Home Blog Page 1404

লেণ্ডাৰ বিক্ৰমে অৱতৰণ কৰা স্থানক ‘শিৱশক্তি পইণ্ট’ নামেৰে নামাকৰণ…

প্ৰধানমন্ত্ৰী মোদীয়ে এছ সোমনাথকে ধৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকলক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ আফ্ৰিকা আৰু গ্ৰীচৰ দুখন দেশৰ ভ্ৰমণৰ সামৰণি মাৰি আজি পুৱা বাংগালুৰুত উপস্থিত হয়। বাংগালুৰুত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰে যে চন্দ্ৰযান-৩ৰ মুন লেণ্ডাৰ যি স্থানত অৱতৰণ কৰিছিল, সেই বিন্দুটো ‘শিৱশক্তি’ নামেৰে জনাজাত হ’ব। বাংগালুৰুৰ ইছৰো টেলিমেট্ৰি ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্ক মিছন কণ্ট্ৰল কমপ্লেক্সত ভাষণ দি এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

“আপুনি জানে যে মহাকাশ অভিযানৰ টাচডাউন পইণ্টৰ নাম ৰখাৰ বৈজ্ঞানিক পৰম্পৰা আছে। চন্দ্ৰৰ যি অংশত আমাৰ চন্দ্ৰযান-৩ অৱতৰণ হৈছে, ভাৰতে সেই ঠাইৰ নাম ৰখাৰ সিদ্ধান্ত লৈছে। চন্দ্ৰযান-৩ৰ চন্দ্ৰ অৱতৰণকাৰী জাহাজখন যি ঠাইত অৱতৰণ হৈছে, সেই বিন্দুটোক ‘শিৱশক্তি’ বুলি কোৱা হ’ব।’- এই কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ আৰু কয়, “চন্দ্ৰযান ৩ত আমাৰ দেশৰ মহিলা বিজ্ঞানী, দেশৰ নাৰী শক্তিয়ে ডাঙৰ ভূমিকা পালন কৰিছে। চন্দ্ৰৰ শিৱশক্তিৰ বিন্দুটোৱে যুগ যুগ ধৰি ভাৰতৰ এই বৈজ্ঞানিক আৰু দাৰ্শনিক চিন্তাধাৰাক প্ৰতিনিধিত্ব কৰিব।” এইদৰে মন্তব্য কৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে।


চন্দ্ৰযান-৩ৰ সফল অৱতৰণ উপলক্ষে আন এক বৃহৎ ঘোষণা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২৩ আগষ্টক এতিয়া ভাৰতৰ ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’ হিচাপে পালন কৰা হ’ব।


“চন্দ্ৰপৃষ্ঠত চন্দ্ৰপৃষ্ঠত য’ত চন্দ্ৰযান-২য়ে ভৰিৰ চিন থৈ গৈছিল সেই ঠাইখন ‘তিৰংগা’ নামেৰে জনাজাত হ’ব। এই ‘তিৰংগা’ পইণ্ট ভাৰতৰ প্ৰতিটো প্ৰচেষ্টাৰ প্ৰেৰণা হ’ব।

গুৱাহাটী মহানগৰীৰ মালিগাঁৱৰ ৰে’লগেট বজাৰৰ সমীপত উদ্ধাৰ অচিনাক্ত মৃতদেহ…

গুৱাহাটী মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰ
মালিগাঁৱৰ ৰে’লগেট বজাৰৰ সমীপত উদ্ধাৰ অচিনাক্ত মৃতদেহ


স্থানীয় লোকে মৃতদেহ প্রত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক
বৰ্তমানলৈকে চিনাক্ত হোৱা নাই মৃত লোকজনৰ পৰিচয়


মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ

অৰ্জুনৰ সৈতে ব্ৰেকআপৰ খবৰৰ মাজতে মালাইকা অৰোৰাই পিন্ধিলে এক বিশেষ বাৰ্তা থকা পোছাক…

