Home Blog Page 1405

৩৬ বছৰ বয়সত মৃত্যু ডব্লিঅ’ ডব্লিঅ’ ই প্ৰাক্তন চেম্পিয়ন ব্ৰে’ ৱায়াটৰ…

৩৬ বছৰ বয়সত মৃত্যু ডব্লিঅ’ ডব্লিঅ’ ই প্ৰাক্তন চেম্পিয়ন ব্ৰে’ ৱায়াটৰ। ছ’চিয়েল মিডিয়াত ‘ট্ৰিপল এইচ’ লেভেস্কে জনাইছে যে WWEৰ প্ৰাক্তন চেম্পিয়ন ব্ৰে ৱায়াটৰ ৩৬ বছৰ বয়সত মৃত্যু হৈছে। ৱায়াট, যাৰ প্ৰকৃত নাম আছিল উইণ্ডহাম ৰটাণ্ডা। ফেব্ৰুৱাৰী মাহত WWE টিভিৰ পৰা আঁতৰাই দিয়া হৈছিল । এক সংকটজনক ৰোগৰ বলি হোৱাৰ বাবে কৰ্মক্ষেত্ৰৰ পৰা আঁতৰি আছিল। অৱশেষত মৃত্যুক সাৱটি ল’লে প্ৰাক্তন চেম্পিয়ন ব্ৰে’ ৱায়াটে।

দুবাৰৰ WWE চেম্পিয়ন হৈছিল ব্ৰে’ ৱায়াট। ৰেণ্ডী অৰ্টন, জন চিনা আৰু দ্য আণ্ডাৰটেকাৰৰ দৰে খেলুৱৈৰ বিৰুদ্ধে খেলিছিল ব্ৰে’ ৱায়াটে।

পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন নীৰজ চোপ্ৰাৰ…

জেভেলিন থ্ৰ’ চেম্পিয়ন নীৰজ চোপ্ৰাই ৮৮.৭৭ মিটাৰ থ্ৰ’ৰে বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰি পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই শুকুৰবাৰে ২০২৩ চনৰ বিশ্ব এথলেটিকছ পেৰিছ অলিম্পিক ২০২৪ৰ বাবে যোগ্যতা অৰ্জন কৰে। হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত বিশ্বত অনুষ্ঠিত হোৱা অৰ্হতা ৰাউণ্ডত চোপ্ৰাই ছিজনৰ সৰ্বশ্ৰেষ্ঠ থ্ৰ’ পঞ্জীয়ন কৰে।

বৰ্তমানৰ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী চোপ্ৰাই পেৰিছ গেমছৰ বাবে ৮৫.৫০ ৰ যোগ্যতা অৰ্জনৰ নম্বৰ ভংগ কৰাৰ প্ৰথম প্ৰচেষ্টাতে নিজৰ ৮৮.৭৭ মিটাৰৰ বিশাল ৰেকৰ্ডলৈ প্ৰেৰণ কৰে। ইফালে, তেওঁ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবেও স্থান বুকিং কৰিছে। যোৱা বছৰ ৱৰ্ল্ডছত ৰূপৰ পদক লাভ কৰিছিল চোপ্ৰাই।

মাহেকীয়া বন্ধ হোৱাৰ পিছত নকৰিব এই ভুলবোৰ! অন্যথা গুৰুতৰ ৰোগ হ’ব পাৰে…

বেছিভাগ মহিলাৰে ৪৫ৰ পৰা ৫০ বছৰ বয়সত মাহেকীয়া বন্ধ হয়। এনে পৰিস্থিতিত আপোনাৰ কিছুমান ভুলৰ ফলত গুৰুতৰ ৰোগৰ সৃষ্টি হ’ব পাৰে। মহিলাৰ বয়স বৃদ্ধিৰ লগে লগে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বিশেষ প্ৰভাৱ পৰে। বৃদ্ধ বয়সত নাৰী বহু বিপদজনক ৰোগত আক্ৰান্ত হয়, যি কেতিয়াবা চিন্তাৰ বিষয় হৈ পৰে। মহিলাসকলে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল যেতিয়া তেওঁলোকৰ পিৰিয়ডৰ চক্ৰ অৰ্থাৎ ৰজোনিবৃত্তিৰ পিছৰ সময় বন্ধ হৈ যায়। ৪৫ৰ পৰা ৫০ বছৰ বয়সৰ পিছত ঋতুস্ৰাৱ বন্ধ হোৱাৰ সময় আৰম্ভ হয়। ইয়াৰ পিছত মহিলাৰ শৰীৰত বহু ধৰণৰ পৰিৱৰ্তন দেখা যায়। এনে পৰিস্থিতিত মহিলাসকলে কিছু ভুল কৰাৰ পৰা বিৰত থাকিব লাগে। এইবোৰৰ বিষয়ে জানো আহক….


