই দিয়া হয় অৰ্থাৎ ইঞ্জিনটো সন্মুখৰ ফালে কৰি প্ৰজ্বলিত কৰা হয় । ০৬ আগষ্ট তাৰিখে ইঞ্জিন প্রজ্বলিত কৰি এই কক্ষপথ ১৭০ x ৪৩৪৩ কি.মি’লৈ হ্ৰাস কৰা হয় । এইদৰে ০৯ আগষ্ট,
২০২৩ তাৰিখে পুনৰ ইঞ্জিন প্রজ্বলিত কৰি কক্ষপথ ১৭৪ x ১৪৩৭ কি.মি’লৈ হ্ৰাস কৰা হয় । যানখনে গতি কৰি থকা কক্ষপথ উপবৃত্তকাৰ’ৰ পৰা প্ৰায় বৃত্তকাৰ কৰিবলৈ ১৪ আগষ্ট ২০২৩ তাৰিখে ইঞ্জিন প্রজ্বলিত কৰি কক্ষপথ ১৫১ x ১৭৯ কি.মি’লৈ হ্ৰাস কৰা হয় । পুনৰ ১৬ আগষ্ট, ২০২৩ তাৰিখে ইঞ্জিন প্রজ্বলিত কৰি কক্ষপথ ১৫৩ x ১৬৩ কি.মি’লৈ হ্ৰাস কৰা হয় । ১৭ আগষ্ট,২০২৩ তাৰিখে বিক্ৰম লেণ্ডাৰ ইমান দূৰ বাট কঢ়িয়াই অনা Propulsion অংশৰ সৈতে পৃথক হৈ পৰে । ১৮ আগষ্ট,২০২৩ তাৰিখে de-boosting প্ৰক্ৰিয়াৰ অন্তৰ্গত গতিবেগ আৰু কক্ষপথ কম কৰিবৰ বাবে বিক্ৰম লেণ্ডাৰ’ৰ ইঞ্জিন প্ৰজ্বলন কৰা হয় তথা কক্ষপথ ১১৩ x ১৫৬ কি.মি’লৈ হ্ৰাস কৰা হয় । ২০ আগষ্ট, ২০২৩ তাৰিখে দ্বিতীয় de-boosting প্ৰক্ৰিয়াৰ অন্তৰ্গত ইঞ্জিন প্ৰজ্বলন কৰা হয় তথা কক্ষপথ ২৫ x ১৩৪ কি.মি’লৈ হ্ৰাস কৰা হয় ।
এতিয়া মাথোঁ অপেক্ষা ২৩ আগষ্ট,২০২৩ তাৰিখৰ সন্ধিয়া ০৫ বাজি ৪৫ মিনিট সময়লৈ যেতিয়া প্ৰজ্ঞান ৰোভাৰ সহ বিক্ৰম লেণ্ডাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব তথা ০৬ বাজি ০৪ মিনিট’ত চন্দ্ৰপৃষ্ঠ চুবগৈ ।
অনুপম হাজৰিকা
আজি ভাৰতবৰ্ষ তথা সমগ্ৰ বিশ্বৰ বাবে এটা বিশেষ দিন। চন্দ্ৰৰ দক্ষিণ দিশত পোন প্ৰথমবাৰৰ বাবে কোনোবা দেশৰ মহাকাশযান সফলতাৰে আজি হয়তো অৱতৰণ কৰিব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ISRO)ক ইয়াৰ বাবে অভিনন্দন তথা শুভকামনা জনালোঁ।

মহামানৱ এ পি জে আব্দুল কালামৰ Wings of Fire নামৰ আত্মজীৱনীখনত তেওঁ ISRO প্ৰতিষ্ঠাৰ সময়ৰ কথাখিনি বৰ ধুনীয়াকৈ লিখিছে। কেনেদৰে ড° বিক্ৰম চাৰাভাইৰ নেতৃত্বত ISRO আৰম্ভ হৈছিল, তেওঁলোকে কি কি অসুবিধাৰ সন্মুখীন হৈছিল আৰু সেই অসুবিধাবোৰ কেনেদৰে তেওঁলোকে দূৰ কৰিছিল।

এই মহান বিজ্ঞানীসকলে এসময়ত ৰোপন কৰা সেই সৰু গছপুলিটো বৰ্তমান এক বটবৃক্ষৰ ৰূপ লৈছে। এইয়া আমাৰ বাবে বৰ গৌৰৱৰ ক্ষণ। মই বিশ্বাস কৰোঁ যে এই সফলতাই অনাগত দিনত দেশত অনেক বিজ্ঞানীৰ জন্ম দিব যি ISRO ত কাম কৰিবলৈ পোৱাটো আটাইতকৈ গৌৰৱৰ বিষয় বুলি ভাবিব।
আমি ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা
সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মা ,মুখ্যমন্ত্ৰী, ৰাজনৈতিক সচিব সাংসদ পবিত্ৰ মাৰৰ্ঘেটা কোষ সমুহৰ তত্ববধায়ক

মনোজ বৰুৱাৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ নীতি গবেষণা, বৌদ্ধিক আৰু অৰ্থনৈতিক কোষৰ সৈতে সংবাদ বিভাগৰ এখন সন্মিলিত বৈঠক অনুষ্ঠিত হয় ।

উক্ত বৈঠকত সকলো মুখপাত্ৰ, পেনেলিষ্ট আৰু সংবাদ বিভাগৰ কাৰ্যকৰ্তা সকলৰ সৈতে কোষ সমুহৰ আহ্বায়ক সহঃ আহ্বায়ক আৰু সদস্য সকল উপস্থিত আছিল।