অৰ্জুনৰ সৈতে ব্ৰেকআপৰ খবৰৰ মাজতে মালাইকা অৰোৰাই পিন্ধিলে এক বিশেষ বাৰ্তা থকা পোছাক। অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰাৰ ব্ৰেকআপৰ খবৰে অনুৰাগীক বিচলিত কৰিছে। ইফালে মালাইকাক বিশেষ বাৰ্তা থকা চুৱেটাৰ পিন্ধি দেখা গৈছে। বলীউডৰ তাৰকা দম্পতী মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছে। দুয়োজনে প্ৰেম জীৱনৰ আৰম্ভণিতে এই সম্পৰ্ক লুকুৱাই ৰাখিছিল যদিও পিছলৈ ইজনে সিজনৰ সৈতো থকা সম্পৰ্কক মুকলিকৈ প্ৰকাশ কৰে। কিছুদিন আগতে অৰ্জুন কাপুৰৰ জন্মদিনৰ পাৰ্টিত মলাইকাৰ নৃত্যৰ ভিডিঅ’টোও ভাইৰেল হৈছিল যদিও শেহতীয়াকৈ তেওঁলোকৰ ব্ৰেকআপৰ খবৰ পোহৰলৈ আহিছিল। আচৰিত হৈছিল অনুৰাগী সকল। তেওঁলোকৰ ব্ৰেকআপৰ খবৰক লৈ দম্পতীহালে একো মন্তব্য কৰা নাই, কিন্তু মালাইকা অৰোৰাৰ বিশেষ বাৰ্তা লিখা চুৱেটাৰটোৱে বহু কথাই প্ৰকাশ কৰিছে।

শেহতীয়াকৈ মুম্বাইত ঘৰৰ পৰা ওলাই আহি থকা অৱস্থাত পাপাৰাজী কেমেৰাত বন্দী হৈছিল মালাইকা অৰোৰা। এই সময়ছোৱাত তেওঁ বগা ৰঙৰ চুৱেটাৰ আৰু একে ৰঙৰ পায়জামা পিন্ধিছিল। তেওঁৰ চুৱেটাৰত এটা মেছেজ লিখা আছিল যিটো পঢ়ি মানুহে আচৰিত হৈছিল। আচলতে তেওঁৰ চুৱেটাৰত লিখা আছিল। ফটোখন চাওক…

এই বাৰ্তাটো পঢ়ি তেওঁৰ অনুৰাগীসকল বিচলিত হৈ পৰিছে। অনুৰাগীৰ মনত প্ৰশ্ন ক’ৰবাত মলাইকাই এই বাৰ্তাৰ জৰিয়তে অৰ্জুন আৰু তেওঁৰ বিচ্ছেদৰ খবৰ নিশ্চিত কৰিছে নেকি? অৰ্জুন কাপুৰে নিজৰ ইনষ্টা একাউণ্টত কিছু ছবি শ্বেয়াৰ কৰিছিল। এই ছবিবোৰত অৰ্জুনক অকলে দেখা গৈছিল। একে সময়তে তেওঁৰ প্ৰেমিকা মালাইকাই এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। ইয়াৰ সমান্তৰালকৈ অৰ্জুন কাপুৰৰ সৈতে সকলোতে দেখা পোৱা মলাইকাইও মুম্বাইত এ পি ধিলনৰ উদ্যোগত আয়োজন কৰা এক অনুষ্ঠানত অকলে হাত আগবঢ়াইছিল। ইয়াৰ পিছত তেওঁলোকৰ বিচ্ছেদৰ খবৰক লৈ জল্পনা-কল্পনা আৰম্ভ হ’ল।

ইফালে অৰ্জুন কাপুৰে ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী কুশা কপিলাৰ লগত ডেটিং কৰাৰ খবৰ আহিছিল। অৱশ্যে কুশা কপিলাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।


ISROৰ বৈজ্ঞানিকৰ সৈতে সত বিনিময় কৰি আৱেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী…

চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত বিজ্ঞানীসকলৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ। ক’লে- শৰীৰ আৰু মন সুখেৰে ভৰি পৰিল। বৈজ্ঞানিকৰ লগত কথা পাতি থাকোঁতে আৱেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী। ক’লে- শৰীৰ আৰু মন সুখেৰে ভৰি পৰিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চন্দ্ৰত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ বাবে ইছৰোৰ বিজ্ঞানীসকলক অভিনন্দন জনাই। প্ৰধানমন্ত্ৰীয়ে বিজ্ঞানীসকলৰ সৈতে ইছৰোৰ কমাণ্ড নেটৱৰ্কে বৈঠকত মিলিত হ’বলৈ বেংগালুৰুৰ মিছন কণ্ট্ৰল কমপ্লেক্সত উপস্থিত হয়।