মাহেকীয়া বন্ধ হ’লে মহিলাৰ বহুতো গুৰুতৰ ৰোগ হ’ব পাৰে। চিকিৎসকৰ মতে এনে সময়ত মহিলাসকলৰ শৰীৰত হৃদৰোগ, ডায়েবেটিছ সমস্যা, হাঁপানী, অষ্টিঅ’পৰ’ছিছ, স্তন কেন্সাৰ, ৰছাউলি আদি গুৰুতৰ ৰোগে দেখা দিবলৈ আৰম্ভ কৰে।

মহিলাসকলৰ যেতিয়া মাহেকীয়া বন্ধ হয় তেতিয়া প্ৰথমে নিয়মীয়াকৈ যোগাসন বা কোনো ধৰণৰ ব্যায়াম কৰিব লাগে। ইয়াৰ লগতে খাদ্যাভ্যাসৰ ক্ষেত্ৰতো বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। খাদ্যত প্ৰচুৰ পৰিমাণে আইৰণ আৰু কেলচিয়াম গ্ৰহণ কৰিবলৈ আৰম্ভ কৰক। ইয়াৰ ফলত আপোনাৰ ৰোগ হোৱাৰ সম্ভাৱনা কম হ’ব। লগতে হাড়ৰ ৰোগৰ পৰা হাত সাৰিবলৈ কেলচিয়াম, ভিটামিন সমৃদ্ধ খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৃত গড় উদ্ধাৰ…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৃত গড় উদ্ধাৰ
মিঠুনমাৰী বন শিবিৰত এলেকাত উদ্ধাৰ গঁড়টো

খৰ্গবিহীন অৱস্থাত উদ্ধাৰ হৈছে গঁড়ৰ মৃতদেহ
গঁড়টোৰ স্বাভাৱিক মৃত্যু হোৱাৰ সন্দেহ বন বিভাগৰ


খৰ্গটোৰ সন্ধানত বন বিভাগে অব্যাহত ৰাখিছে অভিযান

টেটু অঁকাৰ আগত জানি লওক ইয়াৰ সুবিধা-অসুবিধা সমূহৰ বিষয়ে…

টেটু অঁকাৰ আগত জানি লওক ইয়াৰ সুবিধা-অসুবিধা সমূহৰ বিষয়ে। টেটু কৰাটো আপোনাৰ আৱেগিক সিদ্ধান্ত হ’ব পাৰে, প্ৰায়ে মানুহে নিজৰ প্ৰিয় চেলিব্ৰিটিৰ শৈলী অনুসৰণ কৰি এনে সিদ্ধান্ত লয়। কিন্তু ই আপোনাৰ বাবে কিমান উপযুক্ত। বৰ্তমান সময়ত ই যুৱক-যুৱতীসকলৰ বাবে ফেশ্বন ট্ৰেণ্ডত পৰিণত হৈছে। মানুহৰ হাত, ভৰি আনকি মুখতো বহু ছবি টেটু কৰা হয়। প্ৰথমে টেটু কৰাৰ সুবিধা সমূহৰ বিষয়ে জানি লওক…


টেটুৰ দ্বাৰা আপুনি ব্যক্তিত্ব আৰু চিন্তাধাৰাক প্ৰতিনিধিত্ব কৰিব পাৰে।

কিছুমান মানুহে তাৰিখ, গুৰুত্বপূৰ্ণ মানুহ আৰু তেওঁলোকৰ জীৱনৰ লগত জড়িত যিকোনো কৃতিত্ব মনত ৰাখিবলৈ টেটু কৰে, ই স্মৃতি ৰক্ষাৰ এক বিশেষ উপায়।

টেটু এক প্ৰকাৰৰ অনন্য কলা হ’ব পাৰে, যি আপোনাৰ সকলো সময়তে লগত থাকিব পাৰে। বহু শিল্পীৰ বাবে ই তেওঁলোকৰ শিল্পৰ প্ৰদৰ্শনী।

