Home Blog Page 1406

ঘোষণা হ’ল ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা; অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিঃ অনুৰ

৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা।

অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিঃ অনুৰ (পৰিচালকঃ মঞ্জুল বৰুৱা)।

সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবিঃ অনুনাদ (পৰিচালকঃ ৰীমা বৰা )।

শ্রেষ্ঠ ধাৰাভাষ্যকাৰৰ বঁটাঃ কুলদা কুমাৰ ভট্টাচার্য(চিনেমা: হাতী বন্ধু)।

মিচিং ভাষাৰ শ্ৰেষ্ঠ ছবিঃবম্বা ৰাইড (পৰিচালকঃ বিশ্বজিৎ বৰা)।

শ্রেষ্ঠ নৃতাত্ত্বিক চিনেমাৰ বঁটাঃ তিৱা চিনেমা ‘ফায়াৰ অন এডজ’লৈ (পৰিচালকঃ প্ৰণৱজ্যোতি ডেকা)।

জুৰীৰ বিশেষ উল্লেখ বঁটাঃ জাহানাৰা বেগম।

 শ্রেষ্ঠ হিন্দী ছবিৰ বঁটা লাভ কৰে ‘চৰ্দাৰ উধাম’ নাম চলচ্চিত্ৰখনে।

ছবিগৃহত কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱাৰ লগতে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা ‘পুষ্পা দ্যা ৰাইজ’ৰ বাবে দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা।

শ্রেষ্ঠ অভিনেত্রীৰ শিতানত বলিউডৰ দুগৰাকী অভিনেত্ৰীয়ে যুটীয়াভাৱে লাভ কৰিছে এই বঁটা।

‘গাংগুবাঈ কাঠিয়াৱাড়ি’ত কৰা অভিনয়ৰ বাবে আলিয়া ভাট আৰু ‘মিমি’ ছবিখনত কৰা অভিনয়ৰ বাবে কৃতী ছাননে লাভ কৰিছে এই বঁটা।

দলগাঁৱৰ কৌপাটীত শিক্ষয়িত্ৰীৰ বদলিকৰণক লৈ ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

এগৰাকী শিক্ষয়িত্ৰী বদলিকৰণক লৈ ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ। বিদ্যালয়ৰ খনৰ অধ্যক্ষক ঘেৰি ধৰি উত্তৰ বিচাৰিলে ছাত্ৰ ছাত্ৰীসকলে।

“আগতে পৰ্যাপ্ত পৰিমাণৰ শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিয়ক তাৰ পিছত শিক্ষয়িত্ৰীক বদলিকৰণ কৰক”-এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে দৰং জিলাৰ কৌপাটীস্থিত বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে।

পৰ্যাপ্ত শিক্ষক- শিক্ষয়িত্ৰী অভাৱ তাৰ মাজতেই এগৰাকী শিক্ষয়িত্ৰী বদলি কৰণ কৰাৰ বাবেই বৃহস্পতিবাৰে দৰং জিলাৰ কৌপাটীস্থিত বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী , আমছু, সংগ্ৰাম পৰিষদে বিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত শিক্ষা বিভাগৰ‌ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

বিদ্যালয়খনত প্ৰায় ১০০০ ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে বিদ্যালয়খনত ২০ জন‌ শিক্ষক- শিক্ষয়িত্ৰী। বিদ্যালয়ৰ কতৃপক্ষৰ‌ লগতে দল‌‌ সংগঠনে বিভাগীয় কতৃপক্ষক বহুবাৰ আবেদন নিবেদন কৰাৰ অন্ততো শিক্ষা বিভাগে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক শিক্ষয়িত্ৰী নিযুক্তিৰ‌ ব্যৱস্থা গ্ৰহণ নকৰিল।

শিক্ষক নিযুক্তি দিয়াৰ বিপৰীতে এগৰাকী শিক্ষয়িত্ৰী বদলি কৰণক লৈ ক্ষোভিত হৈ পৰে আমছু, সংগ্ৰাম পৰিষদে।‌