আজি সমগ্ৰ বিশ্বই আমাৰ বিজ্ঞানী আৰু বৈজ্ঞানিক প্ৰতিভাক শলাগ লৈছে বুলিও তেওঁ উল্লেখ কৰে। চন্দ্ৰযান-৩ অভিযানত মহিলা বিজ্ঞানীসকলৰ অৱদানক প্ৰশংসা প্ৰধানমন্ত্ৰী গৰাকীয়ে।ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে চন্দ্ৰত লেণ্ডাৰ বিক্ৰম অৱতৰণ কৰা ঠাইখনৰ নামকৰণৰ কথাও ঘোষণা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, মুন লেণ্ডাৰৰ স্থান শিৱশক্তি নামেৰে পৰিচিত হ’ব। তেওঁ কয় যে মানৱতাৰ কল্যাণৰ সংকল্প শিৱত নিহিত হৈ আছে আৰু শক্তিৰ সৈতে আমি সেই সংকল্প পূৰণ কৰাৰ ক্ষমতা পাওঁ।

কচুৱা আৰক্ষীৰ অভিযান। অভিযানত গেৰজাই পামৰ পৰা হেৰ’ইন, ভাং সহ তিনিজনক আটক…

শুক্ৰবাৰৰ নিশা কচুৱা আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত কচুৱা থানাৰ অন্তৰ্গত সোণাৰুগুৰিৰ দিলোৱাৰ হুছেইনৰ নামৰ লোকজনৰ বাসগৃহত অভিযান চলাই । কচুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষ ৰাজা ঈৰশ্বাদৰ নেতৃত্বত চলা অভিযানৰ দুটা চাবোনৰ বাকচত ২৬.২০ গ্ৰাম সন্দেহযূক্ত হেৰ’ইন আৰু ৩.১১৪ কেজি ভাং জব্দ কৰে আৰক্ষীয়ে।

আনফালে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকা অভিযোগত মহিলাসহ তিনিজন লোকক আটক কৰে আৰক্ষীয়ে । আৰক্ষীয়ে আটক কৰা ব্যক্তি কেইজন ক্ৰমে দিলোৱাৰ হুছেইন(৫০) আৰু দিলোৱাৰ হুছেইনৰ দুই পত্নী ক্ৰমে সাজিদা বেগম -৩৭ আৰূ চুলেমা খাতুন(২৬)।ইতিমধ্যে আৰক্ষীয়ে তিনিও বিৰুদ্ধে এক গোচৰ ৰজু কৰি গ্ৰেপ্তাৰ কৰা বুলি জনা গৈছে।

ৰাতিপুৱা ব্ৰেকফাষ্ট কিমান সময়ত কৰে? ব্ৰেকফাষ্ট কৰা উপযুক্ত সময়ৰ বিষয়ে জানি লওক…

ব্ৰেকফাষ্ট হৈছে দিনটোৰ প্ৰথম আহাৰ যিয়ে আমাৰ শৰীৰক দিনটোৰ বাবে শক্তি প্ৰদান কৰে। এনে পৰিস্থিতিত সঠিক সময়ত ব্ৰেকফাষ্ট কৰাটো অতি প্ৰয়োজনীয়। ব্ৰেকফাষ্ট নকৰিলে আমাৰ শৰীৰ ভাগৰুৱা, দুৰ্বল হ’ব পাৰে। ইয়াৰ বাহিৰেও ব্ৰেকফাষ্ট নকৰিলে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰিব পাৰে, যাৰ ফলত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। সেয়েহে আমি প্ৰতিদিনে ব্ৰেকফাষ্ট কৰাটো গুৰুত্বপূৰ্ণ।


বিজ্ঞানীসকলৰ মতে পুৱা ৭ বজাৰ পৰা ৮ বজাৰ ভিতৰত ব্ৰেকফাষ্ট কৰিব লাগে। যদি এই সময়ত ব্ৰেকফাষ্ট কৰিব নোৱাৰে, তেন্তে ৰাতিপুৱা ১০ বজাৰ আগতে ব্ৰেকফাষ্ট কৰক। কিন্তু পলমকৈ সাৰ পালে সাৰ পোৱাৰ এঘণ্টাৰ ভিতৰতে ব্ৰেকফাষ্ট কৰাটো ভাল। কাৰণ ৰাতিটো খালী পেটেৰে থকাৰ পিছত আমাৰ শৰীৰক শক্তিৰ প্ৰয়োজন হয়। আমাৰ শৰীৰত গ্লুক’জৰ মাত্ৰা সাধাৰণতে ৰাতিপুৱা কম হয়। ব্ৰেকফাষ্ট কৰিলে আমাৰ শৰীৰত শক্তি পোৱা যায় আৰু আমাৰ পাচনতন্ত্ৰইও সঠিকভাৱে কাম কৰে।