টেটুৱে আপোনাৰ যোগাযোগৰ দক্ষতা বৃদ্ধি কৰে। বহু সময়ত দুজন অচিনাকি মানুহে টেটুৰ কথা সুধি নিজৰ কথা-বতৰা আৰম্ভ কৰে।

টেটু কৰাৰ অসুবিধা-

টেটু আপোনাৰ শৰীৰত স্থায়ী চিন হৈ পৰে, যদিও টেটু আঁতৰাবলৈ প্ৰযুক্তি আছে, কিন্তু ই অতি ব্যয়বহুল পদ্ধতি।

টেটু কৰাটো বহুতৰে বাবে এক কষ্টদায়ক অভিজ্ঞতা, বিশেষকৈ যদি আপুনি ইয়াক শৰীৰৰ সুক্ষ্ম অংশত টেটু কৰে, তেন্তে বিষ অধিক হ’ব পাৰে। নিৰাময় প্ৰক্ৰিয়াৰ সময়ত ইয়াৰ বিশেষ ধৰণে যত্ন ল’ব লাগে, নহ’লে সংক্ৰমণৰ আশংকা থাকিব পাৰে।

বহু সমাজত টেটু কৰাটো ভাল অভ্যাস বুলি গণ্য কৰা নহয়, যাৰ বাবে আপুনি লাজৰ সন্মুখীন হ’ব পাৰে। চৰকাৰী আৰু প্ৰতিৰক্ষা সম্পৰ্কীয় বহু কামত টেটু নিষিদ্ধ, এনে কৰিলে আপুনি বিশেষ চাকৰি নাপাব বা চাকৰি হেৰুৱাবলগীয়া হ’ব পাৰে।

গতিকে টেটু কৰাৰ সুবিধা আৰু অসুবিধা দুয়োটাৱে আছে।​

শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমজন তেলেগু অভিনেতা আল্লু অৰ্জুন। আৱেগিক হৈ পৰিল পৰিচালক…


বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰা হয়। এইবাৰ আল্লু অৰ্জুনক পুষ্পা ছবিৰ শ্ৰেষ্ঠ অভিনেতা হিচাপে নিৰ্বাচিত কৰা হৈছে। এই বঁটা ঘোষণাৰ পিছত অভিনেতাজন উৎফুল্লিত হৈ পৰে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২১ ঘোষণা। এইবাৰ আল্লু অৰ্জুনে তেওঁৰ ছবি পুষ্পা ছবিৰ বাবে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা।ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত আল্লুৱে কেৱল সুখতে পত্নীক সাৱটি ধৰা নাই, আৱেগিক হোৱাও দেখা গৈছে।

একেটা ভিডিঅ’তে তেওঁ পুষ্পাৰ পৰিচালক সুকুমাৰক সাৱটি ধৰে, কিন্তু এই মুহূৰ্তত সুকুমাৰ ইমানেই আৱেগিক হৈ পৰে যে তেওঁৰ দচকু চকুলোৰে ভৰি পৰে আৰু দুয়োজনে ইজনে সিজনক বহু সময় ধৰি সাৱটি ধৰি থাকে।এই আনন্দময় অনুষ্ঠানত সকলোৰে মুখত হাঁহি। কোৱা হৈছে যে আল্লু অৰ্জুন হৈছে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমজন তেলেগু অভিনেতা।

দিহাসম্ৰাট কমলা গগৈৰ প্ৰশংসনীয় পদক্ষেপ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এজাক কণ কণ শিশুৰ দিহানামৰ ধ্বনিৰে জীপাল আউনীআটী সত্ৰৰ নামঘৰ…

দিহাসম্ৰাট কমলা গগৈৰ প্ৰশংসনীয় পদক্ষেপ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এজাক কণ কণ শিশুৰ দিহানামৰ ধ্বনিৰে জীপাল আউনীআটী সত্ৰৰ নামঘৰ। যি সময়ত জাত পাতৰ ৰাজনীতিৰ মেৰপাকে শংকৰ আজানৰ দেশত বিভিন্ন সময়ত অত্যাচাৰ,ব্যভিচাৰ সৃষ্টি কৰিছে তেনে সময়তে অসমৰ দিহানাম জগতৰ অদ্বিতীয় চহা শিল্পী কমলা গগৈয়ে আধ্যাত্মিক শিক্ষাৰে পৰিপুষ্টি কৰি ৰাজ্যৰ এজাক উত্তৰ প্ৰজন্মৰ শিশুক লৈ দিহানামৰ প্ৰশিক্ষণ প্ৰদান কৰি ইতিমধ্য বিশেষ চৰ্চা লাভ কৰিছে। টীয়কৰ কলিয়াপানীস্থিত আউনীআটী সত্ৰৰ,ভাদমহীয়া নাম উৎসৱৰ লগত সংগতি ৰাখি দিহাসম্ৰাট কমলা গগৈৰ তত্বাবধানত বহু প্ৰশিক্ষাৰ্থীয়ে গুৰুৰ চৰণত দিহানাম পৰিবেশনত ব্যস্ত হৈ পৰিছে। পশ্চিম যোৰহাট জাতীয় বিদ্যালয়ৰ এইসকল ছাত্ৰ ছাত্ৰীয়ে ভাদমাহত ঈশ্বৰ বন্দনা কৰিছে।