আমছু, সংগ্ৰাম পৰিষদৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰখনৰ প্ৰৱেশ দ্বাৰত বিদ্যালয়ৰ শিক্ষয়িত্ৰী অনামিকা হাজৰিকাৰ বদলিকৰণ স্থগিত কৰণৰ দাবীৰে শিক্ষা বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আমছু আৰু সংগ্ৰাম পৰিষদে বিদ্যালয়ৰ অধ্যক্ষাৰ জৰিয়তে জিলা শিক্ষা বিভাগলৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰে।

চন্দ্ৰযান-৩ৰ অভিযানৰ সফলতাত অসমৰ কোন কেইগৰাকী বিজ্ঞানী জড়িত আছিল তেওঁলোকৰ বিষয়ে জানক…

ভাৰতীয় মহাকাশ বিজ্ঞানীৰ এই সাফল্যত গৌৰৱান্বিত দেশবাসী।ইছৰোৰ এই চন্দ্ৰ অভিযানত জড়িত আছিল জামুগুৰিহাটৰ এগৰাকী জীয়ৰীও।জামুগুৰিহাটৰ বাঁহবাৰী সত্ৰ নিৱাসী তথা ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক সুৰেন কলিতাৰ জীয়ৰী তথা ইছৰোৰ বিজ্ঞানী উদ্দীপনা কলিতাও চন্দ্ৰযান-৩ অভিযানৰ অন্যতম অংশীদাৰ আছিল।

চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পিছত জামুগুৰিহাটৰ ইছৰোৰ বৈজ্ঞানিক উদ্দীপনা কলিতাৰ ঘৰতো বিৰাজ কৰিছে উৎসৱমুখৰ পৰিৱেশ। সৰুতেই কল্পনা চাওলা হোৱাৰ হাবিয়াস পুহি বৰ্তমান ইছৰোৰ বিজ্ঞানী হিচাপে কৰ্মৰত উদ্দীপনা কলিতা চন্দ্ৰযান-৩ যানখন তৈয়াৰ কৰা দলটোৰ অংশীদাৰ আছিল৷ এই ঐতিহাসিক মুহূৰ্তৰ অংশীদাৰিত্ব জীয়ৰী উদ্দীপনা কলিতাও হোৱাত আনন্দিত পিতৃৰ লগতে জামুগুৰিহাটবাসী ৰাইজ

নিধি শৰ্মাৰ চন্দ্ৰযান-৩ ৰ‌ সফল অৱতৰণৰ যাত্ৰাত শহুৰ দেউতা দীপক দেৰ অৱদান অতুলনীয় । নিধি শৰ্মাৰ ঘৰ বেংগালুৰুত । ২০১৯ চনত অসমৰ যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ অসমৰ বোৱাৰী হ’ল নিধি শৰ্মা । এগৰাকী বিজ্ঞানিক হিচাপে নিধিৰ কৰ্মজীৱন যথেষ্ট জটিল। কিন্তু জটিল যাত্ৰাৰ পদে পদে সাহস হিচাপে থিয় দি আছিল নিধিৰ স্বামীৰ লগতে শহুৰ দেউতা ।

নিধিৰ দেহত পাঁচমহীয়া সন্তান থকাৰ পিছতো দিন ৰাতি একাকাৰ কৰি নিধি চন্দ্ৰযান ৩ ৰ সাফল্যৰ বাবে কৰ্মৰত হৈ আছে । ইয়াকলৈ যথেষ্ট গৌৰৱ অনুভৱ কৰিছে নিধিৰ পৰিয়ালে । বহুত ত্যাগ সাক্ষী হৈ আছে এই যাত্ৰাত । ছয় মাহ ধৰি ফোনত কথা পাতিব পৰা নাই কিয়নো এইয়া এক নিয়ম বিজ্ঞানী সকলৰ এই যাত্ৰা জড়িত থকালৈকে । এগৰাকী নাৰীৰ সফল যাত্ৰাৰ আঁৰতো পুৰুষ তথা পৰিয়ালৰ অৱদান থাকে সেইয়া প্ৰমাণ বিজ্ঞানী নিধি শৰ্মা ।