ব্ৰেকফাষ্টত ফলমূল, শাক-পাচলি খাব লাগে। যি হজম শক্তিৰ বাবে উপকাৰী। বিভিন্ন ধৰণৰ ফল-মূল আৰু শাক-পাচলিৰ ৰস, অটমিল, কণী আদি খাব পাৰে। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পিছত আমি অধিক খাদ্য খোৱাৰ পৰা বিৰত থাকোঁ আৰু তাৰ ফলত ওজনো নিয়ন্ত্ৰণত থাকে।


অসম আন্দোলনৰ সক্ৰিয় কৰ্মী, তামুলপুৰ প্ৰেছ ক্লাবৰ উপদেষ্টা , জ্যেষ্ঠ সাংবাদিক , অৱসৰপ্ৰাপ্ত শিক্ষক দ্বিজেন্দ্ৰ নাথ পাঠকৰ দেহাৱসান…

অসম আন্দোলনৰ সক্ৰিয় কৰ্মী—
তামুলপুৰ প্ৰেছ ক্লাৱৰ উপদেষ্টা , জ্যেষ্ঠ সাংবাদিক , অৱসৰপ্ৰাপ্ত শিক্ষক দ্বিজেন্দ্ৰ নাথ পাঠকৰ দেহাবসানঃ
অঞ্চল জুৰি শোকৰ ছাঁঃ

তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাৰ খৈৰাবাৰী নিবাসী,অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী ,তামুলপুৰ প্ৰেছক্লাৱৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমানৰ উপদেষ্টা , জ্যেষ্ঠ সাংবাদিক , অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক দ্বিজেন্দ্ৰ নাথ পাঠক আৰু নাই । আজি গুৱাহাটীলৈ চিকিৎসাৰ বাবে নি থকা অৱস্থাত আদবাটতে পুৱাৰ ভাগত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ। উল্লেখযোগ্য যে বুধবাৰে নিশা তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত বৃহস্পতিবাৰে পুৱাই ১০৮ সেৱাৰে তেওঁক কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়লৈ নিয়া হয় ।

তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱা বাবে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় । কিন্তু আদবাটতে তেওঁ সকলোকে কন্দুৱাই অনন্ত ধামলৈ যাত্ৰা কৰে । তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে পৰিয়াল , আত্মীয় স্বজন আৰু গুণমুগ্ধসকল শোকত ভাগি পৰাৰ উপৰিও অঞ্চল জুৰি শোকৰ ছাঁ পৰে । তেওঁৰ নশ্বৰ দেহ এখন অম্বুলেন্স সেৱাৰে প্ৰথমে তামুলপুৰ প্ৰেছ ক্লাৱলৈ অনা হয় । তামুলপুৰ প্ৰেছ ক্লাৱত বড়োলেণ্ড সাংবাদিক সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক ৰমেন দাস , তামুলপুৰ প্ৰেছ ক্লাৱৰ সম্পাদক গুণজিত দাসকে ধৰি তামুলপুৰ প্ৰেছ ক্লাৱৰ বিষয়ববীয়া সদস্যসকলে প্ৰবীণ সাংবাদিক গৰাকীলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিছতেই পাঠকৰ নশ্বৰ দেহ খৈৰাবাৰীস্থিত নিজ বাসগৃহলৈ অনা হয় । পাঠকৰ নশ্বৰ দেহ বাসগৃহ আহি পোৱাৰ লগে লগে অগণন গুণমুগ্ধই তেওঁৰ বাসগৃহত ভিৰ কৰে আৰু সকলোৱে অন্তিম শ্ৰদ্ধাঞ্জলি জনায় । ইয়াৰ উপৰি সদৌ তামুলপুৰ জিলা ছাত্ৰ সন্থা ,কুমাৰীকাটা আঞ্চলিক ছাত্র সন্থা, কুমাৰীকাটা শাখা সাহিত্য সভা , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কুমাৰীকাটা আঞ্চলিক সমিতি , অসম গণ পৰিষদৰ কুমাৰীকাটা আঞ্চলিক সমিতি , দৰঙাজুলি মণ্ডল বিজেপি , দৰঙ্গাজুলি ব্লক ইউপিপিএল, অসম জাতীয় পৰিষদ বাক্সা জিলা সমিতি , বৈঠাপুতা শাখা সত্ৰ , চাহেবটোপা নামঘৰ , উত্তৰ কুমাৰীকাটা শাখা সত্ৰ , কুমাৰীকাটা আঞ্চলিক যুৱক সংঘ , তামুলপুৰ প্ৰেছ ক্লাৱ আদিকে ধৰি বিভিন্ন দল সংগঠন , অনুষ্ঠান প্ৰতিষ্ঠানে পাঠকলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায় । এক শোকাকুল পৰিবেশত চাহেবটোপা ৰাজহুৱা শ্মশানত তেওঁৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । উল্লেখযোগ্য যে দ্বিজেন্দ্ৰ নাথ পাঠক ছাত্র অৱস্থাৰ পৰাই বিভিন্ন সামাজিক কাম কাজৰ লগত জড়িত থকাৰ উপৰি সদৌ অসম ছাত্ৰ সন্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল । তেওঁ অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী, অসম গণ পৰিষদৰ পূৱ কুমাৰীকাটা আঞ্চলিক ৰ সভাপতি, কুমাৰীকাটা শাখা সাহিত্য সভাৰ সম্পাদক, নলবাৰী জিলা সাংবাদিক সন্থাৰ উপ সভাপতি,