উল্লেখযোগ্য যে এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত হিন্দু, মছলমান,চাহ জনগোষ্ঠীয় তথা বিহাৰী সম্প্ৰদায়ৰ কেইবাজনো প্ৰশিক্ষাৰ্থী আছে যি মহাপুৰুষীয়া কৃষ্টি সংস্কৃতি আঁকোৱালি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বৃহত্তৰ অসমীয়া জাতিৰ পৰিচয় দাঙি ধৰিছে।মহাপুৰুষীয়া আদৰ্শ শিৰোগত কৰি অসমৰ বিভিন্ন সত্ৰৰ নামঘৰ আদিত এইদৰে দিহানাম চৰ্চা কৰি এতিয়া দলটি অধিক জনপ্ৰিয় হৈ পৰিছে।ইপিনে দিহাসম্ৰাট কমলা গগৈ নিজে এইসকল প্ৰশিক্ষাৰ্থীৰ লগত উপস্থিত থাকি অসমীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া অতি প্ৰশংসনীয় বুলি সকলোৱে মত প্ৰকাশ কৰিছে।লগতে এই সমন্বয়ে অনাগত দিনত অসমৰ পৰা হিংসা,অশান্তিৰ পৰিবেশ নিকাকৰণ কৰি এক সুস্থিৰ সমাজ গঢ় দিয়া বুলি আশা প্ৰকাশ কৰিছে দিহাসম্ৰাট কমলা গগৈয়ে।

কাইলৈ ​​চন্দ্ৰযান-৩ৰ সফলতাক লৈ হ’ব উদযাপন, প্ৰধানমন্ত্ৰী মোদীয়ে বেংগালুৰুলৈ গৈ বিজ্ঞানীসকলক জনাব অভিনন্দন…

কাইলৈ ​​চন্দ্ৰযান-৩ৰ সফলতাক লৈ হ’ব উদযাপন, প্ৰধানমন্ত্ৰী মোদীয়ে বেংগালুৰুলৈ গৈ বিজ্ঞানীসকলক জনাব অভিনন্দন। চন্দ্ৰযান-৩ চন্দ্ৰত সফল অৱতৰণk পুনৰ উদযাপন কৰিবলৈ ওলাইছে। শনিবাৰে বেংগালুৰুস্থিত ইছৰো কেন্দ্ৰৰ পৰিদৰ্শন কৰি বিজ্ঞানীসকলৰ উৎসাহ বৃদ্ধি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২৬ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰিব। এই উপলক্ষে বিজেপিয়েও কৰিব মেগা ৰোড শ্ব’। কৰ্ণাটকৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা বিজেপি বিধায়ক আৰ. অশোকে কয় যে জালাহল্লী চক্ৰৰ পৰা বেংগালুৰুস্থিত ইছৰোৰ মুখ্য কাৰ্যালয়লৈকে এই ৰোড শ্ব’ৰ আয়োজন কৰা হ’ব।


তেওঁ কয়, ‘মই অনুৰোধ কৰিছো যে বিজ্ঞানীসকল আৰু প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনোৱাৰ বাবে ৰোড শ্ব’ত যোগদান কৰিবলৈ মানুহ আৰু দলৰ কৰ্মীসকলক অনুৰোধ জনাইছো।’ ইছৰো টেলিমেট্ৰি, ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্ক (আইষ্ট্ৰেক)লৈ প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণ চাই থকা বিজেপিৰ ৰাজ্যিক সভাপতি নলিন কুমাৰ কাটিল, বিজেপি বিধায়ক এছ.আৰ. বিশ্বনাথ আৰু এছ. মুনিৰাজুৱে কেন্দ্ৰটো পৰিদৰ্শন কৰি চৌহদ পৰিদৰ্শন কৰে।