অসমবাসীৰ বাবে এটি গৌৰৱৰ খবৰ। চন্দ্ৰযান-৩ৰ উপ প্ৰকল্প সঞ্চালকৰ দায়িত্বত অসম সন্তান বৈজ্ঞানিক চয়ন দত্ত।ইতিহাস সৃষ্টিৰ পথত ভাৰতবৰ্ষ ।চন্দ্ৰযান-৩ৰ উপ প্ৰকল্প সঞ্চালকৰ দায়িত্বত অসম সন্তান বৈজ্ঞানিক চয়ন দত্ত।

বৰাক জিলিকালে বিজ্ঞানী বাহাৰুল ইছলাম আৰু ৱাই বিশাল সিনহাই

বৰাকবাসীৰ মাজত ব্যাপক আনন্দ বৰাকৰ দুই সন্তানক লৈ গৌৰান্বিত অসমবাসী ।

জনপ্ৰিয় কৌতুক অভিনেতা তথা পেৰেডী গীতৰ ৰচক ত্ৰৈলোক্য সোনোৱালৰ মৃত্যুত শোকাকুল গুণমুগ্ধ

জনপ্ৰিয় কৌতুক অভিনেতা তথা পেৰেডী গীতৰ ৰচক ত্ৰৈলোক্য সোনোৱাল আৰু নাই।

বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৪.২৫ বজাত ডিব্ৰুগড় মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় তেওঁৰ।

এটাৰ পাছত আন এটা পেৰেডী গীত অসমৰ ৰাইজলৈ আগবঢ়াই জনপ্ৰিয় হৈ পৰিছিল কমেডি ৰজা তথা খুহুটীয়া বিহুগীতৰ সম্ৰাটগৰাকী।

‘লোকেল চুলাই’ খ্যাত কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত তেওঁৰ গুণমুদ্ধসকলৰ মাজত শোকৰ ছাঁ পৰিছে।

প্ৰায় ২৫ বছৰ ধৰি পেৰডী গীত গাই ৰাইজক মন্ত্ৰমুগ্ধ কৰি আহিছিল ত্ৰৈলোক্য সোণোৱালে।

আমেৰিকাৰ দক্ষিণ কেলিফৰ্নিয়াত গুলীচালনাৰ ঘটনা ! আততায়ীৰ নিৰ্বিচাৰ গুলীচালনাত নিহত ৫গৰাকী লোক…

আমেৰিকাৰ দক্ষিণ কেলিফৰ্নিয়াত গুলীচালনাৰ ঘটনা।

আততায়ীৰ নিৰ্বিচাৰ গুলীচালনাত নিহত ৫গৰাকী লোক।

কেলিফৰ্নিয়াৰ ট্ৰেবুকো কেনিয়ন অঞ্চলত এই ঘটনা। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক।

দীৰ্ঘদিনে পলাই থকা গুৱাহাটীৰ ব্যৱসায়ী CBIৰ জালত ! ব্যৱসায়ীজনৰ নাম প্ৰভেশ কাব্ৰা…

দীৰ্ঘদিনে পলাই থকা গুৱাহাটীৰ ব্যৱসায়ী CBIৰ জালত। ব্যৱসায়ীজনৰ নাম প্ৰভেশ কাব্ৰা। ইণ্টাৰপ’লৰ সহায়ত CBI-এ গ্ৰেপ্তাৰ কৰিছে ব্যৱসায়ীজনক। বিনায়ক লজিষ্টিক ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সঞ্চালক প্ৰভেশ কাব্ৰা।

গুৱাহাটীৰ ফাঁচীবজাৰত ঘৰ প্ৰভেশ কাব্ৰাৰ। ৰে’ল বিভাগে হেৰুৱাবলগীয়া হৈছিল ৫.১৪ কোটি টকা। ৰে’লত চোৰাংকৈ সামগ্ৰী সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ। দীৰ্ঘদিন ধৰি আমেৰিকাত আত্মগোপন প্ৰভেশ কাব্ৰাৰ।

ইণ্টাৰপ’লে গ্ৰেপ্তাৰ কৰি গতাই দিছে CBIক। বাংগালুৰুত বিমানৰ পৰা নমাৰ লগে লগেই CBIয়ে গ্ৰেপ্তাৰ কৰে প্ৰভেশক।