তামুলপুৰ প্ৰেছ ক্লাৱৰ দুবছৰৰ বাবে সভাপতিৰ দায়িত্ব পালন কৰাৰ উপৰি উপদেষ্টা হিচাপেও তামুলপুৰ প্ৰেছ ক্লাৱলৈ অৱদান আগবঢ়াইছে । সত্তৰৰ দশকৰ পৰা শিক্ষকতাৰ লগত জড়িত থাকি ২০১৫ চনত তেওঁ গোপীনাথপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে । আনহাতে ১৯৮৫ চনৰ পৰা অসমৰ সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত থাকি মৃত্যুৰ কেইবছৰমান আগলৈকে অনবদ্য অৱদান আগবঢ়াই থৈ যায় । জানিব পৰা মতে তেওঁ গণ বাতৰি নামৰ কাকতখনৰ যোগেদি সক্ৰিয় সাংবাদিকতাৰ জীৱন আৰম্ভ কৰে । তাৰ পৰৱৰ্ত্তী সময়ত তেওঁ আজিৰ অসম , নতুন দৈনিক , তিনি দিনীয়া পূৰ্বাচল , এদিনৰ সংবাদ , আমাৰ অসম , দৈনিক অসম , সাপ্তাহিক বৰপীঠ , পষেকীয়া আমাৰ দেশ , আজিৰ দৈনিক বাতৰি আদি কাকতৰ উপৰি নিয়মীয়া বাৰ্তাত বহু বছৰ ধৰি সেৱা আগবঢ়ায় । তেওঁৰ মৃত্যুত পৰিয়ালৰ লগতে আত্মীয় স্বজন আৰু গণমুগ্ধ সকল শোকত ম্ৰিয়মান হৈ পৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী , তিনি গৰাকী পুত্ৰ সন্তান আৰু অসংখ্য গুণমুগ্ধক এই সংসাৰত এৰি থৈ যায় । #

শোক প্ৰকাশঃ ইফালে প্ৰবীণ সাংবাদিক গৰাকীৰ মৃত্যুত তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰী,বাক্সা জিলা সাংবাদিক সন্থা,বাক্সা প্ৰেছক্লাৱ, দৰঙ্গাজুলি সমষ্টিৰ এমচিএল এ বিজিৎ গৌৰা নাৰ্জাৰীকে ধৰি বহু অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

কেবিনেটত কি কি বৃহৎ সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই…

প্ৰাথমিক শিক্ষকৰ নিযুক্তি সন্দৰ্ভত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শিক্ষাগত অৰ্হতা আৰু B.Ed ডিগ্ৰীক ১০ শতাংশ সীমাবদ্ধ কৰি টেট উত্তীৰ্ণক গুৰুত্ব দিয়া হ’ব। কেবিনেটত এই ঘোষণা মুখ্যমন্ত্ৰীৰ।


ৰাজ্যত অনুষ্ঠিত হ’ব সংগীত আৰু খেল মহাৰণ। সংগীত আৰু খেলৰ মহাৰণ আয়োজনত কেবিনেটৰ অনুমোদন। কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীৰ ঘোষণা।