অশোকে কয়, ‘কাৰ্যসূচী সফল কৰিবলৈ সকলোৰে আমন্ত্ৰণ মুকলি।

ইফালে, বেংগালুৰু আৰক্ষী আয়ুক্ত দয়ানন্দই অতিৰিক্ত আৰক্ষী আয়ুক্ত, যুটীয়া আৰক্ষী আয়ুক্ত আৰু ডিচিপিৰ সৈতে এক বৈঠকত মিলিত হৈ নিৰাপত্তাৰ ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদী এইচ এ এল বিমানবন্দৰ পোৱাৰ পিছত পথেৰে ইছৰোত উপস্থিত হ’ব আৰু পথৰ অংশৰ যাতায়ত বেংগালুৰুলৈ ডাইভাৰ্ট কৰাৰ সিদ্ধান্ত লোৱা হৈছে। বেংগালুৰু চহৰত পুৱা ৪ বজাৰ পৰা ১১ বজাৰ ভিতৰত মালবাহী বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে আৰক্ষী বিভাগে।


চন্দ্ৰযান-৩ পৃথিৱীলৈ ঘূৰি আহিবনে? ১৪ দিনৰ পাছত কি হ’ব লেণ্ডাৰ আৰু ৰভাৰৰ…

চন্দ্ৰযান-৩ চন্দ্ৰত অৱতৰণ কৰাৰ পিছতে কাম আৰম্ভ কৰিছে প্ৰজ্ঞান ৰভাৰে। ১৪ দিনলৈ তদন্ত কৰিব ৰভাৰে। কিন্তু ১৪ দিনৰ পাছত ৰভাৰখনৰ কি হ’ব জানেনে? চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ পিছত নিজৰ কাম ভালদৰে আৰম্ভ কৰিছে। লেণ্ডাৰে চন্দ্ৰপৃষ্ঠৰ বহু ছবি প্ৰেৰণ কৰিছে। চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰি লেণ্ডাৰ বিক্ৰমে তোলা ছবিবোৰ চৰ্চালৈ আহিছে। ইছৰোৱে মাইক্ৰ’ব্লগিং চাইট এক্সত ৪খন ছবি শ্বেয়াৰ কৰি জনাইছে যে এই ছবিসমূহ লেণ্ডাৰৰ Horizontal Velocity কেমেৰাৰ পৰা লোৱা হৈছে, অৰ্থাৎ চন্দ্ৰৰ দক্ষিণ মেৰুৰ পৃষ্ঠভাগ এই ছবিখনত দেখা গৈছে য’ত লেণ্ডাৰ বিক্ৰম অৱতৰণ কৰিছিল। ৰভাৰেও ফিক্সড এক্সপেৰিমেণ্ট কৰিবলৈ আৰম্ভ কৰিছে। ৰভাৰৰ পৰা লেণ্ডাৰলৈ আৰু তাৰ পিছত আইষ্ট্ৰেক অৰ্থাৎ ইছৰো টেলিমেট্ৰি, ট্ৰেকিং আৰু কমাণ্ড নেটৱৰ্কলৈও তথ্য সফলতাৰে গ্ৰহণ কৰা হৈছে। ১৪ দিনৰ বাবে প্ৰজ্ঞান ৰভাৰে চন্দ্ৰ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে।

চন্দ্ৰযান-৩ৰ সৈতে জড়িত কেইটামান প্ৰশ্নৰ বিষে জানি লওক—

চন্দ্ৰযান-৩ পৃথিৱীলৈ ঘূৰি আহিবনে? চন্দ্ৰযান-৩ পৃথিৱীলৈ ঘূৰি নাহে। চন্দ্ৰতে থাকিব চন্দ্ৰযান-৩।

চন্দ্ৰৰ এটা দিন পৃথিৱীৰ কিমান দিনৰ সমান? চন্দ্ৰৰ এটা দিন পৃথিৱীৰ ১৪ দিনৰ সমান।

চন্দ্ৰযান ৩ ৰ মুঠ ওজন কিমান? চন্দ্ৰযান-৩ৰ মুঠ ওজন ৩,৯০০ কিলোগ্ৰাম। ইয়াত প্ৰপালচন মডিউলৰ ওজন ২,১৪৮ কিলোগ্ৰাম আৰু লেণ্ডাৰ মডিউলৰ ওজন ১,৭৫২ কিলোগ্ৰাম। এইখনত থকা ৰভাৰখনৰ ওজন ২৬ কেজি।

১৪ দিনৰ পিছত লেণ্ডাৰ আৰু ৰভাৰৰ কি হ’ব? ১৪ দিনৰ পিছত চন্দ্ৰত ৰাতি হ’ব যি ১৪ দিন থাকিব। অত্যন্ত ঠাণ্ডা হ’ব আৰু যিহেতু বিক্ৰম আৰু প্ৰজ্ঞানে কেৱল ৰ’দতহে কাম কৰিব পাৰিব, সেয়েহে ১৪ দিনৰ পাছত তেওঁলোক নিষ্ক্ৰিয় হৈ পৰিব। লগতে লেণ্ডাৰ আৰু ৰভাৰ দুয়োখনেই ১৪ দিন টিকিব পৰাকৈ ডিজাইন কৰা হৈছে। কিন্তু ইছৰোৰ বিজ্ঞানীসকলে চন্দ্ৰত সূৰ্য্য উদয় হ’লে পুনৰ বিক্ৰম আৰু প্ৰজ্ঞান সক্ৰিয় হোৱাৰ সম্ভাৱনা নুই কৰা নাই।

প্ৰজ্ঞান ৰভাৰে এতিয়া চন্দ্ৰত কি কৰিব? চন্দ্ৰযান-৩ য়ে চন্দ্ৰৰ পৃষ্ঠ আৰু আৱৰণৰ অনুসন্ধান কৰিব। চন্দ্ৰৰ পৃষ্ঠত উপস্থিত ৰাসায়নিক মৌল চিনাক্ত কৰিব। চন্দ্ৰৰ মাটি আৰু শিলত ৰাসায়নিক যৌগ ধৰা পেলাব। এলুমিনিয়াম, মেগনেছিয়াম, চিলিকনৰ দৰে মৌলৰ সন্ধান কৰিব। কেলচিয়াম আৰু টাইটানিয়াম বিচাৰিব।


চকুৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ আঁৰৰ কাৰণ কি? ভাৰতৰ পৰিস্থিতি গুৰুতৰ…

সমগ্ৰ বিশ্বতে জলবায়ু পৰিৱৰ্তনৰ ভাবুকি, যাৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ স্বাস্থ্যৰ ওপৰত পৰিছে। বৰ্তমান সময়ত চৰ্দি আৰু চকুৰ সংক্ৰমণৰ সমস্যা মানুহৰ মাজত সাধাৰণ হৈ পৰিছে। এক গৱেষণাত জলবায়ু পৰিৱৰ্তনক এই ৰোগ সমূহৰ মূল কাৰণ হিচাপে বিবেচিত হৈছে। এই গৱেষণা প্ৰকাশ পাইছে ফ্ৰন্টিয়াৰ্ছ ইন এলাৰ্জী নামৰ আলোচনীখনত। আজি আমি আপোনালোকক জনাম চকুৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ আঁৰৰ কাৰণ সমূহৰ বিষয়ে-


চকুৰ সংক্ৰমণৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল হাত মিলোৱা বা আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ অহা। এনে সময়ত নিয়মিতভাৱে চাবোন আৰু পানীৰে হাত ধুব লাগে।

হাত পৰিষ্কাৰ নকৰিলে হাতৰ বেক্টেৰিয়া বা ভাইৰাছ চকুত সোমাৱ পাৰে। বিশেষকৈ চকু দুটা স্পৰ্শ কৰাৰ পৰা বিৰত থাকিব।

চকু ঘঁহিলে হাতৰ বেক্টেৰিয়া বা ভাইৰাছ চকুত প্ৰৱেশ কৰিব পাৰে। চকু শুকান বা খজুৱতি হ’লেও ঘঁহিব নালাগে।

দিনটোত কেইবাবাৰো পৰিষ্কাৰ পানীৰে চকু ধুব লাগে। ইয়াৰ দ্বাৰা চকুত থকা যিকোনো বেক্টেৰিয়া বা ভাইৰাছ আঁতৰিব।

প্ৰতিদিনে আপোনাৰ কনটেক্ট লেন্স পৰিষ্কাৰ কৰক। নিৰ্দেশনা অনুসৰণ কৰক আৰু নিৰ্ধাৰিত সময়ত আপোনাৰ কনটেক্ট লেন্স সলনি কৰক।

প্ৰতিদিনে চশমা চাফা কৰক। ইয়াৰ ফলত চকুত ধূলি সোমাব নোৱাৰে।