নেপালৰ বাৰা জিলাত ভয়ংকৰ বাছ দুৰ্ঘটনা ! দুৰ্ঘটনাত ৭গৰাকী যাত্ৰী নিহত…

নেপালৰ বাৰা জিলাত ভয়ংকৰ বাছ দুৰ্ঘটনা। দুৰ্ঘটনাত ৭গৰাকী যাত্ৰী নিহত।

নিহতসকলৰ ৬গৰাকী লোক ভাৰতীয় নাগৰিক।

গুৰুতৰভাৱে আহত ১৯গৰাকী যাত্ৰী। বাৰা জিলাৰ ছুৰীয়ামাই মন্দিৰৰ সমীপত এই দুৰ্ঘটনা।

চন্দ্ৰযান-৩ ৰ অভিযানত জড়িত আছিল জামুগুৰিহাটৰ বৈজ্ঞানিক উদ্দীপনা কলিতা…

ভাৰতৰ দ্বাৰা প্ৰেৰিত চন্দ্ৰযান-৩ য়ে চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত সফল ভাৱে অৱতৰণ কৰি ইতিহাস ৰচিবলৈ সক্ষম হ’ল।ভাৰতীয় মহাকাশ বিজ্ঞানীৰ এই সাফল্যত গৌৰাম্বিত দেশবাসী।ইছৰোৰ এই চন্দ্ৰ অভিযানত জড়িত আছিল জামুগুৰিহাটৰ এগৰাকী জীয়ৰীও।

জামুগুৰিহাটৰ বাঁহবাৰী সত্ৰ নিবাসী তথা ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰীক সুৰেন কলিতাৰ জীয়ৰি তথা ইছৰোৰ বিজ্ঞানী উদ্দীপনা কলিতাও চন্দ্ৰ যান-৩ অভিযানৰ অন্যতম অংশীদাৰ আছিল।

চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পাছত জামুগুৰিহাটৰ ইছৰোৰ বৈজ্ঞানিক উদ্দীপনা কলিতাৰ ঘৰতো বিৰাজ কৰিছে উৎসৱমুখৰ পৰিবেশ।সৰুতেই কল্পনা চাওলা হোৱাৰ হাবিয়াস পুহি বৰ্তমান ইছৰোৰ বিজ্ঞানী হিচাপে কৰ্মৰত উদ্দীপনা কলিতা চন্দ্ৰযান ৩ যানখন তৈয়াৰ কৰা দলটোৰ অংশীদাৰ আছিল৷ এই ঐতিহাসীক মূহুৰ্তৰ অংশীদাৰীত্ব জীয়ৰী উদ্দীপনা কলিতাও হোৱাত আনন্দিত পিতৃৰ লগতে জামুগুৰিহাটবাসী ৰাইজ

আনন্দৰাম বৰুৱা বঁটা প্ৰাপক ড° ভদন্ত শাসনবংশ মহাথেৰৰ দেহাৱসান…

বৌদ্ধ সাহিত্যৰ শিৰোমণি, সাহিত্যিক পেঞ্চনাৰ, আনন্দৰাম বৰুৱা বঁটা প্ৰাপক ড° ভদন্ত শাসনবংশ মহাথেৰৰ

দেহাৱসান।

৯৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে । নিশা ১.৭ বজাত জন্মস্থান চলাপথাৰ শ্যাম গাঁৱত মৃত্যু।

বিশিষ্ট শিক্ষাবিদ, লেখক চাও ডিম্বেশ্বৰ চেতিয়া একাধিক ৰোগত আক্ৰান্ত হৈ হস্পিটেলত চিকিৎসাধীন…

খোৱাং পিথুবৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ, লেখক চাও ডিম্বেশ্বৰ

চেতিয়া একাধিক ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছে৷ মৰাণ, খোৱাং আৰু

ডিব্ৰুগড়ৰ শিক্ষাজগতৰ মহীৰূহস্বৰূপ চেতিয়াদেৱৰ আশু আৰোগ্য কামনা ৷