আজিৰ কেবিনেটত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যত ছেমি কণ্ডাক্টৰ কোম্পানী স্থাপনৰ সিদ্ধান্ত ১০০সংখ্যক কেবিনেটত।

টীয়কৰ এদল যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। ‘টুৱেন্টি’ নামৰে ব্যৱসায় আৰম্ভ কৰি বহিঃ ৰাজ্যত পাইছে সমাদৰ। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে জনালে শুভেচ্ছা…

টীয়কৰ এদল যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। চাকৰিৰ পাছত নদৌৰি ২০১৯ তে ‘twontee’ নামৰে ব্যৱসায় আৰম্ভ কৰি আজি বহিঃ ৰাজ্যত পাইছে যথেষ্ট সমাদৰ। চতুৰ্থ বৰ্ষৰ শুভক্ষণত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে জনালে শুভেচ্ছা। ২০১৯ চনত টীয়কৰ কেইজনমান শিক্ষিত যুৱকে টুৱেন্টি নামেৰে এক ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰি বিগত চাৰি বছৰে এপল এপলকৈ আজি ৰাজ্যৰ বাহিৰতো বজাৰ দখল কৰি আদৰ্শ প্ৰদৰ্শন কৰিছে। বৰ্তমান ক্ৰীড়া সম্বন্ধীয় সকলো ধৰণৰ কাপোৰ উৎপাদন কৰি অসম বিভিন্ন জিলাৰ ৩০০ৰো অধিক স্থানত ব্যৱসায়িক লেন দেন সফলতাৰে চলাই নিছে।

উল্লেখযোগ্য এই যে টুৱেন্টিয়ে ৪ টা বছৰ সম্পূৰ্ণ কৰি আজি বৰ্ষপূৰ্তিৰ দিনটো উলহ মালহেৰে উদযাপন কৰাৰ লগতে বৰ্তমানৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ যুগৰ লগত আগবাঢ়ি যাব পৰাকৈ গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সুবিধাৰ্থে Wanderpreneur (The Entrepreneurship Development Drive) নামেৰে এখন মঞ্চ তৈয়াৰ কৰিছে য’ত তেওঁলোকৰ নতুনকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীসকল কিদৰে আগুৱাই যাব লাগিব তাৰ ওপৰত অভিজ্ঞ ব্যক্তিৰ দ্বাৰা প্ৰশিক্ষণৰ এক ব্যৱস্থা কৰিছে। ইপিনে উক্ত অনুষ্ঠানতে টুৱেন্টিৰ অনলাইন ৱেবচাইট twontee.com মুকলি কৰিছে। উক্ত অনুষ্ঠানত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হৈ যুৱককেইজনৰ এই পদক্ষেপক আদৰণি জনাই আৰু এই বয়সতে এনেদৰে টুৱেন্টিয়ে আন্ত:ৰাজ্যিক পৰ্য্যায়ত ব্যৱসায় কৰি সফলতা লাভ কৰাটো আদৰ্শ বুলি অভিহিত কৰি টুৱেন্টিৰ সফল ভৱিষ্যত কামনা কৰিছে।

অসম দক্ষতা বিকাশ মিচনৰ অধীনত দক্ষতা প্ৰশিক্ষণৰ বৃহৎ পঞ্জীকৰণ…

অসম দক্ষতা বিকাশ মিচনৰ অধীনত দক্ষতা প্ৰশিক্ষণৰ বৃহৎ পঞ্জীকৰণৰ অভিযানৰ। অসমৰ ৩১ খন জিলাত এই প্ৰশিক্ষণ ইতিমধ্যে আৰম্ভ কৰা হৈছে। ২৫ তাৰিখৰ পৰা ২৭ তাৰিখ পৰ্যন্ত এই বৃহৎ কাৰ্যসূচী চলিব। অসমৰ প্ৰায় কেইখন জিলাত এই প্ৰশিক্ষণ কাৰ্যকৰী হোৱাৰ লগতে গুৱাহাটী মহানগৰী আই টি আই গোপীনাথ নগৰত এই প্ৰশিক্ষণ অনুষ্ঠিত হৈছে।

এই সম্পৰ্কত অসম দক্ষতা বিকাশ মিচনৰ পৰিচালন সঞ্চালক অংকুৰ জৈনে দক্ষতা বিকাশ মিচনৰ সম্পৰ্কত বিস্তৃত্ব ভাৱে জানিবলৈ দিয়ে। আনহাতে বিভিন্ন জিলাৰ পৰা অহা শিক্ষাৰ্থী সকলে তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰে।